হজৰত আলী
দুয়োপাৰি দাঁতৰ যুঁজত তামোল হয় গুড়ি,
আইতাই তামোল চোবায় চপক্ চপক্ কৰি।
কঁকাল বেঁকা ককায়েকে মূঢ়া এটাত বহি,
নাতিয়ে কয়, আইতা সাধু এটা কোৱা,
পাৰিলে এবাৰ মোক কোলাত তুলি লোৱা৷
আইতাই কয় নাতিপোনা লৰ মাৰি আহা,
তোমাক সাধু কোৱাটো মোৰ প্ৰতিদিনৰ বেহা৷
ককাই আহি পাটীত বহি নাতি ল’ৰাক মাতে,
ককা-আইতাই গল্প কৰে নাতি ল’ৰাৰ স’তে৷
আইতাৰ সাধু নাতি ল’ৰাই ভাল বুলি কয়,
ককাই মিছা খং কৰি পেন্দোৱাকৈ চায়।৷
বুঢ়া তুমি নাতি ল’ৰাক খং কিয় কৰা,
তোমাৰ স’তে যুদ্ধ হ’ব
যদি এনে কৰা।
কঁকাল বেঁকা হৈছো বুলি নাভাবিবা বুঢ়ী,
তোমাৰ নাতি মোৰো নাতি ল’ব লাগে গঢ়ি।