ড০ ভাৰত বৰুৱা
আজিৰ যুগত আমি বহু ধৰণৰ
জীনছৰ লগত পৰিচিত। নীলা জীনছ্, শেঁতা
পৰা জীনছ্, ক’লা
জীনছ্, বগা জীনছ্, ৰংচঙীয়া
জীনছ্, চেলেকা-চুবুৰীয়া
জীনছ্, ফটা
জীনছ্, কটা
জীনছ্, স্থিতিস্থাপক
জীনছ্ আৰু কত যে কি জীনছ্। আমি সাধাৰণতে
জীনছ্ বুলিলে সহজে নফটা টান গাঢ় নীলা ৰঙৰ কপাহী কাপোৰৰ বস্ত্ৰকেই বুজিছিলোঁ। এই
ধৰণৰ বস্ত্ৰক জনপ্ৰিয় ভাষাত ডেনিম জীনছ্ বুলিও কোৱা হয়। কিন্তু এই ডেনিম জীনছৰ
উৎপত্তি ক’ত জানেনে? আমাৰ ভাৰতবৰ্ষত জীনছৰ জন্ম অথবা
প্ৰচলন কেতিয়াৰ পৰা হ’ল আৰু কেনেকৈ জনপ্ৰিয় হ’ল
কেতিয়াবা ভাবি চাইছেনে? জীনছৰ এই ডেনিম শব্দটো
লোৱা হৈছে ফৰাচী ভাষাৰ “ছাৰ্জ
ডে্ নিম” মানে “নিম
চহৰৰ বস্ত্ৰ”ৰ পৰা। এই ডেনিম জীনছ্
সধাৰণত নীলা ৰঙৰ হয়, আৰু ইয়াৰ বয়নৰ সময়ত নীলা
ৰঞ্জক লগোৱা সূতাবোৰ অনুদৈৰ্ঘ্য হিচাপে
আৰু বগা সূতা অনুপ্ৰস্থ হিচাপে ৰখা হয়। তাৰ ফলত কাপোৰখনৰ পৃষ্ঠত চুকিয়া-চুকি গঠন
এটাৰ সৃষ্টি হয়, ইয়েই ডেনিম জীনছক
এক সুকীয়া বয়ন ঠাঁচ দিয়ে। পিছে ডেনিমৰ
উত্তৰসূৰী “ডুঙ্গৰি” ভাৰতবৰ্ষত
কেইবাশ বছৰৰ পূৰ্বৰপৰাই উৎপাদিত হৈ আহিছে। এই ধৰণৰ বস্ত্ৰ সাধাৰণতে ঠেঙা বা
ট্ৰাউজাৰ, চন্দ্ৰতাপ, গৃহসজ্জাৰ
সামগ্ৰী আদিত ব্যৱহাৰ হৈ আহিছে। এই বস্ত্ৰৰ পৰা
তৈয়াৰী হোৱা পোছাক কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ প্ৰতীক আৰু যুৱ বিপ্লৱৰ অভিব্যক্তি।
ডেনিমৰ ইতিহাস খুঁচৰিলে পোৱা যায় যে, আমেৰিকাৰ লেভি ষ্ট্ৰছ্ এণ্ড কোম্পানীৰ
প্ৰতিষ্ঠাপক পিতৃ লেভি ষ্ট্ৰছে ডেনিম জীনছৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান
আগবঢ়ায়। ১৮২৯ চনত তেওঁৰ জাৰ্মানীত জন্ম হৈছিল যদিও তেওঁ ১৮৪৭ চনত নিউয়ৰ্ক চহৰলৈ আহি
যুটীয়াভাৱে শুকান বস্তুৰ পাইকাৰী ব্যৱসায় আৰাম্ভ কৰে। ১৮৫৩ চনত তেওঁ নিজাকৈ শুকান বস্তুৰ পাইকাৰী
ব্যৱসায় কৰাৰ মানসেৰে ছানফ্ৰাঞ্চিস্কো চহৰ পায়গৈ, আৰু তাতে লেভি ষ্ট্ৰছ এণ্ড্ কোম্পানী প্ৰতিষ্ঠা
কৰে। তেওঁৰ কোম্পানীয়ে এক শতিকাৰো অধিক কাল ধৰি জীনছৰ বজাৰ দখল কৰি আছে। অৱশেষত লেভি ষ্ট্ৰছ নামটো
নীলা বা ডেনিম জীনছৰ সমাৰ্থক হৈ পৰিল। ১৮৭৩ চনত লেভি ষ্ট্ৰছ্ আৰু জেকব ডেভিচে “কোৱালিটি ডেনিম” আৰু পেটেণ্ট্ কৰা তামৰ পিনৰ মজবুতিকৰণেৰে প্ৰথম লেভিছ জীনছৰ সৃষ্টি কৰে।
সেয়া আছিল জীনছৰ আৰম্ভণিৰ কথা। এতিয়া আহোঁ জনপ্ৰিয়তাৰ
দৌৰ আৰু ধুন-পেচ অথবা পাঁয়তাৰা মৰা দিশলৈ। ধুন-পেচ বা ফেশ্বন চিৰবিকশিত আৰু সেইটোৱেই
হৈছে ইয়াৰ আটাইতকৈ মনোৰম দিশ। এক কথাত ধুন-পেচেই এই মানৱী জীৱনক ৰংচঙীয়া কৰি
ৰাখে আৰু ধুন-পেচ অৱিহনে জীৱন কুন্ধচ। ঘাইকৈ কয়লাৰ খনিত কাম কৰা শ্ৰমিকসকলৰ মাজত মজবুত বয়নৰ বাবেই
আমেৰিকাত জীনছৰ ঠেঙাৰ বহুল প্ৰচলন আছিল। আধুনিক জীনছৰ জনপ্ৰিয়তা বাঢ়ে ১৯৫০ চনত, হলিউডৰ নায়ক মাৰ্লন ব্ৰেণ্ডো আৰু জেমছ ডীনে ক্ৰমে “ডি ৱাইল্ড ৱান” আৰু “ৰেৱেল উইডাওথ এ ক’জ”
নামৰ কথাছবি দুখনত ডেনিম জীনছ্ পৰিধান কৰি এটি ধাৰাৰ সৃষ্টি কৰাৰ
পাছৰ পৰা। এয়াই আছিল হয়তো ধুন-পেচৰ জগতত জীনছৰ প্ৰথম প্ৰৱেশ আৰু লাহে লাহে জীনছ্
কিশোৰসকলৰ মাজত বিপ্লৱৰ প্ৰতীক হৈ উঠিল। যোৱা শতিকাৰ ষষ্ঠ দশকত জীনছ্ আমেৰিকান যুৱ
প্ৰজন্মৰ এৰাব নোৱৰা লগৰী হৈ পৰে। এতিয়া আহোঁ ভাৰতবৰ্ষৰ বুকুলৈ। ভৰতত ধুন-পেচ বা
ফেশ্বনৰ কথা ক’বলৈ গ’লে বলিউডৰ কথা প্ৰথমেই মনলৈ
আহে। কাৰো কাৰোৰ বাবে অপ্ৰিয় হ’লেও বলিউড হৈছে ধুন-পেচৰ ট্ৰেণ্ডছেটাৰ বা ভাগ্যবিধাতা। ১৯৭০
চনৰ পৰাই ভাৰতীয় চিনেমাৰ জগতখন প্ৰবলভাৱে বিৱৰ্তিত হৈ আহিছে। ধুন-পেচ আৰু বলিউড
এটাই আনটোৰ ওপৰত প্ৰভাৱ পেলাই আহিছে। এই দশকটোৰ পৰাই ভৰতীয় সাজ-পোছাকত বহু
ধৰণৰ সাল-সলনি দেখা গ’ল, পুৰুষ আৰু তিৰোতা দুয়োধৰণৰ পোছাক, পোছাকত বিভিন্ন ৰকমৰ ৰঙৰ সমাহাৰ, শৈলীৰ পৰিৱৰ্তন, কেশবিন্যাসৰ সলনি ইত্যাদি ইত্যাদি। সেই দশকৰ বহু
কেইখন জনপ্ৰিয় কথাছবিত নায়ক-নায়িকাসকলে পৰিধান কৰা ডেনিম জীনছে কম-বেছি পৰিমাণে ইয়াকেই দৰ্শালে যে
চৰিত্ৰটোৱে এক নতুন অস্তিত্বৰ অন্বেষণ কৰিব বিচাৰিছে। যি সময়ত মূলসূঁতিৰ
কথাছবিসমূহৰ লক্ষণ তথা বিষয়বস্তু এনে এটা দিশলৈ গতি কৰিবলৈ ল’লে য’ত অভিকেন্দ্ৰ হৈছে নিম্নবৰ্গৰ নায়ক আৰু সেই নায়কে সমাজৰ নিচলা শ্ৰেণীক
শোষণ কৰা ধনীক শ্ৰেণীৰ বিৰোধ কৰা আৰু ন্যায়ৰ প্ৰতিষ্ঠা কৰা, প্ৰেম-পীৰিতিৰ পৰা বহু নিলগত, বলিউডত জীনছৰ আগমন সেই সময়তেই ঘটিবলৈ আৰম্ভ
কৰিলে। এয়া হয়তো কোনো সমস্থানিক কথা নাছিল। অৱশেষত নৱম আৰু
শেষ দশকত ভোগবাদে ভাৰতীয় জনতাৰ আগত প্ৰস্তুত কৰি লোৱা অথবা ৰেডিমেড ডেনিম পিন্ধাৰ
চিন্তা মুকলি কৰি দিলে। পাছত যেতিয়া ভাৰতীয়সকল ৱাই-২-কেৰ শংকাৰ পৰা মুক্ত হ’ল তেতিয়াৰ পৰা আজিৰ
সময়লৈকে ডেনিমাইজেশ্বনে পুৰুষ-মহিলা নিৰ্বিশেষে সকলোৰে সাজ-পোছাকৰ আলমাৰী ভৰাই ৰাখিছে।
ভাৰতবৰ্ষত ডেনিম কাপোৰ-কানিৰ বিকাশক আগুৱাই লৈ
যোৱাত সহায়ক হ’ল ডেনিম জীনচ্ক দিয়া বৰ্ধিত স্বীকৃতি। এই
স্বীকৃতি মূলতঃ আহিছিল মেট্ৰ’ চহৰৰ পৰা কিছু আঁতৰৰ চহৰ আৰু মিনি মেট্ৰ’ চহৰৰ যুৱ শ্ৰেণীটোৰ পৰা।
এই শ্ৰেণীটোৱে ডেনিমক এনেকুৱাকৈ তেওঁলোকৰ কাপোৰ কানিৰ কেন্দ্ৰত স্থান দিলে যে নিত্য-নৈমিত্তিক
সকলো কামত ডেনিম পিন্ধা আৰম্ভ কৰিলে। সাধাৰণত সৰু চহৰৰ যিসকল মহিলাই পশ্চিমীয়া
পোছাক পিন্ধিবলৈ অস্বস্তিবোধ কৰিছিল তেওঁলোকেও হঠাৎ ডেনিম জীনছৰ ঠেঙা চুটি কুৰ্টিৰ
লগত পিন্ধি গৌৰৱবোধ কৰিবলৈ ল’লে। লাহে লাহে মাজ বয়সীয়া
মহিলায়ো ডেনিম জীনছক তেওঁলোকৰ ধুন-পেচৰ অংগ হিচাপে লৈ পৰীক্ষা নিৰীক্ষা চলোৱাত
লাগিল। ইতিমধ্যে সামাজিক-মাধ্যমৰ প্ৰকোপত অন্য সাজ-পোছাকৰ আলেঙে-আলেঙে এই ডেনিম জীনছ
গাঁও-মফচললৈকো বিয়পিলে। সেই ফালৰ পৰা চাবলৈ গ’লে ভাৰতবৰ্ষ ডেনিম জীনছৰ এক বিশাল বজাৰত
পৰিণত হ’লগৈ। এই বজাৰৰ প্ৰায় ৮৫% নিয়ন্ত্ৰণ কৰে পুৰুষে, ১৫% অৰিহণা যোগায়
মহিলাৰ পোছাকে আৰু বাকী থকা ৫% অৱদান যোগায় শিশুৰ সাজ-পোছাকে।
তত্ত্ববিদসকলৰ ধাৰণা যে বলিউডত এক্সন-ধৰ্মী কথাছবি আৰু এক্সন-নায়কৰ উত্থানে ভাৰতীয় সমাজত ডেনিম জীনছৰ স্বীকৃতি বৰ্ধনত বহুল ভাবে সহায় কৰিছে। এই এক্সন-নায়কসকলৰ ভিতৰৰত অমিতাভ বচ্ছনৰ নাম লেখত ল’বলগীয়া। ১৯৭৩ চনৰ “জঞ্জীৰ” কথাছবিত বচ্ছনক পোন প্ৰথমবাৰৰ বাবে ডেনিম জীনছৰ ছাৰ্ট-পেণ্ট্ পৰিধান কৰা দেখা যায়। এই কথাছবিয়ে ব্যৱসায়িক সাফল্য অৰ্জন কৰে আৰু বচ্ছনক পীড়িত শ্ৰেণীৰ ত্ৰাণকৰ্তা হিচাপে দশৰ্কে গ্ৰহণ কৰে। তেতিয়াৰপৰাই সামাজিক স্থিতাৱস্থাবিৰোধী “খঙাল যুৱ-পুৰুষ” ৰূপে অমিতাভ বচ্ছনৰ ভাবমূৰ্তি গঢ় লৈ উঠে। অৱশ্যে তেতিয়াও প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰূপালী পৰ্দাত দেখা দিয়া ডেনিম জীনছে জনমানসত সিমান গাঢ় সাঁচ বহুৱাব পৰা নাছিল। সেই ১৯৭৩ চনতে “ববী” কথাছবিত ডিম্পল কাপাডিয়ায়ো এটি ফুটফুটীয়া টপৰ লগত ডেনিমৰ মিনি স্কাৰ্ট পৰিধান কৰা দেখা গৈছিল যদিও এই কথাছবিয়েও মহিলাৰ ধুন-পেচৰ বজাৰখন ব্যাপক ধৰণে সলাব পৰা নাছিল। পিছে এই দুয়োখন কথাছবিয়েই ভাৰতবৰ্ষৰ বজাৰত ডেনিম জীনছৰ সূত্ৰপাত নিশ্চয় কৰিছিল। ইয়াৰ পাছত ১৯৭৫ চনত “শ্ব’লে” কথাছবিত ধৰ্মেন্দ্ৰই ডেনিম জেকেট আৰু জীনছ্ পেণ্ট্ পৰিধান কৰি তুচ্ছ অপৰাধীৰ ভূমিকা লৈছিল আৰু ঘটনাক্ৰমে শেষত গৈ সাধাৰণ জনতাক দুষ্টৰ অত্যাচাৰৰ পৰা মুক্তি দিয়া নায়কৰূপে ঠিয় দিছিল। শ্ব’লে ছবিৰ ভেটা-ভঙা সফলতাৰ পাছত আৰু নায়কৰ মায়াজালেৰে মোহিত গুণগ্ৰাহীসকলে হয়তো নিজৰ দৰ্জীক তেনে ধৰণৰ জেকেট চিলাই দিবলৈ দিলে আৰু যাৰ সুযোগ তথা সামৰ্থ আছিল তেওঁলোকে অঙহী-বঙহীক বিদেশৰ পৰা ডেনিম আনি দিবলৈ খাটনি জুৰিলে। এই একেখন ছবিতেই অমিতাভ চৰিত্ৰটোৱেও এক ধৰণৰ শেঁতা পৰা জীনছৰ পেণ্ট্ আৰু ছাৰ্ট পৰিধান কৰিছিল যদিও সেইটোৰ প্ৰতি জনগণ সিমান আকৰ্ষিত নহ’ল। সম্ভৱত ডেনিম জীনছ্ মানে সেই যুগত গাঢ় নীলা ৰঙটোৱেহে জন মানসত বেছিকৈ সাঁচ বহুৱাইছিল। আনহাতে সেই সময়ত নৱাগত অমিতাভ বচ্ছন ইতিমধ্যে প্ৰতিষ্ঠিত ধৰ্মেন্দ্ৰৰ সমান জনপ্ৰিয়ও নাছিল। পাছলৈ অৱশ্যে এই শেঁতা পৰা জীনছৰ আদৰো বহু পৰিমাণে বাঢ়িছিল। সেই একেই বছৰতে মুক্তি লাভ কৰা “দীৱাৰ” ছবিত সাধাৰণ মজদুৰৰ ভূমিকাত অভিনয় কৰা অমিতাভে কঁকালত গাঁঠি মৰা ডেনিম জীনছৰ ছাৰ্ট পৰিধান কৰিছিল। এই ছবিৰ অভিনয়েই পূৰ্বতে গঢ় লোৱা অমিতাভ বচ্ছনৰ প্ৰকৃত পীড়িত শ্ৰেণীৰ ত্ৰাণকৰ্তা, “খঙাল যুৱ-পুৰুষ”-ৰ ভাবমূৰ্তিটো ৰূপালী পৰ্দাৰ পৰা সংক্ৰমিত হৈ দৰ্শকৰ হৃদয়ত চিৰদিনৰ বাবে খোদিত হৈ ৰ’ল। ইয়াৰ লগে লগে বলিউডত ডেনিম জীনছৰ খোপনিও সুদৃঢ় হৈ পৰিল। কথাছবিৰ ধুন-পেচৰ ৰূপাঙ্কৰসকলেও ছবিৰ কাহিনী আৰু নায়ক-নায়িকাৰ লগত খাপ খোৱাকৈ ডেনিম জীনছৰ পোছাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত দক্ষতা আৰু উদ্ভাৱনী ক্ষমতা দেখুৱাই থাকিল আৰু বৰ্তমানেও সেইেটা ধাৰা চলি আছে। ধুন-পেচৰ গৱেষকসকলৰ মত অনুসৰি, সেই সত্তৰৰ দশকৰ পৰাই ডেনিম জীনছে বলিউডৰ নায়ক-নায়িকাৰ আলমাৰী ভৰাই ৰাখিছে। শেঁতা পৰা জীনছ অৱশ্যে আহে আৰু যায়, কিন্তু সেই ৰহস্যময় গাঢ় নীলা ডেনিম জীনছৰ ওপৰত সাজ-পোছাকৰ বহুৰূপী অন্বেষণ ঘটিল, ঘটি আছে, আৰু আগলৈও ঘটি থাকিব। গাঢ় নীলা ডেনিম জীনছৰ বৈশিষ্ট্যই সৃষ্টিশীল ৰূপাঙ্কৰসকলক সততে প্ৰলোভিত কৰে আৰু হয়তো ন ন অভিনৱ বেশভূষা সৃষ্টি কৰাৰ প্ৰতি অনুপ্ৰাণিত কৰে।