ড০ ৰক্তিম ৰঞ্জন শইকীয়া
ভয়াৱহ দুৰ্ঘটনা বুলিলে আমি টাইটানিক ধ্বংসৰ
স্তৰৰ দুৰ্ঘটনাকে বুজোঁ যদিও আজিৰ পৰা ৬৫ নিযুত বছৰৰ আগতে সংঘটিত এটা দুৰ্ঘটনাৰ
ধ্বংসলীলাই হিৰোছিমা নাগাচাকিৰ ধ্বংসলীলাকো চেৰাই গৈছিল। এনে নজিৰবিহীন
দুৰ্ঘটনা পৃথিৱীৰ জীৱনকালত কমেইহে সংঘটিত হৈছিল। পৃথিৱীৰ সমস্ত জীৱকুলৰ ৭৫ শতাংশ
এই দুৰ্ঘটনাত অতি কম সময়ৰ ভিতৰতে মৰি-হজি শেষ হৈছিল। অতিকায় ডাইন’ছৰৰ পৰা আৰম্ভ কৰি
ক্ষুদ্ৰকায় এম’নাইউবোৰলৈ
প্ৰায় সকলো জীৱকুলৰ বিলুপ্তি এই দুৰ্ঘটনাটোতে ঘটিছিল।
আমি উল্লেখ কৰা প্ৰলয়কাণ্ডটোৰ বিষয়ে আজিৰ পৰা
প্ৰায় ২৩০০ বছৰৰো অধিক আগৰে পৰাই ভূতাত্ত্বিকসকল জ্ঞাত আছিল। ১৮০০ চনমানৰ পৰা
ভূতাত্ত্বিকসকলে গেদীয় শিলৰ স্তৰবিলাকত সোমাই থকা জীৱাশ্মবোৰৰ অধ্যয়ন আৰম্ভ
কৰিছিল৷ জীৱাশ্ম হ’ল গেদীয় শিলৰ স্তৰৰ মাজত সোমাই শিলীভূত হৈ পৰা
জীৱদেহৰ অৱশেষ৷ ভূত্বকৰ
তলৰ স্তৰবোৰত ক্ৰমবিকাশৰ একেবাৰে নিম্ন পৰ্যায়ত থকা জীৱৰ জীৱাশ্ম আৰু ক্ৰমান্বয়ে
ওপৰৰ ফালে উন্নত জীৱৰ জীৱাশ্মবোৰ পোৱা যায়৷ এইসমূহে নিম্ন পৰ্যায়ৰ জীৱৰ পৰা উচ্চ
পৰ্যায়ৰ জীৱলৈ ক্ৰমবিকাশক প্ৰতিনিধিত্ব কৰে। ভূতাত্ত্বিকসকলে লক্ষ্য কৰিছিল যে
জীৱাশ্মসমূহ ক্ৰমবিকাশৰ জখলাত আহি আহি আজিৰ পৰা ৬৫ নিযুত বছৰৰ আগতে হঠাতে নাইকিয়া
হৈ পৰিছে৷ তাৰ পাছত যিবোৰ জীৱাশ্ম পোৱা গৈছে সেই আগৰবোৰৰ লগত বিশেষ মিল নথকা
সম্পূৰ্ণ নতুন কিছুমান জীৱাশ্ম৷ অৰ্থাৎ আজিৰ পৰা ৬৫ নিযুত বছৰৰ আগতে পৃথিৱীৰ সমস্ত
প্ৰাণীকুল হঠাতে ধ্বংস পাইছিল৷ তাৰ পাছত সম্পূৰ্ণ নতুন ধৰণৰ জীৱৰ সমাহাৰেৰে নতুন
সৃষ্টি পাতনি হৈছিল। আৰম্ভ হৈছিল এটা নতুন যুগৰ।
যোৱা ২০০ বছৰ ধৰি ভূতাত্ত্বিকসকলে সমস্ত
প্ৰাণীকুলক ধ্বংস কৰিব পৰা এই দুৰ্ঘটনাটোনো কি তাক জানিবলৈ যত্ন কৰি আহিছিল।
উল্লেখযোগ্য যে ভূতাত্ত্বিকসকলে পাথিৱীৰ উৎপত্তিৰ পৰা বৰ্তমানলৈকে গোটেই সময়খিনিক
কিছুমান অসমান বিভাজন থকা এডাল স্কে’লত ভাগ কৰিছে৷ “ভূতাত্ত্বিক
সময় স্কেল” নামেৰে জনাজাত এই স্কেলডালৰ বিভাজনবোৰ অসমান
হোৱাৰ বিশেষ কাৰণ আছে৷ একো একোটা বিভাজনে ভূপৃষ্ঠত সংঘটিত একো একোটা ভূতাত্ত্বিক
সংঘটনে কোনো পৰ্বতৰ উত্থান কোনো মহাদেশৰ ভংগন আদিক প্ৰতিনিধিত্ব কৰে৷ এনে সংঘটনবোৰ
নিৰ্দিষ্ট সময়ৰ ব্যৱধানৰ সংঘটিত হোৱাৰ পৰিৱৰ্তে ভিন্ন ভিন্ন সময়ত হোৱাৰ বাবে “ভূতাত্ত্বিক
সময় স্কেল”ডালৰ বিভাজনবোৰ অসমান৷ ৬৫ নিযুত বছৰৰ আগতে
সমস্ত প্রাণীকুলক ধ্বংস কৰা ঘটনাটোক ভূতাত্ত্বিকসকলে “ভূতাত্ত্বিক
সময় স্কেল”ৰ এটা বিভাজন কৰিলে৷ সেই মতে ৬৫ নিযুত বছৰৰ আগৰ
সময়খিনি অৰ্থাৎ দুৰ্ঘটনাটোৰ আগৰ সময়খিনিক নাম দিয়া হ’ল “ক্ৰিটাচিয়াচ” সময় আৰু দুৰ্ঘটনাটোৰ পাছৰ
সময়খিনিৰ নাম দিয়া হ’ল “টাৰচিয়াৰী” সময়৷ কিন্তু তেতিয়ালৈকে
ভূতাত্ত্বিকসকলে দুৰ্ঘটনাটোনো কি জনাই নাছিল৷ দুৰ্ঘটনাটোনো কি নজনা বাবে জীৱাশ্ম
নথকা শিলাস্তৰত “ক্ৰিটাচিয়াচ” সময় আৰু “টাৰচিয়াৰী” সময়ৰ মাজৰ সীমাৰেখাডাল
সঠিককৈ উলিয়াব পৰা নাছিল৷ এই সীমাৰেখাৰ সমস্যাটোক ভূতাত্ত্বিকসকলে নাম দিছিল কে-টি সীমা সমস্যা (K-T Boundary Problem) আৰু ৬৫ নিযুত বছৰৰ আগৰ দুৰ্ঘটনাটোৰ নাম দিছিল
কে-টি সংঘটন (K-T
Event), কে-টি বিলুপ্তি (K-T Extinction) বা ক্ৰিটাচিয়াচ–টাৰচিয়েৰী সৰ্ববিলুপ্তি সংঘটন (Cretaceous-Tertiary Mass Extinction Event)।
প্ৰায় ২০০ বছৰতকৈও অধিক কাল ভূতাত্ত্বিকসকল
কে-টি সংঘটনটোৰ উৎসৰ সন্ধানত আছিল। সুদীৰ্ঘ কাল ই এটা বৃহৎ ভূতাত্ত্বিক সমস্যা হৈ
থাকিল৷ ১৯৮০ চনত মাৰ্কিন যুক্তৰাষ্টৰ বাৰ্কলে বিশ্ববিদ্যালয়ৰ গৱেষক লুই আলভাৰেজ (Lewis Alvarez) আৰু তেওঁৰ সংগীসকলে ইটালীৰ গুৰ্বিয় নামৰ ঠাইত কে-টি
সংঘটনৰ সময়ত গেদীয় শিলত কিবা ৰাসায়নিক বিক্ৰিয়া হৈছিল নেকি তাক পৰীক্ষা কৰি আছিল৷ তেওঁলোকে
দেখিলে যে যি সময়ত কে-টি সংঘটন হৈছিল সেই সময়তে বোকাশিলৰ স্তৰত
ইৰিডিয়াম নামৰ দুস্প্ৰাপ্য ধাতুবিধৰ ১ চেণ্টিমিটাৰমানৰ অস্বাভাৱিক ঘনত্বৰ
এটা স্তৰ পৰিছে৷ পাছত দেখা গ’ল পৃথিৱীৰ বহু ঠাইত আনকি
সমুদ্ৰতো এই একে সময়তে গেদীয়শিলৰ স্তৰবোৰত ১
চেণ্টিমিটাৰৰ ইৰিডিয়ামৰ স্তৰটো পৰিছে৷ ইৰিডিয়াম পৃথিৱীপৃষ্ঠত অতি দুৰ্লভ ধাতু যদিও উল্কাপিণ্ড বা
গ্ৰহাণুবোৰত ইয়াক উচ্চ ঘনত্বত পোৱা যায়৷ এই সকলো দিশ চালি-জাৰি চাই লুই
আলভাৰেজে সিদ্ধান্ত দিলে যে এই ইৰিডিয়ামৰ উচ্চ ঘনত্ব, কে-টি বিলুপ্তি সকলো এটা অতি
বৃহৎ উল্কাপিণ্ড বা গ্ৰহাণুৱে ভুপৃষ্ঠত খুন্দা মৰাৰ বাবে হৈছিল। লুই আলভাৰেজৰ
সিদ্ধান্তই পৃথিৱীজুৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰিলে৷ বহু ভূতাত্ত্বিকে এই অনুসিদ্ধান্তত সহমত
জনাবলৈ অস্বীকাৰ কৰিলে৷ কিন্ত লাহে লাহে পৃথিৱীৰ বহু ঠাইৰ পৰা ইৰিডিয়ামৰ
বিশ্বব্যাপি থকা স্তৰটোৰ সম্ভেদ আহিবলৈ আৰম্ভ কৰিলে। ইৰিডিয়ামযুক্ত স্তৰটোত থকা
কোৱাৰ্টজ মণিকৰ স্ফটিকবোৰ বিকৃত অৱস্থাত পোৱা গ’ল৷
এনে বিকৃতি ভয়ংকৰ শক্তিশালী বিম্ফোৰণৰ ফলত সৃষ্টি হোৱা তাৎক্ষণিক খুন্দাৰ
দ্বাৰাহে সম্ভৱ হ’ব পাৰে৷ ইয়াৰ উপৰি ইৰিডিয়ামযুক্ত স্তৰটোত
বৃহৎ অগ্নিকাণ্ডৰ সৈতে যুক্ত ক্ষুদ্ৰ ক্ষুদ্ৰ এঙাৰ বা ছাইৰ কণিকা পোৱা গ’ল৷
ই প্ৰমাণ কৰিলে উল্কাপিণ্ডৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত
সমগ্র পৃথিৱীতে হোৱা অগ্নিকাণ্ডৰ কথা৷ কিন্তু আচল প্ৰমাণটো আহিবলৈ তেতিয়াও বাকী৷
পৃথিৱীৰ সমস্ত প্ৰাণীকুল বিনাশ কৰিব পৰা বৃহৎ উল্কাপিণ্ডটো বা গ্ৰহাণুৱে
ভূপৃষ্ঠত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিব লাগিব৷ ক’ত গ’ল
সেই বৃহৎ গাঁতটো? সমগ্ৰ পৃথিৱীত ভূতাত্ত্বিকসকলে এই বৃহৎ গাঁতটোৰ
সন্ধান চলালে৷ এনে সন্ধানৰ অন্তত মেক্সিকো উপসাগৰৰ আশে-পাশে ইৰিডিয়ামযুক্ত
স্তৰটোত এনে কিছুমান গেদ পোৱা গ’ল যিবোৰ ছুনামী বা জোৱাৰৰ ঢৌৱেহে
সৃষ্টি কৰিব পাৰে৷ সাগৰত উল্কাপিণ্ড আহি পৰিলে এনে হ’ব
পাৰে৷ কিন্তু তেতিয়ালৈকে বৃহৎ গৰ্তটো আৱিষ্কাৰ নহ’ল৷
এইদৰে আহি ১৯৯০ চন পালেহি৷ ১৯৯০ চনত এজন মহাজাগতিক ৰসায়নবিদ (Cosmochemist) এলেন হিল্ডেব্ৰাণ্ড (Alan Hildebrand)-এ মেক্সিকোৰ য়ুকাটান
উপদ্বীপ অঞ্চলত ১৯৮০ চনতে ভূপদাৰ্থবিদসকলে পেট্রলিয়াম
আহৰণৰ বাবে গ্ৰহণ কৰা ভূভৌতিক (Geophysical)) তথ্যসমূহ অধ্যয়ন কৰি আছিল। তেতিয়াই তেওঁ ভূপৃষ্ঠৰ তলত প্ৰায় ১৮০
কিলোমিটাৰ ব্যাসৰ এটা আঙঠিৰ দৰে গঠন লক্ষ্য কৰিলে৷ বিশদ অধ্যয়ন, খনন আদিৰ পাছত দেখা গ’ল সেইটো
গেদেৰে ভৰ্তি হৈ মাটিৰ তলত পোত খাই যোৱা এটা অতি বৃহৎ গাঁতহে। “৪০
আৰ্গন/৩৯ আৰ্গন” নামৰ পদ্ধতিৰে সেই গাঁতটোৰ বয়স নিৰ্ণয় কৰি
চোৱাত দেখা গ’ল, তাৰ বয়স ৬৫ নিযুত বছৰ৷ অধিক
পৰীক্ষাৰ পাছত এইটোও প্ৰমাণ হ’ল যে গাঁতটো উল্কাপিণ্ডৰ
খুন্দাৰ ফলতে সৃষ্টি হৈছিল৷ সেই গাঁতটো সৃষ্টি কৰিব পৰা উল্কাপিণ্ডৰ খুন্দাতহে
সমস্ত প্ৰাণীকুলৰ বিনাশ কৰিব পৰাকৈ শক্তি উৎপন্ন হ’ব
পাৰে৷ এই কণীৰ আকৃতিৰ গাঁতটোক “চিক্সুলব্”
(Chicxulub) নামেৰে জনা যায়৷ এইটোৱেই কে-টি গণবিলুপ্তিৰ বাবে দায়ী
গ্ৰহাণুটোৰ খুন্দাত উৎপত্তি হোৱা গহ্বৰ বুলি সকলো পতিয়ন গ’ল৷
অৱশেষত এটা কুৰি বছৰীয়া ৰহস্যৰ অন্ত পৰিল৷
ভূতাত্ত্বিকসকলে ৬৫ নিযুত বছৰৰ আগৰ সেই ভয়ংকৰ
দুৰ্ঘটনাটোৰ সম্পূৰ্ণ চিত্ৰ গণনা কৰি উলিয়াইছে৷
ইৰিডিয়ামৰ স্তৰটোৰ ঘনত্বৰ পৰা ভূতাত্ত্বিকসকলে গণনা কৰি পাইছে যে উল্কাপিণ্ডটো দহ
কিলোমিটাৰ ব্যাসাৰ্ধৰ আছিল৷ এই বৃহৎ উল্কাপিণ্ডটোৱে ২০°-৩০° কোণত, ২০ কিলোমিটাৰ প্ৰতি ছেকেণ্ড বেগত আহি ধৰাপৃষ্ঠত
খুন্দা মাৰিছিল আৰু যিবোৰ শিল-বালি ছিটিকি পৰিছিল তাৰ
সৰহভাগেই উত্তৰ-পশ্চিম দিশলৈ উফৰি পৰিছিল৷ উল্কাপিণ্ডটো
প্ৰচণ্ড গতিশক্তি সম্পন্ন হোৱাৰ বাবে খুন্দা মৰাৰ পাছত বৃহৎ বিস্ফোৰণ
ঘটিছিল আৰু বায়ুমণ্ডলতো বাদেই, মহাকাশলৈও শিল-বালি আদি ছিটিকি গৈছিল৷ সমগ্র
বায়ুমণ্ডললৈ ইমান ধূলি ছিটিকি গৈছিল যে কেইবামাহলৈও সূৰ্যৰ পোহৰ আহিব
নোৱৰাকৈ অন্ধকাৰ হৈ পৰিছিল৷ যাৰ ফলত বহুতো উদ্ভিদ মৃত্যুমুখত পৰিছিল৷ সংঘৰ্ষটোৰ
কেইঘণ্টামানৰ পাছত উফৰি যোৱা কিছু শিল-বালি
প্ৰচণ্ড বেগেৰে বায়ুমণ্ডলত প্ৰৱেশ কৰি আকাশত অসংখ্য জুইৰ গোলকৰ সৃষ্টি কৰিছিল৷
যাৰ ফলত কিছু সময়ৰ বাবে ভূপৃষ্ঠ উতলিবলৈ আৰম্ভ কৰিছিল।
এই সময়তে বেচ কিছু সংখ্যক জীৱ আৰু উদ্ভিদ ধ্বংস হ’ল৷
এই খুন্দাটোৱে ভূত্বক
ফুটাই আগ্নেয়গিৰি, ছুনামিৰো সৃষ্টি কৰিছিল৷ সংঘৰ্ষটোৰ পাছত আৰম্ভ হৈছিল এচিড বৰষুণৰ। পৃথিৱীৰ বায়ুমণ্ডলৰ ৰাসায়নিক ধৰ্মই সলনি হৈ
গৈছিল৷ ছালফিউৰিক এচিড, নাইট্ৰিক এচিড আৰু ফ্ল’ৰাইডৰ
পৰিমাণ বাঢ়ি গৈছিল৷ এই ধ্বংসকাণ্ড সম্পূৰ্ণ গোলকীয় আছিল আৰু কোনো ঠায়েই ইয়াৰ
কৱলৰ পৰা ৰক্ষা পোৱা নাছিল৷ ভূমিভাগ অথবা পানীভাগ, প্ৰাণীকুল বা উদ্ভিদকুল
সকলোৱেই এই ঘটনাত নাশ পাইছিল৷ আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ কোনো কোনো ঠাইতো কে-টি
সংঘটনৰ চিন পোৱা গৈছে৷ মেঘালয়ৰ উম্ চোহৰইংগকিউ (Um Sohryngkew) নদী উপত্যকাত ইৰিডিয়ামৰ স্তৰটো চিনাক্ত কৰা
হৈছে৷ অৱশ্যে উত্তৰ পূৰ্বাঞ্চলত জীৱকুল নাশ হোৱাৰ গতি কিছু ধীৰ আছিল বুলি
ভূতাত্ত্বিকসকলে মতপোষণ কৰিছে।
কে-টি সংঘৰ্ষটোৰ
বিষয়ে নতুন নতুন তথ্য নিতৌ আহিব ধৰিছে৷ ১৯৯৭ চনত ভাৰতীয় ভূতাত্ত্বিক শংকৰ চেটাৰ্জী আৰু তেওঁৰ সহযোগী সকলে “শিৱ
গৰ্ত” (Shiva
Crater)-ৰ
প্ৰস্তাৱ কৰে৷ “শিৱ
গৰ্ত” হ’ল আৰৱ সাগৰত “বোম্বে হাই” তৈলক্ষেত্ৰৰ ওচৰত থকা ৫০০
কিলোমিটাৰ ব্যাসৰ এটা প্ৰকাণ্ড উল্কা বা গ্রহাণুজনিত গাঁত৷ ই বৰ্তমান ৭
কিলোমিটাৰ ডাঠ গেদৰ তলত সোমাই আছে৷ য়ুকাউ্টান উপদ্বীপৰ “চিক্সুলব” গহ্বৰটোতকৈ “শিৱ
গৰ্ত” বহু গুণে ডাঙৰ যদিও বয়স দুয়োটাৰে একেবাৰে একে৷ সেয়েহে বৰ্তমান ধাৰণা কৰা
হৈছে ৬৫ নিযুত বছৰৰ আগেতে এটা অতি বৃহৎ গ্ৰহাণুৰ দলে একে সময়তে বিভিন্ন ঠাইত
পৃথিৱী পৃষ্ঠত আঘাত কৰিছিল৷ “শিৱ গৰ্ত”ৰ
সংঘৰ্ষটোৰ বাবে ভাৰত উপমহাদেশৰ ভূত্বকত পাকিস্তানৰ পৰা
অন্ধ্ৰপ্ৰদেশলৈকে জুৰি প্ৰকাণ্ড ফাট এটাৰ সৃষ্টি হৈছিল আৰু “ডেক্কান
ভলকানিকচ্” নামেৰে জনাজাত আগ্নেয়গিৰিলানিৰ উদ্ভৱ হৈছিল৷
এইলানি আগ্নেয়গিৰিৰ বাবেই ভাৰত উপমহাদেশত “কে-টি বিলুপ্তি” সংঘটিত হৈছিল। “চিক্সুলব” গহ্বৰৰ সৈতে একেবাৰে একে সময়তে সৃষ্টি হোৱা আন দুটা গ্ৰহাণুজনিত
অতিকায় গৰ্ত হৈছে ইউক্ৰেইনৰ কিয়েভৰ ওচৰৰ “বোলট্যোচ
গৰ্ত” (Boltysh
Crater) আৰু ইংলণ্ডৰ পূব উপকূলৰ “চিলভাৰপিট গৰ্ত” (Silverpit Crater)। একে সময়তে হোৱা এইলানি
বৃহৎ গ্ৰহাণুৰ আঘাতেই কে-টি বিলুপ্তিৰ কাৰণ বুলি ভূতাত্ত্বিকসকলে
বৰ্তমান সহমত পোষণ কৰিছে।
এই ঘটনাৰ পাছতে সৰীসৃপৰ পৰিৱৰ্তে
পৃথিৱীত স্তন্যপায়ী প্ৰাণীৰ ৰাজত্ব আৰম্ভ হ’ল৷ এই ঘটনাত ক্ৰিটেচিয়াচ
যুগৰ কিছু চৰাই আৰু স্তন্যপায়ী প্ৰাণী বাচি গৈছিল, যাৰ পৰা আধুনিক চৰাই আৰু
স্তন্যপায়ী প্ৰাণীবোৰৰ উৎপত্তি হৈছিল৷ ইয়াৰ উপৰি কিছু কাছ, ঘঁৰিয়াল পোক-পতংগ, ফুল ফুলা উদ্ভিদ, মাছ, প্ৰৱাল, শামুক জাতীয় প্ৰাণীও এই
প্ৰলয়ত ৰক্ষা পৰিছিল। এই দুৰ্ঘটনাই যেনেকৈ ৭৫% প্ৰাণীকুল নাশ কৰিলে তেনেকৈ বাচি
থকাবোৰৰ বাবে খৰতকীয়া ক্ৰমবিকাশৰো সুযোগ উলিয়াই দিলে৷ এটা সম্পূৰ্ণ নতুন
পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি হ’ল আৰু ইয়াৰ লগত খাপ খুৱাবলৈ সমগ্ৰ জীৱ আৰু উদ্ভিদকুলে নিজকে সলনি
কৰিবলগীয়াত পৰিল৷ গতিকে প্ৰলয়লীলাৰ পাছত পৃথিৱীত কিছুমান নতুন ধৰণৰ
জীৱ আৰু উদ্ভিদ দেখা গ’ল৷ এটা নতুন যুগৰ আৰম্ভণি হ’ল৷
পৃথিৱীৰ সমস্ত প্ৰাণীকুলৰ ৭৫ শতাংশ বিনাশ কৰিব
পৰা এই দুৰ্ঘটনাটো কিন্তু সৰ্ববৃহৎ ধ্বংসলীলা
নহয়৷ এইটো পৃথিৱী পৃষ্ঠত সংঘটিত পঞ্চমটো গণবিলুপ্তিহে। আজিৰ পৰা ২৩০-২৫০ নিযুত
বছৰৰ আগতেই ভুপৃষ্ঠত এনে সৰ্ববৃহৎ দুৰ্ঘটনাটো সংঘটিত হৈছিল৷ পৃথিৱীৰ ইতিহাসৰ
সৰ্ববৃহৎ এই দুৰ্ঘটনাত সেই সময়ৰ পৃথিৱীৰ সমস্ত প্ৰাণীকুলৰ ৯০% ই ধ্বংস হৈছিল৷
কিন্তু এই দুৰ্ঘটনাটোনো কি আছিল আজিলৈকে আৱিষ্কাৰ হোৱা নাই।
গ্ৰহাণু বা অতি বৃহৎ উল্কাপিণ্ডৰ লগত পৃথিৱীৰ সংঘৰ্ষ অতি নাভূত-নাশ্ৰুত ঘটনা নহয়৷ মহাকাশত শ শ গ্রহাণু ঘূৰি ফুৰিছে৷ যি কোনো মুহূৰ্ততে ইহঁতৰ একোটাক পৃথিৱীৰ মাধ্যাকৰ্ষণে নিজৰ ফালে টানি আনিব পাৰে আৰু তেতিয়াই সৃষ্টি হ’ব পাৰে এনে মহাপ্ৰলয়ৰ৷ প্ৰতি ১০০ নিযুত বছৰত ১০ কিলোমিটাৰ ব্যাসৰ একোটা গ্ৰহাণুৱে পৃথিৱী পৃষ্ঠত আঘাত কৰাৰ সম্ভাৱনা থাকে৷ এপোফিছ (Apophis) নামৰ এটা ২৭০ মিটাৰ ব্যাসৰ এটা গ্ৰহাণু ২০১৯ চনত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যায়৷ তাৰ গতিপথৰ সামান্য বিচ্যুতিয়েও প্ৰলয়ৰ সৃষ্টি কৰিব পাৰে৷ অৰ্থাৎ গ্ৰহাণুবোৰৰ গতি-বিধিত নজৰ ৰাখিব পৰা হৈছে৷ ভৱিষ্যতে কোনো গ্ৰহাণু পৃথিৱীৰ ফালে পোনাই আহিলে পাৰমাণৱিক বিস্ফোৰণৰ জৰিয়তে আদবাটতে তাৰ দিশ পৰিৱৰ্তন কৰি দিবলৈ মানুহ সষ্টম হৈ আছে৷ গতিকে মানুহে নিজেই নিজকে ধ্বংস নকৰিলে ষষ্ঠ গণবিলুপ্তি সহজে সম্ভৱ নহয়।
তথ্যসূত্ৰ :
1.
Alvarez, L.W., Alvarez, W., Asaro, F. And Michel, H.V.(1980): Extraterrestial
cause
for
the Cretaceous-Tertiary extinction, Science, 208, 1.095-1.108.
2.
Bhandari, N., Gupta, M., Pandey, J., Shukla, P.N (March, 1094): Chemical
profiles in
K/T
boundary section of Meghalaya, India: Cometary, asteroidal or volcanic,
Chemical
Geology, Volume 113, Issues 1–2, Pages 45–60.
3.
Caldwell, Brady (2007): The K-T Event: A terrestrial or extraterrestrial cause
for
dinosaur
extinction?, Essay in Palaeontology, Uppsala Universitet.
4. Chatterjee, S. 1997. Multiple impacts at the KT boundary and the
death of the
dinosaurs.
Proceedings of the 30th International, Geological Congress 26:31-54.
5. Chatterjee, S., and D. K. Rudra. 1996. KT events in India:
impact, volcanism and
dinosaur
extinction. Memoirs of the Queensland Museum 39:489-532.
6.
Cowen Richard (2000): History of Life, Blackwell Science, Boston,
Massachusetts.
7.
Pierazzo, E (2007): Environmental effects associated with Impact Events,
Workshop
on
Impact Cratering II, Planetary Science Institute (1700 E. Ft. Lowell Rd., Suite
106,
Tucson, AZ
85719, U.S.A.
লেখকৰ ঠিকনা :
সহকাৰী অধ্যাপক, ভূতত্ত্ব বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়
যোৰহাট: ৭৮৫০০১
ভ্ৰাম্যভাষ : ৯৮৫৯৩৪৪৭১৭