অন্যযুগ/


জীৱন বাটৰ কেঁকুৰি

 প্ৰতীক্ষা প্ৰিয়ম

বিজয়া দশমীৰ সন্ধ‍্যা। দেৱীক স্বামীগৃহলৈ পঠিয়াই মাতৃসম ধৰাতলে ক্লান্তিত জোবোৰা মাৰিছে। সুদীৰ্ঘ চাৰি দিন ধৰি দেৱীৰ আৰাধনা চলিল, ‘মা’য়ে বছৰটোলৈ বুলি আশিস বৰষি থকাৰ আশাৰে সহস্ৰ মূৰ দোঁ খাই থাকিল। অহাবছৰ আকৌ আহিব ‘মা’, আমি বাট চাই থাকিম - বুলি চিঁঞৰি উঠা অশ্ৰুশিক্ত জলমল চকুবোৰলৈ আঁতৰৰ পৰা চাই থাকি নীলনয়নাই পাণদোকানৰ এচুকত ৰৈ চিগাৰেট এটা জ্বলাই ললে।

নীলনয়নাৰ গাত ৰঙা পাৰিৰ জামদানী শাৰী। শাৰীখনৰ অ’ত ত’ত সুস্পষ্ট সেন্দূৰৰ দাগ। তাইৰ সুগোল মুখমণ্ডলতো সেন্দূৰ খেলাৰ অৱশিষ্ট দুপৰীয়া ৰ’দৰ পোহৰত তাই সেন্দূৰীয়া মুখখনৰ সতে জবা ফুলপাহৰ দৰে জিলিকিছিল। এতিয়া বাকী ৰোৱা পোহৰবোৰ দেৱী প্ৰতিমাৰ দিশে আঁতৰি গৈছে, প্ৰতিমা বিসৰ্জনৰ পিছতে ঘৰাঘৰি উলটিব আৰু মাইকী মানুহবোৰে নিজৰ সেন্দূৰীয়া মুখবোৰ ধুই অৱসাদ আৰু নৈৰাশ‍্যৰ পাৰাপাৰ দুনীয়াত নিজকে ফুচুলাই ফুচুলাই কটাই দিয়াৰ বন্দোৱস্ত কৰিব।

“ধুৰৰ। চৱ মাইকী মানুহৰ লাইফ যে মই ভবাৰ দৰে ডিপ্ৰেচিং নহয় আৰু।” - বুলি ভোৰভোৰাই নীলনয়নাই অলপ পৰৰ কাৰণে মনটো কিবা কৰি অনৰ্থক চিন্তাৰ পৰা আঁতৰাই ৰাখিব পৰা যায় নেকি তাৰেই বিফল প্ৰচেষ্টা এটা চলাই থাকিল। তাইৰ মনলৈ আহিল এই চিগাৰেট পোৰাৰ নিয়মটো যদি গিৰীয়েকৰ ঘৰৰ কোনোবাই ধৰা পেলাই দিয়ে কথা বিষম হ’ব। যি ৰূপে-গুণে সৰ্বগুণসম্পন্না লক্ষী বোৱাৰীৰ ভেশ ধৰি তাই স্বামীগৃহ প্ৰৱেশ কৰিছিল সেই ৰূপটো অন্ততঃ ইমানখিনিলৈ ম্লান পৰা গম পালে শহুৰ শাহু দুয়ো মিলি চোবাই পেলাব। আধাপোৰা চিগাৰেটটো সোঁভৰিৰে মোহাৰ এটা মাৰি তাই দোকানীক চুইংগাম এটা খুজিলে। এই ঠাইকণ ভাল। ঘৰৰ ফালৰ মানুহ সতকাই এইফালে নাহে। তাতে আজি সকলো দেৱী বিসৰ্জনত ব‍্যস্ত।

নীলনয়নাই খোজ দিলে। সন্ধিয়াটো ভাবিব নোৱৰাকৈ গধুৰ, বোকোচাত উঠি ভৰ দি যেন ধৰাশায়ী কৰি পেলাব তাইক, খোজবোৰো থৰক বৰক হৈছে। দিনটো লৰা-ঢপৰা কৰি ভাগৰ, তাতে অস্থিৰতা। তাই ঘৰলৈ নগৈ উকা পূজাথলীলৈকে ঘূৰি গ’ল। পূজাৰ বেদী শূন্য, কোনে ক’ব অলপ আগলৈকে ইয়াতে মাটিৰ প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰি মানৱীৰূপী দেৱীৰ আৰাধনা চলিছিল। ধূপ, ধূনা, নৈবেদ‍্যৰে উপচি পৰিছিল দেৱীৰ চৰণ, শ শ ভক্তই ‘মা’ৰ দৰ্শনৰ হেতু দলদোপ হেন্দোলদোপ কৰি ৰাখিছিল পূজাৰ থলী।

নীলনয়নাৰ চকুযুৰি সেমেকি উঠিল।

আজি মণ্ডপত তাই সাগৰক দেখিছিল। দুবছৰীয়া পুত্ৰ সন্তানক লগত লৈ সি দেৱীৰ আগত আঁঠু লৈ মূৰ দোঁৱাই সেৱা কৰিছিল। সন্তানক হাতযোৰ কৰি নমো কৰিবলৈ উপদেশ দিছিল। তেতিয়াহে হেনো দেৱী মায়ে তাক আখৰ শিকিবলৈ শক্তি দিব, এদিন স্কুললৈ যাব পৰাকৈ ডাঙৰ-দীঘল কৰিব। সেন্দূৰ খেলাৰ ঠিক আগে আগে সিহঁতৰ পৰস্পৰৰ চকুত চকু পৰিছিল আৰু কিছু সময়ৰ বাবে ভৰিৰ খোপনি হেৰাইছিল নীলনয়নাৰ। তাইক দেখি সি থতমত খাইছিল যদিও পৰিৱেশটো সহজ কৰিবলৈকে সুধিছিল - “অ’ ভালে আছা?”

ভালে আছেনে নীলনয়না ? দেখিলেতো সকলোৱে আছে বুলিয়েই ক’ব। সুন্দৰ স্বাস্থ‍্য, স্বৰ্ণ অলংকাৰ, দামী কাপোৰেৰে সুশোভিতা অভিজাত ঘৰৰ বোৱাৰী নীলনয়না কিয় ভালে নাথাকিব ? তাই সম্ভ্ৰমেৰে হাঁহি মাৰি উত্তৰ দিছিল - “ভাল” আৰু সেইখিনিৰপৰা আঁতৰি আহিছিল। সাগৰে কি ভাবিছিল কোৱা টান কিন্তু পেটে পেটে প্ৰচণ্ড খং উঠিছিল নীলনয়নাৰ। তাৰ দৰে মানুহবোৰে দেৱীৰ আগত মূৰ দোঁৱাই ধূপ-ধূনা জ্বলাই থকা দেখিলে বছৰি বছৰি দেৱীক আৰাধনা কৰা প্ৰথাটোকে উফৰাই পঠিয়াবলৈ মন যায় তাইৰ।

চাৰি বছৰৰ আগতে চি. চি. ডিখনত সকলোৰে আগতে তাইৰ জিন্সে আৱৰা নিতম্বত দুথাপৰ মাৰি লৈ কঁকালত খামুচি ধৰি নোকোৱাহলে- “মোৰ মুড অফ নকৰিবা, নহ’লে কথা বেয়া হ’ব।” বুলি নীলনয়নাক নতুন এখন নৰক সাগৰেই দেখুৱাই থাকিলহেঁতেন। পিছে নহ’ল, পলাই সাৰিবলৈ সক্ষম হৈছিল তাই। পলাই আহি ভাবিছিল, ৰৌ ৰৌ নৰক এখনৰ পৰা উদ্ধাৰ পালে তাই। 

পূজাথলীৰ খালি চকী এখনত বহি তাই ভাগৰত চকুহাল মুদি দিলে। এপলকৰ বাবেও চকু মেলি থকাৰ ইচ্ছা নাছিল তাইৰ, যেন ইয়াতে পাৰ কৰি দিব ওৰে ৰাতি। তাৰোপৰি বিজয়া দশমীৰ এই শূন্যতা, বুজাই হে বুজে।

- “নীলা। শুলাই নেকি?”

অলপ আগলৈকে দূৰণিৰ পৰা ৰিণি ৰিণি ভাঁহি অহা মানুহৰ ওখ-চাপৰ মাতবোৰ দেখোন নোহোৱা হৈ গৈছে। গাড়ী-মটৰ, গছৰ পাতত বতাহৰ হোহোৱনি, চৰাই-চিৰিকটি, একোৰে কেট-কুট নাই।

নীলনয়নাৰ চকু জলক-তবক লাগিল। শাৰী পৰিহিতা, উজ্জ্বল স্বৰ্ণালংকাৰ, হাত-ভৰিৰ আঙুলিত তেজোদ্দীপ্ত আলতা আৰু শিৰত দীঘল সেন্দূৰৰ ৰেঘা সুশোভিতা কোন এয়া ?

- “চিনি পোৱা নাই ? মই আক’ দুৰ্গা।”

- “আমাৰ দুৰ্গা মা ? আপুনি নগ’ল নেকি? আমিতো উটুৱাই দিছিলোঁ।”

- “এই যাৱেঁই আৰু। যোৱাৰ আগতে ভাবিলোঁ তোমাক এবাৰ দেখা কৰি যাওঁ।” - বুলি কৈ তাইৰ কাষৰ চকীখনতে থমথমকৈ বহি ললে তেওঁ।

সপোন নে দিঠক ? নীলনয়নাই নাজানে। ভাবি চোৱাৰ প্ৰয়োজনবোধো কৰা নাই। তাইৰ কাষত আহি ৰোৱাগৰাকী হাজাৰ লোকৰ আৰাধ‍্যা দেৱী মা দুৰ্গা। তাই দেৱীৰ মুখলৈ চালে, সন্ধিয়াটোত বাকী ৰৈ যোৱা শেষটুপি পোহৰ যেন তেওঁৰ মুখতে আহি থূপ খাইছেহি। জগত যদিও দেৱী-বিসৰ্জনৰ শোকত লিপ্ত, দেৱী মাৰ চৌপাশ কিন্তু উদ্দীপ্ত। এই পোহৰৰ দীপ্তিত হেনোঁ সকলো জৰা-ব‍্যাধি, দুখ-দুৰ্গতি দূৰ হয়। সহজ হৈছিল তাই সেই পোহৰৰ সান্নিধ্যত, দিনটোৱে জাপি দিয়া ছাপসমূহ যেন লঘূ হৈ পৰিছিল।

- “দেৱী মা, সকলো ভক্তৰে পূজা আপুনি গ্ৰহণ কৰেনে ?”

- “সাধাৰণতে কৰিবলগীয়াত পৰোঁ।”

- “আপোনাক কিন্তু বেছ খীৰায়।” - কৈয়েই অণ্ঠ-কণ্ঠ শুকাই গ’ল নীলনয়নাৰ। স্বয়ং দেৱীৰ সন্মুখত তেওঁৰ ভক্তসকলৰ কথা এইবুলি কৈ দিলে, এতিয়া দেৱীয়ে কি মূৰ্তি ধৰে ঠিক নাই।

পিছে হাঁহি এটা মাৰি দেৱীয়ে ক’লে - “অঁ, খীৰায়। মই কিন্তু কেৱল খীৰাই থকাসকলক আশীৰ্বাদ নিদিওঁ। তেওঁলোকে ভাবে, বছৰৰ বিশেষ দিন এটাত মোৰ চৰণত আহি পৰিলেহিয়েই সাত খুন মাফ। তেনে লোক স্বাৰ্থপৰ। ভুকুতে কলটো পকিব বুলি ধৰি লয়।”

- “তাকেই। হিপ’ক্ৰীচিৰো এটা সীমা থাকে।”

এইবাৰ তাই পোনে পোনে দেৱীৰ চকুলৈ চালে। পদুমৰ পাহি আকৃতিৰ চকু দেৱীৰ, প্ৰগাঢ় অথচ  মমতাময়ী দৃষ্টি। দেৱীয়েও তাইলৈকে চাই আছিল।

- “মোৰ বিষয়ে আপুনি কি ভাবে ? আপোনাক ময়োতো পূজা দিছিলোঁ। মই বিচাৰোঁ পৃথিৱীৰ বুকুৰ পৰা এই সহস্ৰ মুখাধাৰী হিপ’ক্ৰীটসোপা নিপাত যাওক। মোৰ প্ৰাৰ্থনাৰ কি হ’ব ?”

- “হিপ’ক্ৰীটবোৰতকৈও হিপ’ক্ৰীচি নিপাত যোৱাটো বেছি সমীচিন হ’ব নেকি?”

- “আপুনি আশাবাদী। অগণন দানৱে যে ভক্তৰ বেশ ধৰি আপোনাৰ নাম লৈ, পূজা-অৰ্চনা কৰি থাকে সিহঁতৰ আচল ৰূপটো জানো আপুনি দেখা নাই ? আপুনিতো নাৰী, প্ৰকৃতি, আপোনাৰ সন্মানত আঘাত নালাগে ?”

- ‘মোৰ ভক্তসকলক লৈ মই খুব আশাবাদী নীলা। তেওঁলোকৰ কেতিয়াবা মতিভ্ৰম হয়, বিভিন্ন জৈৱিক তাড়ণাৰ বলি হৈ বিচাৰ বুদ্ধি নোহোৱা কাম কিছুমান কৰি পেলায়, নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ঘোষণা কৰি সত‍্যৰ পৰা পলাই ফুৰে, সত‍্যক ভয় কৰে আচলতে। সেই ভয়ৰ আলম লৈ তেওঁলোকে নিয়ম কিছুমান ধাৰ্য‍্ কৰে, সেই নিয়মৰ মতে নহ’লেই যেন সকলো শেষ, দেশত অনিয়ম বিৰাজমান। তেতিয়া তেওঁলোকৰ অহংকাৰ হয়, সেই অহমিকাবোধ হৈ উঠে তেওঁলোকৰ শক্তি, যেন এখন তৰোৱাল। এই তৰোৱাৰ ইতিহাস পুৰণি, সেইবাবে বলপূৰ্বক তৰ্জন-গৰ্জন কৰি সকলোকে হৰুৱাব খোজে। কিন্তু তৰোৱাল সদায় চলাই থাকিব পৰাকৈ বল-বিক্ৰম গাত অটুট নাথাকে, তেতিয়া সেই তৰোৱালখন অকামিলা হৈ পৰি ৰয়। তেওঁ ভাবে, তৰোৱালখন আছে, ঘূৰাওঁ। কিন্তু নোৱাৰে। সময়ে তেওঁৰপৰা সেই অহংকাৰটোৰ বাহিৰে সকলো কাঢ়ি নিয়ে। আৰু আমাৰ সমাজ ব‍্যৱস্থাই যুগ যুগ ধৰি জাপি দিয়া বিশ্বাস আৰু চিন্তাখিনি ধৰাঁ এখন ঢাল। এহাতে ঢাল, আনহাতে তৰোৱাল। ঢালখনে নিজকে শতৰুৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে, সেই ঢালৰ আঁৰত লুকাই থকাসকলে নিৰাপদ অনুভৱ কৰে, কিন্তু তাৰ আঁৰত  ৰৈ বাহিৰৰ পৰা অহা সকলোবোৰ শতৰু বুলি ভাবি থাকোতেই কোন তলকত মিত্ৰ ৰূপী কাৰকসমূহো ঢালত খুন্দা খাই আঁতৰি গুচি যায় গম ল’ব নোৱাৰে। সেইবাবে সময় সাপেক্ষে ঢালখন আঁতৰাই বাহিৰৰ ৰেহ ৰূপবোৰো চিনি জানি লোৱা ভাল। নহ’লে ঢাল এখন ওফৰাই পেলাবলৈ বিপৰীত পক্ষৰ পৰা অহা প্ৰচণ্ড শক্তিৰ বাহিৰে লাগেনো কি ?”

- “ঢালখনক ওফৰাই পঠিয়াবলৈ বাৰু সময় লাগিব। তাৰ আঁৰত থকাসকলে যুগ যুগ ধৰি ভৰণ-পোষণ দি অহা চিন্তাধাৰাৰে ভাল গোড়া ঢাল এখনেই তৈয়াৰ কৰি পেলাইছে। কিন্তু আমাৰ কি হ’ব? আমাৰ কণ্ঠক পদে পদে ৰুদ্ধ কৰাৰ পৰিকল্পনাবোৰ বিফল কেতিয়া হ’ব?”

- “আচলতে কি জানা ? বিপৰীত পক্ষক সপ্ৰতিভ দেখি অহংকাৰ নিৰাপত্তাহীনতাত ভুগিছে। এয়া মাথোঁ সিহঁতৰ অহংকাৰ আৰু চিন্তাধাৰাক অক্ষুণ্ণ ৰখাৰ কছৰৎ বুলি ধৰি লোৱাঁ। এদিন ইয়াৰ দৰ্পচূৰ্ণ হ’ব, সেই দিনটোলৈ ময়ো বাট চাম।”

নীলনয়নাই বুজে যে ‘ৰিফৰ্ম’ হ’বলৈ সময় লাগে, সিহঁতৰ কথাবোৰ এতিয়াও চালুকীয়া অৱস্থাতে আছে। সৌ তাহানিখনতে ঈশ্বৰচন্দ্ৰ বিদ‍্যাসাগৰে ‘বিধৱা’সকলৰ পুনৰ্বিবাহৰ সপক্ষে মাত মাতিছিল, তেতিয়াৰ পৰা আজিলৈ প্ৰায় ডেৰশ বছৰৰ ব‍্যৱধান। আজিও আমাৰ সমাজত ‘বিধৱা’ এগৰাকীয়ে পুনৰ্বিবাহ কৰিব বিচাৰিলে মানুহৰ চকু পোনপ্ৰথমে গৈ কপালত উঠে। সতীদাহ প্ৰথা আৰু বাল‍্যবিবাহক যেতিয়া সমূলঞ্চে উচন কৰাৰ কথা কোৱা হৈছিল বংগৰ একাংশ উচ্চবংশৰ হিন্দু পৰিয়ালৰ লোকে ৰাজা ৰামমোহন ৰয়ক দেখিব নোৱৰা হৈছিল। গতিকে এই প্ৰক্ৰিয়া দীৰ্ঘকালীন, অসংখ‍্য সংঘাতেৰে পৰিপূৰ্ণ।

এই জনমত ‘ৰিফৰ্ম’বোৰ দেখিবলৈ পাব জানো ? প্ৰক্ৰিয়াটো যিহেতু দীঘলীয়া। দেৱীয়ে দেখিব, তেওঁতো মানৱী নহয়। এৰা, আপেক্ষিক সময়। দেৱ-দেৱীৰ বাবে যি নিৰ্ধাৰিত সময় সেয়া মানুহৰ সৈতে একে কেনেকৈ হ’ব ? সৰ্বসাধাৰণ মানুহে এইবোৰ লং টাৰ্ম অকাৰেঞ্চৰ ভু ক’ত পাব ?

মণ্ডপ এৰি দুয়ো চহৰৰ পৰা আঁতৰলৈ যোৱা ৰাস্তা এটা ল’লে। পথৰুৱা ৰাস্তা। তাই দেৱীলৈ চালে। তেওঁৰ চকু সেমেকা, ষ্ট্ৰীট লাইটৰ পোহৰত উজলি উঠা অশ্ৰু, যেন দুটা বৰ্ষাকালৰ ভৰুণ পুখুৰী। তেওঁ নীলনয়নাৰ মূৰত হাত ফুৰাই দিয়ে। নীলনয়নাই পেটে পেটে ভাবে - মনুষ‍্য জীৱনৰ পৰা মুক্তি পালেহে কিজানি তাই সমস‍্যাবোৰৰ সমাধান পাব। জীৱন নহয় যেন হলাহল বিষ।

পথাৰৰ মাজৰ সৰু আলি এটাইদি জোনাকী পৰুৱাৰ জাকবোৰ ফালি দুয়ো আগবাঢ়ে। এইখন এখন গাওঁ। চহৰকেন্দ্ৰিক কোলাহল, বকুলৰ তল এৰি বহুতদূৰ আগুৱাই আহিছে সিহঁত। গাওঁখনৰ জনবসতি সেৰেঙা, সুবিস্তৃত পথাৰখনৰ ইপাৰে কিছুমান সৰু সৰু জুপুৰী। জুপুৰীৰ ভিতৰৰ পৰা ঢিমিক-ঢামাককৈ জ্বলি ৰোৱা পোহৰৰ গচাবোৰ আকাশৰ তৰাৰ সৈতে মিলি গৈছে যেন। হেৰাই গৈছিল নীলনয়না কিছু পৰলৈ। পাহৰি গৈছিল যে লগত আছে দেৱী। ইমানদূৰ বাট একেলগে অতিক্ৰম কৰি তেওঁক দেৱী যেন নলগা হৈছিল, যেন কোনোবা পুৰণি বান্ধৱী এগৰাকীহে, বহুত বছৰৰ মূৰত লগ ধৰিবলৈ আহিছে। ৰিব ৰিব মলয়া বলিছিল। কাৰোবাৰ ঘৰত শেৱালি ফুলিছে, ক’ৰবাৰ পৰা বতাহে কঢ়িয়াই আনিছে বনৰীয়া গছ পাতৰ মিশ্ৰিত গোন্ধ। কিমান দিন যে হ’ল এই আদিম গোন্ধ বুকু ভৰাই উজাই নোলোৱা। কিমান দিন যে মনটোক বান্ধি ৰখাৰ বাহিৰে একোৱেই কৰা হোৱা নাই।

ধাননিৰ ওপৰত কুঁৱলীৰ পাতল আচ্ছাদন, শীত আহিবলৈ বেছি দিন নাই। নীলনয়নাৰ কপাহী ব্লাউজ ভেদি সুৰসুৰকৈ শীতে সোমাই তাইক বিন্ধিবলৈ ধৰিছে। তাই শাৰীৰ আঁচলেৰে পাৰেমানে গাটো ঢাকি ল’লে। শাৰীখনত এতিয়াও ফুল, সেন্দূৰ, ধূপ আৰু কৰ্পূৰৰ সানমিহলি গোন্ধ এটা লাগিয়েই আছে। তাৰ লগতে কিজানি মিহলি হৈ গৈছে তাইৰ গাৰ গোন্ধ। তাইৰ গাৰ গোন্ধটো কেনেকুৱা আছিল? গাটো চপাই আনি শুঙি চোৱা মানুহ নোহোৱা হ’ল। গাৰ গোন্ধৰ কথাও ভাবি নোচোৱা বহুত দিন হ’ল।

বিয়াখন তাই প্ৰেমত পৰি কৰা নাছিল, ঘৰৰ পৰা চাই দিছিল। ল’ৰা দেখাত ধুনীয়া, সংস্থাপন ঈৰ্ষণীয়, সম্ভ্ৰান্ত পৰিয়ালৰ, উচ্চবংশজাত, ছোৱালী নিদি পাৰি ? মহা ধুমধামেৰে বিয়া হৈ গৈছিল তাইৰ। বিয়াৰ আগ মুহূৰ্তলৈকে কথাবোৰ সপোন যেন লাগি থাকোঁতেই গ’ল। নিজৰ পছন্দৰ ওপৰত তাইৰ বিশ্বাস নাছিল, সাগৰে দি যোৱা বুকুৰ ঘা শুকাবলৈকে বহুযুগ লাগিছিল। ভাবিলে ঘৰৰ পৰা চাই দিয়া যেতিয়া ভালেই হ’ব, কাৰো মনত কোনো অভিযোগ নাথাকিব। এনেকৈয়ে কিজানি তাইৰ সুখৰ বাটটোও মুকলি হ’ব।

সি মুখ খুলি একো নকৈছিল। ঘৰৰ মানুহে হয়তো গম পাইছিল তাৰ কথা। সেই কথাটো লুকুৱাবলৈকে (নে তাৰ মনটো কেনেবাকৈ পোন হোৱাৰ আশাত), সোনকালে বিয়াখন বন্দবস্ত কৰা হৈছিল। নীলনয়না বলিৰ পঠা। পৰিয়ালৰ ধ্বজাবাহক একমাত্ৰ পুত্ৰধনে সংসাৰ তৰিব পাৰিলেহে বংশৰ নাম অক্ষুণ্ণ থাকিব। ল’ৰায়ো মানিবলগীয়াত পৰিছিল। যুগ যুগ ধৰি প্ৰেম, সম্পৰ্ক, বিৱাহৰ সেই একেটা সমাজপ্ৰদত্ত ধাৰা। ল’ৰা আৰু ছোৱালী। পুৰুষ আৰু নাৰী। মে’ল এণ্ড ফিমে’ল। তাৰ পিছত পো-পোৱালি। সংসাৰ। ঠাল-ঠেঙুলি মেলি বাঢ়ি অহা এখন ঘৰ। তাৰ পাছত কি ? নাম যশ খাতিৰ অন্তত কি ? প্ৰেমৰ অপমৃত‍্যু ? আলস‍্য, নিৰাশা, বাঢ়ি অহা সংসাৰৰ জ্বালা। সদৌ শেষত নিয়তিৰ হাতত জাহ যাবলৈকে কৰা অপেক্ষা।

সেই পূৰ্বনিৰ্ধাৰিত নিয়মক ওফৰাই পেলাব পৰাকৈ শক্তি আন দহজনৰ দৰে তাইৰ গৃহস্থৰো নাছিল। তাই দুবাৰমান সুধি চাইছিল, সি হা না একো উত্তৰ দিয়া নাছিল। লাহে লাহে সি তাইৰ পৰা আঁতৰি ফুৰিবলৈ লৈছিল। মনটো যেন আন ক’ৰবাত হে থাকে। তৰি লোৱা সংসাৰখন যেন ইয়াত নহয় আন ক’ৰবাত হে।

 - “তোমাৰ হাজবেণ্ড গে’ হয়।” কথাটোও বান্ধৱী এজনীয়েহে জনাইছিল তাইক।

জনাইছিল মানে - এক প্ৰকাৰ কনফাৰ্মেচন দিছিল। সন্দেহ তাই বহুত আগৰে পৰা কৰি আছিল।

শহুৰেক-শাহুৱেকে তাইক দেখিলে তলমূৰ কৰে, অপৰাধবোধত। তাই বাহিৰত সাজি-কাচি অবাধ স্বাধীনতাৰে নগৰ-চহৰ বিচৰণ কৰে। চুবুৰীৰ খুৰীদেউহঁতৰ বু বু বা বা বাঢ়ে, “বোৱাৰী মানুহ ইমান পখিলা হোৱা ভাল নহয়।” অথবা “ভাল খবৰটো কেতিয়াকৈ দিবা ? আমি ৰৈ হে আছোঁ।” অথবা “এনেকুৱা ছোৱালী মোৰ ল’ৰালৈ কেতিয়াও নানিলোহেঁতেন।”

নাই ইয়াতকৈ সামৰি ৰাখিব নোৱাৰে নীলনয়নাই নিজক। কোনেও নিশিকালে নিজক সামৰি ৰাখিবলৈ। তাই প্ৰয়োজনবোধো নকৰে। বহুত কথাই দেখোন মনতে সামৰি ৰাখিছে। ইয়াতকৈও পাৰি নেকি? মুকলি আকাশ এখনৰ তলত ক্ষন্তেকৰ বাবেও নৰ’বনে? তথাপি তাই সীমা অতিক্ৰম নকৰে। সীমাৰ ৰেখাডালে কেতিয়াবা তাইক সপোনে-দিঠকে খেদি ফুৰে। কেনেবাকৈ উলঙ্ঘা হোৱাৰ ভয়ত তাই পলায়। কিন্তু কিমানদিনলৈ? কোনেও নেদেখাকৈ ব‍্যৰ্থতাৰ হুমুনিয়াহ বোৰ ধোঁৱা কৰি উৰুৱাই দিয়াৰ অভ‍্যাস গঢ় লৈ উঠে। ধোঁৱাৰ সৈতে উমলি থকাৰো যে কি অব‍্যক্ত আমেজ।

- “আপুনিতো সকলো জানেই দেৱী মা, কি কৰোঁ?”

- “তোমাৰ সুখ ক’ত ভাবি চোৱাঁ। বাহিৰত নাৰী স্বাধীনতাৰ কথা কৈ ভিতৰি বান্ধোনৰ চেপাত পিষ্ট হৈ থাকিবলৈ লাজ নালাগে ?” কথাখিনি কৈ দেৱী নোহোৱা হয়। মূৰৰ ওপৰত চন্দ্ৰতাপ এখন নোহোৱাৰ দৰে হোৱাত নীলনয়নাই হুকহুকাই কান্দে।

কোনে বিশ্বাস কৰিব এই সত‍্যক ? হাঁহি উৰুৱাই দিব মাথোঁ। কাকো নকয় তাই সেই দিনটোৰ কথা। সেই দিনটো তাইৰ স্মৃতিৰ কোঠালিত বুজা-নুবুজাৰ মাজৰ কোনোবাখিনিত সকাহ এটা হৈ থাকি যাওক। বিজয়া দশমীৰ শোকাতুৰ, আড়ষ্ট সন্ধ‍্যা এটাত তাইৰ কাষলৈ আহিছিল দেৱী। বহু নিলগৰ একমুখী কোলাহলক পিছ পেলাই দুয়ো কথা পাতিছিল, দেৱীয়ে দেখুৱাই গৈছিল সেই বাট, যি বাটেৰে খোজকঢ়াৰ সাহস তাই ইমানদিনে গোটাবই পৰা নাছিল।

সেইদিনা পৰা তাই নিচেই কাষত অনুভৱ কৰিবলৈ লৈছিল সেই ঈশ্বৰীয় অনুভূতিক। অন্তৰৰ পৰা জাগ্ৰত হোৱা এক বাখ‍্যাতীত মনোবলে তাইক  বাট দেখুৱাই নিছিল। মনতে প্ৰাৰ্থনা কৰিছিল নিজৰ অধিকাৰৰ হকে মাত মতাৰ সাহস তাইৰ স্বামী আবিৰেও পাওক। পাওক পৃথিৱীৰ সমস্ত যাতনা আৰু অশান্তি পীড়িত জীৱকুলে। অসহায় সময়বোৰত তাইৰ হাতদুখন আপোনা-আপুনি বুকুৰ মাজলৈ কৰযোৰে উঠি আহিছিল। তাইৰ বুকুৰ বিননিবোৰ প্ৰাৰ্থনা এটি হৈ অদৃশ‍্যত মিলি গৈছিল।

এদিন আবিৰক তাই পোনপটীয়াকৈ সুধিছিল কথাটো। চকুত চকু থৈ, সি পলাই সাৰিব নোৱৰাকৈ। ফলাফলত তাৰো বান্ধ ভাঙিছিল। কোনোমতে হেঁচি হেঁচি ভৰাই ৰখা বেচিজিল কাপোৰৰ দম এটা আলমাৰিটো খুলি দিলেই থলথলকৈ সৰি পৰাৰ দৰে সৰি পৰিছিল আবিৰৰ যুগ যুগ ধৰি দমাই ৰখা কথাবোৰ। তাৰ ‘অসামাজিক’ কথাবোৰ নীলনয়নাই খুব সহজভাৱে শুনি গৈছিল। প্ৰেমৰ কথা, সেই প্ৰেমে জন্ম দিয়া হীনমন‍্যতাৰ কথা, তাক সযতনে সকলো সময়তে আৱৰি ৰখা তাৰ প্ৰিয়জনৰ কথা; সকলোবোৰ ঢল হৈ বাগৰিছিল। “মই বহুত চেষ্টা কৰিও নিজক ফাঁকি দিব নোৱাৰোঁ।” তাৰ মাতটো কঁপিছিল। বহুদিন ধৰি চেপি ৰখা কণ্ঠৰ স্বৰ, কেউপিনৰপৰা আবদ্ধ কণ্ঠস্বৰ, ক’বলৈ পাই সকাহ পোৱা কণ্ঠস্বৰ। ক্ষোভ আছে, যন্ত্ৰণা আছে, বিৰক্তি আছে, অহৰহ মগজুক কামুৰি থকা অপৰাধবোধ নামৰ কীটটোও আছে।

সি তাৰ প্ৰিয়জনৰ বিষয়ে কোৱা কথাবোৰত, সেই কথাবোৰ কওঁতে জোনাক বিধৌত জলাশয়ৰ দৰে তাৰ দুচকুৰ তিৰবিৰনিত, মৰম আৰু অনুশোচনাৰ সাৰ-পানীৰে উজ্জীৱিত তাৰ জীৱনৰ ভাঁজবোৰত নীলনয়নাই নিজকে খেপিয়াই চাইছিল বহুতবাৰ। নাঃ, ক’তো নাই তাই। ওচৰে-পাজৰেও নাই। তাৰ হাতখন মুঠি মাৰি ধৰি সকাহ দিবলৈ মন গ’ল যদিও ধৰিব নোৱাৰিলে। সেইখন অচিনাকি হাত। পৰৰ হাত। তাই লাহেকৈ তাৰ বাহুত চুলে - “এনেকৈ আৰু কিমান দিন ? সময় থাকোতেই আমি নিজ নিজ বাট লোৱাহে ভাল নহবনে ?”

আবিৰে বুজি পাইছিল তাৰ ভুলখিনি। সি মাত মাতিব, নিজৰ হকে, তাইৰ হকে, সত‍্যৰ হকে। নীলনয়নাই ইয়াতকৈ অধিক কষ্ট নাপাওক, সেইটো সি বিচাৰে।

সেইদিনা নীলনয়নাই কান্দিছিল। গোপনে। সেই অশ্ৰু ক্ষোভৰ নাছিল, অথবা ব্যথাৰো নাছিল। সুদূৰৰ দুৰ্গা মন্দিৰৰ পৰা সন্ধিয়াৰ ঘণ্টাধ্বনি বতাহত ভাহি আহিছিল। সেই বতাহে লগত কঢ়িয়াই আনিছিল চাকি-তেল-শলিতাৰ পৰিচিত পৱিত্ৰ সুৱাস। অগণন জোনাকী পৰুৱাই তাইৰ চৌপাশ বেঢ়ি ধৰিছিল। তামোল গছবোৰৰ আঁৰে আঁৰে আপোনমনে লুকা-ভাকু খেলি আছিল জোনবাইটোৱে। কমোৱা তুলাৰ দৰে টুকুৰা-টুকুৰ ডাৱৰবোৰ যেন একোখন ৰূপালী নাও হৈ উঠিছিল। চোতালৰ দুৱৰি বন আৰু কেম’মাইল ফুলৰ জোপোহাবোৰতো বগা মুকুতাৰ দৰে জোনাক। কি এয়া? শৰৎ কালৰ নিৰ্মল আভা ? পৃথিৱীখন নতুনকৈ ধুনীয়া হৈছে নেকি ? শৰৎ নে মুকুতিৰ আভা ? নিজানে নিৰলে তাই ৰূপসুধা পান কৰিছিল তাই। সেই সৌন্দৰ্য‍ত মুগ্ধ হৈ তাইৰ চকুপানী ওলাইছিল। সুখ, প্ৰশান্তি আৰু মিঠা বিষাদৰ এক অদ্ভূত সংমিশ্ৰণ। আকাশলৈ মূৰ তুলি চাইছিল তাই - বহুদিনৰ মূৰত। মূৰৰ ওপৰত সেইখন ইমান বিশাল আকাশ। সেই আকাশৰ তলত অত সম্ভাৱনাৰ পথ মুকলি, অত সপোন দেখিব পৰাৰ অৱকাশ। তাই ধন‍্য হৈছে - নতুন বাট এটাই তাইক হাত বাউলি দি মাতিছে। নতুনৰ নামত জ্বলাই লোৱা শলিতা এগছিয়ে পোহৰাই তুলিছে তাইৰ মনোজগত।

 

                          

 

  e-mail: pratikshyaborah93@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ