ড০ ৰক্তিম ৰঞ্জন শইকীয়া
আমাৰ
সাধাৰণ ধাৰণা অনুযায়ী মধ্যযুগৰ অসমত স্বাস্থ্য সম্পর্কীয় চিন্তা-চর্চা নিদান শাস্ত্ৰতে
সীমাৱদ্ধ আছিল৷ কিন্তু ১৯১৪ চনত ব্ৰিটিছ লাইব্ৰেৰীত বিচাৰি পোৱা “নীতিসাৰ পুৰাণ” নামৰ
গ্ৰন্থখনিয়ে আহোম ৰাজ্যত গজালি মেলা প্ৰাৰম্ভিক পর্যায়ৰ স্বাস্থ্য আৰু সুস্থতা সম্পর্কীয়
চিন্তা-চর্চা চলাৰ বিষয়েও স্পষ্ট প্ৰমাণ দাঙি ধৰে৷ খ্ৰীষ্টীয় অষ্টাদশ শতিকাত আহোম ৰাজ্যত মূৰ দাঙি উঠা ব্যৱহাৰিক সাহিত্য চর্চাৰ
পৰম্পৰাতে হস্তী বিদ্যার্ণৱ, গজেন্দ্ৰ চিন্তামণি, চাংৰুং ফুকনৰ বুৰঞ্জী আদি পুথিসমূহ ৰচনা হোৱা দেখা গৈছিল৷ ‘নীতিসাৰ পুৰাণ’ নামৰ গ্ৰন্থখনকো এনে ব্যৱহাৰিক সাহিত্যৰ ধাৰাটোতে শেহতীয়া সংযোজন বুলিব পাৰি৷
‘নীতিসাৰ পুৰাণ’ৰ ভণিতাত উল্লেখ পোৱা পুথিখনৰ ৰচয়িতাৰ পৰিচয়বাহী শাৰীদুটা
এনে ধৰণৰ —
“বোলে ৰাম চক্ৰবর্ত্তি হুয়া সুধমতি৷
ৰাজাৰ কুমৰ ইহজনমত গতি৷৷”
এই সামান্য শাৰীদুটাৰ বাহিৰে পুথিখনৰ বাকী অংশত কবি পৰিচয়ৰ দ্বিতীয় কোনো শুংসূত্ৰ নাই৷ ‘নীতিসাৰ পুৰাণ’ৰ লেখক ৰাম চক্ৰৱর্ত্তীক আপাততঃ এক ৰহস্যময় চৰিত্ৰ যেনেই লাগে৷ আহোম যুগৰ অসমীয়া সাহিত্যৰ বুৰঞ্জীতো ৰাম চক্ৰৱর্ত্তী নামৰ কোনো কবিৰ নামেই বিচাৰি পোৱা নাযায়৷ উল্লেখনীয়ভাৱে ৰুদ্ৰসিংহৰ কালৰ পৰাহে আহোম ৰাজচ’ৰাত সভাকবিৰ উপস্থিতি লক্ষ্য কৰা যায়৷ কাৰণ তাৰ আগতে আহোম ৰাজচ’ৰাত ৰাজ্যখনৰ কলেৱৰ বৃদ্ধি অথবা প্ৰতিৰক্ষাজনিত কাৰণত সংঘটিত অহৰহ যুদ্ধবিগ্ৰহ অথবা আভ্যন্তৰীণ ৰাজনৈতিক প্ৰশ্নাৱলীৰ বাহিৰে সুকুমাৰ কলা চর্চাৰ অৱকাশ নাছিল৷ অৰ্থাৎ গদাধৰ সিংহৰ আগৰ কালত (১২২৮-১৬৮১) আহোম ৰাজ্যখন স্তৰীভূত শাসন প্ৰণালীৰ পূর্ণাঙ্গ সামন্ততন্ত্ৰ পৰ্যায়লৈ পূৰ্ণবিকাশিত হোৱা নাছিল৷ এতিয়া কথা হ’ল, তুঙ্গখুঙীয়া ফৈদৰ ৰজাসকলৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত বিশিষ্ট কবি-সাহিত্যিক আৰু শিল্পীসকলৰ তালিকাত ৰাম চক্ৰৱৰ্ত্তী নামৰ কবিজনক ভুলতো বিচাৰি পোৱা নাযায়৷ আগৰ কালছোৱাত, অৰ্থাৎ জয়ধ্বজ সিংহৰ ৰাজত্বকালত (১৬৪৮-৬৩) ৰাম মিশ্ৰ নামৰ এজন কবিৰ উল্লেখ পোৱা যায় যদিও তেওঁ ৰাজ-পৃষ্ঠপোষকতা পোৱা নাছিল (অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃষ্ঠা ১৯৩)৷ আকৌ, সেই সময়তে সাহিত্য-কৰ্মৰে সুপ্ৰতিষ্ঠিত হৈ উঠা কবিজনে ১৭৪৪ খীষ্টাব্দত ‘নীতিসাৰ পুৰাণ’ লিখি উলিওৱাৰ দৈহিক তথা বৌদ্ধিক অৱস্থা অব্যাহত ৰখাৰ ধাৰণাও নিচেই অবান্তৰ৷ অৰ্থাৎ ৰাম চক্ৰৱৰ্ত্তী আৰু ৰাম মিশ্ৰ একেজন ব্যক্তি হ’ব নোৱাৰে৷
‘অসমীয়া সাহিত্যৰ ইতিবৃত্ত’ গ্ৰন্থৰ লেখক ডঃ সত্যেন্দ্ৰনাথ শর্মাই আহোম যুগৰ এজন বিখ্যাত কবিৰূপে কবিৰাজ চক্ৰৱর্তীৰ পৰিচয় দঙি ধৰিছে৷ সেই অনুক্ৰমে ব্ৰহ্মবৈৱর্ত্ত পুৰাণ, গীতগোৱিন্দ, শঙ্খচূড় বধ, শকুন্তলা কাৱ্য, ভাস্বতী প্ৰভৃতি গ্ৰন্থৰ ৰচক কবিৰাজ চক্ৰৱৰ্ত্তীৰ প্ৰকৃত নাম আছিল ৰামনাৰায়ণ চক্ৰৱর্ত্তী৷ এই জনা ৰামনাৰায়ণ চক্ৰৱৰ্ত্তী একাদিক্ৰমে স্বর্গদেউ ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪ খ্ৰী:), শিৱসিংহ (১৭১৪-১৭২২ খ্ৰী:) আৰু বৰৰজা ফুলেশ্বৰীৰ (১৭২২-১৭৩১ খ্ৰী:) সভাকবি আছিল (অসমীয়া সাহিত্যৰ ইতিবৃত্ত,পৃষ্ঠা ১৭৫)৷ সেই ৰামনাৰায়ণ চক্ৰৱৰ্ত্তীয়েই ৰাম চক্ৰৱর্তী হ’বগৈ পাৰে নেকি সিও এক নিশ্চিত বিচাৰ্য বিষয় হ’ব পাৰে৷ শকুন্তলা কাব্যত দাঙি ধৰা আত্মপৰিচয় অনুসৰি কবিৰাজ চক্ৰৱৰ্ত্তীৰ পিতৃৰ নাম ৰামানন্দ সৰস্বতী (অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃষ্ঠা ১৯৬)৷ পূৰ্বতে জয়ধ্বজ সিংহই ৰামানন্দ চক্ৰৱৰ্ত্তী নামৰ জনৈক কবিক সৰস্বতী উপাধি প্ৰদান কৰিছিল৷ দুৰ্গাধৰ বৰকটকীৰ দ্বাৰা সংগৃহীত তথা প্ৰকাশিত কবিৰাজ চক্ৰবৰ্ত্তীপ্ৰণীত শকুন্তলা কাব্যৰ পাতনিত পিতৃ ৰামানন্দসহ এইজন ৰামনাৰায়ণ চক্ৰৱর্তীৰ ষষ্ঠ প্ৰজন্মলৈকে উপৰিপুৰুষসকলৰ নাম সন্নিৱিষ্ট হৈ আছে৷ লগতে “বংশানুক্ৰমে এওঁবিলাকে অহম-ৰজা সকলৰ আশ্ৰয়ত থাকি বিদ্যা-চৰ্চ্চা কৰিছিল” বুলিও পাতনিত উল্লেখ আছে (পৃ: ২-৩)৷ সেয়েহে প্ৰজন্মানুক্ৰমিক নামৰ সাদৃশ্যৰ পৰা এই ৰাম চক্ৰৱৰ্ত্তী আৰু ৰামনাৰায়ণ চক্ৰৱৰ্ত্তী একেজন ব্যক্তি নহ’লেও একে বংশোদ্ভৱ আন এজন কবি হোৱাৰ সম্ভাৱনা প্ৰৱল৷
মনোগ্ৰাহী উপমা, যথাযথ শব্দপ্ৰয়োগ আৰু লিখনিৰ সামগ্ৰিক চিত্ৰধৰ্মিতাই এই কাব্যৰ ৰচয়িতাজন অপৈণত পৰ্যায়ৰ আছিল বুলি কোনোমতে প্ৰতিপন্ন নকৰে৷ ক’বলৈ গ’লে ১৯২টা শাৰীবিশিষ্ট এই লিখনিত ৯টা অৱস্থানৰ যতিচিহ্ন (শাৰী অথবা কূটৰ শেষত দিয়া চিন) আৰু আন ৬টা শাৰীৰ সামান্য পৰ্যায়ৰ ছন্দ-বিচ্যুতিৰ উৰ্ধ্বত অন্য বিশেষ কোনো কাব্যিক ত্ৰুটি দেখা নাযায়৷ ঠাইতে উল্লেখযোগ্য যে কবিৰাজ চক্ৰৱৰ্ত্তীৰ শ্ৰেষ্ঠ সৃষ্টিৰূপে পৰিগণিত শকুন্তলা কাব্যও ‘ন ধৰ্তৱ্যম্’ পৰ্যায়ৰ এনে পৰ্যায়ৰ খুঁতৰ পৰা সম্পূৰ্ণ মুক্ত বুলিব নোৱাৰি৷ ইফালে এই নীতিসাৰ পুৰাণৰ কথাবস্তু পূৰ্ণ শতাংশই মৌলিক৷ ইয়াত অন্তৰ্ভুক্ত নীতিমূলক উপদেশ অথবা ৰাজ-প্ৰশস্তিৰ কোনো অংশই পূৰ্বপ্ৰতিষ্ঠিত আন কোনো লিখনি নিৰ্ভৰ নহয়৷ মুঠৰ ওপৰত শকুন্তলা কাব্যকে ধৰি আমি পঢ়িবলৈ পোৱা কবিৰাজ চক্ৰৱর্ত্তীপ্ৰণীত অন্যান্য লিখনিখণ্ডসমূহৰ লগত ‘কাব্যিক মানদণ্ড’ৰ লেখেৰে এইজন ৰাম চক্ৰৱর্ত্তীৰ ‘নীতিসাৰ পুৰাণ’ৰ সহজে চকুত পৰা ধৰণৰ প্ৰভেদ তেনেকৈ পোৱা নাযায়৷ আকৌ, এই দুয়োজন কবিৰ কাব্যত সন্নিৱিষ্ট ভণিতাৰ অন্তিম শাৰীসমূহত শাক্তমাৰ্গী দেৱ-দেৱীৰ পৰিৱৰ্তে বৈষ্ণৱ কবি সুলভ ৰাম, কৃষ্ণ, জনাৰ্দনকে ধৰি ভালেসংখ্যক বিষ্ণুবাচক পদৰ অৱতাৰণাও মন কৰিবলগীয়া৷ পুৰুষানুক্ৰমিকভাৱে ৰাজ-পৃষ্ঠপোষকতাতে সাহিত্য-চৰ্চা কৰি অহাৰ অন্তত সেই চর্চাৰ ধাৰাৱাহিকতাত কমেও ১২-১৩ বছৰীয়া যতি আৰু ৰাজ-পৃষ্ঠপোষকতা পুনৰ্প্ৰাপ্তিৰ ব্যাকুলতাৰ আতিশয্যই বৰ্ষীয়ান কবিজনৰো চিন্তন শৃংখলত আউল লগোৱাৰ হেতু এই নীতিসাৰ পুৰাণৰ কথাবস্তুত উল্লিখিত বিসঙ্গতিসমূহ প্ৰকট হোৱাৰ অৱকাশ নিশ্চয় আছে৷ কাৰণ এবাৰ মজ্জাগত হোৱাৰ পাছত সেই কাব্যিক প্ৰতিভা সহজে অস্তমিত নহয় যদিও সুদীৰ্ঘ বিৰতিৰ মূৰত জনৈক বৰ্ষীয়ান লেখকৰ পক্ষে বিশেষত: মৌলিক কথাবস্তু সম্বলিত নতুন বক্তৱ্যৰ সুশৃংখলন অসম্ভৱপ্ৰায়৷
‘নীতিসাৰ পুৰাণ’ৰ দৰে গ্ৰন্থ ৰচনাৰ প্ৰতি গঢ় লোৱা সচেতনতাই তৎকালীন আহোম ৰাজতন্ত্ৰত স্তৰীভৱনৰ পূর্ণতাপ্ৰাপ্তিৰে নিশ্চিত প্ৰমাণ দাঙি ধৰে৷ কাৰণ শ্ৰমজীৱী জনতা অথবা ৰক্তক্ষয়ংকাৰী যোদ্ধাৰ তুলনাত মেদবহুল সামন্তপ্ৰভূৰ বাবেহে এনে গ্ৰন্থৰ প্ৰয়োজনীয়তা অধিক আছিল৷ সেয়েহে গ্ৰন্থখনৰ প্ৰস্তুতিৰ প্ৰয়াসক তৎকালীন আহোম ৰাজ্যই এক পৰিপক্ক সামন্ততন্ত্ৰৰ পৰ্যায়ত উপনীত হোৱাৰ নামান্তৰ বুলিব পাৰি৷
নীতিসাৰ পুৰাণৰ উপদেশসমূহৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা, খাদ্যাভাস, নিত্য-নৈমিত্তিক পালনীয় আৰু সামাজিক আচাৰ-ব্যৱহাৰ সম্বন্ধীয় সৰ্বমুঠ চাৰিটা শ্ৰেণীভুক্ত একোলনিকৈ উপদেশ সন্নিবিষ্ট হৈ থকা দেখা গৈছে৷ সেই অনুক্ৰমে —
(ক) পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পর্কীয় :
পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সন্দৰ্ভত
ৰাম চক্ৰৱর্ত্তীয়ে প্ৰদান কৰা উপদেশলানিক আধুনিক পৰিৱেশত প্ৰায় সাৰশূন্য যেনেই দেখা যায়৷ কিন্তু
সেইখিনিকে
লিপিৱদ্ধ কৰিব লগা হোৱা অৱস্থাটোলৈ চালে সেই কালৰ অসমীয়া সমাজত ন্যূনতম
সিমানখিনি সচেতনতাও নথকাৰে ইংগিত পোৱা যায়৷ উদাহৰণ
স্বৰূপে শোৱাৰ আগতে, খোৱাৰ আগতে আৰু উপবাসৰ সময়ত
ভৰি ধুবলৈ আহ্বান জনোৱা আৰু দেহ সুগন্ধিৰে
সতেজ কৰিবলৈ মূৰত
ফুল লগাই থোৱাৰ
পৰামৰ্শসম্বলিত তলৰ কুটটোৰ উদ্ধৃতি দিব পাৰি —
“ জাৰ মস্তকত পুস্প সততে থাকয়৷
চৰন দোগোটা জিতো সদায়ে ধোৱয়৷৷
সয়ন ভোজন
আৰো উপবেশ্ব বেলা৷
তিনিয়ো সমৱে
ধ্ৰুৱ নকৰিব
হেলা৷৷৫৷৷”
ইয়াৰ পৰা সহজেই অনুমেয় যে সেই সময়ত অসমৰ সৰহসংখ্যক মানুহেই
ভৰি ধোৱা, দাঁত ঘহাঁ, কাপোৰ পৰিষ্কাৰকৈ পিন্ধা আৰু
চুলিৰ মলি গুচোৱা (মূৰ
ধোৱা) প্ৰভৃতি কামবোৰৰ প্ৰতি সিমান সচেতন নাছিল৷ কবিয়ে সেয়েহে এই কেউটা দিশৰ প্ৰতি বাৰে বাৰে আঙুলিয়াই আছে —
“ভাল কৰি ধুব ভৰি অৱহেলা
পৰিহৰি
দশ্বনো ধুইবেক জত্ন
কৰি৷
মলিএৰে কাপৰক সৰিৰত নলৈবেক
লৈলে
লক্ষ্মিঁ থাকন্ত অন্তৰি৷৷১৯৷৷
মল সব দুৰ কৰি ধুব কেশ যত্ন
কৰি
নিদ্ৰা নকৰিব সন্ধ্যা বেলা৷”
ধোবাই কাপোৰ-কানি প্ৰক্ষালন কৰি থকা পুখুৰীৰ পানী স্বাভাৱিকতে দূষিত
হয়৷ গতিকে সেই পানী স্নান আৰু পান কার্যৰ বাবে উপযোগী
নহয় বুলি ৰাম চক্ৰৱর্ত্তীয়ে উল্লেখ কৰিছে৷ অৱশ্যে
চাকিৰ ছাঁ নগচিবলৈ দিয়া উপদেশৰ অন্তৰালত স্থানীয় অন্ধবিশ্বাসো জড়িত থাকিব পাৰে৷ ইফালে
সন্ধ্যাৰ ছাঁ গচকাৰ
পৰা বিৰত থকাৰ আওপকীয়া অৰ্থ হিচাপে নিৰাপত্তাজনিত
কাৰণত দিনৰ পোহৰতে
ঘৰৰ ভিতৰ সোমোৱাৰ কথাকে ভাবিব পাৰি৷ কাৰণ সেইকালৰ
অসমত ৰাতি পোহৰৰ সুব্যৱস্থা কাৰ্যত: অবাস্তৱেই আছিল৷ প্ৰচলিত
ৰীতি অনুসৰি সন্ধ্যা লাগি ভগাৰ লগে লগে পাইকসকল খাই-বৈ
শুই পৰিছিল৷ সন্ধ্যাৰ ছাঁ গচকিবলৈ হ’লে
মানুহ
এজন সন্ধ্যা
পৰ্যন্ত ঘৰৰ বাহিৰত থাকিব লাগিব৷ সেই কালত এই কাৰ্য নিশ্চিত বিপদজনক আছিল৷ এই সকলোখিনি দিশলৈ লক্ষ্য
ৰাখিয়েই ৰাম চক্ৰৱর্ত্তীয়ে লিখিছে —
“ৰজকৰ পুখুৰিত নকৰিব
স্নান পান
চায়াক নলৈব আস নৰ৷
সন্ধ্যাৰ চায়াক নৰে কদাচিতো নলৈবেক
আৰো চায়া নলৈবে দীপৰ৷৷”
(খ) খাদ্যাভ্যাস সম্পর্কীয় :
নীতিসাৰ পুৰাণত খাদ্যাভ্যাস সম্পর্কীয় এলানি গুৰুত্বপূর্ণ
উপদেশৰ অন্তৰ্ভুক্তি
মন কৰিব লগীয়া৷ বিষয়বস্তুৰ ফালৰ পৰা এই উপদেশলানি শাৰীৰিক শ্ৰমবিমুখ আৰু অতিৰিক্ত
আহাৰ গ্ৰহণকাৰী
মেদবহুল অভিজাত শ্ৰেণীটোক উদ্দেশ্যি লিখা যেন ধাৰণা হয়৷ কাৰণ, ৰাম চক্ৰৱর্ত্তীৰ
সময়ত অসমৰ পাইক প্ৰজাই খাবলৈ নাপাই পেটে কঁকালে লগা অৱস্থা এটাৰহে মুখামুখি হৈছিল৷ ৰাজেশ্বৰ সিংহ স্বর্গদেউৰ সময়ত (১৭৫১-১৭৬৯ খ্ৰীষ্টাব্দ) আহোম
ৰাজ্যলৈ অহা এজন ফৰাচী ব্যৱসায়ীৰ টোকাৰ পৰা আমি এই বিষয়ে নিশ্চিত হ’ব পাৰোঁ৷ ১৭৫১-৫২ খ্ৰীষ্টাব্দত জ্যাঁ বেপটিষ্ট চেভেলিয়াৰ (Jean-Baptist Chevalier) নামৰ এজন ফৰাচী ব্যৱসায়ী অসমলৈ আহিছিল৷ চেভেলিয়াৰৰ বর্ণনাত
আহোম ৰাজ্যত কৃষক শ্ৰেণীটোৰ খাবলৈ নাপাই পেটে কঁকালে লাগি থকা অৱস্থাৰে স্পষ্ট ছবি
এখন পোৱা যায়৷
ইয়াৰ বিপৰীতে আহোম শাসনৰ বাহিৰত থকা গাৰো আৰু ভূটীয়াসকল সুস্বাস্থ্যৰ অধিকাৰী
আছিল বুলি চেভেলিয়াৰে উল্লেখ কৰিছে (Dutta Baruah (Ed) : p. 178)৷ এই অৱস্থাত আহোম ৰাজ্যৰ প্ৰজাসকলৰ
বাবে ৰাম চক্ৰৱর্ত্তীয়ে আগবঢ়োৱা পেটৰ চাৰিভাগৰ এভাগ পুৰণ কৰাৰ উপদেশ উপহাস মাত্ৰ৷ ৰাম চক্ৰৱর্ত্তীয়ে লিখিছে—
“সান্তি ভার্জা সমে গৃহ বসতি জাহাৰ৷
জিতো
নীতে
কৰে অল্প নীয়মে আহাৰ৷৷
অলপ
আহাৰ এই জানীবা নীশ্বয় ৷
চাৰিভাগ কৰি পেট অভাগ
পুৰয়৷৷৬৷৷”
দেশৰ
প্ৰায় সকলো অঞ্চলৰ লগত সুৰ মিলাই পূর্ণিমা, অমাৱস্যা, সংক্ৰান্তি আৰু একাদশী তিথিক
পৱিত্ৰ জ্ঞান কৰি ব্ৰত পালনৰ দীৰ্ঘকালীন পৰম্পৰা অসমতো আছে৷ অৱশ্যে এই পুথিত
উল্লেখ কৰাৰ দৰে চতুর্দশী আৰু অষ্টমী তিথিৰ
তাৎপৰ্যৰ বিষয়ে জনা নাযায় ৷ যি নহওক, এনেবোৰ ব্ৰত পালনীয় দিৱসত
মাছ, মাংস আদি বিশেষ কিছুমান গুৰুপাকী
আহাৰ গ্ৰহণৰ নিষেধাজ্ঞা প্ৰাচীন হিন্দু পৰম্পৰাৰ লগত জড়িত হৈ আছে ৷ তদুপৰি দেওবাৰে মাছ-মাংস,
মচুৰ দাইল আৰু নাৰী সংসর্গ বাৰণ কৰি ইয়াত কিছুদূৰলৈ হ’লেও স্বাস্থ্যসচেতনতাৰ পৰামৰ্শ
আগবঢ়োৱা হৈছে ৷ ইফালে তেতিয়াৰ অসমত অভিজাত শ্ৰেণীভিন্ন সৰ্বসাধাৰণৰ পক্ষে নিয়মীয়া
খাদ্য ৰূপে
তৈল জাতীয় পদার্থ গ্ৰহণৰ সামৰ্থ্যই নাছিল। তেনেস্থলত ৰাম চক্ৰৱর্ত্তীয়ে ঘাইকৈ
ভোজনবিলাসী নিষ্কর্মা অভিজাত শ্ৰেণীটোক উদ্দেশ্যিহে এলানি পৰম্পৰাগত নিষেধাজ্ঞাৱলীকে
শাস্ত্ৰীয় কলপ লগাই এইদৰে উপস্থাপন কৰা দেখা গৈছে—
“অমাবাস্যা পুর্নিমা সক্ৰাতি চতুর্দসি৷
অষ্টমি সহিতে
পর্ব্ব ৰুঝিবা হৰিশ্বি ৷৷
তীল তৈল মস্ব মাংস এড়িবে লাগয়৷
সাস্ত্ৰৰ পৰম নীতি জানিবা নীশ্বয়৷৷৯৷৷
… …
… … …
… …
ৰবি বাৰে
মস্ব
মাংস জিজনে এড়য়৷
নাৰিৰ
সম্ভোগ মাস মচুৰ
তেজয়৷৷১০৷৷”
ৰাম
চক্ৰৱর্ত্তীৰ কিছুমান নিষেধাজ্ঞা আয়ুৰ্বেদৰ লগত সম্পৰ্কজড়িত ৷ উদাহৰণ স্বৰূপে ইয়াত আদা
আৰু নিমতিতা প্ৰভৃতি ভক্ষণৰ ফলত আৰোগ্য প্ৰাপ্তিৰ সম্ভাৱনা
বৃদ্ধি পায় বুলি কোৱা হৈছে ৷ মধ্যযুগীয় স্বাস্থ্যবিধিত তিল তেলক বাৰে বাৰে পৰিত্যাগ
কৰিবলৈ উপদেশ দিয়া হৈছে ৷ কিছু পৰিমাণে হ’লেও এলার্জী সৃষ্টিকাৰী লক্ষণৰ কাৰণেই হয়তো
তিল তেলৰ ব্যৱহাৰ স্বাস্থ্যসন্মত নহয় বুলি ভবা হৈছিল ৷
“আদা নীমতিতা এই দুইকো নখাই৷
জানিবাহা
আৰোগ্য তহাৰ হয়ে কাই (কেনেকৈ)৷৷
তিলৰ তৈলকো
কৰিবেক পৰিত্যাগ৷
কদাচিতো
ৰোগে তাঙ্ক নলৈবেক লাগ৷৷১১৷৷”
ৰাম চক্ৰৱর্ত্তী বৰ্ণিত খাদ্যাভ্যাস
সম্পর্কীয় নিষেধাজ্ঞাৰ এটা অংশ স্পষ্ট ভাৱে অতিপুষ্টিত ভোগা অভিজাতবৰ্গৰ ক্ষেত্ৰতহে প্ৰযোজ্য
হোৱা যেন লাগে ৷
সন্ধ্যাবেলা আৰু মাজনিশা আহাৰ খাবলৈ বাৰণ কৰা আৰু বিশেষ উপলক্ষ্যহীন অৱস্থাত একেটা দিনতে (দিবাকাল) একাধিক বাৰ অন্নগ্ৰহণৰ পৰা
বিৰত থকাৰ পৰামৰ্শও নিশ্চয় অপুষ্টিত ভোগা পাইক-প্ৰজাক উদ্দেশ্যি লিখাৰ প্ৰয়োজন
নাছিল ৷ ৰাম চক্ৰৱৰ্ত্তীয়ে
এই সন্দৰ্ভত লিখিছে—
“সন্ধ্যা সময়ত
অন্ন নুভুঞ্জিবে
কেহো নৰ
আৰো মহানীসি ভাল নোহে৷
বীসেষ তডন্তি বিনা দিবসতো
দুই বাৰ
নুভুঞ্জিবে বুলি সাস্ত্ৰে
কহে ৷৷২১৷৷”
(গ) নিত্য-নৈমিত্তিক
পালনীয় :
নীতিসাৰ পুৰাণৰ পৰিসৰত ৰাম চক্ৰৱর্ত্তীৰ সমসাময়িক সমাজব্যৱস্থাৰ দৈনন্দিন
জীৱনত পালনীয়
একোলানি উপদেশৰ প্ৰৱিষ্টিও মন কৰিব লগীয়া৷ নিদ্ৰাৰত
অৱস্থাতো ন্যূনতম্ বস্ত্ৰ আভৰণেৰে দেহটো আবৃত্ত হৈ
থকা আৰু পাঁচোটা বিশেষ তিথিত (চান্দ্ৰ দিৱস) নাৰীসংগ বৰ্জন সন্দৰ্ভত তেওঁ এইদৰে কৈছে—
“ কহো আৰো নীতি
সুনিয়োক দীয়া ছিত৷
নিদ্ৰা সময়তো
বস্ত্ৰ থাকিব কটিত৷৷
পর্ব্ব পাছোটাত
এড়িবেক নাৰি সঙ্গ৷
কহো
পঞ্চ পর্ব্ব সুনা কৰি মন ৰঙ্গ ৷। ৮।৷”
… …
… … …
… …
“গাঢ় নিদ্ৰা
সময়তো
বিবস্ত্ৰ নহুব নৰ
সুনা
কর্ন্নে এৰি সবে হেলা৷৷”
নিত্য নৈমিত্তিক পালনীয় বিষয়ক অন্যান্য উপদেশৰ
ভিতৰত ঘাইকৈ
গাঙ্গেয় হিন্দু সংস্কৃতিৰে প্ৰতিফলন বুলি ক’ব পৰা গো-পূজন পৰম্পৰা আৰু ‘অতিথি দেৱো ভৱ’ শীৰ্ষক আদৰ্শৰ ওপৰত ৰাম চক্ৰৱৰ্ত্তীয়ে
এনে পৰামৰ্শকে উপস্থাপন কৰিছে —
“ গড়ুৰ খোজৰ
ধুলা পবিত্ৰ সদাই৷
লৈলে সৰিৰৰ
পাপ দুৰক পলাই৷৷
সুনা নীতি
পুৰাণৰ ৰহস্য পৰম৷
অথিতী
সুশ্ৰসা গৃহস্তৰ বড় ধর্ম্ম ৷৷১৫৷৷”
(ঘ) সামাজিক আচাৰ ব্যৱহাৰ:
ৰাম চক্ৰৱর্ত্তীৰ নীতিসাৰ পুৰাণৰ
সকলোতকৈ আকর্ষণীয় অংশটো হৈছে ইয়াত উল্লেখ কৰা সামাজিক আচাৰ-ব্যৱহাৰ আৰু আচৰণ সম্পর্কীয় উপদেশলানি৷ সামাজবিশেষৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰা শিষ্টাচাৰ-বিধিসমূহ সংশ্লিষ্ট সমাজৰ দীৰ্ঘকালীন
সংস্কৃতি-সাধনাৰ ফচল ৰূপে তিলতিলকৈ গঢ় লয়৷ ৰাম চক্ৰৱৰ্ত্তীৰ সমকালীন অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ অবিচ্ছেদ্য অঙ্গ হৈ উঠা
বিশিষ্ট সামাজিক শিষ্টাচাৰ শৈলীটোৰ সম্বন্ধে অমাৰ হয়তো কিছুকিছু
ধাৰণাও আছে৷ কথা হ’ল
সেই ধৰ্মীয় সমাজকেন্দ্ৰিক শিষ্টাচাৰ শৈলীক মুঠেই সাৰ্বজনীন বুলিব নোৱাৰি৷ তেনেস্থলত
সামন্ত আৰু পাইক-সমাজক একেলগে সামৰি ল’ব পৰা সাৰ্বজনীন পৰিসৰৰ এলানি শিষ্টাচাৰ
নীতিৰ প্ৰতি
ৰাম চক্ৰৱর্ত্তী বিশেষভাৱে যত্নপৰ হৈছিল যেন লাগে ৷ সেয়েহে তেওঁ ডাঙৰকৈ শব্দ কৰি
ভাতৰ ডাঙৰ গৰাহ একোটা মুখত
ভৰোৱা, আনন্দৰ
আতিশয্যতো সশব্দে
হাঁহি মৰা, বহা আসনত আঙুলিৰে বাদ্য সঙ্গত
কৰা প্ৰভৃতি আন এলানি শিষ্টাচাৰবৰ্জিত আচৰণৰ পৰাও সকলোকে বিৰত থকাৰ পৰামৰ্শ দিছে ৷ এনেকি তেনে অশোভনীয় আচৰণৰ
ক্ষতিকৰ
পৰিণতিৰ পৰা ভগৱন্তয়ো লক্ষ্মীদেৱীৰ ওচৰত নিস্তাৰ নাপায় বুলি তেওঁ
এইদৰে উল্লেখ
কৰিছে—
“ডাঙ্গৰ গৰাস ধৰি সোত
সোত সব্দ কৰি
কদাচিতো নুভুঞ্জিবে অন্ন৷
জদি বড় ৰঙ্গ মিলে
তথাপিতো
অতিহাস্য
নকৰিবে
নৰনাৰি গন ৷৷২০৷৷
আসনসবত বাদ্য বজাইবে উচিত
নয়
আপোনাৰ অঙ্গে নোহে ভাল৷
জদি এই কর্ম্মচয় ভগৱন্তে আচৰয়
তাঙ্কো
লক্ষ্মিঁ এৰে কীচো কাল৷৷”
নীতিসাৰ পুৰাণৰ পৰা সমকালীন অসমৰ কৃষিজাত উৎপাদন আৰু অর্থনীতি :
‘নীতিসাৰ
পুৰাণ’ত সন্নিৱিষ্ট বিৱৰণৰ পৰা সেই কালৰ অসমৰ
কৃষিজাত উৎপাদনৰ বিষয়েও সামান্য আভাস পোৱা যায় ৷ ইয়াত সন্নিৱিষ্ট
পাঠৰ পৰা বুজা যায় যে ৰাম চক্ৰৱর্ত্তীৰ সমকালীন অসমত তিল, তেল, মচুৰ, মাছ আৰু
মাংস ভক্ষণৰ ব্যাপক প্ৰচলন আছিল ৷ কিন্তু, সৰ্বজন ব্যৱহৃত এইসমূহ খাদ্যদ্ৰব্যৰ
ভিতৰত মচুৰ মাহৰ উৎপাদন তেতিয়াৰ অসমত কদাপি সম্ভৱ নহৈছিল ৷ কাৰণ অসমৰ প্ৰাকৃতিক পৰিৱেশ মচুৰ উৎপাদনৰ
মুঠেই অনুকূল নোহোৱাৰ হেতু ৰাজ্যখনত এইবিধ শস্য আজিও
নিচেই নগণ্য মাত্ৰাতহে উৎপন্ন হয় (২০২০ চনত ২০ কিঃগ্ৰাঃ)৷ সেয়েহে তেতিয়াৰ অসমীয়াই ব্যৱহাৰ কৰা
সমুদায় মচুৰ মাহ হাদিৰাচকীৰ বাণিজ্যকেন্দ্ৰ হৈ বঙ্গদেশৰ
পৰা অসম সোমাইছিল বুলি ধৰি ল’ব লাগিব ৷ আকৌ, সেই কালত অসমৰ
কৃষক সমাজত গৰুৰ অপৰিসীম গুৰুত্ব প্ৰতিপন্ন
কৰিবলৈ গৈ ৰাম চক্ৰৱৰ্ত্তীয়ে এনেকৈ লিখিছে —
“গো সমস্তক জিতো প্ৰতিপাল কৰে৷
সিজনক লক্ষ্মি
দেৱি আপুনি আদৰে৷৷১৪৷৷”
ভিন্নবৰ্গীয় লোকৰ সামাজিক স্থিতি:
‘নীতিসাৰ পুৰাণ’ৰ মূল
পাঠৰ আলম্বনত মধ্যযুগৰ আহোম ৰাজ্যত ভিন্নবৰ্গী লোকৰ সামাজিক গাঁথনি
সম্পৰ্কেও কিছু
আভাস পোৱা যায়৷ সেই অনুক্ৰমে জনা যায় যে অন্ততঃ ৰজাঘৰীয়া সমাজ-ব্যৱস্থাত ব্ৰাহ্মণসকলৰ
স্থিতি শক্তিশালী আছিল৷ সেই শক্তিশালী
স্থিতিৰ অৱলম্বনতে ৰাম চক্ৰৱর্ত্তীয়ে পুৰাণ ৰচয়িতা ব্যাসদেৱৰ দোহাই ব্ৰহ্মভোজন কৰ্মক সৎ
পুত্ৰ লাভৰ অন্যতম্ পূৰ্ৱচৰ্ত ৰূপে ঘোষণা
কৰি প্ৰকাৰান্তে সুবিধাবাদী শ্ৰেণীবিশেষৰ সামাজিক আধিপত্যৰ ছবিখন এনেকৈ দাঙি ধৰিছে —
“আৰো উপজিবে
সুবিনীত পুত্ৰচয়৷
এই ৰুপে পুৰাণত
ব্যাশে বখানয়৷৷
আপুনি জদ্যপী নপাব যথা
চৰিতে ৷
ব্ৰাহ্মনক বুলি কৰাইবেক
শুদ্ধচিতে৷৷১২৷৷”
স্বৰ্গদেউ গদাধৰ সিংহৰ শাসনকালত (১৬৮১-৯৭) বঙ্গমূলীয় শাক্তধৰ্মৰ প্ৰতি ৰাজ-পৃষ্ঠপোষকতা
আৰম্ভ হোৱাৰ লগেলগে পূৰ্বৰ চতুৰ্বৰ্ণাশ্ৰয়ী ব্ৰাহ্মণ্যবাদী চিন্তাধাৰাটোৱেও সঁজাল ধৰাৰ
কিছু সুযোগ পাইছিল৷ ৰাম
চক্ৰৱর্ত্তীয়েও
ঠিক সেই পৰিৱেশতে
এই পুৰোহিত শ্ৰেণীৰ স্বার্থৰ প্ৰতি বিশেষ সচেতনতাৰে
সকলো ধর্মকার্যৰ বাবে পুৰোহিতৰ (প্ৰতিনিধি) আশ্ৰয় লোৱাকে শাস্ত্ৰসন্মত তথা
ঋষিসকলৰ
নির্দেশিত আৰু তথাকথিত শূদ্ৰৰ বাবে অপৰিহাৰ্য কৰণীয় ঘোষণা কৰি নিজৰ শ্ৰেণীচৰিত্ৰ এইদৰে প্ৰকট কৰা দেখা গৈছে —
“ প্ৰতিনিধি লৈয়া কর্ম্ম কৰিব সদাই৷
ঋষিৰ সন্মত ইতো
সাস্ত্ৰ অভিপ্ৰাই৷৷
প্ৰভাতে উঠিয়া
ছিত চিন্তিব বিপ্ৰৰ৷
তেবেসে উচিত নীতি জানিবা সুদ্ৰৰ৷৷১৩৷৷”
ইফালে শ্ৰম-বিভাজনহীন আহোম ৰাজ্যত ধোবা (ৰজক) নামৰ কোনো বৃত্তিয়াল শ্ৰেণী নাছিলেই৷ সেই বৃত্তিয়াল শ্ৰেণীটো অৱশ্যে কোচ ৰাজ্যত তেতিয়াও বৰ্তি আছিল৷ ‘গুৰু চৰিত কথা’ৰ উল্লেখ অনুসৰি — “ৰঘূপতি নামে ধোবা গুৰুজনৰ ভকতৰ বস্ত্ৰ ধোএ নামো গাই ” (নেওগ (সম্পা), গুৰুচৰিত কথা, পৃ: ১৮৪)৷ ৰাম চক্ৰৱর্ত্তীয়ে সেই ধোবাৰ প্ৰসংগকে অৱতাৰণা কৰিলেও ইয়াক কোচ ৰাজ্যৰ সামাজিক চিত্ৰ এখনৰে প্ৰভাৱ যেনহে অনুভৱ হয়৷
“নীতিসাৰ
পুৰাণ” ইতিমধ্যে আন তিনিখন পুথিৰ সৈতে একত্ৰ হৈ ছপা ৰূপ পাইছে৷ “নীতিসাৰ পুৰাণ”ৰ অভিনৱ
বিষয়বস্তুয়ে মধ্যযুগৰ অসমীয়া ব্যৱহাৰিক সাহিত্যৰ অধ্যয়নক নতুন ৰূপ প্ৰদান কৰিব পাৰিব
বুলি আশা কৰিব পাৰি ৷
1.
নেওগ, ডঃ মহেশ্বৰ (সম্পা)(২০০৩): গুৰু চৰিত কথা, বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়৷
2.
Adab literature, Kathleen
Kuiper, Jul 20, 1998, Article added to new online database by The Editors of
Encyclopaedia Britanica
3. Dutta-Baruah, Caroline (2008): Adventures of
of Jean-Baptist Chevalier in Eastern India (1752-1765), LBS Publications,
Guwahati.
4. Dutt, Manmatha Nath (Edited)(1896): Kamandakiya
Nitisara, Printed by H. C Das, Elysium Press, 65/2 Beadon Street, Calcutta.
5. Pushpangadan,
P; Sharma, Jyoti and Kaur, Jeet (July, 1987): Environmental Health and Hygiene
in Ancient India: An Appraisal, Ancient Science of Life, Vol .7,
No. 1, pp. 1 – 5.
6.
Rao, E Nageswara (Translation)
(2008): Baddena’s Sumati Satakamu, An English Rendering with notes and
comments, C P Brown Academy, The Alpha Foundation, 8, Dwarakapuri Colony,
Punjagutta, Hyderabad - 500 034, India