অন্যযুগ/


উজনি আৰু মধ্য অসমত দুখন সমান্তৰাল কছাৰী ৰাজ্যৰ সাক্ষ্যপ্ৰমাণ

ৰক্তিম ৰঞ্জন শইকীয়া

 

বৃহত্তৰ কছাৰীমূলীয় লোকসকল অসমৰ প্ৰাচীন অধিবাসী৷ তিব্বত-চীনভাষাৰ বৰ্মী উপভাষীএই মংগোলীয় লোকসকল এসময়ত নেপাল আৰু দক্ষিণ তিব্বতৰ এক বৃহৎ অংশ জুৰি বাস কৰিছিল। এই ভাষা-ভাষী লোকসকলৰ অসংখ্য উপভাষা আছিল আৰু সকলোৰে উপভাষাও ইটোৰ পৰা সিটো সামান্য পৃথক আছিল৷ খ্ৰীষ্টজন্মৰ ২০০০ বছৰৰ আগতে চামে চামে এই লোকসকল অসমত প্ৰৱেশ কৰিছিল  ৷ এই লোকসকলৰ কিছুৱে দক্ষিণ তিব্বতৰপৰা নামনি অসম হৈ পশ্চিম দিশৰ পৰা অসম সোমাইছিল  আৰু কিছুৱে পূব দিশেদি অসম সোমাইছিল ৷ পৰৱৰ্তী কালত এই লোকসকলৰ কিছুৱে তেওঁলোকৰ আদি বাসস্থানৰ নাম অনুসৰি নিজৰ নিজৰ জনগোষ্ঠীৰ নাম অথবা স্থানীয় লোকে দিয়া নাম গ্রহ কৰিলে৷ উদাহৰণস্বৰূপে মেচি নদী দাঁতি-কাষৰীয়া ঠাইৰ পৰা অহা লোকসকলে নিজকে মেচ নামেৰে অভিহিত কৰিছিল । তেওঁলোকৰ ভাষাক অভিহিত কৰা হৈছিল মেচে নামেৰে৷ এই তিব্বত চীন ভাষাৰ বৰ্মী উপভাষী মংগোলীয় লোকসকলৰ বিভিন্ন গোষ্ঠীয়ে উজনি অসমতো বসতি স্থাপন কৰিছিল৷ এই লোকসকলৰ মাজত লিখিত ইতিহাসৰ কোনো পৰম্পৰা নথকা বাবে তেওঁলোকৰ ৰাজ্যগঠন প্ৰক্ৰিয়াৰ বিষয়ে সঠিককৈ ধাৰণা কৰাটো জটিল৷ বৰ্মী উপভাষী মংগোলীয় লোকসকলৰ মাজত প্ৰচলিত লোককাহিনীৰ পৰা তেওঁলোকৰ কেইবাখনো ৰাজ্য থকাৰ বিষয়ে ইংগিত পোৱা যায় যদিও সকলোখিনি ৰাজ্যৰ বাস্তৱ অৱস্থিতি তথ্য সহকাৰে প্ৰমা কৰাটো সম্ভৱ নহয়৷ ১২২৮ খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত শ্বানসকল ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাৰ সময়ত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে এই লোকসকলৰ তিনিটা স্পষ্ট গো আছিল- মৰাণ, বৰাহী আৰু কছাৰী৷ সেই সময়ত মৰাণ আৰু বৰাহীসকলে ৰাজ্য গঠনৰ স্তৰলৈ নিজকে উন্নীত কৰিব পৰা নাছিল যদিও কছাৰীসকল ইতিমধ্যে সেই স্তৰলৈ উন্নীত হবলৈ সক্ষম হৈছিল। ৰাজ্য গঠনৰ স্তৰলৈ উন্নীত নোহোৱা বৰাহী আৰু মৰাণসকলক শ্বানসকলে আত্মীকৰণ কৰি আহোম নামৰ এটা নতুন সাংস্কৃতিক গোটৰ আৰম্ভণি কৰে যদিও ৰাজ্যগঠনৰ স্তৰলৈ নিজকে উন্নীত কৰা কছাৰীসকলে সদায়েই আহোমসকলৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম চলাই যোৱাৰ কথা আহোম বুৰঞ্জীসমূহৰ পৰা জানিব পাৰোঁ৷ তেওঁলোকৰ ৰাজ্য আহোম সকলতকৈও দীৰ্ঘস্থায়ী হল৷ দিখৌৰ কাষৰ পৰা দৈয়াং-নশিৰী উপত্যকালৈ বিস্তৃত এইখন ৰাজ্যৰ ৰাজধানী আছিল ধনশিৰী নদীৰ পাৰত অৱস্থিত ডিমাপুৰত।

আনহাতে মাধৱ কন্দলীৰ ৰামায়ণ আৰু মধ্য অসমৰ কপিলী-যমুনা উপত্যকাৰ লংকাত প্রাপ্ত শিলালিপিত আমি মহামাণিক্য নামৰ এজন কছাৰী (বৰাহী) ৰজাৰ উল্লেখ পাওঁ৷ এই কছাৰী (বৰাহী) ৰাজ্য সম্পৰ্কে ৰাজ্যখনত ভিন্নমত পোৱা যায়৷ এই ৰাজ্যৰ এজন ৰজা মহামাণিক্য সম্পৰ্কে প্ৰথম উল্লেখ পোৱা গৈছিল মাধৱ কন্দলীৰ ৰামায়ত। মাধৱ কন্দলীয়ে তেওঁ পৃষ্ঠপোষক বৰাহী ৰজাজনৰ বিষয়ে লিখিছে:

 কবিৰাজ কন্দলী যে                আমাকেসে বুলিৱয়

              কৰিলোহোঁ সৰ্ব্বজন বোধে

 ৰামায়ণ সুপয়াৰ                    শ্ৰীমহামাণিকে যে

              বৰাহ ৰাজাৰ অনুৰোধে৷৷

মহামাণিক্যৰ ৰাজ্যখনৰ অৱস্থানৰ বিষয়ে পণ্ডিতসকলৰ মাজত তীব্র মতানৈক্য আছে৷ ডবাণীকান্ত কাকতিৰ মতে মহামাণিক্য হল জয়ন্তীয়াপুৰৰ কছাৰী ৰজা আৰু কালিৰাম মেধিৰ মতে মহামাণিক্য হল ত্ৰিপুৰাৰ ৰজা । পৰৰ্তী কালত বাণীকান্ত কাকতিয়ে পুৰ এবাৰ মত সলাই এই মহামাণিক্যক নি মধ্য অসমত পেলালেগৈ । পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে মহামাণিক্যক খ্ৰীষ্টীয় ১৪ শতাব্দীৰ মাজভাগত পূৱে দিখৌৰ পৰা পশ্চিমে নগাঁৱলৈ বিস্তাৰ হৈ থকা ৰাজ্যৰ কছাৰী ৰাজ্যৰ ৰজা বুলি উল্লেখ কৰিছে৷ তেখেতৰ মতে মহামাণিক্য ডিমাপুৰত ৰাজধানী পাতি ৰাজত্ব কৰা বৰাহী-কছাৰী ৰজা আছিল । ড প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে হেমচন্দ্ৰ গোস্বামীৰ মতটোকে সমৰ্থন কৰিছে ১০ 

মাধৱ কন্দলীৰ ৰামায়ণৰ ভণিতা আৰু যোৱাটো শতিকাৰ সত্তৰৰ দশকত চনত নগাঁৱৰ লংকা অঞ্চলত ১৩৫২ খ্ৰীষ্টাব্দত লেখোৱা মহামাণিক্যৰ এখন শিলালিপিৰ আৱিষ্কাৰে কপিলী উপত্যকাত এখন কছাৰী ৰাজ্যৰ অৱস্থিতিৰ তিহাসিকতা খাটাংকৈ প্ৰতিপন্ন কৰে৷ লংকা শিলালিপিৰ কিছুমান গুৰুত্বপূৰ্ণ ইংগিতে দৈয়াং-ধনশিৰীৰ ডিমাপুৰকেন্দ্ৰিক দৈয়াং ধনশিৰীৰ উপত্যকাৰ কছাৰীৰ ৰাজ্যখনৰ সমান্তৰালকৈ অন্ততঃ খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ মাজভাগলৈকে কপিলী উপত্যকাৰ কছাৰী ৰাজ্যখনৰ এক পৃথক অস্তিত্ব সূচনা কৰে যদিও এই ৰাজ্যক পণ্ডিত হেমচন্দ্ৰ গোস্বামী, প্ৰতাপ চন্দ্ৰ চৌধুৰী আদিৰ দৰে পণ্ডিতসকলে ডিমাপুৰকেন্দ্ৰিক কছাৰী ৰাজ্যখনৰ লগত মিহলাই পেলোৱা পৰিলক্ষিত হয়৷

কপিলী উপত্যকাৰ কছাৰী ৰাজ্যখন সম্পূর্ণ হিন্দুকৃত হৈছিল৷ লংকা শিলালিপিত উল্লেখ থকা মহামানিক্য এজন বৈষ্ণৱ ৰজা আছিল বুলি শিলালিপিখনৰ পৰাই প্ৰমা কৰিব পাৰি৷ প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে পাঠোদ্ধাৰ কৰা লংকা শিলিলিপিৰ পূৰ্ণপাঠ হল এনে ধৰণৰ -

ম্‌ স্বস্তি (শ্ৰীমহামানিক্য-ৰাজ্যে) য়স্তু

সাত্বত-পবিত্ৰ-দিৱ্যস্ত ৱিম্বঃ জগত্ৰণাৰ্থং সম্ভৱতি য়ুগে য়ুগে -

অসংখ্যাঃ। শ্ৰীযুক্তঃ স তু ৱিষ্ণুঃ যস্য চ ৱিৱিধাঃ হি ৰূপাঃ যস্মা-

দ্বলঃ। গৰ্দভো জনক-সিংহকীৰ্তিঃ সজ্জনান্‌ য়ো পালয়ৈ য়ত্ৰ

যেষাং জননী-শুকৰী এষা য়া ৱনত্ৰাসঞ্চাৱমুঞ্চতি সা তু

ভুৱ্যত্ৰ। শ্ৰীৱামদেৱগ্ৰামং দণ্ডবিধি-য়ুকতান্ম্যেৱ ৱনে শ্ৰীমানিক্য-

দেৱেন দীনাদ্বিজায় দত্তম্‌কীৰ্তিস্ত্ৰিৱিত্তেন সত্ব-ৰজস্তস্ত্ৰয়ং।

দয়ালু নীতিচয়ৱ্ৰীতিং ৱিৱিধ-ন্যায়-নীতিং যত্ৰ ৷৷ ৱাসং দেয়ং-

ত্যশ্লেষা-ৱিন্যস্তা ৱিদ্যাৱৎ। যৎ সত্ৰম্বাশ্ৰমন্তস্য ধৰমমন্দিৰং।৷

সত্যং শীলং চাতাশ্ছিল্যঞ্চ সৌহাৰ্দং। স্য হট্ট-গৃহাদ্যৰ্ধদৱাকং।।

(য়ৎ সন্লে ৱসতে স ৱিষ্ণু)। য়ঃ সদা তু সন্রে ৱিচৰন্ত্ৰিৱি-

(ভৱং ৱিতৰতি ভক্তাৰ্থং)।। ৱেদে অব্ধ্যম্শুষু শাকে ৷৷ 

লংকা শিলালিপিৰ মতে মহামাণিক্যই অৰণ্যৰ মাজৰ বামদেৱ নামৰ গাওঁখন দীন নামৰ ব্ৰাহ্মণজনক দণ্ডৰ অধিকাৰ সহ দান কৰাৰ লগতে এটা বিষ্ণু মন্দিৰ উৎসৰ্গা কৰিছে৷ এই শিলালিপিতে অসমত প্ৰথমবাৰৰ বাবে সত্ৰ শব্দটো ব্যৱহাৰ কৰা হৈছে৷ এটা বিষ্ণু মন্দিৰ উৎসৰ্গা কৰাৰ কথাটোৱে স্পষ্টভাৱে কপিলী উপত্যকাৰ কছাৰী ৰাজ্যখনৰ ৰাজবংশটো বৈষ্ণৱ আছিল বুলি প্ৰমা কৰে৷ কপিলী উপত্যকাৰ ৰজাসকলৰ ৰাজকীয় চিহ্ন আছিল বৰাহ১১। অন্ততঃ ১৩৫২ খ্ৰীষ্টাব্দলৈকে ই বৰাহ আছিল৷ লংকা শিলালিপিৰ সমসাময়িক অন্য এখন শিলালিপিও কপিলী উপত্যকাত পোৱা গৈছে৷ সেইখন হল গাছতলৰ শিলালিপি৷ ১৩৬২ খ্ৰীষ্টাব্দ, অর্থাৎ লংকা শিলালিপি লিখোৱাৰ প্ৰায় ১০ বছৰ পাত লিখোৱা গাছতলৰ শিলালিপিৰ পূৰ্ণপাঠ এনে ধৰণৰ -

সীমা এৰি যবন বিলাক ডবকালৈ গৈছে। [শক] ১২৮৪ বেদাষ্ট ৰাশি গণনা। তক্ষকাশ্ৰীবিষ্ণুবাসধৰ। এটা ডাঙৰ ম্লেছ (বাহিনী) ইয়াৰ পৰা উজাইছে। চোঁৱা তিনিহেজাৰ বঙাল শত্ৰু ইয়াত বহ কাযৰ্ৰ (কৌশলৰ) যোগে ফান্দত পৰিছে। তোমালোকে সকলোৱে জানি ৰাখাঁ বহাগৰ বৰষুণত নদী পৰিপূৰ্ণ, পঞ্চকাষ্ঠ বাদ্যযন্ত্ৰই ৰোল কৰক। জলসেনাই শত্ৰুক ভাটীৰ জলান্তৰ্যন্ত খেদাই দিয়ক১২ 

গাছতল শিলালিপিত কপিলী উপত্যকাৰ অৱস্থিত এখন ৰাজ্যৰ সেনাবাহিনীয়ে জলযুদ্ধত পশ্চিমৰ পৰা অহা ইলামধৰ্মী এটা সেনাবাহিনীৰ আক্ৰমণ ওফৰাই দিয়াৰ কথা বৰ্ণিত হৈছে৷ প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে এই ইলামী আক্ৰমণটো ওফৰাই দিয়া ৰজাজনক মহামাণিক্য বুলিয়েই চিনাক্ত কৰিছে আৰু তেওঁ শাসনকাল ১৩১০-১৩৭০ খ্ৰীষ্টাব্দৰ ভিতৰত পেলাইছে” ১৩। এইজন ৰজা পৰৱৰ্তী কালৰ ত্ৰিপুৰী ৰজা মহামাণিক্যৰ (১৪০০-১৪৩১ ব্ৰীষ্টাব্দ) লগত একাকাৰ হৈ বহুক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে৷

আনহাতে দৈয়াং-ধনশিৰী উপত্যকাৰ ডিমাপুৰকেন্দ্ৰিক যিখন কছাৰী ৰাজ্য আছিল সেই ৰাজ্যখনৰ ৰাজবংশটো আছিল শক্তি উপাসক৷ ডিমাপুৰত থকালৈকে অৰ্থাৎ ১৫২০ খ্ৰীষ্টাব্দলৈকে তেওঁলোক হিন্দুধৰ্মীয় প্ৰভাৱৰ পৰা মুক্ত হৈ জনজাতীয় কেচাইখাইতী দেৱীৰ উপাসনা কৰিছিল ১৪

দৈয়াং-ধনশিৰী উপত্যকাৰ কছাৰী ৰজাসকলৰ ৰাজকীয় চিহ্ন ১৬৪১-১৬৮৮ খ্ৰীষ্টাব্দলৈকে এপাহ ফুল আছিল৷ আহোম বুৰঞ্জীৰ পৰা পোৱা তথ্যৰ পৰা অন্ততঃ ১৬৪১-১৬৮৮ খ্ৰীষ্টাব্দ পৰ্যন্ত দৈয়াং-ধনশিৰী উপত্যকাৰ কছাৰী ৰাজ্যৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক এপাহ ফুল আছিল বুলি সহজে প্ৰমা কৰিব পাৰি৷ প্ৰতাপ সিংহৰ পৰৱৰ্তী চুৰম্‌ফা ভগাৰজাৰ দিনত (১৬৪১-১৬৮৮ খ্ৰীষ্টাব্দ) পূৰ্বৰ ৰাজকীয় প্ৰতীক ফুল সলনি কৰি নতুনকৈ সিংহৰ প্ৰতীক গ্ৰহণ কৰাত আহোম ৰাজ্য আৰু কছাৰী ৰাজ্যৰ মাজত ওখনা-উখনিৰ সৃষ্টি হৈছিল- পাচে  কছাৰী ৰাজাএ দেৱ স্বৰ্গী হবৰ শুনি পুনৰ্ব্বাৰত্ৰ-সন্দেশ সহিতে ফুল-চাব ওচাই সিংহ চাব দিলে। ...পাচে পত্ৰত সিংহ-চাব দেখি দেৱে বৰপাত্ৰক দায় ধৰি খেদিব দিলেপাচে দেৱৰ আজ্ঞাৰে লাকুৰ বৰপাত্ৰে বোলে,--- মজুন্দৰ্‌, চেটিয়া দলৈ, তহঁতৰ পত্ৰত পূৰ্ব্বাপৰ ফুল-চাবহে, এতিয়া কেনেকৈ সিংহ-চাব দিয়? এনে বিধাৰণ পত্ৰ আন? এই বুলি দায় ধৰি দেৱৰ আগত কাকত গতিয়াই খেদিলে।’...১৫ 

এই খিনিতে হব পৰা এটা সম্ভাব্য প্ৰশ্ন হল দৈয়াং-ধনশিৰী উপত্যকাৰ কছাৰীসকলৰ ফুলৰ ৰাজকীয় চিহ্নটোও নতুন নেকি? এই কছাৰীসকলে ১৩৫২ খ্ৰীষ্টাব্দৰ পাছত ইয়াক বৰাহৰ পৰা ফুললৈ সলনি কৰিছিল নেকি? কিন্তু ডিমাপুৰলৈ কছাৰী ৰাজধানী অহাৰ আগৰে পৰা দৈয়াং-ধনশিৰী উপত্যকাৰ কছাৰীসকলৰ ৰাজকীয় প্ৰতীক ফুল আছিল বুলি আমাৰ হাতত প্ৰমা আছে৷ ১০৮৬ খ্ৰীষ্টাব্দ বা ১১৫০ খ্ৰীষ্টাব্দত ডিমাপুৰলৈ দৈয়াং-ধনশিৰী উপত্যকাৰ কছাৰীসকলৰ ৰাজধানী স্থানান্তৰ হৈছিল বুলি সাক্ষ্য পোৱা যায় ১৬, ১৭। ইয়াৰ পূৰ্বে কোনো সময়ত এই কছাৰীসকলৰ ৰাজধানী কাছমাৰীত আছিল৷ কাছমাৰীত থকা কছাৰী গোটা শৈলস্তম্ভ’ (Monolith) বোৰৰ এটা ডবাখেলৰ গুটিৰ দৰে আৰু অন্য সকলোবোৰেই একোপাহ ফুল৷ বহু বছৰৰ আগতে জে এইচ হাটনে এইসমূহক উৰ্বৰতা/লিংগৰ লগত সম্পৰ্কিত বুলি কৈ দিয়াৰ পাত ইমান দিনে আমিও তাৰে প্ৰতিধ্বনি কৰি থাকিলোঁ ১৮, ১। কাছমাৰীৰ ফুলবোৰৰ যৌনতা-উৰ্বৰতাৰ লগত কোনো সম্পৰ্কই আমি দেখা নাই। মধ্যযুগীয় ৰজাসকলে তেওঁলোকৰ ৰাজকীয় প্ৰতীক চিহ্নসমূহ শিলত খোদাই কৰাটো এক পৰম্পৰাই আছিল৷ আহোম ৰজাসকলে কামাখ্যা মন্দিৰৰ মেৰামতিৰ সময়ত ৰাজকীয় প্ৰতীক চিহ্ন উৰন্ত ড্ৰেগন কামাখ্যা মন্দিৰৰ ভোজঘৰৰ পৰা কামখ্যা মন্দিৰৰ তোৰণলৈকে লগাই দিছিল৷ কাছমাৰীত ডিমাপুৰতকৈ আগতে অৰ্থাৎ ১১৫০ খ্ৰীষ্টাব্দ বা ১০৫০ খ্ৰীষ্টাব্দৰ আগতে দৈয়াং-ধনশিৰী উপত্যকাৰ কছাৰীসকলৰ ৰাজধানী আছিল৷ গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে ১১৫০ খ্ৰীষ্টাব্দ বা ১০৫০ খ্ৰীষ্টাব্দৰ আগৰে পৰা দৈয়াং-ধনশিৰী উপত্যকাৰ কছাৰীসকলৰ ৰাজকীয় প্ৰতীক চিহ্ন ফুলেই আছিল। 

 কাছমাৰীৰ গোটা শৈলস্তম্ভ

কছাৰীসকলৰ এই নতুন ৰাজকীয় চিহ্ন সিংহক ৰজা কীৰ্তিচন্দ্ৰনাৰায়ণে বৰখলা নিবাসী চান্দ লস্কৰৰ পুত্ৰ মণিৰামক ১৭৩৬ খ্ৰীষ্টাব্দত উজীৰ হিচাপে নিযুক্তি দি জাৰি কৰা চনদত দেখা গৈছে ২০

একে সময়তে ফুল আৰু বৰাহ এই দুটা ৰাজকীয় প্ৰতীকৰ পৰাও আমি দুখন সমান্তৰাল কছাৰী ৰাজ্য আৰু দুটা পৃথক ৰাজবংশৰ অৱস্থিতিৰ বিষয়ে নিশ্চিত কৰিব পাৰোঁ৷ আমি এতিয়া উল্লেখ কৰা বৰাহী ৰজা মহামাণিক্য চুকাফাই লগ পোৱা বৰাহীসকলৰ ৰজা হোৱাটো সম্ভৱ নহয়৷ চুকাফাই লগ পোৱা বৰাহীসকল এটা পৃথক জনগোষ্ঠী আছিল আৰু তেওঁলোক ৰাজ্য গঠনৰ পৰ্যায় পোৱাই নাছিল৷

গতিকে আমি অনুসিদ্ধান্তত উপনীত হব পাৰোঁ যে অন্ততঃ ১৩৫২ খ্ৰীষ্টাব্দলৈ কপিলী-যমুনা উপত্যকাত এখন আৰু দিখৌ-দৈয়াং-ধনশিৰী সামৰি এখন, মুঠ দুখন স্বতন্ত্ৰ কছাৰী ৰাজ্যৰ অৱস্থিতি আছিল৷ এই দুই ৰাজ্যৰ ৰাজবংশ দুটাৰ উপাস্য দেৱী-দেৱতাসকল সম্পূৰ্ণ পৃথক আছিল৷ কপিলী-যমুনা উপত্যকাৰ কছাৰী ৰাজ্যখনৰ ৰজাসকল বৈষ্ণৱ আছিল আৰু তেওঁলোকৰ ৰাজকীয় প্ৰতীক আছিল বৰাহ। আনহাতে দিখৌ-দৈয়াং-ধনশিৰী উপত্যকা সামৰি বৰ্তি থকা কছাৰী ৰাজ্যখনৰ ৰজাসকল শাক্ত আছিল আৰু প্ৰথমে জনজাতীয় কেঁচাইখাইতী আৰু পালৈ এই দেৱীৰ হিন্দুকৃত ৰূপ ৰণচণ্ডীৰ উপাসক আছিল৷ এই ৰাজ্যৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক প্ৰথমে এপাহ ফুল আছিল আছিল যদিও ১৬৪১-১৬৮৮ খ্ৰীষ্টাব্দৰ পাছত ইয়াক সিংহলৈ সলনি কৰা হয়৷

১৫৩৬ খ্ৰীষ্টাব্দত আহোমসকলে ডিমাপুৰ অধিকাৰ কৰাৰ সময়ত ইতিহাসত আমি কপিলী-যমুনা উপত্যকাটো ডিমাপুৰকেন্দ্ৰিক কছাৰী ৰাজ্যখনৰ এক অংশ হিচাপে পাওঁ। অৰ্থাৎ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ শেষৰ ফালে কপিলী উপত্যকাৰ কছাৰী ৰাজ্যখন ডিমাপুৰকেন্দ্ৰিক কছাৰী ৰাজ্যৰ লগত চামিল হয়৷ কি পৰিস্থিতিত কেতিয়া এই দুইখন কছাৰী ৰাজ্য চামিল হল সেই সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য আৱিষ্কাৰ হোৱা নাই৷ কিন্ত এই একীকৰণৰ বাবেই মহামাণিক্যই ৰাজত্ব কৰা সময়তো দুইখন কছাৰী ৰাজ্য একেখনেই বুলি চলি অহা বিভ্ৰান্তিটোৰ উৎপত্তি হয়।

 

টোকা আৰু তথ্যসূত্ৰ :

. S.K. Chatterjee: The Place of Assam in the History of Civilization of India. University of Gauhati, Guwahati, 1970, p. 9

. Rev Sidney Endle, The Kacharis, MacMillan and Co Limited, St. Martin Street, London, 1911, p. 4 

. Edward Gait, A History of Assam, Thacker, Spink & Co, 1906, p. 9 

. R. N. Mosahary, The Boros: Their Origin, Migration and Settlement in Assam, Proceedings of North East India History Association, Barapani 1983, pp. 42-70 

মাধৱ কন্দলী, অসমীয়া সপ্তকাণ্ড ৰামায়ণ, অজন্তা প্রকাশন, ২৭৬৮ গলি, আৰ্য সমাজ, বজাৰ সীতাৰাম, দিল্লী-১১০০০৬, পুণৰ মুদ্ৰণ ১৯৮৫, পৃষ্ঠা ৪১৮ 

Banikanta Kakati, Assamese, Its formation and Development, LBS Publication, Panbazar, Guwahati, 1975, pp. 23-24

Kaliram Medhi, Assamese Grammar & Origin of Assamese language, Publication Board, Guwahati-781021, Assam, 1988, p. X

Banikanta Kakati, Aspects of Early Assamese literature, Gauhati University, Guwahati, 1953, p. 5 

Hemchandra Goswami, Descriptive Catalogue of Assamese manuscripts, University of Calcutta on behalf of the Government of Assam, 1930, p. 139 

১০ Pratap Chandra Choudhury, Historical Significance of the stone inscription from Lanka, Nowgong, Assam, Journal of Assam Research Society, Vol. XXIII: pp. 1977-78, pp. 57-63 

১১ ibid 

১২ Dimbeshwar Sarma, Kamrupasasanavali, Publication Board, Guwahati-781021, 1981, p. 281 7

১৩ Pratap Chandra Choudhury, Historical Significance of the stone inscription from Lanka, Nowgong, Assam, Journal of Assam Research Society, Vol. XXIII: pp. 1977-78, p. 63

১৪ জয়ন্ত ভূষণ ভট্টাচাৰ্য, কছাৰী ৰাজ্যৰ উথ্থান আৰু পতন, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট-৭৮৫০০১, ১৯৯৩, পৃষ্ঠা ৫৮, ৬০

১৫শ্ৰী সূৰ্য্য কুমাৰ ভুঞা (সম্পা), অসম বুৰঞ্জী (সুকুমাৰ মহন্তৰ ঘৰত পোৱা), বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী, ১৯৮৮, পৃষ্ঠা ৬৫, ৬৬

১৬ সোনাৰাম থাওচেন, ডিমাচা কছাৰী, শ্ৰীপমোদ চন্দ্ৰ ভট্টাচাৰ্য্য সম্পাদিত অসমৰ জনজাতি, গ্ৰন্থত অৰ্ন্তভুক্ত, অসম সাহিত্য সভাৰ হৈ লয়াৰ্চ বুক ষ্টল, পান বজাৰ, গুৱাহাটী, ১৯৬২, পৃষ্ঠা: ৪৭

১৭ উপেন্দ্ৰ চন্দ্ৰ ওহ, কাছাড়ের ইতিবৃত্ত, সাধনা লাইব্ৰেৰী, তাকা, ১৯২১, পৃষ্ঠা ৭০-৭১। 

১৮ J H Hutton, Some Carved Stones in Dayang Valley, Sibsagar, Assam, , Journal and Proceeding of the Asiatic Society of Bengal, New Series, Vol. 20, 1924.

১৯ J. H Hutton, Carved Monoliths at Jamuguri in Assam, The Journal of the Royal Anthropological Institute of Great Britain and Ireland, Vol 53, Jan-Jun, 1923, pp. 150-159

২০ Rhodes and Bose, A History of the Dimacha-Kacharis as seen through Coingae, Library of Numismatic Studies, Ward No 2, Raja Rammohan Ray Road, Dhubri-783301, Assam, 2006, P. 45

 

ঠিকনা :

সহকাৰী অধ্যাপক, ভুতত্ত্ব বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়

ভ্ৰাম্যভাষ : ৯৮৫৯৩৪৪৭১৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ