অন্যযুগ/


সুখ কিনিব নোৱাৰি

 প্রাঞ্জল বেজবৰা

 

১৯৪৫ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে ‘নিউয়ৰ্ক টাইমছ’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত উইলিয়াম অগডনৰ ‘দ্য আৰ্ট অব হেপীনেছ’ শীৰ্ষক এটি লেখা প্রকাশ পাইছিল৷ সেই লেখাটোৰ মূল কথাখিনি অসমীয়ালৈ অনুবাদ কৰি অন্যযুগৰ পাঠকলৈ আগবঢ়ালোঁ৷ 

মানুহৰ সুখ-সুবিধা সৃষ্টিৰ বাবে যুগ যুগ ধৰি বিভিন্ন চৰকাৰ, প্ৰশাসন তথা অনুষ্ঠান-প্রতিষ্ঠানে কৰা প্ৰচেষ্টাৰ যেন অন্ত নাই৷ কিন্তু ব্যক্তিয়ে নিজৰ সুখৰ কাৰণে প্রয়োজনীয় ব্যক্তিগত গুণৰাজিৰ বিকাশত প্ৰায়ে মনোযোগ দিয়া দেখা নাযায়৷ মানৱ চৰিত্ৰৰ যিবিলাক গুণে অনেক বিপদ-বিঘিনিৰ মাজতো সুখৰ সন্ধান দিব পাৰে, তেনে চাৰিত্ৰিক গুণাৱলীৰ বিকাশৰ বাবে যেন ব্যক্তিগত দৃঢ়তাৰ অভাৱ৷ আমি সততে অধিক গুৰুত্ব দিয়া বিষয়বোৰ হৈছে - জীৱন নিৰ্বাহ পদ্ধতিৰ সংস্কাৰ, দৰ্মহা-মজুৰি বৃদ্ধি কৰা, অর্থনৈতিক গাঁথনিৰ নিয়ন্ত্ৰণ, চৰকাৰী নীতি আদি৷ কিন্তু মানুহে নিজকে উন্নত কৰাৰ কাৰণে বিশেষ একো নকৰে৷ 

সুখৰ উপাদনসমূহ তেনেই সৰল আৰু সিবিলাকৰ সংখ্যা আঙুলিৰ মূৰতে গণিব পৰা৷ সুখ ব্যক্তিৰ অন্তৰৰ পৰা আহে, ই সৰল সজগুণ আৰু স্পষ্ট বিৱেকতে নিৰাপদে থাকে৷ সুখ লাভৰ বাবে ধৰ্ম অত্যাৱশ্যকীয় নহয়; কিন্তু নৈতিক নীতি-নিয়ম পৰিহাৰ কৰি কোনেও সুখ লাভ কৰা নাই৷ স্বাৰ্থপৰতা সুখৰ শত্ৰু, আনক সুখী কৰিব পাৰিলে নিজেও সুখী হ'ব পাৰে৷ সুখ অতি শান্ত, হুলস্থূলৰ মাজত সুখ পোৱা নাযায়৷ অকলশৰীয়া নিৰ্জন মুহূৰ্তত সুখ প্ৰতিবিম্বিত হয়৷ সুখ কিনিব নোৱাৰি, ধনৰ লগত সুখৰ সম্পৰ্ক অতি শিথিল৷ 

নিজৰ ওচৰত সন্তুষ্ট নহ’লে কোনো মানুহ সুখী হ’ব নোৱাৰে৷ উদ্বেগহীন প্ৰশান্ত অৱস্থা লাভৰ যাত্ৰা আৰম্ভ কৰিব লাগিব আত্মবিশ্লেষণেৰে৷ আত্মবিশ্লেষণৰ ফলাফলত অৱশ্যে আমি প্ৰায়ে সন্তুষ্ট নহওঁ৷ ইমানবিলাক কৰণীয় আছে, অথচ তাৰে মাত্ৰ কেইটামানহে কৰিব পৰা হৈছে৷ এই আত্মবিশ্লেষণৰ ফলাফল প্ৰতিজন ব্যক্তিক আনতকৈ পৃথক কৰা তথা অদ্বিতীয় হিচাপে চিহ্নিত কৰা গুণাৱলী আৱিষ্কাৰৰ আধাৰত নিৰ্ভৰশীল আৰু সেইবিলাক গুণৰ বিকাশেই ব্যক্তি একোজনক সন্তোষ প্ৰদান কৰিব পাৰে৷ 

যুগ যুগ ধৰি সুখ অৰ্জনৰ বাবে আচনি প্রস্তুত কৰা ব্যক্তিসকলৰ ভিতৰত উইলিয়াম হেনৰি স্বান্নিত সফল হোৱা বুলি বিৱেচনা কৰা হয়৷ তেওঁৰ আঁচনিখন এনে ধৰণৰ :

* নিজৰ সীমিত উপাৰ্জনতে সন্তুষ্ট থকা,

* বিলাসিতাতকৈ ৰুচিবোধত গুৰুত্ব দিয়া,

* ফেশ্যনৰ পৰিৱৰ্তে উৎকৃষ্টতা লাভৰ বাবে যত্ন কৰা,

* যোগ্যতা অৰ্জনৰ বাবে কঠোৰ অধ্যয়ন কৰা,

* শান্তভাৱে চিন্তা কৰা,

* নম্ৰভাৱে কথা কোৱা

* অকপটভাৱে কাৰ্য কৰা,

* সকলো আনন্দেৰে গ্ৰহণ কৰা,

* সকলো কাম সাহসেৰে সম্পাদন কৰা,

* কেতিয়াও লৰালৰি নকৰা৷

মনত ৰাখিবা যে এইবিলাক কোনো চৰকাৰ বা প্ৰশাসনে তোমাৰ বাবে কৰি দিব নোৱাৰে, তুমি নিজেই সকলো কৰিব লাগিব৷

                                                             *** 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ