প্ৰতীক্ষা প্ৰিয়ম
বঙ্গোপসাগৰত জোৱাৰ। মোৰ সন্মুখত উত্তাল তৰংগ। ঢৌবোৰে
বেগেৰে কাষ চাপি আহি কংক্ৰীটৰ বেৰা ভাঙো ভাঙো কৰে। পাৰত বহি থকা মানুহবোৰক তিয়াই
থৈ বেগেৰে আঁতৰি যায়। পুনৰ আহে একে গতিৰে। পাৰৰ পৃথিৱীখনক গোটে গোটে গিলি পেলাব
যেন। সাগৰৰ এই উন্মাদ ৰূপ উপভোগ কৰোঁতে অলপ সময়ৰ কাৰণে মাটিৰ প্ৰতি মোৰ মোহ নোহোৱা
হৈছিল। ওৰেটো দিন ওখকৈ বান্ধি থোৱা পকী প্লেটফৰ্ম এটাত লেপেটা কাঢ়ি বহি লৈ সাগৰখনক
চাই আছিলোঁ। সন্মুখৰ লাইটহাউচটোৰ খুঁটাকেইটা আধাতকৈও বেছি সাগৰখনে বুৰাই পেলাইছিল।
খুঁটাত ঢৌবোৰে উন্মাদ পশুৰ শিঙৰ দৰে অহৰহ খুন্দিয়াই আছিল। মোৰ সোঁৱে বাঁৱে আৰু
দুজনমান মানুহ, ইয়াৰ পৰা আগলৈ যোৱা মানা। আন দিনা হোৱা হ’লে মই বহি থকাৰ পৰা প্ৰায়
দুই কিলোমিটাৰ আগুৱাই যাব পাৰি। আজি সাগৰ নিজেই আগবাঢ়ি আহিছে। মই সাগৰৰ স’তে এটা
চুক্তি কৰিলোঁ - “তই আহি মোক চুলেহি হে মই ইয়াৰ পৰা উঠিম।” প্ৰত্যেকবাৰ আহি সি হয়
মোৰ ভৰিৰ সৰুগাঁঠিৰ পৰা নহ’লেবা আঁঠুলৈকে চুই উভতি যায়। কিন্তু বুৰাবহি নোৱাৰে।
সাগৰৰ জোৰ বাঢ়ি অহাৰ প্ৰমাণ পায় মোৰ কাষৰ এজন দুজনকৈ মানুহ উঠি গৈছে। মোৰ সন্মুখত
শুভ্ৰ, ফেনীল সাগৰ। এটুকুৰা মাটি, অলপমান বালি, এখন নাৱো দেখা পাবলৈ নাই। এনেতে,
দৌত্যকায় ঢৌ এটাই উঠি আহি মোৰ সমস্ত শৰীৰ বুৰাই পেলালেহি। মই উত্তেজনাত কিৰিলি
পাৰি উঠিলোঁ। কিৰিলি শুনি মানুহবোৰে মোলৈ ঘূৰি চাইছিল। মোৰ লাজ লগা নাছিল।
মানুহবোৰলৈ চাই হাঁহি এটা মাৰি পঠিয়াই মই উঠি আহিছিলোঁ। ইচ্ছা পূৰণৰ হাঁহি।
সন্তুষ্টিৰ হাঁহি।
মানুহজনে মোৰ কোলাৰ শামুকৰ খোলাখিনিলৈ চালে - বৰ ধুনীয়া
খোলাকেইটা পালে। এইবোৰ নি কি কৰিবগৈ?”
“মোৰ কোঠাত সজাই থ’ম। দিয়কচোন পলিথিন এটাকে।”
তেওঁ শুনা পাইছিল নেকি মোৰ অসংযত কিৰিলিটো? লাজে মোক
তেতিয়াহে চুইছিল।
সৈকতৰ পৰা মই থকা হোটেলখন ওচৰতে। আগনিশা ৰূমৰ খিৰিকী খুলি
শুনি শুনি কটাই দিছিলোঁ সামুদ্ৰিক হোহোৱনি। মই থকা তিনিমহলাৰ ওপৰৰ পৰা সাগৰখন দেখি
থাকি। খিৰিকী খুলি থ’লে বতাহে সাগৰৰ নিজা গোন্ধ এটা কঢ়িয়াই আনে। লুণীয়া, কেঁচা
গোন্ধ। ফেৰফেৰীয়া বতাহে শৰীৰত নিষ্ঠুৰভাৱে কোবাই থাকে। ৰহস্যবান, শক্তিশালী,
বিশাল, ভোকাতুৰ সাগৰখনক বাধা দি কোনে ৰাখিব পাৰে? খিৰিকী জপাই ৰাখিবৰ মনেই নগ’ল।
আগৰাতিও মোৰ হৰপ্ৰীতলৈ খুউব মনত
পৰিছিল। ২৫ বছৰীয়া জীৱনকালত এবাৰো সাগৰৰ আৱাজ শুনিবলৈ নোপোৱাৰ বেদনাত তাই আক্ষেপ
কৰি এদিন মোক কৈছিল - “মই যে ওচৰৰ পৰা সাগৰ দেখাই পোৱা নাই। তই মোক লৈ যাবি নে
সাগৰ দেখাবলৈ?”
অদ্ভূত প্ৰশ্ন আছিল সেয়া। সেই সময়ত তাই ইচ্ছা কৰিলেই
সাগৰখন চাবলৈ গুচি যাব পাৰে। অথচ মই হাতত ধৰি লৈ যাব লাগে...।
কালক্ৰমত তাইক সাগৰখন দেখুৱাবলৈ নিয়া নহ’ল। ফটোত গম
পাইছিলোঁ পিছত তাই বেলেগৰ লগত গৈ চালেগৈ। অথচ এতিয়াও সাগৰৰ পাৰলৈ ফুৰিবলৈ আহোঁতে
তাইৰ কথাকে মোৰ মনলৈ আহি আছে।
হৰপ্ৰীত বুলিলেই স্মৃতিৰ বহুযুগীয়া বন্ধ পেৰাটো আপোনা
আপুনি মেল খাই পৰে। পোৱা নোপোৱাৰ
অন্তৰালত পেণ্ডুলাম টোৰ দৰে ওলমি দুলি থকাৰো যে নিজস্ব শিহৰণ আছে - সেই কথা
হৰপ্ৰীতে মোক সোঁৱৰাই ৰাখে। হৰপ্ৰীত স্মৃতি। মোৰেই অগোচৰে আহি বাহ সাজি নিগাজীকৈ
বহি লোৱা এটা ভাল লগা অনুভূতি। অথচ আজিৰ পৰা পাঁচ বছৰৰ আগলৈকে হৰপ্ৰীতৰ সৈতে মই
একেটা কোঠাতে বাস কৰিছিলোঁ, একেখন বিচনাতে থেপাথেপিকৈ শুই বহি কটাইছিলোঁ। তেতিয়া
তাইৰ চলন ফুৰন, জীৱনশৈলী, কথা কোৱাৰ ভংগীমা আদিবোৰ মোৰ বাবে একদম নতুন আছিল।
আৰু তাইক চাই চাই মই শিকিছিলোঁ। মেট্ৰ’ চহৰৰ ৰামধেনুবৰণীয়া
কোলাহল বোৰক আয়ত্ব কৰি লৈছিলোঁ। কিছুমান তাই হাতত ধৰি পোনাই পাঁজৰাই দিছিল আৰু
কিছুমানত তাই মোক দলনিত পোনা মেলাদি এৰি দিছিল। উজুটি টো খাই হামখুৰি খাই পৰিবলৈ
লৈতেই তাই আহি হাত পাতি ধৰিছিল। “তোৰ ওপৰত ভগৱানৰ আশীৰ্বাদ আছে যে তই মোক ৰূমমেট
পাইছ বুজিছ” - তাই কয়। নহ’লে হেনো দিল্লীয়ে মোক ঠগি খালেহেঁতেন। মই মানি লওঁ, কাৰণ
কথাটো সঁচা।
হৰপ্ৰীত শিখ সম্প্ৰদায়ৰ ছোৱালী আছিল। আমি মৰমতে মাতিছিলোঁ ‘চৰ্দাৰনী’।
কিন্তু চৰ্দাৰনী বুলি ক’লে সচৰাচৰ যিটো শিখ নাৰীৰ ৰূপ মনলৈ আহে হৰপ্ৰীত আছিল তাৰ
সম্পূৰ্ণ ওলোটা। পশ্চিমীয়া সাজ পাৰ পৰিধান কৰি ভাল পাইছিল। কান্ধলৈকে পৰা চুলিবোৰ
কৃত্ৰিমভাৱে পোন কৰি তাত আমদানিকৃত সুগন্ধি সানিছিল। গাৰ ৰংটো আছিল উজ্জ্বল,
ফেঁহুবৰণীয়া। চকুত ডাঠকৈ কাজল আঁকি ভাল
পাইছিল। তাইৰ মুখখলৈ চাই পঠিয়ালে বাৰেপতি কোনোবা যুগতে শুনা অথচ মনত ৰৈ যোৱা গীতৰ
কলি এটাই মগজুত মোৰ অগাদেৱা কৰিবলৈ ধৰিছিল - ‘কাজলসনা দুচকুৰে জুই ছটিয়াই, জুই
ছটিয়াই...”।
হৰপ্ৰীত আছিল ধেমেলীয়া স্বভাৱৰ। অলপমান কথাতে পানীৰ ফোঁৱৰা
এটাৰ দৰে হাঁহি উঠিছিল। অলপমান কিতাপ পঢ়িয়েই বহুত বেছি নম্বৰ পাবলৈ সক্ষম হৈছিল।
তাৰোপৰি তাই মানুহক হাতত ৰখাৰ কিটিপটো জানিছিল। তাইৰ প্ৰেমত অনেকজনক মচগুল হোৱা
দেখিলোঁ। লাখৰ দৰত টকা হৰপ্ৰীতৰ নামত উৰুৱাই দিব পৰা প্ৰতিপত্তিশীল ঘৰৰ ল’ৰাও মই
দেখিছিলোঁ। আৰু প্ৰেমৰ কাৰণেই ঘৰৰ ভাড়া, পঢ়া কিতাপৰ দাম, বন্ধুৰ লগত কৰা পৰিকল্পনা
একাষৰীয়া কৰি ৰাখি জেপৰ তলি উদং কৰি দিয়া তাইৰ পাগল প্ৰেমিকো দেখিছিলোঁ। আচৰিত
ধৰণেৰে তাই ইহঁতৰ এটাকো বাধা দিয়া নাছিল। ফুলদানী এটা হৈ তাই সিঁহতবোৰৰ লগত ঘূৰি
ফুৰিছিল। ভাল লগা বেয়া লগা একো নাই - গধূলিলৈ দিনটো কৰা কাৰ্য্যকলাপ বোৰ মোৰ আগত
বখানিব পাৰিলেই হ’ল।
সিফালে ব্যস্ততা মোৰো বাঢ়িছিল। পঢ়া-শুনা,
কেৰিয়াৰ, ব্যক্তিগত জীৱনৰ পোৱা নোপোৱা - বয়স বঢ়াৰ লগে লগে কিমান যে বোজা বাঢ়িছিল
জীৱনৰ। সন্ধিয়ালৈ হৰপ্ৰীতৰ মহাভাৰতখন শুনাৰ ইচ্ছা আৰু ধৈৰ্য্য দুয়োটাই নোহোৱা হৈ
আহিছিল। আচলতে তাইৰ বেপৰোৱাহ স্বভাৱ টোৰ প্ৰতি মোৰ বিৰক্তি জাগিছিল। ক্ষন্তেকলৈ
ৰোমাঞ্চিত কৰিব পাৰিলেও এনেকুৱা এটা জীৱনশৈলীয়ে ভাৰতীয় সমাজ ব্যৱস্থাৰ আধাৰত গঢ়
লৈ উঠা ঘৰ এখনৰ পৰা ওলাই যোৱা ছোৱালী এজনীক বেছিদিন আকৰ্ষিত কৰি ৰাখিব নোৱাৰে।
এদিন তাইক সুধিছিলোঁ - “চিৰিয়াছ সম্পৰ্ক এটাত থকাৰ মতলব
আছেনে এনেই?”
- “জাঁনো। একো দেখোন ভালেই নালাগে।”
- “এনেকে থাকিলে ক’ত ভাল লাগিবনো?”
-’ন’ ন’। মোৰ একোৱেই ভাল নেলাগে। নাথিং। মই মাথোঁ চেষ্টাহে
কৰোঁ ভাল লগাবলৈ।”
- “ইহঁতৰ কোনো এটাই ভাল লগাবই পৰা নাই মানে!
- “মৰম অবিহনে মই থাকিব নোৱাৰোঁ। কোনে পাৰে? সঁচাকৈ ক তই
পাৰ? ৰাস্তাৰ দাঁতিত পৰি থকা কুকুৰটোৱেও মৰম বিচাৰে। আমাৰ খিৰিকীৰ কাঠত সদায় বহি
ৰোৱা কপৌ চৰাইটিয়েও মৰম বিচাৰে। পিছে আজিকালি নিস্বাৰ্থ মৰম পাবলৈ টান। বিনিময়ত
সৱকে কিবা এটা লাগে।”
হঠাৎ মোৰ মনলৈ আহিছিল - মৰম বিচাৰি অ’ত ত’ত হাবাথুৰি খাবলগীয়া
কিয় বা হ’ল তাইৰ? ইমান আকাল আছিলনে মৰমৰ?
- “ময়ো তোক মৰম কৰোঁ। ঘৰৰ মানুহে তোক মৰম নকৰে হাঁ?”
- “অহ মাই ডাৰ্লিং মেঘা, তুমি কি জানা?” বুলি তাই মোৰ
কোলাত মূৰ থৈছিল। তাইৰ পোন, মিহি, সুগন্ধিযুক্ত চুলিবোৰত মই হাত ফুৰাই বহু পৰ
তেনেদৰে বহি আছিলোঁ। আৰু থনথনাই বাজি উঠা ম’বাইল
ফোনটো চাইলেণ্ট ম’ডত থৈ তাই এসময়ত টোপনি গৈছিল। সৰু, অবোধ ছোৱালী এজনীৰ দৰে, মোৰ
কোলাত। দেশ দুনীয়াৰ পাল্লাত পৰি জটিল হৈ উঠা মানুহ নিদ্ৰাদেৱীৰ কোলাত ইমান সৰল হৈ
জিলিকি উঠে!
সঁচা অৰ্থত সেই সময়ত মই একো নাজানিছিলোঁ। হৰপ্ৰীতৰো কাহিনী
আছিল। শৈশৱতে পিতৃৰ দ্বাৰা অৱহেলিত হোৱাৰ কাহিনী। পিতৃৰ সান্নিধ্য অবিহনে কটাই
অহা শৈশৱ, কৈশোৰ আৰু মাকৰ বাইপ’লাৰ ডিজ’ৰ্দাৰে সঘনাই ঘৰত এখন নাটক সৃষ্টি কৰাৰ
কাহিনী, এইবোৰৰ পৰা মানসিকভাৱে পলাই ফুৰাৰ আওতাত বন্ধুৰ ঘৰত আশ্ৰয় লোৱা,
নিকটাত্মীয়ই ‘ল’কেল গাৰ্জেন’-ৰ নামত আৰু একেখন ঘৰতে খুৰাকে কৰা
চেক্সুৱেল হাৰাছমেণ্ট, মাকৰ নতুন প্ৰেমিকৰ মুখৰ আগতে সঘন আহ-যাহ, এই সকলোবোৰ বোজা
পিঠিত কঢ়িয়াই হৰপ্ৰীত শিল হৈ উঠিছিল। ক্ষণস্থায়ী দৈহিক তাড়নাৰ
উৰ্দ্ধতো প্ৰেম বুলি যে কিবা এটা আছে, সেয়া থিয়ৰীটিকেলী জনাৰ স্বত্বেও তাই মৰম
বিচাৰিছিল হয়, কিন্তু কৰিব নাজানিছিল। অত্যাধিক মৰমে তাইক অপ্ৰস্তুত কৰিছিল, মৰমক
তাই গ্ৰহণ কৰিব নেজানিছিল, সেইবাবে এঠাইত বিৰক্ত হ’লে আন এঠাইলৈ ডলাৰ বগৰীটো হৈ
ঘূৰি ফুৰিব পাৰিছিল। প্ৰেম যে এটা ভ্ৰান্ত ধাৰণা, নিঃস্বাৰ্থ ভালপোৱা যে এটা
ফেণ্টাচীৰ বাহিৰে আন একো নহয়, এই কথাবোৰৰ সৈতে তাই সমবয়সীয়া আমাতকৈ বহুত আগতেই
শান্তি স্থাপন কৰি লৈছিল।
এই কথাবোৰো তাই এদিন মোৰ কোলাত মূৰ থৈ কৈছিল। মোৰ কোলাখন
তাইৰ বাবে আছিল আৰাম আৰু আশা- ভৰষাৰ থলী। মনৰ কথা খুলি ক’ব খোজা সময়বোৰত তাই নিজে আহি
মোৰ কোলাখন বাচি লৈছিল। “কপালখন পিহি দেচোন।” নহ’লেবা “চুলিবোৰ আঙুলিৰে ফণিয়াই
দে।” সেই সময়খিনিত মই তাইক আটাইতকৈ অনাড়ম্বৰ ৰূপত পাইছিলোঁ। আত্মৰক্ষাৰ অনেকখন
দেৱাল বগাই পাৰ হৈ আহি ধৰা দিছিল এজনী সৰু ছোৱালীয়ে - যিজনীক যেন মই কেতিয়াও মোৰ
পৰা আঁতৰ হৈ যাবলৈ নিদিম। দিল্লীৰ ঠেৰেঙা লগা শীতৰ ৰাতিবোৰত, ইজনীয়ে সিজনীৰ গাৰ উম
লৈ টোপনি যাব খুজোঁতে তাই মোৰ কাণত ফুচফুচাই - “নাযাবি মোক এৰি থৈ। তোৰ বাহিৰে মোৰ
কোনো নাই।” মোৰ গাত বগাই ফুৰা তাইৰ অবাধ্য হাতখনক খেপিয়াই ধৰি মই আঁতৰাই থওঁ।
অপৰাধবোধৰ কীট এটাই ৰাতিৰ তৃতীয় প্ৰহৰৰ পৰা মোক কুটিবলৈ আৰম্ভ কৰে। অথচ ৰাতিটো শেষ
নহওক, ময়ো বিচাৰোঁ।
-“সাগৰৰ পাৰত শামুকৰ খোলাবোৰ এনেই
পৰি থাকে নেকি?” - তাই মোক সোধে।
- “ওম। সাগৰে এৰি থৈ যায়।”
- “আমাৰ নিচিনাবোৰকো সমাজে এনেকৈয়ে এৰি থৈ যাব।”
- “শামুকৰ খোলা বুটলি অনা মানুহো আছে পিছে।”
- “ সাগৰখনেই যদি এৰি থৈ গ’ল। কোনে বুটলি নিয়ে কি মানে
আছে?”
- “জানোঁ! শুই থাক।”
- “তই নিনিয় মই জানোঁ। মই অকলেই সাগৰ চাবলৈ যাম।”
- “যাবি দে। মোৰ ভাগৰ লাগিছে।”
তাইক এটা থেলা মাৰি মই শুই থাকোঁ। তাই শেষ ৰাতিলৈকে ম’বাইল
টিপে।
মই জানোঁ, মোৰ জীৱনত অনেক বাধ্যবাধকতা আছে। ঘৰৰ পৰা ইমান
দূৰলৈ পঢ়িবলৈ আহিছোঁ যেতিয়া মোৰ কেৰিয়াৰ ভাল হ’ব লাগিব, মই তথাকথিত ভাল ছোৱালী হৈ
উভতি যাব লাগিব, একমাত্ৰ কন্যা সন্তান হিচাপে মই বংশৰ নাম উজ্জ্বল কৰিব পাৰিব
লাগিব আৰু যথাসময়ত এজন সুযোগ্য পাত্ৰৰ হাতত মোৰ হাত সম্পূৰ্ণ বৈদিক নিয়মেৰে অৰ্পণ
কৰা হ’ব। মোৰ ইচ্ছা, আকাংক্ষা, ভাললগা -
বেয়ালগা সকলো সময়তে ইয়াৰ মূল্য নাথাকিবও পাৰে। মোৰ অন্তৰে যিমান যি কান্দিলেও
স্মিত হাঁহি টো ওঁঠত ওলমাই নিয়াৰিকৈ সকলো কাম কৰি যাব পাৰিলেই মই আদৰ্শ নাৰী,
লক্ষ্মীৰূপেন সংস্থিতা।
সেইমতেই মই এদিন হৰপ্ৰীতৰ মৰম- সাদৰ নেওচি আঁতৰি আহিলোঁ।
মোৰ অন্তৰৰ সমস্ত মৰম তাইৰ ভালৰ হকে প্ৰাৰ্থনা এটি হৈ দিল্লীৰ আকাশে বতাহে বিয়পি
পৰিল। সেই প্ৰাৰ্থনাই তাইক কুশলে থাকিব।
হৰপ্ৰীতৰ ষষ্ঠ ইন্দ্ৰিয় অত্যন্ত সক্ৰিয় আছিল। মই যে এদিন
হঠাতে গুচি আহিব লগীয়া হ’ব সেই কথাৰ অনুমান হৰপ্ৰীতে আগতীয়াকৈ পাইছিল। মই ঘৰমুখী
ফ্লাইটত উঠিবৰ পৰত তাই মেছেজ কৰিছিল - “সাগৰ চাবলৈ যোৱা নহ’ল আৰু আমাৰ.....”
আৰু মই সকলোৰে অলক্ষিতে অকলশৰীয়া, অসহায়, ভয়াতুৰ প্ৰাণী
এটি হৈ জীৱন নিৰ্বাহ কৰিব লৈছিলোঁ। যন্ত্ৰৱৎ কামবোৰ নিয়াৰিকৈ কৰি যোৱাৰ পিছত
অভিযোগ উত্থাপন কৰিবলৈ কাৰো একো নাথাকে, সমাজৰ দৃষ্টিত এতিয়া মই এজনী ভাল ছোৱালী।
কিন্তু মোৰ ভিতৰখন তেনেই উকা। ভেকুৱাম। এই ভিতৰখনৰ খবৰ ৰখা মানুহ নাই। হৰপ্ৰীতৰ
সান্নিধ্যত ৰাতিবোৰ মোৰ মুকলি হোৱা নাই। মোৰ ওচৰত এতিয়া নতুন বুলিবলৈ একোৱেই নাই।
ময়ো বিচাৰি ফুৰিছোঁ - হৰপ্ৰীত কৌৰৰ পৰিপূৰক। কোনো বন্ধু, কোনো সংগই মোক সেই সুখ
আৰু শান্তি প্ৰদান কৰিব পৰা নাছিল যি তাই পাৰিছিল।
সেই ঘটনাৰ সুদীৰ্ঘ পাঁচ বছৰৰ পিছত মই আজি বংগৰ সাগৰতীৰত।
স্বাৱলম্বী, স্বাধীনমনা, আত্মবিশ্বাসী আৰু ‘হেপ্পিলী চিংগল।’ অথচ কিবা এটা যেন
নাই, নাই...
সাগৰলৈ জোৱাৰ - ভাটা দিনটোত দুবাৰ আহে, দুটা জোৱাৰৰ মাজত
বাৰ ঘণ্টাৰ ব্যৱধান। সন্ধিয়ালৈ পুনৰ তীব্ৰতৰ হৈ আহিছিল জোৱাৰ। জোৱাৰৰ নিশা সাগৰ
আৰু মাতাল হয়। হুৰ হুৰ শব্দ কৰি ওচৰ চাপি অহা সাগৰখনক চাবলৈ বুলি সেই নিশা কত যে
মানুহৰ ভিৰ। ঢৌবোৰে পাৰত খুন্দিয়ালেহি অদ্ভূত শব্দ এটা কৰে। জলৰো কি অপাৰ শক্তি,
ভাবিলে বুকু কঁপি উঠে। ওখ ওখ পকী ৱালৰ ওপৰেদি ঢৌবোৰ পাৰ হৈ যায়। পাৰত বহি থকা
মানুহে তিতি বুৰি উঠি আহে। সেই সময়ত সাধাৰণতে বেছি ওচৰ নাচাপিবলৈ মানুহক সতৰ্ক কৰি
দিয়া হয়। এক নিৰ্দিষ্ট দূৰত্বত বহি লৈ সকলোৱে সাগৰৰ লীলা চাই। সাগৰখনে তাতো সিহঁতক
শান্তিত বহিবলৈ নিদিয়ে। কাষ চাপি চাপি আহি থাকে। কোনোবা এপাকত গোটেইবোৰ জুৰুলি
জুপুৰি হয়। বিড়ি - চিগাৰেট, পাণ - তামোল, জালমুড়ি, ফুচকা, আইচক্ৰীম বেপাৰীবোৰৰ লাভ
হয় সিদিনা। পৰ্যটকৰ মাজে মাজে সিহঁতৰ বেপাৰো গিজগিজাই থাকে।
হাতত বিয়েৰৰ চেঁচা বটল এটা লৈ ৱাল এখনৰ ওপৰত বহি মই মানুহবোৰৰ
অলেখ লেখ চাই থাকিলোঁ। প্ৰেম, বন্ধুত্ব, পৰিয়ালৰ সান্নিধ্য কিম্বা নিঃসংগতা -
সকলোবোৰ যেন থুপ খাইছেহি সাগৰৰ পাৰত। এখন মিনি পৃথিৱী। জাক - জমক, আড়ম্বৰৰ আঁৰৰ
এখন নিভাঁজ পৃথিৱী।
ৰাতি গভীৰ হৈ যিমানে আহে, সাগৰো সিমানে উত্তাল হৈ আহি
থাকে। কাঠ, বাঁহ, বেত, কাপোৰ , শামুকৰ খোলা আদিৰে নিৰ্মিত বিবিধ সামগ্ৰীৰ পোহাৰ
মেলি বহা বেপাৰীবোৰকো পানীয়ে চুওঁ চুওঁ কৰিছে। মই এতিয়া ৰাস্তাত উঠি সাগৰৰ ৰূপ চাই
ভোল গৈছোঁ। মোৰ সোঁৱে-বাঁৱে আৰু দুজনমান প্ৰকৃতিৰ ৰূপ চাই মুগ্ধ হোৱা লোক। অলপ আঁতৰত ৰৈ থকা ল’ৰা-ছোৱালীৰ
জুম এটাই আনন্দত কিৰিলি পাৰি উঠিছে। নক’লেও অনুমেয় যে সিহঁতৰ বাবে ৰাতি আজি
নিচাখোৰ, ভৰপক, সমৃদ্ধ।
ৱালৰ ওপৰত উঠি বহি থকাৰ পৰা তললৈ চালোঁ। জিন্স টপ পৰিহিত
এগৰাকী মহিলা। চিনাকি যেন লগা মুখ এখন। আৰু অলপ মন দি চালোঁ। হৰপ্ৰীত কৌৰ।
পাঁচ বছৰৰ আগৰ সেই একেটা চেহেৰা, তিলমানো সলনি নোহোৱা গঢ়-পিত,
মুখ, এটা ভৰিত ভেঁজা দি থিয় হৈ ৰোৱাৰ ভংগীমা। আগৰ দীঘল চুলিখিনি কাটি নতুন ষ্টাইলত
ডিঙিৰ ওচৰত অকণমানকৈ ৰাখিছে। মোক দেখি তাই মই বহি থকা ৱালখনতে কোনোমতে ভেঁজা দি ৰ’ল।
তাৰ ক্ষন্তেক পিছতে “মেঘা!” বুলি যিটো চিঁঞৰ মাৰিলে ওচৰত থকা মানুহবোৰে আমাৰ ফালে
চক খাই ঘূৰি চালে। মই ৱালৰ পৰা নামি দিলোঁ। থিয় হৈ থকাতে জাঁপ দুটামান মাৰি তাই
মোক দুবাহুত মুঠি মাৰি ধৰিলে - “ইমানদিন ক’ত আছিলি?”
মই ক’ত আছিলোঁ ইমানদিন? আস্ এই প্ৰশ্নৰ উত্তৰ কিমান যে
দীঘল। যিখিনিত তাইক এৰি থৈ গৈছিলোঁ আৰু আজি যিখিনি জেগাত তাইক পুনৰ লগ পাইছোঁহি,
মাজৰ এই পাঁচ বছৰৰ ব্যৱধানে মোৰ মাজত ইমানখিনি সাহসতো যোগালেই যে ইমানদিনে মই ক’ত
আছিলোঁ প্ৰশ্নটোৰ উত্তৰ তাইক এক্ষন্তেকো নভবাকৈ দিব পাৰিম। কাৰণ আজি মই মুক্ত, মোৰ
চাৰিওকাষৰ বেৰবোৰক মই খহাই পেলাইছোঁ, মোৰ চেঁচা ভয়বোৰক মই আঁতৰাবলৈ সক্ষম হৈছোঁ।
মই ক’লোঁ - “ইমানদিনে ক’ত আছিলোঁ সেইটো দীঘল কাহিনী। শুনিবিনে?”
তাই বংগ ফুৰিবলৈ অকলে আহিছিল। মোৰ দৰেই। তাইৰ হাতত মোৰ
কাহিনী শুনিবলৈ অফুৰন্ত সময় আছে। আৰামত বহি কাহিনী শুনাবলৈ মোৰ হাততো আজি সময় বুলি
গোটেই ৰাতিটো পৰি আছে। হাতত থকা বিয়েৰৰ বটলটো আগবঢ়াই দিলোঁ। তাই সেইটো দেখি
ঢেকঢেকাই হাঁহিলে - “স্বাস্থ্যৰ কথা ভাবি মই এইবোৰ এৰি দিছিলোঁ, কিন্তু তোৰ লগত
খাম।”
নাতিদূৰত সাগৰখনে হোহোৱাই আছে। পাৰবোৰত উফৰি খলকনি তুলিছে।
হৰপ্ৰীতে মোৰ গাতে গা লগাই লেপেটা কাঢ়ি বহিছে। দুয়োফালে হেঁচি ৰখা পাঁচ বছৰ জোৰা
কাহিনীৰ পৃষ্ঠা এখন এখনকৈ খোল খাইছে। সমস্ত উজাৰি পেলোৱা জীয়া কাহিনী। এই কাহিনী
কথনত ক’তো ভাবিব লগীয়া হোৱা নাই, এবাৰো জোখ মাপ মাৰি ক’বলগীয়া হোৱা নাই, কাৰণ আমি
জানোঁ, সন্মুখৰজনে বিচাৰকৰ আসনত বহি কাহিনী নুশুনে, নুশুনে কৌতুহলৰ প্ৰাবল্যত
ধৰাশায়ী হৈ মুখৰ ৰুচি পূৰাবলৈ। আচৰিত ধৰণেৰে সাগৰৰ অতি বিস্ময়কৰ ৰূপ এটাই আমাৰ
সন্মুখত ধৰা দিয়াৰ সময়ত আমি এৰা এৰি হৈ থকা নাই। আচৰিত ধৰণেৰে আমি পূৰ্ব-পৰিকল্পনা
মতে (যি এসময়ত অপূৰ্ণ হৈ ৰ’ব বুলি নিজক পতিয়ন নিয়াইছিলোঁ) সৈকতৰ দৃশ্য একেলগে
উপভোগ কৰিছোঁ, যোৱা পাঁচ বছৰে আমাক শিকালে অপেক্ষাৰ অন্তৰ ফলটো কিদৰে অনাকাংক্ষিত
আৰু কেতিয়াবা খাবলৈ খুব মিঠাও হয়।
বতাহত হৰপ্ৰীতৰ চুটি চুলিখিনি ফিৰফিৰকৈ উৰিছে। পূৰ্ণচন্দ্ৰৰ পোহৰত তাইৰ উন্মুক্ত মসৃণ দুবাহু ৰূপালী বৰণ লৈ জিলিকি উঠিছে। ঠাণ্ডা লগাত কোমল ষ্ট’ল এখনেৰে তাই গাটো ঢাকি লৈছে। ৰাজস্থানৰ ঘৰলৈ ঘূৰি নাযায় হেনোঁ তাই - সেইখন ঘৰত তাইৰ বাবে বেয়া স্মৃতি এগালৰ বাহিৰে একো নাই। বিয়াত বহাৰ মতলব নাই, স্বাধীনতা খৰ্ব হোৱাৰ ভয়। আগৰ অস্থিৰ অভ্যাসবোৰ এৰিছে, বুজি নোপোৱা কিবা এটা অ’ত ত’ত বিচাৰি থকাৰ সলনি spiritualityৰ প্ৰতি ধাৱমান হৈছে। ইশা যোগ চেণ্টাৰৰ ইনাৰ ইঞ্জিনীয়াৰিঙৰ ক’ৰ্চ কৰিছে। মোকো লৈ যাব হেনোঁ সদগুৰুৰ আশ্ৰমলৈ, তাৰ বাবে তাই আৰু পাঁচ বছৰ বাট চাব নোৱাৰে হেনোঁ। মই ক’লোঁ - “কাইলৈকে যাওঁ ব’ল। চেন্নাইখনো এপাক চাই আহোঁগৈ।”
“Done!!”
ইয়াৰ পিছৰ পৰ্যায়, চেন্নাই। হয়তো তাতো আমি সাগৰ পাম। যদি
সময় নিমিলে আশ্ৰমতে দুদিনমান কটাম। হয়তো তাত আমাৰ কাহিনীয়ে এক নতুন গতি ল’ব। বা নল’বও
পাৰে। সকলো সময়ৰ হাতত। কিন্তু এই মূহুৰ্তত মই আটাইতকৈ সুখী মানুহ। মোৰ অন্তৰত সুখ
আৰু স্বাচ্ছন্দ্যৰ অভূতপূৰ্ব জোৱাৰ। মই হৰপ্ৰীতৰ দীঘল আঙুলীত হাত বুলাইছোঁ -
মাজনিশা বাৰ বজাৰ সংকেত কোনোবা দূৰ-দূৰণিত বাজি উঠিছে। মই তাইক কৈছোঁ - “কাপোৰ -
কানি সামৰোঁ ব’ল। মোৰ আৰু এক্ষন্তেকো ইয়াত ৰোৱাৰ ইচ্ছা নাই।”
(সমাপ্ত)
E
mail: pratikshyaborah93@gmail.com