আকাশ দীপ্ত ঠাকুৰ
‘কল্পবিজ্ঞান গল্প’ৰ
নিৰ্দিষ্ট সংজ্ঞা কি হ’ব পাৰে– এই
সম্পৰ্কে বিশ্বসাহিত্যৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে সময়ে সময়ে বৰেণ্য লেখকসকলৰো
বিভিন্নজনে বিভিন্ন মত দিয়া পৰিলক্ষিত হয়৷ ‘বিজ্ঞান-কাহিনী’ৰ এগৰাকী পণ্ডিত তথা বিশেষজ্ঞৰূপে অভিহিত কৰিব পৰা আইজাক আছিমভে এইদৰে কয়–“...Realistic fiction, as I see, it deals with events played
against social backgrounds not significantly different from those that are
thought to exist now, or to have existed at some time in the past. There is no
reason to suppose that the events in realistic fiction could not, conceivably,
have taken place exactly as described...” (যোৰহাট গ্ৰন্থমেলা’ ১৯৯৫-ৰ স্মৃতিগ্ৰন্থ ‘প্ৰজ্ঞা’ত
প্ৰকাশিত শান্তনু তামূলীৰ প্ৰবন্ধ– ‘অসমীয়া বিজ্ঞান কাহিনী’)
‘কল্পবিজ্ঞান কাহিনী’ সম্পৰ্কে
অভিজ্ঞতা তথা অধ্যয়নৰ জৰিয়তে পাঠক সমাজৰ মনতো বিভিন্ন ধাৰণাৰ উদ্ভৱ হ’ব পাৰে৷ এইক্ষেত্ৰত বিজ্ঞানৰ এটি শাখা ‘আপেক্ষিকতাবাদ’ৰ সহায়ত দিব পৰা যুক্তিৰ উল্লিখনেৰে সাধাৰণ পাঠকেও বুজি পাব পৰাকৈ অন্য এক
দৃষ্টিৰে সামগ্ৰিক বিষয়টোৰ প্ৰতি এটা আভাস ল’ব পৰা যায়৷ আমি
সততে উচ্চাৰণ কৰি অহা কাল-নিৰ্দেশনাত্মক তিনিটা শব্দ হৈছে–অতীত, বৰ্তমান আৰু ভৱিষ্যৎ৷ যিটো বিষয় অথবা যিসমূহ
ঘটনা সম্প্ৰতি চলি আছে, সেইসমূহৰ সাপেক্ষে সময় নিৰূপণ
কৰাটোকে আমি ‘বৰ্তমান’ বুলি অভিহিত
কৰোঁ৷ অথচ আমি হয়তো এবাৰলৈও ভাবি চোৱা নাই–এই ‘বৰ্তমান’ নামৰ শব্দটোৰ প্ৰকৃততে কিবা অস্তিত্ব আছেনে? প্ৰতি
ক্ষণে ক্ষণে প্ৰতিটো পল কেৱল অতীত হৈ গৈ আছে আৰু আমিও প্ৰকৃততে প্ৰতিক্ষণতে
ভৱিষ্যতৰ দিশে ধাৱমান হৈ আছোঁ৷ অৰ্থাৎ কেৱল ‘অতীত’ আৰু ‘ভৱিষ্যৎ’–এই দুটা শব্দহে
চিৰ শাশ্বত৷ ‘বৰ্তমান’ বুলি অভিহিত কৰা
শব্দটোৰ দৰাচলতে কোনো অস্তিত্ব আছে বুলি বিজ্ঞানৰ যিটো শাখাই অস্বীকাৰ কৰে,
সেই শাখাটোক ‘আপেক্ষিকতাবাদ’ বুলি কোৱা হয়৷ বিশ্ববিশ্ৰুত বিজ্ঞানী আইনষ্টাইনে আপেক্ষিকতাবাদৰ যি দুটা
বিশেষ তত্ত্ব দিছিল, তাৰে দ্বিতীয়টোৰ মতে পোহৰতকৈ অধিক বেগত
গতি কৰিব পৰা কোনো পদাৰ্থৰ সৃষ্টি হোৱা নাই৷ এই বিশেষ তত্ত্বটোৰ ধাৰণা লৈ সাধাৰণ
বিজ্ঞানৰ দৃষ্টিৰে চালে এটা বৰ আমোদজনক কথা উল্লেখ কৰিব পাৰি–যদিহে কোনোবা পদাৰ্থই পোহৰতকৈ অধিক বেগত গতি কৰিব পাৰিলেহেঁতেন, তেন্তে সময় বিপৰীত দিশত চালিত হ’লহেঁতেন; অৰ্থাৎ আমি ভৱিষ্যতৰ দিশে ধাৱমান হোৱাৰ বিপৰীতে অতীতলৈ উভতি গ’লোঁহেঁতেন! ওপৰে ওপৰে চালে সাধাৰণ যেন লাগিলেও ঘটনাটো প্ৰকৃততে অতিশয়
আমোদজনক; অৰ্থাৎ আমি সেইবোৰ ঘটনাৰ সন্মুখীন হ’লোঁহেঁতেন, যিবোৰ ইতিপূৰ্বে ঘটি গৈছে! আকৌ
আপেক্ষিকতাবাদত থকা আন এটা তত্ত্ব অনুসৰি পোহৰৰ গতিবেগৰ সৈতে তুলনা কৰিব পৰা বেগত
গতি কৰি থকা যিকোনো এখন যানত থকা এটা ঘড়ীত সময়ৰ গতি ধীৰ হৈ পৰে৷ এই সাধাৰণ কথাটো
বুজিব পৰাকৈ আন এটা আশ্বৰ্যজনক উদাহৰণ দিয়া হয়, যাক ‘যঁজা-বিসংগতি’ (Twin Paradox) বুলি অভিহিত কৰা হৈছে৷
এটা সৰু কাহিনীৰে বুজাব বিচৰা ঘটনাটো এনে ধৰণৰ–ধৰি লোৱা হ’ল দুটি যঁজা সন্তান–তাৰে এজনক যদি বহু বছৰৰ বাবে এখন
মহাকাশ যানত তুলি ভ্ৰমণৰ বাবে পঠাই দিয়া হয়, উভতি অহাৰ পাছত
তেওঁ দেখিব যে তেওঁৰ সৈতে একে সময়তে জন্মলাভ কৰি পৃথিৱীতে থাকি যোৱা শিশুটি যুৱক
হৈ পৰিছে; কিন্তু মহাকাশৰ পৰা উভতি অহাজন, অৰ্থাৎ তেওঁ নিজে শিশু হৈয়ে ৰৈ যাব; যিহেতু মহাকাশ
যানখনত সময়ৰ গতি স্থবিৰপ্ৰায় হৈ পৰে!
এনে ধৰণৰ বিজ্ঞানৰ কিছু আমোদজনক কথা বা
ঘটনাপ্ৰৱাহেই বহু লেখকক ‘কল্পবিজ্ঞান সাহিত্যসৃষ্টি’ৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল৷ বিশেষ এচাম পঢ়ুৱৈৰ মাজত বিশেষভাৱে জনপ্ৰিয়
হোৱা এই কল্পবিজ্ঞান সাহিত্যৰ ধাৰাটো বিশ্বৰ প্ৰায় প্ৰতিটো ভাষাতে কম-বেছি পৰিমাণে
উপলব্ধ হয়৷ কল্পবিজ্ঞান সাহিত্যৰ অন্তৰ্গত চুটি গল্প অথবা উপন্যাস-উপন্যাসিকা
যিয়েই নহওক, সেইসমূহত বৰ্ণিত হোৱা প্ৰতিটো বিষয় বিশ্বাসযোগ্য
নহ’লেও কিন্তু বাস্তৱ ভিত্তি থাকিব পৰাৰ সম্ভাৱনাক নিৰ্দেশ কৰা
ধাৰণাটো নুই কৰিব নোৱাৰি৷ কিয়নো নিত্য-নতুন বৈজ্ঞানিক উদ্ভাৱনে এসময়ত অসম্ভৱ যেন
লগা বিষয়সমূহকো সম্প্ৰতি বাস্তৱায়িত কৰি তোলাটো অনস্বীকাৰ্য৷ বিশ্বৰ অন্যান্য
ভাষাৰ লগতে অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ বিশেষ সংখ্যাসমূহত কল্পবিজ্ঞানভিত্তিক
গল্প-উপন্যাসৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সমসাময়িকভাৱে লেখকসকলো কম-বেছি পৰিমাণে তেনে
সাহিত্য সৃষ্টিৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছিল৷
সাহিত্য অকাদেমিৰ দ্বাৰা প্ৰকাশিত আৰু শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত ‘অসমীয়া কল্পবিজ্ঞান গল্প সংকলন’ নামেৰে কিছু বছৰৰ পূৰ্বে (প্ৰথম প্ৰকাশ ২০১৭ চন) এখনি গল্প-সংকলন অসমীয়া সাহিত্যৰ ভঁৰালত সংযোজিত হৈছিল– য’ত হৰিপ্ৰসাদ বৰুৱাৰ দ্বাৰা ৰচিত প্ৰথম অসমীয়া কল্পবিজ্ঞান গল্প ‘বিৰচতীয়াৰ দেশ’ৰ পৰা আৰম্ভ কৰি ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ বহুচৰ্চিত গল্প ‘গহ্বৰ’ তথা সাম্প্ৰতিক সময়ৰ লেখক দিব্যজ্যোতি বৰাৰ ‘অন্তিম ঘাতক’লৈকে সৰ্বমুঠ একৈছজন গল্পকাৰৰ সমসংখ্যক গল্প সন্নিৱিষ্ট হৈছে৷ ‘কল্পবিজ্ঞান গল্প’ৰ সৃষ্টি, প্ৰসাৰ তথা প্ৰয়োজনীয়তাক আধাৰ হিচাপে লৈ গ্ৰন্থখনিত সন্নিৱিষ্ট হোৱা গল্পসমূহৰ কাহিনী-বিন্যাসকে ধৰি সমকালীন সমাজ-ব্যৱস্থাত সেই কাল্পনিক কাহিনীসমূহৰ প্ৰয়োজনীয়তা তথা গুৰুত্বৰ সমসাময়িকভাৱে সাধাৰণ পাঠকৰ মনস্তাত্ত্বিক দৃষ্টিৰে গল্পসমূহৰ কথনশৈলী আৰু প্ৰকাশভংগীৰ ভিন্নসুৰীতাৰ লগত ৰজিতা খুৱাই সামগ্ৰিকভাৱে এইসমূহৰ সাহিত্যিক মূল্য সম্পৰ্কে সম্পাদক শান্তনু তামূলীয়ে গ্ৰন্থখনিৰ ভূমিকাত বিস্তৃতভাৱে উল্লেখ কৰিছে৷ এই আপাহতে গ্ৰন্থখনিৰ সম্পাদনাৰ দায়িত্ব লোৱা শান্তনু তামূলীৰ বিষয়ে চমুকৈ উল্লেখ কৰিব বিচাৰিম যে ‘মৌচাক মামা’ বুলি শিশুসকলৰ মাজত বিশেষভাৱে পৰিচিত তথা জনপ্ৰিয় এইজন ব্যক্তিয়ে নিৰৱচ্ছিন্নভাৱে শিশু-সাহিত্যত মনোনিৱেশ কৰি বহুকেইটা ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ বঁটা-বাহন লাভ কৰাৰ উপৰি ২০১২ চনত তেখেত সাহিত্য অকাদেমিৰ ‘শিশু-সাহিত্য বঁটা’ৰেও সন্মানিত হয়৷
ইতিপূৰ্বে উল্লেখ কৰা ‘অসমীয়া
কল্পবিজ্ঞান গল্প-সংকলন’ নামৰ গল্প সংকলনখনিৰ উপৰি শান্তনু
তামূলীয়ে অলপতে কিশোৰ-কিশোৰীসকলৰ বাবে সংকলন তথা সম্পদনা কৰিছে আন এখন কল্পবিজ্ঞান
গল্প-সংকলন ‘প্ৰতিবিম্ব’ (প্ৰথম প্ৰকাশ– অক্টোবৰ’২০২০)৷ ‘অসমীয়া
কল্পবিজ্ঞান গল্প-সংকলন’ শীৰ্ষক গ্ৰন্থখনিত সম্পাদক শান্তনু
তামূলীৰো ‘পানী’ শীৰ্ষক এটা
কল্পবিজ্ঞান গল্প সন্নিৱিষ্ট হৈছে৷ সম্প্ৰতি নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বতন্ত্ৰ)-ৰ
অসমীয়া বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত এই পুথিখনিৰ পৰা নিৰ্বাচিত তিনিটা গল্প
ক্ৰমে ‘মাওথিয়া’, ‘অভিন্ন হৃদয়’
আৰু ‘পানী’ অন্তৰ্ভুক্ত
হোৱা বিষয়টোৱে এনে সাহিত্যসৃষ্টিত মনোনিৱেশ কৰাসকললৈ নিশ্চিতভাৱে আশাৰ বতৰা
কঢ়িয়াই আনিব পাৰিছে৷
মূলতঃ শিশু-সাহিত্যৰ কৃচ্ছ্ৰসাধনা কৰা তথা
ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা শান্তনু তামূলীয়ে সত্তৰৰ দশকৰপৰা সময়ে সময়ে বহুকেইটা
উৎকৃষ্ট কল্পবিজ্ঞান গল্পৰ সৃষ্টি কৰিছে৷ একে আষাৰে সেই গল্পসমূহক উৎকৃষ্ট বুলি ক’ব পৰা যায়; কিয়নো গল্পসমূহত সততে পৰিলক্ষিত হোৱা এটা
বিষয় হৈছে–বিজ্ঞান আৰু সাহিত্যৰ যথাৰ্থ সন্তুলন৷ প্ৰথম কথা হ’ল যিকোনো এটা গল্পক সাৰ্থক গল্প বুলি তেতিয়াহে ক’ব
পৰা যায়; যেতিয়া গল্পটোৱে চুটি গল্পৰ সকলো উপাদান বহন কৰে৷
কিন্তু গল্পৰ মূল উপাদানসমূহ বুলিলে কি বুজা যাব? ‘চুটি গল্প’ৰ প্ৰকৃত সংজ্ঞা কি হ’ব পাৰে? মতবাদৰ ভিন্নসুৰীতা থকা সত্ত্বেও এটা সৰল
উদাহৰণেৰে কথাটো মন কৰিব পাৰি–‘এজন ব্যক্তিৰ সমগ্ৰ জীৱনটো
যদি এজোপা বিশাল বটবৃক্ষ হয়; তেন্তে সেই গছজোপাৰপৰা ভাঙি অনা
এটা ডাল, য’ত গছজোপাৰ আঠা লাগি থাকে–সেই ডালটোৱেই হ’ব পাৰে এটা চুটি গল্প; যি সম্পূৰ্ণ হৈয়ো যেন সম্পূৰ্ণ নহয়৷ এজন বক্তিৰ জীৱনটোৰ এটা অংশ, য’ত জীৱনৰ ৰং লাগি থাকে, সেয়ে
হ’ব পাৰে এটা সাৰ্থক চুটি গল্প৷’ (ভাষিক
ভিন্নতাৰে চুটিগল্প সম্পৰ্কে এনে উপমা এজন
বিদেশী লেখকে দাঙি ধৰিছিল)৷ আৰু ‘কল্পবিজ্ঞান’ অথবা ‘ছায়ফিক’ (ছায়েঞ্চ আৰু
ফিকশ্যন–বিজ্ঞান আৰু কল্পনা) শব্দটোৰে প্ৰকৃততে আমি কি বুজাব
বিচাৰোঁ; অথবা কল্পবিজ্ঞান গল্পৰ প্ৰকৃত উদ্দেশ্য কি হ’ব পাৰে? এই ক্ষেত্ৰত আমি প্ৰথমেই এটা বিষয় ধাৰণা কৰি
ল’ব লাগিব–সাহিত্য কোনখিনি মানুহে পঢ়ে!
কেৱল আখৰ-যুক্তাক্ষৰলৈকে পঢ়িব পৰা কোনো অশীতিপৰ ব্যক্তিবিশেষকে ধৰি সমাজৰ উচ্ছ
শিক্ষিত লোকলৈকে যদি পাঠক শ্ৰেণীত সাঙুৰি পেলোৱা হয়, তেন্তে
নিশ্চিতভাৱে সেইসমূহ পাঠকৰ সংখ্যাই অধিক হ’ব, যিসমূহৰ সাধাৰণতে ‘বিজ্ঞান’ শব্দটোৰ
সৈতে কম-বেছি পৰিমাণে এটা পৰিচয় আছে৷ পঢ়াশালীয়া পাঠ্যক্ৰমত বহুতেই বিজ্ঞানৰ বিষয়ে
এটা প্ৰাৰম্ভিক ধাৰণা পায়; অথচ কৌতূহল থকা সত্ত্বেও বেছি
অভ্যন্তৰলৈ গৈ পৰ্যাপ্ত জ্ঞান আহৰণ কৰিব নোৱাৰেগৈ৷ কোৱা বাহুল্যযে এই ক্ষেত্ৰত
প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত পৰৱৰ্তী পৰ্যায়ত বিজ্ঞান শাখাতেই অধ্যয়ন
কৰা পাঠকসকলক সাঙুৰি লোৱা হোৱা নাই৷ অন্য সাধাৰণ পাঠকসকলৰ বাবে বিজ্ঞানৰ জটিল বিষয়
একোটাক সহজ-সৰলভাৱে মনোগ্ৰাহীকৈ তুলি ধৰাৰ ক্ষেত্ৰত কল্পবিজ্ঞান সাহিত্যই বিশেষ
ভূমিকা গ্ৰহণ কৰিব পাৰে অথবা গ্ৰহণ কৰাটো উচিত৷ এই দিশত আৰু এটা স্তৰ আগলৈ গৈ আমি
কল্পবিজ্ঞান গল্পৰ প্ৰকৃত উদ্দেশ্য অথবা ভূমিকা সম্পৰ্কেও এটা সম্যক ধাৰণা ল’ব পাৰোঁযে সীমিত পৰিসৰত এটা কৌতূহলপূৰ্ণ কাহিনী প্ৰয়োজনীয় বৈজ্ঞানিক
ধাৰণাৰে পাঠকসমাজলৈ আগ বঢ়ালে প্ৰকৃতাৰ্থত দুটা উদ্দেশ্য সমান্তৰালভাৱে সফল হয়–পাঠকৰ মনোৰঞ্জন আৰু বিজ্ঞানৰ ভূমিকা সম্পৰ্কত সম্যক জ্ঞান আহৰণ৷
উল্লেখযোগ্যযে এই ক্ষেত্ৰতো দুটা দিশত গুৰুত্ব দিবই লাগিব–গল্পটোত
থাকিবলগীয়া প্ৰয়োজনীয় কৌতূহলধৰ্মিতাৰ লগতে সহজ-সৰলভাৱে পাঠকক আকৃষ্ট কৰিব পৰা গুণ
আৰু বিজ্ঞানৰ জটিল বিষয়কো সাধাৰণ পাঠকৰ বোধগম্য হোৱাকৈ তুলি ধৰিবপৰাৰ ক্ষমতা৷
উদাহৰণস্বৰূপে ‘বিস্ময়’ আলোচনীত
প্ৰকাশিত হোৱা আৰু আমি শৈশৱতে পঢ়া
দুই-এটা কল্পবিজ্ঞান গল্পত উল্লিখিত
কিছু তথ্যই সেই সময়ৰপৰা আজিকোপতি আমাৰ মগজুত ৰেখাপাত কৰি আছে৷ ‘এটমিক ডিছইণ্টিগ্ৰেটৰৰ কাৰ্বাইন’–এই শব্দটো সৰুতে
বুজি পোৱা নাছিলোঁ; হয়তো বিজ্ঞানৰ সৈতে বিশেষ সম্পৰ্ক নথকা
বহু প্ৰাপ্তবয়স্ক পাঠকৰ বাবে শব্দটো এতিয়াও দুৰ্বোধ্য; কিন্তু
গল্পৰ বৰ্ণনাশৈলীয়ে সেই দুৰ্বোধ্যৰ ভাব আঁতৰাই পাঠকৰ মনত এনে এটা ভাব আনি দিব
পাৰিছিল যে সেইটো এটা প্ৰচুৰ শক্তিসম্পন্ন মাৰণাস্ত্ৰ, যাৰ
দ্বাৰা যিকোনো দুৰ্জেয় শত্ৰুক পৰাভূত কৰিব পৰা যায়৷ পাছলৈ নিউক্লীয় পদাৰ্থ
বিজ্ঞানৰ ছাত্ৰ হৈ থকা অৱস্থাত সেই বিষয়টোৰ প্ৰায় বহুখিনি জ্ঞান আহৰণ কৰিব
পাৰিছিলোঁ৷ দৰাচলতে পদাৰ্থৰ ক্ষুদ্ৰতম কণা পৰমাণু একোটা যদি ভাঙি দিব পৰা যায়,
তাৰপৰা প্ৰচুৰ শক্তি উৎপন্ন হয়৷ কিয় হয়, সেইবোৰ
বিজ্ঞানৰ বিষয়; কিন্তু গল্পটোৰ বাবে প্ৰয়োজনীয় তথ্যটো হৈছে
পৰমাণুৰ সেই বিভংগন প্ৰক্ৰিয়া ঘটাব পৰা যন্ত্ৰ (এটমিক ডিছইণ্টিগ্ৰেটৰ)-ৰ পৰা উৎপন্ন
হোৱা প্ৰচুৰ শক্তি আৰু সেই শক্তিৰ প্ৰয়োগেৰে নিৰ্মিত এবিধ মাৰণাস্ত্ৰ৷ সেই শৈশৱতে
গল্পৰ মাজত পোৱা এটা শব্দই কেনেদৰে মনত সাঁচ বহুৱাইছিল, ভাবিলে
আচৰিত লাগে৷ এনে ধৰণৰ ব্যাৱহাৰিক উদাহৰণৰ দ্বাৰা নিশ্চিতভাৱে ক’ব পাৰিযে শিশুসকলৰ বাবে এই কল্পবিজ্ঞান বিষয়ক সাধুকথা, গল্প, উপন্যাস...এইবোৰ আচলতে অতিকৈ প্ৰয়োজনীয় বিষয়৷
এইসমূহৰ অধ্যয়নৰ দ্বাৰা তেওঁলোকৰ অপৈনত চালুকীয়া মনবোৰ নিজৰ অজানিতেই বিজ্ঞানৰ
প্ৰতি আকৰ্ষিত হোৱাৰ লগতে সৰুৰেপৰা মনত অন্ধবিশ্বাস, কুসংস্কাৰ...আদি
ধাৰণাই খোপনি পুতিব নোৱৰা হয়৷ স্বাভাৱিকতে শিশুৰ মগজুৱে প্ৰতিটো বিষয়ৰ জ্ঞান ল’বলৈ সততে উন্মুখ হৈ থাকে৷ আমি সৰুতেই এটা সাধু পঢ়িছিলোঁ– এবাৰ এজন ৰজাই মৃগয়া কৰিবলৈ গৈ গৰম আৰু পিয়াহৰপৰা পৰিত্ৰাণ পাবলৈ বুলি
হাবিৰ মাজৰ এটা জুপুৰিত সোমালগৈ৷ সেই জুপুৰিৰ গৃহস্থই মাটি-কলহত থোৱা পানী ৰজাক
পিবলৈ দিলে৷ সেই শীতল পানীয়ে ৰজাৰ দেহা জুৰ পেলালে আৰু সেই পানীৰ উৎস বিচাৰিলত
গৃহস্থই মাটি-কলহটো দেখুৱাই দিলে৷ সাধুটোৰ জৰিয়তে শিশুসকলক মাটি-কলহত থোৱা পানী
কিয় শীতল হৈ পৰে সেই বিষয়ত জ্ঞান দিয়া হৈছিল৷ তাত থকা বিভিন্ন ৰন্ধ্ৰৰ মাজেৰে
পানীৰ অণুসমূহৰ চলাচল সুচল হৈ পৰাৰ বাবে অণুসমূহৰ শক্তি হ্ৰাস হৈ শীতল হৈ পৰাৰ
বিষয়ে শৈশৱতে লাভ কৰা সেই জ্ঞান পাছলৈ গেছৰ গতিতত্ত্ব বিষয়ক পাঠ পঢ়োঁতে ভালদৰে
বুজি পাবলৈ সহজ হৈছিল৷
উল্লিখিত আলোচনাৰ মাধ্যমেৰে এটা বিষয় বোধগম্য হয় যে
কল্পবিজ্ঞান সাহিত্যৰ এক বিশেষ জনপ্ৰিয়তা তথা গুৰুত্ব এচাম পাঠকৰ মাজত আছে আৰু বিজ্ঞান মনস্কতাৰ সৈতে
শিশু-কিশোৰৰ মনবোৰ আকৰ্ষিত কৰি তোলাৰ ক্ষেত্ৰতো এনে সাহিত্যই প্ৰয়োজনীয় ভূমিকা
পালন কৰে৷ অঅন্যহাতে শিশু-কিশোৰৰ মাজত ‘মৌচাক মামা’ হিচাপে বিশেষভাৱে জনপ্ৰিয় শান্তনু তামূলীয়ে অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ
ধাৰাটো টনকিয়াল কৰিবলৈ স্বকীয় ধাৰণাৰে উল্লেখযোগ্য কিছু অৱদান আগ বঢ়াইছে৷
সেইবিষয়ে উল্লেখ কৰাৰ পূৰ্বে তেখেতৰ বিষয়ে এটি চমু আলোকপাত কৰাটো উচিত হ’ব বুলি ভাব হয়৷ ১৯৪৮ চনৰ ১ মাৰ্চত গোলাঘাট জিলাত জন্মলাভ কৰি বৰ্তমান পশ্চিম
যোৰহাট, পুলিবৰৰ স্থায়ী বাসিন্দা হৈ পৰা শান্তনু তামূলীয়ে
অসমীয়া শিশু-সাহিত্য চৰ্চা তথা বিকাশৰ বাবে প্ৰকৃতাৰ্থত অহোপুৰুষাৰ্থ কৰিছে বুলি ক’লেও অত্যুক্তি কৰা নহয়৷ ১৯৫৯ চনত
ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই হাতে লিখা আলোচনী ‘আলোক’ৰ সম্পাদনা, ১৯৬১ চন আৰু ১৯৬২ চনত বিদ্যালয়ৰ আলোচনী ‘প্ৰৱাহ’ৰ সম্পাদনাৰে অসমীয়া সাহিত্য জগতত প্ৰথম খোজ
দিয়া এইজন মনীষীৰ ঐকান্তিক প্ৰচেষ্টাত ১৯৮৪ চনৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাই আহি
বৰ্তমান ৩৭ বছৰ সম্পূৰ্ণ কৰিও জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে
শিশু-আলোচনী ‘মৌচাক’৷ তদুপৰি তেখেতৰ
দ্বাৰা সম্পাদিত শিশুৰ বাবে বিজ্ঞান জনপ্ৰিয়কৰণৰ মাহেকীয়া আলোচনী ‘নতুন আৱিষ্কাৰ’ ১৯৮৮ চনৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাই
বৰ্তমান ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলেহি৷ এই দুখন শিশু-আলোচনীৰ উপৰি তেখেতৰ
দ্বাৰা প্ৰণীত অন্যান্য শিশু গ্ৰন্থসমূহৰ তালিকা এনে ধৰণৰ–‘জোন
আৰু জোনলৈ (১৯৭৩), ‘সৰীসৃপ’ (১৯৭৪),
‘বিজ্ঞানৰ মেজিক’ (১৯৭৯), ‘ফটোগ্ৰাফী’ (১৯৯৩), ‘মানী বাণী
আৰু এখন ফুলনি’ (১৯৯৩), ‘আকাশ-মহাকাশ’
(২০০৬), ‘মজাৰ সাঁথৰ’ (মৌচাক
প্ৰকাশন, ২০০৬), ‘আবৃত্তি’ (মৌচাক প্ৰকাশন, ২০০৬), ‘টকিঅ’ত তেৰদিন’ (ভ্ৰমণ কাহিনী, ২০০৮),
‘কোনে কি কেনেকৈ উদ্ভাৱন কৰিছিল?’ (২০০৮),
‘বনত ৰঙৰ মেলা’ (নেশ্যনেল বুক ট্ৰাষ্ট,
২০০৯), ‘বুবু-বুলবুলিৰ ফুলনি’ (নেশ্যনেল বুক ট্ৰাষ্ট, ২০০৯), ‘সৰ্বোত্তম জানানে’ (বনলতা, ২০১০);
আঠখন অনুবাদ গ্ৰন্থ ক্ৰমে ‘মহাকাশৰ তাৰকা’
(১৯৯৩), ‘ইলেকট্ৰনিক নামৰ ল’ৰাটো’ (১৯৯৩), ‘ভাৰতৰ বিপন্ন
প্ৰাণী আৰু সিহঁতৰ সংৰক্ষণ’ (১৯৯৭), ‘মোৰ
ৰবট ৰ’ব্বি’ (নেশ্যনেল বুক ট্ৰাষ্ট,
২০০৯), গ্ৰহযুদ্ধ (War of the Worlds -
H. G. Wells, ২০০৮;
‘www.ঘনজংঘল.কম’ (নেশ্যনেল বুক ট্ৰাষ্ট,
২০০৮), ‘ধূমকেতুত উঠি’ (Off on a comet
- Jules Verne), ২০০৮, ‘মাষ্টাৰ অৱ দ্য
ওৱল্ডৰ্ (The Master of the World), ২০১০; ইংৰাজীলৈ অনুবাদ হোৱা সাহিত্য– Joy in the Jungle (National Book
Trust, ২০০৯), Bubu-Bulbuli’s Garden
(National Book Trust, ২০০৯) আৰু অন্যান্য গ্ৰন্থসমূহ হ’ল–‘অসমৰ বনৌষধি’ (অসম সাহিত্য
সভা, ১৯৭৮), ‘মায়ামৃগ’ (মৌচাক প্ৰকাশন, ২০০০), ‘বনৌষধি-মহৌষধি’
(মৌচাক প্ৰকাশন, ২০০৬) আৰু অসমীয়া
শিশু-সাহিত্য সমীক্ষা (মৌচাক প্ৰকাশন, ২০১১)৷ শিশু-সাহিত্য
সাধনাৰ জৰিয়তে তেখেতে লাভ কৰা চাৰিটা ৰাষ্ট্ৰীয় বঁটা হৈছে ক্ৰমে ১৯৬৭ চনত ‘মানী বাণী আৰু এখন ফুলনি’ৰ বাবে NCERT বঁটা, ১৯৭৪ চনত ‘সৰীসৃপ’ৰ বাবে NCERT বঁটা, ভাৰত
চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ হৈ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি সংযোগ
পৰিষদৰ দ্বাৰা ২০১০ চনত শিশুৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা আৰু ২০১২
চনত সাহিত্য অকাডেমীৰ শিশু-সাহিত্য বঁটা৷ অন্যহাতে একে দিশত লাভ কৰা দুটা ৰাজ্যিক
বঁটা হৈছে ২০১০ চনত ‘পূণ্য বৰা স্মাৰক শিশু-সাহিত্য বঁটা’
আৰু একে বৰ্ষতে লাভ কৰা ‘মাধৱ কন্দলী
শিশু-সাহিত্য বঁটা’৷ পচপন্ন বছৰীয়া সুদীৰ্ঘ সাহিত্য
পৰিক্ৰমাত কেৱল শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ অৰ্থেই নিৰৱচ্ছিন্নভাৱে সাহিত্য
সৃষ্টি কৰি যোৱাকে ধৰি অন্যান্য বিভিন্ন কাৰ্যক্ৰমণিকাৰ সৈতে জড়িত হৈ থকা শান্তনু
তামূলীৰ অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ প্ৰতি আগ বঢ়োৱা কৰ্মৰাজিৰ বিষয়ে তথা
কল্পবিজ্ঞান সাহিত্য সম্পৰ্কে তেখেতৰ ধাৰণাৰ বিষয়েও এটি চমু বিৱৰণ এই লেখাত আগ
বঢ়োৱা হ’ব৷
শিশু-সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে সময়ে সময়ে
কল্পবিজ্ঞান গল্প সৃষ্টিৰ প্ৰতিও বিশেষভাৱে মনোনিৱেশ কৰা শান্তনু তামূলীয়ে
ইতিপূৰ্বে দুখনকৈ কল্পবিজ্ঞান গল্প সংকলন সম্পাদনা কৰিছে৷ প্ৰথমখন হৈছে সাহিত্য
অকাদেমিৰ দ্বাৰা প্ৰকাশিত ‘অসমীয়া কল্পবিজ্ঞান গল্প সংকলন’
আৰু তেখেতৰ দ্বাৰা সম্পাদিত দ্বিতীয়খন কল্পবিজ্ঞান গল্প-সংকলন হৈছে ‘প্ৰতিবিম্ব’; য’ত শিশু আৰু
কিশোৰৰ বাবে উপযোগীকৈ বাৰটা নিৰ্বাচিত গল্প সন্নিৱিষ্ট কৰা হৈছে৷ গ্ৰন্থখনি প্ৰকাশ
কৰিছে ‘অসম বিজ্ঞান লেখক সংস্থা’ই৷ ‘প্ৰতিবিম্ব’ শীৰ্ষক সংকলনখনিত সন্নিৱিষ্ট হোৱা
গল্পসমূহৰ বিষয়ে গ্ৰন্থখনিৰ আগকথাত তেখেতে উল্লেখ কৰিছে–‘গল্পসমূহ
নিৰ্বাচন কৰাৰ ক্ষেত্ৰত দুটা দিশৰপ্ৰতি মনোযোগ দিয়া হৈছে৷ প্ৰথমটো হ’ল কিশোৰ পাঠক-পাঠিকাসকলক কল্পবিজ্ঞান গল্পৰ সোৱাদ দিয়া৷ দ্বিতীয়টো হ’ল, গল্পবোৰৰ মাজত পাঠকসকলে যাতে সাহিত্যৰ স্বাদো লাভ
কৰে৷’ শিশু-কিশোৰৰ মনস্তত্ত্বৰপ্ৰতি সদা-সৰ্বদা সতৰ্ক হৈ
নিজৰ অধিকাংশ সৃষ্টিকে তেওঁলোকৰ মাজত জনপ্ৰিয় কৰিবপৰা শান্তনু তামূলীৰ কল্পবিজ্ঞান
সাহিত্য সন্দৰ্ভত শিশুসকলৰ ধাৰণা সম্পৰ্কে তেখেতৰ এই কথাখিনিৰপৰাই উপলব্ধি কৰিব
পাৰি–‘কিশোৰ পঢ়ুৱৈসকল হ’ল
কল্পবিজ্ঞানৰ গুণগ্ৰাহী পাঠক৷ কল্পবিজ্ঞানৰ সৃষ্টিৰ অন্তৰালত থাকে মৌলিক চিন্তা,
প্ৰেৰণা আৰু ইয়াৰ আৱেদন হ’ল আমাৰ দৈনন্দিন
চিন্তা-ভাবনাৰপৰা মুক্তি লাভ কৰি আমি জনা বা আমি দেখা জগতখনৰ ওপৰত নিৰ্ভৰ কৰি
ভৱিষ্যতে কি ঘটিব পাৰে, ইত্যাদি পটভূমিত সৃষ্টি হোৱা
ভৱিষ্যতৰ কল্পনাপ্ৰসূত গল্প-উপন্যাসৰপ্ৰতি
কিশোৰ-কিশোৰীসকল আকৃষ্ট হোৱা দেখা যায়৷ বিজ্ঞান প্ৰযুক্তিৰ ন ন উদ্ভাৱন আৰু
আৱিষ্কাৰবোৰে সহজে এওঁলোকৰ এচামক উদ্বুদ্ধ কৰে৷ অন্তৰৰ নিভৃত কোণত ঠাই লোৱা ভাবনাই
নিজকে নিমজ্জিত কৰাৰ সুযোগৰ সন্ধানত এওঁলোক সদা সজাগ৷ তেওঁলোকৰ মন-মগজুত
কল্পবিজ্ঞান সাহিত্যই নতুন মাত্ৰা প্ৰদান কৰিব পাৰে৷’
শান্তনু তামূলীয়ে সম্পূৰ্ণ অন্তঃকৰণেৰে বিশ্বাস
কৰে যে কল্পবিজ্ঞান সাহিত্যই সংকীৰ্ণ মানসিকতাক মষিমূৰ কৰি সুন্দৰ সময়ৰ আৱেদন
জনায়৷ সেয়েহে তেখেতে উল্লেখ কৰিছে যে ‘কৃত্ৰিম বুদ্ধিমত্তাৰ
আগ্ৰাসনে ক্ৰমে কল্পবিজ্ঞান কাহিনীৰ ক্ষেত্ৰখনত বিপুল পৰিৱৰ্তনৰ সূচনা কৰিব৷ মানুহ
বনাম কৃটিম বুদ্ধিমত্তাৰ শৃংখলত কল্পবিজ্ঞান সাহিত্যই কেনে পোখা মেলে সেয়া লক্ষণীয়
হ’ব৷’ বহু পাঠক অথবা সমালোচকেই
কেতিয়াবা কল্পবিজ্ঞান গল্পসম্পৰ্কে অন্য সাধাৰণ পাঠকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব
পাৰে৷ অনেকেই হয়তো সেয়া কেনে ধৰণৰ সৃষ্টি সেই বিষয়ে এটা আভাস পালে ভাল পায়৷ বহু
নতুন পাঠকৰ ক্ষেত্ৰতে এনে দুৰ্বোধ্য-ভাব আহিব পাৰে৷ কিশোৰ কল্পবিজ্ঞান গল্প-সংকলন ‘প্ৰতিবিম্ব’ৰ আগকথাত শান্তনু তামূলীয়ে এনে
বিভ্ৰান্তি দূৰ কৰাৰ ক্ষেত্ৰত সুন্দৰকৈ এটি ব্যাখ্যা আগ বঢ়াইছে–‘কল্পবিজ্ঞান গল্পৰ উপস্থাপন, ব্যাপ্তি আৰু সমাপ্তি
মূল সুঁতিৰ গল্পৰ দৰে৷ গল্পৰ আদিৰপৰা অন্তলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ এক আন্তঃস্ৰোত
প্ৰৱাহিত হৈ ৰয়৷ কল্পবিজ্ঞান হ’ল বিজ্ঞান আৰু প্ৰযুক্তি
নিৰ্ভৰ সমাজ-জীৱনৰ কাহিনী৷ এনে সাহিত্যৰাজিত অতীত, বৰ্তমান
আৰু ভৱিষ্যতৰ পটভূমিত মানুহ আৰু প্ৰাকৃতিক জীৱজগতৰ জীৱনশৈলীৰ কাহিনী উপস্থাপন হয়৷
বিজ্ঞান আৰু প্ৰযুক্তিজ্ঞান হ’ল কল্পবিজ্ঞানশৈলীৰ সাহিত্যৰ
প্ৰাণস্বৰূপ আৰু সেই প্ৰাণশক্তিৰে এই ধাৰাৰ বৈশিষ্টপূৰ্ণ লেখনিৰাজি উজ্জীৱিত হয়৷’
সাহিত্যৰ ক্ষেত্ৰত সমৃদ্ধিশালী বুলি অভিহিত
কৰিব পৰা পৃথিৱীৰ অন্যান্য ভাষাৰ তুলনাত তুলনামূলকভাৱে অসমীয়া ভাষাত কল্পবিজ্ঞান
সাহিত্যৰ ধাৰাটো কিছু স্তিমিত৷ মুষ্টিমেয় কেইজনমান লেখকে এই দিশত নিষ্ঠা আৰু
সাধনাৰে এনে সাহিত্য সৃষ্টিত ব্ৰতী হৈ আছে৷ অন্যহাতে বহু আগশাৰীৰ সাহিত্য
আলোচনীয়েও এনে সাহিত্যৰ প্ৰতি প্ৰয়োজনীয় আগ্ৰহ প্ৰদৰ্শন কৰি লেখকসকলক উৎসাহী কৰি
তোলা পৰিলক্ষিত নহয়৷ এই ক্ষেত্ৰত শান্তনু তামূলীয়ে মত পোষণ কৰে–‘কল্পবিজ্ঞান ধাৰাৰ কাহিনী আৰু উপন্যাসৰ তুলনাত দেখা যায় অসমীয়া সাহিত্যত
এনে গল্পৰ সংখ্যা কম৷ গল্প যিদৰে জীৱনৰ একো একোটা খণ্ড চিত্ৰ, সেইদৰে কল্পবিজ্ঞান গল্পও বিজ্ঞান প্ৰযুক্তিৰে প্ৰভাৱিত সমাজ-জীৱনৰ একো
একোটা খণ্ড চিত্ৰ৷ সেয়া হ’ব পাৰে অতীতত এৰি অহা
বিজ্ঞান-প্ৰযুক্তিৰ প্ৰাৰম্ভিক দিনৰ সমাজ-ব্যৱস্থা বা বৰ্তমানৰ ঘটনাবহুল বৈচিত্ৰময়
কাহিনী বা ভৱিষ্যৎ পৃথিৱীৰ সম্ভাৱ্য আৰু কল্পিত কাহিনী৷ বিজ্ঞান-প্ৰযুক্তিৰ প্ৰসাৰিত জ্ঞান আৰু
উদ্ভাৱিত অত্যাধুনিক সামগ্ৰীয়ে আমাৰ দৈনন্দিন জীৱনশৈলী নিয়ন্ত্ৰণ আৰু পৰিচালনা
কৰে৷ অতীত হৈ পৰা প্ৰতিটো দিন প্ৰযুক্তিকৌশলেৰে সমৃদ্ধিশালী হৈ পৰে৷ সেয়েহে পাৰ হৈ
যোৱা অতীতত থিয় দি বৰ্তমানলৈ লক্ষ্য কৰিলে যি দৃশ্য চকুৰ আগত ভাহি উঠিব, সেইখন চিত্ৰক গল্পৰ ৰূপত যদি বৰ্ণনা কৰা হয়, সেয়া হৈ
উঠিব কল্পবিজ্ঞান’ (আগকথা; ‘প্ৰতিবিম্ব’)৷
যদিওবা আমাৰ এই লেখাটোৰ উদ্দেশ্য দৰাচলতে
কল্পবিজ্ঞান সাহিত্যলৈ শান্তনু তামূলীৰ অৱদান আৰু তেখেতৰ দ্বাৰা সৃষ্ট নিৰ্বাচিত
কেইটামান কল্পবিজ্ঞান গল্পৰ ওপৰত আলোকপাত কৰা; তথাপি এই
আপাহতে কল্পবিজ্ঞান সাহিত্যৰ প্ৰতি অৱদান আগ বঢ়োৱা অন্য কেইজনমান সাহিত্যিকৰ
দৃষ্টিৰে এই ধাৰাৰ সাহিত্যৰ প্ৰতি তেখেতসকলে কেনে ধাৰণা আগ বঢ়াইছিল, সেই বিষয়ে কিছু কথা উল্লেখ কৰিব বিচাৰিম৷ অসমীয়া ভাষাত ইতিমধ্যে সৰহ
সংখ্যক বিজ্ঞান-কাহিনী, উপন্যাস, নাটক
আদি ৰচনা কৰা ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে ‘অসমীয়া বিজ্ঞান-কাহিনী’ সম্পৰ্কে এইবুলি মত পোষণ কৰে– ‘অনুবাদৰ জৰিয়তে আৰু পোনপটীয়াকৈ কেইবাটাও ভাৰতীয় ভাষাৰ ইংৰাজীত লিখা ভাৰতীয়
সাহিত্যিকৰ কল্পবিজ্ঞান গল্প পঢ়াৰ পাছত আমাৰ ভাব হৈছে যে অসমীয়া ভাষাত কল্পবিজ্ঞান
গল্প-উপন্যাস-নাটক সংখ্যাত বৰ কম যদিও সেইবোৰৰ মান তুলনামূলকভাৱে বেছ উন্নত৷ নিজে
কল্পবিজ্ঞান লিখিবলৈ চেষ্টা কৰা মানুহ হোৱা বাবে কোনো নিৰ্দিষ্ট অসমীয়া কল্পবিজ্ঞান
লেখকৰ ৰচনাৰ গুণগত মানৰ বিষয়ে আমি মন্তব্য আগ বঢ়োৱাটো উচিত নহ’ব। মাত্ৰ ইয়াকে ক’ব পাৰোঁ যে কল্পবিজ্ঞান জনপ্ৰিয়
বিজ্ঞান ৰচনাও নহয় আৰু অলীক কল্পনাবিলাসো (ফেণ্টাছি) নহয়৷ সি
হ’ল বিজ্ঞানক ভিত্তি হিচাপে লৈ গঢ়ি উঠা কাহিনী (ফিক্শ্বন)৷
তেনে কাহিনীত বিজ্ঞানখিনি বাদ দিব নোৱৰাকৈ গঁথা থাকে৷ কিন্তু দুই-এক অসমীয়া লেখকে
অদ্ভুত কল্পনাকে কল্পবিজ্ঞান (ছাইন্স ফিক্শ্বন) বুলি চলাই দি পঢ়ুৱৈক ছলনা কৰাও
দেখা গৈছে৷ বিজ্ঞানৰ ভিত্তিটো নিখুঁত হ’লে আৰু কাহিনীটোও
বলিষ্ঠ হ’লে, তেনে কাহিনীহে প্ৰকৃত আৰু
উপাদেয় কল্পবিজ্ঞান কাহিনী হৈ পৰে৷’ (যোৰহাট গ্ৰন্থমেলা’১৯৯৫১ স্মৃতিগ্ৰন্থ ‘প্ৰজ্ঞা’ত
প্ৰকাশিত শান্তনু তামূলীৰ প্ৰবন্ধ ‘অসমীয়া বিজ্ঞান-কাহিনী’)
অন্যহাতে ১৯৬৩ চনতে ‘চন ২৪৬৬,
এক এপ্ৰিল’ শীৰ্ষক কল্পবিজ্ঞান কাহিনী ৰচনা
কৰি নিৰৱধি ধাৰাত এই চৰ্চা অব্যাহত ৰখা ড॰ বিজয়কৃষ্ণ দেৱশৰ্মাই
কল্পবিজ্ঞান কাহিনীসম্পৰ্কে পোষণ কৰা দৃষ্টিভংগী হ’ল–‘আমি নিঃসন্দেহে ক’ব পাৰোঁযে বিজ্ঞান আৰু কাৰিকৰী বা
প্ৰযুক্তিবিদ্যাৰ ঊদ্ধৰ্মুখী প্ৰভাৱত জলজীৱন বিশেষভাৱে প্ৰভাৱিত হৈছে৷ ইয়াৰ ফলতেই
সাহিত্যৰ ক্ষেত্ৰতো (যাক জীৱন অভিজ্ঞতাৰ প্ৰতিচ্ছবি বুলি গণ্য কৰা হয়)
বিজ্ঞান-কাহিনী বা Science Fiction নামৰ নতুন শাখা এটাৰ জন্ম
পায়৷ আৰু অনুক্ৰমে জন-জীৱনৰ সকলো দিশ সাঙুৰি বিজ্ঞান নিৰ্ভৰ সাহিত্যই সম্প্ৰতি
পৃথিৱীজুৰি জনপ্ৰিয়তা অৰ্জন কৰিছে৷...সাম্প্ৰতিক বিজ্ঞান-কাহিনীয়ে সমাজ তথা
ৰাজনৈতিক সমাজকো চুই যোৱা দেখা গৈছে৷ লগতে ই জনমানসত বৈজ্ঞানিক চেতনা গঢ় দিয়াত,
বৈজ্ঞানিক পদ্ধতিৰ প্ৰভাৱেৰে জনগণৰ চিন্তাধাৰা কুসংস্কাৰ আৰু
অন্ধবিশ্বাসৰপৰা মুক্ত কৰাত সহায়ক হৈছে৷ বিজ্ঞানৰ ধবংসাত্মক দিশটো মোকলাই দিয়াতো
বিজ্ঞান-কাহিনীয়ে প্ৰভূত সহায় কৰিছে৷’(যোৰহাট গ্ৰন্থমেলা’ ১৯৯৫-ৰ স্মৃতিগ্ৰন্থ ‘প্ৰজ্ঞা’ত
প্ৰকাশিত শান্তনু তামূলীৰ প্ৰবন্ধ ‘অসমীয়া বিজ্ঞান-কাহিনী’)
এতিয়া আহোঁ আমাৰ আলোচিতব্য প্ৰসংগৰ আন এটি অংশলৈ
অৰ্থাৎ কল্পবিজ্ঞান সাহিত্যলৈ শান্তনু তামূলীৰ অন্যান্য অৱদান সম্পৰ্কীয় আলোচনালৈ৷
শিশু-সাহিত্য সৃষ্টিৰ সমসাময়িকভাৱে কল্পবিজ্ঞান সাহিত্য সৃষ্টিতো মনোনিৱেশ কৰা
শান্তনু তামূলীৰ প্ৰথম বিজ্ঞান-কাহিনী ‘হে চন্দ্ৰ বিদায়’ৰ কাহিনীভাগ ৰচনা কৰা হৈছিল চন্দ্ৰ অভিযানৰপৰা উভতি অহা মহাকাশচাৰীয়ে
সন্মুখীন হোৱা এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি৷ বিভিন্ন আলোচনী আৰু কাকতত ভালেসংখ্যক
বিজ্ঞান-কাহিনী আৰু উপন্যাসিকা প্ৰকাশ পোৱা কাহিনীবোৰৰ বিষয়বস্তু হ’ল মহাকাশ অভিযান, অন্য গ্ৰহৰ প্ৰাণীৰ সৈতে যোগাযোগ,
ইত্যাদি৷ মৌলিক কাহিনীৰ উপৰি অনুবাদৰ জৰিয়তেও কল্পবিজ্ঞান সাহিত্যলৈ
বিশেষ বৰঙণি আগ বঢ়োৱা শান্তনু তামূলীৰ দ্বাৰা অপঁদিত ‘বাৰ্ডছ’,
‘আএলিতা’, ‘তৰাৰ জাহাজ’, ‘প্ৰজাপতি’...আদি উপন্যাস ‘বিস্ময়’,
‘মনোৰঞ্জন’, ‘আমাৰ প্ৰতিনিধি’ আদি আলোচনীত প্ৰকাশ পাইছে৷ প্ৰকাশিত বিজ্ঞান-কাহিনী সম্পৰ্কীয় গ্ৰন্থ হৈছে
য়েভগেনী ভেলটিষ্টভৰ বিজ্ঞান-কাহিনী ‘ইলেক্ট্ৰ’নিক মালচিক ইঝ চেমোডানা’ৰ আধাৰত ৰচিত ‘ইলেক্ট্ৰ’নিক নামৰ ল’ৰাটো’
আৰু মাৰ্তা বাৰানোভা আৰু য়েভগেনী ভেলটিষ্টভৰ ৰুছ ভাষাৰ
বিজ্ঞান-কাহিনী ‘তিয়াকা, বোৰকা ঈ ৰাকোটা’-ৰ অৱলম্বনত ৰচিত ‘মহাকাশৰ তাৰকা’৷ আৰম্ভণিতে ‘বিস্ময়’ আলোচনীৰ
মাজেৰে অসমীয়া ভাষাত বিজ্ঞান-কাহিনী জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেখেতে বৰঙণি আগ
বঢ়াইছিল৷ তেখেতৰ দ্বাৰা সম্পাদিত ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’-ত তেখেতৰ
শিশু উপযোগী ভালেমান বিজ্ঞান-কাহিনী বিগত প্ৰায় আঢ়ৈ দশকজুৰি প্ৰকাশিত হৈ আছে৷
কল্পবিজ্ঞান কাহিনী সৃষ্টিৰ জৰিয়তে অসমীয়া
সাহিত্যৰ ধাৰাত এনে সাহিত্যৰ বহুকেইটা উৎকৃষ্ট লেখাৰে বিশেষ বৰঙণি আগ বঢ়োৱা
শান্তনু তামূলীৰ দ্বাৰা ৰচিত নিৰ্বাচিত কেইটামান কল্পবিজ্ঞান গল্পৰ বিষয়ে এই
পৰ্যায়ত এটি সমালোচনামূলক সমীক্ষা আগ বঢ়াবলৈ প্ৰয়াস কৰা হ’ব৷
সৃষ্টিৰ সময়ৰ লগতে আৰু এই লেখাৰ পৰিসৰৰ কথাও বিবেচনা কৰি আলোচনাৰ আওতালৈ আনিব
বিচৰা শান্তনু তামূলীৰ দ্বাৰা ৰচিত আৰু আমি নিৰ্বাচন কৰি লোৱা গল্পকেইটা হৈছে ‘পানী’, ‘ৰুদ্ৰাক্ষ’, ‘মায়ামৃগ’ আৰু ‘বৰ্ণ-বিৱৰ্তন’৷ উল্লেখযোগ্যযে বিশ্লেষণ কৰোঁতে সৃষ্টিৰ সময়ক বিশেষ প্ৰাধান্য দি তদানীন্তন সা-সুবিধা তথা
প্ৰযুক্তি উন্নয়নৰ বিষয়ে এটা সম্যক ধাৰণা লৈ আগ বঢ়াটো উচিত হ’ব বুলি বিবেচনা কৰা হৈছে৷
বিশ্লেষণৰ প্ৰাক-পৰ্যায়ত উল্লেখ কৰিব খোজোঁ যে কল্পবিজ্ঞান সাহিত্যৰ অন্তৰ্গত চুটিগল্প অথবা উপন্যাস-উপন্যাসিকা যিয়েই নহওক, সেইসমূহত বৰ্ণিত হোৱা প্ৰতিটো বিষয় বিশ্বাসযোগ্য নহ’লেও কিন্তু বাস্তৱ ভিত্তিৰ সম্ভাৱনাক নিৰ্দেশ কৰা ধাৰণাটো নুই কৰিব নোৱাৰি৷ কিয়নো নিত্য-নতুন বৈজ্ঞানিক উদ্ভাৱনে এসময়ত অসম্ভৱ যেন লগা বিষয়সমূহকো সম্প্ৰতি বাস্তৱায়িত কৰি তোলাটো অনস্বীকাৰ্য৷ বিশ্বৰ অন্যান্য ভাষাৰ লগতে অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ বিশেষ সংখ্যাসমূহত কল্পবিজ্ঞানভিত্তিক গল্প-উপন্যাসৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সমসাময়িকভাৱে লেখকসকলো কম-বেছি পৰিমাণে তেনে সাহিত্য সৃষ্টিৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছিল৷
পানী : কল্পবিজ্ঞান সাহিত্যৰ
বিষয়ে উল্লেখ কৰা বিভিন্ন বিষয়ৰ আৰম্ভণিতে ‘আপেক্ষিকতাবাদ’ৰ ধাৰণাৰে এটা কথা উল্লেখ কৰা হৈছিল–মানুহ অতীতলৈ
উভতি যোৱাটো যদি সম্ভৱ হ’লহেঁতেন...! ঠিক সেই ধৰণেই যদি আন
এটা বিষয় ভাবি লোৱা যায়–মানুহ ভৱিষ্যতৰ পৰা যদি বৰ্তমানলৈ
আহিব পাৰিলহেঁতেন! ধৰি লোৱা হ’ল, ভৱিষ্যতে
কি হ’ব-নহ’ব আগতীয়াকৈ জানি লৈ
বৰ্তমানলৈ এজন ব্যক্তি আহিল; দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ
সৃষ্টি হ’ব পৰা কাৰক কিছুমান যিহেতু তেখেতে জানি আহিছে, সেয়েহে তেনে সম্ভাৱনীয়তাক নিঃশেষ কৰিবলৈ সেই ব্যক্তিয়ে আন এজন বিজ্ঞানীক
দেখা কৰিছেহি৷ ঠিক তেনে এটা ৰোমাঞ্চকৰ কাহিনীৰে ৰচিত হোৱা এটা চুটি গল্প–‘পানী’; সৃষ্টি হোৱাৰো ন বছৰৰ পাছত পঢ়াৰ সৌভাগ্য হ’ল, লগতে সেই গল্পটোৰ কাহিনীৰ যোগেদি বৰ্ণিত হোৱা এটা দিশ সাম্প্ৰতিক এটা পৰিস্থিতিৰ
সৈতে আচৰিত ধৰণেৰে খাপ খাই পৰাৰ পৰিপ্ৰেক্ষিততে সেই বিষয়ে আপেক্ষিক দৃষ্টিৰে কিছু কথা প্ৰকাশ কৰিবলৈ এটা স্বাভাৱিক হেঁপাহ
অনুভৱ কৰিলোঁ৷
২০০৮ চনতে
‘বিস্ময়’ নামৰ আলোচনীত প্ৰকাশিত হোৱা,
তেখেতৰ দ্বাৰা ৰচিত ‘পানী’ শীৰ্ষক এই গল্পটোৰ কাহিনীত এটা বিশেষ দিশ বৰ্ণিত হৈছে, যাৰ দ্বাৰা হয়তো সাম্প্ৰতিক সময়ৰ এটা অতি ভয়াবহ সত্যক নৱ ৰূপত উন্মেষিত কৰিছে বুলি ভাবিব পৰাৰ থল
আছে৷
গল্পটোৰ কাহিনী-বিন্যাসক বিহংগম দৃষ্টিৰে আলোকপাত
কৰি তাৰ মাজেদিয়ে সাম্প্ৰতিক পৰিস্থিতিত ইয়াৰ প্ৰাসংগিকতাক বিশ্লেষণ কৰিবলৈ প্ৰয়াস
কৰা হৈছে৷ গল্পটোৰ কথক এজন ভূতত্ত্ববিদ, গৱেষক তথা লেখক,
যি এসময়ত এটা বিশেষ ভ্ৰমণৰ কাৰ্যসূচী ‘নন্দাদেৱী
অভিযান’ত অংশ লৈ দেশৰ সুৰক্ষা সম্পৰ্কীয় কিছু তথ্যসম্বলিত
এটা ৰিপ’ৰ্ট সেই সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিল৷ ৰহস্যজনকভাৱে সেই ৰিপ’ৰ্টসমূহ অন্তৰ্ধান
হোৱাৰ পাছত সুদীৰ্ঘ ত্ৰিশ বছৰৰ মূৰত এদিন তেওঁৰ ওচৰলৈ মিঃ দিহিঙীয়া নামৰ আন এজন
অতি ৰহস্যময় ব্যক্তি আহিল যি নিজকে ভৱিষ্যতৰ পৰা অহা বুলি দাবী কৰিলে আৰু
আশ্বৰ্যজনকভাৱে সেই ব্যক্তিয়ে এই গৱেষকজনৰ অতীতৰ পৰা বৰ্তমানলৈকে সকলো কাৰ্য
পৰিক্ৰমা এফালৰ পৰা প্ৰদৰ্শন কৰি গ’ল৷ প্ৰসংগক্ৰমে এইজন
ভূতত্ত্ববিদ গৱেষকে সেই ‘নন্দাদেৱী অভিযান’ত সংগ্ৰহ কৰা কিছু গোপন তথ্যৰ বিষয়ে মিঃ দিহিঙীয়াই উল্লেখ কৰাৰ¸ লগতে এসময়ত এইজন লেখক বিজ্ঞানীয়ে অভিযানৰ পৰা উভতি অহাৰ পাছত ‘লুইতক ভেটিব কোনে’ শীৰ্ষক এখন নাটক লিখাৰ বিষয়েও
জানিব পৰা গ’ল৷ সেইখিনিতে গল্পটোৱে তাৎপৰ্যপূৰ্ণ ভূমিকা
গ্ৰহণ কৰিলে, য’ত ১৯৫০ চনৰ ১৫ আগষ্টত
অসমত হোৱা বৰ ভূঁইকঁপটোৰ বিষয়ে কিছু অকথিত-অলিখিতি তথ্য গল্পকাৰৰ দৃষ্টিৰে উন্মেষিত
হ’ল৷ সেই সময়ত সৰ্বাধিক বিধ্বস্ত হোৱা
লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ অসমৰে আন্তঃভৌগলিক
গাঁঠনি সলনি কৰি দিয়া সেই বৰ ভূঁইকঁপৰ পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰী পণ্ডিত
জৱাহৰলাল নেহৰুৱে দিয়া ভাষণৰ কিয়দংশৰূপ গল্পটোত উল্লেখ কৰাৰ পাছত মিঃ দিহিঙীয়াৰ
মুখত সেই ভাষণৰ অসমীয়া অনুবাদ এনে ধৰণে দিয়া হৈছে–‘‘...তিব্বতত
কি হৈছিল আমি একো নাজানো বা দুৰ্গম অসমৰ সীমান্তৱৰ্তী পাৰ্বত্য অঞ্চলত কি হৈছিল
আমি নাজানো...”৷ আকৌ সেই সময়ত বয়স তথা অভিজ্ঞতাৰ দিশৰ পৰা
নবীন হৈ থকা দালাই লামাই পৰৱৰ্তী সময়ত প্ৰদান কৰা ভাষণৰ একাংশ আৰু তাৰ অসমীয়া
ভাবানুবাদৰ কিছু অংশও মিঃ দিহিঙীয়াৰ যোগেদিয়ে উল্লেখ কৰা হৈছে–‘‘...ভূমিকম্প আৰু শব্দবোৰ তিব্বতীয় সেনাই পৰীক্ষা কৰা যেন লাগিছিল৷ কিছুমান
মানুহে আকাশত এক আচৰিত ৰঙা জ্যোতি দেখা পাইছিল...৷’’ সেই
ভাষণ দুটাৰ অন্তৰ্নিহিত তাৎপৰ্য বিশ্লেষণ কৰিলে সেই বৰ ভূঁইকঁপটো প্ৰাকৃতিক
কাৰণতকৈ উদ্দেশ্যপ্ৰণোদিত কাৰ্য বুলি ভাবিব পৰাৰ বহুখিনি থল দেখা যায়৷ অন্যহাতে ‘নন্দাদেৱী অভিযান’ত গল্পৰ কথকে গোপনে হাতত লৈ যোৱা
গাইগাৰ কাউণ্টাৰত তেজস্ক্ৰিয় বিকীৰণ ধৰা পৰা বিষয়টোৱে সেই বৰ ভূঁইকঁপৰ সময়ত
হিমালয়ত আণৱিক বিস্ফোৰণ হোৱাৰ সম্ভাৱনীয়তাক প্ৰতীয়মান কৰে৷ এই সমগ্ৰ বিষয়সমূহ
ভালদৰে পৰ্যবেক্ষণ কৰিলে এটাই ইংগিত ধৰা পৰে যে হিমালয়ৰ পৰা ওলোৱা তিব্বতৰ নদীৰ
গতি সলনি কৰি চীনৰ ঝিন ঝিয়াং আৰু গোবি মৰুভূমিলৈ বোৱাই নিয়াৰ বাবে চীনৰ কিছু গোপন
পৰিকল্পনাৰ ফলশ্ৰুতিতে হয়তো সকলো কাণ্ড সংঘটিত হ’ল৷ গল্পটোত
সাৱলীলভাৱে কিছুমান কথা এনেদৰে উল্লেখ কৰা
হৈছে যে পাঠকৰ অন্তৰ্দৃষ্টিত এখনি পৰিশীলিত চিত্ৰ যেন ভাহি আহে–তিব্বতৰ পৰা অৰুণাচললৈ সোমোৱাৰ পথত ব্ৰহ্মপুত্ৰ নদীৰ ইউ টাৰ্নটোতে আচলতে চীনৰ চকু; অন্যহাতে কেৱল আণৱিক বিস্ফোৰণৰ দ্বাৰাহে লুইতৰ গতি সলনি কৰিব পৰাটো সম্ভৱ৷
গতিকে সাম্প্ৰতিক পৰিস্থিতিত যদি কেৱল
লুইতৰ বাবেই চীনে তেনে এটা পৰিকল্পনা হাতত লয় তেন্তে...?
অৰ্থহীন হৈ পৰিব অৰুণাচল প্ৰদেশৰ শ শ জলবিদ্যুৎ প্ৰকল্প, অসমখন
মৰুভূমিত পৰিণত হ’ব৷ কেৱল সেয়াইনে?
তেনে কোনো আণৱিক বিস্ফোৰণৰ ফলত এনেকুৱা ঘটনাও হ’ব পাৰে যে
ব্ৰহ্মপুত্ৰ নদী উত্তৰলৈ নগৈ প্ৰৱল বেগেৰে পশ্চিমলৈ বৈ আহিছে৷ লগে লগে অৰুণাচল আৰু
অসমৰ হাজাৰ হাজাৰ গাঁও উটি যাব৷ উপগ্ৰহৰ পৰা পোৱা চিত্ৰত হয়তো অসমৰ ঠাইত দেখা যাব
এখন সাগৰ৷ এনে ভয়াৱহ পৰিকল্পনাৰ বিষয়ে আগতীয়াকৈ জানি দেশৰ সুৰক্ষাৰ স্বাৰ্থত সেই
অভিসন্ধি মষিমূৰ কৰিবলৈকে ভৱিষ্যতৰ পৰা সেই বিশেষ ব্যক্তি আহি উপস্থিত হৈছে অসমৰ
এই ভূতত্ত্ববিদ বিজ্ঞানীৰ ওচৰত৷ সকলো বিষয়ৰ ভয়াৱহতা অনুমান কৰাৰ পাছত আমাৰ গল্পৰ
কথকেও অনুভৱ কৰিছে– ‘মানুহজনৰ কথাবোৰত যুক্তি আছে৷ চীনৰ কবলত
আছে তিব্বত, চীনৰ অৰুণাচলৰ ওপৰতো দাবী–এইবোৰৰ
আঁৰত চোন এটাই উদ্দেশ্য হ’ব পাৰে– সি হ’ল ‘পানী’৷ পানীৰ বাবেই চীনক
লাগে নেকি তিব্বত আৰু অৰুণাচল? যাতে চীনে দাবী কৰিব পাৰে
ব্ৰহ্মপুত্ৰ নদীৰ এছোৱা; আৰু চীনৰ পানী, বিদ্যুৎ শক্তি আৰু খেতিৰ অভাৱ পূৰাবলৈ ভৱিষ্যতৰ বাবে সমস্যাহীন এক পানীৰ
উৎস হ’বগৈ–অসমৰ ব্ৰহ্মপুত্ৰ৷’
দেশৰ সুৰক্ষাৰ স্বাৰ্থত চুবুৰীয়া ৰাষ্ট˜ৰ এনে গোপন অভিসন্ধি নিৰ্মূল কৰিব পৰা ক্ষমতাসম্পন্ন এবিধ বিশেষ
প্ৰযুক্তিগত সঁজুলি গল্পৰ কথকৰ হাতত অৰ্পন কৰি ভৱিষ্যতৰ পৰা অহা মিঃ দিহিঙীয়া নামৰ
সেই ৰহস্যময়ব্যক্তি আঁতৰি যোৱাতে গল্পটোৰ পৰিসমাপ্তি ঘটিছে৷
পূৰ্বে উল্লিখিত ধৰণেই ক’ব পাৰি যে কল্পবিজ্ঞান ধাৰণাৰ ওপৰত ভিত্তি কৰি লিখা এটা চুটিগল্পৰ কাহিনী-বিন্যাসত হয়তো বিশেষ বিশ্বাসযোগ্যতা নাথাকিব পাৰে; কিন্তু গল্পৰ মাজেৰে উল্লিখিত তথ্যসমূহৰ সম্পূৰ্ণ বাস্তৱ ভিত্তি থকাৰ দিশটোলৈ লক্ষ্য কৰাৰ উপৰি ব্ৰহ্মপুত্ৰৰ পানীক লৈ চীনৰ কিছু পৰিকল্পিত কূটনৈতিক কাৰ্যকলাপৰ বিষয়ে অৱগত হোৱাৰ পাছত আজিৰ পৰা ন বছৰৰ আগতে লিখা এই গল্পটোৰ কাহিনী সাম্প্ৰতিক পৰিস্থিতিত বিশেষ প্ৰাসংগিক হৈ পৰাটো পৰিলক্ষিত হয়৷ ইণ্টাৰনেটৰ পৰা পোৱা তথ্যতো উল্লেখ আছে–‘According to a report released by the national development and reform commission, a quarter of Chinese residents have no clean drinking water, one third of urban population breathes polluted air, and less than 20% of garbage goes through proper treatment. The report says that ‘large numbers of people are exposed to polluted air, water and soil.’ It further states, ‘China’s ecological environment is very fragile, forests cover only 18.21% of China’s land surface, which is less than 67% of the average of the world’s countries. China has 1.74 million square kilometers of desertified land. 90% of its natural grasslands suffer from degradation. (Source : Economic information, March 9, 2011 reprints by People’s daily.)
কথা হ’ল যে প্ৰযুক্তিগত সকলো
কৌশলেৰে বলীয়ান, আৰ্থসামাজিকভাৱে উন্নতিৰ শিখৰলৈ ধাৱমান হোৱা
চীনৰ বাবে এনে ধৰণৰ প্ৰাকৃতিক সমস্যাসমূহেই কিন্তু বিশেষ কিছু সামাজিক উন্নয়নত
অন্তৰায় হৈ দেখা দিয়াৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি৷ নিজৰ দখলত থকা তিব্বতৰ উপৰি
সঘনে দাবী কৰি অহা অৰুণাচল–এইবোৰৰ আঁৰৰ উদ্দেশ্য যদি পানী হয়,
তেন্তে তাৰ বাবে কৌশলী চীনে কৰিব নোৱৰা কাম নাই৷ অন্যহাতে তিব্বতৰ
পৰা অৰুণাচললৈ সোমোৱাৰ পথত লুইতৰ যি বক্ৰগতি, যি ঠাইতে সদায়
তেওঁলোকৰ দৃষ্টি, তাতেই যদি চীনে নদীখনৰ দিশ সলনি কৰি নিজৰ
গোবি মৰুভূমি অঞ্চললৈ ধাবমান কৰাব পাৰে, তেন্তে সেইধৰণে
লুইতৰ গতি সলনি কৰাব পৰা কিছু অপ্ৰত্যাশিত কাৰ্যকলাপৰ দুটা ভয়াবহ পৰিণতি হ’ব পাৰে–অৰুণাচলৰ সকলো জলবিদ্যুৎ
প্ৰকল্প অৰ্থহীন হোৱাৰ লগতে অসমখন মৰুভূমিত পৰিণত হ’ব অথবা লুইতৰ অপ্ৰতিৰোধ্য অংশৰ দিশ সলনি হৈ সমগ্ৰ
অসম জলমগ্ন হ’ব পাৰে৷ গল্পটোত উল্লেখ কৰাৰ দৰে সেই সময়ৰ কম
বয়সীয়া দালাই লামাৰ ভাষণত উল্লেখ থকা তিব্বতৰ আকাশৰ সেই ভৌতিক ৰঙা পোহৰ, যিটো বিষয়ৰ ওপৰত ভিত্তি কৰি ১৯৫০ চনৰ ১৫ আগষ্টত তিব্বতৰ হিমালয়ৰ পাৰ্বত্য
অঞ্চলত আণৱিক বোমাৰ বিস্ফোৰণ হৈছিল বুলিও পতিয়ন যাব পৰাৰ থল থাকে; সেই দিনটোৱে যে অসমৰ বাবে মহাপ্ৰলয়ৰ দিন হিচাপে চিহ্নিত হৈছিল সেয়া
অনস্বীকাৰ্য৷ গল্পকাৰে সেয়েহে উল্লেখ কৰিছে–সেই একে ঘটনাৰ
যদি সাম্প্ৰতিক সময়ত পুনৰাবৃত্তি ঘটে, আমাৰ মন্ত্ৰীয়ে হয়তো ক’ব পাৰে–‘ভাৰত সীমান্তৰ সিপাৰে তিব্বতত কি হৈছে আমি
নাজানো৷’ হ’ব পাৰে, নিজ সাম্ৰাজ্যৰ সামগ্ৰিক উন্নতিৰ বাবে চীনে কৰিব নোৱৰা কাম নাই; কিন্তু কেৱল পানীৰ বাবেই গোপনে কৰিব পৰা যিকোনো অনাকাংক্ষিত পদক্ষেপৰ ফলত
ভুক্তভোগী হ’ব অসম আৰু অৰুণাচলবাসী৷
ঠিক একে ধৰণে গল্পটোত এবাৰ উল্লেখ কৰা হৈছে–...‘ল’ব পাৰে৷ সকলো ‘ৰাউণ্ড টেবুল
মিটিঙ’ত বুজা-বুজি হ’ব৷ চুক্তি
স্বাক্ষৰ হ’ব ঠিকেই; কিন্তু আকৌ এক বৰ ভূঁইকঁপ হ’ব অসম সীমান্তত৷ প্ৰকৃতিক আকৌ এবাৰ তাৰবাবে
জগৰীয়া কৰা হ’ব৷ প্ৰকৃতিৰ সৈতে মেজত বহিতো চুক্তিত স্বাক্ষৰ
কৰিব পৰা নাযায়৷ বিস্ফোৰণ ঘটিব পাৰে৷ ব্ৰহ্মপুত্ৰৰ গৰ্ভত পৰ্বত সৃষ্টি হ’ব৷ ব্ৰহ্মপুত্ৰক ভেটিবলৈ আণৱিক বিস্ফোৰণৰ বাহিৰে আন একো শক্তি নাই...৷’
কথাবোৰত সঁচাকৈ বহুখিনি যুক্তিযুক্ততা আছে,
সাম্প্ৰতিক পৰিস্থিতিত এইসমূহৰ প্ৰাসংগিকতা আছে৷ গল্পকাৰৰ কল্পনাৰে লক্ষ্য
কৰিলে দেখা যায়–তেনে এক অনাকাংক্ষিত প্ৰস্তুতি প্ৰায়
সম্পূৰ্ণ বুলি জানি সেই অভিসন্ধিৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ ভৱিষ্যতৰ এজন বিজ্ঞানী
আহি গল্পটোৰ নায়কক দেশোদ্ধাৰৰ দায়িত্ব অৰ্পণ কৰিছে– এটা এটমিক
ডিফিউজাৰ তেওঁৰ হাতত গোপনে প্ৰদান কৰিছে, তেনে এক অঘটনৰ উমান
পোৱা মাত্ৰকে সেই আশংকাক মষিমূৰ কৰি পেলাব পৰাকৈ৷
সাম্প্ৰতিক পৰিস্থিতিত বিষয়টো সঁচাকৈ চিন্তনীয়
নহয়নে? যদিহে লুইতৰ বাবে, কেৱল পানীৰ
বাবেই পুনৰ তেনে কোনো অভিসন্ধিৰে চীন ইতিমধ্যে সাজু হৈ উঠিছে; তেন্তে এই সময়ত দেশোদ্ধাৰৰ দায়িত্ব কোনে ল’ব...প্ৰতিৰোধ
কেনেকৈ সম্ভৱপৰ হ’ব?
পাঠকৰ মন-মানসত এনে বহু প্ৰশ্নৰ অৱতাৰণা ঘটাব পৰা
মনোৰম কাহিনীৰে শান্তনু তামূলীৰ দ্বাৰা সৃষ্ট ‘পানী’ নিঃসন্দেহে এটি সাৰ্থক কল্পবিজ্ঞান গল্প৷ ইতিপূৰ্বে উল্লেখ কৰা হৈছেযে এই
গল্পটো সম্প্ৰতি উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ অসমীয়া বিভাগৰ
স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হৈছে৷
ডিচেম্বৰ মাহৰ কোনোবা এনিশা এটা অঞ্চলৰপৰা এজন
ছাত্ৰই তেনে এক উল্কাবৃষ্টি চাই থকা সময়তে হঠাৎ তেওঁৰ কোঠাৰ ভিতৰলৈও সোমাই আহিল
সৰু এটুকুৰা উল্কাপিণ্ড অথবা পপীয়া তৰাৰ টুকুৰা৷ সেই টুকুৰাটো দেখি প্ৰথমে ভয়াৰ্ত
হৈ পৰা ছাত্ৰজনে ততাতৈয়াকৈ তেওঁৰ সৈতে এটা সুসম্পৰ্ক থকা অধ্যাপক ড॰ বৰ্মনলৈ খবৰ দিয়ে৷ নিজৰ কোঠাৰ ভিতৰৰ মজিয়াত পৰি থকা উল্কাপিণ্ডটোৰ
আকৃতিটো লক্ষ্য কৰি ছাত্ৰজনৰ নিজৰ আইতাকৰ কথাবোৰ মনত পৰে৷ অনাখৰী আইতাকে বহুবছৰৰ
আগেয়ে এটা সৰু টেমাত সাঁচি ৰখা এটা ৰুদ্ৰাক্ষৰ মণি তেওঁক দিছিল, যাৰ সৈতে সেই উল্কাপিণ্ডটোৰ সাদৃশ্য আছে৷ সেই ৰুদ্ৰাক্ষ মণিটোৱে বিভিন্ন
অপায়-অমংগল, অসুখ-বিসুখৰপৰা ৰক্ষা কৰে বুলিও আইতাকে তেওঁক
কৈছিল৷ পাছত কোঠাৰ ভিতৰত আৱিষ্কাৰ হোৱা উল্কাপিণ্ডটো অধ্যাপক ড॰ বৰ্মনে লৈ যায় আৰু
গৱেষণাগাৰত পৰীক্ষা কৰাৰ পাছত সেই টুকুৰাটোৰপৰা তেজষ্ক্ৰিয় বিকিৰণ হোৱাটো নিশ্চিত
হয়৷ সেই পৰীক্ষাগাৰতে ছাত্ৰজনে আইতাকৰপৰা পোৱা ৰুদ্ৰাক্ষৰ মণিটো ঘটনাক্ৰমে মুকলি
কৰে আৰু ইমান বছৰৰ পাছত পোৱা সেই মণিটো
প্ৰকৃততে ৰুদ্ৰাক্ষ মণি নে অন্য বিশেষ কোনো পদাৰ্থ–সেই ৰহস্য গল্পটোৰ জৰিয়তে উদ্ঘাটন হৈছে; লগতে গাঁৱৰ
নিৰক্ষৰ সমাজত প্ৰচলিত অন্ধবিশ্বাসৰো যে বৈজ্ঞানিক যুক্তি থাকিব পাৰে, সেয়াও কাহিনীৰ মাজেদি সুন্দৰকৈ প্ৰতিফলিত হৈছে৷
কৌতূহলপূৰ্ণ বৰ্ণনাশৈলীৰে পৰিসমাপ্তি ঘটা ‘ৰুদ্ৰাক্ষ’ শীৰ্ষক কল্পবিজ্ঞান গল্পটো প্ৰকৃতাৰ্থত
এটা নিটোল, সাৰ্থক কল্পবিজ্ঞান গল্প৷ অতীজতে নিৰক্ষৰ
গাঁৱলীয়া সমাজত উল্কাবৃষ্টিসম্পৰ্কে যি ধাৰণা আছিল–দেশত
মাৰি-মৰক হয়, মহামাৰীত বহু মানুহৰ মৃত্যু হয়...সেই
ধাৰণাসমূহৰো বৈজ্ঞানিক দৃষ্টিৰেযে সঠিক ব্যাখ্যা দিব পৰা যায়, সেয়াই হৈছে গল্পটোৰ মূল বক্তব্য৷ হঠাৎ কোঠাৰ ভিতৰলৈ সোমাই অহা
উল্কাপিণ্ডটোৰ বিষয়ে গৱেষণাগাৰত পৰীক্ষা-নিৰীক্ষা চলি থকাৰ সময়ত গল্পটোৰ কথক–সেই ছাত্ৰজনৰ অনাখৰী আইতাকৰ কথাবোৰ মনলৈ আহে–“যি বছৰ
তোৰ ককাৰ, বৌটি-পিতাই আৰু বায়েৰ মহামাৰীত ঢুকাইছিল, সেই বছৰো জাক জাক পপীয়া তৰা খহিছিল৷” গৱেষণাগাৰৰ
বেৰত সজাই থোৱা উল্কা, উল্কাপিণ্ড, নেজাল
তৰা, গ্ৰহ-গ্ৰহাণু আদিৰ ছবিবোৰৰ তলত লিখা একোটা বাক্যই যেন
ঠিক সেই লোকবিশ্বাসৰে বৈজ্ঞানিক ৰূপটো দাঙি ধৰে–‘মহাকাশত
বিচৰণ কৰা ধূমকেতু আৰু গ্ৰহাণুৰ ক্ষুদ্ৰ টুকুৰাবোৰ মহাকাশত থকা ভাইৰাছ, বেক্টেৰিয়া আৰু ডি.এন.এ.ৰ ষ্টে˜ণ্ডৰ বাহক হ’ব পাৰে৷ পৃথিৱীত পৰাৰ পূৰ্বে ইহঁত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে৷ এনে
ভাইৰাছ আৰু বেক্টেৰিয়াবোৰে মানুহ আৰু জীৱকূলৰ দেহত অচিন মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাৱ
ঘটাব পাৰে...৷’
এফালে অন্ধবিশ্বাস আৰু কুসংস্কাৰ আনফালে সেইসমূহৰ
বৈজ্ঞানিক যুক্তি আৰু তাৎপৰ্য–সেইখিনিতে ‘ৰুদ্ৰাক্ষ’ গল্পটোৰ প্ৰকৃত সাৰ্থকতা স্পষ্ট ৰূপত
প্ৰকট হয়৷ আকাশত উল্কাবৃষ্টি হোৱা সেই নিশাটোত ফিৰিকীৰ কাঁচ ভাঙি কোঠাৰ ভিতৰলৈ
হঠাৎ সোমাই অহা উল্কাপিণ্ডটো প্ৰথমে সেই ছাত্ৰজনে কি বস্তু ধাৰণা কৰিব পৰা নাছিল
আৰু সন্দেহবশতঃ তেওঁ অধ্যাপক বৰ্মনলৈ ফোন
কৰিছিল৷ বৰ্মনে প্ৰাথমিক পৰীক্ষাতে সেই বস্তুটোৰপৰা নিৰ্গত হোৱা বিকিৰণ ধৰা
পেলাইছিল আৰু সন্দেহ কৰিছিল হয়তোবা সেই বিকিৰণ মানৱ শৰীৰৰ বাবে হানিকাৰকো হ’ব পাৰে৷ পাছৰ পৰ্যায়ৰ গৱেষণাগাৰৰ পৰীক্ষাৰপৰা সেয়া এটা উল্কাপিণ্ড বুলি
নিশ্চিত হোৱাৰ সময়ত ছাত্ৰজনৰ আইতাকৰ পুৰণি কথাবোৰ মনত পৰে৷ বহু বছৰৰ আগেয়ে গাঁৱত
এটা উল্কাবৃষ্টিৰ ঘটনা হৈছিল৷ তাৰ পাছৰ সময়ছোৱাত সেই অঞ্চলত মহামাৰী হৈ বহুলোকৰ
মৃত্যু হৈছিল৷ যদিওবা নিৰক্ষৰ, অৰ্ধশিক্ষিত সমাজখনৰ বাবে সেই
মহামাৰীৰ ঘটনাটো পপীয়া তৰা খহা বাবে হৈছে বুলি প্ৰচাৰ হৈছিল, প্ৰকৃততেই সেয়া সত্য; কিয়নো উল্কাপিণ্ডবোৰে
মহাকাশৰপৰা কঢ়িয়াই অনা বীজাণুৱেই আছিল সেই মহামাৰীৰ কাৰণ৷ বৈজ্ঞানিক যুক্তি একো
নজনাকৈয়ে ছাত্ৰজনৰ ককাকে আইতাকক সেই ৰুদ্ৰাক্ষ গুটিটো ধাৰণ কৰিবলৈ দিছিল আৰু
আইতাকে ভৱিষ্যতেও বেমাৰ-আজাৰৰপৰা ৰক্ষা পাবলৈ সেই ৰুদ্ৰাক্ষ গুটিটো লা আৰু
মৌসিতাৰে মিহলি পদাৰ্থৰে নিৰ্মিত এটা সৰু সঁফুৰাত আবদ্ধ কৰি ৰাখিছিল; যি পদাৰ্থই তেজষ্ক্ৰিয় বিকিৰণ প্ৰতিৰোধ কৰিবও পাৰে৷ ৰুদ্ৰাক্ষ গুটি বুলি ভাবি থকা সেই মণিটো সঁচাকৈ
ৰুদ্ৰাক্ষ হয়নে? ইমান বছৰে সাধাৰণ এটি ৰুদ্ৰাক্ষ মণি বুলিয়ে
ছাত্ৰজনে ধাৰণা কৰি লোৱা সেই সৰু পদাৰ্থটো প্ৰকৃততে কি সেয়া নিশ্চিত হোৱাৰ
পৰ্যায়তে গল্পটোৰ সমাপ্তি ঘটিছে৷
বৰ্ণনাশৈলীত কোনো জঠৰতা নথকাকৈ অপ্ৰয়োজনীয়
মেদবহুলতা পৰিহাৰ কৰাৰ কৌশল আৰু সম্পূৰ্ণ বৈজ্ঞানিক ধাৰণাৰে সম্পৃক্ত হৈয়ো সাধাৰণ
পাঠকৰ বাবে পঠনযোগ্য গল্প এটা সৃষ্টি কৰিব পৰাৰ ক্ষমতা–এই
দুটাই প্ৰকৃততে কল্পবিজ্ঞান গল্পৰ লেখকসকলৰ
বিশেষ গুণ হোৱাটো উচিত৷ ‘ৰুদ্ৰাক্ষ’ গল্পটো লেখকে সেই সকলো গুণৰ সমাহাৰেৰে এটা উপভোগ্য কল্পবিজ্ঞান গল্প কৰি
গঢ়ি তুলিছে৷ বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিব পাৰিলে অন্ধবিশ্বাসো যে অমূলক নহয়
সেয়া শাশ্বত ৰূপত প্ৰতিফলিত হৈছে গল্পটোৰ কাহিনীবিন্যাসত৷ গল্পটোৰ জৰিয়তে সাধাৰণ
পাঠকক বিজ্ঞানৰ আভাস দিব পৰা এটা বাক্য এনে ধৰণৰ–‘মহাকাশৰপৰা
পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা যিকোনো জ্যোতিষ্কই মহাকাশৰ অচিনাকি অণুজীৱ কঢ়িয়াই
আনিব পাৰে৷ সিহঁতে উপঙি ফুৰা প্ৰাণৰ উৎস আৰু অণুজীৱৰ অস্তিত্বৰ সম্ভেদ দিব পাৰে৷’
উল্লেখযোগ্যযে কভিদ-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ আগে আগে ৰচনা কৰা এই
গল্পটোৰ কাহিনীবিন্যাস তথা গল্পটোত বৰ্ণিত এই তথ্যসমূহে সাম্প্ৰতিক কৰ’নাসৃষ্ট পৰিৱেশৰ লগতে এনে মাৰাত্মক বীজাণুৰ উৎসৰ বিষয়েও এটা কাল্পনিক
ধাৰণা দিয়া পৰিলক্ষিত হয়৷
গল্পটোত উল্লিখিত সময় তথা তাৰিখসমূহ আৰু সেইসমূহৰ
সৈতে বৰ্ণিত ঘটনাৰাজিয়ে বহু ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হয়৷ ‘উল্কাবৃষ্টি’ হ’ব পৰা সময়ৰ
বিষয়েও সুন্দৰকৈ ধাৰণা কৰিব পাৰি–“জেমিনিড উল্কাবৃষ্টি : জেমিনি তাৰকাৰাজ্যৰপৰা উৎপত্তি হোৱা বাবে ইহঁতৰ নাম ‘জেমিনিড’ ৰখা হৈছে৷ প্ৰতিবছৰে ডিচেম্বৰ মাহৰ ৬ ৰপৰা
১৪ তাৰিখৰ ভিতৰত উল্কাবৃষ্টি হয়৷...”
এনেদৰেই সহজ-সৰল, সকলোৰে
বোধগম্য হোৱা শব্দৰ প্ৰয়োগেৰে সৃষ্টি কৰা ‘ৰুদ্ৰাক্ষ’
গল্পটোৰ আন এটি উল্লেখনীয় দিশ হ’ল যে ইয়াৰ
কাহিনীভাগ শিশুৰপৰা প্ৰাপ্তবয়স্ক পাঠকলৈকে উপযোগী হৈছে৷ সেয়েহে শিশুসকলৰ বিজ্ঞান
আলোচনী ‘নতুন আৱিষ্কাৰ’ত প্ৰথম প্ৰকাশ
হোৱা গল্পটো পুনৰ ‘বিস্ময়’ আলোচনীত
প্ৰকাশ হৈছে৷ বিজ্ঞান আৰু সাহিত্যৰ পৰিশীলিত সন্তুলনেৰে ‘ৰুদ্ৰাক্ষ’
গল্পটো নিঃসন্দেহে শান্তনু তামূলীৰ কল্পবিজ্ঞান সাহিত্যলৈ এক
উল্লেখযোগ্য অৱদান হৈ ৰ’ব৷
এই ধাৰণাকে যদি সম্পূৰ্ণ বেলেগ পটভূমিত
কল্পবিজ্ঞান কাহিনীৰ ৰূপ দিয়া হয়; নিঃসন্দেহে সেয়া এক
আকৰ্ষণীয় গল্প হ’ব পাৰে; আৰু সেয়াও
নিৰ্ভৰ কৰিব কাহিনীৰ গভীৰতা, বিষয়বস্তুৰ তাৎপৰ্য তথা
প্ৰকাশভংগীৰ মসৃণতাৰ ওপৰত৷ কেপ্তেইন মিঃ হিলাৰীৰ তত্ত্বাৱধানত মিঃ উজীৰ, মিঃ চলিহা, মিঃ হুছেইন...এনেকৈ কেইজনমান মহাকাশ
বিজ্ঞানী, যি মহাকাশৰ অপাৰ ৰহস্য অনুসন্ধানকেই জীৱনত সবাতোকৈ প্ৰাধান্য দিয়ে;
নিত্য নতুন একোটা গ্ৰহ আৱিষ্কাৰত নিজকে নিমগ্ন ৰাখে, তেওঁলোকেই এবাৰ মহাকাশ অভিযানলৈ যাওঁতে এনে এটা ৰহস্যময় গ্ৰহ আৱিষ্কাৰ কৰে
য’ত মাধ্যাকৰ্ষণ একেবাৰে শূন্য৷ বৈজ্ঞানিক নালাগে নিতান্তই
সাধাৰণ ব্যক্তিয়েও জানে যে এই মহাবিশ্বত মাধ্যাকৰ্ষণ নথকাকৈ কোনো বস্তু থাকিব
নোৱাৰে৷ অথচ তেওঁলোকে সেই অভিযানত বাৰে বাৰে পৰীক্ষা কৰিও গ্ৰহটোত মাধ্যাকৰ্ষণৰ
অস্তিত্ব পোৱা নাই৷ মণিটৰত গ্ৰহটোৰ সম্পূৰ্ণ প্ৰতিচ্ছবি জিলিকি আছে, আভ্যন্তৰীণ ভাগত জীৱন্ত জ্বালামুখী, মৰুভূমি,
গছ-গছনি...সকলোৰে অস্তিত্বও তাত পোৱা হৈছে৷ প্ৰতিজন বৈজ্ঞানিকেই
দোধোৰ-মোধোৰ অৱস্থাত পৰিছে–সেয়া কেনেকৈ সম্ভৱ? বায়ুমণ্ডলৰ অস্তিত্ব নোহোৱাকৈ, অক্সিজেন, নাইট্ৰ’জেন...আদি গেছসমূহৰ অনুপস্থি্তিতো তাত পানীৰ
অস্তিত্ব ধৰা পৰিছে৷ অৱশেষত তেওঁলোকৰ মনত ইমানলৈকে সন্দেহ ঘনীভূত হৈছে যে সেই
মায়াবী গ্ৰহটো দৰাচলতে কোনো প্ৰতি পদাৰ্থৰে গঠিত নেকি?
অৰ্থাৎ আমি চকুৰে দেখা অথবা ধাৰণা কৰিব পৰা পাৰ্থিৱ বস্তুবোৰ যি পদাৰ্থৰে গঠিত,
তাৰ সম্পূৰ্ণ বিপৰীতধৰ্মী পদাৰ্থৰে গঠিত নেকি৷ এণ্টিমেটাৰ বা
প্ৰতিপদাৰ্থৰ তেনে অস্তিত্ব নিশ্চিত কৰিব পাৰিলে তাৰপৰা আহৰণ কৰিব পৰা যাব প্ৰভূত
পৰিমাণৰ শক্তি৷
আৰু প্ৰকৃততেই সেই গ্ৰহটো প্ৰতিপদাৰ্থৰে গঠিত নেকি
জানিবলৈ মহাকাশ যানৰপৰা ৰবটসহ এটা ৰকেট তালৈ প্ৰেৰণ কৰা হয়৷ উদ্দেশ্য আছিল–যদি গ্ৰহটো প্ৰতিপদাৰ্থৰ হয়, তেন্তে যিকোনো পাৰ্থিৱ
পদাৰ্থৰ সংস্পৰ্শলৈ আহিলেই সি শক্তিলৈ ৰূপান্তৰ হ’ব; অৰ্থাৎ ৰবটসহ ৰকেটটোৰ বিস্ফোৰণ ঘটিব৷ কিন্তু সেই ৰকেটটোৰ তেনে কোনো
আকাংক্ষিত বিস্ফোৰণ ঘটাৰ পৰিৱৰ্তে সময়ত অদৃশ্য হৈ পৰে৷ আৰু পাছত গ্ৰহটো
ৰহস্যজনকভাৱে নিজেও অদৃশ্য হৈ যোৱাৰ বাবে
অৱশেষত কেপ্তেইনে নিজে ৰকেটেৰে অনুসন্ধানত অগ্ৰসৰ হয়৷ অৱশেষত সন্ধান ওলায়–সেই ৰহস্যময় গ্ৰহটো প্ৰকৃততে কি৷ সঁচাকৈ মহাকাশত তেনে বাস্তৱ গ্ৰহৰ সন্ধান
তেওঁলোকে পাইছিলনে! আন্তঃগাথনিকে ধৰি সকলো উপাদানেৰে পৃথিৱীৰ সৈতে সাদৃশ্য থকা আৰু
ইতিপূৰ্বে আৱিষ্কাৰ কৰা অন্য এটা গ্ৰহ পৃথিৱী-৬১ সৈতেও সকলো দিশৰপৰাই একে এই
গ্ৰহটো বাস্তৱ নে বিভ্ৰম–সেই কৌতূহল নিবৃত্তিৰে পল্পটোৰ
পৰিসমাপ্তি ঘটোৱা হৈছে৷
‘মায়ামৃগ’– আৰম্ভণিৰপৰা
শেষলৈকে বিজ্ঞানক আধাৰ হিচাপে লৈ লিখা এটা সুখপাঠ্য গল্প৷ প্ৰধানতঃ গল্পটোৰ আকৰ্ষণ
হৈছে মহাকাশ অভিযানক লৈ আৰম্ভ হোৱা এটা সুন্দৰ বৰ্ণনা৷ এই বিষয়ে গল্পটোত উল্লিখিত
এটা বাক্য হৈছে–‘কিন্তু মহাকাশৰ ৰহস্যময় আহ্বানত যি এবাৰ পাগল হৈছে, তেওঁক পৃথিৱীৰ মাধ্যাকৰ্ষণে ক’ত ধৰি ৰাখিব পাৰিব?’
ইতিপূৰ্বে উল্লেখ কৰা হৈছিল যে কল্পবিজ্ঞান গল্প
বুলি ক’লে বিজ্ঞানৰ সৈতে পোনপটীয়া সম্পৰ্ক নথকা পাঠকৰ বাবেও
বিষয়টো বুজি পোৱা ধৰণৰ হোৱাটো উচিত, যাতে যিকোনো পাঠকে সেই
জ্ঞানৰ আভাস লাভ কৰিব পাৰে৷ মহাকাশৰ যিকোনো ৰহস্যৰ বাবে সাধাৰণতে অধিকাংশ পাঠকৰ
মনত এটা স্বাভাৱিক কৌতূহল থাকে৷ এটা ৰহস্যময় গ্ৰহৰ সন্ধান পোৱাৰ পাছত সেই গ্ৰহ
অভিমুখে হোৱা যাত্ৰাৰ এটা ৰোমাঞ্চকৰ বৰ্ণনা, ভাষাৰ সাৱলীল
প্ৰকাশে ‘মায়ামৃগ’ গল্পটোক এক অনন্য
মাত্ৰা প্ৰদান কৰিছে৷ উদাহৰণস্বৰূপে গল্পটোত সন্নিৱিষ্ট দুটিমান বাক্য সংলাপসহ
উল্লেখ কৰা হ’ল–
–‘প্লেটত বৰিকেইটামান উলিয়াই হিলাৰীয়ে থ’লে৷ ড্ৰয়াৰ খুলি টিউব দুটা উলিয়াই বহিল৷ উজীৰ, হুছেইন
আৰু চলিহাও আহি বহিলহি৷–“এইবোৰ খাই খাই এক প্ৰকাৰ বিৰক্তি লগা
হৈছেগৈ৷ জিভাৰ জুতি... পৃথিৱী এৰাৰ দিনৰপৰা এসাঁজ খাবলৈ পোৱা নাই৷ স্পেচ মেনু সলাবৰ
হ’ল...”
সহজ-সৰল সকলোৰে বোধগম্য হোৱাকৈ উপস্থাপন কৰিলে
যিকোনো জটিল বিষয় এটাও সকলোৱে বুজি পাব পাৰে তথা ৰসাস্বাদন কৰিব পাৰে৷ বিজ্ঞানৰ
বিষয়বোৰ যদিও জটিল, কিছু পৰ্যায়ত সেইসমূহে সাধাৰণতে মানুহৰ
মনত স্বাভাৱিক কৌতূহলৰ উদ্ৰেক কৰে৷ বিশেষকৈ মহাকাশৰ অলেখ গ্ৰহ-নক্ষত্ৰৰ বিষয়ে,
মহাকাশ যাত্ৰাসম্পৰ্কীয় ৰোমাঞ্চকৰ কিছু অভিজ্ঞতাৰ বিষয়েও জানিবলৈ
প্ৰায় সকলোৱেই এক স্বাভাৱিক আকৰ্ষণ অনুভৱ কৰে৷ বিশেষ কিছু কৌতূহলৰ মাজেৰে আগ বাঢ়ি
যোৱা তেনে এক কল্প-কাহিনী যি বিজ্ঞানৰ আধাৰত গঢ়ি উঠিছে, সেই
কাহিনীক সাৰ্থক ৰূপত উপস্থাপন কৰিব পাৰিলে পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰাটো
নিশ্চিত৷ সময়ে সময়ে কিছুমান বাক্য, কিছুমান সংলাপ–যি বিজ্ঞানৰ তাৎপৰ্যৰে সন্নিৱিষ্ট হৈছে, সেইবোৰেও
বিজ্ঞান কাহিনীৰ মাধুৰ্য বঢ়ায়–
‘পোহৰ গ্ৰহটোত পৰিবলৈ সময় লয় ছেকেণ্ডৰ ষোল্ল ভাগৰ
এভাগ সময়হে৷ অথচ গ্ৰহটো যেন বহুত আঁতৰত৷’
‘উজীৰে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷ সন্মুখত থকা
নিশ্বাস যন্ত্ৰটোৱে কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি প্ৰয়োজনীয় অক্সিজেনখিনি উলিয়াই
দিলে৷’
“যদি প্ৰতিপদাৰ্থ বুলিয়ে ধৰা হয়, তেনেহ’লেচোন গোটেই গ্ৰহটোকে শক্তি উৎপাদনৰ বাবে
ব্যৱহাৰ কৰিব পৰা যাব৷”
“এণ্টিৱল্ডৰ্ত আমাৰ আধিপত্য নচলে৷ আমি এই গ্ৰহত
ভৰি দিয়া মানে অণুৰপৰা পৰমাণুলৈ, পৰমাণুৰপৰা শক্তিলৈ
ৰূপান্তৰিত হৈ নিঃশেষ হৈ যাম৷ আপুনি এই গ্ৰহ অভিমুখে যোৱাৰ ধাণ্ডা ত্যাগ কৰক৷”
“...গ্ৰহৰ বুকুত প্ৰথম খোজ দিম মই৷ আৰু মোৰ
প্ৰতিটো খোজৰ দাম আছে মিঃ হিলাৰী৷ মোৰ খোজত ইতিহাস সৃষ্টি হয়৷ যি গ্ৰহত মোৰ খোজ
পৰিব, সেই গ্ৰহত মানুহৰ আধিপত্য সেই মুহূৰ্তৰপৰাই বিস্তাৰ হ’ব৷”
এই ধৰণৰ বিজ্ঞানসুলভ অথচ সাৱলীল, মসৃণ বাক্যগাঁথনিয়ে প্ৰকৃততে ‘মায়ামৃগ’ গল্পটোত সোণত সুৱগা চৰাইছে৷ ‘মায়ামৃগ’ নামটোৰ জৰিয়তেও পাঠকক আকৰ্ষিত কৰাৰ ক্ষেত্ৰত লেখকৰ বিশেষ কৃতিত্ব দেখা যায়;
মহাকাশত আৱিষ্কাৰ হোৱা এটা আচৰিত গুণবিশিষ্ট গ্ৰহ– যি সময়ে সময়ে অভিযাত্ৰীসকলক মায়ামৃগৰ দৰে ছলনা কৰি আছে৷ সেই বিশেষ গ্ৰহটোৰ ৰহস্য উদ্ঘাটনেৰে সামৰণি
হোৱা ‘মায়ামৃগ’ শীৰ্ষক এই গল্পটোও
অসমীয়া কল্পবিজ্ঞান সাহিত্যলৈ শান্তনু তামূলীৰ অন্যতম উল্লেখযোগ্য অৱদানহিচাপে
স্বীকৃত হৈ ৰ’ব৷
অন্যহাতে অসমীয়া ভাষাত নিৰৱধি ধাৰাৰে
বিজ্ঞান-কাহিনী, উপন্যাস, নাটক আদি
ৰচনা কৰা ড॰ দীনেশ চন্দ্ৰ গোস্বামীৰ ‘শব্দ, নিৰন্তৰ শব্দ’ শীৰ্ষক
উপন্যাসখন সম্পৰ্কে উৎপল দত্তই আগ বঢ়োৱা সমালোচনাত এইদৰে মন্তব্য দিছিল–“এই উপন্যাসখনৰ এটি বুজন অংশ অধিকাৰ কৰি আছে গ্ৰন্থ সম্পাদনা, মুদ্ৰণ আৰু প্ৰযুক্তি বিদ্যাই৷ ...উপন্যাসখনত বৰ্ণিত এটা যন্ত্ৰৰ কথা এইখিনিতে উল্লেখ কৰিব
বিচাৰিছোঁ৷ ‘মিছিং লাইন ৰিট্ৰিভাৰ’ নামৰ
যন্ত্ৰটোকে উদাহৰণস্বৰূপে লওঁ৷ এই যন্ত্ৰটোৱে আপুৰুগীয়া পুথি একোখনৰ হেৰাই যোৱা
কিছু পৃষ্ঠা পুনৰুদ্ধাৰ কৰিব পাৰে৷ ...গতিকে লাইন এক্সট্ৰাপ’লেটৰ
এটাই হেৰোৱা লাইনবোৰ বা হেৰোৱা পৃষ্ঠাবোৰ আগৰ ৰচনাৰ আৰ্হিতে ৰচি যায় মাত্ৰ৷ এই
যুক্তি পঢ়াৰ পাছতেই সমগ্ৰ কথাটো সহজ যেন লাগে, এই কাল্পনিক
সৃষ্টিৰ লগত ওচৰ সম্পৰ্ক স্থাপন হয়৷”(যোৰহাট গ্ৰন্থমেলা’, ১৯৯৫-ৰ স্মৃতিগ্ৰন্থ ‘প্ৰজ্ঞা’ত
প্ৰকাশিত শান্তনু তামূলীৰ প্ৰবন্ধ– ‘অসমীয়া বিজ্ঞান কাহিনী’)
শান্তনু তামূলীৰ বৰ্ণ-বিৱৰ্তন গল্পটোৰ বিষয়ে
সমালোচনাত্মক বিশ্লেষণ দাঙি ধৰাৰ পূৰ্বে প্ৰসংগক্ৰমেই এই কথাখিনি উল্লেখ কৰা হৈছে৷
প্ৰথমে লক্ষণীয় বিষয় হ’ল– গল্পটোৰ ৰচনা
কাল ৷ বিগত শতিকাৰ অষ্টম দশকতে ৰচনা কৰা গল্পটোত লেখকে এটা ধাৰণা দিছিল– অদূৰ ভৱিষ্যতে যদি এনেকুৱা হয়...; এটা বীজাণুৰ
আৱিষ্কাৰ তথা অনাকাংক্ষিত আক্ৰমণৰ ফলত গতানুগতিক চলি থকা সকলো প্ৰক্ৰিয়া এদিন
খেলি-মেলি হৈ যাব পাৰে৷ যদিও পটভূমি, কাহিনীবিন্যাসৰ বহুখিনি
তফাৎ, তত্ৰাচ কোনো এক দৃষ্টিকোণৰপৰা সাম্প্ৰতিক সময়ৰ কৰ’না সৃষ্ট পৰিস্থিতিৰ সৈতে গল্পটোৱে দাঙি ধৰিব খোজা কাহিনীৰ সামান্যতম হ’লেও সাদৃশ্যৰ ধাৰণা এটা কৰিব পাৰি৷ লগতে গল্পটোৰ কাহিনীৰ বিপৰীতমুখিতাৰ
এটা ধাৰণা কৰিয়ে ড॰ দীনেশ চন্দ্ৰ গোস্বামীৰ
উপন্যাসখনৰ প্ৰসংগটো টানি অনা হৈছিল৷
‘বৰ্ণ-বিৱৰ্তন’ গল্পটোৰ
কাহিনীভাগ প্ৰকৃততে কিহৰ ওপৰত আধাৰিত? বিজ্ঞানৰ ধাৰণাৰে
লক্ষ্য নকৰি এক দৃষ্টিৰে চাবলৈ গ’লে কথাটো এনেধৰণৰো হ’ব পাৰে–জীৱনৰ পৃষ্ঠাসমূহ যদি হঠাৎ উকা হৈ পৰে...!
বিভিন্ন ঘটনা-পৰিঘটনাৰে ৰহণ সানি একো একোজন ব্যক্তিয়ে জীৱনৰ একোটা স্তৰত উপনীত হয়৷
বয়স, সময় আৰু অভিজ্ঞতাৰ আঁচোৰে পৰিপূৰ্ণ কৰে জীৱনৰ
পৃষ্ঠা...লিখি থৈ যায় কত ইতিহাস৷ আৰু এদিন যদি সকলো উকা হৈ যায়!
এজন ব্যক্তিয়ে আৱিষ্কাৰ কৰিলে এবিধ মাৰাত্মক
বীজাণু– যি ছপা মাধ্যমত ব্যৱহূত হোৱা সকলো চিঞাহী নিমিষতে
নোহোৱা কৰি পেলাব পাৰে৷ অণুজীৱ বিজ্ঞানী হিচাপে খ্যাতি অৰ্জন কৰা এজন ব্যক্তি– যি সংগোপনে আৱিষ্কাৰ কৰিলে এই বীজাণু– যাৰ নাম দিয়া হ’ল ‘ইংক ইটিং মাইক্ৰ’বছ’৷ কোনে কৰিছে, ক’ত কি হৈছে
কেনেকৈ হৈছে একো ধাৰণা কৰিব নোৱৰাকৈয়ে এদিন চৌদিশে কেৱল হুৱা-দুৱা লাগি পৰিল৷
বাতৰি-কাকতসমূহ উকা হৈ গ’ল, চিঠি-টেলিগ্ৰাম,
পৰীক্ষা কেন্দ্ৰৰ প্ৰশ্নকাকত, কোনো বিশেষ
অনুষ্ঠানৰ উদ্দেশ্যে ছপা কৰা টিকেট, কোনোবা আলোচনীৰ
কাৰ্যালয়ত আৰ্হিপাঠ চোৱাৰ পাছত সাজু কৰি থোৱা বিভিন্ন লেখাসমূহ... আনহে নালাগে
পুৰস্কাৰ নিশ্চিত বুলি জানি মনৰ উলাহতে লগৰ এজনক হাতত লৈ চাবলৈ দিয়া লটাৰী টিকটৰ
নম্বৰ পৰ্যন্ত উকা হৈ পৰিল! প্ৰতিটো ঘটনাই সৃষ্টি কৰিলে একো একোটা অনাকাংক্ষিত,
অপ্ৰত্যাশিত পৰিস্থিতিৰ৷ বিভ্ৰান্ত হ’ল সকলো,
কি হৈছে জানিব নোৱাৰি বিমোৰত পৰিছে এখন আলোচনীৰ সম্পাদনা কক্ষত
কথাবোৰ প্ৰত্যক্ষ কৰি আলোচনা কৰি থকা সম্পাদক ফুকনকে ধৰি আন কৰ্মচাৰীসকল৷ এনেদৰে
কিছু বিস্ময়কৰ পৰিস্থিতিৰ মাজেৰে গল্পটোৰ কাহিনীভাগ আগ বাঢ়িছে, ক’ৰবাত হয়তো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে,
অমূলক সন্দেহৰ বশৱৰ্তী হৈ এজনে আনজনক দোষাৰোপ কৰিছে, কাজিয়াৰপৰা হৈ হতাহতিৰ পৰ্যায় পাইছেগৈ; কিন্তু কিয়
এনে হৈছে কোনেও জানিব পৰা নাই৷ কেৱল উকা হৈ পৰি ৰোৱা বিভিন্ন তথ্য-পাতিবোৰ সন্মুখত
লৈ সকলো বিস্মিত হৈছে, হতভম্ব হৈছে৷
আৰু অৱশেষত...কাহিনীৰ ৰহস্য উদ্ঘাটন হৈছে;
কিন্তু সমাধানহীন অৱস্থাতে ৰৈ গৈছে সকলো...৷
কাহিনীবিন্যাসৰ দিশৰপৰা চাবলৈ গ’লে এটা চুটি গল্পৰ সকলো উপাদান প্ৰকট হৈ থকা গল্প ‘বৰ্ণ-বিৱৰ্তন’৷ কল্পবিজ্ঞানৰ দিশৰপৰা লক্ষ্য কৰিলেও এটা কাল্পনিক অথচ বিজ্ঞানসন্মত
কাহিনীক গল্পকাৰে সজাই তোলাৰ ক্ষেত্ৰত চেষ্টাৰ ত্ৰুটি কৰা নাই৷ পূৰ্বৰ তিনিটা গল্প
ক্ৰমে ‘পানী’, ‘মায়ামৃগ’ আৰু ‘ৰুদ্ৰাক্ষ’ৰ সৈতে
তুলনামূলক দৃষ্টিৰে বিবেচনা কৰিলে প্ৰকাশভংগী তথা বৰ্ণনাশৈলীৰ দিশৰপৰা ‘বৰ্ণ-বিৱৰ্তন’ গল্পটো কিছু পৰিমানে দুৰ্বল যেন ভাব
হয়৷ কিন্তু পূৰ্বতে উল্লেখ কৰা হৈছিলযে এই দিশত গল্পসমূহৰ সৃষ্টিৰ সময়টোও
পৰ্যবেক্ষণ কৰাটো জৰুৰী৷ বিগত শতিকাৰ সত্তৰৰ দশকতে সৃষ্টি কৰা এটা কল্পবিজ্ঞান
গল্প–সেই সময়ত বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ধাৰণাটো
আজিৰ দৰে নাছিল৷ বিৱৰ্তনেহে বিজ্ঞান-কাহিনীক অধিক ৰসোতীৰ্ণ পৰ্যায়লৈ উন্নীত কৰাব
পাৰে–এই ধাৰণাটোও সমালোচনাত্মক বিশ্লেষণৰ ক্ষেত্ৰত অতিকৈ
বিচাৰ্য এটি বিষয়৷ এটা দৃষ্টিৰে লক্ষ্য কৰিলে দেখা যায়যে বিজ্ঞানৰ ধাৰণাৰে
সম্পৃক্ত হোৱা সত্ত্বেও সাধাৰণ পাঠকৰ বোধগম্য হ’বপৰাকৈ আগ
বঢ়াই লৈ যোৱা হৈছে ‘বৰ্ণ-বিৱৰ্তন’ৰ
কাহিনীবিন্যাস৷ বিশেষ কোনো জটিলতা নোহোৱাকৈ সৃষ্টি কৰা, পাঠকৰ
মনত প্ৰয়োজনীয় কৌতূহলৰ উদ্ৰেকেৰে আগ বঢ়াই
নিয়া কাহিনীটোৰ গতি মসৃণ, ভাবপূৰ্ণ৷ নিঃসন্দেহে কল্পবিজ্ঞান
সাহিত্যলৈ ‘বৰ্ণ-বিৱৰ্তন’ শান্তনু
তামূলীৰ আন এক উল্লেখনীয় অৱদান বুলি চিহ্নিত হ’ব৷
অনস্বীকাৰ্য যে সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু
প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ ফলত পৰিদৃশ্যমান হৈছে পৰিৱৰ্তশীল সামাজিক জীৱন-ধাৰা৷
ভৱিষ্যতে বিজ্ঞানৰ আৰু কেনে উন্নতি হ’ব পাৰে, সেই উন্নতিয়ে সমাজব্যৱস্থাক কেনে স্তৰলৈ লৈ যাব পাৰে, কি কি ঘটিব পাৰে... সেই সম্পৰ্কে বিজ্ঞান-কাহিনীকাৰসকলে কাল্পনিক কাহিনীৰ
জৰিয়তে কিছু আভাস দিব পাৰে৷ তেনে কিছু উপলব্ধিৰে শান্তনু তামূলীয়ে মত পোষণ কৰে– ‘ভৱিষ্যতক আঁকোৱালি লোৱাৰ বাবে বৰ্তমানৰ প্ৰযুক্তি-বিপ্লৱৰ পটভূমিত ৰচিত
হওক ভৱিষ্যতৰ ছবি৷ মহান চিত্ৰকৰৰ ৰং আৰু কল্পনাবিলাসেৰে অঁকা একোখন অৰ্থবহ চিত্ৰৰ
দৰে ‘বিজ্ঞান-কাহিনী’ হওক সমাজৰ একোখন
অৰ্থবহ প্ৰতিচ্ছবি৷ সেইখন প্ৰতিচ্ছবি হ’ব পাৰে ভৱিষ্যতৰ বা
অতীতৰ বা ভৱিষ্যতক আনি বৰ্তমানৰ সাঁচত ঢালি ৰচনা কৰা একোখন প্ৰতিচ্ছবি৷’ (যোৰহাট গ্ৰন্থমেলা’১৯৯৫-ৰ স্মৃতিগ্ৰন্থ ‘প্ৰজ্ঞা’ত প্ৰকাশিত শান্তনু তামূলীৰ প্ৰবন্ধ–
‘অসমীয়া বিজ্ঞান কাহিনী’)
আৰ্থ-সামাজিক উন্নয়নকে ধৰি সমাজৰ প্ৰতিটো স্তৰতে
বৈজ্ঞানিক মানসিকতাই এক বিশেষ ভূমিকা গ্ৰহণ কৰক আৰু তেনে বহু ক্ষেত্ৰত কল্পবিজ্ঞান
সাহিত্যই মূল হোতাৰূপে কাম কৰক–এনে আশাব্যঞ্জক ধাৰণাৰে
কল্পবিজ্ঞান সাহিত্যসৃষ্টিত মনোনিৱেশ কৰা শান্তনু তামূলীৰ দ্বাৰা সৃষ্ট চাৰিটা
কল্পবিজ্ঞান গল্প ক্ৰমে ‘পানী’, ‘ৰুদ্ৰাক্ষ’,
‘মায়ামৃগ’ আৰু ‘বৰ্ণ-বিৱৰ্তন’ৰ বিষয়ে যি সমালোচনাত্মক বিশ্লেষণ আগ বঢ়াবলৈ প্ৰয়াস কৰা হ’ল, সেই বিশ্লেষণৰ দ্বাৰা আগ্ৰহী পাঠকসমাজ উপকৃত হ’লে এই লেখাৰ উদ্দেশ্য সফল হোৱা বুলি ভাবিব পৰা যাব৷ নৱ্য অভিজ্ঞতাৰে পুষ্ট হৈ অদূৰ ভৱিষ্যতে শান্তনু তামূলীৰ দ্বাৰা অধিক মনোগ্ৰাহী
কল্পবিজ্ঞান সাহিত্যৰ সৃষ্টি তথা উন্মেষেৰে অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ জগতখনক
ঐশ্বৰ্য আৰু সমৃদ্ধি প্ৰদান কৰিব বুলি আমি আশাবাদী৷
লেখকৰ ঠিকনা :
সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ
জগন্নাথ বৰুৱা
মহাবিদ্যালয়, যোৰহাট - ১
ভ্ৰাম্যভাষ - ৯৭০৬২০৫০৭১, ৮৬৩৮১৬৭৬৩০