অৱনী কুমাৰ শৰ্মা
শদিয়াৰ কথা লিখিবলৈ লৈয়ে মনলৈ অহা আমাৰ সৰুকালত সাঁথৰটো
আছিল :
শদিয়ালৈ নেযাবা, সত্ফুল নেখাবা (১)
কেঁচাপাতত নেবান্ধিবা লোণ৷(২)
উপজিয়ে লৰ মাৰে কোন?
সাঁথৰটোৰ উত্তৰ – জেঠী পোৱালি৷
টোকা: (১) সত্ফুল – চৰাইৰ জঁটোৰ দৰে ৰঙচুৱা
ফুল আৰু বিহলঙনিৰ পাতৰ দৰে পাতেৰে এবিধ বনৰীয়া গছ৷ ইয়াৰ পাত শুকুৱাই খাৰ তৈয়াৰ কৰা
হয়৷
(২) যি কোনো কেঁচা পাতেৰে (মৰলিয়া, টকৌপাত)
লোণ বন্ধা উচিত নহয়৷ কাৰণ কেঁচা পাতৰ পৰা জলীয় ভাপ লাগি লোণখিনি গলি যাব পাৰে৷
সাঁথৰৰ কথা ইমানতে থাওক, এতিয়া আহোঁ শদিয়াৰ
নামটোৰ বিষয়টোলৈ৷
অলপতে বুৰঞ্জী কিতাপ এখনত পঢ়িলোঁ যে আমাৰ
অসমত বাৰ শতিকাৰ মাজভাগমানৰ পৰা উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত চুতীয়াসকলে ৰাজত্ব কৰিছিল৷
সেই চুতীয়া ৰজা গৌৰীনাৰায়ণ বা ৰত্নধ্বজ পালেই আছিল আটাইতকৈ পৰাক্ৰমী ৰজা৷
ৰত্নধ্বজপালৰ সমসাময়িক হিচাপে গৌড় ৰাজ্যত
কেশৱসেনে ৰাজত্ব কৰিছিল৷ এই দুই ৰজাৰ মাজত মিত্ৰতা স্থাপন হৈছিল৷ এই মিত্ৰতাৰ চিনস্বৰূপে ৰত্নধ্বজপালে গৌড়ৰাজলৈ পৰশুৰাম কুণ্ডৰ জল আৰু গৌড়ৰাজে চুতীয়া ৰজালৈ গঙ্গাৰ
জল পঠাইছিল৷ তদুপৰি, ৰত্নধ্বজ পালে তেওঁৰ ৰাজপুত্ৰক শিক্ষা লাভৰ অৰ্থে গৌড় ৰাজ্যলৈ
পঠাইছিল৷ গৌড়ৰাজে চুতীয়া ৰাজকুমাৰক নিজ পুত্ৰ দৰে মৰম-চেনেহ কৰিছিল৷
দুৰ্ভাগ্যবশতঃ শিক্ষা লাভ সম্পূৰ্ণ হ’বলৈ
নৌপাওঁতেই চুতীয়া ৰাজকুমাৰৰ গৌড়তে মৃত্যু হয়৷ গৌড়ৰাজে চুতীয়াসকলৰ মৃতকৰ সত্কাৰৰ ৰীতি-নীতি
নজনাত ৰাজকুমাৰৰ শটো দেউতাকৰ ওচৰলৈ পঠাই দিয়ে৷ সেৰই সময়ত ৰত্নধ্বজ পাল সিন্ধুক্ষেত্ৰ
নামে এখন ঠাইত এটা মন্দিৰ নিৰ্মাণকাৰ্যত ব্যস্ত আছিল৷ সেই ঠাইতে পুতেকৰ শটো তেওঁলৈ
হস্তান্তৰ কৰা হয়৷ আৰু তেতিয়াৰ পৰাই সেই ঠাইখনৰ নাম ‘শ-দিয়া’ বা ‘শদিয়া’ হয়৷ জনশ্ৰুতি
মতে এই ঠাইখনৰ পুৰণি নাম আছিল বিদৰ্ভ আৰু ইয়াৰ ৰাজধানী আছিল কুণ্ডিল নগৰ বা ভীষ্মক
নগৰ৷
এয়েই হ’ল শদিয়াৰ নামৰ ইতিহাস৷
(সম্পাদকীয় সংযোজন : এই মতৰ উপৰি শদিয়া নামটোৰ ইতিহাসৰ সৈতে একাধিক মত আছে।)
লেখাকৰ ঠিকনা :
অৰ্লাণ্ড, ফ্ল’ৰিডা, আমেৰিকা