অন্যযুগ/


ইতিহাস এষণা : নামদাং

   ৰক্তিম ৰঞ্জন শইকীয়া


১৮২৫ চনৰ ২৭ জানুৱাৰীৰ ৰাতিপুৱা৷ লেফ্‌টেনেন্ট জেমচ্‌ ব্ৰুকে (পাছলৈ ছাৰ জেমছ্ ব্ৰুকে) তেওঁৰ ‘ৰংপুৰ লেভী’ৰ (পাছলৈ 42nd Assam Light Infantry) অনিয়মীয়া অশ্বাৰোহী বাহিনীৰ দল এটাৰ নেতৃত্ব লৈ নামদাঙৰ ঠেক শিলাসাঁকোৰ ওপৰত অপেক্ষা কৰি থকা মানসেনাক আক্ৰমণ কৰিছিল৷ ঐতিহ্য-ইতিহাসৰ প্ৰতি সামান্যও আগ্ৰহ নথকা আমি নিধক অসমীয়াবোৰে যুদ্ধখনৰ বিষয়ে সমূলি পাহৰি গ’লোঁ যদিও এইখনেই অসমৰ ইতিহাসৰ আটাইতকৈ ৰক্তক্ষয়ী যুদ্ধ বুলি কোৱা হৈছিল। এই যুদ্ধত লেফ্‌টেনেণ্ট জেমছ্ ব্ৰুক গুৰুতৰভাৱে আহত হৈ তেওঁৰ সৈনিক জীৱন সামৰিবলগীয়া হ’লেও শেষত বৃটিছসকলেই বিজয়ী হৈছিল (History of Upper Assam, Upper Burmah and North Eastern Frontier, page 55)। 

সেই নামদাং নাথাকিলেও শত-সহস্ৰ ইতিহাস বুকুত বান্ধি বোজা সাঁকোখন এতিয়াও আছে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি পশ্চিম দিশৰ পৰা শিৱসাগৰ নগৰলৈ যাওঁতে এখন মধ্যযুগীয় সাঁকোৰে সৈতে থকা শুকান নলাসদৃশ মৰানদীখন সকলোৰে চকুত পৰে ৷ এই মৰানদী খনেই হ’ল এসময়ৰ ভৰানদী, ৰংপুৰ নগৰৰ পশ্চিম সীমা নামদাং নদী। এসময়ত নগাপাহাৰৰ পৰা উৎপত্তি হৈ শিৱসাগৰৰ মহকুমাৰ বিভিন্ন স্থান অতিক্ৰম কৰি আহি দিখৌ নদীত পৰিলছিলহি। ভূতাত্ত্বিক আৰু ভৌগোলিকভাৱে নামদাং হ’ল দিখৌ নদীপ্ৰণালীৰ এক অংগ ৷ নামদাং নদীয়ে এটা দক্ষিণ-পূব-উত্তৰ-পশ্চিম ‘নতি’ সূচায়। নদীখনৰ সৰ্পিল গতিপথে নৱবিৱৰ্তনৰ (Neo Tectonis) ইংগিত দিয়ে ৷ নৱবিৱৰ্তনৰ ফলত অঞ্চলটোত ভূমিগত উত্থান হৈছিল, যাৰ প্রভাৱ আমি নামদাঙৰ গতিপথত দেখিবলৈ পাওঁ। নামদাং আৰু দিখৌ নদীতন্ত্ৰৰ নদীবোৰে এটা ‘বলয়াকাৰ গঠন’ (Annular Pattern) প্ৰদৰ্শন কৰে ৷ ভূমিগত উত্থানৰ কাৰণেই নামতি চাৰিআলিৰ ওচৰৰ পৰা খ্ৰীষ্টীয় দ্বাদশ শতিকাতে নামদাঙে এটা পশ্চিমমুখী গতি লৈছিল।

এই গতিপথত নামদাং আহল-বহল আৰু পাহাৰৰ নামনিলৈকে নৌকা পৰিৱহনৰ উপযোগী আছিল ৷ নামদাঙৰ এই গতিপথ ভূমিগত উত্থানৰ কেন্দ্ৰবিন্দুৰ পৰা কিছু উত্তৰলৈ অৱস্থিত আছিল ৷ পাছত নামদাঙে এই পথ পৰিহাৰ কৰি এটা নতুন উত্তৰ-পূবমুৱা নতুন গতিপথ লয় ৷ এই দ্বিতীয় পথটোও এই নামদাঙে পৰিহাৰ কৰি দ্বিতীয় গতিপথৰ পৰা ৩ কিলোমিটাৰ পূবৰ বৰ্তমানৰ পথটো গ্ৰহণ কৰে ৷ ঐতিহাসিক কালছোৱাতে নামদাঙৰ এই সঘন গতিপথ পৰিৱৰ্তনে ভূমিগত উত্থান এতিয়াও চলি থকাৰে ইংগিত বহন কৰে। ভূমিগত উত্থানে নামদাঙক ক্ৰমাগতভাৱে উত্থান বিন্দুৰ কেন্দ্ৰৰ পৰা আঁতৰলৈ ঠেলি আছে। এই ভূমিগত উত্থান বিন্দুটো নামতি চাৰিআলিৰ আশে-পাশে থকাটো ইতিমধ্যে ভূতাত্ত্বিকভাৱে প্ৰমাণিত হৈছে। একেবাৰে আধুনিক যুগত গোঁহাইগাঁও নামৰ ঠাইত নামদাং নদীত বান্ধ মাৰি ইয়াৰ পানীভাগ মিটং নদীত পেলাই দিয়াৰ পাছৰে পৰা পূৰ্বৰ ভৰা নামদাঙে গৰিমা হেৰুৱাই আজিৰ এৰাসুঁতিলৈ ৰূপান্তৰ হ’ল।

 


দিখৌ-নামদাং অৱবাহিকা (মানচিত্ৰ: নুৰুল আমিন আৰু যোগেন্দ্ৰ নাথ শৰ্মা)

 

উজনি অসমৰ ইতিহাসৰ লগতেই নামদাঙৰ ইতিহাসো সোমাই আছে৷ এই নদীখন এসময়ত এখন বৃহৎ নদী আছিল। জন পিটাৰ ৱেডে তেওঁৰ “Geographical Sketches of Assam নামৰ টোকাটোত এই নদীখনৰ বিশদ বৰ্ণনা দাঙি ধৰিছে। ৱেডৰ মতে বাৰিষা কালত এই নদীৰে ডাঙৰ ডাঙৰ নাও পাহাৰৰ কাষলৈকে যাব পাৰিছিল। খৰালি সৰু নাৱেৰে বাৰিষা যোৱাতকৈ আধা দুৰত্ব অতিক্ৰম কৰিব পৰা গৈছিল (Geographical Sketches of Assam, page 25)। 

আহোমসকলৰ অসম আগমনৰ বহু আগতে যোৰহাটত ৰাজধানী থকা কছাৰী ৰাজ্য (Extracts From the Journal of an Expedition in to the Naga Hills, Journal of Asiatic Society of 3 Bengal, Vol. IX, 1940, pp. 953-958) খনৰ অন্তৰ্গত নামদাং এক উল্লেখযোগ্য জনপদ আছিল ৷ কাৰণ ১২২৮ চনত এই অঞ্চল পৰিভ্ৰমণ কৰা আহোম ৰজা চুকাফাই ইয়াত তিনিহাজাৰ পানী খোৱা ঘাট দেখাৰ কথা বুৰঞ্জীত উল্লেখ আছে- “ছয় লাক্‌নি তাতে থাকি মানুহ পঠাই চোৱালত নামদাঙ্গত তিনি হেজাৰ পানী খোৱা ঘাট দেখিলে। (দেওধাই বুৰঞ্জী, পৃষ্ঠা- ৭)। তিনি হাজাৰ সংখ্যটো অতিৰঞ্জিত যেন লাগিলেও পানী খোৱা ঘাটৰ সংখ্যা যে বুজন পৰিমাণৰ আছিল সেয়া অনুমান কৰিব পাৰি ৷ লক্ষ্যণীয়ভাৱে ইমানবোৰ পানী খোৱা ঘাট দেখিলেও সেই পৰিমাণে মানুহ লগ পোৱাৰ কথা বুৰঞ্জীত পোৱা নাযায় ৷ এইখিনিতে প্ৰশ্ন হয় মানুহবোৰ ক’লৈ গ’ল ? প্ৰকৃততে নদী সলনিৰ এক প্ৰাকৃতিক দুৰ্যোগত আজিৰপৰা ১ হাজাৰ বছৰ আগতে উজনি অসম বিধ্বস্ত হৈছিল (A Study of River Channel Modifications of Jorhat District of Assam, Indian Journal of History of Science, 51 No.3, page, 556-559) আৰু ১১৫০ খ্ৰীষ্টাব্দত ডিমাপুৰলৈ ৰাজধানী তুলি নিয়া হয় (কাছাড়ের ইতিবৃত্ত, পৃষ্ঠা, ৭০-৭১)৷ ইয়াৰ পাছত স্বাভাৱিকতে নামদাঙৰ আশে পাশে জনসংখ্যা কমি গৈছিল৷ চুকাফাৰ পৰিভ্ৰমণ মূলতঃ দিহিং উপত্যকাতে সীমাৱদ্ধ আছিল৷ নামদাঙত মানুহৰ চিন দেখি চুকাফাই তাত নথকাৰ সিদ্ধান্ত লৈছিল - “যুঁজ কৰিলে দুইৰো মানুহ পৰিব (সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা-২৪)। অন্ততঃ ১৩৩১ খ্ৰীষ্টাব্দতলৈকে নামদাঙলৈকে আহোম শাসন সুদৃঢ় হোৱা নাছিল আৰু কছাৰী অধিকাৰো কটকটীয়া নাছিল ৷ ১৩৩১ ব্ৰীষ্টাব্দত কমতাপুৰৰ ৰজাই আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহি নামদাঙৰ পাৰতে কোঠ মাৰিছিলহি (দেওধাই বুৰঞ্জী, পৃষ্ঠা - ৮)। সেই সময়ত নামদাং নদীৰ দাঁতিকাষৰীয়া অঞ্চলবোৰক নামদাং নামেৰেই জনা গৈছিল। চুহান্‌ফা ৰজাৰ দিনত লাক্‌লি কাপচান ৰ চ’ত মাহত আহোমসকলে দিখৌ পাৰ হৈ নামদাঙলৈ যাবলৈ যত্ন কৰিছিল যদিও কছাৰীসকলে প্ৰত্যাক্ৰমণ কৰি আহোমসকলক হোঁহকাই পঠায় ৷ চুহুংমুং দিহিঙীয়া ৰজাৰ দিনতহে আহোমসকলে দিখৌ পাৰ হৈ পশ্চিমৰ ফালে আগবাঢ়ে। এই সময়ৰ পৰাই নামদাং সম্পূৰ্ণ আহোম ৰাজ্যৰ ভিতৰুৱা হৈ পৰে। 

১৭০০ চনত ৰুদ্ৰসিংহই ৰংপুৰ নগৰ পাতি ৰাজধানী লোৱাৰ পাছত নামদাঙৰ গুৰুত্ব বৃদ্ধি পায় ৷ যোগাযোগ আৰু প্ৰতিৰক্ষা দুই দিশলৈ লক্ষ্য ৰাখি ১৭০১ চনত ৰুদ্ৰসিংহই নামদাঙৰ ওপৰত বিখ্যাত সাঁকোখন তৈয়াৰ কৰায় ৷ আমি সততে আহোম ৰাজ্যত নিৰ্মাণ হোৱা আলি-পদূলি দলঙৰ কথা আলোচনাৰ বিষয় কৰিলেও মধ্যযুগৰ আহোম ৰাজ্যত পৰিৱহনৰ মূল উপায় আছিল জলপথহে। আচলতে বাৰিষা কালত অসমৰ দৰে অতিপাত বৰষুণ হোৱা গেদীয় উপত্যকাত স্থলপথ তথা দলংসমূহ সম্পূৰ্ণ অকামিলা হৈ পৰে ৷ সেয়ে আহোম ৰাজ্যত দলং আৰু পথনিৰ্মাণ অসম উপত্যকাৰ আকাৰ চাই পৰ্যাপ্ত নহয় ৷ প্ৰকৃতপক্ষে উজনি অসমৰ আহোম ৰাজ্যত শিলৰ দলং নিৰ্মাণৰ কেইবাটিও অসুবিধা আছিল৷ সেইকেইটা হ’ল গ্ৰেণাইটৰ অভাৱ, উন্নত লোহাৰ অভাৱ আৰু শিলত ফুটা কৰিব পৰা প্ৰযুক্তিৰ অভাৱ ৷ তথাপি সীমাৱদ্ধতাৰ মাজতে শিল-ইটাৰ সাঁকো (কেৱল শিলৰ সাঁকো নহয়) নিৰ্মাণ কৰা হৈছিল। 

কেইখনমান ব্যতিক্ৰম বাদ দি আহোম যুগৰ সাঁকো নিৰ্মাণৰ কাৰিকৰী দিশটোৰ বিষয়ে থকা বিভিন্ন কিতাপ-পত্ৰত অলেখ বিভ্ৰান্তিকৰ তথ্য আছে ৷ জনপ্ৰিয় গ্ৰন্থসমূহৰ বাহিৰেও বিদ্যায়তনিক গ্রন্থসমূহো এনে বিভ্ৰান্তিৰ পৰা হাত সাৰিব পৰা নাই ৷ উদাহৰণ স্বৰূপে ড বীৰেন্দ্ৰ নাথ দত্তৰ তত্বাৱধানত ড দীনেশ বৈশ্যই তেজপুৰ বিশ্ববিদ্যালয়ত দাখিল কৰা গৱেষণা গ্ৰন্থ “Traditional Science and Material Culture of Early Assam” -ত উল্লেখ কৰিলে এইদৰে “The bridge was made by tunneling through a massive stone (পৃষ্ঠা - ৩৬৩)। আচৰিত ধৰণে আধুনিক মানুহেও শিলাসাঁকোসমূহৰ নিৰ্মাণ পদ্ধতি হিচাপে নানা অদ্ভূত প্ৰযুক্তি কল্পনা কৰে৷ এছটা শিলৰ পৰা কাটি উলিওৱা, লঠিয়াশিল ফুটাই তাৰ মাজেদি লোহা ভৰোৱা আদি নানা অদ্ভুত কাল্পনিক পদ্ধতিৰে এই দলংখন নিৰ্মাণ কৰা হৈছিল বুলি উল্লেখ পোৱা যায়। আহোম যুগত শিলাকুটি নামৰ যিটো ফৈদৰ লোক আছিল সেইসকলৰ কাম পটা, কিস্তি, বৰটোপৰ শিলৰ গুলী আদি তৈয়াৰ কৰাহে আছিল ৷ বুৰঞ্জীত আছে - শিলাকুটি বৰুৱাৰ শিলৰ পটা ও কিস্তি আদি কৰিব লগা বাবৰ পাইক আছে (হৰকান্ত সদৰামিনৰ অসম বুৰঞ্জী, পৃষ্ঠা - ১২৭) ৷ এই শিলাকুটিসকলে সকলো কাম কোমল বালিশিলতে সীমাৱদ্ধ ৰাখিছিল।

আহোম যুগৰ কোনো গ্ৰেণাইটৰ ভাস্কৰ্য আমাৰ চকুত পৰা নাই৷ নামদাঙৰ সাঁকোখন “বৰাইল বালিশিলৰ ইটাৰে তৈয়াৰী সাঁকো ৷ মধ্যযুগৰ এটা পৰিচিত ধেনুভিৰীয়া গাঁথনিৰে (Arch Bridgeসাঁকোখন তৈয়াৰ কৰা হৈছে ৷ আমি নিজে শিলৰ ইটা এটা ৰুকি চাই “বৰাইল বালিশিলৰ ইটা বুলি নিশ্চিত হৈছোঁ। আহোম যুগৰ পৰিচিত চুণ-চুৰ্কীৰ কঁৰালবিধেই ইয়াত ব্যৱহাৰ কৰা হৈছে ৷ ইয়াত এটা কাৰিকৰী দুৰ্বলতাও আছে ৷ শিলৰ ইটাৰ মাজে মাজে চেপেটা শিল অপৈণতভাৱে ভাঙি ইটাৰ আকৃতি দিবলৈ যত্ন কৰাও হৈছে। উল্লেখযোগ্য যে শিলৰ লগত কোনো কঁৰালে লাগি ধৰিব পৰাৰ ধৰণে বান্ধনিৰ সৃষ্টি কৰিব নোৱাৰে ৷ ইয়াৰ মূল কাৰণ হ’ল শিলৰ সৰন্ধতা পোৰামাটিৰ ইটাৰ সমান নহয় ৷ যাৰ বাবে আঠাৰ কাম কৰা কেলচিয়াম কাৰ্বনেটৰ স্ফটিকবোৰ শিলৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে ৷ গতিকে এনে শিলেৰে তৈয়াৰী গাঁথনিত কঁৰালবোৰে শিলৰ ইটাৰ লগত আঠা লাগি ধৰাৰ পৰিৱৰ্তে কঁৰালে কঁৰালে সংযোগ হৈ ৰচীৰে বান্ধ খাই থকাৰ দৰেহে থাকে ৷ শিলৰ ইটাৰ দলঙৰ আধাৰটোৰ ওপৰত হেতামাৰি হিচাপে চেপেটা ইটাৰ গাঁঠনি মাৰি দিয়া হৈছে। 

ইয়াৰ গাঁথনিৰ ভেঁটিটো বিশেষভাৱে প্ৰস্তুত কৰা হৈছিল৷ চাংৰুং ফুকনৰ বুৰঞ্জীত ইয়াৰ ইংগিত আছে। ৰংপুৰ নগৰৰ ন দুৱাৰৰ মুখৰ সাঁকোখন তৈয়াৰ কৰোতে লঠিয়া শিল ২৪৮৫৬০ টা আৰু পাটশিল ৭২ টা ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ আছে (চাংৰুং ফুকনৰ বুৰঞ্জী, পৃষ্ঠা ১৮)। মাত্ৰ ৭২টা চেপেটা ধৰণৰ পাটশিল ইটাৰ আকাৰত ভাঙি শিলৰ ইটাৰ গাঁথনিৰ মাজে মাজে ভৰাই দিয়া বুলি আমি চিনাক্ত কৰাৰ কথা ইতিপূৰ্বে উল্লেখ কৰিছোঁ ৷ বৃহৎ পৰিমাণৰ লাঠিয়া শিল, অৰ্থাৎ লাঠিৰ আকাৰৰ শিল সাঁকোৰ দুপাৰৰ ভেটিত ভৰাই দিয়া হৈছিল৷

নামদাঙৰ শিলৰ সাঁকোৱেই আছিল ৰংপুৰ নগৰলৈ সোমোৱা পশ্চিমৰ দুৱাৰ ৷ হ’লেও সেইকালত যোগাযোগৰ পথৰূপে সাঁকোতকৈ নামদাং নদীৰ হে গুৰুত্ব অধিক আছিল ৷ নগৰৰ দুৱাৰমুখতে নামদাং নদীতে নাৱত উঠি মধ্য অসমৰ ৰহা চকী আৰু গুৱাহাটীৰ লগত পোনপটীয়া যোগাযোগ স্থাপন কৰিব পৰা গৈছিল ৷ ত্ৰিপুৰাগামী অসমৰ কটকী অৰ্জুনদাস আৰু ৰত্ন কন্দলি নগৰৰ মুখতে নামদাঙতে নাৱত উঠি ৰহা লৈ গৈ তাৰ পৰা কপিলী উপত্যকাইদি কছাৰী ৰাজ্য সোমাই ত্ৰিপুৰালৈ যাত্ৰা কৰিছিল - “ আমাৰ দুই কটকী ত্ৰিপুৰা দেশলৈ যাবলৈ ভটিয়াপাৰৰ বহাৰ পৰা নামডাঙ্গত নাৱত উঠি ৭ দিনে গৈ ৰহা পালেগৈ। তাতে তিনিদিন থাকি তাৰপৰা ৫ দিনে গৈ ডেমেৰা পালে (ত্ৰিপুৰা বুৰঞ্জী, পৃষ্ঠা-২১)। 

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নামদাঙৰ গুৰুত্ব প্ৰমাণ হয় মোৱামৰীয়া বিপ্লৱৰ কালত। তৃতীয় বিদ্ৰোহৰ সময়ত ৰাজধানী ৰংপুৰৰ পতন হোৱাৰ পাছত নামদাঙক সীমা কৰি পূবে যোৰহাটৰ দিশৰ পৰা ৰজাঘৰীয়া আৰু পশ্চিমে ৰংপুৰৰ দিশৰ পৰা বিদ্ৰোহীসকলে ৰণচালি পাতিছিল ৷ ১৭৮৮ চনৰ মাৰ্চ মাহত পূৰ্ণানন্দ বুঢ়াগোঁহায়ে যোৰহাটৰ পৰা এদল শক্তিশালী সেনা লৈ নামদাঙৰ পূবপাৰতে কোঠ মাৰি প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ যত্ন কৰিছিল। লগতে আন আন বিষয়াসকলেও নামদাঙৰ পাৰে পাৰে এলানি কোঠ মাৰি দুৰ্গসদৃশ প্ৰতিৰক্ষা বেষ্টনী এটা গঢ়ি তুলিছিল - “সকলো মানুহ চপাই লৈ পাচে ফাল্গূন মাসত মিতঙ্গৰ পৰা কোঁঠ উজাই নামদাং নৈৰ কোষলৈ পানীফুকনে বৰআলিতে কোঁঠ কৰিলে। কুমাৰ গাৱঁৰ সমীপত ৰূপচান্দ গোহাঁই খাৰঘৰীয়া বৰুৱাৰ কোঁঠ, মহামন বুঢ়াগোঁহাই ডাঙৰীয়াৰ কোঁঠ, নামদাঙ্গৰ কোষত, পুখুৰী চুকত ঘৰফলীয়াৰ কোঁঠ, আলিকেকুৰীত গুৱাহটীয়া নেওগ ফুকনৰ কোঠ এইৰূপে গুলীয়ে পোৱাপূইকৈ পাঁচখান কোঁঠ কৰি ৰ’ল (তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা-১০৮)। নদীৰ সিটোপাৰে আছিল মোৱামৰীয়া বাহিনী ৷ নামদাঙৰ শিলৰ সাঁকো আছিল বিদ্ৰোহীসকলৰ অধিকাৰত। সেয়ে ৰজাঘৰীয়া সৈন্যই নামদাঙত এখন অস্থায়ী দলং দি নদীৰ পশ্চিম পাৰলৈ সৈন্য সঞ্চালনৰ চেষ্টা কৰোঁতেই সেই দলঙেদিয়েই বিদ্ৰোহীসকল দলে দলে পাৰ হৈ ৰজাঘৰীয়া কোঠ আক্ৰমণ কৰিলে-_“পাচে সকলেও আলচি নামদাঙত দলং দিলে। পাচে সেই দলঙ্গেই মোৱামৰীয়া পাৰ হৈ আহি কোঁঠক ৰণ কৰিলে- (তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা-১০০৮)৷ পাছত দেৰগাঁৱৰ পৰা বৰগোঁহাই বুঢ়াগোঁহাইৰ লগ লাগিল (তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা-১৯১)। ১৭৮৯ চনৰ আগষ্টলৈকে পূৰ্ণানন্দ বুঢ়াগোঁহায়ে নামদাং কোঁঠ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ৷ তাৰ পাছত পূৰ্ণানন্দই নামদাং কোঠ পৰিত্যাগ কৰি যোৰহাটলৈ হুঁহকি যাবলৈ বাধ্য হল আৰু নামদাং বিদ্ৰোহীসকলৰ হাতলৈ গ’ল ৷ 

১৭৯৪ চনৰ ৮ মাৰ্চতহে কেণ্ডেইন ৱেলচ্‌ৰ পালি সেনাপতি লেফ্‌টেনেণ্ট আৰউইনে বিদ্ৰোহীসকলৰ হাতৰ পৰা নামদাঙৰ শিলৰ সাঁকো দখল কৰিলে । তাৰ পাছদিনা কেপ্টেইন ৱেলচ্‌ আহি শিলৰ সাঁকো পাৰ হৈছিল ৷ প্ৰবন্ধটোৰ আৰম্ভণিতে উল্লেখ কৰা ১৮২৫ চনৰ ২৭ জানুৱাৰিৰ যুদ্ধখনৰ কেইমাহমানৰ পাছতে বাৰিষা অহাত বৃটিছসকল গুৱাহাটীৰ ঘাটিলৈ ঘূৰি যায় ৷ ১৮২৬ চনৰ জানুৱাৰিত কৰ্ণেল ৰিচাৰ্ডে পুনৰ উজনি অভিযান আৰম্ভ কৰি পুনৰ নামদাঙৰ সাঁকোত মানসকলৰ প্ৰতিৰোধৰ সন্মুখীন হয় ৷ কৰ্ণেল ৰিচাডে মানবোৰৰ নামদাঙৰ প্ৰতিৰোধ বিধ্বস্ত কৰি ৰংপুৰ অধিকাৰ কৰে (History of Upper Assam, Upper Burmah and North Eastern Frontier, page 63)। বৃটিছসকলে অসম উজনি অসম অধিকাৰ কৰাৰ পাছতে প্ৰতিৰক্ষা বেহু হিচাপে নামদাঙৰ গুৰুত্ব কমি আহিবলৈ আৰম্ভ কৰিলে ৷ শেষত এসময়ৰ এখন গুৰুত্বপুৰ্ণ নদীৰ একাংশ এৰাসুঁতিলৈ পৰিবৰ্তন হ’ল।

তথ্যসূত্ৰ :

১. গুহ; উপেন্দ্ৰ চন্দ্ৰ (১৯২১): কাছাড়েৰ ইতিবৃত্ত, উপেন্দ্ৰ চন্দ্ৰ গুহ, সাধনা লাইব্ৰেৰী, ঢাকা

২. বৰুৱা, ড ভীমকান্ত (সম্পাদনা) (১৯৯২): চাংৰুং ফুকনৰ বুৰঞ্জী, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৩- ভূঞা, সূৰ্যকুমাৰ, (সম্পা) )(১৯৯০): দেওধাই অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী।

৪. ভূঞা ড সূৰ্য্য কুমাৰ(সম্পাদনা)(১৯৯০): হৰকান্ত সদৰামিনৰ অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ

৫. ভূঞা শ্ৰীসূৰ্যকুমাৰ, (সম্পা) (১৯৯০): ত্ৰিপুৰা বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী।

৬. ভূঞা সূৰ্যকুমাৰ, (সম্পা) (১৯৯০): তুংখুঙ্গীয়া বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী।

৭. ভূঞাঁ ড সূৰ্য্যকুমাৰ(সম্পাদনা)(২০০৯): সাতসৰী অসম বুৰঞ্জী, বাণীমন্দিৰ, ওৱাহাটী-৩।

৮. শৰ্মা, যোগেন্দ্ৰনাথ (২০১৪): অসমৰ নদ-নদী, অন্বেষা, গুৱাহাটী

৯. Amin, N and Sarma, J N (1998): Lneament and Anomalies around River System of the Dikhow and the Jhanji in Assam, Conference paper on Remote Sensing Application in North East India, Guwahati

১০.  Baishya, Dinesh (2009): Traditional Science and Material Culture of Early Assam, EBH Publishers (India), Guwahati-781001

১১. E. R. Grange (1940): Extracts From the Journal of an Expedition in to the Naga Hills, Journal of Asiatic Society of Bengal, Vol. IX, 1940, pp. 953-958

১২. Saikia, Raktim Ranjan and Amin, Nurul (2016): A Study of River Channel Modifications of Jorhat District of Assam, Indian Journal of History of Science, 51 No.3, page, 556-559

১৩. Shakespear, L. W (1914): History of Upper Assam, Upper Burmah and North Eastern Frontier,, MacMillan and Co. Limited, St. Martin’s Street, London

১৪. Wade, J. P (1927): Geographical Sketches of Assam, printed with ‘An Account of Assam’ edited by Benudhar Sharma, Published by R Sharma, Madhupur Tea Estate, North Lakhimpur, Assam.

 

ঠিকনা :

সহকাৰী অধ্যাপক, ভুতত্ত্ব বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়

যোৰহাট

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ