অন্যযুগ/


অসমৰ লোক গণিত কাইথেলী অংক

  ৰাস্না ৰাজখোৱা

                                                                                                   

পৃথিৱীৰ সকলো বৈজ্ঞানিক আৱিষ্কাৰৰে মূল গণিতবিদ্যা৷ দৈনন্দিন জীৱনত গণিতৰ প্ৰভাৱৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ বজাৰত দুই কিলোগ্ৰাম আলু কিনিবলৈ গলেও অংকৰ কথাই আহে৷ মুঠতে গণিতক বাদ দি একো কথাই চিন্তা কৰিব নোৱাৰি৷

প্ৰাচীন যুগৰ পৰাই অসমত গণিত বিদ্যাৰ চৰ্চা সম্পৰ্কে জনা যায় যদিও অসমত কমতা, কোঁচ আৰু আহোম ৰজাসকলৰ শাসন কালত অৰ্থা মধ্যযুগৰ অসমত ৰাজকীয় আৰু সামাজিক হিচাপ-নিকাচ ৰখা বা গণিতৰ অধ্যাপনা কৰা কামত কায়স্থসকলেই ঘাইকৈ নিয়োজিত হৈছিল আৰু সেই কাৰণে এই পদ্ধতিবোৰৰ অনুশীলন আৰু বিকাশত তেওঁলোকেই বহুখিনি জড়িত হৈছিল৷ সেইবাবে এনে অনুশীলন পদ্ধতিক কাইথেলী বিদ্যা বোলা হৈছিল৷ অসমৰ কায়স্থসকলে সেই সময়ত এক বিশেষ ধৰণৰ অংক পদ্ধতি উদ্ভাৱন কৰিছিল৷ এই অংক বিদ্যাবিধক কাইথেলী অংক বুলি কোৱা হৈছিল৷ প্ৰথমতে এই অংক জ্ঞান মানুহৰ মুখে মুখে প্ৰচলিত আছিল৷ পিছলৈ মুখে মুখে চলি অহা অংকসমূহ সংগ্ৰহ কৰি সাঁচিপতীয়া, তুলাপতীয়া বা স্থানীয়ভাৱে‍ নিৰ্মিত কাগজত লিপিবদ্ধ কৰি পুথিৰ আকাৰত সংৰক্ষণ কৰা হৈছিল৷ অংকৰ এই কিতাপসমূহ অসমৰ পৰম্পৰাগত শিক্ষানুষ্ঠান বা টোলসমূহত পোৱা হৈছিল৷ এতিয়াও বহুত পৰিয়ালত কাইথেলী অংকৰ পুথি সংৰক্ষিত হৈ আছে৷  আজিকালিও গাঁওসমূহত এই ধৰণৰ অংকসমূহৰ কিছুমান অংক মানুহৰ মুখত শুনা যায়৷   

কাইথেলী অংক পদ্ধতিৰ দ্বাৰা মাটিৰ হিচাপৰ নিয়ম, মাটিৰ পিয়ল, বজাৰৰ দৰৰ জমা-খৰচৰ হিচাপ, কাঁহ, তাম, পিতলৰ দাম, ওজন, ভঁৰালৰ শস্যাদিৰ পৰিমাণ, গণনা, ঘৰ-দুৱাৰ সজাৰ জোখ-মাখ, বাঁহ-বেত আদিৰ পৰিমাণ, ঘৰৰ ভেটি তোলাৰ সকলো প্ৰকাৰৰ নিয়ম, সূতা কটা, কাপোৰ বোৱা-কটাৰ নিয়ম, প্ৰজাৰ কৰ-কাটল, ৰাজভঁৰালৰ আয়-ব্যয়, জ্যোতিষ সম্পৰ্কীয় গণনা, মাটি কটাৰ জোখ-মাখ, আমদানি-ৰপ্তানিৰ হিচাপ, বেপাৰৰ লাভ-লোকচানৰ হিচাপ, বছৰ-মাহ-দিনৰ হিচাপ, গাঁৱৰ মানুহৰ হিচাপ ৰখা আদি অতি সহজতে কৰিব পৰা গৈছিল৷

অসমত গণিত চৰ্চাৰ বাবে যিজন মানুহে অগ্ৰণী ভূমিকা লৈছিল তেওঁ হল বকুল কায়স্থ, কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজসভাৰ পণ্ডিত৷ মহাৰাজ নৰনাৰায়ণৰ সময়তে দৰং ৰাজবংশাৱলীৰচিত হয়৷ দৰং ৰাজবংশাৱলীত উল্লেখ আছে যে নৰনাৰয়ণ ৰজাই দ্বিতীয় ভাস্কৰাচায্যৰ্ৰ কিতাপৰ কিছু অংশ তেওঁক অনুবাদ কৰিবলৈ অনুৰোধ কৰিছিল

শুনিও শ্ৰীধৰ তুমি মোৰ বাক্য ধৰা৷

জৌতিষক ভাঙ্গি তুমি সাধ্যখণ্ড কৰা৷৷

বকুল কায়স্থ তুমি ভাঙ্গা লীলাৱতী৷

অল্পতে বুজয় যেন কায়স্থে সম্প্ৰতি৷৷ ৬০৯

সেই অনুৰোধ ৰক্ষা কৰি বকুল কায়স্থই ভাস্কৰাচাৰ্য্যৰ সিদ্ধান্ত শিৰোমণি’ পুথিলীলাৱতীঅংশটো অসমীয়ালৈ অনুবাদ কৰে৷ সম্ভৱতঃ সেইখনেই অসমীয়া ভাষাত লিখা প্ৰথম গণিত পুথি৷ পুথিখন বৰ্তমান অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে বুলি জনা যায়৷ অসমীয়া ভাষাত গণিত বিষয়ক প্ৰথম মৌলিক পুথিখন বকুল কায়স্থই লিখে৷ ১৩৫৬ শকত লিখা সেই পুথিখনৰ নাম হকিতাবত মঞ্জৰী কাইথেলী অংকৰ গৱেষক ° দণ্ডীৰাম দত্তদেৱৰ মতে ৭৮ টা পাতৰ (১৫৬ পৃষ্ঠাৰ) এই কিতাপখনত তলব, জৰীপ, জমাবন্দী, জমা-খৰচ আৰু পিয়লৰ বিষয়ে লিখা আছে৷ কিতাপখনত বকুল কায়স্থই প্ৰাচীন অসমৰ চাৰিজন গণিতজ্ঞৰ নাম উল্লেখ কৰিছে৷ তেওঁলোক হল— নাৰায়ণ দাস, উমাপতি সিদ্ধ, হৃদয়ানন্দ কায়স্থ আৰু দুৰ্গা দাস৷ সম্ভৱতঃ তেওঁলোকেই প্ৰাচীন অসমত গণিত চৰ্চাত অগ্ৰণী ভূমিকা লৈছিল৷ আকৌ ভাস্কৰাচাৰ্য্যৰ লীলাৱতীঅংশটো কবিৰত্ন দ্বিজেও অসমীয়ালৈ অনুবাদ কৰে যত যোগ-বিয়োগ, পূৰণ-হৰণ, বীজগণিতীয় সমীকৰণ, বৰ্গমূল, বৰ্গ, ঘন ইত্যাদি সন্নিৱি‍ষ্ট হৈ আছে৷ তেওঁ কিতাপখনৰ নাম লীলাৱতী কথাৰাখে৷ অন্য এখন  অসমীয়া গণিত পুথি অংকৰ আৰ্যা৷ এই পুথিখন লিখে কাশীনাথে৷ আন এজন অসমীয়া গণিতজ্ঞ চূড়ামণি দ্বিজে জ্যোতিষ চূড়ামণিবুলি এখন পুথি লিখে যত বকুল কায়স্থক তেওঁৰ গুৰু বুলি উল্লেখ কৰিছে৷ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ ‘The Descriptive Catalogue of Assam Manuscripts’ নামৰ কিতাপখনত চাৰিখন গণিত পুথি আৰু এখন জ্যোতিৰ্বিদ্যাৰ (Astronomy) পুথিৰ কথা উল্লেখ কৰিছে৷ সেই কেইখন হ— ‘অংকৰ আৰ্যা’ (লেখক-কাশীনাথ), ‘কিতাবত মঞ্জৰী’ (লেখক— বকুল কায়স্থ), ‘লীলাৱতী কথা’ (লেখক— কবিৰত্ন দ্বিজ), জ্যোতিষ চূড়ামণি (লেখক— চূড়ামণি) আৰু ভাস্বতী’ (জ্যোতিৰ্বিদ্যাৰ পুথি, লেখক— কবিৰাজ চক্ৰৱৰ্তী)৷

অংকৰ আৰ্যা : পাটি গণিতৰ এই পুথিখনৰ লেখক কাশীনাথ৷ লিখাৰ সময় আৰু তাৰিখ জনা নাযায়৷ এই কিতাপখন আয়তাকাৰ আকাৰৰ সাঁচিগছৰ বাকলিত (সাঁচিপতীয়া পুথি) লিখা৷ ইয়াত ৩৯ টা পাত (৭৮ পৃষ্ঠা) আছে৷ পুথিখন অসমীয়া পদ্যত লিখা যদিও অ'ত-তত দুই-এটা সংস্কৃতৰ শ্লোকও আছে৷ পুথিখনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এয়ে যে ই বানান ভুলৰ পৰা সম্পূৰ্ণ মুক্ত৷ পুথিখন সম্পূৰ্ণ নহয়৷ পুথিখনত আঠটা ভাগ আছে যত চাৰিটা সৰল নিয়ম শিকোৱা আছে আৰু উদাহৰণৰ সৈতে ফলীয় অংক (functional sums) দিয়া আছে৷ বিভিন্ন গণিতৰ তালিকাও দিয়া আছে পুথিখনত৷ মাটিৰ জোখ-মাখ, বৰ্গ আৰু বৰ্গমূল উলিওৱাৰ বিষয়েও লিখা আছে পুথিখনত৷

জ্যোতিষ চূড়ামণি : চূড়ামণিয়ে লিখা জ্যোতিষ চূড়ামণিপুথিখনত পাটিগণিত আৰু মাটিৰ পিয়লৰ বিষয়ে লিখা আছে৷ এই কিতাপখন প্ৰধানকৈ তেওঁৰ ছাত্ৰসকলক শিকাবৰ কাৰণে লিখা৷ এই পুথিখন বিখ্যাত গণিতজ্ঞ বকুল কায়স্থই লিখা কিতাবত মঞ্জৰীপাটিগণিত পুথিখনৰ বিষয়ে উল্লেখ আছে৷ গতিকে এই পুথিখন কিতাবত মঞ্জৰীৰ পাছৰ সময়ৰ হব৷  তদুপৰি পুথিখনত ৮২ শকৰ শেষৰ ফালৰ তেওঁৰ কেইজনমান ছাত্ৰৰ নাম উল্লেখ আছে৷ গতিকে পুথিখন ১৩৮২ শক বা ১৪৮২ শকত লিখা হব পাৰে৷ কিতাপখন স্থানীয়ভাৱে তৈয়াৰ কৰা কাগজত লিখা আৰু ইয়াৰ আকাৰ ১০.৫ X ৪.৫ ইঞ্চি৷ প্ৰতিটো পৃষ্ঠাত এঘাৰ শাৰীকৈ মুঠ ৩২ টা পাতৰ (৬৪ পৃষ্ঠাৰ) পুথিখনৰ কেইটামান পাত হেৰাল৷ পুথিখনৰ ভাষা অসমীয়া আৰু মুঠতে ৩৪৭ স্তৱক আছে৷ পুথিখনত প্ৰথমতে মনৰ ভাব বা ধাৰণ আৰু সংখ্যা গঠন প্ৰণালী আৰু চাৰিটা সৰল মিশ্ৰ নিয়ম শিকোৱা আছে৷ পুথিখনত উত্তৰৰ সৈতে যথেষ্ট সংখ্যক উদাহৰণ দিয়া আছে৷ তদুপৰি মাটিৰ পিয়লৰ নিয়ম আৰু বিভিন্ন আকাৰৰ মাটিৰ কেনেকৈ কালি নিৰূপণ কৰিব পাৰি তাৰ কেইবাটাও উদাহৰণ কৰি থোৱা আছে৷

কিতাবত মঞ্জৰী : এই পুথিখনত পাটিগণিত, মাটি পিয়ল আৰু জমা-খৰচৰ হিচাপৰ বিষয়ে লিখা আছে৷ পুথিখনৰ লেখক বকুল কায়স্থ তেওঁৰ সময়ৰ এজন বিখ্যাত গণিতজ্ঞ৷ ১৩৫৬ শক বা ১৪৩৪ খ্ৰীষ্টাব্দত সাঁচিপাতত লিখা পুথিখনৰ আকাৰ ৯.৫ X ২.৫ ইঞ্চি৷ ৰ পৰা শাৰীকৈ লিখা মুঠ ৭৮ টা পাত বা ১৫৬ পৃষ্ঠা আছে৷ পুথিখন অসমীয়া ভাষাত লিখা৷ পুথিখনত প্ৰথমতে বিভিন্ন শিতানত কেনেকৈ জমা-খৰচ ৰখা হয়, তাৰ বৰ্ণনা দিয়া আছে৷ তাৰ পাছত পাটীগণিতৰ তিনিটা অংশ আছে— () আঠকথা, (২) দশাংশ আৰু (৩) বিদ্যা উঠি৷ আঠকথাত যোগ, বিয়োগ, পূৰণ, হৰণৰ নিয়ম আছে, দশাংশত ভগ্নাংশ আৰু বিদ্যা উঠিত বাৰেমিহলি অংকৰ উদাহৰণ দিয়া আছে৷ এই পুথিখনৰ মতে পূৰণ প্ৰক্ৰিয়া প্ৰথমতে শিকাব লাগে আৰু পাছত অনুসিদ্ধান্ত হিচাপে যোগ প্ৰক্ৰিয়া শিকাব লাগে৷ সেইদৰে হৰণৰ অনুসিদ্ধান্ত হিচাপে বিয়োগ শিকাব লাগে৷ পুথিখনত পাটীগণিতৰ উপৰিও মাটি কেনেকৈ জোখে আৰু মাটিৰ কালি কেনেকৈ নিৰ্ণয় কৰে তাকো শিকোৱা হৈছে৷ পুথিখনৰ শেষৰ ফাললৈ বিভিন্ন গণিত লেখকৰ যেনে নাৰায়ণ দাস, উমাপতি সিদ্ধ, হৃদয়ানন্দ কায়স্থ আৰু দুৰ্গা দাসৰ অংকৰ উদাহৰণ দিয়া হৈছে৷

পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰিছে, ‘আজিকালিৰ অসমৰ বিদ্যালয়সমূহত শিকোৱা পদ্ধতিতকৈ পাটীগণিত শিকোৱা প্ৰাচীন অসমীয়া পদ্ধতি বেলেগ আছিল৷ সম্প্ৰতি কেইজনমান বয়োবৃদ্ধ লোকহে আছে যিসকলে এই পুথিত বণোৰ্ৱা প্ৰাচীন পদ্ধতি জানে৷ তেওঁলোকৰ লগে লগে যে এই জ্ঞানো লুপ্ত হ, সি ধুৰূপ৷ (The old Assamese method of teaching arithmetic was quite different from the methods now prevailing in ূhe schools of Assam. There are only a few  old man who know the ancient methods described in this book and with them the knowledge is bound to disappear completely.)

লীলাৱতী কথা : ভাষ্কৰাচাৰ্য্যৰ সিদ্ধান্ত শিৰোমণিচাৰিটা খণ্ডত বিভক্ত - লীলাৱতী, বীজগণিত, জ্যোতিষ আৰু ভূগোল৷ সংস্কৃতত লিখা সিদ্ধান্ত শিৰোমণিলীলাৱতীঅংশটোৰ আধাৰত এই পাটীগণিতৰ পুথিখন অসমীয়া ভাষাত কবিৰত্ন দ্বিজে লিখে৷ কবিৰত্ন দ্বিজৰ বিষয়ে বিশেষ কথা জানিবলৈ পোৱা নাযায়৷ বোধহয় কবিৰত্নতেওঁক প্ৰদান কৰা উপাধি৷ পাণ্ডুলিপিটো দেশীয়ভাৱে তৈয়াৰী কাগজত লিখা৷  মুঠ ৫০ টা পাতৰ (১০০ পৃষ্ঠাৰ) কিতাপখনৰ প্ৰতিটো পৃষ্ঠাৰ এফালে ৮ শাৰীকৈ লিখা আছে৷ পৃষ্ঠাৰোৰৰ আকাৰ ১৩ X ৪ ইঞ্চি৷ পুথিখনত দুটা ভাগ আছে৷ প্ৰথম ভাগত অসমীয়া অনুবাদ আৰু দ্বিতীয় ভাগত লীলাৱতীৰ সংস্কৃত অনুবাদ দিয়া আছে৷ পুথিখনত নটা শাখাত ভাগ কৰি, যেনে -পূৰণ, হৰণ, বিয়োগ, যোগ, ঘন, ঘনমূল, বৰ্গ, বৰ্গমূল শিকোৱা হৈছে৷ পুথিখনত পূৰণ কেনেকৈ টা বিভিন্ন নিয়মত কৰিব পাৰি আৰু হৰণ কেনেকৈ চুটি আৰু দীঘল নিয়মৰে কৰিব পাৰি তাৰো বৰ্ণনা কৰা আছে৷ বিভিন্ন আকাৰ আৰু জোখৰ মাটিৰ কালি নিৰ্ণয় কৰাৰ নিয়ম দিয়া আছে৷ পুথিখনৰ একেবাৰে শেষত যথেষ্ট সংখ্যক সমাধান কৰা সমাধান কৰা অংকৰ উদাহৰণ দিয়া আছে৷ 

আগৰ দিনত অসমৰ নানা ঠাইত প্ৰাচীন কাইথেলী শিক্ষাৰ পঢ়াশালি আছিল৷ ইংৰাজ ৰাজত্বৰ আগ ভাগলৈকে দেশীয় ভাষাত গাঁৱৰ পঢ়াশালিত এনে কাইথেলী অংকৰ শিক্ষা দিয়া হৈছিল৷ তেতিয়া আঠকথা, দশাংশ, বিদ্যাউঠি, পিয়ল, পঞ্চক, জমা-খৰচ, জমাবন্দী, তলব, হিচাপ, জৰীপ আদি নানা তৰহৰ অংক শিকোৱাৰ প্ৰমাণ আছে৷ অংকবোৰ পদ্যত লিখা, যথেষ্ট আমোদজনক৷ কেৱল গণিতৰে নহয়, চিকিৎসা বিদ্যা আৰু জ্যোতিষ বিদ্যাৰ গধুৰ প্ৰশ্নোত্তৰৰ নিয়মবোৰো এই পদ্ধতিৰে সমাধান কৰিব পৰা হৈছিল৷ বিজ্ঞ কবিৰাজসকলে চিকিৎসা বিদ্যাৰ জ্ঞান অৰ্জন কৰি ৰোগীৰ আৱশ্যকীয় চিকিৎসা কাইথেলী অংকৰ সহায়ত কৰিব পাৰিছিল৷ অসমত গণিত শাস্ত্ৰৰ এই বিশেষ পদ্ধতি ঘাইকৈ কায়স্থ সম্প্ৰদায়ৰ মাজত প্ৰচলিত আছিল বুলি জনা যায়৷

অংক শিক্ষাই বিচাৰ বুদ্ধি শক্তিশালী কৰে, মনোযোগ বৃদ্ধি কৰে৷ প্ৰাচীন কাইথেলী পঢ়াশালিত শিৰোমণি ভূঞাসকলৰ বাহিৰেও অন্যান্য জাতিৰ শিক্ষকো কমকৈ হলেও আছিল৷ মধ্যযুগত অংক চৰ্চা কৰা প্ৰসিদ্ধ কেইজনমান গণিতজ্ঞ হল - শুভশংকৰ দাস, বকুল কায়স্থ, কবিৰত্ন, শ্ৰীধৰ, কবি চূড়ামণি, জ্যোতিষ চূড়ামণি, ৰছিদা ঠাকুৰ, আছাঙ্গাৰ, কাৰ্ত্তিক ময়ুৰকাই, উমাপতি, নাৰায়ণ দাস, হৃদয়ানন্দ, দুৰ্গাদাস, ৰাঘৱ কায়স্থ, পীতাম্বৰ, গুৰুদাস, ভবানী দাস, কাশীদাস, ৰামবল্লভ, সূৰ্যখৰি, অচ্যুতানন্দ বৰদলৈ (সমুদ্ৰখৰি,) চূড়ামণি, বাক্‌চী৷

মধ্যযুগৰ অসমত তিনি প্ৰকাৰৰ পঢ়াশালি থকাৰ কথা পোৱা যায় — গড়গঞা স্কুল, বামুণীয়া স্কুল আৰু লহকৰী বা কাইথেলী স্কুল৷ প্ৰাচীন অসমত আখৰ লিখাৰ ধৰণও আছিল তিনি প্ৰকাৰৰ — গড়গঞা, বামুণীয়া আৰু লহকৰী বা কাইথেলী৷

আহোম ৰজা প্ৰমত্ত সিংহ ১৭৪৪ খ্ৰীষ্টাব্দত ৰাজপাটত উঠে৷ তেওঁৰ দিনতেই মানুহৰ পিয়ল আৰম্ভ কৰা হয়৷ আহোমসকলৰ ভিতৰত লিখা-পঢ়া কৰা লোকৰ সংখ্যা বৰ কম আছিল৷ দেওধাই, বাইলুং পণ্ডিতসকলে চাং পাতি তেওঁলোকৰ আৰু আন গোহাঁইৰ সন্তানসকলক আহোম মতে শিক্ষা দিছিল৷ তেনে চাঙৰ সংখ্যাও আছিল কম৷ বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এখন পঢ়াশালি পাতিছিল৷ কিন্তু ৰাজেশ্বৰ স্বৰ্গদেৱৰ দিনত ই প্ৰায় লুপ্ত হয়৷ তেতিয়া নগৰৰ ভিতৰত বা আঁতৰতে পঢ়াশালি আছিল৷ তাত বিছজনতকৈ অধিক ছাত্ৰ নাছিল৷

আনহাতে হিন্দু সমাজৰ ভিতৰত লিখা-পঢ়া কৰাটো ব্ৰাহ্মণসকলৰ সুকীয়া কৰ্তব্য বুলি মনা হৈছিল আৰু টোল বোলা পঢ়াশালিবোৰত ব্ৰাহ্মণ ছাত্ৰইহে শিক্ষা লৈছিল৷ অৱশ্যে ঠায়ে ঠায়ে কায়স্থ, কলিতা বা আন ছাত্ৰও আছিল৷ মহাৰাজ বুদ্ধিস্বৰ্গনাৰায়ণে উজনি অসমৰ কেইবা ঠাইতো সংস্কৃত পঢ়াশালি বা টোল পাতি দিছিল৷

ৰাঘৱানন্দ নামৰ এজন বিখ্যাত পণ্ডিতৰ গাত ভূঞা ৰাজ্যৰ সমস্ত কাইথেলী পঢ়াশালিৰ শিক্ষাব্যৱস্থাৰ ভাৰ আছিল৷ চান্দৰাম বৰকায়স্থই আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত লুৱাগুৰি কাইথেলী পঢ়াশালিত শিক্ষকতা কৰিছিল বুলি জনা যায়৷               

কাইথেলী অংকবোৰ দেখাত অতি কঠিন৷ কিন্তু পদ্ধতিগতভাৱে ইয়াৰ সমাধান কৰিব পাৰি৷ কাইথেলী অংক পদ্ধতিত সংখ্যাবোৰ প্ৰত্যক্ষভাৱে লিখা নহয়, সংখ্যাৰ বাবে একোটা শব্দ লিখা হয়৷ কাইথেলী অংকত ব্যৱহৃত প্ৰতিটো শব্দৰ একোটা সংখ্যামান আছে৷ শব্দবোৰৰ এনে সংখ্যামান ব্যৱহাৰ কৰি বা যোগ-বিয়োগ, পূৰণ আদি কৰি অংকটোৰ সমিধান উলিয়াব পাৰি৷ উদাহৰণস্বৰূপে প্ৰাচীন সংখ্যা লিখাৰ নিদৰ্শন 

সংখ্যা   সংখ্যাটো বুজাবলৈ ব্যৱহাৰ কৰা শব্দ

       শশী, চন্দ্ৰ, নিশাপতি, মহী

       নেত্ৰ, ভুজ, কৰ, পাখা

       ৰাম, অগ্নি, গুণ

       বেদ, যুগ, চক্ৰ

       বাণ, শৰ, ইন্দ্ৰিয়, আত্মা

       ৰস, তু, বিত

       সমুদ্ৰ, মুনি, অশ্ব, স্বৰ

      বসু, নাগ, গজ, মঙ্গল

      গ্ৰহ, ৰন্ধ্ৰ

১০     দিক, লোকপাল, কৰ্ম্ম

১১      ৰুদ্ৰ

১২     আদিত্য, মাহ, ৰাশি

১৩     বিশ্ব (গণদেৱতা)

১৪     ভুৱন, মনু, ইন্দ্ৰ

১৫     তিথি

১৬     অষ্টি (একৰকম পাশা খেল), ভূপ (বিষ্ণু-পুৰাণত ১৬ ৰজাৰ নাম)

১৭     মৈত্ৰ, ঘন

১৮     পুৰাণ, ধৃতি

১৯     অতিধৃতি

২০     নখ, কৃতি

২১     স্বৰ্গ, সমিত

২২     আকৃতি, জাতি

২৩     বিকৃতি

২৪     জিন

২৫     তত্ত্ব

২৬     X

২৭     নক্ষত্ৰ

৩২     দন্ত

৪৯     বায়ু

৫০     গগন, আকাশ, অন্তৰীক্ষ  0 শূন্য

 

অংকানাং বামতো গতিঃবুলি এটা কথা আছে৷ ইয়াৰ অৰ্থ হল অংকৰ বাওঁপিনে গতি৷ অথাৰ্ৎ অংকবোৰ সোঁহাতৰ পৰা বাওঁহাতলৈ লিখা হয়৷ আমাৰ অসমতো ইয়াৰ প্ৰচলন আছিল৷ উদাহৰণস্বৰূপে 

অশ্ব মুনি বান চন্দ্ৰ শকত

আঘ্ৰাণ দ্বিতীয় শুক্ল পক্ষত

শ্ৰীৰাম কীৰ্ত্তন ভৈলা উপাম

অনন্ত কহে বোলা ৰাম ৰাম৷৷

ভাঙনি : অশ্ব ৭, মুনি ৭, বান ৫, চন্দ্ৰ । অৰ্থা ১৫৭৭ শক৷

 কাইথেলী অংকবোৰৰ শব্দবোৰ সাধাৰণতে অসমীয়া শব্দতকৈ বেলেগ৷ তেনে কিছুমান শব্দ হল -  বুন্দা (শূন্য), কণ্ঠী বা কণ্ঠ-(ক্ৰান্তি), বেঞ (টাৰ), হেঠেৰ (সিমান), বৎ (কৰা), পাই এৰা (পাৰ চৰাই), হৰকৰ (হৰ-গৌৰীৰ স্থান), কেদাৰ (মহলৰ একখণ্ড), ওঁৰখ-(ইয়াক), চৌকী (দুৱৰী), ভূমি (খাই), হাৰী (হাৰ), টাণ্ড (টাৰ), একুন (এক), কেকৰ (কেৰেলা), তেকৰ (তিনি কৰা), ঊণ (কম), মাধবী মাস (চত-বহাগ), দুই পাখা (বাইশ), চটা (ডোখৰ, খণ্ড), আউৰ (আৰু), বেওৰ (এঘাৰ), দুৱা (দুই, দুবাৰ), নুৱা (ন, জ্ঝ), লাগি (লৈ), ঠেহেৰ (সিমান), ত্ৰিনেত্ৰ (সূৰ্য, চন্দ্ৰ, অগ্নি), তিনি ৰাম (পৰশুৰাম, শ্ৰীৰাম, বলৰাম), ত্ৰিগুণ (সত্ব, ৰজঃ, তমজ্ঞ) ইত্যাদি৷ কাইথেলী অংকৰ পঢ়াশালিত ভাষা সম্পৰ্কীয় আৰু হিচাপ সম্পৰ্কীয় পাঠদানো কৰা হৈছিল৷  কায়স্থ বা কাকতিসকলে প্ৰাদেশিক ভাষাৰো আলোচনা কৰিছিল৷

এইবোৰৰ মাজেদি জনগণৰ কল্পনাশক্তি, বুদ্ধিনৈপুণ্য, জোখ-মাখৰ জ্ঞান, সংখ্যাজ্ঞান, ব্যঞ্জনাসূচক উপযুক্ত শব্দ প্ৰয়োগৰ ক্ষমতা আদি ভালেমান বিশেষত্বৰ উমান পোৱা যায়৷ কাইথেলী অংকৰ দুটা উদ্দেশ্যধৰ্মী দিশ হ - এজনৰ বুদ্ধিনৈপুণ্যৰ পৰিচয় আৰু আনজনৰ বুদ্ধিৰ উৎকৰ্ষ সাধনৰ সুযোগ৷ কাইথেলী অংকবোৰ কিছুমান সাঁথৰৰ দৰে, কিছুমান পদ্যৰ দৰে, কিছুমান শুনিবলৈ সাধুৰ দৰে আছিল বাবে মানুহৰ বাবে এইবোৰ মনোগ্ৰাহী আছিল৷ সেইবাবে কাইথেলী অংকবোৰৰ সাহিত্যৰ প্ৰতি থকা অৱদানো বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাচীন কালৰ তামৰ ফলি, পেৰা-কাকত, শিলালিপি, কামান, বন্দুক, পুৰণি চিঠি-পত্ৰত, মানুহ বেচা-কিনা খতপত্ৰত, ল-দেৱালয়, মঠ-মন্দিৰ, ৰাজআলি, মৈদাম পুখুৰী খন্দাত, সাঁচিপাত, তুলাপাত, ভুজ-পত্ৰ আদিত কাইথেলী অংক সিঁচৰিত হৈ আছে৷  কাইথেলী অংকৰ কেইটামান উদাহৰণ দিয়া হল 

) কাইথেলী অংকৰ পদ্ধতিত সংখ্যাৰ ধাৰণা 

মধ্যযুগৰ অসমৰ এজন গণিতজ্ঞ জ্যোতিষ চূড়ামণিয়ে পদ্যৰ আকাৰে সংখ্যাৰ ধাৰণা দিছে এনে ধৰণে- 

সৰস্বতী মাতৃক যে নমস্কাৰ কৰি৷

আৰম্ভিলোঁ পদ গুৰু আজ্ঞা শিৰে ধৰি৷৷

প্ৰথমতে এক দুই ক্ৰমে দশ ভাগ৷

দশে দশে শতভাগ জানিবাহা আগ৷৷

একত শূন্য দিয়া দশক বুজিবা৷

দশত শূন্য দিলে শতেক জানিবা৷৷

শতভাগে শূন্য দিলে সহস্ৰেক জান৷

সহস্ৰত শূন্য অযুতৰ পৰিমাণ৷৷

অযুতত শূন্যে লক্ষ নিশ্চয় জানিবা৷

লক্ষত শূন্য দিয়া নিযুত বুজিবা৷৷

নিযুতত শূন্যে কোটি জানিবাহা সাৰে৷

সপ্তবিংশতিক লাগি এহিমতে বাঢ়ে৷৷

একং  দশং  শতং সহস্ৰক জানিওক৷

অযুত লক্ষ নিযুত কোটিক লওক৷৷

অৰ্ব্বুদ নিৰ্ব্বুদ খৰ্ব্ব মহা খৰ্ব্ব জানা নিষ্ট কৰি৷

পদ্ম মহাপদ্ম শঙ্খ মহাশঙ্খ ধৰি৷৷

বৃন্দ মহাবৃন্দ ধূলি মহাধূলি জান৷

অক্ষৌহিনী মহা অক্ষৌহিনীৰ প্ৰমাণ৷

ত্ৰিবিংশ ভাগক যে সাগৰ বুলিওক৷

চতুৰ্ব্বংশ ভাগে মহা সাগৰ লৈওক৷৷

ব্ৰহ্ম, পদাকিনী, মহাপদাকিনী জান৷

সপ্তবিংশতিক লাগি লয়োক প্ৰমাণ৷৷

প্ৰথমতে সৰু নেওটাখন বুজি লৈবা৷

দুই চাৰি ক্ৰমে মধ্যে নেওতাক জানিবা৷৷

দহা, শতা ভাগ ইয়াত বুজিয়া লইবা৷

পাছে আঠ কঠাৰ যে প্ৰমাণ কৰিবা৷৷

২) পিয়লৰ আৰ্য্যা 

দীৰ্ঘৰ অংকত প্ৰস্থে পূৰি৷

উভয় অংকক একুন কৰি৷৷

দুখানি মুচিলে ৰহে যত৷

সেইখানি কালি পৰম তত্ত্ব৷৷

কালি প্ৰতি কাণি কৰি জান৷

চাৰি কাণি এক কঠাৰ প্ৰমাণ৷৷

চাৰি কঠায় এক দোন৷

কুৰি দোনে বিশিৰ পোণ৷৷

ছয় দোন এক কঠায় ভেকে হয়৷

তিনি বিশি আঢ়ৈ দোন হাজাৰে কয়৷৷

ষোল্ল বিশি কোঠৰ লয়৷

ভাবিয়া দেখ নাহি সংশয়৷৷

বকুলৰ বোলে খানি নকৰিবা হেলা৷

চৌকাণ্টিয়া কৰা লৈবা প্ৰস্তাবৰ বেলা৷৷

দীৰ্ঘ প্ৰস্থৰ গজকে পূৰি৷

উভয় অংকক একুন কৰি৷৷

দুখানি ত্যজিলে ৰহে যত৷

সেইখানি কালি পৰম তত্ত্ব৷৷

যেই কাণি সেই পোণ৷

চাৰি কাণি কঠা, চাৰি কঠায় দোন৷৷

কুৰি দোনে হয় বিশি৷

ষোল বিশি কোঠ জমি লৈবা কসি৷৷

ভাঙনি : দীৰ্ঘে প্ৰস্থে ১০০ শ ১০০ শ পূৰিলে ১০০০০ হব৷ ইয়াৰে দুই ভাগ ত্যজিলে অৰ্থা একক, দশক সংখ্যা এৰিলে ১০০ কালি থাকিব৷ কালি প্ৰতি কানি দৰে, ছয় দোন কঠা জমি হয়৷ এক কুৰি দোনে বিশি৷ যি পোণ সি বিশি৷ এক কোঠ এক বিশি এক দোন এক কঠা এক কালি তিনি মুঠা৷

৩) দশাংশ পাতনি অংক 

এক শিমলিৰ নব ডাল৷

একো ডালত নব নব পক্ষী,

নব নব পক্ষীৰ নব নব বাহা

নব নব বাহাত নব নব ডিমা৷৷

নব নব ডিমাত নব নব চাঁও৷

বুজিও কায়স্থ কতনা পাও৷৷

উত্তৰ  ৫৯১৩৯ চানা (পোৱালি)৷

) বৃক্ষ ৰোপণ অংক 

বৃক্ষ ৰোপণ কৰে যি গৃহস্থ,

দীৰ্ঘে প্ৰস্থে মাটিক কৰিবা হস্ত৷

যতে হস্তে বৃক্ষ ৰোপণ কৰে৷

গীৰ্ঘে প্ৰস্থে শাৰীত একাধিক পূৰে৷৷

দীৰ্ঘ টাৰৰ হাত কৰি,

যত হাত অন্তৰে ৰোৱে,

সেই দি হাতক হৰিব৷

তেতিয়া দীৰ্ঘৰ শাৰী ওলাব৷

প্ৰস্থকো এই ক্ৰমে হাত কৰি

অন্তৰেদি হৰি শাৰী উলিয়াব৷

এহিমতে শাৰীৰ থিত

দীৰ্ঘ প্ৰস্থত এক এক ধৰাই

দুইক পূৰিলে হয় যত,

মুঠতে বৃক্ষ জানিবা তত৷

) বিশিষ্ট ভাবৰ আমোদজনক অংক 

ক) চাৰি চোৰ ফুৰে  চোৰ কৰি৷

গৃহস্থৰ ধন-বস্তু নিয়ে চোৰ কৰি৷৷

যত টংকা নিলে সবে জমা থলে পথে৷

ৰম চোৰে ভাগৰ অদ্ধেৰ্ক থই গল তাতে৷৷

২য় চোৰে আহি পুনু নিলে সেই মতে৷

৩য় চোৰে গুনি গাঠি সমভাবে নিলে৷৷

ৰ্থ চোৰে অৱশিষ্টৰ অৰ্দ্ধেক লই গল৷

চাৰি চোৰৰ টকাৰ সংখ্যা একে সমান হল৷৷

সেই থলত মুঠ টকাৰ আধা সংখ্যা ৰল৷

কেৱাহে কায়স্থ ভাই কিতাপত চাই৷৷

মুঠ টকাৰ সংখ্যা কতেক হোৱয়৷

ভাগে পতি চোৰৰ নো কত টকা হয়৷৷

উত্তৰ — ৬৪ টা, গাইপতি - ৮ টকা৷

খ) চাৰিক চাৰি চোৱাল্লিশ মাথে৷

চোকে চৌত্ৰিশে পূৰিবা তাতে৷৷

কি খৰি ভাঙিলি প্ৰাণৰ নাথ৷

পোন্ধৰ হাজাৰ বাইশ শূন্য সাত৷৷

উত্তৰ — ৪৪৪৪ × ৩৪ = ১৫২২০৭৷

গ) অতি বিতোপন গছ নব লক্ষ পাত৷

দিনে প্ৰতি সৰে তাৰ নব শত পাত৷৷

কোৱাহে কায়স্থ বাপু গণনা কৰি৷

কিমান দিনত অন্ত হব সৰ্ব্ব পত্ৰ সৰি৷৷

উত্তৰ — ১০০০০ দিনত৷

ঘ) কত যোৱাহে এক শ ভাই,

আমিতো এক শ নহয়৷

আছিলোঁ যিমান আহিবো সিমান৷

তাৰে অৰ্দ্ধ তাৰে অৰ্দ্ধ পায়৷

তোৰে সৈতেহে এক শ ভাই৷

উত্তৰ — ৩৬ টা৷

পুৰণি কালত অসমত যে প্ৰাচীন কাইথেলী অংকৰ বহল চৰ্চা আছিল তাক বৰ্তমানলৈকে পোৱা সাঁচিপতীয়া, তুলাপতীয়া পুথিৰ পৰা বুজিব পৰা যায়৷ দণ্ডিৰাম দত্তই তেখেতৰ কৌতুক আৰু কাইথেলী অংকৰ কিতাপখনত অসমীয়া গণিতজ্ঞই লিখা মুঠ  ৩০ খন কিতাপৰ নাম উল্লেখ কৰিছে, যিসমূহ পুথি তেখেতে নিজেই পৰীক্ষা কৰি চাব পাৰিছোঁ বুলি উল্লেখ কৰিছে৷ সেই পুথিসমূহ হ -

. কিতাবত মঞ্জৰী (লেখক বকুল কায়স্থ, বিষয়-গণিত পৰিমিতি, ভাষা-অসমীয়া পদ্য, সাঁচিপাতৰ পুথি, ১৫৬ পৃষ্ঠা, ১৬৫২         শকত নকল কৰে৷ নকলকাৰক : ৰামবল্লভ কাকতি, ৰাঘব কায়স্থ, ভবানী দাস, দুৰ্গা দাস, পীতাম্বৰ আদি৷)

২. অংকৰ পুথি (বিষয়- পিয়লৰ অংক, পঞ্চকৰ অংক, মাহড়া কাটা অংক, জ্যোতিষৰ অংক আৰু ভাবমূলক বীজগণিতৰ         অংক৷ ভাষা- অসমীয়া, তুলাপতীয়া পুথি, ৪২ পৃষ্ঠা৷ )

৩. গণনাৰ পুথি (ভাষা-অসমীয়া, বিষয়-গণিত পৰিমিতিসাঁচিপাতৰ পুথি, ৪৪ পৃষ্ঠা)

. মাটি পিয়লৰ কথা (বিষয়- ভকত পাইক আদিৰ মাটিৰ পিয়লৰ হিচাপ, মাটিৰ শ্ৰেণী৷ নিঃখেৰাজ, ধম্মোত্তৰ, ব্ৰহ্মোত্তৰ,         দেবোত্তৰ৷ ভাষা-অসমীয়া, তুলাপতীয়া পুথি, ৪৮ পৃষ্ঠা, ১১৫০ শক)

. পেৰা কাকত (বিষয়- মৌজা, গাঁৱৰ হদ, মাটিৰ হিচাপ, পূৰা, কঠা, লোচা, পোৱা৷ ভাষা- অসমীয়া, তুলাপতীয়া পুথি, ৪৮     পৃষ্ঠা, ১১৫৭ শক৷)

৬. চূড়ামণি অংকশাস্ত্ৰ (লেখক- চুড়ামণি, বিষয়- যোগ, বিয়োগ, পূৰণ, মাহ, মাহিনা, বেচা-কিনা পৰিমিতিৰ অংক৷ ভাষা-        অসমীয়া, পকাবন্ধা বহীত নকল কৰা আছে৷)

. অংকৰ পুথি (বিষয়- অংক৷ ভাষা- অসমীয়া, তুলাপতীয়া পুথি, ৮০ পৃষ্ঠা৷)

. বিহু পঞ্জিকা গণনা (বিষয়- হিন্দুসকলৰ বিহু উৎসৱৰ বিৱৰণ গণনা৷ তুলাপতীয়া পুথি, ২৪ পৃষ্ঠা৷)

. জ্যোতিষ অংক (বিষয়- অংক, কাওন, চক, পোণ, গণ্ডা, বস্তু কিনা৷ ভাষা-অসমীয়া, তুলাপতীয়া পুথি, ৩২ পৃষ্ঠা১৭৫৫

   শক৷)

১০. জ্যোতিষ অংক (বিষয়- অংক জ্যোতিষ৷ ভাষা- অসমীয়া-সংস্কৃত, সাঁচিপতীয়া পুথি, ২৪ পৃষ্ঠা, ১৪৯৬ শক৷)

১১. জ্যোতিষ অংক (বিষয়- ৰাশি গণনা, গ্ৰহ গণনা, প্ৰশ্ন গণনা আদি, ভাষা- অসমীয়া-সংস্কৃত, সাঁচিপাত-তুলাপাতৰ পুথি,         ৫৬  পৃষ্ঠা)

১২. চৌষষ্ঠী চূড়া (বিষয়- জ্যোতিষৰ ৬৪ নিয়মৰ নানা তৰহৰ গণনাৰ অংক, ভাষা- সংস্কৃত, সাঁচিপাতৰ পুথি, ৩০ পৃষ্ঠা)

১৩. জ্যোতিষ অংক প্ৰশ্ন গণনা (বিষয়- অংকৰ চক্ৰ, নানা তৰহৰ ছবিৰে গণনা কৰা, ভাষা- অসমীয়া-সংস্কৃত, ৮২ পৃষ্ঠা)

১৪. জ্যোতিষ চূড়ামণি (বিষয়- গণনাৰ অংক, ভাষা-অসমীয়া, লেখক- জ্যোতিষ চূড়ামণি, সাঁচিপাতৰ পুথি, ২৪ পৃষ্ঠা)৷

১৫. ৰাজ মাৰ্ত্তণ্ড (ভাষা- সংস্কৃত, লেখক- বৰাহ-মিহিৰ, বিষয়- জ্যোতিষ গণনাৰ পুথি, সাঁচিপাত যেন ডাঠ কাগজৰ পুথি,         ১৮০ পৃষ্ঠা, ১৭৩৪ শক৷)

১৬. গৃহ ভিথিৰ নিৰ্ণয় (বিষয়-জ্যোতিষীয়া গণনাৰে মাটি জুখি ঘৰৰ ভেটিৰ শুভাশুভ গণনা কৰা, ভাষা- অসমীয়া, তুলাপতীয়া     পুথি, ১২ পৃষ্ঠা)

১৭. চূড়ামণি অংক পুথি (লেখক- চূড়ামণি, ১০২ পৃষ্ঠা, ১৭৯৫ শক৷)

১৮. মাটিৰ পাতনি অংক (লেখক- ফকিৰ চন্দ্ৰ দাস, প্ৰাচীন আখৰৰ এখন বহল কাগজ, ২ পৃষ্ঠা)

১৯. জ্যোতিষ চূড়ামণি (লেখক- জ্যোতিষ চূড়ামণি, সাঁচিপাতৰ পুথি, ৬৪ পৃষ্ঠা)

২০. ক্ষেত্ৰ বুজনিৰ আৰ্য্যা (এখন বহল প্ৰাচীন তুলা কাগজ, ২ পৃষ্ঠা)

২১. অংকৰ কাগজ (এখন বহল প্ৰাচীন তুলা কাগজ, ২ পৃষ্ঠা)

২২. লীলাৱতী অংক পুথিৰ আৰ্য্যা লেখা (লেখক- বকুল কায়স্থ, সাঁচিপাতৰ পুথি, ৬৪ পৃষ্ঠা৷)

২৩. সূৰ্য সিদ্ধান্ত (ভাষা- সংস্কৃত, কাগজত লিখা, ১২০ পৃষ্ঠা)

২৪. অংকৰ পুথি (৪৬ পৃষ্ঠা)

২৫. অষ্টবৰ্গী দাস (২৪ পৃষ্ঠা)

২৬. অংকৰ আৰ্য্যা (লেখক- শ্ৰীকাশীনাথ, ভাষা- অসমীয়া-সংস্কৃত, সাঁচিপাতৰ পুথি, ৭৮ পৃষ্ঠা)

২৭. জ্যোতিষ চূড়ামণি (১৭৪৩ শক,  ৬৪ পৃষ্ঠা)

২৮.  লীলাৱতী অংক (লেখক- কবিৰত্ন দ্বিজ, ভাষা- অসমীয়া, সাঁচিপাতৰ পুথি, ১০০ পৃষ্ঠা, ১৭৭৭ শক৷)

২৯. ৰাজবংশাৱলী (ভাষা- অসমীয়া, ২০০ পৃষ্ঠা)

৩০.  লীলাৱতী সংস্কৃত অংক পুথি  (লেখক- ভাস্কৰাচাৰ্য্য, আখৰ- দেৱনাগেৰি, ১০০ পৃষ্ঠা৷)

       এতিয়াও হয়তো এনে বহুতো পুৰণি অংকৰ পুথি বিচাৰিলে অসমৰ বিভিন্ন স্থানত ওলাব৷

 

প্ৰসঙ্গ পুথি :

) কৌতুক আৰু কাইথেলীৰ অংক,  শ্ৰীদণ্ডীৰাম দত্ত, নবজীৱন প্ৰেছ, কলিকতা- ৬, ১৯৬৪ (পঞ্চম সংস্কৰণ)৷

২) কাইথেলীৰ অংক,  শ্ৰীদণ্ডীৰাম দত্ত, কাত্যায়নী মেছিন প্ৰেছ, ২৬ নং কৰ্ণ ওৱালিছ ষ্ট্ৰিট, কলিকতা (প্ৰথম সংস্কৰণ),         ১৯৩০৷

৩) অসমত গণিত চৰ্চা’, দিলীপ শৰ্মা, অসমত বিজ্ঞান  চৰ্চাৰ ধাৰা, সম্পাদকঃ পৰমানন্দ মজুমদাৰ, প্ৰিয়বালা প্ৰকাশন, 

     তিনিচুকীয়া, ১৯৯৫৷

) ড নবীনচন্দ্ৰ শৰ্ম্মা সম্পাদিতঃ কবি বলদেৱ সূৰ্য্যখড়ি দৈৱজ্ঞৰ দৰংগ ৰাজবংশাৱলী, ১৯৭৩৷

) Descriptive Catalogue of Assamese Manuscripts, Hemchandra Goswami, ১৯৩০.

৬) Traditional Science and Material Culture of Early Assam, Dr. Dinesh Baishya,  EBS Publishers, ২০০৯.

৭) অসমৰ সংস্কৃতিৰ সম্ভাৰ, মৃগেন শৰ্মাৰ, প্ৰকাশন পৰিষদ, ২০০৮ ৷


লেখিকাৰ ঠিকনা :

সহকাৰী অধ্যাপিকাপদাৰ্থ বিজ্ঞান বিভাগ

ত্যাগবীৰ হেম বৰুৱা কলেজ

জামুগুৰহিাট,  শোণিতপুৰ, অসম৭৮৪১৮০

ভ্ৰাম্যভাষ — ৯৮৫৪৪৯২৩২৬

E-mail: rasna.rajkhowa@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ