হৰেকৃষ্ণ ডেকা
মোৰ ছাঁ এটা আচৰিত বস্তু
ই অশৰীৰী কিন্তু বিদ্যমান ৷
ই মই নহয় কিন্তু ইয়াক মই অস্বীকাৰ কৰিব নোৱাৰোঁ ৷
ই পোহৰ ভাল পায় কিন্তু নিজে পোহৰহীন হয় ৷
ই আকাৰ সলনি কৰে ৷
কেতিয়াবা মোৰ সমুখত ওলায়,
কেতিয়াবা মোৰ পিছফালে, আৰু কেতিয়াবা
গা’ৰ দাঁতিত
কোনোবা এটা ফালে ৷
ই মোৰ ভিতৰতে লুকায় কিন্তু মোৰ মাজত ইয়াক
বিচাৰি নাপাওঁ ৷
কোনোবাই কৈছিল, ভুতৰহে ছাঁ নাথাকে
কিন্তু ভুত নিজেই কোনোবা ভূতপূর্ব শৰীৰৰ ছাঁ ৷
ছাঁৰ বিষয়ে বিজ্ঞানৰ সহজ ব্যাখ্যা আছে
কিন্তু দর্শনে দীঘলীয়া ন্যয়-যুক্তিত নামে ৷
এই বিষয়ত মোৰ মনত পৰি গৈছে
প্লেটো’ৰ গুহাৰ উপকথাটোৰ কথা ৷
মই দাবী কৰিব পাৰোঁ যে মোৰ শৰীৰৰহে কেৱল ছাঁ আছে
আৰু মোৰ মন ছাঁ-মুক্ত ৷
কিন্তু ছাঁ মোৰ মনৰ উৎকণ্ঠা, নিৰাপত্তাহীনতা,
সন্দেহ আৰু উদ্বিগ্নতাৰ উৎপ্রেক্ষা ৷
যিহেতু ছাঁৰ আকাৰ সলনি হৈ থাকে
মোৰ চঞ্চলতাকো কোনোৱাই ছাঁৰ সতে ৰিজাব পাৰে ৷
মোৰ ছাঁটো কোনোৱে কাটিব নোৱাৰে, আৰু মই
মোৰ ছাঁটোৰ দৰেই অভেদ্য হ’ব খোজোঁ ৷
এটা দিন আহিব যিদিনা মোৰ ছাঁ আৰু মই
একে হৈ যাম ৷ আৰু তেতিয়াহে মই অভেদ্য হ’ম ৷
সেইদিনা কেৱল মৰণহে মোৰ গৰাকী হ’ব ৷
মৃত্যুৰ ধাৰণাই মোক মনত পেলাই দিয়ে
সি মোৰ পৰম ছাঁ আৰু সিয়েই মোৰ আজীৱন
অস্ত্বিত্বৰ তুড়ীয় সূচক ৷