অন্যযুগ/


ইতিহাস এষণা : মেচ বিতৰ্ক আৰু অসমৰ প্ৰাচীন জনগোষ্ঠী মেচ কছাৰীসকলৰ সম্পৰ্কে কিছু তথ্য

 ° ৰক্তিম ৰঞ্জন শইকীয়া

 

কিছুদিনৰ আগতে শীমন্ত শংকৰদেৱৰ কীৰ্তনকাটি মাৰি ম্লেচক কৰিবা বুন্দামাৰবুলি উল্লেখ থকাক লৈ, ম্লেচেই মেচবুলি অসমৰ এজন জনগোষ্ঠীয় নেতাই অসমৰ সামাজিক তথা বৌদ্ধিক পৰিৱেশ দূষিত কৰি তোলাৰ কথা সকলোৱে এতিয়াও মনত ৰাখিছে৷ উনবিংশ শতিকাত ছিডনী এণ্ডেল, নগেন্দ্ৰ নাথ বসু আদি পণ্ডিতসকলে সীমিত তথ্যপাতি আৰু বৃহৎ প্ৰেক্ষাপটৰ অভাৱত চমুকৈ মেচশব্দটো সংস্কৃত ম্লেচশব্দৰ পৰা উদ্ভৱ হৈছে বুলি ঘোষণা কৰিছিল। এশ বছৰৰ আগতে কেইজনমান পণ্ডিতে অজ্ঞতাবশতঃ কৰা এটা ভুলৰ অপব্যাখ্যাই অসমৰ সামাজিক সম্প্ৰীতিৰ ওপৰত এটা দ আঁচোৰ পোলোৱাটো সকলোৱে লক্ষ্য কৰিছে। 

প্ৰকৃততে মেচ আৰু ম্লেচ দুটা সম্পূৰ্ণ পৃথক পটভূমিত সৃষ্টি হোৱা ভিন্নভাষামূলীয় শব্দ৷ ইহঁতৰ অৰ্থও যুগে যুগে সলনি হৈ আহিছে। এই সম্পৰ্কে কিছু আলোচনাও চকুত পৰিছে৷ পশ্চিম ভাৰতৰ গাঙ্গেয় সংস্কৃতিৰ বাহকসকলে নিজতকৈ পৃথক ভিন্ন সংস্কৃতিৰ বাহক সকলক ম্লেচ নামেৰে অভিহিত কৰিছিল৷ সেয়েহে একে ভাষাগোষ্ঠীয় কিন্তু ভিন্ন সংস্কৃতিৰ গ্ৰীকসকলকো ভিহিত কৰা হৈছিল ম্লেচ নামেৰে৷ পাছলৈ ম্লেচ শব্দটো প্ৰয়োগ হৈছিল বৌদ্ধ আৰু ইছলামধৰ্মীসকলক বুজাবলৈ। এই ম্লেচৰ লগত অসমত প্ৰচলিত মেচ শব্দৰ উৎপত্তি পটভুমি সম্পূৰ্ণ বেলেগ৷

উত্তৰ-পূৱৰ অষ্ট্ৰো-এছিয়াটিকভাষী খাচীসকল পূৱৰ কাম্পুচিয়া-লাওচৰ পৰা প্ৰায় খ্ৰীষ্টজন্মৰ ২৫০০ বছৰ আগতে হোৱা জনপ্ৰব্ৰজনৰ লগত পাটকাই পৰ্বতৰ মাজেদি আহি ব্ৰহ্মপুত্ৰ উপত্যকাত আহি থিতাপি লৈছিলহি। ইয়াৰ পিছত অসমলৈ অহা দ্বিতীয়টো বৃহৎ জনস্ৰোত হিচাপে তিব্বত-চীন ভাষাৰ বৰ্মী উপভাষী মংগোলীয় কছাৰী লোকসকল৷ খ্ৰীষ্টজন্মৰ ২০০০ বছৰ আগৰ পৰা চামে চামে এই লোকসকল অসমত প্ৰৱেশ কৰিছিল। দক্ষিণ তিব্বত আৰু নেপালৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত বিভিন্ন পথেৰে চামে চামে কছাৰীসকলৰ বেলেগ বেলেগ উপভাষী শাখাসমূহ অসমত প্ৰৱেশ কৰিছিলহি। ছিডনী এণ্ডেলৰ মতে এই কছাৰীসকল দক্ষিণ তিব্বতৰ পৰা পশ্চিম দিশেদি নামনি অসম হৈ সোমাইছিল। গেইটৰ মতে তিব্বত-বৰ্মী ভাষীলোক কছাৰীসকল পূব দিশৰপৰাহে অসম সোমাইছিল৷ প্ৰকৃততে বৃহত্তৰ কছাৰী গোষ্ঠীৰ বিভিন্ন শাখা পূব আৰু পশ্চিম দুয়ো দিশৰপৰাই অসমত প্ৰৱেশ কৰাটো সম্ভৱ হব পাৰে৷

অসম ভূখণ্ডত প্ৰৱেশ কৰা এই কছাৰীসকলৰ বিভিন্ন শাখাসমূহৰ ভিতৰত মেচসকলো উল্লেখযোগ্য৷ মেচসকল অসমত পশ্চিমফালৰ পৰা সোমোৱা বুলি ধাৰণা কৰা হয়৷ মানৱ বুৰঞ্জীৰ অধ্যয়ন সামগ্রিকভাৱে নকৰি আঞ্চলিকভাৱে কৰাৰ ফলত মেচ শব্দটো আৰু তেওঁলোকৰ আদি ধৰ্মীয় বিশ্বাসক কেন্দ্ৰ কৰি উনবিংশ শতিকা আৰু কুৰি শতিকাৰ আগভাগৰ পণ্ডিত সমাজৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, যাৰ ফলত মেচ শব্দ ম্লেচৰ পৰা আহিল বুলি এটা অস্পষ্ট ধাৰণাৰ সৃষ্টি ল৷ প্ৰকৃততে অসমত তাৰ ঠিক ওলোটাটোহে ঘটিছিল। অসমত ম্লেচৰ পৰা মেচ হোৱা নাছিল, বৰং মেচৰ পৰাহে ম্লেচ শব্দৰ সৃষ্টি হৈছিল৷

মেচ শব্দটোৰ মূল বিচাৰি আমি উভতি যাব লাগিব মেচসকলৰ আদি বাসস্থান নেপালৰ মেচি (Mechi) নদীৰ পাৰলৈ। আগতেই উল্লেখ কৰা হৈছে যে বৃহত্তৰ কছাৰী গোষ্ঠীৰ লোকসকল নেপাল আৰু দক্ষিণ তিব্বতৰ এক বৃহৎ অংশত সিঁচৰতি হৈ আছিল। সকলোৰে উপভাষাও পৃথক পৃথক আছিল। মেচি নদীকেন্দ্ৰিক লোকসকলে নিজকে মেচ নামেৰে অভিহিত কৰিছিল আৰু তেওঁলোকৰ ভাষাক অভিহিত কৰা হৈছিল মেচেবা মেচ নামেৰে। নেপালত এতিয়াও এই ভাষা কোৱা লোক বৰ্তি আছে আৰু ২০০৮ চনত জাপানৰ মিনাচাকা বিশ্ববিদ্যালয়ৰ কাজুয়ুকি কিৰয়ু নামৰ গৱেষকজনে মেচে ভাষাৰ ওপৰত এখন সুন্দৰ বিশ্বাসযোগ্য গৱেষণা গ্ৰন্থ ৰচনা কৰি উলিয়াইছে। ভান দ্ৰীয়েম (২০০১) নামৰ গৱেষকজনে মেচসকলৰ বাসস্থান হিচাপে পূব নেপালৰ তেৰাই অঞ্চলৰ ঝাপা জিলা, ভূটানৰ ডুৱাৰ্ছ কোশি নদী আৰু ব্ৰহ্মপুত্ৰ উপত্যকাক চিহ্নিত কৰিছে।

প্রাচীন অসমত মেচবংশীসকলে এখন ৰাজ্য পতাৰ বিষয়েও আমি জানো৷ এই মেচসকলকো সংস্কৃতায়ন কৰি মেচ কৰা হল৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনিভাগত পশ্চিম ভাৰতৰ গাঙ্গেয় সংস্কৃতিৰ বাহক বৰ্মন ৰাজবংশই যি শক্তিশালী ৰাজ্য গঢ়ি তুলিছিল সেই ৰাজ্য ৬৫০ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পাছত মেচসকলৰ নেতা শালস্তম্ভই অধিকাৰ কৰি দখল কৰিছিল৷ সম্প্ৰতি প্ৰাপ্ত শিলালেখসমূহত শালস্তম্ভক ম্লেচাধিপতি বুলি অভিহিত কৰা হৈছে৷ গতিকে আগতে উল্লেখ কৰাৰ দৰেই এই ম্লেচ হ’ল মেচৰ সংস্কৃতকৰণ। 

শালস্তম্ভক ম্লেচাধিপতি বুলি উল্লেখ কৰাৰ কেইবাটাও কাৰণ আছিল৷ শালস্তম্ভকোনো নাম নহয়৷ ই হল এক উপাধি৷ বৌদ্ধ মন্ত্ৰযান শাখাৰ এক স্বল্পখ্যাত “সূত্ৰশালিস্তম্ভ। এই সূত্ৰৰ মূল পালি আৰু সংস্কৃত অংশ লোপ পালেও তিব্বতী অনুবাদ এতিয়াও বৰ্তি আছে৷ শালস্তম্ভ নামটোৱেই সূচায় যে ব্যক্তিজন মন্ত্ৰযান শাখাৰ (মহাযানৰ এটা উপশাখা) বৌদ্ধ আছিল আৰু ভোট বা তিব্বতী মূলৰ আছিল। আমি আগতেই উল্লেখ কৰিছোঁ যে পশ্চিম ভাৰতৰ গাঙ্গেয় সংস্কৃতিৰ বাহকসকলে নিজতকৈ পৃথক ভিন্ন সংস্কৃতিৰ বাহকসকলক ম্নেচ নামেৰে অভিহিত কৰিছিল। মেচ নামৰ বৌদ্ধ জনগোষ্ঠীটোৰ ৰীতি-নীতিও গাঙ্গেয় সংস্কৃতিৰ বাহকসকলৰ লগত অমিল আছিল। সেয়েহে মেচৰ সংস্কৃতায়ন কৰি ম্লেচ কৰি থোৱা হল৷ ছিডনী এণ্ডেল, নগেন্দ্ৰ নাথ বসু আদি সকলোৱেই ম্নেচ শব্দৰপৰা মেচ শব্দটো হৈছিল বুলি ভুল কৰিছিল। প্ৰকৃতাৰ্থত অসমত মেচৰপৰাহে ম্লেচ শব্দটো আহিছিল। অসমৰ ধৰ্মীয় পৰিমণ্ডললৈ তিববতী তাৰাদেৱীৰ আগমন শালস্তম্ভৰে অৱদান৷ পাছলৈ শালস্তম্ভীয় মেচ ৰজাসকল হিন্দু হৈ শৈৱপন্থী হয় যদিও মেচ শব্দটো থাকি গল।

ইতিমধ্যে আমাৰ হাতত প্ৰাচীন মেচ ভাষাৰ এক আপুৰুগীয়া সম্পদো আহি গোট খাইছেহি। ২০১২ চনৰ শেষভাগত আমি লণ্ডনস্থিত ব্ৰিটিছ লাইব্ৰেৰীৰ পৰা অসমীয়াসহ দহটা ভাষাৰ এখনি ২১০ বছৰ পুৰণি শব্দকোষৰ পাণ্ডুলিপি উদ্ধাৰ কৰিছিলোঁ। ইংৰাজী, প্ৰাকৃত, বংগদেশীয়, কোচাৰ দেশীয়, ৰাভা, গাৰো, কাছাৰি, পানিকোচ, মেচ, আসাম দেশীয়, মণিপুৰ দেশীয় এই দহটি ভাষা সন্নিৱিষ্ট শব্দকোষখন উত্তৰ পূৰ্বাঞ্চলৰ ভাষাসমূহৰ তুলনামূলক অধ্যয়নৰ বাবে অতি গুৰুত্বপুৰ্ণ হোৱাৰ উপৰি পাণ্ডুলিপিটোৰ তিহাসিক মূল্যও অপৰিসীম৷ এই পাণ্ডুলিপিটোত আছে মেচ ভাষাৰ ২৫৭৩ টা শব্দ৷ ফ্ৰাঞ্চিছ বুকানন হেমিল্‌টন নামৰ ইংৰাজ চিকিৎসকজনে ১৮০৭ চনৰ পৰা ১৮০৯ চনৰ ভিতৰত প্ৰণয়ন কৰা শব্দকোষখন ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে৷ আমি আশা কৰিছোঁ, ভাষাতত্ত্ব আৰু ইতিহাসৰ আগ্ৰহী গৱেষকৰ বাবে এই অভিধানখনে গুৰুত্বপূৰ্ণ সমলৰ সন্ধান দিব৷

শব্দৰ অৰ্থ যুগে যুগে সলনি হয়৷ তেনে উদাহৰণ অসংখ্য আছে৷ গতিকে বিদ্যায়তনিক বিতৰ্ক সীমাৱদ্ধ থকা উচিত বিদ্যায়তনিক মহলতে, ৰাজনীতি ইয়া মাজত প্ৰৱেশ নকৰাটোৱেই সকলোৰে বাবে মংগল।

তথ্যসূত্ৰ :

১. Bareh, Hemlet (1967): The History and Culture of Khasis, Calcutta.

. Chatterjee, S.K, (1970): The Place of Assam in the History of Civilization of India. University of Gauhati.

. Endle, Rev Sidney (1911): The Kacharis, MacMillan and Co Limited, St. Martin Street, London.

. Gait, Edward (1906): A History of Assam, Thacker, Spink & Co.

. Kiryu, Kazuyuki (2008): An Outline of the Meche Language-grammar, text and glossary, Mimasaka University, Japan

. Nilacala Kamakhya, Her History and Tantra, Pranav Jyoti Deka, Guwahati, Assam, 2004

২. শৰ্মা দেৱব্ৰত (২০১৪) : তুলনামূলক শব্দকোষ, Comparative Vocabularies of 10 language of North-East India, সংকলক ডা ফ্ৰান্সিচ বুকানন হেমিল্টন, অসম জাতীয় প্ৰকাশ, যোৰহাট।


ঠিকনা :

অধ্যাপক, ভূতত্ত্ব বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট

ভ্ৰাম্যভাষ : ৯৮৫৯৩৪৪৭১৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ