নিবিড় অনুৰাগ মানস
ৰামানুজনে মনত পেলাব পৰা নাই
তেওঁ পাহৰিছে কি?
গছ কাটি গছ ৰোৱাৰ ফুলজাৰি মৰা মাইকটোতো
সিদিনাই দলিয়াই দিছিল ৰামানুজনে
যিদিনা মাইকত চিঞৰি চিঞৰি কৈছিল শব্দ প্ৰদূষণৰ মাতবোৰৰ কথা।
দলিয়াই দিয়াটো হেৰাই যোৱাৰ ভিতৰত ধৰা নহয়।
দৌৰি দৌৰি পাৰ হ’বলৈ প্ৰয়োজন হোৱা সেই সময়বোৰত পোৱামতে
ঘৰৰ পৰা ইচকুললৈ তামোল এখনৰহে বাট…
সেই বাটত গাড়ীখন নিনিলেও ৰামানুজনৰ লাজ নালাগে।
ৰামানুজন কৃপণ নহয়
ৰামানুজন দুখীয়াও নহয়।
গছৰ তলত ঘৰ পতা
খেৰি ঘৰৰ মালিক — ৰামানুজন
চাইকেল চলাই ভাল পোৱা মানুহ — ৰামানুজন।
তেন্তে কি হেৰাল ৰামানুজনৰ!
নাই, মনত দেখোন নপৰে
মেঘ চপৰাত বৰষুণ আছিলনে
আছিল এচিডৰ চুমা — ছালফাৰ ডাই অক্সাইড অথবা কাৰ্বন ডাই অক্সাইডৰ হিয়া।
সেইটো অৱশ্যে ৰামানুজনৰ মনত নপৰা কথা নহয়।
তেন্তে কি হেৰাল ৰামানুজনৰ!
লাহে লাহে জ্বলি উঠা আকাশখন
নে মাটিৰ চিঞৰবোৰ!
ৰামানুজনে ঠিকেই ভাবিছে
এইবোৰ হেৰুওৱাৰ কথা হেৰুওৱাৰ চুঙাটোত নাহেই দেখোন।
ৰামানুজনৰ গাৰুৰ তলতো ঠিকেই পৰি আছে
বেংকৰ পাছবুক
লিখা আছে — SAVE TREE
— SAVE GREEN
তেন্তে কি হেৰাল ৰামানুজনৰ!
টেবুলখনো ঠিকেই আছে
একেদৰেই পৰি আছে জীৱনৰ বীজগণিত অথবা জ্যামিতি!
চাহৰ কাপটো ধোওঁতে
পানীৰ টেপটো খোলাতহে মনত পৰিল ৰামানুজনৰ
আচলতে হেৰাইছে কি!
বাহিৰত ভীষণ গৰম
আজি মন গ’লেই প্ৰেমত পৰিব পাৰি বৰষুণৰ।
পানীৰ টোপালটো প্ৰেমিকা নহয়
সেয়েহে একো নভবাকৈ ৰামানুজনৰ হাতখনক ঘপহকৈ কৈ দিলে—
তোমাৰ ক’লা ছাতিটো নাই
সেই গছৰ তলত অংক কৰোঁতে জপাই থোৱা
তোমাৰ ক’লা ছাতিটো নাই।
চোৱাঁ, ছাতিটো নাই বাবেই কাউৰীজনীও পৰা নাই মাটিত
শিলবোৰো মৰা নাই খোজৰ চাপত।
ৰামানুজনে তৎ ধৰি কৈয়ে পেলালে
সেয়েহে চাগৈ উশাহ বন্ধ সময়বোৰ
দশমিকৰ পৰৱৰ্তী অসীম মানৰ নহয়
ঠিক, পানীৰ টোপালে দেখা
চিৰাল ফাট মেলা ৰামানুজনৰ বুকুখনে বিচাৰি নোপোৱা
সেই ক’লা ছাতিটোৰ ছাঁৰ বেথা।