বিদুৎ বিকাশ শৰ্মা
দুটা দিনৰ মাজত আচলতে পাৰ্থক্য থাকে? পৃথিৱীৰ আহ্নিক গতিয়ে সৃষ্টি কৰা আন্ধাৰ-পোহৰ আন্ধাৰৰ খেলখনেই দিন-ৰাতিবোৰৰ সৃষ্টি কৰা নাই জানো? (ষ্টিফেন হকিঙৰ মতে) সেই মহানাদৰ মুহূৰ্তৰ পৰাই আৰম্ভ হোৱা সময় নামৰ অদৃশ্য ৰেখাডাল গঢ়ি তোলা বিন্দু (বিন্দুৰ সমষ্টিয়েই যেতিয়া ৰেখা)-বোৰেই দেখোন একোটা দিন। গতিকে দিনবোৰৰ মাজত পাৰ্থক্য থকাৰ সম্ভাৱনা ক’ত? আৰু যিবোৰ পাৰ্থক্য আছে সেইবোৰতো আমি নিজেই সৃষ্টি কৰা। উদাহৰণস্বৰূপে কোৱা যায় এই যে দিনবোৰৰ বিভিন্ন নাম— সোমবাৰ, মঙলবাৰ... একাদশী, দ্বাদশী,... স্বাধীনতা দিৱস, পৰিৱেশ দিৱস, মাতৃ দিৱস, ... জন্মদিন, মৃত্যুতিথি... ৩১ ডিচেম্বৰ ১ জানুৱাৰি— এই সকলো গুণ জাপি দি আমিয়েই দিনবোৰক গুৰুত্বপূৰ্ণ কৰি তুলিবলৈ অহৰহ চেষ্টা কৰি থাকোঁ। নহ’লে সোমবাৰ কি, শনিবাৰেই বা কি? স্বাধীনতা দিৱস কি? পৰিৱেশ দিৱসেই বা কি?
ঠিক এই কথাখিনিকেই মই মিতালীৰ বোধৰ জগতখনলৈ ঠেলি পঠিয়াব পৰা নাই। মিতালীৰ মতে দিনবোৰৰ নিজা একোটা ৰূপ থাকে, গোন্ধ থাকে, থাকে হেনো এক আপোন সত্তা। প্ৰতিটো দিনেই হেনো একোখন পৃথক পেইণ্টিং! তাইৰ মতে দিনটোৰ ২৪ ঘণ্টা সময় এখন কেনভাছৰ দৰে।। কেনভাছবোৰৰ মাজত কোনো পাৰ্থক্য নথকাটো সঁচা। কিন্তু সেই কেনভাছত কোনে কি ৰং কেনেদৰে ব্যৱহাৰ কৰে তাৰ ওপৰতেই নিৰ্ভৰ কৰে পেইণ্টিংখনৰ মূল্য।
নিজৰ বিশ্বাসক বিশ্বাস কৰি মিতালীয়ে কাইলৈৰ দিনটোৰ কেনভাছখন নিজে বিচৰা ধৰণে ৰঙীন কৰি তুলিবলৈ সাজু হৈছে। কাৰণ মিতালীৰ মতে যিহেতু বিয়াৰ প্ৰায় সাত বছৰৰ পাছত কাইলৈৰ দিনটোতে তাই মাক হৈছিল, তাইৰ কোলালৈ আহিছিল নীলাঞ্জন, চমুকৈ নীল, গতিকে তাইৰ বাবে কাইলৈৰ ২৪ ঘণ্টা আৰু অন্য যিকোনো দিনৰ ২৪ ঘণ্টাৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে। কাইলৈৰ দিনটোৰ কেনভাছখন সজাই তুলিবলৈ মিতালীয়ে কি কি কৰিব মোৰ প্ৰায় মুখস্থ হৈ গৈছে। কাৰণ যোৱা পাঁচ বছৰে মিতালীয়ে প্ৰায় একেখিনি কামকে কৰি আহিছে। নীলৰ জন্মদিনৰ কেনভাছখন বছৰে বছৰে মিতালীয়ে একে ধৰণেই সজাই আহিছে।
কাইলৈ পুৱা খুব সোনকালে মিতালীৰ টোপনি ভাগিব। ঠিক পাঁচ বজাত। পাঁচ বছৰৰ আগৰ এই দিনটোৰ ৰাতিপুৱা পাঁচ বজাত মিতালীয়ে প্ৰথমবাৰৰ বাবে প্ৰসৱ বেদনা অনুভৱ কৰিছিল। অইন দিনবোৰত সাত বজাৰ আগত কোনোপধ্যে সাৰ নোপোৱা মিতালীয়ে নীলৰ জন্মদিনৰ ৰাতিপুৱা কোনো এলাৰ্ম ঘড়ীৰ সহায় নোলোৱাকৈ ঠিক পাঁচ বজাত সাৰ পাই যোৱা কথাটোৱে মোক মাজে মাজে আচৰিত নকৰা নহয়। কিন্তু পাছ মুহূৰ্ততে ভাব হয় এয়াই চাগে সন্তান আৰু মাতৃৰ মাজৰ অদৃশ্য সংযোগ।
সাৰ পোৱাৰ পাছত মিতালীৰ সমুখত এটা বিৰতিবিহীন দিন। নীলে ভাল পাব পৰা ধৰণে ঘৰটো সজাই তুলিবলৈ তাই চেষ্টাৰ ত্ৰুটি নকৰে। ৰং-বিৰঙৰ বেলুন, খেলনাৰে গোটেই ঘৰেটা সজোৱাৰ দায়িত্ব মোৰ। মিতালীয়ে ক’ব— “ইমান বেলুন মই ফুলাব নোৱাৰোঁ দেই। তুমি ফুলাব লাগিব। নহ’লে দেউতাক হৈছা কিয় হাঁ।” নীলে খাই ভাল পাব পৰা প্ৰায়বোৰ খাদ্য কাইলৈ আমাৰ ঘৰত মজুত থাকিব লাগিব— পায়স, মেগী, ফ্ৰেন্স ফ্ৰাই, বিবিধ জ্যুচ। চুবুৰীয়াৰ ল’ৰা-ছোৱালীখিনিক লগত লৈ কাটিবলৈ এই কে’ক মই আনিবই লাগিব। নহ’লে মিতালীয়ে মোক সুদাই নেৰিব।
আবেলি হৈ আহে মানে মিতালীৰ ছট্ফটনি, অস্থিৰতা বাঢ়ি যাব। আয়োজনৰ ক’ৰবাত কিবা খুঁত থাকি গ’ল নেকি তাকে ভাবি তাই নিজেও অস্থিৰ হ’ব আৰু মোকো বাৰে বাৰে একেটা কথাকে সুধি থাকিব— “আৰু কিবা কৰিম নেকি কোৱা। নীলৰ ভাল লাগিলেই হ’ল আৰু তুমি একো কোৱা নাই যে? কিবা এটা কোৱা।” মিতালীক নিৰস্ত্ৰ কৰিবলৈকে মই কেতিয়াবা ক’ব খোজোঁ— “হ’ব দিয়া। তুমি কৰিয়েই আছা দেখোন। সন্তানৰ বাবে অতবোৰ কৰাৰ পাছতো মাক-বাপেকবোৰে কি বা পায় জীৱনত তাৰ একো ঠিকেই নাথাকে দেখোন।” মোক কথাত মিতালীয়ে কি উত্তৰ দিব সেয়াও মই জানো। চকু পোন্দোৱাই মোৰ ফালে চাই তাই ক’ব— “তোমালোক বাপেকবোৰ বৰ স্বাৰ্থপৰ। চবতে খালী পোৱা-নোপোৱা, লাভ-লোকচানৰ হিচাপ। নীলৰ লগত মই ইমান হিচাপ কৰিব নোৱাৰোঁ দেই।” সন্ধিয়া ছয়মান বাজিলে মিতালীৰ অস্থিৰতাই চূড়ান্ত অৱস্থা পাবগৈ। ঘৰটোৰ ইফালৰ পৰা সিফালে পায়চাৰি কৰি কৰি মোক প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিব— “ল’ৰা-ছোৱালীখিনি এতিয়াও অহা নাই যে? কে’ক কাটিব কেতিয়া? ই নীল ক’ত? ইচ ৰাম, ইমান দেৰি হ’ল, তাক নতুন কাপোৰযোৰ পিন্ধোৱাই নাই। তুমি বাপেকটো হৈ একো এটা সহায় কৰি দিব নোৱাৰা নেকি? যোৱা নীলক লৈ আহা। সিটো ৰুমত খেলি আছে চাগে। পটাপট কৰা না, দেৰি হৈছে।”
আৰু প্ৰতি বছৰৰ দৰে এই মুহূৰ্তত এক অদ্ভুত নামহীন যন্ত্ৰণাৰ অসহজ অনুভূতিয়ে মোক অসহায় কৰি তুলিব। ভাব হ’ব বতাহত অম্লজান কমি গৈছে নেকি? নে হঠাৎ বুকুৰ ভিতৰৰ পৰা সমস্ত বতাহ ওলাই গ’ল? থৰক-বৰক খোজেৰে মই ফ’নটোৰ ফালে আগুৱাই যাম— “হেল্ল’ ডক্টৰ, মিতালী মানে মোৰ পত্নী...।” সেই ফালৰ পৰা ডাক্টৰে ক’ব— “আপোনাক আগতেও কৈছোঁ দেখোন পাঁচবছৰ আগৰ ষ্টিল বাৰ্থৰ ঘটনাটোক আপোনাৰ পত্নীয়ে এতিয়াও গ্ৰহণ কৰিব পৰা নাই। আপুনিয়ে আপোনাৰ পত্নীক কথাটো বুজাব লাগিব।”
সেই সময়ত সেইটোৱেই মোৰ বাবে পৃথিৱীৰ কঠিনতম কাম হৈ পৰিব। মিতালীক কেনেকৈ বুজাম যে পাঁচ বছৰ আগতে প্ৰায় বাৰ ঘণ্টা প্ৰসূতি কোঠালিত মৃত্যুৰে যুঁজি তাই এটা মৃত সন্তান জন্ম দিছিল। তাইক কেনেকৈ বুজাম যে নীলৰ জন্ম আমাৰ বাবে আলফুল সপোন এটা চুব নোৱৰাৰ দৰে এক অসহায় পৰিস্থিতিহে আছিল...।
হয়তো প্ৰতি বছৰৰ দৰে এইবাৰো মই মিতালীক সময়ৰ হাতত এৰি দিম। এটা সময়ত তাইৰ অস্থিৰতা শাম কাটিব। ধীৰে ধীৰে তাই স্বাভাৱিক হ’ব। স্বাভাৱিক হোৱাৰ লক্ষণ হিচাপে তাই ঘৰৰ সমস্ত বেলুন টানি-আঁজুৰি ছিঙি পেলাব। নীলে ভাল পাব বুলি বনোৱা সমস্ত খাদ্য তাই চুৱা-পাতনিলৈ নিক্ষেপ কৰিব। আৰু তাৰ পাছত... তাৰ পাছত মোৰ বুকুত সোমাই তাইৰ কান্দোন আৰম্ভ হ’ব। শেষ হ’ব নোখোজা হদয়বিদাৰক কান্দোন। মই মিতালীক হেঁপাহ পলুৱাই কান্দিবলৈ দিম। চকু পানীৰ লগত উটি যাবলৈ দিম তাইৰ সমস্ত যন্ত্ৰণা।
মিতালীয়ে কান্দোনৰ মাজেৰে স্বাভাৱিক হ’বলৈ চেষ্টা কৰি থাকোঁতে মই নিজকে সাজু কৰি তুলিম অহা বছৰলৈ। মিতালীক বুজাবলৈ মনৰ মাজত সাজু কৰি তুলিম বিভিন্ন যুক্তি, যাৰ দ্বাৰা তাইক কোৱা যায়— জীৱনৰ আশ্চৰ্যকৰ প্ৰৱাহ, নিৰৱচ্ছিন্ন গতিপথত নীলৰ জন্ম দিন হৈছে মাইলৰ খুঁটিৰ দৰে বস্তু এটা। মাইলৰ খুঁটি নথকা ৰাস্তাৰেও এক সুন্দৰ যাত্ৰা অসম্ভৱ নহয়।