ড০ ৰক্তিম ৰঞ্জন শইকীয়া
গৰমা কুঁৱৰী অসমৰ ইতিহাসৰ এক অতি বিতৰ্কিত নাৰী চৰিত্ৰ৷ এই চৰিত্ৰটোৰ বিষয়ে উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অসম বুৰঞ্জীত সবিশেষ উল্লেখ পোৱা যায়৷ এইখন প্ৰাচীন বুৰঞ্জীত উল্লেখ কৰা মতে এই কন্যাগৰাকীৰ জন্মসূত্ৰে নাম আছিল ৰাজকুমাৰী সুশুদ্ধি৷ তেওঁ আছিল গৌড়ৰ কোনোবা ৰজাৰ কন্যা৷ বুৰঞ্জীখনত স্পষ্টকৈ উল্লেখ নাথাকিলেও সুশুদ্ধিৰ পিতৃ গৌড়ৰ ৰজাজনক এবাৰ ‘পাৎশা’ বুলি উল্লেখ, তেওঁৰ উজীৰৰ নাম ‘উজবগ’ আৰু তেওঁৰ সেনাপতি তুৰ্বক হোৱালৈ লক্ষ্য কৰি এই গৌড়েশ্বৰ ইছলামধৰ্মী কোনো পাঠান চুলতান আছিল বুলি অনুমান কৰিব পাৰি৷ ইছলামধৰ্মী পাঠান চুলতানৰ কন্যাৰ নাম সুশুদ্ধি হোৱাটো আচৰিত যদিও নৱকান্ত বৰুৱাই ‘গৰমা কুঁৱৰী’ নামৰ উপন্যাসত সুশুদ্ধিৰ মাতৃ হিন্দু হোৱাৰ সূত্ৰে কমতাৰাজ্যৰ পুৰোহিতৰ মন্ত্ৰণাত কন্যাগৰাকীৰ নাম সুশুদ্ধি হৈছিল বুলি অনুসিদ্ধান্ত দিছে।
সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী মতে গৌড়েশ্বৰৰ লগত কমতাৰ ৰজাৰ (কমতেশ্বৰ বুলি বুৰঞ্জীত উল্লেখ আছে) মাজত হোৱা সন্ধিমৰ্মে সুশুদ্ধিক কমতেশ্বৰলৈ বিয়া দিয়া হৈছিল৷ কমতাৰ ৰজা ইতিমধ্যেই বিৱাহিত আছিল। তেওঁৰ সুলোচনা নামৰ প্ৰধান পত্নীসহ আঠগৰাকী পত্নী আৰু দুৰ্লভেন্দ্ৰ নামৰ পুত্ৰ আছিল। তথাপি কমতেশ্বৰে সুশুদ্ধিকে প্ৰধান পত্নীৰ মৰ্যাদা দিছিল৷
ৰাজকুঁৱৰী সুশুদ্ধিয়ে যৌতুকত অন্যান্য সামগ্ৰীৰ সৈতে ‘হৰগৌৰী সম্বাদ’ নামৰ কাব্য এখনো আনিছিল৷ ৰাজ অন্তেষপুৰত কমতেশ্বৰ আৰু তেওঁৰ পত্নীসকলক এই পুথি পাঠ কৰি শুনাইছিল ৰাজ পুৰোহিত নীলাম্বৰ ব্ৰাহ্মণৰ পুত্ৰ দীননাথ, চন্দ্ৰভাল আৰু চন্দ্ৰশেখৰে৷ এইদৰে পঠন চলি থকা কালত চন্দ্ৰশেখৰ আৰু সুশুদ্ধিৰ প্রেম আৰু শাৰীৰিক সম্পৰ্ক হয়৷ পাছত এই অভিসাৰ প্ৰকাশ হৈ পৰাত কমতেশ্বৰে সুশুদ্ধিক ৰাজপ্ৰাসাদৰ পৰা বহিষ্কাৰ কৰি নগৰৰ বাহিৰত ঘৰ এটা সজাই থাকিবলৈ দিলে আৰু চন্দ্ৰশেখৰক পোতাশালত দিলে।
ৰাজপ্ৰাসাদৰ পৰা বহিষ্কৃত হৈ সুশুদ্ধিয়ে দেউতাক বাদশ্বাহলৈ চন্দ্ৰশেখৰৰ ভ্ৰাতৃ দীননাথ ব্ৰাহ্মণৰ যোগেদি খবৰ পঠাই ‘হৰগৌৰী সম্বাদ’ আৰু পাঠক ব্ৰাহ্মণ পুত্ৰক ঘুৰাই বিচৰালে৷ একে সময়তে নীলাম্বৰ ব্ৰাহ্মণৰ যোগেদি ‘হৰগৌৰী সম্বাদ’ পুথিখনি এটা পেড়াত ভৰাই পুখুৰীত পেলাই দিয়ালে৷ পুথি বিচাৰি নাপাই গৌড়েশ্বৰ ক্ৰোধিত হ’ল৷ তাৰ পাছতে গৌড়লৈ যোৱা কমতেশ্বৰৰ কটকী দুই ভ্ৰাতৃ শতানন্দ আৰু শচীৰায়ে গৌড়েশ্বৰৰ ওচৰত কমতেশ্বৰৰ বিৰুদ্ধে এটা ভয়ংকৰ অভিযোগ আনিলে৷ শতানন্দৰ পুত্ৰ কেশৰায়ৰ লগত চন্দ্ৰশেখৰৰ বন্ধুত্ব থকাৰ অপৰাধত তেওঁক হত্যা কৰি তেওঁৰ মাংস ছলনা কৰি শতানন্দ আৰু শচীৰাইক ভক্ষণ কৰোৱালে বুলি তেওঁলোকে অভিযোগ আনিলে৷ এই অভিযোগৰ অন্তৰালত সুশুদ্ধিৰ ষড়যন্ত্ৰ আছিল নে প্ৰকৃততেই তেনে ঘটনা ঘটিছিল জনা নাযায়৷ সি যি কি নহওক গৌড়ৰ বাদশ্বাহে নিজৰ পুত্ৰ তুৰ্বকক সুশুদ্ধি আৰু কমতেশ্বৰ দুয়োকে ধৰি আনিবলৈ পঠাই দিলে৷ কমতেশ্বৰ পলাই গৈ আহোম ৰজাৰ শৰণ ল’লেগৈ। আনহাতে সুশুদ্ধিয়ে পিতৃৰ মুখ নাচাওঁ বুলি থিৰাং কৰি কছাৰী ৰজা ডেটচুঙলৈ খবৰ পঠালে৷ ডেটচুঙে খেৰণিচকীলৈ মানুহ পঠাই দিলে৷ সুশুদ্ধিও তালৈকে আগবাঢ়ি গৈ কছাৰী ৰজাৰ অনুচৰসকলক লগ ধৰিলে৷ ১৪৮৩ খ্ৰীষ্টাব্দত সুশুদ্ধিক কছাৰী ৰজাই বিৱাহ কৰি প্ৰধান পত্নীৰ মৰ্যাদা দিলে৷ তেতিয়াৰ পৰা সুশুদ্ধি গৰমা নামে জনাজাত হ’ল৷ গৌড়ৰ কন্যা বাবে সুশুদ্ধিক বোধহয় গৌড়মা বুলি জনাজাত হৈছিল৷ পাছত সাধাৰণ লোকৰ মুখত পৰি ই গড়মা বা গৰমা ৰূপ লৈছিল৷ কছাৰী ৰজাৰ ঔৰষত গৰমাৰ এটি পুত্ৰৰ জন্ম হ’ল৷ কছাৰী বুৰঞ্জী মতে এই পুত্ৰৰ নাম আছিল মদন কুমাৰ।
ইতিমধ্যে গৰমাক অনুসৰণ কৰি লাহে লাহে গৌড়ৰ সৈন্য ধীৰে ধীৰে কছাৰী ৰাজ্যৰ সীমা পালেহি। কছাৰীসকলৰ লগত দুই-এটা সৰু-সুৰা সংঘৰ্ষও হ’ল৷ এনে সময়তে আহোম ৰজা চুহুংমুং দিহিঙীয়া ৰজাৰ সৈন্যসকলে কছাৰী ৰাজ্য আক্ৰমণ কৰি ১৪৮৬ খ্ৰীষ্টাব্দত ডেটচুঙক হত্যা কৰি গৰমা কুঁৱৰী আৰু তেওঁৰ পুত্ৰক ধৰি নি চুহুংমুঙক শোধাই দিলে৷ চুহুংমুঙে ধনশিৰী নদীৰ পাৰত বাহৰ পাতি ২ বছৰ কাল গৰমাৰ লগতে কটাই দিলে (কছাৰী বুৰঞ্জীমতে ৬ মাহ)। ৰাজধানীৰ পৰা দূৰত সীমান্তৰ বিপদসংকুল ঠাইত তেনেদৰে আহোম ৰজাই দিন পাৰ কৰিবলৈ লোৱাত বিপদৰ আশংকা কৰি এদিন কনচেং বৰপাত্ৰ গোহাঁয়ে ৰাতি ধনশিৰী বাহৰত জুই লগাই দিলে৷ তাৰ পাছত আহোম ৰজাই গৰমাক লগত লৈ ৰাজধানীলৈ গুচি গ’ল৷ গৰমাক অনুসৰণ কৰি অহা পাঠান সেনাপতি বিতমালিকক (সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী মতে মীতমাণিক) মৰঙীৰ ওচৰৰ যুদ্ধত আহোম সেনাই পৰাস্ত কৰিলে৷ তাৰ পাছত তুৰ্বককো যুদ্ধত আহোম সেনাই হত্যা কৰিলে৷ তুৰ্বকৰ লগত হোৱা যুদ্ধত কমতেশ্বৰেও আহোম ৰজাক সহায় কৰিছিল বুলি সাতসৰী অসম বুৰঞ্জীৰ তৃতীয়খন বুৰঞ্জীয়ে কয়।
তাৰ পাছত ৰজাবিহীন কছাৰী ৰাজ্যৰ বিষয়াসকলে থাপিত-সঞ্চিত ৰজা হিচাপে চুহুংমুঙৰ আশ্ৰয়ত থকা কছাৰী ৰজাৰ কোঁৱৰ তথা গৰমা কুঁৱৰীৰ পুত্ৰ মদন কুমাৰক বিচাৰিলে৷ চুহুংমুং ৰজাই কছাৰীসকলৰ অনুৰোধ ৰক্ষা কৰি এটি কন্যা মদন কুমাৰলৈ বিৱাহ কৰি নিৰ্ভয় নাৰায়ণ নাম দি মাইবঙত ৰজা হিচাপে থাপিলে৷ পিছে গৰমা কুঁৱৰী পুত্ৰৰ লগত মাইবঙলৈ গ’লগৈ নে চুহুংমুং ৰজাৰ লগতে থাকিল সেই বিষয়ে সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী নিমাত। কছাৰী বুৰঞ্জী মতে বিভিন্ন উপহাৰসহ গৰমা কুঁৱৰীকো নিৰ্ভয় নাৰায়ণৰ লগত মাইবঙলৈ পঠাই দিয়া হৈছিল।
সুশুদ্ধি অথবা
গৰমা কুঁৱৰীৰ পিতৃ গৌড়ৰ বাদশ্বাহ আৰু প্ৰথমজনা স্বামী কমতেশ্বৰৰ পৰিচয় সম্পৰ্কে
অসমৰ বুৰঞ্জীত একো উল্লেখ নাই যদিও আমি অন্যান্য সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোকৰ পৰিচয়
উদ্ধাৰ কৰিবলৈ যত্ন কৰিব পাৰোঁ৷ ১৪৮৩ খ্ৰীষ্টাব্দত সুশুদ্ধিৰ
কছাৰী ৰজাৰ লগত বিৱাহ হৈছিল৷ সেই সময়ত কমতাপুৰৰ ৰজা আছিল খেন বংশীয় নীলাম্বৰ৷
নীলাম্বৰে ১৪৮০ খ্ৰীষ্টাব্দৰ পৰা ১৪৯৮ খ্ৰীষ্টাব্দলৈ কমতাপুৰত ৰাজত্ব কৰিছিল৷
নীলাম্বৰে গৌড়ৰ বিৰূদ্ধে কেইবাটাও অভিযান চলাইছিল। এই সময়ছোৱাত গৌড়ৰ চুলতান
আছিল ইলিয়াছ শ্বাহী বংশীয়সকল৷ গতিকে সুশুদ্ধি অথবা গৰমা কুঁৱৰীৰ পিতৃ ইলিয়াছ
শ্বাহী বংশীয় ১৪৭৪ খ্ৰীষ্টাব্দৰ পৰা ১৪৮১ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰা চামচুদ্দিন
ইউচুফ শ্বাহ অথবা ১৪৮১ খ্ৰীষ্টাব্দৰ পৰা ১৪৮৭ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰা
জালালুদ্দিন ফটেহ শ্বাহ হোৱাটো সম্ভৱ৷ সুশুদ্ধিৰ জীৱনক লৈ নৱকান্ত বৰুৱাই গৰমা
কুঁৱৰী নামৰ এখন সুন্দৰ উপন্যাস লিখিছিল যদিও তেওঁ কমতেশ্বৰক দুৰ্লভনাৰায়ণ ৰূপে চিহ্নিত কৰিছে, যিটো ঐতিহাসিকভাৱে সত্য নহয়। তদুপৰি ৰজা নীলাম্বৰে মন্ত্ৰী শচীপাত্ৰৰ পুত্ৰ মনোহৰৰ ৰাণীৰ লগত
প্ৰেম হোৱাৰ সন্দেহত হত্যা কৰি তেওঁৰ মাংস পিতৃক ভক্ষণ কৰাইছিল বুলি পদ্মনাথ
গোহাঞিবৰুৱাই তেওঁৰ অসম বুৰঞ্জীত উল্লেখ কৰিছে। গোহাঞিবৰুৱাৰ মতে শচীপাত্ৰই গৌড়ৰ
নবাব আলাউদ্দিন হুছেইন শ্বাহক মাতি আনি কমতা ৰাজ্য অধিকাৰ
কৰায়৷ কিন্ত আলাউদ্দিন হুছেইন শ্বাহে ১৪৯৪ খ্ৰীষ্টাব্দতহে ইলিয়াছ শ্বাহীসকলৰ পৰা
ৰাজপাট দখল কৰে৷ গতিকে ১৪৮৩ খ্ৰীষ্টাব্দতে কছাৰী ৰজাৰ লগত
বিবাহ পাশত আবদ্ধ হোৱা সুশুদ্ধিৰ পিতৃ আলাউদ্দিন হুছেইন শ্বাহ হ’ব নোৱাৰে। পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ অসম বুৰঞ্জীত উল্লেখ কৰা নৰমাংস
ভক্ষণ কৰোৱা কাহিনীটো সুকুমাৰ মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা থকা অসম বুৰঞ্জীত উল্লেখ
থকা নৰমাংস ভক্ষণৰ কাহিনীৰে অপভ্ৰংশ হ’ব
পাৰে৷
তথ্যসুত্ৰ :
১. গোঁহাঞিবৰুৱা,
ৰায়চাহাব পদ্মনাথ (১৯২১) : আসামৰ বুৰঞ্জী, লীলা
এজেঞ্চি, তেজপুৰ
২. ভূঞা, শ্ৰী সূৰ্য্যকুমাৰ,
(সম্পা),(১৯৮৮) : অসম বুৰঞ্জী (সুকুমাৰ মহন্তৰ ঘৰত পোৱা), বুৰঞ্জী
আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী।
৩. ভূঞা, ড০ সূৰ্য্য
কুমাৰ (সম্পা), (২০০৯) : সাতসৰী অসম বুৰঞ্জী, বাণীমন্দিৰ,
ওৱাহাটী।
৪. ভূঞা, সূৰ্য্যকুমাৰ, (সম্পা), (১৯৯০) : কছাৰী বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী।
৫. Debnnath,
Sailen, (2015) : Kamatapur, An Unexplored History of Eastern India (650- 1498),
Aayu Pubications, New Delhi-110086