অন্যযুগ/


কাটাকম্ব : মাটিৰ তলৰ সমাধি গৃহ

  ৰাস্না ৰাজখোৱা


জেৰুজালেম এক প্ৰতিষ্ঠিত সমাধি কেন্দ্ৰ, কিন্তু এই পৌৰাণিক মহানগৰখনত সমাধিৰ বাবে ঠাইৰ নাটনি হৈ আহিছে৷ ২০১৫ চনত জেৰুজালেম ইহুদী সম্প্ৰদায় সমাধি সমাজে এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে মহানগৰখনৰ আটাইতকৈ ডাঙৰ সমাধি ক্ষেত্ৰ হাৰ হেমেনুচ’ (Har Hamenuchot)-ৰ এটা পাহাৰত খনন কাৰ্য চলাই আৰু প্ৰায় ২২০০০ কবৰ ৰাখিব পৰা এক বৃহৎ ভূ-গৰ্ভস্থ সমাধি ক্ষেত্ৰ সৃষ্টি কৰে৷ এই আঁচনিৰ উদ্দেশ্য হল পৰস্পৰে পৰস্পৰক ছেদ কৰা কিছুমান সুৰংগৰ জালিকা (network) সৃষ্টি কৰা যত সমাধিস্থানবোৰ মজিয়াৰ পৰা চিলিঙলৈকে শাৰী শাৰীকৈ ৰাখিব পাৰি৷ মাটিৰ তলত এনে সমাধি গৃহবোৰক কাটাকম্ব বুলি জনা যায়৷ কাটাকম্ব শব্দটো মূলতঃ লেটিন শব্দ কাটাতুম্বাচ’ (catatumbas)-ৰ পৰা অহা, যাৰ অৰ্থ হৈছে স্মৃতি সৌধৰ ভিতৰৰ অথবা কুৱেৰীৰ পাছৰ’ (next to the quarry)৷ দ্বিতীয় ভাঙনিটোৰ মূল হ- কাটাকম্ব প্ৰণালীৰ সৃষ্টি কৰিবলৈ কৰা প্ৰথমলানি খনন কাৰ্য, যিবোৰ খনন কাৰ্য ৰোমৰ উপকণ্ঠ অঞ্চলত, শিলৰ কুৱেৰীৰ কাষত চলোৱা হৈছিল৷

প্ৰায় ৬০০০ বছৰৰ আগৰে পৰা মধ্যপ্ৰাচ্যত এই কাটাকম্ববোৰ আৰম্ভ হৈছিল আৰু ইহুদী প্ৰব্ৰজনৰ সৈতে ৰোমলৈ এইবোৰৰ বিস্তাৰ ঘটিছিল৷ প্ৰাৰম্ভিক খ্ৰীষ্টীয়ানসকলে ইহুদী পৰম্পৰামতে মানৱ মৃতদেহ সমাধিস্থ কৰাৰ ৰীতি গ্ৰহণ কৰিছিল, যদিও তেওঁলোকক ৰোমান শাসনে মহানগৰীৰ বাহিৰত সমাধি ক্ষেত্ৰ স্থাপন কৰিবলৈ বাধ্য কৰিছিল৷ যিহেতু মাটিৰ মূল্য বহুত বেছি আছিল, সেয়ে তেওঁলোকে মাটিৰ তলৰ ঠাই নিৰ্বাচন কৰিছিল। তেওঁলোকে ৰোমৰ নৰম আগ্নেয়গিৰিজনিত শিলৰ মাজেৰে ৩৭৫ মাইল দীঘল সুৰংগ খান্দিছিল আৰু তাত আয়তাকাৰ ক্ষেত্ৰৰে শাৰী শাৰীকৈ সজ্জিত কিছুমান কোঠালিৰ জালিকা নিৰ্মাণ কৰিছিল৷ এই  কোঠালিবোৰক কুলী বুলি কোৱা হয়৷ পাছৰ কালত অধিক জটিল সমাধিবোৰত কিউবিকুলা’ (এইবোৰ হল একোটা পৰিয়ালৰ সমাধি থকা সৰু সৰু কোঠালি) আৰু আৰ্কছেলিয়া (এইবোৰ পৰিয়ালৰ বাবে বিশেষভাৱে সজ্জিত তোৰণবিশিষ্ট সমাধি) আৱাসমূহো অন্তৰ্ভুক্ত হৈছে৷ এই দুইবিধেই প্ৰায়ে ধৰ্মীয় ফ্ৰেছক আৰ্হি, সোণৰ পদক, মূৰ্তি আৰু অন্যান্য চিত্ৰৰে সজ্জিত হোৱা পৰিলক্ষিত হয়৷ এই অলংকৰণসমূহ কেৱল মৃতকৰ বাবেই নহয়, মৃতকৰ ধৰ্মীয় কাম-কাজৰ বাবে তাত গোট খোৱা জীৱিতসকল আৰু মৃত্যুবাৰ্ষিকী উদ্‌যাপনৰ বাবেও কৰা হৈছিল৷ তাত গোপনে পূজা-অৰ্চনা কৰা খ্ৰীষ্টীয়ানসকলক আক্ৰমণ কৰা ধাৰণাটো কিন্তু ৰোমাণ্টিক যুগৰ এটা কিম্বদন্তি৷

সকলো ৰোমান ধৰ্মীয়লোকে দ্বিতীয় শতিকাৰ পৰাই সমাধিৰ সংখ্যা কমোৱাৰ অৰ্থে আৰু স্থানৰ অভাৱৰ বাবে এনে সমাধি নিৰ্মাণ কৰি আহিছে৷ ৰোমানসকেল মূল প্ৰথামতে শৱদাহ কৰাৰ তাৰ পাছত চিতাভষ্মখিনি, চিতাভষ্ম ৰখা আয়তাকাৰ খোদিত বাকচ বা কোনো পাত্ৰত ভৰাই কলাম্ববেৰিয়াম নামৰ কোঠালিত বা যিসকলৰ সামৰ্থ আছে তেওঁলোকে ব্যৱহাৰ কৰা বহুলভাৱে খোদিত চাৰকফেগিত সজাই পৰাই মোহনীয় ৰূপত ৰাখিছিল৷ সেই কালৰ খ্ৰীষ্টীয়ানসকলেও মৃতদেহ পোতাতকৈ দাহ কৰাটো বেছি পছন্দ কৰিছিল, কাৰণ তেওঁলোকৰ বিশ্বাস আছিল যে, মৃতকৰ শাৰীৰিক দ্বিতীয় জনম হব পাৰে৷ আন আন ইউৰোপীয়সকলৰ দৰে ইটুস্কেনসকলেও তেওঁলোকৰ শৱদেহ ভূভাগৰ ভিতৰৰ কোঠালিত সমাধিষ্ঠ কৰি আহিছিল৷

পঞ্চম শতিকাৰ আৰম্ভণিৰ ফালে ববৰ্ৰ জাতিবোৰে ৰোম আক্ৰমণ কৰিছিল আৰু এই সমাধি সৌধবোৰ ধ্বংসস্তুপলৈ পৰিণত কৰিছিল, যাৰ বাবে সন্ত আৰু শ্বহীদসকলৰ অৱশিষ্ট অংশবোৰ মহানগৰখনৰ অধিক সুৰক্ষিত স্থানত থকা গীৰ্জাবোৰলৈ স্থানান্তৰিত কৰা হৈছিল৷ তাৰ পাছত এই কাটাকম্ববোৰ কেইবা শতিকা জুৰি পাহৰণিৰ গৰ্ভত লীন হৈ আছিল৷ ১৫৭৮ চনতহে চালৰিয়া পথৰ তলত খনিৰ শ্ৰমিকসকলে ঘটনাক্ৰমে লুপ্ত কীৰ্তিচিহ্নবোৰৰ অংশবিশেষ পুনৰ আৱিষ্কাৰ কৰে৷ তাৰ পিছতেই লুপ্ত কীৰ্তিচিহ্নবোৰ সন্ধানৰ জোৱাৰ উঠিল৷ খ্ৰীষ্টীয়ান কাটাকম্ববোৰ প্ৰাক্ খ্ৰীষ্টীয়ান ঐতিহ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ তাৰ ভিতৰত চাৰিশ খ্ৰীষ্টাব্দৰ শিল্পকলা, সোণালী গিলাছ আদিও অন্তৰ্ভুক্ত হৈ আছে৷ গতিকে সেই সময়ছোৱাৰ ইহুদী কাটাকম্ববোৰ ইহুদী সংস্কৃতিৰ অধ্যয়নৰ বাবে সমানে গুৰুত্বপূৰ্ণ৷

উদাহৰণস্বৰূপে, গৱেষণাৰ পৰা দেখা গৈছে যে সেই সময়ৰ জনসাধাৰণৰ খাদ্যত অৱলৱণাক্ত পানীৰ মাছ অন্তৰ্ভুক্ত আছিল৷ এটা নমুনাৰ ক্ৰমিক নম্বৰ D 9-W-XVI-8 যিটো এটা দুবছৰীয়া শিশুৰ বুলি ভবা হৈছে তাৰ অধ্যয়নে দেখুৱাইছে যে প্ৰাচীন ৰোমৰ শিশুৰ খাদ্য আছিল মাতৃদুগ্ধ, বিশেষকৈ এই বিশেষ শিশুটোকো মাতৃ দুগ্ধৰ পৰা বিৰত ৰখা হোৱা নাছিল৷ ইয়াৰ পৰা নিৰ্ণয় কৰিব পাৰি যে এই শিশুটোৱে মাতৃদুগ্ধ এৰা নাছিল আৰু ইয়াৰ প্ৰমাণ হল এই ক্ষেত্ৰত 15 N মানবোৰৰ পৰিমাণ হ্ৰাস হোৱা নাই৷ প্ৰাৰম্ভিক খ্ৰীষ্টীয়ান যুগত, খাদ্যত মাছ কেৱল প্ৰতীকধৰ্মী আৰু ধৰ্মীয় কাৰণতে অন্তৰ্ভুক্ত হোৱা নাছিল, ইয়াক মৃতকক স্মৰণ কৰিবলৈ পতা ভোজৰ খাদ্য হিচাপেও গ্ৰহণ কৰা হৈছিল৷ মাছে ৰোমান সমাজৰ ধমীৰ্য় আৰু ধৰ্ম নিৰপেক্ষতাৰ সংমিশ্ৰণকো প্ৰতিনিধিত্ব কৰিছিল কাৰণ, ই আছিল দৈনন্দিন আহাৰৰ এটা সুদৃ বুনিয়াদ৷ কাটাকম্ববোৰৰ পুনৰ আৱিষ্কাৰৰ পাছত ভালে সংখ্যক কাটাকম্বত বহু সন্তৰ (বা সাধু) সন্দেহজনক অৱশেষ পোৱা গৈছে৷

ৰোমৰ কাষৰীয়া অঞ্চলৰ খনন কাৰ্যত প্ৰধানকৈ খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ পাছৰ কাটাকম্ববোৰ আৱিষ্কাৰ হৈছিল৷ এইবোৰ কাটাকম্ববোৰ নগৰখনৰ বেৰৰ বাহিৰৰ টুফ’ (tuff, উদ্গীৰিত লাভাৰ পৰা সৃষ্টি হোৱা কোমল শিল) নামেৰে অভিহিত এটা কোমল আগ্নেয়গিৰি শিলৰ (soft volcanic rock) মাজেৰে খনন কৰা হৈছিল৷ ইয়াৰ কাৰণ আছিল সেই সময়ৰ ৰোমান আইন মতে নগৰৰ সীমাৰ ভিতৰত সমাধি নিৰ্মাণ কৰাত থকা নিষেধাজ্ঞা৷ সেই সময়ত প্ৰতিমাপূজা প্ৰথা অনুযায়ী মৃতকক দাহন কৰাটো নিয়ম আছিল৷ আনহাতে খ্ৰীষ্টীয়ানসকলে প্ৰাৰম্ভিক অৱস্থাত আৰু ইহুদীসকলেও মৃতদেহ কবৰস্থ কৰিছিল৷ যিহেতু বেছিভাগ খ্ৰীষ্টীয়ান আৰু ইহুদী সেই সময়ত সমাজৰ নিম্ন শ্ৰেণীৰ লোক বা দাস আছিল, তেওঁলোক সাধাৰণতে সমাধিৰ বাবে ভূমি ক্ৰয় কৰিবলৈ সামৰ্থ্যহীন আছিল৷ তাৰ পৰিৱৰ্তে ৰোমৰ উপকণ্ঠ অঞ্চলত প্ৰাকৃতিকভাবে সৃষ্টি হোৱা টুফৰ গভীৰ স্তৰবোৰত এক শ্ৰেণীৰ সুৰঙ্গ খন্দা হৈছিল৷ প্ৰথম অৱস্থাত এই সুৰঙ্গবোৰ সম্ভৱতঃ নিয়মীয়া পূজা-অৰ্চনাৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল, কেৱল সমাধিৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু পাছলৈ এইসমূহ স্মৃতি সৌধ হিচাপে আৰু খ্ৰীষ্টীয়ান বীৰ শ্বহীদসকলৰ বাৰ্ষিক স্মৃতিচাৰণৰ বাবেও ব্যৱহাৰ হৈছিল৷ ৰোমত ৬০ টা এনে গুপ্ত কবৰ থকাৰ বিষয়ে জনা গৈছে৷ এইবোৰ ৰোমৰ প্ৰধান পথ যেনে ভাইয়া এপ্পিয়া, ভাইয়া অচটিয়েঞ্চ্, ভাইয়া লেডিকানা, ভাইয়া টিবাৰটিনা আৰু ভাইয়া নোমেনটানা আদি পথৰ কাষত প্ৰাচীৰৰ বাহিৰ ফালে নিৰ্মাণ কৰা হৈছিল৷ ভায়া এপ্পিয়াৰ কাষত থকা ছেইণ্ট কেলিক্সটাছ আৰু ছেইণ্ট ছেবাষ্টিয়ান নামৰ কাটাকম্ব কেইটাই সম্ভৱতঃ তাত সমাধিস্থ কৰা খ্ৰীষ্টীয়ান শ্বহীদসকলৰ বিষয়ে তথ্য দাঙি ধৰিব পাৰে৷ খনন কাৰ্যবোৰৰ আশী শতাংশই উৎপীড়ণৰ পাছৰ সময়ৰ বুলি জানিব পৰা গৈছে৷

খ্ৰীষ্টীয়ান ধৰ্মটোৰ মূল উৎস প্ৰাচীন ৰোম বুলি এই কাটাকম্বসমূহৰ আৱিষ্কাৰৰ পৰাই জনা গৈছে৷ অন্যহাতে, খ্ৰীষ্টীয়ান কাটাকম্ববোৰ প্ৰাচীন খ্ৰীষ্টীয়ানসকলৰ সমাধি ক্ষেত্ৰ বুলি শিলালিপি আৰু প্ৰাচীৰ চিত্ৰাংকণৰ পৰা জনা গৈছে৷ যদিও প্ৰথম শতিকাত কাটাকম্বসমূহৰ আৰম্ভণি ইহুদীসকলৰ আছিল, ষষ্ঠ শতিকাৰ শেষৰ ফালে কিন্তু ৬০-ৰো অধিক খ্ৰীষ্টীয়ান কাটাকম্ব নিৰ্মিত হৈছিল৷ শিল্পকলাৰ মাজেৰে প্ৰদৰ্শিত আৰ্থসামাজিক ধাৰণাৰ মাধ্যমেৰে এই কাটাকম্বসমূহে বিভিন্ন খ্ৰীষ্টীয়ান সম্প্ৰদায়ৰ মাজত সংযোগকাৰী হিচাপে কাম কৰিছে৷ ওপৰঞ্চিভাৱে এই কলা-শিল্পই প্ৰথম দুটামান শতিকাত খ্ৰীষ্টীয়ানসকলৰ বিশ্ব সম্পৰ্কে ধাৰণা আৰু তাৰ আদৰ্শগত ধাৰণা সম্পৰ্কীয় কাহিনীও ব্যাখ্যা কৰিছে৷ কাটাকম্বসমূহত খ্ৰীষ্টীয়ানসকলৰ কলা তিনিভাগত বিভক্ত হৈছে- মূৰ্তি-নিৰ্মাণ কলা সম্পৰ্কীয় (Iconographic), শৈলীগত (Stylistic) আৰু প্ৰযুক্তিগত (Technical)৷ প্ৰথম শতিকাৰ পৰা ষষ্ঠ শতিকালৈ, ৰোমান খ্ৰীষ্টীয়ান কাটাকম্ববোৰৰ কলা পৰ্যায়ক্ৰমে বিভিন্ন স্তৰৰ মাজেৰে গতি কৰিছিল, যেনে প্ৰাৰম্ভিক যুগ (early phase), ল্ড-টেষ্টামেন (Old Testament) যুগ আৰু নিউ টেষ্টামেন (New Testament) যুগ৷

কাটাকম্বসমূহত পৰ্যায়ক্ৰমে নিৰ্মাণ কৰোঁতে ২. বৰ্গ কিলোমিটাৰ জুৰি এটা এলেকাৰ পৃষ্ঠভাগৰ পৰা -ৰ পৰা ১৯ মিটাৰ গভীৰত নিৰ্মিত গেলাৰী আৰু ওপৰা-উপৰিকৈ সজা পথৰ এটা বৃহৎ ব্যৱস্থা নিৰ্মাণ কৰা হৈছিল ৷ কিছুমান সংকীৰ্ণ পথ স্তৰবোৰ সংযোগী ব্যৱস্থাৰ চাৰিটা মহল পৰ্যন্ত নামি গৈছে৷ এই পথবোৰ .৩× ৩.৩ বৰ্গ ফুট, বেৰবোৰত সমাধিৰ চিত্ৰ খোদিত কৰা আছে৷ এইবোৰ ৪০ ৰ পৰা ৬০ চেণ্টিমিটাৰ পৰ্যন্ত ওখ আৰু ১২০ ৰ পৰা ১৫০ চেণ্টিমিটাৰ পৰ্যন্ত দীঘল৷ মৃতদেহবোৰ কাপোৰৰ সৈতে ৰচীৰে বান্ধি শিলৰ কবৰ কোঠালিত ৰখা আছিল৷ কোঠালিতোত নাম, বয়স আৰু মৃত্যুৰ দিন উল্লেখ থকা এখন ফলিৰে বন্ধ কৰি ৰখা হয়৷  ফ্ৰেচক’ (ফ্ৰেচক এটা প্ৰযুক্তি, তিতি থকা চূণৰ প্লাষ্টাৰত অংকন কৰা হয়৷) সজ্জাই প্ৰাচীন খ্ৰীষ্টীয়ান যুগৰ কলাৰ জীৱন্ত সাক্ষ্য বহন কৰে আৰু ধৰ্মীয় অনুষ্ঠানত প্ৰয়োগ কৰা ধৰ্ম নিৰপেক্ষ প্ৰতিমাপূজাৰ সৈতে গৃহ সজ্জাৰ বাবে ব্যৱহাৰ হোৱা বিশেষ ৰোমান শৈলী প্ৰাৰম্ভিকভাৱে দেখুৱায়৷

ইতিমধ্যে উল্লেখ কৰা হৈছে ৰোমান কাটাকম্ববোৰ ভূ-গৰ্ভৰ সুৰংগৰে গঠিত৷ এইবোৰক এম্বুলাক্ৰা’ (ambulacra) বোলে৷ এইবোৰতেই প্ৰাচীৰ-কবৰ, কুলী (loculi) খন্দা হৈছিল৷ উলম্বভাবে ৰখা এই কুলীবোৰত এটা বা ততোধিক মৃতদেহ ৰাখিব পাৰি৷ এনে ডাঙৰ দুটা মৃতদেহ ৰাখিব পৰা কুলী বাইছমাচ’ (bisomus) বোলা হৈছে৷ ৰোমান কাটাকম্ববোৰৰ অন্য এক প্ৰকাৰৰ সমাধি হৈছে আকচলিয়াম (arcosolium) আৰু ই বেঁকা অনুভূমিক মাবৰ্ল প্লেটৰ দ্বাৰা নিৰ্মিত৷ উল্লেখযোগ্য যে এটা পৰিয়ালৰ আটাইবোৰ লকুলী থকা সমাধি কোঠাবোৰক কিউবিকুলা আৰু ফেছক’ (fresco) শৈলীৰে সজ্জিত ধৰ্মীয় গীতৰ প্ৰাংগনক ক্ৰিপ্টে’ (cryptae ) বোলে৷ ঠাইৰ অভাৱ হোৱাৰ পাছত কৰিডৰবোৰৰ মজিয়াতো সমাধি খন্দা হৈছিল আৰু এই সমাধিবোৰক ফৰ্মি’ (formae) বোলা হৈছিল৷

কিছুমান পৰিয়ালে বিভিন্ন পৃথক স্থানত কিউবিকুলা সাজিবলৈ সমৰ্থ হৈছিল আৰু সেই স্থানৰ নিৰ্মাণ সামগ্ৰীসমূহ অলংকৰণৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল৷ কাৰুকাৰ্যৰে শোভিত আন এটা কলাসুলভ সাংঘাতিক ঠাই আছিল আৰ্কছলিয়া’ (arcosolia, মৃতদেহ ৰখা স্থানখিনি), আৰু এইবোৰ প্ৰথমে ৰোমানসকলৰ পূৰ্বে সেই স্থানত বসবাস কৰা ইট্ৰস্কেন লোকসকলে তৈয়াৰ কৰি উলিয়াইছিল৷ প্ৰথমে এইবোৰ চূণশিল আৰু বালিশিলৰ দৰে বিভিন্ন শৈল সম্পদৰ আহৰণৰ অৰ্থে ব্যৱহৃত পদ্ধতিৰে খান্দি উলিওৱা হৈছিল৷ পাছৰ কালত এই কুৱেৰীবোৰ প্ৰথমে ৰোমানসকল আৰু পৰৱৰ্তী পযাৰ্য়ত খ্ৰীষ্টীয়ান আৰু ইহুদীসকলৰ সমাধিস্থান আৰু গণ কবৰৰ বাবে ব্যৱহৃত হৈছিল৷

৩৮০ খ্ৰীষ্টাব্দত খ্ৰীষ্টীয়ান ধৰ্ম ৰাজধৰ্ম হৈ পৰিল৷ প্ৰথমে বহুতেই শ্বহীদসকলৰ কাষত থকা কোঠালিবোৰত সমাধিস্থ হ’বলৈ আশা কৰিছিল যদিও কাটাকম্ব সমাধিৰ এই প্ৰথাটোৰ প্ৰচলন লাহে লাহে কমি আহিল আৰু মৃতকক গীৰ্জাৰ সমাধিত কবৰস্থ কৰাৰ কথা জনপ্ৰিয় হৈ আহিল৷ ষষ্ঠ শতিকাত কেৱল শ্বহীদ স্মাৰক হিচাপেহে কাটাকম্ব ব্যৱহাৰ কৰা হৈছিল৷ যেনে- কমুডিলাৰ কাটাকম্বত বীৰ ষ্টেইন ষ্টিফেনৰ স্মাৰকৰ সৈতে সপ্তম শতিকাত কিছুমান পেইণ্টিং সংযোজন কৰা হৈছিল৷

          আপাত দৃষ্টিত ৰোম সাম্ৰাজ্য থানবান কৰা অষ্ট্ৰগথ (Ostrogoths), ভাণ্ডাল (Vabdals) আৰু লম্বাৰ্টসকলে (Lombards) মূল্যবান সা-সামগ্ৰী বিচাৰি এই কাটাকম্বসমূহতো অভিযান চলাইছিল যেন লাগে৷ খ্ৰীষ্টীয় দশম শতিকালৈ এই কাটাকম্ববোৰ কাৰ্যতঃ পৰিত্যক্ত হৈছিল আৰু পৱিত্ৰ কীৰ্তিচিহ্নসমূহ মাটিৰ ওপৰত সজা বেদীলৈ (basilica) স্থানান্তৰিত কৰা হৈছিল৷ পৰৱৰ্তী শতিকাবোৰত এইবোৰ পাহৰণিৰ গৰ্ভত লুকাই পৰিল৷ ১৫৭৮ চনতহে এইবোৰ ঘটনাক্ৰমে এণ্টনিঅ বছিঅ’ (Antonio Bosio)-ই তেওঁৰ ৰোমা ছটেৰেনিয়া’ (Roma Sotterranea)-ৰ বাবে চলোৱা দশকজোৰা গৱেষণাত পুনৰাৱিষ্কৃত হয়৷ কাটাকম্ববোৰৰ বিষয়ে পূৰাতত্ত্ববিদ (Archeologist) জিঅভান্নি বাটিষ্টা ডি ৰছি (Giovanni Battista de Rossi, ১৮২২-১৮৯৪)-য়ে প্ৰথমবাৰৰ বাবে বহুল পেছাদাৰী অধ্যয়ন প্ৰকাশ কৰে৷ ১৯৫৬ আৰু ১৯৫৯ চনত ইটালী কতৃপক্ষই ৰোমৰ কাষত আৰু কেইবাটাও কাটাকম্বৰ সন্ধান পায়৷ ইয়াৰ ফলত কাটাকম্বসমূহ প্ৰাৰম্ভিক খ্ৰীষ্টীয়ান গীৰ্জাৰ গুৰুত্বপূৰ্ণ স্মৃতিচিহ্ন হৈ পৰে৷ ৰোমৰ উচ্চ আৰ্দ্ৰতা আৰু উষ্ণতাই অস্থি সংৰক্ষণত ণাত্মক প্ৰভাৱ পেলায়৷ বিজ্ঞানীসকলে অস্থি সংৰক্ষিত নোহোৱা বাবে মৃতকৰ লিংগ নিৰ্ধাৰণ কৰিবলৈও সক্ষম হোৱা নাই৷ সদ্যহতে এই কাটাকম্ববোৰৰ চোৱা-চিতাৰ দায়ত্ব পোপৰ কাৰ্যালয়ৰ হাতত ন্যস্ত আৰু এই কাৰ্যালয়ে ৰোমৰ উপকণ্ঠ অঞ্চলৰ ছেইণ্ট কেলিক্সটাছৰ (St. Callixtus) কাটাকম্ববোৰৰ চোৱা-চিতাৰ দায়ত্ব ছেলেছিয়ানছ অৱ ডন বক্স (Salesians of Don Bosco)-ৰ হাতত ন্যস্ত কৰিছে৷

খ্ৰীষ্টীয়ান কাটাকম্ববোৰৰ দায়িত্ব পণ্টিফিচিয়েল কমিছন অৱ ছেক্ৰেড আৰ্কিঅজিৰ (Pontificial Commission of Sacred Archaeology) হাতত ন্যস্ত আছে আৰু ইয়াৰ তত্ত্বাৱধানত খনন কাৰ্য আৰু পুনঃ প্ৰতিষ্ঠাৰ কাৰ্যসূচী পৰিচালিত হৈছে৷ কাটাকম্ববোৰৰ অধ্যয়ন পৰিচালনা কৰিছে পণ্টিফিচিয়েল একাডেমী অৱ আৰ্কিঅ’জিয়ে (Pontificial Academy of Archaeology)

ৰোমৰ পৰা অন্য দেশলৈ যোৱা পথসমূহৰ আশে-পাশে উপকণ্ঠ অঞ্চলত ৪০ টা ৰোমান কাটাকম্ব নিৰ্মিত হৈছিল৷ যেনে অষ্টিয়াচন, লাডিকানা, ট্ৰিবোটিনা আৰু নমেনটানাইদি যোৱা এপিয়ান পথটোৰ আশে-পাশে এনে কাটাকম্ববোৰ অৱস্থিত৷ বৰ্তমান ৰোমৰ কাটাকম্বৰ পৰা মৃতদেহবোৰ আতঁৰোৱা হ, কিন্তু পৌৰাণিক ফ্ৰেচক আৰু সপিৰ্ল পথবোৰে এতিয়াও পৰ্যটকক আকৰ্ষণ কৰে৷

আনহাতে পেৰিছৰ কাটাকম্বসমূহ প্ৰথম নহলেও বিশ্বৰ আটাইতকৈ বিখ্যাত হিচাপে পৰিগণিত আৰু ইয়াৰ আকৰ্ষণৰ সৈতে কোনো সমকক্ষ নহয়৷ বৰ্তমানৰ নগৰখনত ওপৰত আন এখন নগৰ সাজিবলৈ ৰোমানসকলে খ্ৰীষ্টপূৰ্ব ওঠৰ শতিকাতে এটা চূণশিলৰ খনি ব্যৱহাৰ কৰিছিল৷ সেই সময়ত পেৰিছ মহানগৰীখনৰ আশে-পাশে গঢ় লৈ উঠা সমাধি ক্ষেত্ৰৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ কাৰণেই ভূগৰ্ভত চূণশিলৰ মাজত এইবোৰ নিৰ্মাণ কৰা হৈছিল৷ ভূগৰ্ভত চূণশিলৰ কুৱেৰীবোৰৰ মাজৰ এটা সুৰংগ ব্যৱস্থাৰ সৰু অংশত পেৰিছৰ কাটাকম্বকেইটাই ষাঠি লাখৰো অধিক লোকৰ অৱশেষ বুকুত ধাৰণ কৰি এতিয়াও নিজৰ অস্তিত্ব ঘোষণা কৰি আছে৷ পূৰ্বতে চিটি গে’ (নগৰ দ্বাৰ) আৰু বৰ্তমানে বেৰিয়াৰ ডি এনফাৰ’ (নৰকৰ দ্বাৰ) নামৰ দক্ষিণলৈ বিস্তৃত হৈ থকা এই কবৰস্থানখন মহানগৰৰ সমাধিস্থলৰ অভাৱৰ সমস্যা আঁতৰ কৰিবলৈ কৰা প্ৰচেষ্টাৰ এক অংশ হিচাপে নিৰ্মাণ কৰা হৈছিল৷

১৭৭৪ চনত ছেইণ্ট ইনচেণ্ট’ নামৰ কবৰৰ ভূগৰ্ভৰ তলৰ কোঠালিৰ বেৰ খহি পৰাৰ দৰে এটা ভয়ংকৰ ঘটনা হোৱাৰ ঠিক পাছতেই আৰম্ভ হোৱা নিৰ্মাণ কাৰ্যই কবৰস্থান অপসাৰণৰ ব্যৱস্থাটো যে জৰুৰী সেই কথা প্ৰতীয়মান কৰিছিল আৰু ১৭৮৬ চনৰ পৰা ৰাতি ৰাতি, আবৃত পৰিৱহন ট্ৰাকবোৰে পেৰিছৰ প্ৰায়বোৰ কবৰস্থানৰ অৱশিষ্টবোৰ ৰিউ ডা লা টম্বে ইচ্ছয়েৰে’ (Rue de la Tombe Issoire)-ৰ সমীপৱৰ্তী খনি অঞ্চললৈ স্থানান্তৰিত কৰিবলৈ আৰম্ভ কৰে৷

এই সমাধিস্থানটো প্ৰায় পাহৰণিৰ গৰ্ভত বহুত দিন ধৰি থকাৰ পাছত ঊণবিংশ শতিকাৰ আগভাগত সংগীতৰ সভা আৰু ব্যক্তিগত অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছৰ পৰা ই এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে৷ প্লেচ ডেনফাৰ্ট ৰচেৰুৰ আশে-পাশে পুনৰ নিৰ্মাণ আৰু মেৰামতিকৰণৰ পাছত ইয়াক ১৮৭৪ চনত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়৷ ২০১৩ চনৰ পৰা এই কাটাকম্বকেইটা পেৰিছ ম্যুজিছ’ (Paris Musees) নামৰ সংস্থাটোৰ ব্যৱস্থাপনাত পৰিচালিত পেৰিছ মহানগৰৰ চৌদ্ধটা মিউজিয়ামত অন্তৰ্ভুক্ত হৈছে৷ যদিও সমাধি স্থলটো মাটিৰ তলৰ কেৰিয়াৰছ-ডি-পেৰিছ’ (carriers de Paris)-ৰ এটা সৰু অংশহে, পেৰিছবাসীসকলে বৰ্তমান কাটাকম্ব বুলিলে সমগ্ৰ সুৰংগ প্ৰণালীটোকে বুজে৷ পেৰিছৰ প্ৰাচীনতম কবৰস্থানবোৰ ৰোমান যুগৰ লেফট্‌ বেংক নামৰ নগৰখনৰ দক্ষিণ প্ৰান্তত অৱস্থিত৷ পশ্চিম ৰোমান সাম্ৰাজ্যৰ পঞ্চম শতিকাত হোৱা পতনৰ ধ্বংসাৱাশেষ আৰু পৰবৰ্তী ফ্ৰাংকিছ আক্ৰমণবোৰৰ পাছত পেৰিছবাসীসকলে এই আৱাসস্থল ৰাইট বেংক জলাহৰ বাবে পৰিত্যাগ কৰিছিল৷

চতুৰ্থ শতিকাৰ পৰা এটা ছেইণ্ট-এটিয়েন্ন (Saint-Etienne) গীৰ্জাৰ সমীপত ওখ মাটিত প্ৰথমটো আৱাসস্থল গঢ় লৈ উঠিছিল বুলি জনা যায়, বৰ্তমানৰ হোটেল ডি ভিলেইৰ পিছফালে এই সমাধি স্থান নিৰ্মিত হৈছিল৷ দশম শতিকাৰ শেষৰ ফালে খ্ৰীষ্টীয়ান ভূস্বামীসকলে এই জলাহভূমি অধিকাৰ কৰাৰ পাছত ৰাইট বেংকত নগৰীকৰণ হল৷ এনেদৰে সচৰাচৰ আবাসস্থানৰ পৰা আঁতৰত মৃতকক কবৰ দিয়াৰ প্ৰথাৰ সলনি পেৰিছ ৰাইট বেংক আৱাস স্থলকে কেন্দ্ৰ কৰি এই সমাধিস্থলবোৰৰ সূচনা হৈছিল৷ এই সমাধি স্থলবোৰৰ কেন্দ্ৰস্থ স্থান হল পঞ্চম শতিকাৰ নট্ৰে-ডেম-দেচ-বইজ (Notre-Dame-des-Bois) গীৰ্জাৰ কাষত থকা সমাধি ক্ষেত্ৰ৷ মূল গীৰ্জাটো নৱম শতিকাত নৰ্মান জাতিৰ আক্ৰমণৰ পাছত ধ্বংস হোৱাৰ পিছত এই ঠাইখন ছেইণ্ট অপ্পৰট্যুন (Saint-Ohportune) প্ৰশাসনৰ সম্পত্তি হৈ পৰে৷ ১১৩০ চনৰ পৰা এই ক্ষেত্ৰখন ছেইণ্ট ইনশ্বেণ্ট গীৰ্জাৰ সৈতে জড়িত হৈ পৰে৷

১৯ শতিকাত এই কাটাকম্ববোৰক জনসাধাৰণৰ আগ্ৰহৰ বাবে মুকলি কৰা হৈছিল আৰু বৰ্তমান ভ্ৰমণকাৰীসকলে ধুনীয়াকৈ সজাই থোৱা অস্থিসমূহ দেখিবলৈ পায় (ইয়াৰ এটাৰ আকৃতি পাইপৰ দৰে আৰু আনটো হৃদয়াকৃতিৰ)৷ অন্য আকৰ্ষণবোৰৰ ভিতৰত এটা ভূগৰ্ভস্থ ফোৱাৰা, এটা সমাধি চাকি, কুৱেৰী কৰ্মীসকলে সৃষ্টি কৰা ভাস্কৰ্য আৰু বিশেষ প্ৰদৰ্শনমূলক সামগ্ৰী৷ সুৰংগবোৰৰ কেৱল ২০০ ফুটহে জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে যদিও ইয়াৰ ফলত চহৰীয়া পৰ্যটক, শিল্পী আৰু চোৰৰ কৌতূহল বন্ধ হোৱা নাই৷ ২০০৪ চনত এটা অঞ্চলৰ ভিতৰত বাৰসহ এটা গোপন চিনেমা গৃহও পেৰিছৰ পুলিচে আৱিষ্কাৰ কৰে৷

পৃথিৱীৰ বিভিন্ন স্থানত অৱস্থিত আটাইতকৈ সুন্দৰ আৰু ঐতিহাসিকভাৱে মনোমোহা কাটাকম্ববোৰ ভিতৰৰ অন্য কেইটামান হল :

কম এল চকাফাৰ কাটাকম্ব : দ্বিতীয় শতিকাৰ আৰম্ভণিতে আলেকজেন্দ্ৰিয়াৰ অন্তৰ্ভাগৰ শিলাস্তৰলৈ সুৰংগৰে প্ৰৱেশ কৰিব পৰা এলানি সমাধি নিৰ্মিত হৈছিল৷ কম এল ছকাফাৰ কাটাকম্ব (Catacoms of Kom el Shaoqafa) নামেৰে জনাজাত এই কাটাকম্ববোৰ ঊণবিংশ শতিকালৈকে পাহৰণিৰ গৰ্ভত আছিল৷ কিন্তু সেই সুৰংগৰ পথত এটা গাধ পৰি যোৱাৰ পাছতহে এই কাটাকম্বসমূহৰ কথা পোহৰলৈ আহে৷ বৰ্তমানে তিনিটা স্তৰৰ কাটাকম্ব দৰ্শনৰ বাবে মুকলি কৰা হৈছে আৰু তাৰ ভিতৰত কেইবাটাও গৃহত শিলৰ কফিনৰ লগতে মূৰ্তি, চানেকি আৰু অন্যান্য ৰোমান, গ্ৰীক আৰু ইজিপচিয়ান শৈলীৰ পূৰাতাত্ত্বিক সামগ্ৰী আছে৷ দ্বিতীয় স্তৰত আছে ২১৫ খ্ৰীষ্টাব্দত কাৰাকাল্লহে হত্যা কৰা এজন খ্ৰীষ্টীয়ান যুৱকৰ (আৰু অন্ততঃ এটা ঘোঁৰা) মৃতদেহৰ অৱশিষ্ট থকা হল অৱ কাৰাকাল্লা’ (Hall of Caracalla)-টো৷

 

পালেৰম কেপুচিন কাটাকম্ব : ১৬ শ শতিকাত চিচিলিৰ পালেৰম চহৰৰ কেপুচিন গীৰ্জাত যেতিয়া সমাধিৰ সংখ্যা বৃদ্ধি হবলৈ ধৰিলে আৰু সন্তসকলে তেওঁলোকৰ ভাতৃসকলৰ মৃতদেহ সংৰক্ষণ কৰি কাটাকম্বত প্ৰদৰ্শনৰ কাৰণে ৰখাৰ ধাৰণা প্ৰচলন হ, তেতিয়া এই কাটাকম্বসমূহৰ আৰম্ভণি হৈছিল৷ প্ৰথম অৱস্থাত ফ্ৰায়াৰসকলে (friars) এই বিশেষ সুবিধা লাভ কৰিছিল, কিন্তু প্ৰথাটোৰ বিস্তাৰ ঘটি পাছলৈ স্থানীয় বিশিষ্ট ব্যক্তিসকলেও তেওঁলোকৰ অন্তিম ইচ্ছাপত্ৰত এই সন্মান দাবী কৰিবলৈ ধৰিলে৷ প্ৰায় ১২০০০ ব্যক্তিক এনেদৰে সংৰক্ষণ কৰা হৈছিল আৰু সুকীয়াকৈ পুৰুষ, মহিলা, কুমাৰী যুৱতী, শিশু, ধৰ্মযাজক, সাধু আৰু পেছাদাৰীসকলৰ মৃতদেহবোৰ প্ৰদৰ্শন কৰা হৈছিল৷ অৰ্থাৎ সাধাৰণ পুৰুষসকলৰ মৃতদেহ এফালে, মহিলাৰ আনফালে, ধৰ্মযাজক সকলৰ অন্য এফালে- এনেদৰে প্ৰদৰ্শন কৰিছিল৷ ১৯২০ চনলৈকে এই কবৰস্থ প্ৰক্ৰিয়া বন্ধ হোৱা নাছিল৷ আনকি শেষৰ ফালে কৱৰস্থসকলৰ ভিতৰত অত্যন্ত সুন্দৰী ৰজালি লম্বাৰ্ডৰ দৰে বিখ্যাত স্থানীয় লোকো অন্তৰ্ভুক্ত হৈছে৷

ৰাবাট কাটকম্বসমূহ, মালটা : পুৰণি ৰোমৰ মেলাইট নগৰখন বা বৰ্তমানৰ মালটা নামে জনাজাত। আধুনিক মহানগৰখনৰ তলত চতুৰ্থৰ পৰা নৱম খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মিত এই কাটাকম্ববোৰ অৱস্থিত৷ ভূমধ্য সাগৰীয় অঞ্চলৰ আশে-পাশে আৰু অৱশ্যে বিশ্বৰ আনবোৰ কাটাকম্বৰ বিপৰীতে এই সুৰংগবোৰত ইহুদী, খ্ৰীষ্টীয়ান আৰু উপ ধমাৰ্ৱালম্বী লোকসকলক বিশেষ পাৰ্থক্য নৰখাকৈ সমাধিস্থ কৰা হৈছিল৷ ইয়াৰ বৈশিষ্ট্যবোৰৰ ভিতৰত মৃতকৰ স্মৰণত অনুষ্ঠিত হোৱা আনুষ্ঠানিক ভোজত বাবে ব্যৱহাৰ কৰা টেবুলবোৰ আৰু চন্দ্ৰতাপেৰে সজ্জিত সমাধি কোঠা যত কিছুমান ব্যাখ্যা আৰু বাৰ্তা অঙ্কণ আছে (পূৰাতত্ত্বৱিদসকলে এতিয়াও এইবোৰৰ ভাঙনি কৰি আছে৷) ৰাবাট কাটাকম্বৰ অন্তৰ্গত মুখ্য কাটাকম্বটো হল ছেইণ্ট প’ল আগাথা আৰু টাড-ভেজৰ৷

ভিয়েনাৰ ছেইণ্ট ষ্টিফেন কেথেড্ৰেল : ভিয়েনাৰ ৰোমান কেথেলিক আৰ্কডাইছিছৰ মাতৃ গীৰ্জা হিচাপে পৰিগণিত ছেইণ্ট ষ্টিফেন কেথেড্ৰেলটো৷ মহানগৰখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অট্টালিকাবোৰৰ ভিতৰত এই গীৰ্জাটো অন্যতম৷ ই ইয়াৰ মনোমোহা বহুৰঙী টাইলছৰ চাদখনৰ বাবে বিখ্যাত (ভিভালডীৰ শ্ৰাদ্ধস্থানৰ বাবেও বিখ্যাত)৷ কিন্তু যত ১১০০০ মানুহৰ অৱশিষ্ট পৰি আছে সেই স্থান খুব কমসংখ্যক পৰ্যটকহে দৰ্শন কৰিছে৷ অদিক সংখ্যক কেথেড্ৰেল ১৪ শতিকাৰে যদিও কবৰবোৰ ১৭৩০ চনত বিখ্যাত বুবনিক প্লেৰ (bubonic plague) প্ৰাদুৰ্ভাৱৰপৰাহে স্থাপিত হৈছে৷ বহু সংখ্যক কংকালত লাওখোলাবোৰ ওপৰত ৰাখি সুস্পষ্ট শাৰীৱদ্ধভাৱে সজাই ৰখা হৈছে যদিও কিছু কিছু ঠাইত খেলি-মেলিভাৱে সজ্জিত অস্থিৰ দম দেখা যয়৷ এটা শাখাত ৰাজকৰ্মচাৰীসকলক সমাধিস্থ কৰা হৈছিল। তাত হেপছবাৰ্গৰ ৰাণী মাৰিয়া টেৰছাৰ উদৰকে (পেটকে) ধৰি ৰাজকুমাৰ, ৰাণী আৰু সম্ৰাটসকলৰ অংগ প্ৰতংগবোৰ সংৰক্ষণ কৰা হৈছে৷

ব্ৰ আচোৱাৰী (ব্ৰম অস্থিগৃহ) : ২০০১ চনত এটা নিৰ্মাণ প্ৰকল্পৰ অংশ হিচাপে চলোৱা এটা নিয়মিত পূৰাতাত্ত্বিক খনন কাৰ্যত চেক গণৰাজ্যৰ ব্ৰনত পাহৰণিৰ গৰ্ভত লীন যোৱা কংকালভৰ্তি গৃহ এটা অভাৱনীয়ভাৱে আৱিষ্কৃত হয়৷ ১৭ আৰু ১৮ শতিকাৰ ভিতৰত ছেইণ্ট জেকব্ স্কোৱাৰ গীৰ্জাৰ মজিয়াৰ তলত ৫০,০০০ মান অৱশিষ্ট হাড়ৰ টুকুৰা ঠাঁহ খুৱাই ভৰাই থোৱা হৈছিল৷ এইবোৰ প্ৰথমতে সুস্পষ্ট শাৰীত সজ্জিত কৰা হৈছিল যদিও পাছত পানী আৰু বোকাই বিশৃংখল কৰি পেলায়৷ ২০১২ চনৰ জুনত এই ক্ষেত্ৰখন জনসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু ই বৰ্তমান পেৰিছৰ কাটাকম্ববোৰৰ পাছতে ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ অস্থিগৃহ হিচাপে পৰিচিত৷

 

ঠিকনা :

জামুগুৰিহাট, শোণিতপুৰ,

অসম-৭৮৪১৮০

ভ্ৰাম্যভাষ : ৯৮৫৪৪৯২৩২৬

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ