মদাৰজ্যোতি
নেচা সূতা মেৰিওৱা চেৰেকী দ্ৰৌপদী নহয়
যে দুৰ্যোধন যঁতৰৰ নিৰ্দেশনাত
উঘা দুঃশাসনে টানিয়েই থাকিব
উঘায়ো সপোন দেখে
বোৱনীৰ চানেকীৰ ফুলেৰে ৰঙা পোহৰ লেখে
নেচা সূতা মেৰিওৱা চেৰেকী দ্ৰৌপদী নহয়
যে দুৰ্যোধন যঁতৰৰ আদেশত
মহুৰা কণিষ্ঠ-দুঃশাসনে টানিয়েই থাকিব
মহুৰায়ো কল্পনা কৰে
তাঁতৰ মাকোত গাভিনী বুকুৰ শৰাধ লেখে
এনেকৈয়ে যদি তাঁতি অথবা তাঁতীৰ তাঁতৰ জাতত
অচিনা আঙুলিয়ে চিৰি সলাই ফুল বাছে
তেনে কোনখন মহাভাৰত অশুদ্ধ
শুদ্ধিৰ বাবে বুদ্ধি পাঙি এজনে ফকৰা জুৰিলে-
দুঠেঙে বোলে- এঠেং,
দুঠেং ক’লৈ গ’ল ?
এঠেঙে বোলে- চাৰি ঠেঙত উঠি দুঠেং
ছঠেং বিচাৰি গ’ল
ইয়াৰ পৰাই ৰোজগাৰৰ কাহিনীটোৰ আৰম্ভ
ভোগৰ শেষতো অতৃপ্তি থাকে
কেতিয়াবা উঘাৰ
কেতিয়াবা মহুৰাৰ
কেতিয়াবা ছঠেঙীয়া জিঁয়াখোৱা চৰাই
পোৱালিৰ
আঁচুফুলৰ সূঁতাবোৰ শিখণ্ডী
মাজতে ফুলে
আৰু বিভাজিত কৰে উকা বাটৰ দীঘলীয়া বুৰঞ্জী
দুহাতৰ মাকো আৰু দুভৰিৰ নভবা গৰকাৰ কুটনীতিত