জুৰি বৰুৱা
কুকাৰৰ হুইছেল আৰু বাউল। নির্দোষীৰ চকু
আৰু দালানৰ লক্ডাউন। অস্বস্তিত ভোগা কুলিৰ মাত। দাৱতবিহীন ঈদ। আৰু এই দীঘল বাটত
খঞ্জৰ এখন হৈ বাঢ়ি অহা নিৰৱতা। চাৰা দুনিয়া যেনিবা কিনিয়ে পেলালা, কিবা লাভ হ’ব বুলি ঘোষণা কৰিব পাৰিবা?
এই কথা আজিকালি পদ্মাৰ মনলৈ কিয় আহি
থাকে তাই নিজেও ধৰিব নোৱাৰে। তাইৰ চকু এতিয়াও ম’বাইল টাৱাৰটোৰ পিছফালে গলি যোৱা সূর্যাস্তত।
টাৱাৰটোৰ খুঁটাবোৰৰ মাজেৰে দেখা সূর্যটোক কাটি ডোখৰ ডোখৰ হোৱা যেন লাগিছে পদ্মাৰ।
তথাপি বিৰামহীন চেতনাৰে ক্ৰমশঃ সৰু হৈ গৈ আছে সূর্যৰ সুমথিৰা পোহৰ। গোটেই চাদখনলৈ
পদ্মাই এবাৰ চায়। আকাশলৈ মুখ কৰি থকা চাদখন মুকলি যদিও ইয়াৰ ওপৰত জঁট লাগি থকা
ৰছীবোৰত আৰ-তাৰ কাপোৰ। বতাহত কাৰোবাৰ কাপোৰ চাদৰ ওপৰতে গৃহহীন মানুহৰ দৰে পৰি আছে।
কিছুমানত ক্লিপ লগোৱাৰ পাছতো চুঁচৰি গৈ গৰাকীবিহীন শৰীৰৰ দৰে ৰছীডালৰ একেবাৰে শেষ
বিন্দুত গোট খাইছেগৈ। অলপ আগলৈকে না না আকাৰৰ কাপোৰবোৰৰ ওপৰত টাৱাৰটোৰ আকাশলংঘী
ছাঁ পৰি আছিল। এতিয়া ছাঁটো চুটি হৈ পৰিছে। চুটি ছাঁটোৱে পদ্মাক কিবা এটা ইংগিত
দিবলৈ আৰম্ভ কৰিছে। এই গলিবোৰৰ কাহিনীত ওখ টাৱাৰটোৰ চুটি ছাঁটো পদ্মাৰ উচ্চতাৰ
সৈতে মিলি পৰিছে। আৰু পদ্মাক যেন ছাঁটোৱে সুধিব খুজিছে— ‘‘কেনে আছা?’’
তেনে সময়তে ম’বাইল টাৱাৰটোত বহি থকা কাউৰী
এজাক ধপ্ধপাই উৰি গুচি যায়। পদ্মা চঁক খাই উঠে। এই গলিত চক খোৱাটো কোনো নতুন কথা
নহয়। প্রথমবাৰ যেতিয়া তাই এই গলিত ভৰি দিছিলহি তেতিয়াও তাই চঁকেই খাইছিল। তাইৰ
কপালত জুম বন্ধা আঁচবোৰলৈ চাই ৰুবীনা আপাই সুধিছিল।
—
তই
পার্ট টাইম নে ফুল টাইম?
পদ্মাই ৰুবীনা আপাৰ প্ৰশ্নৰ উত্তৰ
তেতিয়ালৈকে একো বুজিয়ে পোৱা নাছিল। তাই কেৱল পুৰণি উঁৱলি যোৱা ইমাৰতখানাটোৰ
পিছফালে ওখ হৈ থকা টাৱাৰটোলৈ চাইছিল।
—
ফুল
টাইম যদি কান্দিবলৈ, চিঞৰিবলৈ ওপৰৰ চাদখন আছে। মৰিবলৈ গোটেই ইমাৰতখানা।
কথাষাৰ কৈয়ে ৰুবীনা আপাই চাদলৈ উঠি
যোৱা পুৰণি চিৰিটোলৈ মুখ কৰিছিল। পদ্মাই তেতিয়াই বুজিছিল এই ইমাৰতখানা চলি থাকে
ইচাৰাত। মুখৰ কথাত বা আৱেগত নহয়।
ইমাৰতখানাৰ ছাদৰ পৰা সেইদিনা প্রথম
সূর্যাস্ত দেখিছিল পদ্মাই। এই ম’বাইল টাৱাৰে কাটি-কুটি আঁচোৰ লগোৱা সেই সূর্যাস্তৰ বাবেই পদ্মাই চোৱা
নাছিল চাদৰ পৰা মাটিলৈ কিমান দূৰ। তাৰ পাছতো কোনোদিনেই তাই চাদৰ পৰা হাউলি চোৱা
নাই তললৈ। মনৰ ভিতৰতে পদ্মাই হিচাপ কৰি লৈছিল চাদৰ পৰা মাটিত পৰাতকৈ ইমাৰতোাখানাত
মৰাটো ভাল।
এই চাদেই পদ্মাক অত দিনে সামৰি ৰাখিছিল।
এই চাদৰ পৰাই পদ্মাই গলিৰ ডাষ্ট্বিন খুঁচৰি থকা কুকুৰবোৰৰ কাজিয়া দেখিছিল। এই
চাদেই গলিৰ ৰেণ্ডীক মাৰ-পিট কৰি তৰা-নৰা ছিঙি পলোৱা বহুতো কুট্টাক পদ্মাৰ মুখামুখি
কৰাই দিছিল। এই চাদতে ওখ হৈ এদিন পদ্মাই এটা নতুন আলীকো দেখিছিল।
শেষ ৰাতিও কিছুমান কুকাৰে হুইছেল
মাৰিছিল। ক’ৰবাৰ পৰা
বাউলৰ সুৰ ভাহি আহিছিল। ৰেণ্ডীখানাৰ দালালি বাদ দি আলীয়ে ম’বাইল ৰিপেয়াৰিঙৰ দোকান খুলিছিল। য’ত ম’বাইল আছিল কম। বেছি আছিল ম’বাইলৰ সৈতে ‘চিপকি’ থকা হৰেক ৰকমৰ চাইনিজ মাল। কোনোবা
কাবুলীৰ পৰা ধাৰে লোৱা টকা ঘূৰাই নিদিয়াৰ বাবে এদিন আলীৰ দোকান চূৰমাৰ কৰি থৈ
গৈছিল গুণ্ডাই। আলী ক’ৰবাত পলাল। সকলোৱে তাৰ দোকান ভঙাৰ দৃশ্য লাইভ চালে। ৰাতি চাদত অকলে বহি
থকা পদ্মাই দেখিলে আলীয়ে ডাষ্টবিনত জুম বন্ধা কুকুৰবোৰৰ সৈতে কথা পাতিছে। পেকেটত
অনা মাংস সি কুকুৰৰ সৈতে ভগাই খাইছে।
—
চাল্লা, জন্নত লাগে সবকে। চাইনিজ মাল কি মাল
নহয়? এই
জহন্নামত চাইনিজ মালেই বেচিব লাগিব। নে কি কৱ?
কুকুৰবোৰক উদ্দেশ্য কৰি আলীয়ে সুধিছিল।
সি নিজৰ বটলটোও কুকুৰকেইটাৰ ফালে আগ বঢ়াই দিছিল। তাৰ পাছত সি কুকুৰবোৰৰ গাত হাত
বুলাই গাবলৈ ধৰিছিল—
ৰাজা ব’লা ৰাত হে, ৰাণী
বলি ৰাত হে, মন্ত্রী ব’লা ৰাত হে,
চন্ত্রী ব’লা ৰাত হে, য়ে
সুবহ সুবহ কী বাত হ্যে।*
আলীৰ খংবোৰে এই গলিত শেষ ৰাতিৰ এটা ঝট্কা
দি থৈ যায়। চাদৰ পৰা পদ্মা নামি আহে। আলীৰ প্রতি পদ্মাৰ কোনো দৰদ নাই। আলীয়ে
এদিন তাইক বচাইছিল ৰেলৰ আগত পৰি মৰাৰ পৰা। বহু সময় একো কথা সুধিও পদ্মাৰ মুখৰ পৰা
মাত উলিয়াব নোৱাৰি আলীয়ে লৈ আনিছিল তাইক ইমাৰতখানালৈ। কৈছিল, একো নাপালেও দুবেলা দুসাঁজ খাবলৈ পাবি।
পদ্মাক আনি দিয়াৰ বিনিময়ত ৰুবীনা আপাই আলীক নতুন হালধীয়া নোট এখন দিছিল। আলীয়ে
খন্তেক নোটখন পৰীক্ষা কৰিছিল।
— নতুন নোট আহিছে মার্কেটত দুশ
টকাৰ।
ৰুবীনা আপাই আলীৰ মুখৰ ফালে নোচোৱাকৈয়ে
কৈছিল।
আলীয়ে নোটখন লোৱা নাছিল। পদ্মা আৰু
আলীৰ মাজত এটাই মিলি থকা কাহিনী আছিল। নোটবন্দীৰ বাবেই আলীৰ বেৱাৰিছ ধাণ্ডাটো
ডুবিছিল। ম’বাইল ৰিপায়েৰিঙৰ
ধাণ্ডা। পদ্মাৰো পাৰ্ছৰ নোটবোৰ সেই ৰাতিলৈ অচল হৈ গৈছিল। নবৌৱেক-ককায়েকৰ
গালি-গালাজৰ সহ্যৰ সীমা পাৰ কৰি পদ্মা পলাই আহিছিল গোবিন্দৰ লগত। বাটতে সোণাৰীৰ
দোকানত মাকে এৰি যোৱা কেৰুযোৰ সলাই পোৱা টকা চল্লিছ হাজাৰ। দহ হাজাৰ টকা
ডাইৰেক্টৰক দিলেই সৰু সুৰা ৰ’ল এটা পাব ছিৰিয়েলত।
গোবিন্দই তেনেকৈয়ে কৈছিল। এটা ৰাতি লজত কটাই পানীৰ বটল আনিবলৈ গৈ গোবিন্দ গায়ব। গোবিন্দ ডাইৰেক্টৰৰ ওচৰলৈ যোৱাৰ কথা
আছিল দুদিনৰ পাছত। হঠাতে সি কিয় গুচি গ’ল? নম্বৰো নট ৰিচেব্ল। হাজাৰ কাকূতি-মিনতি
কৰাৰ পাছতো লজৰ মেনেজাৰে পদ্মাক উলিয়াই দিছিল গঁতিয়াই গঁতিয়াই। পানীৰ বটল এটা
কিনিবলৈ লৈ পদ্মাই যেতিয়া বেগত হাত ভৰালে তেতিয়াহে তাইৰ হুচ ঘূৰি আহিল। বেগৰ
ভিতৰৰ টকাও গায়ব। পদ্মাই ৰৈ যোৱা এশ টকাটো দোকানীলৈ আগ বঢ়াই দিছিল। দোকানীয়ে
নোটখন ঘূৰাই দিছিল।
— এই নোট এতিয়া আৰু নচলে।
— মানে?
— ইমান বুজাই থাকিবলৈ মোৰ সময়
নাই।
ডিঙিৰ পিয়াহ ডিঙিতে লৈ পদ্মা ঘূৰি
ফুৰিলে এই চহৰৰ নাম নজনা পদপথেৰে। এই চহৰ তেতিয়াও পদ্মাৰ বাবে হীৰাৰ দৰে। হীৰা
তাই কোনোদিনে দেখা পোৱা নাছিল। চুই পোৱা নাছিল। এই চহৰলৈ আহিবলৈ কত যে কৌশল কৰিলে
তাই। দুই-এবাৰ ককায়েকৰ আগত ধৰা পৰি বৌৱেকৰ চৰ-ভুকুও খালে। কিন্তু ঘৰলৈ ঘূৰি যোৱাৰ
ৰাস্তা এই চহৰে পোহৰাব নোৱাৰিলে। ৰে’ল লাইনতে অৱশ হৈ বহি পৰিল তাই। বৌৱেকে হয়তো ভালেই পাইছে তাই গুচি অহাৰ
বাবে। ককায়েকো বাচি যাব আজিৰ পৰা ঘৰৰ এটা প্রাণীৰ ৰেচনৰ কথা চিন্তা নকৰাকৈ। কিবা
ভাবি নিজৰ কমদামী চাইনিজ ফ'নটোকে লিৰিকি-বিদাৰি থাকিল পদ্মাই। আৰু আহি থকা ৰে’লখনৰ ফালে মুখ কৰি চিৰিটোতে বহি পৰিল।
ৰে’লখন আহি গাৰ ওপৰেৰে পাৰ হৈ যাবলৈ লওঁতেই কোনোবাই
পিছফালৰ পৰা পদ্মাক গবা মাৰি ধৰিলে। তাইৰ ফ'নটো গুৰি কৰি ৰে’লখন উকিয়াই উকিয়াই দূৰলৈ গুচি গ’ল।
পদ্মাক ৰে’লৰ আগৰ পৰা বচাই কাহিনীত হিৰ’ হ’ল আলী। দ্বিতীয়বাৰ ৰুবীনা আপাই দিয়া
নোটখন নলৈ দানবীৰো হ’ল আলী।
—
বিকিবলৈ
অহা নাই। কেইদিনমান ৰাখক তাইক। খোৱাৰ খৰচ মই দিম। পদ্মাৰ ফালে চাই আলী গুচি গৈছিল।
ৰুবীনা আপাই পুৰণি নোটেৰে কোনো
কাষ্টমাৰক সোমাব দিয়া নাছিল ইমাৰতখানাত। এটা কাষ্টমাৰক সোমাব দিয়া নাছিল
ইমাৰখানাত। এটা কাষ্টমাৰৰ মুখলৈ এদিন ৰুবীনা আপাই পাঁচশ টকাৰ পুৰণি নোটখন জোৰকৈ
দলিয়াই দিছিল।
—
এইবোৰেৰে
ভোট কিনগৈ যা। ৰেণ্ডী লাগে যদি চিকনা নোট আনিবি।
ৰুবীনা আপাৰ খং একেবাৰে ওচৰৰ পৰা দেখা
পাইছিল সেইদিনা পদ্মাই। কাষ্টমাৰে এবাৰ পদ্মালৈ অনুকম্পাৰে চাইছিল। অনুকম্পাত কি
থাকে? সামান্য
অনুৰোধ? কিছু সহানুভূতি? ভালপোৱাৰ এখন চামনি? প্রতিশ্রুতিবিহীন একোটা জবাব? থাকে কি? পদ্মাই ইয়াৰ উত্তৰ পোৱাৰ আগতেই তাইক
বৈঠকখানালৈ টানি লৈ গৈছিল ৰুবীনা আপাই।
কাষ্টমাৰৰ লগত প্রেম কৰে? চাল্লা গম পোৱা নাই? ইয়াত গাৰ মঙহৰ দাম থাকে। জাতৰ নহয়।
পদ্মাই তাৰ আগলৈকে ৰুবীনা আপাৰ মুখে
মুখে কোনো জবাব দিয়া নাছিল। কিন্তু সেইদিনা নিজেই নজনাকৈ তাইৰ মুখ খোল খাই গ’ল।
— আপুনি মানুহ হ’বই নোৱাৰে। কচাই হয়। এখন নোটৰ বাবেই তাক সোমাব নিদিলে। কিন্তু সিতো
ৰেগুলাৰ কাষ্টমাৰ। আৰু সি কোনো দিনে মোৰ গাত হাত দিয়া নাই। ইমান লম্পট সি নহয়।
— এইবোৰ কথা মোদীক ক’বি। নোট বন্ধ কৰিছে কোনোবাই আৰু লোকচান চাল্লা মোৰ বিজনেছৰ। কথাখিনি
কৈয়ে ৰুবীনা আপাই ফুলৰ টাবটোৰ ওপৰতে পিকাই দিলে। যাওঁতে কেৱল হাড়িয়াক শুনাই থৈ
গ’ল— আজি পদ্মাৰ ভাত বন্ধ।
চাল্লা গাত হাত নিদিয়া কাষ্টমাৰক ইমান দিনে খুচ কৰি আছিল।
গাত হাত নিদিয়া কাষ্টমাৰৰ নাম পদ্মাই
সোধা নাছিল। তাইৰো নাম জানো জানিছিল সি? মাজে মাজে তাক দুনিয়াৰ হৰেক ঝামেলাৰ পৰা পলাই ফুৰা
মুচাফিৰ যেন লাগিছিল। মাজে মাজে ড্রাগ্ ডিলাৰ। মাজে মাজে খুফিয়া এজেণ্ট্। কিন্তু
কোন আছিল সি? সেইবোৰতো পদ্মাই সোধাই নাছিল। কোঠাত সোমাই সি চকু
মুদি পৰি আছিল। যেন বহু দিন শোৱা নাই। যেন বহু দীঘল বাট বাটকুৰি বাই খন্তেক মুহুদি
কৰিবলৈ ইয়াত আহি ৰৈছেহি। পদ্মাই সেয়ে নিজেই আৰম্ভ কৰিছিল।
— ইয়াত কাষ্টমাৰে টোপনিয়াবলৈ
নাহে।
সি এবাৰ চকু মেলি চাইছিল পদ্মালৈ। আকৌ
চকু জপাই কৈছিল?
— শুই থাকা। এই দুনিয়াত টোপনিৰে
কোনো ধর্ম নাই। নাই কোনো জাত, কোনো
কয়ামত। টোপনিৰ দৰে অপাপী আন কোনো নাই।
বাহিৰত তেতিয়া বৰষুণ দিছিল। খোলা
খিৰিকীৰে পদ্মাই চাদত মেলি থোৱা কাপোৰবোৰ তিতি থকাও দেখিছিল। তাৰ পাছতো সেইবোৰ
আনিবলৈ খৰখেদা কৰা নাছিল। জীৱনত প্রথম পদ্মাই শান্ত-সমাহিত হৈ থকা এজন পুৰুষৰ মুখ
দেখিছিল। যাৰ চকু আছিল জাগি থাকোঁতে লাল। আৰু টোপনিত খালত ওপঙি থকা দুটা পুঠিমাছৰ
দৰে। তাকে চাই চাই পদ্মা শুই পৰিছিল সঁচাকৈয়ে বহু দিনৰ মূৰত।
টোপনিত পদ্মাই সেইদিনা আলীকে দেখিছিল।
কেইদিনমান ৰাখক বুলি কৈ যোৱা আলী বহু দিনলৈ উভতি অহা নাছিল। ৰুবীনা আপাৰ মুখত
পদ্মাই শুনিছিল আলীৰ জেল হৈছে। কিমান দিনলৈ তাৰ কোনো হিচাপ পদ্মাক কোনোৱে দিব পৰা
নাছিল। আলীয়ে তাইক উদ্ধাৰ কৰাৰ কথা জুমলা আছিল নেকি? সি যদি তাইক বেচিবলৈকে ইয়ালৈ আনিছিল
তাৰ হিচাপ কিয় এৰি গৈছিল?
টোপনিত সেইবোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাছিল
পদ্মাই।
— যদি বিশ্বাস নাছিল, কিয় পলাই আহিছিলা তাৰ লগত?
কাষ্টমাৰৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰ
বিচাৰিয়ে ইমানবোৰ ৰাতি চাদতে পাত পাত কৰিছিল পদ্মাই। পদ্মাই নাজানে গোবিন্দই তাইক
ব্যৱহাৰ কৰিছিল নে তাই তাক? টিক্টক ভিডিঅ’ বনাইছিল পদ্মাই। হিন্দী চিনেমাৰ গানত, ডায়লগত।
‘হম একবাৰ জিতে হ্যে,
একবাৰ মৰতে হ্যে,
সাদী ভী একবাৰ হৌতি হ্যে’।
শ্বাহৰুখ খানৰ ডায়লগত লিপচ দি বনোৱা
ভিডিঅ’। মিনিটে মিনিটে মেছেজ। তাৰ পাছত শ্বেয়াৰ।
চেলিব্রিটী চেলিব্রিটী ভাব। তাৰ অচিলাতে গোবিন্দৰ লগত চিনাকি। প্রথম চিনাকিতে
গোবিন্দই দিয়া ফ'ন নম্বৰ। পদ্মাৰ এনে লাগিছিল আন কোনেও নাজানিলেও গোবিন্দই জানিছিল
টিক্টকৰ পদ্মাৰ মনৰ খবৰ।
— মনৰ খবৰ বুজি পোৱাজনেই জানো
বিশ্বাসৰ যোগ্য নহয়?
— কোনে কৈছিল এই কথা তোমাক?
— চিনেমাবোৰত ডাঙৰ ডাঙৰ হিৰ’বোৰে তাকেই কয়চোন।
কাষ্টমাৰে ৰুক্ষ হাঁহিৰে পদ্মাৰ পৰা মুখ
ঘূৰাই খিৰিকীৰ ফালে । টিক্টক্ কৰিবলৈ লোৱাৰ পৰা পদ্মাৰ দুনিয়াখন দুভাগ হৈ গৈছিল।
এভাগ দুনিয়াত তাই আছিল একেবাৰে অর্থহীন। ঘৰৰ মানুহৰ বাবে অপ্রয়োজনীয় কোনো এক
অৱস্থিতি। অথচ তাৰ বিপৰীতে টিক্টক্ দুনিয়াত তায়ো আনৰ দৰে চমৎকাৰ।
এই চমৎকাৰ কথাই সোঁৱৰাই দিছিল গোবিন্দই
পদ্মাক। বহুত ভৱিষ্যৎ আছে তোমাৰ।
— ভৱিষ্যৎ? সেইটো আক’ কি?
গোবিন্দৰ হিৰ’ৰ দৰে মাতত ‘ভৱিষ্যৎ’-ও পদ্মাৰ বাবে ৰাজকীয় হৈ পৰিছিল। গোবিন্দই বুজিছিল
পদ্মাই টোপ গিলিছে।
— চহৰলৈ ব’লা। তোমাৰ ভৱিষ্যৎ তাতহে।
পদ্মাই নিথৰ হৈ শুনিছিল গোবিন্দৰ
কথাবোৰ। আৰু ভগা আইনাৰ সমুখতে নিজকে নতুন ৰূপত আৱিষ্কাৰ কৰিছিল। সন্ধিয়াৰ
ছিৰিয়েলবোৰত নিজৰে অভিনয়ৰ কথা ভাবি ভাবি পদ্মা গুচি গৈছিল সেই দূৰত্বলৈ য’ৰ পৰা উভতি আহিবলৈ মানুহক বহুত
সময় লাগে।
কাষ্টমাৰৰ আগত পদ্মাই কোৱা নাছিল আলীয়ে
তাইক খামুচি ধৰি ৰে’লৰ
সমুখৰ পৰা বচাওঁতেহে তাই উভতি আহিছিল এই সময়লৈ।
ৰাস্তাৰে পাৰ হৈ গ’লে জে’লৰ
পৰা ওলোৱা আলীয়ে পদ্মাৰ ফালে চায়। আলীৰ জামিন ল’বলৈ
মজুত টকা ৰুবীনা আপাৰ হাতত পদ্মাই দিছিল। নৰকৰ মানুহে হেনো নৰকৰ আপদালো কৰিব লাগে।
এই কথা ইমাৰতখানাৰ ধান্দাৰ প্রথম চর্ত। পদ্মায়ো তাকেই অনুসৰণ কৰিছিল। কিন্তু আলীৰ
মুখামুখি হৈ নিজকে ভাগ ভাগ কৰাৰ দুনিয়াত ব্যস্ত হ’বলৈ
পদ্মাৰ মন যোৱা নাছিল। তাৰ পাছতো পদ্মাই ইমাৰতখানাৰ চৰ্তক অনুসৰণ কৰাৰ দৰে আলীয়েও
পদ্মাকে অনুসৰণ কৰিছিল ৰাস্তাত।
— কাষ্টমাৰৰ কথাত ভোল নাযাবি পদ্মা। সৱ
দিলেও নিজৰ কাহিনী নিদিবি। সৱ লৈ যাব তোৰ।
খঙতে আলীৰ গালৈ পদ্মাই নিজৰ বেগটো মাৰি
পঠিয়ায়। আৰু প্রচণ্ড ঘৃণাত আলীৰ গালৈ থুৱাই দিয়ে।
— কিয় বচাইছিলি তই মোক সেইদিনা? মৰি যোৱাই ভাল আছিল মই। আলীয়ে পদ্মাৰ বেগটো
ৰাস্তাৰ পৰা বুটলি দিয়ে। মুখত পৰা থুইখিনি মোহাৰি সি কয়?
— বাচি থাকিবি। তেতিয়াহে
দুনিয়াৰ দৰ্দ দেখিবি। মৰি গ’লে নিজেই এক দর্দ হৈ
অশান্তিত ছাটিফুটি কৰি মৰিবি। বাচি বাচি মৰ। মৰি মৰি জী থকাতকৈ।
পদ্মাই আলীৰ ফালে মূৰ তুলি চায়। ই ক’ৰ পৰা আয়ত্ত কৰিলে এই কথাবোৰ? চাইনিজ মাল বেচা, গলিৰ ম’বাইল ৰিপেয়াৰিং কৰা, ৰেণ্ডীৰ দালালি বাদ দিয়া আলীয়ে পদ্মাকো বাট এৰি
দিয়ে। বহু এৰি দিয়া বাটলৈ কেতিয়াবা মানুহে ঘূৰি চাবলগীয়া হয়। আকৌ এবাৰ পিছল
খাই নপৰিবলৈকে। আকৌ এবাৰ নিজৰে মুখামুখি নহ’বলৈকে। নহ'লেনো সেইদিনা আলীক মাফ কৰি দিয়ে নে!
— বচ, ইমানেই তোমাৰ কাহিনী?
পদ্মাই খিৰিকীৰ পৰা মুখ আঁতৰাই
কাষ্টমাৰলৈ চায়। যেন কাষ্টমাৰে বৰ ৰস বিচাৰি নাপায় তাইৰ কাহিনীত।
— বাকী মচলা লগাই ল’ব আপুনি নিজেই।
এই ইমাৰতখানাই পদ্মাক অত দিনে শিকাইছে
কেনো কাহিনীয়েই এজনৰ ওচৰত ৰৈ নাথাকে। কাহিনীও দিন-ৰাতিৰ দৰে পৰিভ্রমী। কাহিনীও
মানুহৰ আৱেগৰ দৰে বেচিজিল। এই চহৰৰ ছাব্ৱেত শুয়ো ভুকিবলৈ নাপাহৰা কুকুৰৰ দৰে সৰু-সুৰা
কাহিনীও অতি সিয়ান।
এনে বহু সিয়ান কাহিনী শুনি মাস্ক্
পিন্ধোতে কেতিয়াও আমাৰ মনলৈ নাহে অকলে এনেকৈ মৰোঁতে মানুহ কাতৰ হয়নে? কাতৰ হোৱা মানুহে ধুনীয়া দেখেনে
ৰাতিপুৱাৰ খিৰিকী? গধূলিৰ আকাশ? সন্ধিয়া শিশুৰ কোলাহল? জীৱন
কেনে এক ধাপ্পাবাজি বুলি কৈ হাঁহি হাঁহি বাগৰি পৰেনে? আকাশলৈ মূৰ তুলি নিজকে সাবটি কান্দেনে? মানুহে মানুহকে ভাল পায়, মানুহকে খং কৰে। এই কথাটোকে চৰম সত্য
বুলি পতিয়ন যায় নে? নে ইয়াৰ মাজতো কিবা এক খৰখৰণি থাকে। একেবাৰে শুকান
আৰু আতিথ্যহীন! একেবাৰে ক্ষীণ আৰু চলাচলবিহীন! মিছা কথা, মিছা কথা মৌলিক প্রয়োজন যে কেৱল তিনিটা।
এই কথা ক’বলৈ লৈও ৰৈ যায় পদ্মা। তাই খিৰিকীখন জপাই দিয়ে।
নোটবন্দীয়ে পদ্মাৰ ঠিকনা সলাইছিল। আলীৰ
বিজনেছ ডুবাইছিল। এই ইমাৰতখানাতো এক শাস্তি প্রদান কৰিছিল। তাৰ পাছতো এই চহৰ হীৰাৰ
দৰে চিক্মিকাই আছিল। পদ্মাই সন্ধিয়াৰ চাদৰ পৰা অকলে অকলে সাক্ষী হৈছিল এই চহৰক
শুহি নিয়া এজাক চকু চাট মৰা পোহৰৰ। মানুহে হেৰুৱাই থকাৰ ক্ষোভত পাহৰিয়ে পেলাই
পাবলগীয়াও বহু কিবাকিবি আছে। কেতিয়াবা সেইবোৰ পোহৰ হৈ আহে, কেতিয়াবা লক্ডাউনৰ খঞ্জৰ একোখন হৈ।
নোটবন্দীৰ পাছৰ চাৰিটা বছৰত সেই
খঞ্জৰখনকো ইমাৰতখানাৰ চৰ্তই সামৰি ৰাখিছিল অ’ত ত’ত। আৰ্থেৰাইটিজ হৈ ৰুবীনা আপা ওপৰৰ
কোঠাটোৰ পৰা তললৈ আহিছিল। হাড়িয়াই ইমাৰতখানাৰ ঝুমকাক পলুৱাই নি পুলিচৰ হাতত ধৰা
পৰিছিল। ঝুমকা উভতি আহিছিল। হাড়িয়াৰ জে’ল হৈছিল।
যি আলীয়ে ৰেলৰ সমুখৰ পৰা পদ্মাক তুলি
আনিছিল, সেই আলী মৰিছিল ৰেলৰ চিৰিত বহি কুকুৰক মাংস খুৱাই
থাকোঁতে।
— চাল্লা, তকদিৰেও বেইমানি কৰে।
ৰুবীনা আপাই আলীক মর্গত চিনাক্ত কৰি আহি
বৈঠকখানাত সোমোৱা নাছিল। গোটেই ৰাতি চাদৰ পৰা সেই নিশা পদ্মাই ম’বাইল টাৱাৰত ওলমি থকা জোনটো চাই
আছিল। শেষ ৰাতিলৈ অলপ অলপ বৰষুণ হৈছিল। বতাহত ৰছীত ওলমি থকা ক্লিপবোৰ নাচি উঠিছিল।
কোন আছিল আলী পদ্মাৰ বাবে? পাপী নে ত্রাণকর্তা? যাৰ বাবে পদ্মাৰ চকুত নামমাত্র চকুপানীও
নাছিল। মানবিহীন কাষ্টমাৰৰ কথালৈ সেই ৰাতি পদ্মাৰ আকৌ মনত পৰিছিল— একমাত্র টোপনিৰ কোনো ধর্ম নাই।
টোপনিৰ দৰে অপাপী কোনো নাই। কোনো জাত, কোনো
কয়ামত।
ইমাৰতখানাত বেছিভাগ কাষ্টমাৰেই কমিবলৈ
ধৰিছিল। নতুন ভাইৰাছে খৰকৈ ৰাজত্ব চলোৱা এই চহৰখনো উচাট মাৰি সলনি হৈ ক’ত যে ৰৈ গৈছিল— সেই প্রশ্নৰ
উত্তৰো পদ্মাক কোনেও দিব পৰা নাছিল। ৰুবীনা আপাই মুখত পানী ভৰাই কোঠাবোৰলৈ বেলেগ
বেলেগ কাষ্টমাৰ পঠোৱা পুৰণি দৃশ্য আগৰ দৰে দৈনন্দিন হৈ ৰৈ নগৈছিল। আঁঠুৰ বিষত
ৰুবীনা আপাৰ মুখৰ যন্ত্রণাও স্পষ্ট হৈ পৰিছিল। পদ্মাৰ এনে লাগিছিল সেয়া কেৱল আঁঠুৰ
বিষৰ যন্ত্রণা নাছিল। সত্যৰো থাকে নিজা একোটা খোঁচ। এই দুনিয়াত এই কথাকে মানুহে
পাহৰিব নোখোজে জানো?
পদ্মাই দূৰৈৰ পৰাই ৰুবীনা আপাৰ নির্বাসন
চায়।
টিক্টক্ বন্ধ
হোৱাৰ খবৰ, মানুহৰ কবৰ খন্দাৰ খবৰ, ৰুবীনা আপাৰ যন্ত্ৰণাৰে ভৰা নির্বাসনৰ
খবৰ আটাইবোৰ একেলগ হৈ ম’বাইল টাৱাৰটোৰ সূর্যাস্তত খহিবলৈ ধৰে।
ইমাৰতখানালৈ এনেদৰে এদিন এটা শ্বুটিঙৰ প্ৰস্তাৱ আহে। দীঘল চুলিৰে চকুত ক’লা চশ্মা পিন্ধি এজন পুৰুষ।
তেওঁৰ পিছে পিছে আন দুজন মুখত মাস্ক্ লগোৱা ষ্টাইলিশ্ব্ যুৱক। তেওঁলোকক ৰুবীনা
আপাই কেৱল বৈঠকখানাৰ খুঁটিৰ অনুমতি দিয়ে। ওপৰ মহলত প্ৰৱেশ নিষেধ। মাত্র এটা শ্বটৰ শ্বুটিং। গতিকে মান্তি হয় ৰুবীনা আপা। ৰেণ্ডীয়ে
চলাব নোৱাৰিলে এনেকৈয়ে চলিব লাগিব। ৰুবীনা আপাই এড্ভাঞ্চ্ লৈ টিমটোক কয়।
মাৰোৱাৰীপট্টিৰ পিছফালৰ এই গলিত কেনেকৈ
এই ইমাৰতখানা আৰম্ভ হৈছিল তাৰ সঠিক উৎস কোনেও নাজানে। কোনোৱে কয় ৰুবীনা আপা
কাথিহাৰৰ পৰা কোনোবা ট্রাক ড্রাইভাৰৰ লগত পলাই আহি এই ব্যৱসায় আৰম্ভ কৰিছিল।
কোনোৱে কয় ৰুবীনা আপা আহিছিল ঢাকাৰ পৰা কাৰোবাৰ
ৰক্ষিতা হৈ। কিন্তু এই ইমাৰতখানালৈ তেওঁ অহাৰ কোনো সঠিক কাহিনী কোনেও নাজানে। কিয়?
ৰুবীনা আপাই সেই কাহিনী আজিলৈকে কাকো
কোৱাই নাই নেকি? নিজৰ প্ৰতি নহয়, নিজৰ কাহিনীৰ প্ৰতিহে সুৰক্ষা থাকে নেকি
মানুহৰ? তাতো কি একেই ঠগ, একেই স্বার্থ, একেই ঘৃণা নেকি? নে ক’ৰবাত আছে এক প্রেমো?
এদিন সুধিছিল এই প্রশ্ন পদ্মাই ৰুবীনা
আপাক। ৰৈ ৰৈ ৰুবীনা আপাই কৈছিল— অঁ আছে। মোহব্বত আছে। এই ইমাৰতখানা বেলেগৰ
বাবে ৰেণ্ডীখানা। মোৰ বাবে ইবাদত। যদি মৰিবৰ সময়ত কষ্ট হয়, সেই কাহিনী তোকেই কম।
সেই ৰুবীনা আপাই চলাব নোৱাৰি এই
ইমাৰতখানাত আজি অনুমতি দিছে শ্বুটিঙৰ বাবে। খিৰিকীৰে পদ্মাই উভতি
যোৱা টিমটোলৈ চাই থাকে।
— কি বনাব? চিনেমা? নে ছিৰিয়েল?
— কিবা ছিৰিজ বনাব হেনো? অহ্! সেইটো কি?
— দীঘলীয়া কাহিনী। এটা এটাকৈ কয়
হেনো।
— বাঃ। কাহিনী কি?
— এজনী গাঁৱৰ ছোৱালী। টিক্টক্ কৰি
চহৰলৈ আহে। এক্টিং কৰিবলৈ। কিন্তু কোনোবাই তাইক মৰাৰ পৰা বচাই পোৱায়হি এই
ইমাৰতখানা।
— তাৰ পাছত?
— তাৰ পাছত নাজানো।
পদ্মা চঁক খাই উঠে। ছিৰিয়েলৰ নায়িকা হ’বলৈ আহি কাহিনীৰ নায়িকা হিচাপে
নিজকে আৱিষ্কাৰ কৰি পদ্মা চঁক খাই উঠে। পদ্মাই আলীৰ আগত কোনো দিনেই নিজৰ কাহিনীৰ মুখ মেলা নাছিল।
আলীকেই তাই অত দিনে কৰিছিল ঘৃণা। তাইৰ এই কাহিনী এজন পুৰুষেই জানিছিল। যাক তাই
নিজৰ টোপনিও দি দিছিল। দিছিল এখন বুকুৰ সকলো পাৰ ভঙা হুমুনিয়াহ। কোন আছিল সেই
পুৰুষ প্রেমিক নে কাষ্টমাৰ।
সেই ৰাতি পদ্মাই টোপনিত দেখে কিছুমান
গোল গোল বলৰ গাত এসোপামান জোং গজিছে। সেইবোৰ এজনৰ নিশাহেৰে আন এজনৰ উশাহলৈ সোমাই
গৈছে। শ্বুটিং চলি থকা ইমাৰতখানাৰ বৈঠকৰ খিৰিকী খুলি জোং থকা বলবোৰ ৰুবীনা আপাৰ কোঠালৈ জাক পাতি উৰি গৈছে।
আৰু মাস্ক্বিহীন ৰুবীনা আপাই অলপ কাহিবলৈ ধৰিছে। এই সপোনত পদ্মাই চঁক নাখায়।
*গৌৰখ পাণ্ডে