সমুজ্জ্বল শইকীয়া
কল্পবিজ্ঞান উপন্যাস :
অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ আন এটি শ্ৰেণী কল্পবিজ্ঞান উপন্যাস বিংশ
শতিকাৰ দ্বিতীয়াৰ্ধতহে ৰচিত হয়৷ অসমীয়া ভাষাত কল্পবিজ্ঞান উপন্যাস পোনপ্ৰথমে
প্ৰকাশ হৈছিল ১৯৬০ চনত ‘আমাৰ প্ৰতিনিধি’ কাকতত৷ ডঃ বিজয়কৃষ্ণ দেৱশৰ্মাই লিখা উপন্যাসখনৰ নাম আছিল ‘চন ২৪৬৬, এক এপ্ৰিল’ ৷ ড॰ দেৱশৰ্মা ৰচিত কল্পবিজ্ঞান গ্ৰন্থ
চন্দ্ৰলোকত মানুহ (১৯৬৯) অসমীয়া সাহিত্যৰ সৰ্বপ্ৰথম বিজ্ঞানভিত্তিক উপন্যাসিকা৷ ‘‘এক সফল অভিযানৰ অন্তত পৃথিৱীৰ মানুহ পোন প্ৰথমে চন্দ্ৰৰ বুকুত অৱতৰণ
কৰিছিল ১৯৬৯ চনত৷ লগে লগে মহাকাশত আৰু অধিক অভিযান চলোৱাৰ শুভ আৰম্ভণি হৈছিল৷ এনে
এক আৰম্ভণিৰ প্ৰয়াসতেই সৃষ্টি হৈছে ড॰ দেৱশৰ্মা ৰচিত কল্পবিজ্ঞান উপন্যাস ‘তুলসী তলত মৃগপহু চৰে’৷ চন্দ্ৰলৈ যোৱাৰ যি
দূৰন্ত অভিযান, তাৰ সৰস বৰ্ণনা ইয়াত প্ৰকাশ পাইছে৷’’১৪ ১৯৬৭ চনত প্ৰকাশ হোৱা নৰেন্দ্ৰ নাথ চৌধুৰীৰ
অন্য গ্ৰহৰ খবৰ আছিল প্ৰথম অসমীয়া মৌলিক কাহিনী সম্বলিত কল্পবিজ্ঞান উপন্যাস৷
পৰৱৰ্তী সময়ত অসমীয়া ভাষাত কেইবাজনো লেখকে কল্পবিজ্ঞান উপন্যাস ৰচনা কৰিছিল৷
সেইসকলৰ কেইজনমান হৈছে নৱকান্ত বৰুৱা, দীনেশ চন্দ্ৰ গোস্বামী,
শান্তনু তামূলী, অমূল্য হাজৰিকা, ৰথীন্দ্ৰনাথ গোস্বামী, ছাকিল জামান, বন্দিতা ফুকন, অভিজিৎ শৰ্মা বৰুৱা, ৰঞ্জুু হাজৰিকা, লক্ষ্মীনন্দন বৰা, ছাকিল জামান, দেৱীচৰণ ঠাকুৰ আদি৷
বিংশ শতিকাৰ নব্বৈৰ দশকত কেইবাখনো কল্পবিজ্ঞান উপন্যাস ৰচিত হয়৷ ১৯৮২ চনত
নৱকান্ত বৰুৱাই লিখা কল্পবিজ্ঞান উপন্যাসখনৰ নাম আছিল অপদাৰ্থ৷ এই উপন্যাসখনৰ
কাহিনীটো চমুকৈ এনেধৰণৰ – ‘‘জৈৱ-পদাৰ্থ বিজ্ঞানৰ প্ৰয়োগেৰে
ৰক্তহীন অস্ত্ৰোপচাৰৰ এক অভিনৱ পদ্ধতি উদ্ভাৱন কৰিবলৈ ডাক্তৰ চলিহাই ডেকা ডাক্তৰ
অঞ্জন চৌধুৰীৰ লগ লাগিল৷ ৰক্তপাতৰ প্ৰতি থকা ডাক্তৰ চলিহাৰ প্ৰবল বিতৃষ্ণাৰ বাবেই
তেনে পদ্ধতিৰ আৱিষ্কাৰৰ গৱেষণাত অগ্ৰসৰ হ’ল৷ সময়ত ডাঃ চলিহা
আৰু ডাঃ চৌধুৰীয়ে এক বিধ্বংসী শক্তি ‘এণ্টিমেটাৰ’ বা ‘অ-পদাৰ্থ’ সৃষ্টি কৰিলে৷
পিছে এদিন ডাঃ চলিহা আতংক আৰু বিভীষিকাত শিয়ঁৰি উঠিল৷ কাৰণ নিজৰ আৱিষ্কাৰৰেই বলি
হিচাপে অঞ্জনৰ গৱেষণাৰত অৱস্থাতে লেবৰেটৰীতে মৃত্যু ঘটিল৷ শেষত ডাঃ চলিহাই
আত্মসমালোচনা আৰু অনুশোচনাত দগ্ধ হৈ সেই ‘অ-পদাৰ্থ’ শক্তিত নিজেই আত্মজাহ যায়৷’’১৫ ১৯৮৩ চনত অমূল্য বৰুৱাই আক্ৰমণ উপন্যাসখন প্ৰকাশ কৰে৷ ‘‘যুদ্ধ-বিগ্ৰহৰ জিনীয় অভিযন্ত্ৰণৰ সম্ভাৱনীয় প্ৰয়োগৰ পটভূমিত ৰচিত হৈছে
আক্ৰমণৰ কাহিনী৷ আমাৰ প্ৰতিৱেশী এখন শত্ৰুদেশত জিনীয় অভিযন্ত্ৰণেৰে সৃষ্টি কৰা হ’ল দুই ইঞ্চিমান ডাঙৰ এবিধ পৰুৱা৷ সিহঁতে ছফুট উচ্চতালৈ জঁপিয়াব পাৰে৷ এটা
জীৱন্ত মানুহ খাই শেষ কৰিবলৈ সিহঁতৰ সময় লাগে মাত্ৰ এক মিনিট৷ প্ৰতিৱেশী দেশখনে
সেই ৰণুৱা পৰুৱাৰ সৈন্যৰে আমাৰ দেশ আক্ৰমণ কৰি এফালৰপৰা জীৱ-জন্তু, মানুহ নিঃশেষ কৰি আনিলে৷ কিন্তু এই ৰণুৱা পৰুৱাৰ গতি নিয়ন্ত্ৰক ‘কাম ৰস’ পাহাৰৰ নামনি পৰ্যন্তহে ছটিয়াব পাৰিছিল৷ ফলত
পৰুৱাবোৰ অহা বাটেৰে উভতি গৈছিল আৰু অসমখন ৰক্ষা পৰিছিল৷ উপন্যাসখনত লেখকে
বৈজ্ঞানিক তথ্যৰ লগতে ৰাজনৈতিক ব্যঙ্গৰো অৱতাৰণা কৰিছে৷’’১৬ বিংশ শতিকাৰ শেষ দশকত অমূল্য বৰুৱাই ‘সন্ধান ‘(১৯৯২) নামৰ কল্পবিজ্ঞান
উপন্যাসখন প্ৰকাশ কৰিছিল৷ সন্ধান উপন্যাসত পৃথিৱীত সঘনে হৈ থকা ভূমিকম্প,
বানপানী, মানুহৰ মাজত বৃদ্ধি পোৱা অপৰাধ
প্ৰৱণতা, মাছৰ মহামাৰী বেমাৰ, কম্পিউটাৰৰ
ভুল নিৰ্দেশ আদিবোৰৰ আঁৰত ‘মংগলিকা’ নামৰ
গ্ৰহটোৰ মানুহতকৈও উন্নত জীৱবোৰৰ ভুমিকা থকাৰ কথা তদন্তৰ অন্তত জানিবপৰা যায়৷
বিশ্ব-ব্ৰহ্মাণ্ডৰ অইন গ্ৰহৰ সৈতে মানুহৰ যোগসূত্ৰ উপন্যাসখনত দেখা গৈছে৷
ৰহস্যধৰ্মী উপন্যাসৰ লগতে কল্পবিজ্ঞানভিত্তিক উপন্যাস ৰচক ৰঞ্জু হাজৰিকাই
এই দশকতে কেইবাখনো কল্পবিজ্ঞানভিত্তিক উপন্যাস প্ৰকাশ কৰে৷ ‘বহ্নিবলয়’ (১৯৮৫) ৰঞ্জু হাজৰিকাৰ প্ৰথম কল্পবিজ্ঞান
উপন্যাস৷ তাৰ পিছতে ‘জীৱন্ত মৃতক’ (১৯৮৫) খন প্ৰকাশ পায়৷ ‘জীৱন্ত মৃতক’-ত ৰবটৰ কাহিনী পোৱা যায়৷ বিজ্ঞানী এগৰাকীয়ে মৃতদেহ এটাক ৰবটৰ ৰূপত প্ৰাণ
দি কৰি জীয়াই তোলাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে৷ ‘অন্তত কালৰ
প্ৰহেলিকা’ (১৯৮৯) উপন্যাসত অন্য গ্ৰহৰপৰা পৃথিৱীলৈ
আক্ৰমণ কৰিবলৈ অহা জেলিসদৃশ প্ৰাণীৰ বৰ্ণনা আছে৷ ‘বহ্নিশিখা’
(১৯৯০) উপন্যাসত এদল বিজ্ঞানীয়ে পৃথিৱীখন ধ্বংসৰ মুখৰপৰা ৰক্ষা কৰাৰ
কাহিনী আছে৷ ‘পৃথিৱীৰ শত্ৰু’ (১৯৯০)
উপন্যাসত মহাকাশৰআন প্ৰাণীৰপৰা হ’বপৰা ভয় তথা গ্ৰহান্তৰৰ
প্ৰাণীৰ পৃথিৱীৰ সৈতে শত্ৰুতাৰ কাহিনী পোৱা যায়৷ পৰৱৰ্তী দশকটোত তেওঁ ‘আকাশৰ অহংকাৰ’ (১৯৯৬), ‘সূৰ্য সন্ধান’ (১৯৯৭), ‘নক্ষত্ৰ জয়ৰ গান’ (১৯৯৯) আদি মহাকাশৰ কাহিনীৰে
লিখা উপন্যাস প্ৰকাশ কৰে৷ চলিত শতিকাত ৰঞ্জু হাজৰিকাই কেইবাখনো কল্পবিজ্ঞান
কাহিনীধৰ্মী উপন্যাস প্ৰকাশ কৰা দেখা যায়৷ সেইবোৰ হৈছে – ‘ধূসৰ ক্ৰন্দসী’ (২০০৩), নিষ্পন্দ গ্ৰহৰ আততায়ী (২০০৩), অন্য এক ধৰিত্ৰী (২০০৬), স্বৰ্ণমৃগৰ সন্ধান (২০০৯), প্ৰহেলিকাৰ অন্ধকাৰ (২০০৯) আদি৷ এইবোৰ
উপন্যাসসমূহ মহাকাশ সম্পৰ্কীয়৷ মহাকাশৰ কথা, গ্ৰহান্তৰ
অভিযান আদিক লৈ এনে উপন্যাস ৰচনা কৰিছে৷ তেওঁৰ কুবেৰৰ লালসা (২০০৪)
উপন্যাসখনত বিজ্ঞানী এজনে কৃত্ৰিমভাৱে সোণ সৃষ্টি কৰাৰ কাহিনী বৰ্ণিত হৈছে৷ অধম
কীটৰ দংশন (২০১৩) উপন্যাসত বিছাৰ প্ৰাদুৰ্ভাৱৰ ফলত সৃষ্টি হোৱা আতংকময় পৰিৱেশক
লৈ ৰচনা কৰা ৰহস্যধৰ্মী কল্পবিজ্ঞান৷ ৰঞ্জু হাজৰিকাৰ ‘জেছন’
আৰু ‘পবন’ নামৰ চিৰিজ
দুটা ‘ফেণ্টাছী’ধৰ্মী হ’লেও ইয়াত কল্পবিজ্ঞান উপন্যাসৰ লক্ষণ পোৱা যায়৷
বিংশ শতিকাৰ শেষ দশকত ভালেকেইখন কল্পবিজ্ঞান উপন্যাস ৰচিত হয়৷ দীনেশচন্দ্ৰ
গোস্বামীয়ে কেইবাখনো উপন্যাস এই দশকত লিখে৷ তেখেতৰ জোনাকীৰ জিলিকনি (১৯৯২),
শব্দ নিৰন্তৰ শব্দ (১৯৯২), উষ্ম প্ৰৱাহ (১৯৯৩) আদি উপন্যাস অন্যতম৷ ‘জোনাকীৰ জিলিকনি’ উপন্যাসখনৰ পটভূমি হৈছে ‘মন্দাকিনী স্মৃতি বিজ্ঞানাগাৰ’৷ এই বিজ্ঞানাগাৰত
নতুনকৈ যোগদান কৰেহি কল্যাণ চৌধুৰীয়ে৷ কল্যাণ চৌধুৰীয়ে অতি কম সময়ৰ ভিতৰতে বিজ্ঞানাগাৰৰ
সৈতে জড়িত আন আন ব্যক্তিসকল, যেনে– ডাইৰেক্টৰ
প্ৰফেচৰ মজুমদাৰ, পৱন ভাৰ্গভ, বিদ্যুৎ
চক্ৰৱৰ্তী, প্ৰতাপ নাৰায়ণ ভট্টাচাৰ্য, অনু
অধিকাৰী, স্মিতা কাশ্যপ আদিৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলগীয়া
হয়৷ ‘মন্দাকিনী স্মৃতি বিজ্ঞানাগাৰ’ত
অনু বাইদেউ, পৱন ভাৰ্গভ, পদ্মনাভন
আদিয়ে ‘প্ৰজে“ লুছিফেৰিন’ৰ জৰিয়তে নানা পৰীক্ষা চলাই জোনাকী পৰুৱাৰ দেহৰ লুছিফেৰেজ নামৰ জিন ই. ক’লাই নামৰ বেক্টেৰিয়াত সুমুৱাই পোহৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল৷ মানৱ
জাতিৰ উপকাৰ কৰাই আছিল ‘প্ৰজেক্ট লুছিফেৰিন’ৰ মূল উদ্দেশ্য৷ এই কামত সহযোগ কৰিবলৈ আহিল ডেকা বিজ্ঞানী কল্যাণ চৌধুৰী৷
কিন্তু ‘প্ৰজেক্ট লুছিফেৰিন’-ৰ কামত
আগবাঢ়ি যাওঁতেই অনু বাইদেউ, পৱন ভাৰ্গভ, পদ্মনাভন, কল্যাণ চৌধুৰী, অশোক
মিত্তাল, কুইন ভট্টাচাৰ্য্য আদিয়ে বাধাৰ সন্মুখীন হ’বলগা হয় প্ৰতাপ নাৰায়ণ ভট্টাচাৰ্য্য আৰু বিদ্যুৎ চক্ৰৱৰ্তীৰপৰা৷ তথাপিও
নানা বাধাৰ সন্মুখীন হৈও অনু অধিকাৰীয়ে অৱশেষত ‘প্ৰজেক্ট লুছিফেৰিন’ৰ কামত আগবাঢ়ি গ’ল৷ তেওঁলোকে জোনাকী পৰুৱাৰ জিন
সংগ্ৰহ কৰি আৰু ই. ক’লাইৰ সৈতে পৰীক্ষা কৰিবলৈ ধৰিলে৷ অনু
অধিকাৰী, পৱন ভাৰ্গভ, কল্যাণ
চৌধুৰীহঁতে ‘প্ৰজেক্ট লুছিফেৰিন’ৰ কামত
আগবাঢ়ি গৈ সফল হ’ল৷ তেওঁলোকে সেই পোহৰ দিবপৰা ই. ক’লাইসমূহ পকী ৰাস্তাত ব্যৱহাৰ কৰি চালে৷ ৰ’ডছ ইঞ্জিনীয়াৰিঙৰ
ডক্টৰ বিশালাক্ষী চলিহাৰ তত্ত্বাৱধানত তেওঁলোকে জোনাকী পৰুৱাৰ জিনযুক্ত ই. ক’লাইসমূহ পকী ৰাস্তাত ব্যৱহাৰ কৰিলে আৰু সফলতাৰে ই. ক’লাইবোৰৰপৰা পোহৰ লাভ কৰিলে৷ ‘জোনাকীৰ জিলিকনি’
উপন্যাসত মন্দাকিনী স্মৃতি বিজ্ঞানাগাৰত কাম কৰা এদল বিজ্ঞানীৰ মাজত
হোৱা প্ৰতিযোগিতাক দেখা পোৱা যায়৷ ব্যক্তি সংঘাতৰ মাজত থাকিও এচাম ব্যক্তিয়ে কিদৰে
নৈতিকতাৰ পথত থাকি নিজৰ লক্ষ্যত উপনীত হৈছে সেয়া দেখা গৈছে৷ মানৱীয় চিৰন্তন
প্ৰবৃত্তিসমূহেও স্থান লাভ কৰি উপন্যাসখনক আকৰ্ষণীয় কৰি তুলিছে৷ শব্দ নিৰন্তৰ শব্দ
উপন্যাসত ‘ৰিজিঅ’নেল পাব্লিকেশ্যন এণ্ড
প্ৰডাকচন চেণ্টাৰ’ত বিজ্ঞান সাহিত্যৰ চীফ এডিটৰ হিচাপে
যোগদান কৰা ড॰ চন্দন চৌধুৰীৰ গ্ৰন্থ প্ৰকাশৰ প্ৰচেষ্টা দেখা গৈছে৷ ইয়াত ‘মিছিং
লাইন ৰিট্ৰিভাৰ’ নামৰ এক ধাৰণাক সাকাৰ ৰূপ দিয়া হৈছে৷ পুৰণি
লেখাৰ হেৰাই যোৱা অংশ, হেৰাই যোৱা পৃষ্ঠা আনকি এজন লেখকৰ
চিন্তাকো ৰিট্ৰিভ কৰাৰ প্ৰচেষ্টা ইয়াৰ কাহিনীত দেখা গৈছে৷ বিভিন্ন ব্যক্তিৰপৰা
পোৱা অসুবিধা সত্ত্বেও চন্দন চৌধুৰীয়ে কৰা প্ৰচেষ্টাক দেখা গৈছে৷ উষ্ণ প্ৰৱাহ
উপন্যাসৰ কাহিনীত পোৱা যায় – কলেজৰ ফিজিক্সৰ ডেকা অধ্যাপক, লেখক পংকজ ফুকনে ইলেক্ট্ৰনিক লেবত জুল্জিৰ শিখা শৰ্মাৰ ৰিচাৰ্ছৰ কামত সহায় কৰিবলৈ জড়িত হৈ পৰিল৷
তেওঁলোকে প্ৰাণীবিজ্ঞানৰ গৱেষণাত ‘স্মেল এফেক্ট’ সম্পৰ্কে অধ্যয়ন কৰিছে৷ গৱেষণা কৰি তেওঁলোকে দেখিছে যে প্ৰাণীৰ ক্ষুধা,
যৌনকামনা, কৰ্মশক্তি আদিত আহি পাৰে৷ পিছলৈ
দুয়ো বিজ্ঞানীয়ে মানুহৰ ওপৰতো তেনে গৱেষণা কৰি মানুহৰ চাৰিত্ৰিক লক্ষণ সলনি কৰিব
পাৰে নেকি তাৰ বাবে সাজু হৈছে৷ গৱেষণা কালত তেওঁলোকৰ মাজৰ প্ৰেম, পংকজৰ বিভিন্ন বস্তুৰ আৱিষ্কাৰ আদিৰ মাজেৰে কাহিনীভাগ আগবাঢ়ি যোৱা দেখা
যায়৷ একবিংশ শতিকাত প্ৰথম দশকটোত দীনেশ চন্দ্ৰ গোস্বামীয়ে অতি-বিশিষ্ট সমাজ (২০০৪),
আত্মজীৱনীৰ প্ৰয়াস (২০০৭), দিব্য
উপবন (২০০৯) – এই তিনিখন উপন্যাস
প্ৰকাশ কৰে৷ অতি বিশিষ্ট সমাজ উপন্যাসত বিজ্ঞানাগাৰ ‘বিজ্ঞান
মন্দিৰ’ত বায়টেক্নলজিৰ বিভিন্ন পৰীক্ষা-নীৰিক্ষাৰ কথা
বৰ্ণনা কৰা হৈছে৷ পঁইতাচোৰাক অধিক সক্ৰিয় কৰি ৰখা জিন বিলাহীলৈ ট্ৰেন্সফাৰ কৰি
জেনিটিকেলি মডিফাইড বিলাহী সৃষ্টি কৰি মানুহক অধিক সক্ৰিয় কৰি ৰখা প্ৰচেষ্টা ইয়াত
দেখা পোৱা যায়৷ বিজ্ঞানী ড॰ গৌতম ফুকনে কষ্টেৰে কামবোৰ কৰি পিছত ভিজিটিং প্ৰফেছৰ
হিচাপে আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়লৈ গমন কৰিছে৷ তাৰপৰা ঘূৰি আহি জেনেটিকেলি
মডিফাইড বিলাহীৰ উপকাৰিতাক তেখেতে গুৰুত্ব সহকাৰে মানৱ কল্যাণৰ কামত ব্যৱহাৰ
কৰিছে৷ আত্মজীৱনীৰ প্ৰয়াস উপন্যাসত ড॰ প্ৰদীপ গোস্বামীয়ে পুৰণি ইতিহাস, নথি-পত্ৰ সংৰক্ষণ কৰি ৰাখিবলৈ ‘ছেণ্ট্ৰেল আৰ্কাইভ
প্ৰজেক্ট’ আঁচনি হাতত লয়৷ এই আঁচনি অনুসৰি কৃত্ৰিম উপগ্ৰহত
বস্তুবোৰ সংৰক্ষণ কৰিবলৈ লয়৷ প্ৰদীপ গোস্বামীৰ লগত সহযোগ কৰে চন্দনা দত্ত, অঞ্জন চাংকাকতি, পাৰবীন জামান আদিয়ে৷ তেওঁলোকে
নথি-পত্ৰৰ তথ্যসমূহ অৱশেষত একত্ৰিত কৰি সংৰক্ষণ কৰিব নোৱাৰি মানুহৰ স্মৃতিক উদ্ধাৰ
কৰি সেয়া সংৰক্ষণৰ ব্যৱস্থা কৰে৷ সৃষ্টি কৰে ক্ৰ’ন’স্কোপ নামৰ এক যন্ত্ৰ৷ এই যন্ত্ৰ যোগেদি প্ৰদীপ চৌধুৰীয়ে নিজকে পৰীক্ষা
কৰাত অতীত ভ্ৰমণ কৰিবলৈ সুযোগ লাভ কৰে৷ ফলস্বৰূপে কিছুমান উল্লেখনীয় ঘটনা তেওঁলোকে
আৱিষ্কাৰ কৰে৷ দীনেশ চন্দ্ৰ গোস্বামীয়ে আত্মজীৱনীৰ প্ৰয়াসৰ পিছৰ কাহিনীছোৱাক
আত্মজীৱনীৰ দ্বিতীয় প্ৰয়াস (২০১৫) উপন্যাসত বৰ্ণনা কৰিছে৷ প্ৰদীপ চৌধুৰীৰে
জীৱনৰ কাহিনী তথা সংঘাত, প্ৰত্যাহ্বান; চন্দনা দত্তৰ সৈতে হোৱা অন্তৰংগ সম্পৰ্ক, প্ৰেম,
বিভিন্ন পক্ষৰ চক্ৰান্ত, সংঘাত আদি ইয়াত
প্ৰকাশ পাইছে৷
ড॰ পদ্মপাণিয়ে হাৰ্টিক (১৯৯২) নামৰ কৈশোৰ উপযোগী কল্পবিজ্ঞান
উপন্যাসখন প্ৰকাশ কৰিছিল৷ কাহিনীটো এনেধৰণৰ, ‘‘কাজিৰঙাৰ কাষত থকা এটা
গুহাৰে গৈ পোৱা এখন গোপন পৃথিৱী; যাৰ বিজ্ঞান আমাতকৈ আগবঢ়া৷
তাত থকা অদৃশ্য হ’বপৰা মানুহবোৰে সিহঁতৰ প্ৰয়োজনীয় বস্তু
পৃথিৱীৰপৰা আমি গম নোপোৱাকৈ সংগ্ৰহ কৰি নিয়ে৷ হঠাৎ এদিন ‘চন্দন’
নামৰ ল’ৰাজনে পিক্নিক্ খাবলৈ গৈ বাট হেৰুৱাই
পাহাৰৰ নামনিৰ গুহা এটাত আ৷ য় ল’লে৷ সেই গুহাৰ এঠাইত এই গোপন
পৃথিৱীখন৷ গোপন পৃথিৱীৰ ‘প্লেটি’ নামৰ
ছোৱালীজনীয়ে চন্দনক দিলে ‘হাৰ্টিক’ নামৰ হাতত পিন্ধিবপৰা ঘড়ীৰ দৰে এটা যন্ত্ৰ, যাৰ
সহায়ত কাষত থকা মানুহৰ মনৰ গুপুত কথা জানিব পাৰি৷ ‘হাৰ্টিক’
যন্ত্ৰটোৰ সহায়ত চন্দনে ডি.এছ.পি. দেউতাকক এটাৰ পিছত এটাকৈ অপৰাধীৰ
সন্ধান দি সিহঁতক কৰায়ত্ত কৰাত সহায় কৰে৷ শেষত গোপন পৃথিৱীৰ মানুহৰ দৰে চন্দন
অদৃশ্য হৈ যোৱাৰ মৰ্মন্তুদ ঘটনাৰে কাহিনীৰ পৰিণতি ঘটাইছে৷’’১৭ আন এগৰাকী ঔপন্যাসিক ছাকিল জামানে নীলা
নীলা বেদনা (১৯৯৬) উপন্যাসত ‘‘‘ডি.এন.এ. পুনঃসংযোজন’
প্ৰযুক্তিৰে প্ৰখৰ স্মৰণ শক্তি আৰু বুদ্ধিমত্তাৰ অধিকাৰী জীৱ
সৃষ্টিৰ বাবে কৰা গৱেষণা আৰু সেই গৱেষণাৰ অপপ্ৰয়োগৰ ফলস্বৰূপে হোৱা কৰুণ পৰিণতি
অংকন কৰা হৈছে৷’’১৮
চলিত শতিকাৰ প্ৰথম দশকৰ লেখক ৰথীন্দ্ৰনাথ গোস্বামীৰ কিংকিনীৰ বিদ্ৰোহ
(২০০২) এখন কল্পবিজ্ঞান উপন্যাস৷ ইয়াত ৰবট আৰু মানুহৰ মাজৰ সংঘাত প্ৰকাশ পাইছে৷ ‘নীলা নীলা বেদনা’ উপন্যাস লিখা ছাকিল জামানে ছিলিকনৰ
বুদ্ধ (২০০৩) নামৰ আন এখন কল্পবিজ্ঞান উপন্যাস প্ৰকাশ কৰে৷ চলিত শতিকাৰ প্ৰথম
দশকত ৰচিত হোৱা এখন শক্তিশালী কল্পবিজ্ঞান উপন্যাস হৈছে লক্ষ্মীনন্দন বৰাৰ কায়কল্প
(২০০৪)৷ উপন্যাসখনত প্ৰাচীন ভাৰতত প্ৰচলিত কায়কল্প চিকিৎসাক আধুনিক বিজ্ঞানৰ সহায়ত
উত্তৰণ ঘটাই মানুহৰ যৌৱন ধৰি ৰাখিবপৰা এবিধ ঔষধ প্ৰস্তুত কৰা হৈছে৷ উপন্যাসখনত
পত্নী নয়নাৰপৰা অৱহেলিত হৈছে বিজ্ঞানী ড॰ অনুজ কৃপালনি৷ পৰপুৰুষৰ সৈতে সম্পৰ্ক
ৰক্ষা কৰাৰ কথা জানি অনুজ কপালনিয়ে অপমাণিত হৈ জৈৱ প্ৰযুক্তিবিদ্যাৰ যোগেদি মানুহে
পুনৰযৌৱন লাভ কৰিবপৰা, যৌৱনক বিলম্বিত কৰা তথা আয়ুবৃদ্ধি কৰা ‘কায়কল্প - ২৫’ নামৰ ঔষধ আৱিষ্কাৰ কৰিছে৷ আধুনিক
ভোগ-বিলাসী সমাজতখনৰ মানুহৰ প্ৰেম, যৌনাকাংখ্যা, প্ৰতাৰণা, প্ৰতিশোধ আদি চিৰন্তন মানৱীয়
প্ৰবৃত্তিসমূহ সুন্দৰভাৱে উপন্যাসখনত প্ৰকাশ হৈছে৷
লেখিকা বন্দিতা ফুকনে চলিত শতিকাৰ প্ৰথম দশকত নতুন পৃথিৱী (২০০৫),
আপেক্ষিকাতবাদ তেওঁৰ বাবেই (২০০৭) আদি
কল্পবিজ্ঞান উপন্যাস ৰচনা কৰে৷ নতুন পৃথিৱী উপন্যাসত অদূৰদৰ্শী মানুহে নিজৰ
অপকৰ্মৰে কেনেকৈ সুন্দৰ পৃথিৱীখন জীৱৰ বসবাসৰ অনুপযোগী কৰি পেলালে তাৰ কাহিনী পোৱা
যায়৷ বিছ-একৈশ শতিকাৰ লোভী মানুহবোৰে নিজৰ সুবিধাৰ কাৰণে মানুহে গছ-গছনি, পাহাৰ আদি কাটি পৰিৱেশ বিনষ্ট কৰিবলৈ ধৰিলে৷ তদুপৰি আৱৰ্জনাৰে নগৰ-চহৰ
উপচাই পেলালে৷ গছ-গছনি ধ্বংস কৰাৰ বাবে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে ধৰাৰ
জীৱ-জন্তুসমূহ মৃত্যুমুখী কৰি তুলিলে৷ এনে ভয়ানক দৃশ্য তথা ঘটনাৰে উপন্যাসখন
ভৰপুৰ৷ আপেক্ষিকাতবাদ তেওঁৰ বাবেই উপন্যাসত ‘মিৰাণ্ডা’
নামৰ গ্ৰহটোত পোহৰৰ গতিবেগ কম হোৱাৰ ফলত আপেক্ষিকতাবাদ সূত্ৰত সম্ভৱ
হ’বপৰা ঘটনা কিছুমানৰ আলমত কাহিনীভাগ অংকিত হৈছে৷ চলিত
শতিকাৰ দ্বিতীয় দশকত বন্দিতা ফুকনে কেইবাখনো শিশু উপযোগী কল্পবিজ্ঞান উপন্যাস
প্ৰকাশ কৰিছে৷ যদি (২০১১), সন্ধান (২০১১), চতুৰ্মাত্ৰিক (২০১২),
কিয় এনে হৈছে (২০১২), সোণটিহঁতৰ বিপদ (২০১২), মিনুৰ ৰবট সখী (২০১২), আৱেগ
আৰু যুক্তিৰে (২০১২), সোণটিৰ
ৰবট কুকুৰ (২০১৫) আদি অন্যতম৷ ইয়াৰে চতুমাৰ্ত্ৰিক
উপন্যাসত ফৰ্থ ডাইমেন্সনৰ কথা পোৱা যায়৷ এক চতুৰ্থ শক্তিৰ অৱস্থিতি থকাৰ কথা আৰু
সেই শক্তিৰ উমান লোৱাৰ বাবে কৰা গৱেষণা কৰা ইয়াত দেখা যায়৷ ইতৰ প্ৰাণীয়ে
চতুৰ্মাত্ৰিক শক্তিৰ অৱস্থিতি উমান পোৱাৰ কথাও ইয়াত বৰ্ণনা কৰা হৈছে৷ আৱেগ আৰু
যুক্তিৰে উপন্যাসখন মানুহৰ সোঁ আৰু বাওঁ মগজুৰ চিন্তা, চিন্তাৰ
পাৰ্থক্য, দ্বন্দ্বৰ কথাৰে ৰচিত হৈছে৷ মানুহৰ চিন্তা আৰু
প্ৰবৃত্তিক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ ইয়াত চেষ্টা কৰা হৈছে৷
সাহিত্যিক হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ কল্পবিজ্ঞান উপন্যাসখন হৈছে আগন্তক
(২০০৮)৷ উপন্যাসখনত বৰ্হিজগতৰ প্ৰসংগৰে ৰচিত হৈছে৷ তেখেতে উপন্যাসখনক ধাৰণাভিত্তিক
কল্পকথা বুলিহে কৈছে৷ দেৱীচৰণ ঠাকুৰে এখন উপন্যাস ৰচনা কৰি থৈ গৈছে৷ উপন্যাসখনৰ
নাম মহাপ্ৰস্থানৰ পথত (২০১০)৷ এই উপন্যাসখন সমাজ-বাস্তৱতাৰ ওপৰত ভিত্তি কৰি
ৰচনা কৰা৷ অসম (ধেমাজিৰ ২০০৪ চনৰ বোমা বিষ্ফোৰণ) আৰু ‘বিশ্ব
বাণিজ্য কেন্দ্ৰ’ত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা বা আন
অপৰাধমূলক কাৰ্যৰ আঁৰৰ মানুহক কিহে ক্ৰিয়া কৰে, মানুহৰ এনে কাৰ্যৰ
কাৰণে জিন দায়ী নেকি, মানুহৰ অপৰাধী-ধ্বংসকামিতা মানসিকতা
কেনেকৈ সৃষ্টি হৈছে এনেধৰণৰ বিভিন্ন কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে উপন্যাসখনত
দেখুৱাবৰ চেষ্টা কৰা হৈছে৷ উপন্যাসখনৰ চৰিত্ৰ বিজ্ঞানী ড॰ ৰাজে গৱেষণাত ব্ৰতী হৈ পোৱা তথ্যখিনি
এনেধৰণৰ –
‘‘ড॰ ৰাজ নিজে এজন আনুবংশিক বিজ্ঞানী হৈ চিন্তা কৰি পালে
যে মানুহৰ অধঃপতনৰ কাৰণবোৰ দেহৰ মাজত ক্ষুদ্ৰতম এটমিক এনাৰ্জিৰ স্থল ক্ৰম’জ’মৰ জীনত সোমাই থাকে৷ বিজ্ঞানীসকলে প্ৰমাণ কৰি ক’লে
যে পুৰুষৰ জীন ক্ৰমে ক্ৰমে হ্ৰাস হৈ গৈছে আৰু কিছুমান বিকৃত জীনে আহি তাৰ স্থান
লৈছে৷ এই নতুন জীনবোৰ হ’ল বিগ্ৰহজীন আৰু এতিয়াও নাম নিৰ্ধাৰণ
কৰিব নোৱৰা ১৫/২০ বিধ অকল্যাণকাৰী জীন৷ দেহত তাৰ উপস্থিতিয়ে মানুহক চঞ্চল, দুঃসাহসিক, বন্দুক আৰু অপৰাধপ্ৰেমী, অসৎ চৰিত্ৰৰ আৰু সন্ত্ৰাসবাদৰ দৰে অসামাজিক কামৰ প্ৰতি আগ্ৰহাম্বিত কৰি
তোলে৷ যোদ্ধাজীন সন্ত্ৰাসবাদীসকলৰ ক্ৰম’জ’মত আৰু সিহঁতৰ ল’ৰা ছোৱালীৰ ক্ৰম’জ’মত উদ্ধাৰ হোৱাৰ ঘটনাই সকলোকে সঁচকিত কৰি তুলিলে৷
বিশেষকৈ সতি-সন্ততিৰ জীনত ইয়াৰ উপস্থিতি অতি মাৰাত্মক ভৱিষ্যতৰ সংকেত৷ আমি বহুত
ধৰণৰ গৱেষণা কৰিলোঁ; যিবিলাকৰ পৰিণতি যে হতাশজনক হৈছিল
সকলোৱে জানে৷ কিন্তু আমি আশা এৰি দিয়া নাছিলোঁ৷ অৱশেষত আমাৰ যথাযথ এটা নতুন জীনৰ
আৱিষ্কাৰ হ’ল – ‘স্বস্তি জীন’৷’’১৯ সেই স্বস্তি জীনক
ভাৰতীয় যোগ-সাধনাৰ জৰিয়তে সক্ৰিয় কৰাৰ প্ৰচেষ্টা লোৱা হৈছে৷ কল্পনাৰে বিজ্ঞান কথাক
সুন্দৰকৈ মহাপ্ৰস্থানৰ পথত উপন্যাসখনত উপস্থাপন কৰা হৈছে৷ আন এজন কল্পবিজ্ঞান লেখক
অভিজিৎ শৰ্মা বৰুৱায়ো কেইবাখনো কল্পবিজ্ঞান উপন্যাস ৰচনা কৰা দেখা যায়৷ তেখেতৰ
কল্পবিজ্ঞান উপন্যাসৰ ভিতৰত প্ৰত্যাৱৰ্তন, ইপাৰ
সিপাৰ, আন্ধাৰত জোনাক, মায়াবন্ধন,
নে’ন অভিনৱ জগত (২০১৬)
আদি অন্যতম৷ এই দশকত অসমীয়া ভাষাত দীনেশ চন্দ্ৰ গোস্বামীয়ে কেইবাখনো কল্পবিজ্ঞান
উপন্যাস ৰচনা কৰিছে৷ অসমীয়া কল্পবিজ্ঞান সাহিত্যক জনপ্ৰিয় কৰিবলৈ আৰু ইয়াৰ প্ৰসাৰ
ঘটাবলৈ বহুতো গল্প আৰু ভালেমান প্ৰবন্ধ গ্ৰন্থও ৰচনা কৰিছে৷ বিদেশী ভাষাৰ কল্পবিজ্ঞান
কাহিনীও তেওঁ অনুবাদ কৰিছে৷
শান্তনু তামুলীয়ে শিশু সাহিত্যত মনোনিৱেশ কৰা দেখা যায়৷ শিশু উপযোগী
কেইবাখনো গ্ৰন্থ তেওঁ প্ৰকাশ কৰিছে৷ শান্তনু তামুলীয়ে শিশু উপযোগী বিভিন্ন বিষয়ৰ
গ্ৰন্থও অনুবাদ কৰিছে৷ শিশুৰ বাবে তেওঁ কেইবাখনো কল্পবিজ্ঞান উপন্যাস লিখিছে৷ কল্পবিজ্ঞান
উপন্যাস প্ৰাচীৰত তেওঁ কম্পিউটাৰ ইমেজেৰি ছিমুলেছন আৰু কম্পিউটাৰ এইডেড্ ৰাইটিঙৰ
দ্বাৰা কিদৰে এক কাহিনী ৰচনা কৰিব পাৰি তাক দেখুৱাইছে৷ শান্তনু তামুলী ৰচিত আন
কল্পবিজ্ঞান উপন্যাস হৈছে মায়াজাল, মানী
বানী আৰু এখন ফুলনি, গ্ৰহযুদ্ধ আদি৷ ইলেট্ৰনিক নামৰ ল’ৰাটো (১৯৯৩)
উপন্যাসখন ৰুছ কাহিনীকাৰ য়েভগেনী ভেলটিষ্টভৰ এটা বিজ্ঞান কাহিনীৰ আধাৰত লিখিছে৷
শিশু উপযোগীকৈ এই উপন্যাখন ৰচনা কৰিছে৷
কল্পবিজ্ঞান
নাটক :
অসমীয়া ভাষাত কল্পবিজ্ঞান নাটক প্ৰথমে ৰচনা কৰিছিল নাট্যকাৰ অৰুণ শৰ্মাই৷
১৯৫৬ চনত তেওঁ স্থাৱৰ নামৰ প্ৰথমখন কল্পবিজ্ঞান নাটক ৰচনা কৰিছিল৷ এই
নাটকখনৰ সম্পৰ্কত যোগেন চেতিয়াৰ মত এনেধৰণৰ – ‘‘স্থাৱৰ শ্ৰী শৰ্মাৰ কল্পবিজ্ঞান নাটক হিচাপে অসমীয়া সাহিত্যৰ প্ৰথম নাটকৰ দাবী কৰিব পাৰে বুলি
মোৰ ধাৰণা৷’’২০ ‘স্থাৱৰ’ নাটকত আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত
উন্নয়ন দেখুৱা হৈছে৷ তথ্য-প্ৰযুক্তিৰ প্ৰভূত উন্নতিৰ বাবে পৃথিৱীলৈ কেনেদৰে ভাবুকি
আহিব পাৰে তাৰ ছবি দেখুৱাইছে নাটকখনে৷ পাৰমাণৱিক যুদ্ধ আৰু ইয়াৰ ফলত পৃথিৱী ধ্বংসৰ
এখন ভয়াৱহ ছবি এইখন নাটকত দেখা যায়৷ ২০৫৬ ৰপৰা ২০৭২ চনৰ ভৱিষ্যতৰ পৃথিৱীৰ ছবি
নাটকখনত দেখুওৱা হৈছে৷
বিংশ শতিকাৰ সত্তৰ দশকত শ্যামাপ্ৰসাদ শৰ্মাই দেৱতাৰ অন্যৰূপ (১৯৬৭)
নাম দি এখন কল্পবিজ্ঞান নাটক প্ৰকাশ কৰিছিল৷ নাট্যদল গঠন কৰি নাটকক জনপ্ৰিয় কৰাৰ
চেষ্টা কৰা নাট্যকাৰ শ্যামাপ্ৰসাদ শৰ্মাই আন কেইবাখনো কল্পবিজ্ঞানভিত্তিক নাটক
ৰচনা কৰিছে৷ বিগত শতিকাৰ শেষ দশকলৈকে তেওঁ ৰচনা কৰা আন কল্পবিজ্ঞান নাটসমূহ হৈছে –
বিশ্বাস (১৯৯২), মথাউৰী (১৯৯২), মমতাৰ
মহাকাব্য (১৯৯৩), মিলিজুলি-মিতিৰালি (১৯৯৭), শুভ সূত্ৰপাত (১৯৯৯),
দোমোজা (১৯৯৯), শেষ আয় (১৯৯৯) আদি৷ দেৱতাৰ অন্যৰূপ নাটকত বিজ্ঞান-প্ৰযুক্তিৰ
ভৱিষ্যত পৃথিৱী এখন দেখা পোৱা যায়৷ শেষ আয় নাটকত পৰিৱেশৰ প্ৰতি মানুহৰ কৰণীয়, পৰিৱেশৰ প্ৰতি থকা নৈতিকতাবোধক
দেখুওৱা হৈছে৷ আনহাতে মমতাৰ মহাকাব্য নাটকত প্ৰাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাৰ ছবি
দাঙি ধৰা হৈছে৷ শিশুনাটক মিলিজুলি মিতিৰালিত প্ৰকৃতিৰপৰা হেৰাই যাবলৈ ধৰা
চৰাই-চিৰিকটি আঘাত কৰি বজাৰত বিক্ৰী কৰা দুজন অশিক্ষিত ল’ৰাৰ
কাৰ্য আৰু সিহঁতক ভালপথলৈ অনাৰ কাহিনী পোৱা যায়৷ প্ৰকৃতিপ্ৰীতি আৰু নৈতিক শিক্ষা
নাটকখনত প্ৰকাশ পাইছে৷ মুঠতে ভিন্ন বিষয়বস্তুক লৈ শ্যামাপ্ৰসাদ শৰ্মাই কল্পবিজ্ঞান
নাটক ৰচনা কৰা দেখা যায়৷
নব্বৈৰ দশকত প্ৰভাত গোস্বামীয়েও কল্পবিজ্ঞান নাট এখনি লিখিছিল৷ ‘‘প্ৰভাত গোস্বামীৰ নাটক যন্ত্ৰমানৱ (১৯৮৭) অসমীয়া
ভাষাৰ প্ৰথমখন কল্পবিজ্ঞান মঞ্চ নাটক৷’’২১ এই নাটকখনত বিজ্ঞানীৰ এটা দলে মানুহৰ আকৃতিৰ অথচ মানৱতা আৰু বিবেকহীন
যন্ত্ৰমানৱ সৃষ্টি কৰে৷ সেই যন্ত্ৰমানৱক স্বাৰ্থান্বেষী, ক্ষমতালোভী
লোকৰ হাতত তুলি দিয়া, সেই যন্ত্ৰমানৱকে দেশৰ শাসনৰ কাৰণে
নিৰ্বাচনত জয়লাভ কৰোঁৱা, বিবেকহীন যন্ত্ৰনেতাৰ শাসনত দেশত
অৰাজকতাৰ সৃষ্টি হোৱাৰ কথা নাটকত বৰ্ণিত হৈছে৷ নাটকখনত মানৱ বিনাশকাৰী যন্ত্ৰমানৱৰ
হাততে অৱশেষত বিজ্ঞানী আৰু তেওঁৰ সহকাৰিণীৰ বিনাশ ঘটিছে৷
দীনেশ চন্দ্ৰ গোস্বামীয়েও একাধিক কল্পবিজ্ঞান নাটক ৰচনা কৰা দেখা যায়৷
তেওঁ দুকুৰিমান কল্পবিজ্ঞান নাটক ৰেডিঅ’যোগে প্ৰচাৰ কৰিছে৷
সেইবোৰৰ ভিতৰত পৰিব্ৰাজক, বিজ্ঞাপন-বিজ্ঞাপন,
এক তৰংগৰ দৰে, আলস্য, আলফা স্পন্দন, নিস্পৃহ, আশ্বৰ্য্য, উত্তৰণ, সংঘাত, সংযোগ, ৰবট
বিজয় আদি উল্লেখযোগ্য৷ গল্পৰ আধাৰত তেওঁ ভালেমান নাটক
ৰচনা কৰিছে৷ তেওঁৰ পৰিব্ৰাজক নাটকত অতীতলৈ যোৱা অৰ্থাৎ টাইম ট্ৰেভেল কৰা
দেখা যায়৷ লেখকে পৰিব্ৰাজক নামৰ গল্পটোক নাট্যৰূপ দিছে৷ উত্তৰণ
নাটকখনিত কম্পিউটাৰ নিৰ্ভৰ জীৱনৰ ছবি প্ৰকাশ হৈছে৷ মানুহৰ জীৱনলৈ অহা আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ
সৃষ্টি কম্পিউটাৰে কেনেদৰে পলকতে কামবোৰ কৰি মানুহক সহায় কৰিছে সেয়া ‘উত্তৰণ’ত দেখা পোৱা যায়৷ ৰবট বিজয় (১৯৮৬)
নাটকখনিত মানুহৰ জীৱনক ৰবটে সহায় কৰা দেখা যায়৷ কিন্তু চতুৰ আৰু বুদ্ধিমান ৰবটবোৰে
মানুহৰ জীৱনত নানা সহায় কৰি অৱশেষত নিজে ষড়যন্ত্ৰ কৰি মানুহৰ বিৰুদ্ধে গৈ অধিকাৰ
ল’ব বিচাৰে৷ কিন্তু মানুহৰ ওচৰত অৱশেষত হাৰ মানি ৰবটবোৰ
মানুহৰ অধীন হৈ পৰে৷ শেষ প্ৰস্তুতি, এনিমেল থাৰ্ড ৰেকৰ্ডাৰ,
নতুন শতিকাৰ সপোন, সৃষ্টিৰ সুবাস, যুগ সন্ধি আদি দীনেশ চন্দ্ৰ গোস্বামীৰ আন কল্পবিজ্ঞান নাটক৷
এওঁলোকৰ উপৰিও সুশীল গোস্বামীয়ে মন গুহাৰ অন্ধকাৰত, অমৰজ্যোতি
চৌধুৰীয়ে সাংকেতিক নাম দি কল্পবিজ্ঞান নাটক ৰচনা কৰা দেখা যায়৷ সুশীল গোস্বামীৰ মন
গুহাৰ অন্ধকাৰত নাটকখনত মানুহৰ চিৰন্তন প্ৰবৃত্তিৰ কথা প্ৰকাশ কৰা হৈছে৷ মানুহৰ
হিংস্ৰ মনোভাৱ জানিবৰ বাবে চলোৱা প্ৰচেষ্টা আৰু সত্যতা প্ৰতিপন্ন দেখুওৱা হৈছে এই
নাটকখনিত৷ অন্যহাতে অমৰজ্যোতি চৌধুৰীৰ সাংকেতিক নাটকৰ বিষয়বস্তু কম্পিউটাৰ ভাইৰাছ৷
পিতৃ-পুত্ৰৰ মাজত হোৱা সংঘাত, তাৰ ফলস্বৰূপে পুত্ৰৰ দ্বাৰা
কম্পিউটাৰ ভাইৰাছৰ জৰিয়তে কম্পিউটাৰত কৰা আক্ৰমণ দেখা পোৱা যায় নাটকখনত৷ হিমেন্দ্ৰ
বৰঠাকুৰৰ বিন্দু (১৯৯৩) এখনি কল্পবিজ্ঞান নাটক৷ এই নাটকখনত মানুহ এক বিশেষ মেচিনৰ দ্বাৰা টাইম ট্ৰেভেল কৰা
দেখুওৱা হৈছে৷ বিজ্ঞান-কথাৰ লগতে ফেণ্টাছীধৰ্মী বৰ্ণনাই ইয়াত ঠাই পাইছে৷ কল্পবিজ্ঞান
নাটক লিখিছে যদিও অসমীয়া ভাষাত কল্পবিজ্ঞান নাটক খুব কমেইহে লিখা হৈছে৷ আন আন
নাট্যকাৰে কল্পবিজ্ঞান নাটক ৰচনা কৰিছে যদিও কল্পবিজ্ঞান নাটক গ্ৰন্থাকাৰে বা
আলোচনীত খুব কমেইহে প্ৰকাশ হোৱা দেখা যায়৷ শ্যামাপ্ৰসাদ শৰ্মাৰ বিজ্ঞান-নাটক এখনি
কল্পবিজ্ঞান নাটকৰ উল্লেখযোগ্য সংকলন৷
অনূদিত কল্পবিজ্ঞান সাহিত্য
অনূদিত কল্পবিজ্ঞান সাহিত্যৰ ভিতৰত অসমীয়া ভাষালৈ প্ৰধানকৈ গল্প আৰু
উপন্যাস অনুবাদ হৈছে৷ তদুপৰি বিজ্ঞান বিষয়ক বহুতো প্ৰবন্ধ অসমীয়া ভাষালৈ¸ অনূদিত হৈছে৷ অনূদিত কল্পবিজ্ঞান গল্প সংকলনবোৰৰ ভিতৰত দীনেশ চন্দ্ৰ
গোস্বামীৰ মহাকাশচাৰী, কাইলৈ এনে ঘটিছিল;
মীৰা গোস্বামীৰ প্ৰথম আৰু দ্বিতীয় দুটা খণ্ডত লুছুনৰ গল্প;
বিনয় মোহন শইকীয়াৰ জেৰমৰ মনোৰম গল্প আদি অন্যতম৷ অভিজিত
শৰ্মা বৰুৱাই কেইবাটাও কল্পবিজ্ঞান গল্প ইংৰাজী ভাষাৰপৰা অনুবাদ কৰিছে৷ অতি
গোপন কথাটো (মূল : জৰ্জ এইচ স্মিথ), অমৰ কাব্যকাৰজন (মূল : আইজাক এছিমভ), আলোকীয় দৃষ্টিভ্ৰম (মূল : মেক ৰে’নল্ডছ), কণী,
কণী কেৱল কণী (মূল : ক্ৰিছ নেভিল),
চিনড্ৰেলা এণ্ড কোম্পানী (মূল :
ক্ৰিষ্ট’ফাৰ এনভিল), পাহৰণিৰ
প্ৰাসাদ (মূল : ডন মাৰ্ক লেমন), মৃত্যু দৰ্শন (মূল : নৰ্মান স্পিনৰাৰ্ড) অভিজিত
শৰ্মা বৰুৱাৰ দ্বাৰা অনূদিত কল্পবিজ্ঞানভিত্তিক গল্প৷
কল্পবিজ্ঞান উপন্যাস কেইবাখনো অনুবাদ হৈছে৷ হেমবালা দাসে ১৯৫৬ চনত এইচ.জি.
ৱেলছৰ দ্য ইনভিছিবল মেনখন অসমীয়ালৈ অদৃশ্য মানৱ নামেৰে অনুবাদ কৰে৷ এইখন
অসমীয়া ভাষালৈ অনূদিত প্ৰথমখন কল্পবিজ্ঞান উপন্যাস৷ চৈয়দ আজিজুল হুছেইন, অভিজিত শৰ্মা বৰুৱায়ো ‘দ্য ইনভিছিবল মেন’
অনুবাদ কৰিছে৷ জুল ভাৰ্নৰ টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছি
উপন্যাসখন বিজয়কৃষ্ণ দেৱশৰ্মা আৰু কুলেন্দু পাঠকে অনুবাদ কৰিছে; আৰু দীনেশ চন্দ্ৰ গোস্বামীয়ে এইখনকে সাগৰৰ তলিয়েদি কুৰি হাজাৰ লীগ নামেৰে
অনুবাদ কৰিছে৷ জুল ভাৰ্নৰে ফ্ৰম দ্য আৰ্থ টু দ্য মুনখন অসমীয়ালৈ অনুবাদ কৰে
অনিল কুমাৰ শৰ্মাই৷ এ জাৰ্নি টু দ্য চেণ্টাৰ অৱ দ্য আৰ্থ খন এম. আব্দুল
মজিদ খান, দীনেশ চন্দ্ৰ গোস্বামীয়ে; এৰাউণ্ড দ্য ৱল্ডৰ্ ইন এইট্টি ডেজখন মহেন্দ্ৰ
বৰুৱাই অসমীয়ালৈ অনুবাদ কৰে৷ আৰ্থাৰ কোনান ডয়ালৰ দ্য লষ্ট ৱৰ্ল্ড-খন ৰায়হান শ্বাহে, আলেি’ টলষ্টয়ৰ
আএলিতাখন সদা শইকীয়াই, মেৰী শ্বেলীৰ ফ্ৰেংকেষ্টেইন-খন দীনেশ বৈশ্য আৰু পিছত অভিজিৎ শৰ্মা বৰুৱায়ো অনুবাদ কৰিছে৷ ‘দুই জগতৰ যুদ্ধ’ অভিজিৎ শৰ্মা বৰুৱাৰ এইছ. জি.
ৱেলছৰ দ্য ৱাৰ অব টু ৱল্ডৰ্ছ উপন্যাসৰ অনুবাদ৷ ২০০১ – এখন মহাকাশ অডিছি, মহাকাশচাৰী, পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান, কেপ্তেইন গ্ৰেণ্ডৰ
সন্তান আদি উপন্যাস দীনেশ চন্দ্ৰ গোস্বামীয়ে অনুবাদ
কৰিছে৷ শান্তনু তামূলী অনূদিত কল্পবিজ্ঞানআধুনিক যুগত বিজ্ঞানৰ গুৰুত্ব উপলব্ধি
কৰি উপন্যাসবোৰ হৈছে ইলেকট্ৰনিক নামৰ ল’ৰাটো,
মহাকাশৰ তাৰকা, গ্ৰহযুদ্ধ,
হৈটি-টৈটি, ধূমকেটুত উঠি,
মাষ্টাৰ অৱ দ্যা ৱল্ডৰ্, মোৰ ৰবট ৰ’ব্বি’, WWW.ঘনজংঘল.কম আদি৷ এওঁলোকৰ উপৰিও আন আন অসমীয়া লেখকেও দেশী-বিদেশী লেখকৰ কল্পবিজ্ঞান
উপন্যাস ৰচনা কৰি অসমীয়া ভাষাত কল্পবিজ্ঞান উপন্যাসৰ সংখ্যা বৃদ্ধি কৰিছে৷
(৩)
অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ অধ্যয়ন কৰিলে বিংশ শতিকাৰ প্ৰথমাৰ্ধৰপৰা
বৰ্তমানলৈকে একাধিক লেখকে কম-বেছি পৰিমাণে গল্প, নাটক আৰু
উপন্যাস আদি ৰচনা কৰাৰ কথা জানিব পাৰি৷ বিজ্ঞান বিষয়ৰ সৈতে জড়িত বেছিভাগ লোকেই
কল্পবিজ্ঞান কাহিনীবোৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ সৈতে
পৰিচয় হোৱাৰ ফলস্বৰূপে লেখকসকল অভিজ্ঞতা বৃদ্ধি হৈছে৷ তদুপৰি লেখকসকল কল্পনাপ্ৰৱণ৷
সেয়ে তেওঁলোকে কল্পনাৰে বিজ্ঞান কাহিনী সৃষ্টি কৰিছে৷ এইখিনিতে এটা কথা মনকৰিবলগীয়া
যে, অসমত কল্পবিজ্ঞান কাহিনীসমূহ দেশ-বিদেশৰ আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ
প্ৰগতি তথা বিজ্ঞানৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰিহে সৃষ্টি হৈছে৷ যদিও কল্পবিজ্ঞান
কাহিনী সৃষ্টি কৰিবলৈ গৈ অলৌকিকতাক সাহিত্যত দেখুওৱা হৈছে, তথাপি
এইবোৰে পাঠকসকলক চিন্তাৰ বাট কাটি দিছে৷ অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ অন্যতম
বিশেষত্ব এয়ে যেই আধুনিক বিজ্ঞানৰ প্ৰগতিৰ বাটত সৃষ্টি হৈছে আৰু ই মানুহক চিন্তা
কৰিবলৈ সুযোগ প্ৰদান কৰিছে৷ যদিও অসমীয়া ভাষাৰ কল্পবিজ্ঞান কাহিনীসমূহত বৰ্ণিত বিজ্ঞান
সম্পৰ্কীয় আৱিষ্কাৰ বা ঘটনাবোৰে বাস্তৱ ৰূপ লোৱা তথাপি সেই সাহিত্যসমূহে ভাবিবলৈ
অৱকাশ যোগাইছে৷ ইংৰাজী, ফৰাচী, জাৰ্মান,
জাপানী, মাণ্ডাৰিণ আদি বিভিন্ন ভাষাত সৃষ্টি
হোৱা কল্পবিজ্ঞান কাহিনীৰ আলমত যিদৰে উচ্ছ পৰ্যায়ৰ চিনেমা নিৰ্মাণ হৈছে; ঠিক সেইদৰে অসমীয়া ভাষাত ৰচিত হোৱা কল্পবিজ্ঞান কাহিনীক লৈ আজিলৈকে এখনো
চিনেমা নিৰ্মাণ হোৱা নাই৷ ‘কায়কল্প’ আদি
অসমীয়া ভাষাৰ কল্পবিজ্ঞান সাহিত্যৰ ভিত্তিতো চিমেনা নিৰ্মাণ কৰিবপৰা যায়৷
উল্লেখনীয় যে, শ্ৰেষ্ঠ কল্পবিজ্ঞান কাহিনী এটাই পাঠকক
প্ৰভাৱিত কৰে, কিন্তু সেই কাহিনীৰ ভিত্তিত নিৰ্মাণ কৰা এখন
চিনেমাই সমাজৰ সকলো লোকৰ ওপৰত তাতোকৈও গভীৰ প্ৰভাৱ পেলায়৷ সাহিত্যৰ ভিত্তিত
নিৰ্মাণ হোৱা চিনেমাৰ মানৱৰ ওপৰত পেলোৱা প্ৰভাৱ সুদূৰপ্ৰসাৰী৷ কিন্তু অসমত তেনে
পৰিৱেশ আজিও সৃষ্টি হোৱা নাই৷ অসমীয়া ভাষাৰ কল্পবিজ্ঞান কাহিনীসমূহ কেৱল
গ্ৰন্থ-আলোচনীত প্ৰকাশ পাই আছে৷
অসমীয়া কল্পবিজ্ঞান সাহিত্য ‘আৱাহন’ৰ পিছৰ কালত ‘বিষ্ময়’, ‘ৰহস্য’, ‘আমাৰ প্ৰতিনিধি’, ‘মনোৰঞ্জন’, ‘প্ৰান্তিক’, ‘বিজ্ঞান জেউতি’, ‘গৰীয়সী’, ‘প্ৰকাশ’, ‘স্বাস্থ্য আৰু দীৰ্ঘজীৱন’,
‘সাদিন’, ‘দৈনিক জনমভূমি’
আদিৰ উপৰিও আন কিছুমান আলোচনীত প্ৰকাশ হৈছে৷ কিন্তু লক্ষণীয় যে,
এই আলোচনী বা কাকতবোৰত কল্পবিজ্ঞান কাহিনীৰ প্ৰকাশৰ সংখ্যা খুব কম
তথা কাচিৎহে প্ৰকাশ হৈছে৷ বৰ্তমান যুগত বিজ্ঞানৰ গুৰুত্বক উপলব্ধি কৰা এচাম সচেতন বিজ্ঞানমনস্ক
লোকেহে গ্ৰন্থ আকাৰে বা কাকত-আলোচনীত কল্পবিজ্ঞান সাহিত্য প্ৰকাশ কৰি আহিছে৷
অৱশ্যে তাৰ তুলনাত কাহিনীবিযুক্ত জনপ্ৰিয় বিজ্ঞান বিষয়ক ৰচনা অসমীয়া ভাষাত যথেষ্ঠ
পৰিমাণে প্ৰকাশ হোৱা দেখা যায়৷ গতিকে অসমীয়া সাহিত্যৰ অন্যান্য প্ৰকাৰসমূহৰ তুলনাত
কল্পবিজ্ঞান কাহিনী ৰচনা খুব কম লেখকেহে কৰি আছে বুলিব পাৰি৷ অসমত বিজ্ঞানৰ প্ৰচাৰ
আৰু প্ৰসাৰ ঘটাবলৈ, তথা সমাজত বিজ্ঞান মানসিকতা সৃষ্টি
কৰিবলৈ বিজ্ঞানভিত্তিক লেখা সৃষ্টি কৰাটো অতি জৰুৰী৷ তদুপৰি সেইসমূহ ছাত্ৰ-ছাত্ৰীৰ
মাজলৈ নিয়াটো আমাৰ দায়ৱদ্ধতাৰ কাম৷ গতিকে জনপ্ৰিয় বিজ্ঞান লেখাবোৰৰ সামান্তৰালকৈ
কলাত্মকভাৱে সৃষ্টি কৰা কল্পবিজ্ঞান কাহিনীকো সমাজৰ প্ৰতিটো স্তৰলৈ নিব পাৰিব
লাগিব৷ অসমত সাম্প্ৰতিক সময়ত বিজ্ঞান-প্ৰযুক্তিৰ নানান প্ৰকাৰৰ সামগ্ৰীৰ বিস্তাৰে
জনজীৱনৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাইছে৷ শিক্ষা ব্যৱস্থাত বিজ্ঞান বিষয়টোৱে গুৰুত্ব
লাভ কৰিছে৷ বিজ্ঞান শিক্ষানুষ্ঠান অসমত ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে৷ গতিকে এনে
সময়ত আমাৰ সমাজত বিজ্ঞান-প্ৰযুক্তিৰ বস্তুসমূহে বা বিজ্ঞান-শিক্ষাই লেখকসকলক
সাহিত্য ৰচনা কৰিবলৈ সহায় কৰিছে৷ তেনেক্ষেত্ৰত লেখকসকলেও আধুনিক বিজ্ঞান-প্ৰযুক্তিৰজ্ঞানেৰে
কল্পবিজ্ঞান কাহিনী সাহিত্য ৰচনাত মনোনিৱেশ কৰিব লাগে৷
সাম্প্ৰতিক বিজ্ঞান-প্ৰযুক্তিৰে পৰিৱেষ্টিত পৃথিৱীৰ আন আন সমাজবোৰৰ লগতে
অসমতো বিজ্ঞানময় পৰিৱেশ সৃষ্টি হৈছে৷ বিজ্ঞানসন্মত চিন্তা কৰিবলৈ শিক্ষা লাভ কৰাৰ
বাবে অসমত পূৰ্বৰ ধ্যান-ধাৰণা সলনি হৈছে৷ ধৰ্মীয় আৰু সাংস্কৃতিক দিশত পৰিৱৰ্তন
আহিছে৷ ফলস্বৰূপে আমাৰ শিশু-কৈশোৰ আৰু প্ৰাপ্তবয়স্কৰ লোকৰ আনন্দ লাভ কৰাৰ মাধ্যম
আৰু ৰুচি সলনি হৈছে৷ ৰুচি সলনি হোৱাৰ লগে লগেই সাহিত্যৰ প্ৰতিও অসমীয়া শিক্ষিত
লোকৰ মোহ কমিব ধৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ অন্যতম কাৰণ হৈছে যে, সংগীত, নৃত্য, চিনেমা, ফেশ্যন, অভিনয় আদিকে ধৰি অন্যান্য ক্ষেত্ৰসমূহ অসমতো
অগ্ৰগতি লাভ কৰাত সেই সেই দিশবোৰত শিক্ষিত প্ৰজন্মইনিজকে খাপ খুৱাই তুলিছে৷ গতিকে
শৈশৱৰেপৰা সাহিত্যৰ পৰিৱেশ লাভ কৰা আৰু কিতাপৰ প্ৰতি মোহ থকা এচাম লোকেহে কাহিনী
সাহিত্যক আজিও আকোঁৱালি লৈ আছে৷ বিপৰীতে বহুতেই সাহিত্য পঢ়িবলৈ এৰি পেলোৱা দেখা
গৈছে৷ কাহিনী সাহিত্য পঢ়াতো এতিয়া যেন বহু লোকৰ বাবে কষ্টকৰ কাম হৈ পৰিছে৷
পঢ়াতকৈ আৰামত কাণেৰে শুনা বা চকুৰে দেখি তৃপ্তি পোৱা গান, ছবি,
চলচিত্ৰ আদিবোৰহে গৰিষ্ঠসংখ্যক শিক্ষিত মানুহৰ আনন্দ লাভৰ উৎস
হৈছেগৈ৷ গতিকে সম্প্ৰতি কল্পবিজ্ঞানভিত্তিক কাহিনী সাহিত্যক মানুহৰ মাজলৈ নি
পঢ়োওৱাৰ দায়িত্ব বৰ গধূৰ হৈ পৰিছে৷ অভিভাৱক, শিক্ষক আৰু আন
উচ্ছশিক্ষিত লোকে যদিহে গুৰুত্ব আৰোপ কৰে, যদিহে কল্পবিজ্ঞান
বা বিজ্ঞানভিত্তিক সাহিত্যক মানুহৰ মাজলৈ নি পঢ়াব পাৰে, তেতিয়া
বিজ্ঞান মানসিকতা মানুহৰ মাজত সৃষ্টি হ’ব, সৃষ্টিশীলতা গুণ বৃদ্ধি হ’ব৷ সেয়ে অসমীয়া কল্পবিজ্ঞান
কাহিনীক প্ৰসাৰতা দান কৰি, সেইবোৰ বিভিন্ন উপায়েৰে পাঠকৰ
মাজলৈ নিয়াৰ বাবে লেখকসকলে অধিক মনোনিবেশ কৰিলে ভাল৷ আমাৰ শিক্ষা ব্যৱস্থাত বিজ্ঞান
সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্য অন্তৰ্ভুক্ত কৰিব লাগে৷ অৱশ্যে সাহিত্যৰ
পাঠ্যক্ৰমত কল্পবিজ্ঞান কাহিনী বৰ্তমানে অন্তৰ্ভুক্ত কৰা দেখা গৈছে৷ বিজ্ঞান সাহিত্যৰ
বিষয়টোৰ গুৰুত্ব উপলব্ধি হোৱাৰ বাবে অসমৰ কেইবাখনো বিশ্ববিদ্যালয়ত গৱেষণাও হোৱা
দেখা গৈছে৷ কল্পবিজ্ঞান সাহিত্যৰ প্ৰতিযোগিতা, আলোচনা আদিও
সঘনে আয়োজন হ’লে আমাৰ ভাল হয় (চলিত বছৰত কেইবাখনো ৱেবিনাৰ
আৰু অনলাইন বক্তৃতা হোৱা পৰিলক্ষিত হৈছে)৷ তদুপৰি আলোচনীসমূহে কল্পবিজ্ঞান
সাহিত্যৰ কাৰণে বছৰত বিশেষ সংখ্যা প্ৰকাশ কৰিব লাগে৷ অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ
ধাৰাটো তেতিয়া সবল হ’ব; অসমীয়া মানুহো
সাহিত্যৰ যোগেদি বিজ্ঞানমনস্ক হ’ব৷
প্ৰসংগ সূত্ৰ :
১ বৰুৱা, ক্ষীৰধৰ (সম্পা.), ‘অসমীয়া বিজ্ঞান সাহিত্য -
অতীতৰপৰা বৰ্তমানলৈ’, পৃ.৩৮
২ উল্লিখিত, পৃ.১১৩
৩ মদন শৰ্মা (সম্পা.), ‘বিশ্বকোষ’, পঞ্চম খণ্ড, পৃ.১৩৫
৪ গোৱিন্দ প্ৰসাদ শৰ্মা, ‘উপন্যাস আৰু অসমীয়া উপন্যাস’, পৃ.২৮০
৫ মদন শৰ্মা (সম্পা.), পূৰ্বোল্লিখিত, পৃ.১৩৫
৬ দীনেশ চন্দ্ৰ গোস্বামী, কিতাপৰ বিচিত্ৰ জগত, পৃ. ২১
৭ তামূলী, শান্তনু (সম্পাঃ), ‘অসমীয়া কল্পবিজ্ঞান গল্প-সংকলন’,
ভূমিকা, ণ
৮ অপূৰ্ব বৰা (সম্পা.), ‘অসমীয়া চুটিগল্প: ঐতিহ্য আৰু বিৱৰ্তন’, পৃ.৬৮৫
৯ গোস্বামী, দীনেশ চন্দ্ৰ, পূৰ্বোল্লিখিত, পৃ.
২১
১০ ‘সৌৰভ
কুমাৰ চলিহা ৰচনাৱলী’, পৃ.২০০
১১ উল্লিখিত, পৃ.২৫৯
১২ তামূলী, শান্তনু (সম্পাঃ), পূৰ্বোল্লিখিত, ভূমিকা, থ-দ
১৩ অপূৰ্ব বৰা (সম্পা.), পূৰ্বোল্লিখিত, পৃ.৬৮৫
১৪ সাতসৰী, ১৬-৩১ মে’, ২০০৮, পৃ. ৪৪
১৫ উল্লিখিত, পৃ. ৪৪
১৬ উল্লিখিত, পৃ. ৪৪
১৭ তামূলী, শান্তনু (সম্পাঃ), পূৰ্বোল্লিখিত, ভূমিকা-ম
১৮ প্ৰকাশ, ফেব্ৰুৱাৰী, ২০১৮, পৃ.৩৯
১৯ নাথ, জীৱন চন্দ্ৰ, ‘অসমীয়া কল্পবিজ্ঞান সাহিত্য : এক
বিশ্লেষণাত্মক অধ্যয়ন’, পৃ.১৩০-৩১
২০ উল্লিখিত, পৃ. ৯৫
২১ তামূলী, শান্তনু (সম্পাঃ), পূৰ্বোল্লিখিত, ভূমিকা-ভ
সহায়ক উৎস :
(১) গোস্বামী, দীনেশ চন্দ্ৰ (অনু.): কাইলৈ এনে ঘটিছিল, নেশ্যনেল
বুক ট্ৰাষ্ট, পুনৰ মুদ্ৰণ: ২০০৪
(২) ––: কিতাপৰ বিচিত্ৰ জগত, গুৱাহাটী, অসম বুক ট্ৰাষ্ট, প্ৰথম প্ৰকাশ, ২০১৬
(৩) চলিহা, সৌৰভ কুমাৰ: সৌৰভ কুমাৰ চলিহা ৰচনাৱলী, গুৱাহাটী,
কথা প্ৰকাশন, ২০০৮
(৪) তামূলী, শান্তনু (সম্পা.): অসমীয়া কল্পবিজ্ঞান গল্প-সংকলন, সাহিত্য
অকাদেমি, প্ৰথম প্ৰকাশ, ২০১৭
(৫) দেউৰী, মিহিৰ (সম্পা.): প্ৰকাশ, তৃতীয় পৰ্ব, সপ্ততিতম সংখ্যা, ফেব্ৰুৱাৰী, ২০১৮
(৬) নাথ, জীৱন চন্দ্ৰ: অসমীয়া কল্পবিজ্ঞান সাহিত্য: এক বিশ্লেষণাত্মক অধ্যয়ন,
পি.এইচ.ডি.গৱেষণা গ্ৰন্থ, গুৱাহাটী
বিশ্ববিদ্যালয়
(৭) নেওগ, প্ৰমোদ চন্দ্ৰ: বিজ্ঞান সাহিত্য: অসমীয়া বিজ্ঞান সাহিত্যৰ বিভিন্ন ধাৰা,
যোৰহাট সাহিত্য সভা, প্ৰথম প্ৰকাশ, ১৯৯৮
(৮) পূজাৰী, অনুৰাধা শৰ্মা (সম্পা.): সাতসৰী, তৃতীয় বছৰ, বিংশ সংখ্যা, ১৬-৩১ মে, ২০০৮
(৯) বৰা, অপূৰ্ব কুমাৰ (সম্পা.): অসমীয়া চুটিগল্প: ঐতিহ্য আৰু বিৱৰ্তন, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় প্ৰকাশন কোষ, ২০১২
(১০) বৰুৱা, শান্তনু কৌশিক: সংজ্ঞা অভিধান, জ্যোতি প্ৰকাশন,
দ্বিতীয় সংস্কৰণ, জুন-২০১১
(১১) বৈশ্য, দীনেশ: অসমীয়া বিজ্ঞান সাহিত্য, গুৱাহাটী, অসম বিজ্ঞান সমিতি, প্ৰথম প্ৰকাশ, ১৯৮২
(১২) শৰ্মা, অপূৰ্ব (সম্পা.): অসমীয়া চুটিগল্প: ঐতিহ্য আৰু বিৱৰ্তন, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় কোষ, প্ৰথম প্ৰকাশ: ৭
জুলাই, ২০১২ চন৷
(১৩) শৰ্মা, মদন: বিশ্বকোষ, চতুৰ্থ খণ্ড, বিজ্ঞান,
যোৰহাট অসম বিজ্ঞান সমিতি, প্ৰথম প্ৰকাশ,
২০০৩
(১৪) শৰ্মা, গোবিন্দ্ৰ প্ৰসাদ: উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুডেণ্টচ্
ষ্ট’ৰচ্, অক্টোবৰ, ২০১২
(১৫) শৰ্মা, শ্যামাপ্ৰসাদ: বিজ্ঞান-নাটক, গুৱাহাটী, পম্পা প্ৰকাশ, প্ৰথম প্ৰকাশ: মে ২০০০
(১৬) ক্ষীৰধৰ বৰুৱা: অসমীয়া বিজ্ঞান সাহিত্য – অতীতৰপৰা বৰ্তমানলৈ, অসম বিজ্ঞান সমিতি, প্ৰথম প্ৰকাশ, ২০০৫