অন্যযুগ/


কলাৰ কলা, কলাবোধ আৰু বোধৰ কলা

ডঃ সঞ্জীৱ বৰা


প্ৰতিজন ব্যক্তিয়েই ৰুচিৰ গোপন জগত একোখনত বাস কৰে। যাদৃচ্ছিক সংবেদনৰ এই জগতত নিজৰ ৰুচিৰ অনুষংগবিলাকৰ সৈতে একাত্ম হৈ থাকি ভাল পায়৷ ই অজ্ঞাতসাৰেই আমাক এখন নান্দনিক উপলব্ধিৰ জগতলৈ লৈ যায়৷ য’ত প্ৰতিটো উপলব্ধিয়েই আমাৰ ৰুচিৰ সৈতে সংমিশ্ৰিত হৈ সমুখত ধৰা দিয়া অনুষংগবিলাকত আনন্দ, বিনোদন বিচাৰ কৰি সিবোৰ উপভোগ কৰিবলৈ আমাক উদ্যত কৰে৷ সেই সময়ত আমি কলাত্মক আৰু সৃজনাত্মক প্ৰক্ৰিয়াৰ গভীৰতাক লৈ বহু বেছি চিন্তিত হৈ নপৰোঁ৷ বৰঞ্চ আমি সমুখত যিটোৱেই দেখিছোঁ, তাকেই প্ৰকৃত বুলি মানি লৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰোঁ আৰু ইয়ে স্বাভাৱিক৷

কিন্তু পেইণ্টিং এখন, কবিতা এটা, গল্প এটা, উপন্যাস এখন জানো যি ধৰণে দেখিছোঁ, প্ৰকৃততে সেয়াই জানো হয়? ৰং, ব্ৰাছৰ ষ্ট্ৰ’ক, ভিন্ন আকাৰ-আকৃতি, ছপা আখৰকেইটা, বাক্যবোৰ— এইবোৰ সেইবোৰেই নে যাক আমাৰ ৰুচিয়ে বাৰে বাৰে উপলব্ধ কৰি তুলিছে৷ যেতিয়া আমি দৰ্শনৰ কথা ক’ম, মনোবিশ্লেষণৰ কথা ক’ম, অধিনিবেশৰ কথা ক’ম, সৃজনীশীলতাৰ কথা ক’ম, তেতিয়া নিশ্চয় প্ৰাথমিক উপলব্ধিৰ বাহিৰেও যে এক আন উপলব্ধি আছে, সেই কথা স্পষ্ট হৈ আহিবলৈ ধৰিব৷ কলা-সাহিত্যত এই অদৃশ্য উপলব্ধিৰ সম্পৰ্ক কি? ই কি কৰে? ই কেনেকৈ সম্পন্ন হয়?- এইবোৰ কথাক আমাৰ সাধাৰণ ৰুচিয়ে কেতিয়াও জানিবলৈ‍ নিদিয়ে৷ তাৰ বাবে বিশেষ প্ৰজ্ঞাৰ প্ৰয়োজনীয়তা আহি পৰে৷ এই প্ৰজ্ঞা কি? ক’ৰ পৰা আহে? এই প্ৰজ্ঞা স্বভাৱসিদ্ধ নে? এক মুখেই আমি নহয় বুলি ক’ব নোৱাৰোঁ৷ যদি মানুহৰ এই প্ৰজ্ঞা আছেই, তেন্তে কি কাৰণে পেইণ্টিং এখন আমাৰ ভাল লাগে? অথচ আমি তাক বুজি উঠিব পৰা নাই! কি কাৰণে কবিতাটোৱে‍ মন চুই গৈছে? কিন্তু তাক বুজি উঠাৰ ধাৰণাবোৰ অস্পষ্ট! কি কাৰণে গল্প এটা, উপন্যাস এখন বা চিনেমা এখন চোৱাৰ পাছত মনটো ভাল লাগিছে? কিন্তু তাৰ পাছতো এক অনিশ্চয়তাই ভাববোৰ আউল লগাই আছে!

শুনিলে আচৰিত লাগে যে, ছবি এখন চাবলৈ, কবিতা এটা পঢ়িবৰ বাবেও ইমান অধিনিৱে‍শৰ প্ৰয়োজন নে যিমান অধিনিৱে‍শ বুদ্ধক বুজিবলৈ লাগে, যি অধিনিৱে‍শ ছক্ৰেটিছ, প্লেট’ক বুজিবলৈ লাগে, যি অধিনিৱে‍শ ফ্ৰয়েডক বুজিবলৈ লাগে! ইমান অধিনিৱে‍শ বাবে মানুহৰ প্ৰজ্ঞা স্বাভাৱিকতেই থাকে৷ ই সাধাৰণ মানুহৰ পক্ষেও সম্ভৱ৷ কিন্তু তাৰ লগত কিছু কৰ্ষণ, কচৰৎ দৰকাৰ হৈ পৰে, যি সেই অধিনিৱে‍শক সম্পূৰ্ণ অৰ্থৎ উপভোগ্য কৰে৷ এই কচৰৎ বা কৰ্ষণেই সৃজনাত্মক উপলব্ধিবিলাক আমাৰ বোধলৈ আনি দিয়ে আৰু সাধাৰণ দৰ্শক-পঢ়ুৱৈৰ পৰা বিশেষ কৰি পৃথক কৰিবলৈ ইয়েই যথেষ্ট৷

চকুৰ আগত থকা পেইণ্টিংখনৰ আকাৰ-অৱয়ব, ৰং-এই প্ৰাথমিক আভিধাৰণা স্বকীয় ৰুচিৰে সাঙুৰি এজন দৰ্শকে উপলব্ধি কৰা— ই একেবাৰে সাধাৰণ প্ৰক্ৰিয়া৷ কিন্তু চিত্ৰকৰ্ম বা কলা বুজিবলৈ এই প্ৰক্ৰিয়া পৰ্যাপ্ত নে? নিশ্চয়কৈ নহয়! কলাৰ দৃশ্যমান ফৰ্মৰ বাহিৰেও ইয়াত বহু জটিলতম প্ৰক্ৰিয়া অন্তৰ্নিহিত আছে৷ শিল্পী এজনৰ নিৰ্মাণ প্ৰক্ৰিয়া, যি কলাক কলালৈ, সৃষ্টিলৈ উন্নীত কৰে, দৰ্শক এজনৰ দৰ্শন আৰু অৰ্থগ্ৰহণ প্ৰক্ৰিয়া৷ কলা নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে সৃষ্টিকৰ্তা আৰ্থৎ শিল্পীৰ প্ৰচেষ্টা, পাৰদৰ্শিতা যিদৰে বিচাৰৰ বিষয়, একে ধৰণেই দৃশ্যমান পেইণ্টিং এখনৰ সৌন্দৰ্যবোধ, অৰ্থ গ্ৰহণৰ বাবেও দশৰ্কৰ মনৰ ৰুচি, অধিনিৱে‍শ একে ধৰণৰ বিশ্লেষণৰ বিষয়৷ কাৰণ এই প্ৰক্ৰিয়াটোৰ মাজত ক’ৰবাত হীন দেঢ়ি হ’লেই কলাৰ সম্পূৰ্ণ অৰ্থগ্ৰহণ সম্ভৱ হৈ নুঠিবও পাৰে৷


কথাবোৰ আমি আৰু সৰলকৈ বুজিবলৈ যত্ন কৰোঁ, ওপৰৰ চিত্ৰলৈ মন কৰক৷ ধৰা হওক, এজন শিল্পী (P)-য়ে যিকোনো মাধ্যম (M)-এৰে এখন পেইণ্টিং (V) নিৰ্মাণ কৰি উলিয়ালে৷ এজন দৰ্শক (A)-ই পেইণ্টিংখন চালে আৰু খুব ভাল পালে৷ কথাটো একেবাৰে সৰল৷ কিন্তু যেতিয়াই দৰ্শক পেইণ্টিংখনৰ গভীৰতালৈ সোমাই গৈ থাকিব, তাৰ অন্তৰালৰ প্ৰক্ৰিয়াবিলাকৰ আচ্ছাদনো খোল খাই গৈ থাকিব৷ ওপৰত দৰ্শকজনে পেইণ্টিংখনত সেইটো ধাৰণাহে দেখা পাইছে (I’) যিটো কোনো মাধ্যমৰ (M) যোগেদি শিল্পীৰ ধাৰণা (I)-ৰ পৰা গঢ় লৈ উঠিছে৷ এই দৃশ্যমান I’ ধাৰণাটো (যাক আমি পেইণ্টিং (V) বুলি কৈছোঁ) ই শিল্পীগৰাকীৰ সৃষ্টিশীল মনৰ প্ৰাথমিক ধাৰণা ‘I’ ৰ হুবহু উপস্থাপন নে? নে তাৰ সুকীয়া কলাত্মক ৰূপ— এই চিন্তাৰ পৰা দৃশ্যমান নিৰ্মাণলৈ যি জটিল সৃষ্টিশীল প্ৰক্ৰিয়া আছে, তাৰ বিষয়ে আমি পৰৱৰ্তী সময়ত কেতিয়াবা আলোচনা কৰিম৷ কিন্তু এতিয়া আমি বুজিবলৈ যত্ন কৰিম যে ‘A’ দৰ্শকজনে সন্মুখত দেখা I’ ধাৰণাটোৰ অৰ্থগ্ৰহণ কিমান সম্ভৱ হৈছে৷ আগতেও কৈছোঁ যে, পোনপ্ৰথমেই দৰ্শকজনৰ চকুত ধৰা দিয়া দৃশ্যমান দিশটোৱেই হৈছে মাধ্যমৰ আধাৰত গঢ় লোৱা এটা ভিজুৱেল (V)৷এই ভিজুৱেলৰ বিশ্লেষণক ফৰ্মেল এনালাইছিছত সামৰি লোৱা হয়৷ এই ভিজুৱেলও প্ৰত্যেক ব্যক্তিৰ নিজ ৰুচি-অভিজ্ঞতাৰ আচ্ছাদনৰ মাজেৰেহে আলোকিত হয়৷ আমাৰ উপস্থিতিৰ সমান্তৰালভাৱেই চৌপাশৰ ভিন্ন উপাদানেৰে কিছুমান প্ৰতি মুহূৰ্তত ভিজুৱেল তৈয়াৰ কৰি থাকে৷ এই দিশৰ পৰা ক’বলৈ হ’লে আমি যাক সময় বুলি অভিহিত কৰিছোঁ, সেইবোৰ বিশেষ ছিকুৱেন্সত সজোৱা একো একোটা ভিজুৱেল৷ প্ৰাত্যহিক জীৱনৰ এনে বহু ভিজুৱেল আমাৰ চকুৰ আগত যেনেদৰে ধৰা দিয়েহি, তেনে গতিতেই সেইবোৰ অতীত হৈ যায় বা পাহৰণিৰ গৰ্ভত জাহ যায়৷ প্ৰায়বোৰ ভিজুৱেলক আমি গুৰুত্ব সহকাৰে নলওঁ আমাৰ প্ৰায়বিলাক ইয়াৰ আন্তৰালৰ ধাৰণা I’-ৰ উপলব্ধি দ্বিতীয়টো পৰ্যায়ত উপনীত হ’বলৈ যত্ন নকৰোঁ বা কৰাৰ আগ্ৰহ নাথাকেগৈ৷ কিন্তু আমি ভিজুৱেলৰ ভিতৰলৈ আলোকপাত কৰিলেহে কলাৰ কলা উপলব্ধি কৰিব পাৰিম৷ গোটেই প্ৰক্ৰিয়াটোক আকৌ এবাৰ চাওঁ৷ চিত্ৰকৰ এজনে তেওঁৰ মনোজগতৰ ধাৰণা কিছু মাধ্যমৰ যোগেদি নিৰ্মাণ কৰি আমাৰ আগত দাঙি ধৰিছে৷ (P—I—M—V)৷ এজন প্ৰক্ৰিয়াটোকেই ওলোটাকৈ সজালে (V—M—I—P) এজন দৰ্শকে এটা সময়ত শিল্পীজনৰ মনোজগতৰ সৈতে একাত্ম হ’ব পাৰিব৷ পেইণ্টিংখন দেখাৰ লগে লগে দৰ্শকৰ মনত যি ধাৰণা সৃষ্টি হ’ব (I’’ বুলি অভিহিত কৰা হৈছে) শিল্পীৰ ধাৰণাৰ সৈতে কিমান দূৰ মিলিব, সেয়া ভিন্ন পাৰিপাৰ্শ্বিকৰ ওপৰত নিৰ্ভৰশীল৷ যেনে দৰ্শকৰ শিল্পৰ অভিজ্ঞতা, মাধ্যমৰ সৈতে পৰিচয়, বিষয়বস্তুৰ ধাৰণাৰ সৈতে তেওঁৰ পৰিচয়, পূৰ্ব অভিজ্ঞতা আৰু প্ৰজ্ঞা ইত্যাদি ইত্যাদি৷ শিল্পী এজনৰ মনত ৰেখাপাত কৰা যিবোৰ বিষয় বা যিবোৰ অভিজ্ঞতা, ধাৰণাৰ পৰা শিল্পী এজনে ছবি এখন নিৰ্মাণ কৰে, সেইবোৰৰ হুবহু উপস্থাপন সাধাৰণতে তেওঁ নকৰে৷ কাৰণ অভিজ্ঞতা বা ধাৰণাসমূহক কি মাধ্যমত, বা কি ৰূপত উপস্থাপন কৰিব সেয়া শিল্পকৰ্মটি সম্পূৰ্ণ হৈ নুঠালৈকে কোৱা অসম্ভৱ৷ ধাৰণা এটাক চেতন মনৰ পৰা আনি ৰং, ব্ৰাছৰ ষ্ট্ৰ’কৰ মাধ্যমেৰে ভিন্ন ৰেখা, আকাৰ-আকৃতিৰে যি ৰূপ (ফৰ্ম) দিয়া হ’ব তাত সৃষ্টিশীল বহু উপাদান সংযোজিত হৈ যি ক্ৰমে এক জটিল সংকেত, প্ৰতীতিৰ ৰূপ (I’) পৰিগ্ৰহ কৰিব৷ অৰ্থাৎ ই শিল্পীৰ ধাৰণাৰ (I) সাংকেতিক ৰূপ (I’)৷ ইয়াত বক্তব্য পোনপটীয়া উপস্থাপনৰ পৰা ইতিমধ্যেই আঁতৰি আহিছে৷ ঠিক দৰ্শক এজনেও যেতিয়া শিল্পকৰ্মটি দেখিব, তেতিয়া তেওঁ তাৰ ৰং, আকাৰ, ৰূপৰ অন্তৰালত থকা সাংকেতিক ধাৰণা (I’)-ৰ মাজেদি শিল্পীৰ ধাৰণাৰ (I) বুজি উঠিবলৈ চেষ্টা কৰিব৷ ই শিল্পীৰ ধাৰণাৰ ওচৰ চপা বা প্ৰায়ে নতুন অন্য ধাৰণা হোৱাৰ সম্ভাৱনাই বেছি হ’ব৷ এতিয়া আমি আকৌ তৃতীয় ধাৰণা I’’ এটা পালোঁ৷ শিল্পীয়ে ধাৰণা এটাক সাংকেতিক ৰূপ দি চিত্ৰকৰ্মৰ এক ধাৰণালৈ পৰ্যৱে‍শিত কৰিলে আৰু দৰ্শকে এই দৃশ্যমান শিল্পকৰ্ম দেখি তাৰ সাংকেতিক ৰূপ বিশ্লেষণ কৰি শিল্পীৰ ধাৰণা বুজিবলৈ এক নতুন ধাৰণাৰ গঢ় দিলে৷ ধাৰণাৰ সাংকেতিকৰণ আৰু সেই সংকেতৰ উন্মুক্তকৰণৰ ই এক অদৃশ্য খেলা৷

ধাৰণাৰ পৰা ধাৰণালৈ ভিজুৱেল বা শিল্পকৰ্মটি এটা অনুষংগহে হৈ পৰিল৷ ইয়াত পেইণ্টিংখনে শিল্পী আৰু দৰ্শকৰ মাজত এক যোগসূত্ৰহে ৰক্ষা কৰিছে৷কবিতাৰ দৰে আন সৃষ্টিশীল সাহিত্যৰ প্ৰসংগতো একে কথাই খাটে৷ কবিতা এটা পঢ়িও পঢ়ুৱৈ‍ এজনে ধাৰণাৰ সেই জটিল মেৰপাক উদঙাব পাৰিলেহে কবিৰ ধাৰণাৰ কাষ চাপিব পাৰিব৷ কবিতাতো শব্দৰ মাজতেই সাংকেতিক ৰূপত ধাৰণাৰ প্ৰতীতি তৈয়াৰ কৰা হৈছে৷ মননশীল পাঠকৰ বাবেহে এই সংকেত ভেদ কৰি ধাৰণাবোধ সম্ভৱপৰ হৈ উঠিব৷ সৃষ্টিশীল প্ৰক্ৰিয়াৰ মাজতেই কলাৰ ৰহস্যভেদৰ এটা সুৰুঙা থাকে যি বোধ প্ৰক্ৰিয়ালৈ পাঠক, দৰ্শকক যাবলৈ বাট দেখুৱায়৷



যিদৰে ভেন গঘৰ হুইটফিল্ড ৱিদ ক্ৰ’জ ভালকৈ নিৰীক্ষণ নকৰিলে ধৰিব নোৱাৰিব যে বিশাল পথাৰখনৰ ওপৰত উৰি থকা কাউৰীকেইটাৰ সৈতে নিসংগতাত দিক হেৰুওৱা মনৰ অভিব্যক্তি সম্পৰ্কিত হৈ আছে৷ বিশাল কেনভাছৰ নীলা আৰু সোণালী হালধীয়া ৰঙৰ ব্ৰাছৰ তৰংগায়িত ষ্ট্ৰ’কবোৰৰ চকু ছাত মৰা সৃজনে দৃশ্যমান চমকতেই দৰ্শকক আকৃষ্ট কৰি ৰসবোধ সম্পূৰ্ণ কৰা যেন কৰি তুলি মূল অৰ্থগ্ৰহণলৈ অপেক্ষা কৰাৰ ধৈৰ্য নাইকি‍য়া কৰি পেলায়৷ উৎকৃষ্ট সৃজনী আৰু পাকৈত শিল্পীৰ ইও এক কৌশল৷ একেদৰেই মনেৰ ছিৰিজবিলাকৰ ৰঙৰ প্ৰতীতিয়ে চকুত নৈসৰ্গিক চমক দি কাল আৰু মনৰ অভিব্যক্তি বোধ বা উপলব্ধিক একেবাৰে সাধাৰণ দৰ্শকৰ বাবে ৰহস্যময় কৰি তোলে৷ কলাৰ এই ৰহস্যভেদৰ বাবে আমাক যি বোধ লাগে, সেয়া কেৱল কলাৰ সৃজনাত্মক দিশৰ গভীৰ বিশ্লেষণৰ জিজ্ঞাসা আৰু তাৰ কৰ্ষণৰ পৰা আহিবলগীয়া প্ৰজ্ঞাইহে সম্ভৱ কৰি তুলিব৷ ন’হলে আমাৰ বাবে আধুনিক কবিতাবোৰ শব্দৰ জঞ্জাল, পেইণ্টিংবোৰ ৰঙৰ ৰহস্যময় আঁক-বাকেই হৈ থাকিব৷



ঠিকনা :
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
ৰেচম নগৰ, খানাপাৰা
গুৱাহাটী- ৭৮১০২২, অসম

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ