হৰেকৃষ্ণ ডেকা
স্পৰ্শ এক ভাষা আৰু যোগাযোগ হয়।
চকুত যি ফুটি উঠে ক্ৰমে আগবাঢ়ে,
আৰু স্পৰ্শত আচল হৈ পৰে।
এই ৰসায়ন নুবুজাকৈ অনুভৱ হয়।
ওচৰৰ পৰা আমি দুয়ো দুয়োলৈ চাই আছিলোঁ,
অথচ আমাৰ মাজত বহুত দূৰত্ব।
আমাৰ মনত হেঁপাহ,
কিন্তু ভৰি জঠৰ।
লাহে লাহে আমাৰ মগ্ন চাৱনি
আঁতৰিবলৈ লৈছিল।
দুয়োটা শৰীৰে আবুৰ টানিবলৈ সাজু হৈছিল।
তেতিয়াই আমাৰ দুয়োৰে ছাঁই
ইটোৱে সিটোক স্পৰ্শ কৰিলে।
ৰবিশংকৰৰ চেতাৰৰ গুঞ্জন
আৰু আল্লাৰাখাৰ তবলাৰ লহৰ
একেলগে ক'ৰবাৰ পৰা বৈ আহিল
আৰু আমাৰ বন্দী চাৱনিত নাচিবলৈ ধৰিলে।
লবংগলতা
ছাই বৰণীয়া এই চহৰৰ
চাবুকৰ কোব কিয় সহিছ
ব’ল বৰঙাবাৰীলৈ যাওঁ
নাৰিকলৰ পাতৰ মাজেৰে
জোনৰ পিঠিৰ মৰা তেজ
দেখা মনত আছেনে
সাঁজ লগাৰ গাঁওখন
হঠাতে শূলত উঠা
দবা-কাঁহৰ হুৱা-দুৱা
তই গ’লি নেকি পাহৰি
অ’ লবংগলতা
দাৱনীৰ পিনে দোঁ খোৱা
ধান-কাঁচিয়ে ঢৌ তোলা
ভাটৌ পোৱালিৰ ঠোঁটত
বেলিৰ নাচোন চোৱা
আনন্দই নধৰে হিয়া
যাওঁ ব’ল বৰঙাবাৰীলৈ
হাতত পতাকা লৈ থকা
গুলী খায়ো খহি নপৰা
সঙ্গীনৰ খোঁচ খোৱা
দিন আৰু ৰাতিৰ
ধৰিবলৈ আল্-পৈচান
লবংগলতা
চমকা-ভমকা চহৰৰ ফুল
তাকে চাই চাই নেলাগ তধা
যাওঁ ব’ল বৰঙাবাৰীলৈ
তোৰ ভেঁটকলি পদুম বাটিত
কি লাই হালিছে কি লফা জালিছে
ছাই বৰণীয়া চহৰৰ চকুৰে
তই নেপাৱ দেখা
লবংগলতা
হাৰমতীৰ সঁজাল পাত
দিক্ৰঙৰ ডকাৰ উকি
পিছলাৰ শিলঘঁৰিয়া
মাজৰ চাপৰিৰ সাধু
তামোলবেপাৰী কোন
পোৰামাটিৰ চৰুমুখীয়া চহৰীয়াৰ
ৰৌজাল-বৌজাল মাতৰ
ছলাহী হাতৰ কলাপী মুদ্ৰা
এফলীয়া কৰি থৈ
যাওঁ ব’ল বৰঙাবাৰীলৈ
লবংগলতা অ’ লবংগলতা
বহুবেলি হ’ল
আৰু পলম কৰিলে
আয়ুসূতাত লাগিব আউল
উপন্যাসৰ কিতাপ মেলি চাইছোঁ
এৰা-এৰি
অলকেশ কলিতা
গে'টখন তায়ে জপালে
আৰু ভিতৰৰ ফালে ৰ'ল।
চাতকৈ এবাৰ উলটি চাই
মই বিয়পাই দিলোঁ
বিচ্ছেদৰ মৃদু সুঘ্ৰাণ।
তাইৰ হাঁহিটো চাগে ক্ৰমাৎ কলা কলাকৈ
খহি পৰিছে
আৰু মই লাহে লাহে আন্ধাৰ গাঢ় হৈ অহা দেখিছোঁ।
মই এৰি আহিছোঁ
কিছুমান এঁৱা সূতাৰ জঁটত
এখন লাহী ৰাঁচ:
প্ৰেম।
এতিয়া ঘন জোপোহাৰে ভৰা তাইৰ বাগিচাখন
এন্ধাৰৰ মাজেৰে
মোৰ লগে লগে আহি আছে
য'ত কিছুমান ৰাতি ফুলা সুগন্ধি ফুল
ফুলি থাকিব শেষৰ ৰাতিটোলৈকে।
মৰা মানুহ
ভটিয়নি ভোটভোটিত ভেকুলী জাঁপ দি
চকুমেলা অন্ধ গাঁওবুঢ়াৰ আখৰ আন্ধাৰ দেখা পুতেক গাঁওবুঢ়া
জাৰৰ জুহালত কাৰ শৰীৰ খৰি হৈ জ্বলে
দাৱনী কাঁচিয়ে কটা ধাননিৰ লেছেৰি বোটলা আঙুলি
কবিতকৈ কবিতা মোৰ একান্ত অনুৰাগ
উশাহ বিলাবলৈ কোনেও গছ হৈ
এইবোৰ সকলো জানিও যিয়ে একোৱেই নাজানে
মৰা মানুহে শ্মশানলৈ নাযায়
যাৰ সকলো আছে
অথচ একো এটা নাই
তেনে মৰা মানুহৰ লগত মৰি থাকিবলৈ
সমূলি মোৰ মন নাই৷
ৰাতি বিষয়ক
স্মৃতিৰ পাদুকা পিন্ধি ৰাতিবোৰক
পাত পাত কৰাৰ পাছত
বুকুৱে খেপিয়াই ফুৰে
তন্দ্রালু দুনয়নৰ অঘৰী ঠিকনা
ৰাতি মানেই হাতী
ইকাটি-সিকাটি কৰিলেই
বিৰ্বিৰাই উঠে হুতাশনৰ লেলিহান ওঁঠ আৰু
উষ্মাৰ ধুমুহাই খহাব খোজে সোণসেৰীয়া মণিকোঠা
(জনাই জানে, যিটো আনে নাজানে)
পোহৰক ভেঙুচালি কৰি
ৰাতিবোৰ জয়াল হয়
গোপন ঘাবোৰ লিৰিকি
মলঙা চকুবোৰ উখহে
শিলুৱা বাটটোৰ ওজন বাঢ়ে নে কমে!
এন্ধাৰৰ একাকিত্ব যাৰ আলফুল সাৰথি
তেনে প্রত্যেকজন লোক ভিতৰৰ পৰা নিঃসংগ
(ৰাতিয়ে এই কথা জানে)
আপাততঃ মই এনে এটা ৰাতিৰ সন্ধানত আছোঁ
য’ত শূন্যতাৰ বাদে আন একো নাই
স্মৃতিও...
মাটিৰ উশাহ
পৰাগজ্যোতি মহন্ত
মোৰ কবিতাত উঠক জী
সৰাপাতে ঢাকি থোৱা মাটিৰ উশাহ
মই মোক মাটি হ’বলৈ জীণ নিয়াম
মাটিৰ বুকুৰ পৰাই উঠি আহিম মাত এটা কাটি মাটিৰ মুৰুলীৰ
থোৰ মেলা শব্দৰ গজালিৰ পোহৰত
এৰাল দিয়া মোৰ হাত আৰু চকুৰ
দ্যোতনাত লালিত হ’ব মোৰ কবিতা
অসুখী মোৰ কবিতা অসুখী কবিৰ দৰেই
মোৰ কবিতা কুঁৱলীৰ সূতাৰে বোৱা চাদৰৰ দৰে শুভ্ৰ হওক
শৰতৰ সকলো অশান্ত নিৰ্যাস সঞ্চিত হওক মোৰ কবিতাত
মোৰ কবিতাত নিৰ্বাণ হওক সকলো ভোকাতুৰ কবিৰ ভোক!
কবিতাৰ লঘোনীয়া উদৰ৷
কবিতাই মোক সাৰে ৰাখিব খোজে ৰাতিৰ অসুখৰ দিনতো৷
মৰি মৰিও মই জী থাকিম৷
সকলো অনিদ্ৰাৰ ৰাতিৰ নিদ্ৰা
পথ্য হ’ব কবিতাৰ বাবে৷
উকা কাগজৰ নিৰ্যাসবোৰ
ইতিমধ্যে মই গ্ৰহণ কৰিছোঁ মোৰ জীৱনৰ লঘোনীয়া দিনবোৰতো
মোৰ ওঁঠৰ পিয়াহত
কবিতাই বাকি দিয়ে শব্দৰ অম্লজ পাৰিজাত৷
আজি কবিতাই শুনক প্ৰতিটো জাতিৰ আৰ্ত স্বৰ
মাটিৰ বুকুত গজি উঠক শইচৰ সম্ভাৱনা
কাগজ
সাৰাংগপাণি কলিতা
উৰি থকা কাগজখিলাই
শূন্যত বুকু থৈছে
পৰজনমৰ সন্ধানত
বতাহ-ধূলি-বোকা-পানীৰ সুৰেৰে
সুন্দৰৰ পদূলিয়ে পদূলিয়ে
অপেক্ষাৰ আকাশ
ৰ'দালিয়ে কলম হৈ
বৰষুণ চিয়াঁহীৰে
লিখি যায় কেঁচা মাটিৰ গোন্ধ
উকাবোৰে প্ৰাণ পাই উঠে
সেউজীয়া হ'ব খোজা দৃষ্টিৰ দুৰন্তত
সাগৰৰ দৰে উত্তাল
তৰাৰ দৰে মায়া
মেৰুদণ্ডহীন কাগজখিলা
আজি গোলকীয় ৰজনীগন্ধা
গৰ্বচূৰ্ণ আদৰ্শৰ শুকুলা
হাজৰ জনৰ হাতে ঢুকি নোপোৱা
বহু পৃষ্ঠা
কেঁচা অথবা পকা বন্ধোৱা বজাৰত
ৰেকত ঠাক ঠাক
ঠিক সময়ত
সৰকি যোৱা কাগজখিলা
আজি জনতাৰ উচ্চতম প্ৰভা
ধ্ৰুৱাৰ্ক চৌধুৰী
তুমুল ব..ৰ..ষু..ণ
হিয়াভগা কান্দোন
চকুলো
কাৰ?
ঋষভ নাথ
জোনাকী পৰুৱাবোৰ
ঠিক তেনেতে ,
ৰাসৰ শেষ দোকানখনত
তয়ে নে অ' আঁকৰী!
তোৰেই আঙুলি লাগি
উভতি আহে সুহুৰি
ওঁঠ ঘূৰি ঘূৰি
কাটে হাঁহি
তেনে কানাই সঁচাকৈ সত্যৰ আধা
পোহৰৰ পিঠিত লুকোৱা ছাঁ
পিছে ৰাধা তই
নিঃকিন শিল্পীৰ
কি চৌখিন কল্পনা
দেখিছনে সেই নেদেখাখিনিত
নিয়তি বৈ বৈ
ৰৈ যোৱা এখনি নৈ
মৈথুন-বিচনী ভাঙি
আৰু নিদিওঁ দে শপতক পাখি
নপঠিয়াওঁ চিঠি সখি বতাহৰ হাতে
টোপনি কোঁচাই এবাৰ চা তই
সৰাপাতৰ সপোন ধোঁৱা
তোৰ চেঁচা গালে-মুখে
বুলালেই জুই
ক্ষমা কৰিব পৰিবিনে
মোৰ বেসুৰীয়া আঙুলিবোৰক?
এনেয়ে কি পানীৰ কৌস্তুভ পাঞ্চজন্য
নিজতে ডুবি দুয়োহাত শূন্য
চাচোন কেনেকৈ
তোৰ আধাফুটা চকুত ঠোঁট থৈ থৰ
মোৰ মৌপিয়া-প্ৰহৰ
কি দুখ-বেদনাৰ নাম তই ৰাধা
সিৰাই-ধমনীয়ে লৈ অপ্ৰাপ্তিৰ পাৰা
আজি অত অতীতৰ পাছতো
হেজাৰ প্ৰতিশ্ৰুতিৰ বাবদ
এটি ধাতৱ ভৱিষ্যৎ
তথাপিচোন
মোৰ সাহত নুঠে ধাৰ
আদায় দিবলৈ
তোৰ মৌনতাক এখনি কাণ
দিশ হেৰুওৱা পখিলাক
ফুলদানিৰ বেলি
পাহৰণিত কাগজৰ নাও মেলিলেই
ঢিমিক্-ঢামাক্ হাতবোৰে
বিচাৰি আহিবহি
কাহিনীৰ বাঁহী
তোৰ একলহ মগ্নতাত
যেতিয়া ওপঙে মোৰ মন
ৰাতিবোৰ মচগুল
দিঠকো সপোন
তেতিয়া ৰাধা
অ' আমঠুৰ আধা
তয়ে সোঁৱৰণি-ৰখীয়া
ইফাল-সিফাল কৰি থকা পঁইতাচোৰাবোৰৰ মাজত
এদিন এটা খবৰ বিয়পি পৰিল,
মানুহৰ আছে হেনো দেশে দেশে বহুতো ঈশ্বৰ
যিবোৰে নিশ্চিত কৰে মৰা মানুহৰ স্বৰ্গ নাইবা নৰকত পদাৰ্পণ৷
মানুহে পালে নিজৰ নিজৰ বহুতো ঈশ্বৰ,
আৰু অনাদি কালৰে পৰা পৃথিৱীৰ সমস্ত দুৰ্ঘটনাই
আজিলৈকে নিশ্চিহ্ন কৰিব নোৱৰা
আমি পঁইতাচোৰাবোৰে নাপালোঁ এটাও ঈশ্বৰ৷
‘‘ইয়াৰ প্ৰতিবাদ হওক’’, সমস্বৰে
আটাহ পাৰি উঠিল এজাক পঁইতাচোৰা৷
ৰেলগাড়ীৰ ডবাই ডবাই গুঞ্জিবলৈ ল’লে সেই চিঞৰ,
ঈশ্বৰপিয়াসী বুভুক্ষু পঁইতাচোৰাবোৰে
পৃথিৱীৰ প্ৰতিটো আস্থানতে বিক্ষোভৰ জুই জ্বলাই দিলে ৷
পিছে কোনেও সিহঁতক পাত্তাই নিদিলে,
মানুহৰ সমাজত পঁইতাচোৰাৰ বিপ্লৱ যেন অৰণ্যৰোদন৷
বাস কৰা কেইটামান পঁইতাচোৰাই ভাবি উলিয়ালে
বিক্ষোভৰ এটা অভিনৱ উপায়,
পৃথিৱীৰ প্ৰতিখন মহানগৰ আৰু সকলো সৰু-বৰ চহৰৰ
নৰ্দমা পৰিষ্কাৰ কৰিবলৈ যোৱা
বনুৱা মানুহবোৰক আক্ৰমণ কৰিলে
নলাৰ পৰা ওলোৱা হেজাৰ-বিজাৰ পঁইতাচোৰাই৷
মানুহৰ বনুৱাবোৰ নিৰুপায়ত পৰিল,
সদায় সহযোগিতা কৰা পঁইতাচোৰাবোৰ আজি বিদ্ৰোহী,
সিহঁতৰ কামোৰত বহুতো বনুৱা হ’ল ধৰাশায়ী ৷
মৰিও নমৰে পঁইতাচোৰা, এটা মাৰিলে চাৰিটা ওলায়৷
বনুৱাবোৰে কাম এৰিলে,
মানুহৰ সমাজত নৰ্দমাৰ দুৰ্গন্ধই লগালে হাহাকাৰ৷
পঁইতাচোৰাবোৰৰ লগত কৰিলে চুক্তিনামা,
আজিৰ পৰা পঁইতাচোৰাবিলাকৰো থাকিব ঈশ্বৰ৷
নীলা তেজৰ, ৰঙা দেহৰ ঈশ্বৰ এটা পাই
পঁইতাচোৰাবোৰ লাহে লাহে শান্ত হ’ল৷
পিছে ঈশ্বৰ এটা পোৱাৰ লগে লগে
এই প্ৰাচীন পঁইতাচোৰাবোৰৰ বিৱৰ্তন আৰম্ভ হ’ল,
আৰু চাই থাকোঁতে চাই থাকোঁতে,
এহেজাৰমান বছৰৰ ভিতৰত
দুটা-এটা নাস্তিক পঁইতাচোৰাত বাদে
বাকী সকলো পঁইতাচোৰা ক্ৰমশঃ মানুহলৈ ৰূপান্তৰিত হ’ল৷
মৰিয়াই মৰিয়াই পাহাৰৰ ওপৰৰ পৰা সাগৰলৈ দলিয়াই দিলে৷
মৰিবলৈ ধৰা পৃথিৱীৰ শেষ পঁইতাচোৰাটো
পাহাৰৰ যুঁৱলিৰে চুঁচৰি গৈ
সাগৰতলীত পোত গৈ থকা অলেখ নিযুত বছৰ পুৰণি
এটা ডাইন’ছৰৰ জীৱাশ্মৰ কাষত হামখুৰি খাই পৰিল,
মৰাৰ আগে আগে সেহাই সেহাই পঁইতাচোৰাটোৱে
ডাইন’ছৰৰ জীৱাশ্মটোৰ কাণত ফুচফুচাই সুধিলে,
‘‘হেৰা, তোমালোকৰ ঈশ্বৰ আছিলনে?’’
সুধিয়েই পঁইতাচোৰাৰ শেষ প্ৰতিনিধিটো মৰি থাকিল;
আৰু ডাইন’ছৰৰ প্ৰাগৈতিহাসিক জীৱাশ্মটো
ঈশ্বৰৰ নাম শুনি লাহে লাহে সাৰ পাই উঠিল!
বাটৰ মোৰত তেওঁ ৰৈ আছিল৷
ক’ৰবালৈ যাবলৈ ওলাই ৰৈ থকাৰ দৰে লাগিছিল৷ মাত্ৰ ক’ত যাব যেন
তাক ঠিৰাং কৰিব পৰা নাছিল৷
কিবা ক’ব খোজা যেনো লাগিছিল, কিন্তু কি ক’ব খুজিছে তাক যেন বুজা নাছিল৷
ভাব হৈছিল তেওঁ যেন একেবাৰে নিৰাসক্ত
পথটোত তেওঁ অকলে নাছিল,
আগে-পাছে আৰু বহুজন৷
কোনোবাজনে তেওঁক চেৰাই গৈছে
আন কোনোবাজন হয়তো পিছে পিছে আহি আছে
কিবা ভাবি মই ৰৈ দিছিলোঁ আৰু তেওঁ মোৰ লগ লৈছিল
যোৱাৰ বাটত ডাঙৰ ডাঙৰ মাতেৰে তেওঁ কথা আৰম্ভ কৰিলে
প্ৰাণখোলা হাঁহিৰে সকলোকে সম্ভাষণ জনালে
বাটটোও যে কি আশ্বৰ্যকৰ!
ডোঙা বন্ধা পানী, তাতে কাঁইটীয়া ফুল৷
এটা সময়ত কোন আগত আছে, কোন পিছত আছে তাৰ যেন ঠিকনা নোহোৱা হ’ল৷
মানুহবোৰ মাথোঁ গৈ আছে৷
এসোপা বেলেগ বেলেগ মানুহৰ মাজত গৈ থাকোঁতে
কোনোবাই গান গাইছিল,
কোনোবাজনে এৰি অহা বাটৰ কাহিনী কৈছিল
এটি নিসংগ কিশোৰে আহি কৈছিল:
মই আকাশৰ ছবি আঁকি আনিছোঁ
কোনোবাজনে কেতিয়াবা আন এক বাটৰ কাহিনী কৈছিল,
উজুটি খাই পৰিব খুজিল কেতিয়াবা কাষৰজনে তুলি ধৰিছিল
কেতিয়াবা আনজনে নোচোৱাকৈও পাৰ হৈ গৈছিল
বাটৰ আধাখিনি পাৰ তেনেকৈয়ে হ’লোঁ,
কিছুমানৰ মুখবোৰ লুকাই পৰিল
ধূলিৰ আঁৰত৷
আন কিছুমানৰ ডাৱৰৰ আঁৰত,
উৰি যোৱা চৰাইৰ পাখিয়ে ঢাকি ধৰিলে আন বহুজনৰ
মুখ
আন্ধাৰত খেপিয়াই খামুচি ধৰিব খুজিছিলোঁ
কাৰোবাৰ হাত
পোহৰ হ’লত দেখিলোঁ সেইখন তেওঁৰ হাত,
বাটৰ পিছৰছোৱা যে কিমান চমকেৰে ভৰা
কাষত সেউজ পাহাৰ, তাতে থিয় থিয় শিল
লতাত বগাই যোৱা বৰণীয়া ফুল
পিছল শেলুৱৈত খুপি খুপি যাব লাগে
কেতিয়াবা গাত লাগে জোনাকৰ জোল
সুখৰ পুখুৰী দেখিলেই ৰওঁ যেন লাগে
দুখৰ পাহাৰো তাৰ পিছতেই থিয় দি থাকে,
কিমান কেঁকুৰিৰ পিছত কেঁকুৰি পাৰ হ’লোঁ
বাটৰচোন শেষেই নাই
কিমান দূৰত যে এৰি আহিলোঁ আকাশৰ ছবি অঁকা
নিসংগ কিশোৰটি আৰু
কাহিনী কোৱা মানুহবোৰ
আহি আছেনে বাৰু সিহঁতো?
নাই কোনেও নাজানে,
কাৰণ সকলো মাথোন আগলৈহে গৈছে৷
আন্ধাৰ হ’লে মাথোঁ খেপিয়াই চাওঁ,
বাৰে বাৰে তেওঁৰ হাততে লাগে মোৰ হাত৷
এটা ঘৰৰ কাহিনী
কাউৰী
চৰাইৰ মাতত চকু মেলা বেলিয়ে
বুজি পোৱা হ'লে মাতৰ মিঠা
ভাগ হ’লহেঁতেন পোহৰো
উশাহ দিয়া গছে চিনি নাপায় চৰাইৰ জাত,
চৰায়ে নিচিনে দেশৰ সীমা,
বতাহত পৃথিৱীৰ চিলা৷
সেই চিলাত ওলমি আহে এটি প্ৰশ্ন—
কোনে শুনিছিল! কোনে শুনিছিল!
কোনে বিয়পাইছিল কঠুৱা মাত!
কঠুৱা মাত শুনিয়েই বিছনা এৰা পিতায়ে
পুৱাই গৰুহাল জোৰোঁতেই
জো...ৰ...কৈ চকুহাল মেলি
পঢ়া টেবুলত বিচাৰিছিলোঁ জীৱন-সূত্ৰ
সেই ঋতুতেই গাঁৱৰ বহু পাহুৱাল ডেকাই
ঢপলিয়াই পাইছিলগৈ সীমান্তৰ যুদ্ধক্ষেত্ৰ
কা কা মাতত ছিগিছিল এন্ধাৰৰ মালা
গাৰুত লেপেট খোৱা লেলাউটিত
ছট্ফটাইছিল প্ৰণয়ৰ এহালি পৰুৱা
পোহৰৰ ছিটিকনিত জিলিকি উঠিছিল
পাৰসজাৰ মুখত এটুকুৰা আইনা
য'ত কৰ্কশ মাতে সেও মনা বলত
জীয়াই আছিল আইৰ সাহ
যি সাহত আয়ে কিনিছিল উদৰৰ দৰৱ,
শীতৰ উম আৰু ব'হাগৰ সুখ
তথাপি আইৰ মুখেৰে শুনিছিলোঁ -
কা’য়ে খবৰ আনে,আলহী আনে
অমঙ্গলীয়া, বদনামী হয় কাউৰী
এনেকৈয়ে মুখে মুখে বাগৰি আহে
কত কিমান যে কাউৰী কাহিনী
চহৰখন গাঁৱলৈ অহাৰ পাছত
বাঢ়নী কাঠিত খুঁচি লোৱা লিচুগুটিৰ টুকুৰাটোৰ দৰে
গাঁওখন ঘূৰিছিল চহৰীয়া বতাহৰ আঙুলিত
আৰু থানবান হৈছিল কাউৰী-চুবুৰি
এতিয়া মোৰ বুকুত এজাক কাউৰীৰ বাহ
বাহ সজা দিন ধৰি
গাঁওখনত কাউৰী বুলিবলৈ কেৱল মই
বগলীৰ সভাত বুঢ়াগছৰ ডালত বহি ৰমলিয়াওঁ
পোতা পুখুৰীত বহি ল'ৰাটোক ক'লোঁ—
সৰ্বভোজী কাউৰীয়ে বুজি নাপায় জাত-পাত
নুবুজে ধৰ্মৰ ৰং