অন্যযুগ/


বাঘৰাণী খইৰী

 ড ৰত্নোত্তমা দাস বিক্ৰম

বাঘৰাণী খইৰী : পটৰ আঁৰৰ কিছু কথা

এক৷ বাঘ, আমি আৰু কিছু সার্বজনীন ব্যক্তিগত

 অসমীয়া সমাজৰ আন যিকোনো এটা শিশুৰ দৰেই শৈশৱত আমিও শিকিছিলোঁ মেকুৰীক মেও’, গৰুক হাম্বা’, বাঘক হাও বুলি কবলৈ। কুকুৰ, মেকুৰী, হাঁহ, পাৰ, কুকুৰা, গৰু, ছাগলী  এই পোহনীয়া জীৱ-জন্তু আৰু অন্যান্য চৰাই-চিৰিকতি আদিও সদায়েই আমাৰ চিনাকি চৌপাশৰে অংশ। চিনাকি পৰিৱেশটোৰ প্রতিটো বস্তুৱেই প্ৰতিটো শিশুৰ বাবে কৌতূহলৰ উৎস। লাহে লাহে সাধু শুনিব পৰা বয়স হলে এইবোৰ চিনাকি জীৱ-জন্তু, চৰাই-চিৰিকতি সাধুকথাৰ চৰিত্ৰ হৈ পৰে। আৰু অধিকাংশ শিশুৱেই শিয়াল আৰু বান্দৰতকৈও বহু বেছি গুণে আগ্রহী আৰু কৌতূহলী হয় নিজ চকুৰে কেতিয়াও নেদেখা হাও’-টোৰ প্রতি, বাঘৰ প্রতি। কাৰণ, বাঘ ৰজা, বনৰ ৰজা, বাঘ নায়ক।

জোঁটাই জোঁটাই আখৰ পঢ়িব পৰা হওঁ কি নৌহওঁতেই আমিও শিকিছিলোঁ এই শিশু পদ্যটো

বাঘ সিংহই গোঁজৰ মাৰে

পাৰই দিয়ে ৰুণ।

ভোমোৰা আৰু মৌমাখিয়ে

কৰে গুণ্ গুণ্।

ছন্দোবদ্ধ শিশুপদ্যটো আওৰাওঁতে পাৰৰ ৰুণ আৰু ভোমোৰা বা মৌমাখিৰ গুণ্ গুণতকৈ আমাক বেছি আকর্ষিত আৰু ৰোমাঞ্চিত কৰিছিল বাঘ-সিংহৰ গোঁজৰণিটোৱে। কাৰণ, সেই গোঁজৰণি নিজ কাণেৰে শুনাতো নাছিলোঁ কেতিয়াও! কেতিয়াও নেদেখা-নুশুনা বস্তু এটাৰ প্রতি আকর্ষণৰ আধিক্য স্বভাৱজাত মানৱ প্রবৃত্তি। আমাৰ শিশু মনৰ উৰ্বৰ কল্পনাত জীৱন্ত হৈ উঠে ৰাজকীয় জন্তুটো। কেনেকৈ বা গোঁজৰ মাৰে বাঘ-সিংহই! কেনেকৈ বা ইমান বীৰত্বৰে চিকাৰৰ ওপৰত জঁপিয়াই পৰে! কল্পনাৰ পাখি লগা উৰন্ত ঘোঁৰাই শিশুমনৰ অৰণ্যত দুৰন্ত চেঁকুৰ মেলে। আৰু সিংহতকৈ সদায়েই বেছি প্রাধান্য পায় বাঘে। অসমীয়া সমাজ জীৱনত আৰু লোককথাবোৰতো সিংহতকৈ বাঘ সদায়েই ওচৰ চপা। বিধে বিধে বন্যপ্রাণীৰে সমৃদ্ধ অসমৰ বনাঞ্চলত সিংহ নথকা বাবেই লোক পৰম্পৰাতো বাঘৰ প্রতি এই পক্ষপাতিত্ব স্বাভাৱিক তথা অৱধাৰিত৷

বাঘ হেনো মেকুৰীৰ মাহীয়েক। বাঘে বোলে ঘাটমাউৰা তীখৰ আৰু তাৰ চুটি মুটি বাই’-জনীৰ ঘৰলৈ পিঠা খাবলৈ গৈছিল। এটা বুঢ়া বাঘে আকৌ লুভীয়া ব্রাহ্মণক সোণৰ খাৰুৰ লোভ দেখুৱাই মাৰিছিল। ...সপোনতো যেন কেতিয়াবা বাঘেই দেখোঁ। সেই বাঘে নেখেদে, নাখায়। সেই বাঘ এটা অতি আপোন জীৱ, অতি চিনাকি বন্ধু চৰিত্ৰ। আৰু শৈশৱৰে কোনোবা এদিন ৰাজ্যিক চিৰিয়াখানাখনত ভাৰতৰ এই জাতীয় জন্তুটো সপোনত নহয়, দিঠকতে দেখিলোঁগৈ। হালধীয়াত কলা আঁচ আঁচ থকা, ৰাজসিক, ভয়ংকৰ সুন্দৰ ঢেঁকীয়াপতীয়া। বিস্ময় বিমুগ্ধ হৈছিলোঁ। ডাঙৰ ডাঙৰকৈ চকু মেলি, মুখ মেলি, থৰ হৈ, অবাক হৈ চাই ৰৈছিলোঁ প্রথম বাৰৰ বাবে বাঘ দেখি। কিন্তু ইমান দিনৰ কল্পনাৰ বনৰজাক দিঠকত বন্দী অৱস্থাত দেখি সুখী হোৱা নাছিলোঁ মোৰ কল্পনাৰ ঘনঘোৰ অৰণ্যৰ একছত্রী সম্রাট যিমান প্রতাপী আৰু শক্তিশালী আছিল, বাস্তৱত তাতকৈ বিপৰীত দেখি অসুখী হৈছিলোঁ। কিন্তু হলেওতো আছিল সেইটো এটা সঁচা বাঘ, এটা জীৱন্ত ঢেঁকীয়াপতীয়া বাঘ, ‘ভোক লাগিলে বুলিলেও কেতিয়াও ঘাঁহ নোখোৱা বনৰজা, একেটা বাঘঢাকাতে বাঘমোৰে পাই থৰ লগা মানুহক সিপুৰী দেখুৱাই দিব পৰা প্রবল পৰাক্ৰমী অৰণ্যৰ সম্রাট। গুৱাহাটীৰ চিৰিয়াখানাৰ পিঞ্জৰাত বন্দী বাঘ প্রথম দেখাৰ শৈশৱৰ সেই অবিস্মৰণীয় অভিজ্ঞতাৰ পাছতো বাঘৰ প্রতি তীব্র আগ্রহ আকর্ষণ আৰু কৌতূহল একেই থাকিল।  

প্রাক-কৈশোৰ আৰু প্রায় কৈশোৰ মধ্যলৈকে পুনৰ বাঘে আৰু বাঘৰ কথা, কাহিনীয়ে আমাৰ মনোজগত আচ্ছন্ন কৰি ৰাখিলে। কিন্তু তেতিয়াও আমাৰ টিভিত ডিস্কভাৰি‍ বা এনিমেল্ প্লেনেট্ খুলি বাঘ চাবলৈ কেব্‌ল কানেকশ্বন্ নাছিল। গুগ্‌ল কি বস্তু জনাটো দূৰৈৰ কথা, নামেই শুনা নাই। টিভি, বাতৰি কাকত বা আলোচনীবোৰৰ ক’ৰবাত বাঘ সম্পর্কীয় কিবা এটা দেখিলেই ৰৈ যাওঁ। দেউতাই এদিন চিনাকি কৰাই দিলে জিম কৰবেটৰ সৈতে। আস্ আৰু কোনে পায়! কৰবেটৰ সৈতে যেন ভ্ৰমি ফুৰিলোঁ কুমায়ুন, ৰুদ্রপ্রয়াগ, সুন্দৰবন! ঢেঁকীয়াপতীয়া, নাহৰফুটুকী, চিতা, লতামেকুৰী বিধে বিধে বাঘ। বনৰ ৰজা কিন্তু ঢেঁকীয়াপতীয়া, ৰয়েল বেংগল টাইগাৰ। ঢেঁকীয়াৰ পাতৰ দৰে গোটেই গাতে হালধীয়া কলা ৰঙৰ পটি থকা এই শক্তিমত্ত, সুন্দৰ, গুৰুগম্ভীৰ, ৰাজসিক জন্তুটোৱেই আমাৰ দেশৰ জাতীয় জন্তুও। আপুৰুগীয়া জন্তু। দেওলগা জন্তু। আমাৰ দেশৰে মানুহে পূজাও দিয়ে ব্যাঘ্ৰদেৱতাক। বাঘ-মানুহৰ কালিকা লগা লোক কাহিনীবোৰ মুখে মুখে বিয়পে। ভয় কৰে, সমীহ কৰে, পলাই ফুৰে, তথাপি ভাল নোপোৱাকৈ থাকিব নোৱাৰে। বাঘ যে বনৰ ৰজা। ৰাজভক্তি কাৰনো নাথাকিব। ভয়াৱহ সৌন্দর্য, সৌষ্ঠৱ, শক্তি, গাম্ভীর্য আৰু বিক্ৰমৰ ৰাজকীয় সমাহাৰৰ এই মূর্ত ৰূপৰ আগত কাৰ শিৰ নত নহ?

কৈশোৰৰ প্রান্ত অতিক্রম কৰোঁ মানে ক্রমান্বয়ে আমাৰ মনোজগত বাঘে আগৰ দৰে আচ্ছন্ন কৰি ৰখাটো কমি আহিছিল। কিন্তু বাঘৰ প্রতি, বাঘ সম্পর্কীয় যিকোনো তথ্য আৰু facts and fiction-ৰ প্রতি আগ্রহ আৰু আকৰ্ষণৰ প্রাবল্য আজি পর্যন্ত সামান্যতমো নকমিল। আমাৰ যিখন অনুবাদ পুথিৰ কথা তথা পুথিখন অনুবাদৰ আঁৰৰ কথা কবলৈ গৈ ইমানবোৰ পাতনিৰো পাতনিৰ অৱতাৰণা, সেইখন বাঘৰাণী খইৰী অনুবাদো বাঘৰ প্রতি আমাৰ অক্ষয়িষ্ণু অনুৰাগৰে এক প্রামাণ্য দলিল। অৱশ্যে এইক্ষেত্ৰত আমাৰ মাতৃভাষাটোৰ ভগ্নীভাষা ওড়িয়াৰ প্ৰতি থকা স্নেহ-শ্রদ্ধাও সমান্তৰালভাৱে উল্লেখযোগ্য।

বাঘৰাণী খইৰীৰ অনুবাদৰ বিষয়ে কবলৈ গলে দুহেজাৰ ছয়/সাত চনলৈ পিছুৱাই গৈ কব লাগিব আৰু কিছু কথা। কব লাগিব পুৰণা এখন কলা-বগা পোহৰ ছবিৰ কথা, পট্টনায়ক ছাৰ আৰু অসিতদাৰ কথা, খইৰী নদী দেখাৰ কথা। এৰা, ‘বাঘৰাণী খইৰী’-ৰ অনুবাদৰ সৈতে এৰাব নোৱৰাকৈ জড়িত হৈ থকা আৰু কিছু সার্বজনীন নোহোৱা ব্যক্তিগত কথাৰো অৱতাৰণা কৰিব লাগিব।

দুই৷ খইৰীৰ সৈতে মোৰ প্রথম চিনাকি

নাই, খইৰীৰ নাম মই আগতে কেতিয়াও শুনা নাছিলোঁ। না মই কেতিয়াবা শুনিছিলোঁ খইৰী নামৰ বাঘিনী এজনীৰ কথা, না মই জানিছিলোঁ ওড়িষ্যাৰ শিলিপাল অৰণ্যৰে বৈ অহা খইৰী নামৰ নদী এখনৰ বিষয়ে। যোৱা শতিকাৰ অষ্টম-নৱম দশকৰ সময়ত ওড়িষ্যাৰ সংবাদ মাধ্যম আৰু প্রায় সংখ্যক ওড়িয়া লোকৰ ঘৰে ঘৰে চৰ্চিত এটা চিনাকি নাম আছিল খইৰী। পাছলৈ খইৰীৰ জীৱনৰ আধাৰত ৰচিত অখিল মোহন পট্টনায়কৰ বাঘৰাণী খইৰী’-ৰ উপৰি বিভিন্ন কথা-কাহিনী, তথ্যচিত্র, সাক্ষাৎকাৰ আদিয়ে ওড়িষ্যাত জনপ্রিয়তাৰ শিখৰ চুইছিলগৈ। শিলিপাল অৰণ্যৰ বনবিষয়া (Ranger) তথা বিশিষ্ট বন্যপ্রাণী বিশাৰদ সৰোজ ৰায় চৌধুৰীৰ পোহনীয়া বাঘিনী আছিল খইৰী। চৌধুৰী বাবুৱে (বাবু = মহাশয়, ওড়িয়া সম্বোধন) তেওঁৰ এই পোহনীয়া ঢেঁকীয়াপতীয়া বাঘিনীজনী দুমহীয়া পোৱালি হৈ থকাৰে পৰা তুলি-তালি ডাঙৰ কৰিছিল। চৌধুৰী বাবু আৰু তেওঁৰ সহধর্মিণী নীহাৰ নলিনী দেৱীৰ অকৃত্রিম মৰমৰ উমত ডাঙৰ হোৱা শিলিপালৰ গভীৰ অৰণ্যৰ ভয়ংকৰ বাঘিনীজনীয়ে মানুহৰ আদৰ, যত্ন-স্নেহত ইমানেই কাবু হৈ পোহ মানিছিল যে খইৰীক কেতিয়াও শিকলি লগাই বা পিঞ্জৰাত বন্দী কৰি ৰাখিবলগীয়া হোৱা নাছিল। প্রকাণ্ড এজনী বনৰ বাঘিনী আন যিকোনো পোহনীয়া জন্তুৰ দৰে স্বচ্ছন্দে ৰায়চৌধুৰী দম্পতীৰ সৈতে আছিল। তেওঁলোক জীপত উঠি কৰবালৈ গলে লগতে গৈছিল খইৰী। কেতিয়াবা এইদৰে জীপত উঠি কটক বা ভুৱনেশ্বৰলৈ খইৰী গলে মানুহৰ ভিৰ হৈ ৰাস্তা বন্ধ হোৱাৰ বাতৰি সেই সময়ৰ ওড়িষ্যাৰ বাতৰি কাকতত প্ৰায়ে পোৱা গৈছিল। খইৰীৰ অন্যান্য কাণ্ড-কাৰখানাবোৰৰ বাতৰিও ওড়িষ্যাৰ সংবাদ মাধ্যমত প্রচাৰ হৈছিল সঘনে। প্রত্যেকৰে বাবে খইৰী আছিল প্রচণ্ড কৌতূহলৰ উৎস। প্রত্যেকৰে বাবে খইৰী আছিল প্রিয় নায়িকা। বহুতেই খইৰীক চাবলৈ বুলিয়েই চৌধুৰী বাবুৰ ফৰেষ্ট বাংলোলৈ গৈছিল। অতিথিপৰায়ণ আৰু অতিশয় ভদ্র তথা মার্জিত ৰায়চৌধুৰী দম্পতীয়ে সাধাৰণতেই কাকো নিৰাশ নকৰিছিল। আৰু খইৰীতো আছিল মানৱ সংগত অভ্যস্ত। আন বহুতৰে দৰে এইদৰে এদিন খইৰীক স্বচক্ষে চাবলৈ বুলিয়েই ফট’গ্রাফি‍ৰ চখৰ পাছত দৌৰা এজন গৱেষণাৰত ছাত্র প্রকাশ চন্দ্ৰ পট্টনায়ক তেওঁৰ ফট’গ্রাফি‍ৰ গুৰু নৃসিংহ চৰণ চাহুৰ লগত গৈ ওলাইছিলগৈ শিলিপালৰ যচ্ছিপুৰত থকা ৰেঞ্জাৰ সৰোজ ৰায়চৌধুৰীৰ ফৰেষ্ট বাংলো। তেওঁৰ লগত আছি‍ল এটা পুৰিণ মডেলৰ বাকচৰ দৰে গধুৰ য়াছিকা কেমেৰা।

সেই গৱেষক ছাত্ৰজন পাছলৈ ভাৰতৰ জনজাতীয় অধ্যয়নৰ জগতখনৰ এটা জনাজাত নাম হৈছিলগৈ। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপনা আৰু প্ৰশাসনৰ বর্তমান এটা চিনাকি নাম প্রফেছৰ পি. চি. পট্টনায়ক।

প্ৰফেছৰ পি. চি. পট্টনায়ক। মোৰ শিক্ষা, দীক্ষা আৰু দিদৃক্ষাৰ গুৰু। ছাৰৰ সৈতে মোক চিনাকি কৰাই দিছিল মামণি বাইদেৱে, মামণি ৰয়ছম গোস্বামীয়ে। বাইদেউৰ মুখত ছাৰৰ কথা বহু আগৰে পৰা শুনি আছিলোঁ যদিও তেখেতক প্রথম লগ পালোঁ দুহেজাৰ ছয় চনত, বাইদেউৰ দিল্লীৰ বাসভৱনত। ইতিমধ্যে বাইদেৱে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপনাৰ কামৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও বাইদেউ তেতিয়াও দিল্লী বিশ্ববিদ্যালয়ৰ নিবাসতে আছিল। সেইটো বছৰতে পট্টনায়ক ছাৰৰ তত্ত্বাৱধানত গৱেষণা কৰাৰ উদ্দেশ্যে দিল্লীত উপস্থিত হৈছিলোঁগৈ আৰু বিদ্যায়তনিক কাম-কাজ আৰম্ভ কৰিছিলোঁ। আমাৰ গৱেষণাৰ মাধ্যম যদিও ইংৰাজী আছিল, বিষয়বস্তুৰ বাবে অসমীয়াৰ লগতে ওড়িয়াও জানিলেও ভাল আছিল। কাৰণ, ‘ইয়াৰুইংগম’-ৰ টাংখুল নগা আৰু পৰজা’-ৰ পৰজা জনজাতীয় সমাজ জীৱন অধ্যয়ন কৰিবলগীয়া হৈছিল। দক্ষিণ ওড়িষ্যাৰ কৰাপুট জিলাৰ অতিশয় ভিতৰুৱা পৰজা গাঁৱৰ পৰজাসকলে নিজৰ ভাষা, ওড়িয়াৰে উপভাষা পাজিৰ বাহিৰে কেৱল ভগা ভগা ওড়িয়াহে কব পাৰিছিল। গতিকে তেওঁলোকৰ লগত সংযোগৰ একমাত্র উপায় আছিল ওড়িয়া ভাষাটো জনা। অন্যহাতে, ইতিমধ্যে মই প্ৰফেছৰ পট্টনায়কৰ লগত জনজাতীয় কলা আৰু সংস্কৃতিৰ অধ্যয়নৰ ক্ষেত্ৰখনত নামি পৰিছিলোঁ। ছাৰৰ জনজাতীয় লোককলা অধ্যয়ন সম্পর্কীয় বৃহৎ গৱেষণা প্ৰকল্প ‘Tribal lore of Orissa: Common Culture Contents’- Project Fellow হিচাপে যোগদান কৰি চাৰৰ সহযোগিতা কৰিছিলোঁ। সুদীর্ঘ বিছ-পঁচিছ বছৰজোৰা জনজাতীয় অধ্যয়নৰ (Tribal lore studies) অভিজ্ঞতাৰে পুষ্ট এই পণ্ডিত অধ্যাপকজনৰ পাণ্ডিত্য, ব্যক্তিত্ব আৰু মানৱীয় গুণে কব নোৱৰাকৈয়ে তেওঁ কৰা কৃচ্ছ্ৰসাধনাৰ প্রতি আমাকো আকৃষ্ট কৰিছিল। ভিতৰুৱা জনজাতীয় গাঁৱলৈ গৈ ক্ষেত্র অধ্যয়ন কৰাৰ কষ্টসাধ্য আনন্দ আৰু পৰিশ্ৰমসিক্ত বিদ্যায়তনিক কামৰ সন্তুষ্টিৰ বিষয়ে শিকিছিলোঁ। ওড়িষ্যাৰ ভিতৰুৱা জনজাতীয় গাঁওবোৰৰ সংযোগী ভাষা (lingua franka) ওড়িয়া লাহে লাহে জনা হৈ আহিলোঁ। এই ক্ষেত্ৰত অৱশ্যে লখিমপুৰত আমাৰ শৈশৱত দেউতাৰ কলেজখনৰ ওড়িয়া শিক্ষককেইজন তথা তেওঁলোকৰ পৰিয়ালৰ সান্নিধ্যৰো কিছু প্রভাৱ আছিল। ওড়িয়া ভাষা আৰু সংস্কৃতিৰ প্রতি প্রীতি আৰু আগ্ৰহৰ প্রথম বীজ তেতিয়াই ৰোপিত হৈছিল। পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত তুলনামূলক ভাষাৰ শ্ৰেণীত ওড়িয়া ভাষাৰ কাৰিকৰী দিশটোৰ বিষয়ে পঢ়িবলৈ পাই আকৃষ্ট হৈছিলোঁ। আৰু অৱশেষত দিল্লী বিশ্ববিদ্যালয়ত প্রফেছৰ পট্টনায়কৰ সান্নিধ্যলৈ আহি সেই প্রীতি, আগ্রহ আৰু আকৃষ্টতাই পূর্ণ ৰূপ পাইছিল। ঋষিতুল্য পট্টনায়ক ছাৰৰ সান্নিধ্যৰ বিৰল সুযোগ নঘটা হলে আমাৰ জীৱনৰ দিশো কিজানি ভিন্ন হলহেঁতেন। আৰু বাঘৰাণী খইৰীৰ এই অনুবাদ আমাৰ পক্ষে কেতিয়াও সম্ভৱ নহলহেঁতেন। খইৰীৰ সৈতে মোৰ প্রথম চিনাকিওতো হৈছিল পট্টনায়ক ছাৰৰ মাধ্যমেৰেই।

দিনটো স্পষ্টকৈ মনত আছে মোৰ। দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ (Modern Indian Language and Literary Studies) বিভাগীয় প্রধান পট্টনায়ক ছাৰৰ জনজাতীয় অধ্যয়ন সম্পর্কীয় তথ্য সম্বলিত কিছুমান কিতাপ আৰু ফাইল খুঁচৰি থাকোঁতে বিভাগৰ আলমিৰাৰ একোণত হঠাতে আৱিষ্কাৰ কৰিছিলোঁ ধূলি-ধূসৰিত এটা পুৰণি এল্‌বাম পুৰণা লা-বগা পোহৰ ছবিৰে ভৰা। অধিকাংশই জনজাতীয় গাঁও আৰু জনজাতীয় পুৰুষ, মহিলা, শিশুৰ ছবি। মোটা ক’লা ৰঙৰ কাগজৰ আয়তাকাৰ পৃষ্ঠাবোৰত পাছপৰ্ট আকাৰ, তাতকৈ অলপমান ডাঙৰ, আৰু প’ষ্ট কার্ড আকাৰৰ কলা-বগা ফট’বোৰ সুন্দৰকৈ আঠা লগাই থোৱা। প্রতি দুটা পৃষ্ঠাৰ মাজত একোখন স্বচ্ছ কাগজ। কাগজবোৰৰ দুই এখন মাজে মাজে ভাঁজ লাগিছে আৰু ফাটিছেও। গোটেই এল্‌বামটোতে এটা পুৰণি পুৰণি গোন্ধ। এল্‌বামটো তুলি লৈ ছাৰৰ ওচৰলৈ দৌৰি গলোঁ। এল্‌বামটো হাতত লৈ ছাৰো কিছু নষ্টাল্‌জিক হৈ পৰিল। তেওঁ কৈ গল প্রায় পঁচিছ বছৰৰ আগতে বাকচৰ দৰে তলফালেৰে চাই ফট’ তুলিবলগা হোৱা পুৰণি মডেলৰ গধুৰ য়াছিকা কেমেৰাটোৰে তেওঁ তোলা ফট’বোৰৰ পশ্চাৎ কাহিনী। তেওঁ ফটো তুলিবলৈ আৰু আন্ধাৰ কোঠাত নিগেটিভ ধুবলৈ শিকিছিল নৃসিংহ চৰণ চাহুৰ পৰা। এল্‌বামটোৰ পৃষ্ঠাবোৰ লুটিয়াই লুটিয়াই যাওঁতে এঠাইত হঠাতে ৰৈ গলোঁ। এখন ক’লা-বগা পোহৰ ছবিৰ মাজেৰে পোনে পোনে যেন মোলৈকে চাই গম্ভীৰ ৰাজকীয় ভংগিমাত বহি থকা এক পূর্ণাংগ ৰয়েল বেংগল টাইগাৰ! মই যেন প্রায় চিঞৰিয়েই উঠিৱেলা, “হাৰে! এইটোচোন বাঘ ! It’s a tiger! Where from you got this beautiful photograph?”

“No, it’s not a tiger. She is a tigress. Her name was Khoiree. I took this photograph long back.”

ছাৰে সহজভাৱে কোৱা কথাকেইটাত মোৰ চকু ডাঙৰ হৈ গল। ফট’খন বাঘৰ নহয়, এজনী বাঘিনীৰ। তাইৰ নামটোও ছাৰে জানে। ফট’খন তুলিছেও বোলে নিজে! ছাৰে ধেমালি কৰা নাইতো! ছাৰৰ চকুলৈ চালোঁ, প্রথমতে বিশ্বাসেই হোৱা নাছিল। কিন্তু ছাৰৰ চকুত কৌতুক নাছিল। আছিল এক নষ্টাল্‌জিক দৃষ্টি। তেওঁ কৈ গল খইৰীৰ কথা, খইৰীৰ কাহিনী। এজনী বাঘিনীৰ বাস্তৱ জীৱনৰ সত্য কাহিনী। খইৰীৰ কথা কওঁতে ৰায়চৌধুৰী দম্পতীৰ কথাতো কোনোপধ্যেই এৰা নাযায়। তেওঁলোকেইতো তুলি-তালি পালিছিল শিলিপালৰ অৰণ্যৰ খইৰী নদীৰ পাৰত খড়িয়া জনজাতিৰ লোক বিদিয়া, বিলন্দা, গৌৰহঁতে পাই ধৰি লৈ অনা দুমহীয়া বাঘ পোৱালিটো। এইবাৰ ছাৰে কলে এখন নাতিদৈর্ঘ্যৰ উপন্যাসোপম ওড়িয়া পুথিৰ কথা। ওড়িয়া সাহিত্যৰ স্বনামধন্য সাহিত্যিক অখিল মোহন পট্টনায়কে লিখা এইখন অভিনৱ পুথিৰ নাম বাঘৰাণী খইৰী’৷ বিস্ময়াভিভূত হৈ শুনি গ’লোঁ ৰায়চৌধুৰী দম্পত্তিৰ খইৰীৰ কথা আৰু অখিল মোহন পট্টনায়কৰ বাঘৰাণী খইৰী’-ৰ কথা।

সেইদিনা, খইৰীৰ সৈতে প্রথম চিনাকিৰ সেইদিনাই জানিছিলোঁ, অনুভৱ কৰিছিলোঁ, খইৰীৰ সৈতে মোৰ সেই চিনাকি সেইখিনিতে শেষ হবলৈ যেন হোৱা নাছিল। খইৰীৰ প্রতি এক আচৰিত তীব্র আকর্ষণ অনুভৱ কৰিলোঁ। মোৰ জন্মৰ আগতেই পৃথিৱীৰ পৰা গুচি গৈছে খইৰী, তাৰ পাছত গুচি গৈছে সৰোজ ৰায়চৌধুৰী আৰু অখিল মোহন পট্টনায়কো। স্মৃতি সাবটি এতিয়াও কিন্তু ওড়িষ্যাত বৃদ্ধাৱস্থাত জীয়াই আছে চৌধুৰী বাবুৰ উপযুক্ত সহধর্মিণী সংগিনী নীহাৰ নলিনী দেৱী। বাঘৰাণী খইৰীৰ সৈতে অংগাংগীভাৱে জড়িত আন এগৰাকী ব্যক্তি হল ওড়িষ্যাৰ সংবাদ তথা গ্রন্থ জগতৰ পষেকীয়া সাহিত্য পত্রিকা চন্দন’-ৰ সম্পাদক অসিত মহান্তি পট্টনায়ক ছৰৰ ঘনিষ্ঠ বন্ধু। ময়ো মাতোঁ অসিতদা বুলি। বাঘৰাণী খইৰীৰ সৈতে অসিতদা জড়িত হোৱাটোও এক অন্য কাহিনী।

আৰু এদিন ওড়িষ্যৰ কেন্দুঝৰৰ পৰা ময়ূৰভঞ্জ জিলালৈ যোৱাৰ বাটত খইৰী নদীখন পাৰ হৈ দূৰৈত এটা ফৰেষ্ট বাংলো দেখি সিদ্ধান্ত লৈছিলোঁ এটা সাহস কৰাৰ। বাঘৰাণী খইৰী’ অসমীয়ালৈ অনুবাদ কৰাৰ সাহস। সেই কাহিনীওতো কব লাগিব।

তিনি৷ অপূর্ব সেই স্নেহ বন্ধন আৰু সেই কৰুণ মৃত্যু-শৃংখল

বাঘৰাণী খইৰী’— ওড়িয়া ভাষাত ৰচিত এখন অনন্য গ্রন্থ। গ্রন্থখনৰ মুখ্য অভিনৱত্ব এইখিনিতে যে এইখন এনে এখন উপন্যাসোপম জীৱনীমূলক গ্রন্থ, যিখনৰ কেন্দ্রীয় চৰিত্ৰ মানুহৰ মৰমত পোহ মনা এজনী বাঘিনী। নাম তাইৰ খইৰী। খইৰীৰ সত্য জীৱন কাহিনীয়েই বাঘৰাণী খইৰী’৷ গ্রন্থখনৰ ৰচনাৰ লগতো আকৌ জড়িত হৈ আছে বন্ধুত্বৰ আন এক কাহিনী।

বনৰ বাঘিনী খইৰীক মাত্র দুমহীয়া পোৱালি অৱস্থাৰে পৰা তুলি-তালি ডাঙৰ-দীঘল কৰা সৰোজ ৰায়চৌধুৰী আৰু সুখ্যাত ওড়িয়া লেখক অখিল মোহন পট্টনায়ক আছিল অন্তৰঙ্গ বন্ধু। শিলিপালৰ অৰণ্যৰ বনবিষয়া (Forest Ranger) ৰায়চৌধুৰী আছিল এজন বিশিষ্ট বন্যপ্রাণী বিশাৰদ। তেওঁৰ বন্যপ্রাণীবিষয়ক অগাধ জ্ঞান আৰু ব্যুৎপত্তি দেশে-বিদেশে প্রসিদ্ধ আছিল। তেওঁৰ ডেৰাডুন ফৰেষ্ট কলেজত অধ্যয়ন আৰু দেশী-বিদেশী প্ৰচুৰ বন্যপ্রাণী সম্বন্ধীয় গ্রন্থাদিৰ অধ্যয়নৰ বিস্তৰ জ্ঞানৰ লগতে যোগ হৈছিল ওড়িষ্যাৰ শিলিপাল বনাঞ্চলত ভ্ৰমি ফুৰি লাভ কৰা প্ৰচুৰ প্রত্যক্ষ অভিজ্ঞতা। ইয়াৰ উপৰি ৰেঞ্জাৰ ৰায়চৌধুৰী আছিল মনে-প্রাণে, হাড়ে-হিমজুৱে এজন বন্যপ্রাণীপ্রেমী। তেওঁৰ যথোপযুক্ত জীৱনসংগিনী নীহাৰ নলিনী দেৱীও আছিল তেওঁৰ দৰেই বন্যপ্রাণীপ্রেমী। বাঘ, ভালুক, কুকুৰ আনকি কিছু দিনৰ বাবে এটা ৰজাফেঁটী সাপকো (‘জ্যোতি’, দ্রষ্টব্য : বাঘৰাণী খইৰী’) মৰমেৰে বশ মনাইছিল এইহাল ব্যতিক্রমী দম্পতীয়ে। দুয়ো খইৰীক নিজৰ কন্যা জ্ঞান কৰি অতিশয় আদৰ, যত্ন আৰু কষ্টৰে মানৱ শিশু এটা প্রতিপালন কৰি ডাঙৰ কৰাৰ দৰেই ডাঙৰ কৰিছিল। তেওঁলোকৰ ঘৰলৈ জীপত তুলি লৈ অনাৰ প্রথম দিনটোৰ পৰা তাইৰ জীৱনৰ অন্তিম দিনটোলৈকে খইৰীৰ প্রতিটো কথাৰে খুটি-নাটি অতি নিষ্ঠা সহকাৰে ৰায়চৌধুৰীয়ে তেওঁৰ নোটবুকত টুকি গৈছিল। নিয়মীয়াভাৱে খইৰীৰ শৰীৰৰ জোখ-মাপ লৈ সেইবোৰো ৰাখি থৈছিল। তদুপৰি খইৰীৰ বিভিন্ন বিশেষ বিশেষ মুহূর্ত ৰঙীন আলোকচিত্র গ্রহণ আৰু বিভিন্ন সময়ৰ গোঁজৰণিৰ শব্দৰ বাণীবন্ধনো তেওঁ কৰিছিল। বাঘ সম্পর্কীয় অধ্যয়নত এই সকলো অতি আপুৰুগীয়া সম্পদ। কাৰণ বনৰ বাঘিনী এজনীক পোহনীয়া কৰি এনেদৰে আদৰ কৰি নিৰীক্ষণ কৰাৰ বিৰল সুযোগ কোনো বন্যপ্রাণীবিদেই সহজে কেতিয়াও নাপায়।

সৰোজ ৰায়চৌধুৰীৰ অন্তৰঙ্গ বন্ধু লেখক অখিল মোহন পট্টনায়ক আছিল মানুহ আৰু বাঘৰ মাজৰ এই অপূর্ব স্নেহ বন্ধনৰ প্রত্যক্ষদর্শী। তেওঁৰ সৃষ্টিশীল মনে তাগিদা দিলে এই মৰমৰ এই বিৰল সম্পর্কৰ কাহিনীটো সূক্ষ্ম অনুভূতিশীল লেখকৰ দৃষ্টিৰে লিপিবদ্ধ কৰিবলৈ। ৰায়চৌধুৰী দম্পতীয়ে তেওঁৰ এই অভিপ্রায়ত সম্পূর্ণ সহযোগিতা আগ বঢ়ালে। ৰায়চৌধুৰীয়ে তেওঁৰ হাতত তুলি দিলে সেই মূল্যৱান ডায়েৰি‍ আৰু ন’টবুক, যত লিপিবদ্ধ কৰা হৈছিল খইৰীৰ দৈনন্দিন পুংখানুপুংখ জীৱনীপঞ্জী। অখিল মোহন পট্টনায়ক কুশলী লেখক। তেওঁ সিদ্ধান্ত ললে নিজকে নিজৰেই বন্ধু সৰোজ ৰায়চৌধুৰীৰ ৰূপত কল্পনা কৰাৰ, যাতে খইৰীৰ কাহিনীটো তেওঁৰ কলমেৰে সম্পূর্ণ প্রাণৱন্ত হৈ প্রকাশ পায়। প্রথম পুৰুষত বর্ণনাশৈলীৰে তেওঁ লিখিবলৈ আৰম্ভ কৰিলে বাঘৰাণী খইৰী’৷

সকলো ঠিকেই আছিল। কিন্তু এদিন ঘটিল এক আকস্মিক ছন্দপতন। দিনটো আছিল ঊনৈছ শ একাশী চনৰ মাৰ্চৰ আঠাইছ তাৰিখ। বিয়লি বেলা। জলাতংক ৰোগত ভুগি‍ খইৰীয়ে তাইৰ মানৱী পিতৃ-মাতৃৰ পৰা বিদায় মাগিলে। স্নেহ বন্ধনৰ এডাল জৰী খোল খাই গল। এই ঘটনাত মর্মান্তিক আঘাত পালে বিশেষকৈ সৰোজ ৰায়চৌধুৰীয়ে। পালিতা কন্যাস্বৰূপা খইৰীৰ বিয়োগ যেন তেওঁৰ বিগলিত হৃদয়ে বহন কৰিবকে নোৱাৰিলে। আৰু এদিন সকলোকে অবাক কৰি, শোকার্ত কৰি তেওঁৰ মৰমৰ জী খইৰী গুচি যোৱা অজান্তি মুলুকলৈ তেৱোঁ গুচি গল। নীহাৰ নলিনী দেৱী যেন শোক আৰু নিঃসঙ্গতাত ঢলিয়েই পৰিব। কিন্তু তেওঁ ঢলি নপৰিল। তেওঁ সহায়-সহযোগ কৰি থাকিল অখিল মোহন পট্টনায়কক, ‘বাঘৰাণী খইৰী লিখি থাকিব লাগিব, সুন্দৰকৈ সমাপ্তও কৰিব লাগিব। কিন্তু কিছু দিনৰ পাছতে অসুখত পৰিল লেখক পট্টনায়ক। তেওঁ কৰি থকা ৰামায়ণী গ্রন্থৰ অৰ্ধসমাপ্ত কাম আৰু বাঘৰাণী খইৰী’-ৰ প্রায় শেষ হৈ অহা কাম সম্পূর্ণ কৰি তুলিবলৈ তেওঁ বৰকৈ বিচাৰিছিল। কিন্তু নাই, নহলগৈ। খইৰী আৰু ৰায়চৌধুৰীৰ পিছে পিছে গুচি গৈ সেই কৰুণ মৃত্যু-শৃংখলৰ অংশ হলগৈ এইজন প্রতিভাধৰ লেখক।

বাঘৰাণী খইৰী অসম্পূর্ণ হৈ থকাটো সহিব নোৱৰাসকলৰ ভিতৰত আছিল আমি ইতিমধ্যে উল্লেখ কৰা অসিত মহান্তি। আনসকলৰ নথকা এক সম্পদ আছিল মহান্তিৰ ওচৰত, সেয়া হল সৃষ্টিশীল প্রতিভা। তেওঁ আগ বাঢ়ি আহিল। অখিল মোহন পট্টনায়কৰ পৰিয়াল, নীহাৰ নলিনী দেৱী আৰু অন্যান্য শুভাকাংক্ষীসকলে অকুণ্ঠ সহায়ৰ হাত আগ বঢ়ালে। অখিল মোহন পট্টনায়কে নিজকে সৰোজ ৰায়চৌধুৰীৰ ৰূপত কল্পনা কৰি প্ৰথম পুৰুষত বাঘৰাণী খইৰী লিখি প্রায় সমাপ্তিৰ পথলৈ আনি আছিল। এইবাৰ অসিত মহান্তিয়ে নিজকে অখিল মোহন পট্টনায়কৰ লেখক সত্তাৰ ভিতৰত প্ৰৱেশ কৰোৱাব লগা হল। তাৰ কাৰণে তেওঁ পট্টনায়কৰ স্বকীয় লিখনশৈলী আয়ত্ত কৰি ঠিক সেই ভংগিমাৰে লিখা আৰম্ভ কৰিলে খইৰীৰ শেষৰ দিনকেইটা। নীহাৰ নলিনী দেৱীয়ে তেওঁক দিলে স্বর্গগামী ৰায়চৌধুৰীৰ সেই ডায়েৰি‍ আৰু ন’টবুক, যিবোৰ পঢ়ি পট্টনায়কৰ লিখনশৈলীত মসৃণভাৱে শেষৰখিনি লিখি খুব সোনকালেই সম্পূর্ণ কৰিলে বাঘৰাণী খইৰী’৷

চাৰি৷ অসমীয়াত বাঘৰাণী খইৰী’-ৰ জন্মকথা

মোৰ গুৰু প্ৰফেছৰ পট্টনায়কৰ সেই পুৰণি ধূলি-ধূসৰিত এল্‌বামটো আৱিষ্কাৰ কৰাৰ দিনা খইৰীৰ কলা-বগা পোহৰ ছবিখন দেখাৰে পৰা আৰু খইৰীৰ কাহিনী শুনাৰে পৰা খইৰীৰ সন্মোহনে বন্দী কৰিছিল মোক। কৌতূহলী শিশুৰ দৰে, ৰোমাঞ্চবিলাসী কিশোৰীৰ দৰে খইৰীৰ কল্পনাই মোক মোহাচ্ছন্ন কৰি ৰাখিছিল। খইৰীৰ মানৱী মাতৃ নীহাৰ নলিনী দেৱী নামৰ ইমান ব্যতিক্রমী মানুহগৰাকীক ওড়িষ্যালৈ গলে এবাৰ লগ ধৰাৰ কথাও কেতিয়াবা ভাবিছিলোঁ। কিন্তু বাঘৰাণী খইৰী’-ৰ অসমীয়া অনুবাদ কৰাৰ সাহস কৰাৰ কথা তেতিয়া ভবা নাছিলোঁ। সেই সাহস কৰাৰ সিদ্ধান্ত এদিন লৈ পেলাইছিলোঁ খইৰী নদী দেখাৰ দিনা, দূৰৈত এটা ফৰেষ্ট বাংলো, অৰণ্য আৰু খইৰী নদীৰ পটভূমি দেখাৰ দিনা।

সেইবাৰ ওড়িষ্যালৈ প্ৰথমবাৰৰ বাবে গৈছোঁ মই। উদ্দেশ্য আছিল ভুৱনেশ্বৰত ‘Eastern Regional Language Centre’-এ অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পর্যায়ৰ আলোচনাচক্ৰত গৱেষণাপত্র পাঠ কৰা। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আমি চাৰিজনে সেই আলোচনাচক্ৰত অংশগ্রহণ কৰিছিলোঁ আমাৰ বিভাগৰ মই, প্রফেছৰ পি. চি. পট্টনায়ক, প্রফেছৰ নন্দিতা বসু আৰু নৃতত্ত্ব বিভাগৰ গৱেষণাৰত ছাত্র ডেলি নেলি। সেইবাৰৰ ওড়িষ্যাযাত্রাতে এদিন কেন্দুঝৰৰ পৰা ময়ূৰভঞ্জলৈ যোৱাৰ পথত দেখিছিলোঁ খইৰী নদী। পাহাৰী নদীখন আৰু অৰণ্যৰ শ্যামলিমাৰ পটভূমিত দূৰৈত দেখিছিলোঁ এটা ফৰেষ্ট বাংলো। হঠাতে যেন আনমনা হৈ পৰিছিলঁ মই। আস্, এইখনেই তেনেহলে সেই খইৰী নদী! এইখন নদীৰে শিলিপাল অৰণ্যৰ মাজৰ কোনোবা তীৰত খড়িয়া আদিবাসীৰ লোকে পাইছিল কণমানি বাঘপোৱালি এটা। পাই ধৰি আনিছিল দুগ্ধপোষ্য সেই দুমহীয়া পোৱালিটোক আৰু এদিন সেইটো পোৱালিয়েই ডাঙৰ হৈছিল মানুহৰ মৰমৰ মাজত আৰু মৃত্যুপর্যন্ত নিদর্শন ৰাখি থৈ গৈছিল বন্যজন্তু আৰু মানৱৰ মাজত প্ৰতিষ্ঠা হব পৰা অপূৰ্ব যুগমীয়া স্নেহবন্ধনৰ৷ ভাবিছিলোঁ, শিম্‌লিপালৰ কিংবদন্তিৰ দৰে সেই বনবিষয়া সৰোজ ৰায়চৌধুৰীৰ যচ্ছিপুৰৰ ফৰেষ্ট বাংলোটো বাৰু সৌ দূৰৈত দেখা বাংলোটোৰ দৰেই নিঃসঙ্গ-সুন্দৰ আছিলনে, ত ৰাণীৰ দৰে ৰাজত্ব কৰিছিল বাঘৰাণী খইৰীয়ে?

হয়, সিইদিনাই সিদ্ধান্ত লৈছিলোঁ এটা সাহস কৰাৰ৷ বাঘৰাণী খইৰী অসমীয়ালৈ অনুবাদ কৰাৰ সাহস৷ সেই সিদ্ধান্তক সাকাৰ ৰূপ দিবলৈ প্ৰয়োজনীয় সকলো সহায়, সহযোগ আৰু উৎসাহ, অনুপ্ৰেৰণাৰ প্ৰতিশ্ৰুতিৰে মোক আগ বঢ়াই দিলে প্ৰফেছৰ পি.চি. পট্টনায়ক আৰু অসিত মহান্তিয়ে৷ লগে লগেই পৰিকল্পনাৰ প্ৰথম পদক্ষেপৰূপে অসিতদাই ডাকযোগে ওড়িষ্যাৰ পৰা পঠিয়াই দিলে বাঘৰাণী খইৰী’-খনৰ লগতে অন্যান্য প্ৰাসংগিক নথি, পুথি আদি৷ অনুবাদৰ বাবে প্ৰয়োজনীয় অনুমতি গ্ৰহণৰ ব্যৱস্থা আদিও তেৱেঁই আগ-ভাগ লৈ কৰি দিলে৷ আৰম্ভ হ বাঘৰাণী খইৰী’-ৰ অসমীয়া অনুবাদৰ কাম৷ সেই আৰম্ভণিৰ পৰা সমাপ্তিলৈ এক সুদীৰ্ঘ পৰিক্ৰমা৷ সেই পৰিক্ৰমা অতিক্ৰমি অৱশেষত এয়া বাঘিনীৰ সত্য জীৱন কাহিনী— ‘বাঘৰাণী খইৰী

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ