অন্যযুগ/


কল্পবিজ্ঞান সাহিত্যৰ সোণালী যুগ

 (১৯৩০-১৯৫০ চনলৈ কল্পবিজ্ঞান সাহিত্যৰ চমু অৱলোকন)

মানস প্ৰতিম দত্ত


     কল্পবিজ্ঞান সাহিত্যৰ সৈতে জড়িত লেখক, পাঠক সকলৰ বাবে সদা পৰিচিত দশকটোৱেই সৈতে ১৯৪০-১৯৫০ চনৰ সময়ছোৱা। অৱশ্যে বহুতে ১৯৩০-৫০ চনৰ সময়ছোৱাক কল্পবিজ্ঞান সাহিত্যৰ উত্থানৰ সময় হিচাপে অভিহিত কৰাই নহয় বৰং এই সময়ছোৱাক কল্পবিজ্ঞানৰ সোণালী যুগ বুলিও কব খোজে। সেই সময়ছোৱাক কল্পবিজ্ঞান সাহিত্যৰ যুগ বোলাৰ মূলতে হল সেইখিনি সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত কল্পবিজ্ঞানে এনেদৰে প্ৰসাৰতা লাভ কৰিছিল যে কল্প বিজ্ঞানৰ বাবে সুকীয়াকৈ আলোচনীও প্ৰকাশ কৰা হৈছিল। এই ক্ষেত্ৰত বাটকটীয়া আছিল হিউগগাৰ্নছবেক আৰু জন ডব্লিউ কেম্পবেল (কনিষ্ঠ)।

    কল্পবিজ্ঞান যে সাহিত্যৰ এটা স্বাধীন ভাগ সেইকথা প্ৰতিষ্ঠা কৰা মূল ব্যক্তি, একেধাৰে লেখক, উদ্ভাৱক, প্ৰকাশক, সম্পাদক, কল্পবিজ্ঞান জগতৰ অন্যতম কাণ্ডাৰী গাৰ্নছবেৰ জন্ম হৈছিল ১৮৮৪ চনৰ ১৬ আগষ্ট তাৰিখে লুক্সেমবাৰ্গত। দেউতাক এজন সাধাৰণ মদ প্ৰস্তুত কৰা কৰ্মচাৰী আছিল। মাক আছিল গৃহিণী।

         হিউগৱে লাক্সেমবাৰ্গ-লিম্পাৰ্টবাৰ্গৰ ঔদ্যোগিক বিদ্যালয় ইকল ইণ্ড্ৰাষ্টিয়েলিলৈ গৈ তাত ঔদ্যোগিক শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰি জাৰ্মানীলৈ যায়। জাৰ্মানীৰ বিনজেনৰ টিকনেকামত তেওঁ শিক্ষা গ্ৰহণ কৰে। উদ্যোগ ক্ষেত্ৰৰ সমান্তৰালভাৱে হিউগ আকৰ্ষিত হয় বিজ্ঞান গ্ৰন্থৰ প্ৰতি।  শৈশৱতে পঢ়া এখন কিতাপে হিউগক সাংঘাতিকধৰণে প্ৰভাৱিত কৰিছিল। গ্ৰন্থখন আছিল - “Mars as the Adobe of life”।(২) ১৮৯৩ চনত প্ৰকাশিত জ্যোতিৰ্বিজ্ঞানী অধ্যাপক পাৰ্চিভাল লৱেলচৰ এই গ্ৰন্থখনে হিউগক বাৰুকৈয়ে প্ৰভাৱিত কৰে। বৈজ্ঞানিক চিন্তাসম্পন্ন গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হোৱাৰ সমান্তৰালভাৱে হিউগআকৰ্ষিত হয় বৈদ্যুতিক জগতখনৰ প্ৰতি।

      ১৯০৪ চনত আমেৰিকালৈ আহে হিউগ। জাৰ্মানীৰ টিকনেকামত অধ্যয়ন অধ্যয়ন কৰি অহা জ্ঞানেৰে তেওঁ নিজাকৈ প্ৰতিষ্ঠা কৰিলে এটা অংশকালীন বৈদ্যুতিক প্ৰতিষ্ঠানৰ। এই প্ৰতিষ্ঠানৰ জৰিয়তে ইউৰোপৰ পৰা বিশেষ বৈদ্যুতিক যন্ত্ৰ-পাতি আমদানি কৰি নিজাকৈ ৰেডিঅআৰু ট্ৰান্সমিটাৰ প্ৰস্তুত কৰা ব্যক্তিসকলক যোগান ধৰিবলৈ ধৰে। হিউগৰ উদ্যোগতে ১৯০৮ চনত প্ৰকাশ কৰে বিশ্বৰ প্ৰথমখন ইলেক্ট্ৰনিকচ আৰু ৰেডিঅবিষয়ক আলোচনী- মডাৰ্ণ ইলেক্ট্ৰনিকচ্। ইয়াৰ দুবছৰৰ পাছত হিউগৱে ৰচনা কৰে বিশ্বৰ প্ৰথমখন ৰেডিঅসম্প্ৰচাৰ বিষয়ক গ্ৰন্থ দ্য  ৱায়াৰলেছ টেলিফোন’ (১৯১০)। গ্ৰন্থ লিখাৰ সমান্তৰালভাৱে তেওঁ সাজি উলিয়াই  পৰিয়ালৰ ব্য ৱহাৰযোগ্য ৰেডিঅছেটৰ ডিজাইন। ১৯১৩ চনত তেওঁ প্ৰকাশ কৰে ‘The Electrical Experimenter’ নামৰ মাহেকীয়া আলোচনীখন। বিজ্ঞান আৰু উদ্ভাৱনক বিশেষভাৱে  গুৰুত্ব প্ৰদান কৰা এই আলোচনীখনৰ পাততে ১৯১৯ চনৰ ফেব্ৰুৱাৰী সংখ্যাত প্ৰচ্ছদ হিচাপে প্ৰথমবাৰৰ বাবে দেখুওৱা হৈছিল নিকলা টেছলা আৰু তেওঁৰ ৱায়াৰলেছ লাইটক।

         ১৯২২ চনত তেওঁ পুনৰ লিখি উলিয়াই ৰেডিঅফৰ অলনামৰ বিখ্যাত গ্ৰন্থখন। ৰেডিঅৰ সৈতে হিউগখুউবেই একাত্ম হৈ পৰিছিল। তেওঁ কেৱল লেখা মেলাৰ জৰিয়তে অপেচাদাৰী ৰেডিঅক জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰা নাছিল। তেওঁ অনুভৱ কৰিছিল যে তথ্য আদান প্ৰদানৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে ৰেডিঅই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। তদুপৰি, লোকসংস্কৃতি তথা সামাজিক আৰু সম্প্ৰদায়ভিত্তিক গণতান্ত্ৰিক মনোভাৱ বিকাশ তথা লোক-সংস্কৃতিৰ সংৰক্ষণ কৰাৰ মূল মাধ্যম হব পাৰে ৰেডিঅই।

কল্পবিজ্ঞান আৰু হিউগ’ :

     ১৯২৬ চনত হিউগৱে প্ৰকাশ কৰিলে বিজ্ঞান আৰু সমাজৰ হকে নিজা দৰ্শন  আৰু চিন্তাৰে এখন আলোচনী। নাম দিলে - এমাজিং ষ্টৰীজ। এমাজিং ষ্টৰীজত প্ৰকাশিত এডজাৰ এলান পই, জুল ভাৰ্নে , এইছ জি ৱেলছৰ বিজ্ঞান চিন্তাৰ ভৱিষ্যতমুখী লেখাৰ জৰিয়তে হিউগৱে কল্পবিজ্ঞানক বিজ্ঞান সাহিত্যৰ স্বতন্ত্ৰ শাখা হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্যোগ ললে। অৱশ্যে হিউগৰ পূৰ্বে ১৮৫১ চনত উইলিয়াম উইলছনে ছায়েন্স ফিকচনশব্দটো ব্যৱহাৰ কৰিছিল ইংলেণ্ডৰ ডাৰ্টন এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা তেওঁৰ এ লিটল আৰ্নেষ্ট বুক আপন এ গ্ৰেট অল্ড চাবজেক্টনামৰ গ্ৰন্থত। (৬)

     ১৯১১ চনত হিউগৰ দ্বাৰা সম্পাদিত মডাৰ্ণ ইলেক্ট্ৰিকছৰ পৃষ্ঠাৰ প্ৰয়োজনীয়তাৰ বাবে লিখিবলগীয়া হোৱা বাবেই পোনপ্ৰথমে কল্পবিজ্ঞান কাহিনী চৰ্চাৰ প্ৰতি আকৰ্ষিত হৈছিল। এই আলোচনীৰ পাততে ১২টা খণ্ডত তেওঁ ৰাল্ফ ১২৪ চি ৪১+  নামৰ এখন।উপন্যাস লিখি প্ৰকাশ কৰিছিল।

      এমাজিং ষ্টৰীজৰ পাছতো তেখেতে কেইবাখনো বিজ্ঞানকেন্দ্ৰিক আলোচনী সম্পাদনা কৰিছিল। সেই আলোচনীসমূহৰ ভিতৰত চায়েন্স ৱণ্ডাৰ ষ্টৰীজ’, ‘এয়াৰ ৱণ্ডাৰ ষ্টৰীজ’, ‘ছায়েন্স ৱণ্ডাৰ কোৱাৰ্টাৰলি’, ‘ছায়েন্স ফিকচন প্লাছআদি আছিল অন্যতম। ১৯৫২ চনত প্ৰকাশিত ছায়েন্স ফিকচন প্লাছখনেই হল তেখেতৰ দ্বাৰা সম্পাদিত অন্তিমখন কল্পবিজ্ঞান আলোচনী।

         ১৯৫৩ চনত কল্পবিজ্ঞান উপন্যাসৰ বঁটা হিউগৰ সন্মাৰ্থে হিউগবঁটাহিচাপে নামকৰণ কৰাৰ পাছৰে পৰাহে হিউগই বিদ্বৎ মহলৰ নামত অধিক পৰিচিতি লাভ কৰে।

       হিউগৰ সমান্তৰালভাৱে কল্পবিজ্ঞান আলোচনী সম্পাদনা তথা কল্পবিজ্ঞান সাহিত্য চৰ্চা কৰা এজন লেখক আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন ডব্লিউ কেম্পবেল (কনিষ্ঠ)। ১৯১০ চনৰ ৮ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিৰ নেৱাৰ্কত জন্ম লাভ কৰিছিল কেম্পবেল-এ। কেম্পবেলৰ দেউতাকৰ নাম জন উদ কেম্পবেল (জ্যেষ্ঠ)। মাকৰ নাম ডৰথী। দেউতাক আছিল এজন ইলেক্ট্ৰিক অভিযন্তা। কেম্পবেলে নিউ জাৰ্চিৰ বৰ্ডিং স্কুল ব্লেয়াৰ একাডেমীত নাম ভৰ্তি কৰি শৈক্ষিক জীৱনৰ পাতনি মেলে। কিন্তু ফৰাচী ভাষা আৰু ত্ৰিকোণমিতিৰ ক্ষেত্ৰত পৰ্যাপ্ত জ্ঞান নথকা বাবে কেম্পবেল উত্তীৰ্ণ হবলৈ অসমৰ্থ হয়। ইয়াৰ পাছত তেওঁ পুনৰ মেচ্ছাচুচেটছ ইনষ্টিটিউট অফ টেকনজি চমুকৈ এম আই টিত নামভৰ্তি কৰে। তাতে তেওঁ বিখ্যাত গণিতজ্ঞ নবাৰ্ট ৱেইনাৰক বন্ধু হিচাপে লাভ কৰে। এই বন্ধুত্বৰ বান্ধোন আছিল নিকপকপীয়া। দুয়ো হৈ পৰিছিল প্ৰিয় বন্ধু। ৱেইনাৰে চাইবাৰ্টনেটিকচশব্দটো প্ৰৱৰ্তন কৰিছিল। অৱশ্যে কেম্পবেলে এম আই টিৰ পৰাও উত্তীৰ্ণ হব নোৱাৰিলে। অৱশ্যে ১৯৩৪ চনত তেওঁ ডিউক য়ুনিভাৰ্চিটিৰ পৰা স্নাতক হয়। (৮)

    কেম্পবেলে ১৮ বছৰ বয়সৰ পৰাই কল্পকাহিনী লিখিবলৈ আৰম্ভ কৰে। ১৯৩০ চনৰ পৰা ১৯৩১ চনৰ সময়ছোৱাত হিউগজেৰ্ণছবে সম্পাদিত সেই সময়ৰ জনপ্ৰিয় কল্পবিজ্ঞান আলোচনী এমাজিং ষ্টৰীজৰ পাতত কেম্পবেলৰ ছটা গল্প, এখন উপন্যাস আৰু ছখন চিঠি প্ৰকাশ পাইছিল।(৭) ১৯৩০ চনৰ জানুৱাৰী মাহত  কেম্পবেলৰ হোৱেন দি এটমছ্ ফেইলড্প্ৰকাশ পায়। অৱশ্যে কেম্পবেলৰ প্ৰথমটো পাণ্ডুলিপি ইনভেডাৰছ অফ দি ইনফিনিটি’ এমাজিং ষ্টৰীজ আলোচনীয়ে গ্ৰহণ কৰিছিল যদিও সেয়া আলোচনী কৰ্তৃপক্ষৰ অজ্ঞতাৰ বাবে হেৰুৱাই পেলায়। অৱশ্যে সেই আলোচনীতে ১৯৩০ চনতে ৬ টা লেখা প্ৰকাশ পায়।কেই বছৰমানৰ পাছত, ১৯৩৪ চনৰ পৰা কেম্পবেলে ডন এ. ষ্টুৱাৰ্ট নামেৰে কল্পকাহিনী লিখিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছলৈ কেম্পবেল দুয়োটা নামেৰেই জনপ্ৰিয় হৈ উঠিছিল। ইয়াৰ পাছত ১৯৩৪ চনৰ পৰা ১৯৩৫ চনলৈকে এখন ধাৰাবাহিক উপন্যাস দি মাইটিয়েষ্ট মেচিনএফ . অৰ্লিন ট্ৰিমেইন সম্পাদিত অষ্টউণ্ডিঙত প্ৰকাশ পায়। ইয়াৰ উপৰিও ১৯৩৬ ৱনৰ শেষৰ ফালে মৰ্ট ৱেইচিনজাৰ সম্পাদিত থ্ৰীলিং ৱণ্ডাৰ ষ্টৰীজত তেওঁৰ কেইবাটাও কাহিনী প্ৰকাশ পায়। এই কাহিনীসমূহৰ মূল চৰিত্ৰকেইটা আছিল পেণ্টন আৰু ব্লেক।

    এষ্টউণ্ডিং ষ্টৰীজ :

     সেই সময়ত কল্পবিজ্ঞান আলোচনীয়ে লাভ কৰিছিল অপাৰ জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে হিউগজেৰ্ণছবেকৰ প্ৰায় প্ৰতিদ্বন্দ্বিতামূলকভাৱেই প্ৰকাশ পায় এষ্টউণ্ডিং ষ্টৰীজনামৰ আলোচনীখন। এই আলোচনীখন পাছলৈ এনালগ ছায়েন্স ফিকচন এণ্ড ফেক্টনামেৰে প্ৰকাশ হৈছিল।  ১৯৩০ চনত হেৰী বেটছৰ সম্পাদনাৰে কল্পবিজ্ঞান আলোচনী হিচাপে এষ্টউণ্ডিং ষ্টৰীজ অফ ছুপাৰ ছায়েন্স প্ৰকাশ পায় । ১৯৩৩ চনত আলোচনীখনৰ প্ৰকাশক উইলিয়াম ক্লেইটনে আলোচনীখন ষ্ট্ৰীট এণ্ড স্মিথক বিক্ৰী কৰি ফ্ৰেংকফুটলৈ উঠি যায়। ষ্ট্ৰীট এণ্ড স্মিথে আলোচনীখন সম্পাদনাৰ বাবে নতুনকৈ দায়িত্ব অৰ্পণ কৰে অৰিলিন ট্ৰিমেইনক। ১৯৩৭ চনত ট্ৰিমেইনে এষ্টউণ্ডিঙৰ সম্পাদনাৰ বাবে কেম্পবেলক আমন্ত্ৰণ জনায়। কেম্পবেলে আলোচনী সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে যদিও ১৯৩৭ চনৰ অক্টোবৰ মাহৰ পৰাহে এষ্টউণ্ডিংৰ সম্পাদকৰ সম্পূৰ্ণ কৰ্তৃত্ব লাভ কৰে। সম্পাদকৰ দায়িত্ব লৈয়ে কেম্পবেলে ন-কৈ আলোচনীখন সজাবলৈ চেষ্টা কৰে আৰু ১৯৩৮ চনত আলোচনীখনৰ নাম সলনি কৰি নতুনকৈ নাম দিয়ে এষ্টউণ্ডিং ছায়েন্স ফিকচন। কেম্পবেলে আলোচনীখনক তৰুণ প্ৰজন্মৰ মাজলৈ নিয়াৰ উদ্দেশ্যেৰে লেখক হিচাপে মূলত: তৰুণ লেখকসকলক গুৰুত্ব দিছিল। এই আলোচনীখনৰ পৰাই বিশ্বই পৰৱৰ্তী সময়ত কেইজনমান শক্তিশালী কল্পবিজ্ঞান লেখক লাভ কৰিছিল। এই আলোচনীৰ পৰাই সৃষ্টি হোৱা লেখক সকলৰ ভিতৰত থিয়ডৰ ষ্টাৰ্জন, আইজাক অচিমভ আদি অন্যতম।

      ইয়াৰ উপৰি কেম্পবেলে ১৯৩৯ চনৰ পৰা ১৯৪৩ চনলৈ আন-নউন নামৰ এখন ফেণ্টাচি আলোচনীও সম্পাদনা কৰিছিল। পাছলৈ আননউন ৱৰ্ল্ডচ্ নামেৰে প্ৰকাশিত আলোচনীখন অৱশ্যে সোণকালেই বন্ধ হৈ যায়।

     কেম্পবেলে নিজা সৃষ্টিৰ জৰিয়তেও কল্পবিজ্ঞান সাহিত্যলৈ উপন্যাস, গল্প আদিৰ জৰিয়তে যথেষ্ট অৱদান আগবঢ়াই গৈছে। কেম্পবেলৰ উপন্যাসসমূহৰ ভিতৰত The Mightiest Machine (1947), The Incredible Planet (1949), The Black Star Passes (1953), Islands of Space (1956), Invaders from the Infinite (1961), The Ultimate Weapon (1966) আদিয়ে প্ৰধান। কেম্পবেল কল্পবিজ্ঞান গল্প সংকলনকেইখনৰ ভিতৰত Who Goes There? (1948), The Moon is Hell (1951), Cloak of Aesir (1952), The Planeteers (1966), The Best of John W. Campbell (1973), The Space Beyond (1976), The Best of John W. Campbell (1976) (Differs from 1973 version), A New Dawn: The Don A. Stuart Stories of John W. Campbell, Jr. (2003)

    কেম্পবেলৰ সম্পাদিত গ্ৰন্থসমূহৰ ভিতৰত From Unknown Worlds (1948), The Astounding Science Fiction Anthology (1952), Prologue to Analog (1962), Analog I (1963), Analog II (1964), Analog 3 (1965), Analog 4 (1966), Analog 5 (1967), Analog 6 (1968), Analog 7 (1969), Analog 8 (1971) আদি।

   অন্যান্য গ্ৰন্থসমূহৰ ভিতৰত “Letter From the Editor”, in A Requiem for Astounding (1964), Collected Editorials from Analog (1966), The John W. Campbell Letters, Volume 1 (1986), The John W. Campbell Letters with Isaac Asimov & A.E. van Vogt, Volume II (1993), Astounding: John W. Campbell, Isaac Asimov, Robert A. Heinlein, L. Ron Hubbard, and the Golden Age of Science Fiction, (2018) আদি।    

কেম্পবেল আৰু গাৰ্নচবেকে কল্পবিজ্ঞান আলোচনীৰ জৰিয়তে এচাম সাহিত্যিক আৰু আন এচাম অনুৰাগীৰ সৃষ্টি কৰিছিল। যাৰ বাবে তেওঁলোকৰ অনুৰাগীসকলে এই সময়ছোৱাক কল্পবিজ্ঞানৰ সোণালী যুগ বুলি কয়। অৱশ্যে সেই সময়ছোৱাৰ বহুকেইটা দিশে কল্পবিজ্ঞান সাহিত্যক প্ৰতিনিধিত্ব কৰিব নোখোজে বুলিও কব খোজা দেখা যায়। বহুতে কয় যে, সেই সময়ছোৱাত কিছু ছাব মীথ আৰু কমিক চৰিত্ৰ সৃষ্টি কৰা হৈছিল, যিবোৰ কল্পবিজ্ঞান কাহিনীতকৈ ফেণ্টাচি বুলিহে কব পাৰি। ১৯২৮ চন মানৰ পৰা ছুপাৰমেন, ৱাক ৰজাৰ্ছ জাতীয় অতি মানৱৰ চৰিত্ৰৰ জৰিয়তে কিছু কমিক ষ্ট্ৰিপ সৃষ্টি হৈছিল। অৱশ্যে এই কমিকসমূহ কল্পবিজ্ঞান যে নহয় সেই কথা প্ৰায় মানি লোৱা হৈছে। ১৯২৮ চনত সেই সময়ৰ অন্যতম জনপ্ৰিয় কমিক বাক ৰজাৰ্ছ প্ৰকাশ পায়। বাক ৰজাৰ্ছৰ উত্তৰসুৰী হিচাপে ১৯৩৮ চনত ছুপাৰমেনপ্ৰকাশ পায়। ইয়াৰ সমান্তৰালভাৱে এই সময়ছোৱাতে দ লন ৰেঞ্জাৰ’, ‘নাল্ড ডাক’ আদিয়েও সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই অতিমানৱ চৰিত্ৰসমূহৰ সম্পৰ্কে লেখিকা উৰচুলা কে. লেগুই-এ লিখিছে- ছুপাৰমেন মূলত: এক উপ-শ্ৰুতি/উপ-পুৰাকথা।’ (৯)          

গাৰ্নছবেক আৰু কেম্পবেল সম্পাদিত কল্পবিজ্ঞান আলোচনী এমাজিং ষ্টৰীজ আৰু এষ্টউণ্ডিং ষ্টৰীজ নামকৰণৰ পৰাই অনুমান কৰিব পাৰি যে সম্প্ৰতি কল্পবিজ্ঞানৰ যিবোৰ বৈশিষ্ট্য নিৰ্দ্ধাৰণ কৰা হৈছে, ঠিক সেইবোৰ বৈশিষ্ট্য এই দুখন আলোচনীৰ বিষয়বস্তু আৰু বৈশিষ্ট্য নাছিল। সেই সময়ৰ কল্পবিজ্ঞান সাহিত্যৰ মূল বিষয়বস্তু আছিল অভিযানকেন্দ্ৰিক ৰোমাঞ্চকৰ কাহিনী। পশ্চিমত আধুনিক কল্পবিজ্ঞানৰ ধাৰা প্ৰতিষ্ঠাপক হিচাপে কেম্পবেলৰ নেতৃত্বতে কল্পবিজ্ঞানৰ জয়যাত্ৰা দ্ৰুত গতিৰে আগবাঢ়িছিল। সেয়া, যি কি নহওঁক , কল্পবিজ্ঞান সাহিত্যৰ বিকাশত এই সময়ছোৱাই নিশ্চয়কৈ বাটকটীয়া আছিল বুলিব পাৰি।

তথ্য উৎস :

১. ঘোষ, সিদ্ধাৰ্থ, সায়েন্স ফিকশন, কল্পবিশ্ব, প্ৰথম বছৰ, দ্বিতীয় সংখ্যা

২.  Matthew Lasar: The Man who foresaw Science Fiction’ at arstechnica.com

৩. Hugo Gernsback – The Father of Science Fiction at dandare.info

৪. Hugo Gernsback at MIT.edu

৫. Predictions from the Father of Science Fiction in the Smithsonian.com

৬. এ লিটল আৰ্নেষ্ট বুক এ আপন গ্ৰেট অল্ড চাবজেক্ট

৭.Ash, Brian (1976). Who’s Who in Science Fiction. London: Elm Tree Books. p. 63. ISBN 0-241-89383-6.

Science Fiction/Science Fact. October 1971. p. 4.

৯.  Patrick Parrinder, Science fiction: It’s criticism and Technology, 1980

 

লেখকৰ ঠিকনা : 

বৰপাক জিয়ামৰীয়া, মাছখোৱা, ধেমাজি

ফোন: ৮৬৩৮৭০৮০৭৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ