অত্ৰেয়ী গোস্বামী
সৰুতে পিতায়ে চুৱাপাতনিত ভাত চেলেকি থকা
কুকুৰ এটাক দেখুৱাই কৈছিল,
"সৌৱা চা ঈশ্বৰ"৷
এদিন পিতায়ে কাৰ্শলা এডালকো
ঈশ্বৰ বুলি কৈছিল৷
ডাঙৰ হৈ দেখিলোঁ শালগ্ৰাম,
বুজিলো ৰাস্তাৰ শিলগুটিও ঈশ্বৰ৷
বাৰিষা কুমজেলেকুৱাবোৰ দেখিলে
মণি-মুকুতা খচিত
ৰাজকীয় সজ্জাৰ
মানুহৰূপী ঈশ্বৰ শামুক হয়৷
নিমখ দিলে গলি যায়৷
বিজলুৱাবোৰত ঈশ্বৰৰ
অৱশিষ্ট নাথাকে৷
আৰু এদিন হঠাৎ ঈশ্বৰ আহিছিল
আইক দেখুৱাই ক’লে,
"সৌৱা মই"৷
পিতাইৰ মিচিকিয়া হাঁহিত
মানৱী ঈশ্বৰ থিতাতে লুকাল৷
ঈশ্বৰ কোন?
ঈশ্বৰ জীৱ৷
য’তেই জীৱ ত’তেই ঈশ্বৰ৷
জীৱ জংগম, ঈশ্বৰ নহয়৷
ঈশ্বৰে কান্দে, ঈশ্বৰে হাঁহে
নহ’লেনো কাণাই বিৰহী কোন সতে?
ঈশ্বৰ সৃষ্টি
ঈশ্বৰ জীৱ৷
ঠিকনা :
তিতাবৰ, যোৰহাট