হৰেকৃষ্ণ ডেকা
“Just when you think you know
something, you have to look at in another way. Even though it may seem silly or
wrong, you must try.”
From the movie Dead Poet’s Society
কালি গধূলি পথাৰৰ গছকেইজোপাৰ
ডালবোৰ
লঠঙা হৈ পৰা দেখিছিলোঁ ৷
সৰাপাতে তল ভৰি আছিল ৷
চকুত লাগিছিল হেলনীয়া বেলিৰ
হালধীয়া পোহৰ ৷
দোকমোকালিতে বতাহৰ সতেজ স্পর্শ
পালোঁ ৷
পথাৰলৈ ওলাই আহিলোঁ ৷
দেখিলোঁ, সৰাপাতবোৰ এজাক ভাটৌ হৈ
ক’ৰবালৈ উৰি গ’ল !
কেৱল কল্পনাহে আছে ৷
কাকতৰ ওপৰত থিৰ হৈ আছে কলম ৷
উকা কাকতত চিয়াঁহিয়ে চিন দিব পৰা
নাই ৷
যদি ভাটৌৰ জাক মোৰ মূৰৰ ভিতৰলৈ
সোমালহেঁতেন !
খুটিয়াই আখৰবোৰ আঙুলিৰে
সৰালেহেতেন !
আধুনিকৰ পৰা অতি-আধুনিক বাটেৰে
ঘূৰোঁতে
পথাৰ, গছ, ভাটৌৰ কথা পাহৰিছিলোঁ ৷
খেলিমেলি কোলাহলৰ জঁটৰ মাজেদি
পথ বিচাৰোঁতে
শব্দৰ ভগা-ছিগা আখৰুৱা টুকুৰাবোৰ
গুবৰুৱাৰ গুঞ্জনৰ দৰে হৈছিল
আৰু মূৰ-ঘূৰণিত হেৰাইছিল ৷
তাৰ আগতে মৃত কবিসকলৰ লগত
সহবাস কৰিছিলোঁ ৷
তেওঁলোকে উদ্যান একোখন পাতিছিল ৷
তেওঁলোকৰ সতে আলাপো কৰিছিলোঁ ৷
কিন্তু পাছত দেখোন উদ্যানত
ফুলৰ ঠাইত বন গজাহে দেখিছিলোঁ !
ফুলবোৰক যেতিয়া জাকি মৰা পখিলা
যেন লাগিছিল
তেতিয়াই চহৰীয়া বাটত দ্রুত যানৰ
ভ্রমণ-সূচী পাইছিলোঁ ৷
পুৰণি ঢঙৰ বাগিচা আওপুৰণি যেন
লাগিছিল ৷
বনগুটি নিবিচাৰোঁ বুলি ওলাই
আহিছিলোঁ ৷
বাট-পথ যে ভাগি-ছিগি আছে জনা হ'লে !
যান-জঁটৰ কথা কোনোবাই কোৱা হ'লে !
এই ভ্রমণ-সূচীত ক’তো
নিৰৱতা নাই,
কেৱল উকা কাকতহে নীৰৱ ৷
য’ত বিচাৰোঁ মুখৰতা,
তাত জঠৰ সকলো কথা ৷
পৰিহাস !
মৃত কবিসকলে কাণে কাণে কিবা কৈছে
৷
তেওঁলোক মৃত হৈও জীয়াই আছে ৷
তেওঁলোকৰ বাগিচাত বনৰ মাজত
এতিয়াও ফুলগছ আছে৷ ঠন ধৰা গছত
পখিলাবোৰ দেখোন ফুল হৈ আছে !
আজি কবিতাৰ দিন ৷
এতিয়া কলমৰ আগ কঁপিছে ৷
মগজুত শুনিছোঁ,
য’ত যি পালোঁ মথি
উলিয়াব জানিলে
চিয়াঁহিৰ আঁকত খেলিমেলি কথা
কবিতা হ’ব
৷