অন্যযুগ/


কমলা সহ’নী: ভাৰতীয় জৈৱ ৰসায়নবিদ


অদিতি বেজবৰুৱা
ভাৰতবৰ্ষৰ বাটকটীয়া মহিলা বিজ্ঞানীসকলে কৰিবলগীয়া হোৱা সংগ্ৰামৰ প্ৰতিনিধিত্ব কৰিছে কমলা ছহ’নীৰ জীৱন-কাহিনীয়ে৷ তেওঁৰ কৰ্মৰাজি, সাহস আৰু সফলতাই তেওঁৰ পাছৰ প্ৰজন্মৰ মহিলাসকলৰ কাৰণে বিজ্ঞানৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ দুৱাৰ মুকলি কৰি দিলে৷  

   ১৯৩৩ চনৰ কথা৷ সেই বছৰ বম্বে বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ স্নাতক পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰিছিল এগৰাকী ছোৱালীয়ে৷ নাম আছিল কমলা ভগত৷ ১৯১২ চনত মধ্যপ্ৰদেশৰ ইন্দৰত, এটা বিদ্বান পৰিয়ালত কমলাৰ জন্ম হৈছিল৷ তেওঁৰ দেউতাক নাৰায়ৰাও ভগত আৰু দদায়েক মাধৱৰাও ভগত, দুয়োজনেই নামজ্বলা ৰসায়নবি আছিল৷ তেওঁলোক দুয়ো বাংগালোৰৰ টাটা বিজ্ঞান প্ৰতিষ্ঠানত তেওঁলোকৰ শিক্ষা আহৰণ কৰিছিল৷ ঘৰুৱা পৰিৱেশে তেওঁক বিজ্ঞান পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল৷ সৰুতে কমলা যথেষ্ট শকত-ত আছিল৷ দদায়েকো থুলন্তৰ চেহেৰাৰ আছিল৷ মাধৱৰাওৰ লগত দেখাই-শুনাই তেওঁৰ যথেষ্ট মিল আছিল৷ সেয়ে দদায়েক ৰল মডেল অৰ্থাৎ আদৰ্শস্বৰূপ আছিল৷ তেওঁ সপোন দেখিছিল যে ভালকৈ পঢ়া-শুনা কৰি তেৱোঁ দেউতাক আৰু দদায়েকৰ দৰেই বাংগালোৰৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত পঢ়িব আৰু এগৰাকী ডাঙৰ বিজ্ঞানী হব৷ কিন্তু সেই ছোৱালীজনীয়ে জনা নাছিল যে পুৰুষপ্ৰধান বিজ্ঞানৰ জগতখনত প্ৰৱেশ কৰিবলৈ কেৱল পৰিয়ালৰ সমৰ্থন আৰু মেধাই যথেষ্ট নহয়৷

Kamala Sohonie
কমলা সহ’নী
   পৃথিৱীত আনুষ্ঠানিক শিক্ষাৰ প্ৰৱেশাধিকাৰ পাবলৈ নাৰীয়ে বহুত দিন অপেক্ষা কৰিবলগীয়া হৈছিল৷ বিজ্ঞান শিক্ষাৰ দুৱাৰ মুকলি হৈছিল তাৰো অনেক দিন পাছত৷ উনৈ শতিকাৰ পৰা ভাৰতত আধুনিক বিজ্ঞান শিক্ষা আৰম্ভ হৈছিল, কিন্তু সামাজিক ৰীতি-নীতি, সামাজিক গাঁনি, পৰিয়ালৰ ধ্যান-ধাৰণা, মহিলা আৰু পুৰুষৰ কাৰণে ভিন ভিন বৃত্তিৰ পোষকতা, বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ সাংগঠনিক প্ৰক্ৰিয়া আদি পাৰস্পৰিক সম্বন্ধ থকা নানা সমস্যাই মহিলাসকলৰ কাৰণে বিজ্ঞান শিক্ষা দুৰ্লভ কৰি ৰাখিছিল৷

   বাংগালোৰৰ ইণ্ডিয়ান ইন্‌ষ্টিটিউট অৱ ছায়েন্স নামৰ প্ৰতিষ্ঠানটোৱে ভাৰতবৰ্ষত বিজ্ঞানৰ মৌলিক গৱেষণাৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ স্বামী বিবেকানন্দৰ কথাত উদ্বুদ্ধ হৈ উদ্যোগপতি, দানবীৰ, জনহিতৈষী জামছেদজী টাটা আৰু মহীশূৰৰ সেই সময়ৰ মহাৰাজা কৃষ্ণৰাজা ৱাডিয়েৰে এই প্ৰতিষ্ঠানৰ পৰিকল্পনা কৰি ভূবিত্ত আৰু ভূমি দান স্বৰূপে দিছিল৷ সেইমতে ১৯০৯ চনৰ ২৭ মেত এই অনু্‌ষ্ঠানৰ প্ৰতিষ্ঠা হয়৷ অৱশ্যে দুৰ্ভাগ্যবশতঃ নিজৰ মানসপুত্ৰ জন্ম হোৱাৰ আগতেই ১৯০৪ চনত জামছেদজীৰ টাটাৰ মৃত্যু হয়৷ এই অনুষ্ঠান আজিলৈকে স্থানীয় লোকসকলৰ মাজত টাটা ইন্‌ষ্টিটিউট অৱ ছায়েন্স নামেৰেহে জনা যায়৷

   যি কি নহওক, সৰুৰে পৰা এই প্ৰতিষ্ঠাত পঢ়াৰ হেঁপাহ আছিল কমলাৰ৷ কিন্তু এই অনুষ্ঠানৰ ইতিহাসত মহিলাৰ অনুপস্থিতি আছিল চকুত লগা৷ অৱশ্যে কমলাৰ সময়লৈকে মহিলাসকলে ইয়াত পঢ়াৰ সপোনো দেখা নাছিল৷ অৱশ্যে আজিও, শতবাৰ্ষিকী অতিক্ৰম কৰা প্ৰতিষ্ঠানটোত উচ্চ পদত মহিলাৰ সংখ্যা নিচেই কম৷ এই প্ৰতিষ্ঠানৰ ১১১ বছৰীয়া ইতিহাসত এগৰাকী মহিলায়ো সঞ্চালকৰ পদ অলংকৃত কৰা নাই৷ ২০১৭-২০১৮ চনত ইয়াৰ ৪২ জন অধ্যাপকৰ মুঠেই চাৰিগৰাকীহে মহিলা আছিল৷ এই অনুষ্ঠান এতিয়াও পুৰুষপ্ৰধান অনুষ্ঠান৷ এই অনুষ্ঠানতে ১৯৩৩ চনত নামভৰ্তি কৰি কমলা ছহ’নীয়ে ইতিহাস সৃষ্টি কৰিলে৷ কেনেকৈ তেওঁ এই অনুষ্ঠানৰ ছাত্ৰী হবলৈ সক্ষম হল সেয়া এক নাটকীয় আৰু বিস্ময়কৰ কাহিনী৷

   ১৯৩৩ চনত কমলা ছহ’নীয়ে ৰসায়ন বিজ্ঞানক মুখ্য বিষয় আৰু পদাৰ্থবিজ্ঞানক গৌণ বিষয় হিচাপে লৈ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি বম্বে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উপাধি লাভ কৰিলে৷ শৈশৱৰে পৰা দেখা সপোন বাস্তৱত ৰূপায় কৰিবলৈ  কমলা অধীৰ হৈ পৰিল৷ সেই অনুসৰি তেওঁ বাংগালোৰৰ ইণ্ডিয়ান ইন্‌ষ্টিটিউট অৱ ছায়েন্সলৈ তেওঁৰ আৱেদন প্ৰেৰণ কৰিলে৷ সেই সময়ত এই প্ৰতিষ্ঠানৰ অধ্যক্ষ আছিল নবেল বঁটা বিজয়ী বিজ্ঞানী ছাৰ চি.ভি. ৰম৷ ৰমনে তৎক্ষণাত কমলাৰ আৱেদন প্ৰত্যাখ্যান কৰিলে৷ এই কথাত কমলা আৰু তেওঁৰ পৰিয়াল স্বাভাৱিকতে ক্ষুণ্ণল৷ কমলাৰ পিতৃয়ে পুনৰবাৰ ৰমনলৈ পত্ৰ প্ৰেৰণ কৰিলে৷ অৱশ্যে ৰমনে তেওঁক উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে৷ কিন্তু কমলা ছহনী সহজে  হাৰ মনা ছোৱালী নাছিল৷ ছোৱালী হোৱাৰ কাৰণে তেওঁৰ আৱেদন নাকচ কৰা হল৷ নাৰী হেনো গৱেষণা কৰাৰ যোগ্য নহয়৷ এনে অন্যায় কথা তেওঁ কোনোমতে সহ্য কৰিব নোৱাৰিলে৷ তেওঁ নিজে বোম্বাইৰ পৰা বাংগালোৰলৈ গৈ চি.ভি. ৰমন ডাঙৰীয়াক লগ কৰিলে৷ তেখেতে কমলাৰ কথা মানি নোলোৱাত মহাত্মা গান্ধীৰ অনুগামী কমলাই প্ৰতিষ্ঠানৰ সঞ্চালক ৰমনৰ ঘৰৰ বাহিৰত গান্ধীৰ অদৰ্শৰে অৱস্থান ধৰ্মঘট কৰিলে৷ বহু আলোচনা-বিলোচনাৰ অন্তত ৰমনে তেওঁক নামভৰ্তি কৰাৰ সুযোগ দিবলৈ মান্তি হল৷ কিন্তু তেওঁক চৰ্তসাপেক্ষেহে সুযোগ দিয়া হল৷ তেওঁক নিয়মীয়া ছাত্ৰ হিচাপে গ্ৰহণ কৰিবলৈ অমান্তি হল৷ প্ৰথম বছৰৰ অগ্ৰগতিৰ ভিত্তিতহে তেওঁৰ নামভৰ্তিৰ সিদ্ধান্ত বাহাল ৰখা হব বুলি তেওঁক কোৱাল৷ দ্বিতীয়তে তেওঁৰ গৱেষণা-নিৰ্দেশকৰ কথামতে তেওঁ দিন-ৰাতি নিৰ্বিশেষে যিকোনো সময়তে কাম কৰিবলৈ সাজু থাকিব লাগিব৷ তৃতীয় চৰ্তটো তেওঁৰ কাৰণে অপমানজনক আছিল৷ তেওঁৰ উপস্থিতিয়ে যাতে আন ছাত্ৰসকলৰ মনোযোগ ব্যাহত নকৰে, তাৰ বাবে তেওঁ সচেষ্ট হব লাগিব৷ মুঠতে তেওঁ গৱেষণাগাৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰিব৷

   কমলা ছহ’নী ছোৱালী হোৱাৰ কাৰণেই এই চৰ্তবোৰ বান্ধি দিয়াত অত্যন্ত অপমানবোধ কৰিছিল আৰু লাজো পাইছিল৷ কিন্তু তেওঁৰ নিজৰ লক্ষ্যৰ পৰা বিচলিত নহল ১৯৩৩ চনত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অৱ ছায়েন্সৰ জৈৱ ৰসায়ন বিভাগত যোগদান কৰি কমলা ছহ’নীয়ে ইতিহাস ৰচনা কৰিলে৷ পাছত ভাবা পাৰমাৱিক গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হোৱা ভাৰতীয় মহিলা বিজ্ঞানী সংস্থাৰ এখন সভাত ৰমনৰ ব্যৱহাৰৰ কথা ৰাজহুৱাভাৱেই সদৰি কৰি কমলা ছহ’নীয়ে দুখেৰে কৈছিল— ‘‘যদিও ৰমন এজন বিশ্ববিখ্যাত বিজ্ঞানী আছিল তেওঁৰ মন সংকীৰ্ণ আছিল৷ মই নাৰী হোৱাৰ বাবেই তেওঁ মোক যেনে ধৰণৰ ব্যৱহাৰ কৰিছিল তাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷ সেয়া মোৰ বাবে আছিল চৰম অপমান৷’’ সেই সময়ৰ সমাজত নাৰী-বিদ্বেষ প্ৰল আছিল৷ এজন নবেল বঁটাবিজয়ী সন্মানিত ব্যক্তিয়েই যদি তেনে ব্যৱহাৰ কৰে, তেন্তে আমি আৰু কি আশা কৰিব পাৰোঁ!

   ধৈৰ্য, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে কাম কৰি নাৰীয়েও যে গৱেষণাগাৰত দক্ষতা প্ৰদৰ্শন কৰিব পাৰে, তাক কমলাই প্ৰতিপন্ন কৰিলে৷ তেওঁ বান্ধি দিয়া সকলো নিয়ম মানি নিজৰ গৱেষণাৰ কাম চলাই থাকিল৷ লাহে লাহে গৱেষণাগাৰৰ কৰ্মচাৰী, তেওঁৰ সহপাঠী, সহকৰ্মীসকলে কমলাৰ প্ৰতি অন্যায় কৰা হৈছে বুলি অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে৷ কমলা ছহ’নীয়ে শ্ৰীনিবাসনৰ অধীনত কাম কৰিছিল৷  গৱেষণাৰ ক্ষেত্ৰত অতিশয় কাঢ়া আছিল যদিও শ্ৰীনিবাসনে গৱেষণাত দেহে-কেহে খটা, সৎ ছাত্ৰ-ছাত্ৰীক ভাল পাইছিল৷ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীক সহায় কৰাত তেওঁ কাৰ্পণ্য কৰা নাছিল৷ কমলাৰ আগ্ৰহ, নিষ্ঠা আৰু গৱেষণাৰ প্ৰতি থকা হেঁপাহ দেখি তেওঁ সন্তুষ্ট ল৷ ৰমনেও তেওঁৰ কাম দেখি ভাল পালে৷ কমলাৰ কামে মহিলা বিজ্ঞানী হব খোজাসকলৰ কাৰণে নতুন বাৰ্তা লৈ আহিল৷  ১৯৩৭-৩৮ শিক্ষাবৰ্ষত এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ দুৱাৰ মহিলাৰ কাৰণে মুকলি কৰি দিয়া হল৷ আকৌ এবাৰ কমলা ছহ’নীৰ নৈতিক বিজয় সাব্যস্ত হল৷

   কমলা ছহনীয়ে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত গাখীৰত থকা প্ৰটিন আৰু দাইল আৰু মাহজাতীয় শস্যৰ গুণাগুণসম্পৰ্কে গৱেষণা কৰিছিল৷ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰীৰ এনে গৱেষণাই ভাৰতৰ দৰিদ্ৰ গাঁৱলীয়া লোকৰ খাদ্যাভ্যাস আৰু পুষ্টি সম্পৰ্কে গুৰুত্বপূৰ্ণ জ্ঞানৰ সন্ধান দিছিল৷ ১৯৩৬ চনত গৱেষণাৰ প্ৰতি‍ৱেদন দাখিল কৰা হল৷ সেই বছৰতে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে৷ সেই বছৰতে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে৷ কেম্ব্ৰিজত তেওঁ স্বনামধন্য বিজ্ঞানী ড˚ ডেৰিক ৰিখ্‌তাৰৰ লগত কাম কৰাৰ সৌভাগ্য হল৷ ৰাতি ড˚ ডেৰিকে ব্যৱহাৰ কৰা মেজখনকে দিনত কমলাক ব্যৱহাৰৰ কাৰণে দিয়া হল৷ ড˚ ডেৰিক কেম্ব্ৰিজ এৰি আন এঠাইলৈ কাম কৰিবলৈ যোৱাত তেওঁ ড˚ ৰবিন হিলৰ তত্ত্বাৱধানত উদ্ভিদ কলা (Plant tissue)-ৰ সম্পৰ্কে গৱেষণা আৰম্ভ কৰিলে৷ আলুৰ বিষয়ে কৰা গৱেষণাত তেওঁ চাইটক্স চি নামেৰে এটা এনজাইম বা পাচক ৰস আৱিষ্কাৰ কৰিলে৷ উদ্ভিদ কোষৰ জাৰণ প্ৰক্ৰিয়াত এই এনজাইমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ জীৱৰ দেহত শক্তি উৎপাদন কৰা প্ৰণালীত উদ্ভিদ, মানুহ আৰু জন্তুৰ কোষতো এই এনজাইমৰ উপস্থিতিৰ প্ৰমাণ পোৱা গল৷ কেম্ব্ৰিজত থকা সময়ত তেওঁ আন দুটা বৃত্তিও লাভ কৰিবলৈ সক্ষম হৈছিল৷ এটা বৃত্তিৰ সহায়ত কমলা ছহ’নীয়ে  কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন প্ৰতিষ্ঠানত অধ্যাপনা কৰা নবেল বঁটাবিজয়ী বিজ্ঞানী ফ্ৰেড্‌ৰিক হপ্‌কিন্সৰ লগত কাম কৰাৰ সুযোগ পাইছিল৷ উল্লেখযোগ্য যে  প্‌কিন্সৰ ভিটামিন বা খাদ্যপ্ৰাণ সম্পৰ্কীয় যুগান্তকাৰী আৱিষ্কাৰে পৰিপুষ্টি বিজ্ঞানৰ ক্ষেত্ৰত নতুন দিগন্তৰ  সূচনা কৰিছিল৷ হপ্‌কিন্সৰ লগত তেওঁ জৈৱিক জাৰণ আৰু বিজাৰণ পদ্ধতি সম্পৰ্কীয় গৱেষণাৰ কাম কৰিছিল৷ দ্বিতীয়টো বৃত্তি তেওঁ আমেৰিকান ফেডাৰেশ্বন অব য়ুনিভাৰ্চিটি ৱমেন’-ৰ পৰা লাভ কৰিছিল৷ সেই বৃত্তিৰ ধনেৰে তেওঁ য়ুৰোপৰ বিভিন্ন বিশ্ববিদ্যালয়ত কাম কৰা মুধাফুটা বিজ্ঞানীসকলৰ সান্নিধ্যলৈ অহাৰ সুযোগ পাইছিল৷ কমলা ছহ’নীৰ প্ৰখৰ বুদ্ধিমত্তা আৰু প্ৰতিভাৰ আন এক নিদৰ্শন হল তেওঁৰ গৱেষণাৰ প্ৰমেয় পত্ৰ বা থিছিছ্‌খন৷ আনে কেইবাশও পৃষ্ঠাত থিছিছ্‌ লিখে যদিও কমলাৰ গৱেষণা পত্ৰৰ পৃষ্ঠা সংখ্যা আছিল মুঠেই চল্লি৷ তদুপৰি মাত্ৰ চৈধ্য মাহৰ ভিতৰতে তেওঁ গৱেষণা আৰু থিছিছ্ লিখাৰ কাম সমাপ্ত কৰিছিল৷ বৃটিছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল৷ তেওঁৰ আগতে আন এগৰাকী স্বনামধন্য ভাৰতীয় উদ্ভিদ বিজ্ঞানী জানকী আম্মালে আমেৰিকাৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল৷

   ভাৰতলৈ উলটি আহি ১৯৩৯ চনত কমলাই নতুন দিল্লীৰ লেডি হাৰ্ডিঞ্জ কলেজত  নতুনকৈ আৰম্ভ কৰা জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী হিচাপে কামত যোগ দিলে৷ পাছত তেওঁ কুনুৰত থকা পৰিপুষ্টি গৱেষণা কেন্দ্ৰত উপসঞ্চালক হিচাপে কাম কৰিবলৈ ললে৷ তেও তাত ভিটামিন বা খাদ্যপ্ৰাণ সম্পৰ্কীয় গৱেষণাত মনোনিৱেশ কৰিলে৷ তাত কাম কৰি থাকোঁতেই মাধৱ ছহ’নী নামেৰে এজন গণনা বিশেষজ্ঞৰ পৰা বিবাৰ প্ৰস্তাৱ লাভ কৰিলে৷ সেই প্ৰস্তাৱ গ্ৰহণ কৰি কমলা ভগত কমলা ছহ’নী হল৷ ১৯৪৭ চনত কমলা বম্বেলৈ আহিল৷ বম্বেত মহৰাষ্ট্ৰ চৰকাৰে স্থাপন কৰা বিজ্ঞান প্ৰতিষ্ঠানৰ নতুনকৈ খোলা জৈৱ ৰসায়ন বিভাগত কমলাই নিযুক্তি পালে৷ সেই প্ৰতিষ্ঠানত কাম কৰাৰ সময়ত কমলাই ছাত্ৰসকলক লৈ মচুৰ দাইল, মাজাতীয় শস্য, উৰহী জাতীয় ছেই ধৰা খাদ্যৰ পুষ্টিকৰ দিশ সম্পৰ্কে গৱেষণাত ব্ৰতী হল৷ দৰিদ্ৰ গাঁৱলীয়া ৰাইজে খোৱা তিনিবিধ প্ৰধান খাদ্য আৰু সেইবিলাকৰ পুষ্টিমূল্য সম্পৰ্কে আৰু ভাৰতৰ গাঁৱলীয়া ৰাইজৰ পুষ্টিগত প্ৰয়োজন সম্পৰ্কে বুজাত তেওঁৰ গৱেষণাই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ালে৷ ভাৰতৰ সামাজিক প্ৰয়োজনৰ লগত তেওঁৰ গৱেষণাৰ বিষয়বস্তুৰ সম্বন্ধ আছিল৷ সেই সময়ৰ ৰাষ্ট্ৰপতি ড˚ ৰাজেন্দ্ৰপ্ৰসাদে তেওঁক নীৰাঅৰ্থাৎ তাল গছৰ ফুলৰ পৰা নিষ্কাষণ কৰা ৰসৰ পুষ্টিগত গুণাগুণ সম্পৰ্কে গৱেষণা কৰিবলৈ পৰামৰ্শ দিলে৷ সেইমতে তেওঁ আৰু তেওঁৰ ছাত্ৰসকলে বিভিন্ন জনগোষ্ঠীৰ চেমনীয়া লৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাৰ ওপৰত নীৰাৰ প্ৰভাৱ সম্পৰ্কে গৱেষণা আৰম্ভ কৰিলে৷ তেওঁলোকে খাদ্যতালিকাত নীৰা জাতীয় পদাৰ্থৰ আন্তৰ্ভুক্তিয়ে তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্যৰ উন্নতিত লক্ষণীয় প্ৰভাৱ পেলোৱা দেখা গল৷ কমলা ছহ’নীয়ে  দেখুৱালে যে নীৰাত যথেষ্ট আৰু চিভিটামিন আৰু লৌহ পদাৰ্থ আছে৷ নীৰাই পুষ্টিহীনতাৰ পৰা ৰক্ষা পোৱাত সহায় কৰিব পাৰে৷ কমলা ছহ’নীয়ে আৰে (Aarey) নামৰ দুগ্ধ প্ৰকল্পৰ কাৰখানাটোৰ বিষয়াসকলক গাখীৰৰ গুণ উন্নত কৰিবলৈ পৰামৰ্শ দিছিল৷ গাখীৰ কাচি মৰাত বাধা দিবলৈ তেওঁ নিয়ম ধাৰ্য কৰি দিছিল৷ নীৰা সম্পৰ্কীয় গৱেষণাৰ বাবে তেওঁ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিল৷

   হয়তো কোনো ৰাজনৈতিক কাৰণত, নহলে মহিলা হোৱাৰ কাৰণে তেওঁক চাৰিটা সম্পূৰ্ণ বছৰ বিজ্ঞান প্ৰতিষ্ঠানটোৰ নিয়মমতে পাবলগীয়া সঞ্চালক পদৰ পৰা তেওঁক বঞ্চিত কৰি ৰখা হল৷ কিন্তু অৱশেষত তেওঁ সেই পদ লাভ কৰিলে৷ কেম্ব্ৰিজত তেওঁৰ প্ৰথম গৱেষণা তত্ত্বাৱধায়ক ড˚ ডেৰিক ৰিখ্‌তাৰে তেওঁৰ এই নিযুক্তিত আনন্দ প্ৰকাশ কৰি মন্তব্য প্ৰকাশ কৰিছিল— ‘‘এনে এটা বৃহৎ বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে দায়িত্ব লৈ কমলা ছইনীয়ে এক ইতিহাস ৰচনা কৰিলে৷’’

   কমলা ছহ’নীয়ে সমাজ সেৱাও কৰিছিল৷ তেওঁ ন্‌জিউমাৰ গাইডেন্স ছচাইটি অৱ ইণ্ডিয়া’-ৰ প্ৰতিষ্ঠাপক সদস্যও আছিল৷ ১৯৭৭ চনত এই সংস্থাই ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে খাদ্য-সামগ্ৰীৰ শুদ্ধতা, ওজন, জোখ-মাখ নিৰূপ কৰা কাম আৰম্ভ কৰে৷ তেওঁ এগৰাকী জনপ্ৰিয় বিজ্ঞান লেখিকাও আছিল৷ শিশু-চেমনীয়াৰ উপযোগীকৈ মাৰাঠী ভাষাত কেইবাখনো  পুথি লিখি উলিয়াইছিল৷ বিজ্ঞানৰ প্ৰবন্ধৰ উপৰি তেওঁ গ্ৰাহকৰ কৰ্তব্য আৰু অধিকাৰ সম্পৰ্কে সজাগ কৰিবলৈও প্ৰবন্ধ লিখিছিল৷   বিজ্ঞান জনপ্ৰিয়কৰণৰ কামতো তেওঁ অত উজান দিছিল৷

   ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চৰ প্ৰথম মহিলা সঞ্চালক ড˚ সত্যৱতীয়ে ১৯৯৮ চনত কমলা ছহ’নীক  দিল্লীলৈ আমন্ত্ৰণ জনালে৷ দিল্লীত কমলা ছহ’নীক তেওঁৰ জীৱন জোৰা সাধনাৰ বাবে এক গাম্ভীৰ্যপূৰ্ণ, আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ উক্ত অনুষ্ঠানত ৮৪ বছৰীয়া কমলা ছহ’নী তেওঁৰ জীৱনৰ ঘাত-প্ৰতিঘাত সুঁৱৰি অত্যন্ত আৱেগবিহ্বল হৈ পৰিল৷ হঠাতে সংজ্ঞাহীন হৈ তেওঁ জীৱন নাটৰ সামৰণি মাৰিলে৷ এনেকৈয়ে আচৰিত ধৰণে তেওঁৰ মৃত্যু হ’ল৷

   ভাৰতবৰ্ষৰ বাটকটীয়া মহিলা বিজ্ঞানীসকলে কৰিবলগীয়া হোৱা সংগ্ৰামৰ প্ৰতিনিধিত্ব কৰিছে কমলা ছহ’নীৰ জীৱন-কাহিনীয়ে৷ তেওঁৰ কৰ্মৰাজি, সাহস আৰু সফলতাই তেওঁৰ পাছৰ প্ৰজন্মৰ মহিলাসকলৰ কাৰণে বিজ্ঞানৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ দুৱাৰ মুকলি কৰি দিলে৷ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ