অন্যযুগ/


জিক্‌মিক্‌ জিক্‌মিক্‌ আকাশৰ তৰা...

 অভিজিত শর্মা বৰুৱা

ৰাতিৰ আকাশখনে সেই তাহানি কালৰে পৰা এতিয়ালৈকে মানুহক আকর্ষণ কৰি আহিছে। ৰাতি আকাশত জিক্‌মিক্‌ কৰি থকা তৰাবোৰে মুগ্ধ কৰিব নোৱৰা লোক, বিশেষকৈ শিশু, নাই বুলিবই পাৰি। তৰাবোৰ ঐতিহাসিকভাৱে‍ পৃথিবীৰ সকলো সভ্যতাৰ ক্ষেত্রত বেছ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈ আহিছে। প্রাচীন জ্যোতির্বিদসকলে পৃথিবীৰ ওপৰত থকা এক স্বর্গীয় গোলকৰ ভিতৰৰ পৃষ্ঠত তৰাবোৰ লাগি আছে বুলি ভাবিছিল আৰু এই ভা বহু দিনলৈ বেছ জনপ্রিয় হৈ আছিল।

 

তৰাবোৰনো আচলতে কি?

ইংৰাজীত ‘Star’ শব্দৰ অর্থ আমি তৰা বুলি কলেও ‘Star’ শব্দই মূলতঃ নক্ষত্রক বুজায়। গ্রহৰ বাবে ইংৰাজীত ‘Planet’ শব্দটো আছে। পাছে তৰা বুলি কলে আমি সাধাৰণতে আকাশ পোহৰাই তোলা গ্রহ-নক্ষত্র আদি সকলো মহাকাশীয় বাসিন্দাকে বুজোঁ। শুক্র গ্রহক আমি কওঁ ভোটা তৰা। তেন্তে গ্রহবোৰো দেখোন তৰাই। এই প্রবন্ধত পাছে আমি তৰা বুলি কওঁতে আচলতে নক্ষত্রবোৰৰ কথাই বুজাম। সাধাৰণভাৱে‍ আমি জানো যে যিবোৰ মহাকাশীয় বাসিন্দাৰ নিজা পোহৰ আছে, সেইবোৰ নক্ষত্র; আৰু যিবোৰে কোনো নক্ষত্রক প্রদক্ষিণ কৰি থাকে, যাৰ নিজা পোহৰ নাই, আনৰ পোহৰ প্রতিফলিত কৰিহে যিবোৰ উজ্জ্বলি উঠে, সেইবোৰ গ্রহ।  

তৰা, অর্থাৎ নক্ষত্রবোৰ, ল প্লাজ্‌মা অৱস্থাত থকা উত্তপ্ত পদার্থবোৰৰ এক জ্বলন্ত গোলক। আমি জানো যে পদার্থৰ অৱস্থা সাধাৰণতে তিনিটা হলেও অতি উষ্ণতাত পদার্থবোৰৰ প্লাজ্‌মা নামৰ এক চতুর্থ অৱস্থাও আছে। উষ্ণতা যথেষ্ট বৃদ্ধি হলে তৰল, কঠিন সকলো পদার্থ গেছীয় অৱস্থাপ্রাপ্ত হয়। পাছে উষ্ণতা যদি তাতোকৈও যথেষ্ট পৰিমাণে বাঢ়ি যায়, তেতিয়া সেই অতি উচ্চ উষ্ণতাত গেছৰ আয়নীভৱন ঘটে (মানে গেছ বা গেছীয় অৱস্থাত থকা পদার্থটোৰ অণুবোৰ আধানযুক্ত হৈ পৰে) আৰু এই নতুন অৱস্থাক প্লাজমা বুলি কোৱা হয়। তৰাবোৰ তাত থকা হাইড্রজেন হিলিয়ামলৈ ৰূপান্তৰিত হোৱা নিউক্লীয় সংযোজন বিক্রিয়াৰ সহায়ত নিজৰ জীৱনৰ এটা কাল অন্তত জিলিকি থাকে। সেই বিক্রিয়াৰ ফলত তৰাৰ অভ্যন্তৰত প্রচুৰ শক্তিৰ সৃষ্টি হয় আৰু সেই শক্তি ক্রমে বাহিৰলৈ ওলাই আহে। তৰাৰ অন্তঃস্থলত থকা হাইড্রজেন হিলিয়ামলৈ ৰূপান্তৰিত হৈ শেষ হোৱাৰ পাছত তাত হিলিয়ামতকৈ গধুৰ প্রাকৃতিক পদার্থ সৃষ্টি হব পাৰে।

আমাৰ পৃথিৱীৰ একেবাৰে ওচৰত থকা তৰাটো হল সূর্য। সূর্যৰ লগত ৰাতিৰ আকাশৰ দেখাত ক্ষুদ্র তৰাবোৰৰ তুলনা নহয় যদিও সেই তৰাবোৰৰ বহুত আচলতে সূর্যতকৈও ডাঙৰ আৰু উত্তপ্ত। পৃথিৱীৰ বহু দূৰৰ পৰা নিশ্চয় সূর্যকো এনেকুৱা ক্ষুদ্র তৰা হিচাপেই দেখা যায়।

 

তৰাৰ জন্ম, জীৱন আৰু মৃত্যু   

এটা তৰা জন্ম হয় বা তাৰ জীৱন আৰম্ভ হয় মূলতঃ হাইড্রজেনেৰে গঠিত এক গেছীয় নীহাৰিকাৰ মহাকর্ষণিক সংকোচন হোৱাৰ বাবে। নীহাৰিকা হল  মহাকাশত থকা উজ্জ্বল, উত্তপ্ত, বৃহদাকাৰ ঘূর্ণীয়মান বাষ্পপিণ্ড। সংকোচনৰ ফলত তাৰ পদার্থবোৰ ক্রমে গাঢ় হৈ আহি মাজতে এক অন্তঃস্থলৰ সৃষ্টি হয়। এই অন্তঃস্থলৰ  ঘনত্ব অতি‍ বেছি হলে আৰু লগতে ই অতি উত্তপ্ত হৈ উঠিলে তাত নিউক্লীয় সংযোজন বিক্রিয়া আৰম্ভ হয়। ফলত অন্তঃস্থলত থকা হাইড্রজেন লাহে লাহে হিলিয়ামলৈ ৰূপান্তৰিত হবলৈ আৰম্ভ কৰে আৰু তাৰ ফলত যথেষ্ট শক্তি উত্পন্ন হয়। সেই শক্তিয়ে সৃষ্টি কৰা তাপ, তৰাৰ অভ্যন্তৰত থকা বাকী পদার্থবোৰে বিকিৰণ, পৰি আদি প্রক্রিয়াৰে তৰাৰ পৃষ্ঠলৈ পৰি কৰে আৰু তৰাৰ পৃষ্ঠও যথেষ্ট উত্তপ্ত হৈ উঠে। যেতিয়া কোনো তৰাৰ ভিতৰৰ হাইড্রজেন ইন্ধন শেষ হয়, তেতিয়া সেই তৰাৰ শেষ দিন চমু চাপি আহে। তেনে অৱস্থাত সূর্যতকৈ অন্তত ০.৪ গুণ ভৰসম্পন্ন (০.৪ সৌৰভৰ) তৰাৰ প্রসাৰণ হয় আৰু এইবো ৰঙা দৈত্য (Red Giant) তৰা হয়গৈ। তৰাটোৰ তাৰ পাছৰ অৱস্থা  বগা বামন (White Dwarf), নিউট্রন তৰা বা কৃষ্ণ গহ্বৰ হব পাৰে। ০.৪ সৌৰভৰতকৈ কম ভৰৰ বা অতি কম ভৰৰ তৰাবোৰ সাধাৰণতে দৈত্য তৰাৰ দলত নোসোমায় আৰু একেকোবে বগা বামন তৰালৈ বির্তিত হয়। ১.৮-২.২ সৌৰভৰৰ তৰাবোৰ পাছে বৃহদাকাৰ দৈত্য শ্রেণী তৰাত প্রৱেশ কৰে আৰু সেই অৱস্থাত হিলিয়ামৰ এক অন্তঃস্থল গঠন কৰে। ২-৫ সৌৰভৰৰ তৰাবোৰে হিলিয়ামৰ উপৰি কার্বন-অক্সিজেনো থকা এক অন্তঃস্থল গঠন কৰে। ৭-১০ সৌৰভৰৰ অতি বৃহৎ তৰাবোৰৰ জীৱন সাধাৰণতে অন্তঃস্তৰৰ দ্রুত সংকোচনৰ ফলত হোৱা ছুপাৰনভা বিস্ফোৰণত শেষ হয়। ছুপাৰনভা বিস্ফোৰণ হল তৰাৰ প্রায় সকলো পদার্থই অংশগ্রহণ কৰা এক বিস্ফোৰণ আৰু এই বিস্ফোৰণৰ ফলত ইমান শক্তি উত্পন্ন হয় যে তৰাটোৰ উজ্জ্বলতা কিছু সময়ৰ বাবে সূর্যৰ উজ্জ্বলতাৰ শ, হাজাৰ, আনকি কোটি গুণো হৈ যায়।

 

তাৰকা ৰাজ্য

কেতিয়াবা কিছুমান তৰা মহাকর্ষণিকভাৱে‍ যুক্ত হৈ থাকে আৰু এইবোৰে তৰাৰ থূপ আৰু তাৰকা ৰাজ্যৰ সৃষ্টি কৰে। মহাজাগতিক স্থানসমূহৰ মাজে মাজে উচ্চতৰ ঘনত্বৰ কিছুমান অঞ্চল থাকিব পাৰে। এইবোৰক আণৱীয় ডাৱৰ বোলা হয়। তাত থকা পদার্থৰ বেছিভাগ হাইড্রজেন হলেও এনে অঞ্চলত ২৩-২৮% হিলিয়াম আৰু কম মাত্রাত বেছি ভৰৰ আন পদার্থও থাকিব পাৰে। এনে অঞ্চলৰ পৰা তৰা গঠন হোৱাৰ সম্ভাৱনা যথেষ্ট। এনেকুৱা তৰা গঠন কৰিব পৰা এক অঞ্চল হল অৰিয়ন নীহাৰিকা। তৰাৰ গঠন আৰম্ভ হয় কোনো আণৱীয় ডাৱৰৰ মাজত সৃষ্টি হোৱা মহাকর্ষণিক অস্থিৰতাৰ পৰা। সাধাৰণতে ওচৰত ঘটা ছুপাৰনভা বিস্ফোৰণৰ প্রঘাতী তৰংগ, বিভিন্ন আণৱীয় ডাৱৰৰ সংঘর্ষ, বা তাৰকাৰাজ্যৰ সংঘর্ষৰ ফলত এনে মহাকর্ষণিক অস্থিৰতাৰ সৃষ্টি হব পাৰে। তেতিয়া সেই অঞ্চলৰ ঘনত্বৰ মান অধিক বাঢ়ি যায়। যেতিয়াই এই বর্ধিত ঘনত্বৰ মান এক নির্দিষ্ট মানতকৈ বেছি হয়, তেতিয়াই নিজৰ মহাকর্ষণিক বলৰ বাবে তাৰ পদার্থবোৰৰ অতিশয় সংকোচন হয়। তেতিয়া মহাকর্ষণিক শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হয় আৰু উষ্ণতা বাঢ়িবলৈ আৰম্ভ কৰে। ফলত নিউক্লীয় সংযোজন আৰম্ভ হোৱাৰ পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হয়। সংকুচিত গঠনৰ অন্তঃস্থলত এক অপত্য তৰাৰ গঠন হয় আৰু পাছত ইয়েই পূর্ণাংগ তৰাত পৰিণত হয়।

 

মূল অনুক্রমৰ তৰা

তৰাবোৰে নিজৰ জীৱনকালৰ প্রায় ৯০ শতাংশ সময় হাইড্রজেনক হিলিয়ামলৈ সংযোজন কৰাতে ব্যয় কৰে। এনে অৱস্থাৰ তৰাবোৰক মূল অনুক্রমত থকা তৰা বুলি কোৱা হয়। তৰাটোৱে ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা পদার্থৰ (মূলতঃ হাইড্রজেন) পৰিমাণ আৰু কি হাৰত সি সেই ইন্ধন ব্যৱহাৰ কৰিছে, তাৰ ওপৰত তৰাটোৰ মূল অনুক্রমৰ সময়দৈর্ঘ্য নির্ভৰ কৰে। মূল অনুক্রমত উপনীত হোৱাৰ পাছত তৰাটোৰ অন্তঃস্থলত হিলিয়ামৰ পৰিমাণ বাঢ়ি আহে। তেতিয়া নিউক্লীয় সংযোজন বিক্রিয়াৰ হাৰো বাঢ়ি আহে আৰু লগতে তৰাটোৰ উজ্জ্বলতা আৰু উষ্ণতাও বাঢ়ে । আমাৰ সূর্যটো প্রায় কেবাশ কোটি বছৰ আগতে মূল অনুক্রমত উপনীত হৈছিল আৰু তাৰ পাছত তাৰ উজ্জ্বলতা প্রায় ৪০ শতাংশ বাঢ়িছিল।
প্রতিটো তৰাই কণাৰ এক মহাজাগতিক বতাহৰ সৃষ্টি কৰে আৰু তাৰ ফলত তৰাটোৰ পৰা কিছুমান গেছ নিৰৱচ্ছিন্নভাৱে‍ মহাকাশলৈ আহি থাকে। তাৰ বাবে তৰাটোৰ ভৰৰ অলপ ক্ষতি হয় ঠিকেই, পাছে সেয়া অতি নগণ্য। আমাৰ সূর্য্যই এই প্রক্রিয়াত বছৰি ১০-১৪ সৌৰভৰ হেৰুৱায়। পাছে সকলো তৰাৰ ক্ষেত্রত এই মান সমান নহয়। প্রায় ৫০ সৌৰভৰৰ তৰাই মূল অনুক্রমত তাৰ মুঠ ভৰৰ আধা মানেই হেৰুৱায়।  

 

কোনো তৰাই অমৰ নহয়

এটা তৰাৰ মৃত্যু অৱধাৰিত। অৱশ্যে ইহঁতৰ জীৱনকাল যথেষ্ট দীঘল। আমাৰ সূর্যৰ জীৱনকাল ১০০০ কোটি বছৰ বুলি ঠাৱৰ কৰা হৈছে। অতি বৃহৎ তৰাবোৰে ইন্ধন খুব দ্রুতভাৱে খৰচ কৰে আৰু সেইবাবে সেইবোৰ সোনকালে মৃত্যুৰ মুখত পৰে। কম ভৰৰ তৰাবোৰে ইন্ধন বে লাহে লাহে খৰচ কৰে। ০.২৫ সৌৰভৰতকৈ কম ভৰৰ তৰাবোৰে (যাক ৰঙা বামন তৰা বুলি জনা যায়) নিজৰ ভৰৰ প্রায় সকলো অংশই ইন্ধন হিচাপে খৰচ কৰিব পাৰে। আমাৰ সূর্যই নিজৰ ভৰৰ প্রায় ১০ শতাংশ ইন্ধন হিচাপে খৰচ কৰিব পাৰিব।

জ্যোতির্বিজ্ঞানত হিলিয়ামতকৈ বেছি ভৰৰ আটাইবোৰ পদার্থকে মেটেল বুলি কোৱা হয়। এটা তৰাত তেনে মেটেল কিমান আছে, সেই পৰিমাণেও তাৰ জীৱনকালত প্রভাৱ পেলাব পাৰে। অতি কমেও ০.৪ সৌৰভৰৰ তৰাবোৰে তাৰ অন্তঃস্থলৰ হাইড্রজেনখিনি শেষ হোৱাৰ পাছত ঠাণ্ডা হবলৈ আৰম্ভ কৰে আৰু তাৰ পাছত যথেষ্ট প্রসাৰিত হৈ ৰঙা দৈত্য তৰা হয়। এতিয়াৰ পৰা প্রায় ৫০০ কোটি বছৰৰ পাছত সূর্যও সেই অৱস্থাপ্রাপ্ত হব। তেতিয়া ইয়াৰ আকাৰ এতিয়াতকৈ ২৫০ গুণ বাঢ়ি যাব।   
এতিয়াৰ বেছিভাগ তৰাৰ বয়স ১০০ কোটি বছৰৰ পৰা ,০০০ কোটি বছৰৰ ভিতৰত কিছুমান তৰৰ বয়স আনকি বিশ্বব্রহ্মাণ্ডৰ বয়সৰ সমান (১৩,৮০০ কোটি বছৰ)৷ আনহাতে আমি আকাশত দেখা আৰু তৰা বুলি ভবা কিছুমান গঠন আচলতে প্রকৃত তৰা নহয়েই।

*****



 তৰাৰ বিভিন্ন প্রকাৰ

১. মূল অনুক্রম তৰা : তৰাৰ অন্তঃস্থলত নিউক্লীয় সংযোজন বিক্রিয়া আৰম্ভ হোৱাৰ পাছত তৰাবোৰক মূল অনুক্রম তৰা বুলি জনা যায়।
২. ৰঙা দৈত্য তৰা : যেতিয়া এটা তৰাই তাৰ সকলো হাইড্রজেন ইন্ধন শেষ কৰি পেলায় তেতিয়া তাক ৰঙা দৈত্য তৰা বুলি কোৱা হয়। ই পাছত বগা বামন তৰা, নিউট্রন তৰা বা কৃষ্ণ গহ্বৰৰ সৃষ্টি কৰিব পাৰে। আমাৰ ওচৰতে থকা বেটলেগেউছ (Betlegeuse) নামৰ এই পৰ্যায়ত থকা তৰাটোত যিকোনো মুহূর্ততে ছুপাৰনভা বিস্ফোৰণ হব পাৰে।
৩. বগা বামন তৰা : ৰঙা দৈত্য পৰ্যায় পোৱাৰ পাছত কিছুমান তৰাৰ বহির্মুখী বিকিৰণ চাপ মহাকর্ষণিক চাপতকৈ বেছি হয় আৰু তেতিয়া তাৰ প্রসাৰণো অধিক হয়। তৰাটোৰ বাহিৰৰ অংশ মহাজাগতিক মাধ্যমৰ লগত মিলি যাব পাৰে আৰু অন্তঃস্থলৰ সামান্য অৱশিষ্ট অংশহে থাকি যায়। তেনে অৱস্থাত ইয়াক বগা বামন তৰা বুলি কোৱা হয়। অৱশ্যে ই ঠিক তৰাও নহয়। কাৰণ তেতিয়া তাত নিউক্লীয় সংযোজন বিক্রিয়া চলি নাথাকে। আমাৰ সূর্যৰ অৱস্থাও পাছলৈ এনে হব।
৪. নিউট্রন তৰা : ই হল তৰাৰ এক মহাজাগতিক অৱশেষ। ছুপাৰনভা বিস্ফোৰণৰ পাছত এনে অতি বেছি ঘনত্ববিশিষ্ট অৱশিষ্ট থাকি যাব পাৰে। ইয়ো প্রকৃতার্থত তৰা নহয়। আমি যদি এনে এটা নিউট্রন তৰা ককাকলাৰ এটা কেনত ভৰাই থপাৰোঁ, তেন্তে তাত থকা পদার্থৰ ভৰ হব গোটেই চন্দ্রটোৰ ভৰৰ সমান। ইয়াতকৈ বেছি ঘনত্ব কেৱল কৃষ্ণ গহ্বৰৰহে আছে।
৫. কৃষ্ণ গহ্বৰ : অতিশয় বৃহৎ তৰাৰ সংকোচন হলে এনে কৃষ্ণ গহ্বৰৰ সৃষ্টি হব পাৰে। ছুপাৰনভা বিস্ফোৰণৰ পাছত সেই অতিশয় বৃহৎ তৰাৰ অন্তঃস্থলটো ইমান বেছি ঘনত্বৰ আৰু ইমান বেছি মহাকর্ষণ শক্তিসম্পন্ন হব পাৰে যে পোহৰো তাৰ আকর্ষণৰ পৰা সাৰি যাব নোৱাৰে।
৬. মুগা বামন তৰা : এইবোৰো আচলতে তৰা নহয়। ইহঁতক বিফল তৰা বুলি কলেহে   শুৱাব। ইহঁত প্রকৃত তৰা গঠনৰ প্রক্রিয়াৰে গঠিত হবলৈ আৰম্ভ কৰিছিল ঠিকেই, পাছে অন্তঃস্থলত নিউক্লীয় সংযোজন বিক্রিয়া ঘটাব পৰাকৈ উষ্ণতা বা বেছি ভৰ যোগাৰ কৰিব নোৱাৰিলে। এই তৰাবোৰ মূল অনুক্রম তৰাতকৈ সৰু। আকাৰত হয়তো বৃহস্পতি গ্রহৰ সমান হব পাৰে, পাছে তাতকৈ বেছি ঘনত্বৰ।
৭. পৰির্তনশীল (Variable) তৰা : কিছুমান তৰাৰ উজ্জ্বলতা কম-বেছি হৈ থাকে। তাৰ কাৰণ হল সেই তৰাবোৰৰ মাজত হৈ থকা প্রসাৰণ আৰু সংকোচন। সেই তৰাটো অপত্য তৰা হৈ থাকোঁতে‍ পাছে সেয়া দেখা নাযায়। পাছত পূর্ণাংগ তৰা অৱস্থাতহে উজ্জ্বলতা কম-বেছি হৈ থকাটো মন কৰা যায়।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ