উদয় কুমাৰ শৰ্মা
সম্প্ৰতি আমি আমাৰ চৌদিশে দেখিবলৈ পাই আছোঁ নৃশংসতা, লুণ্ঠনৰ নৈৰাজ্য, পৈশাচিক বৰ্বৰতা৷ তাৰ মাজতো মৰি যোৱা ঘাঁহ গজি
সেউজীয়া হৈ আছে, এজাক পখিলা উৰি আহি ফুলৰ পৰা প্ৰেমৰ মন্ত্ৰ
শিকিছে৷ ভয়ংকৰ দুৰ্দিনৰ মাজতো পৃথিৱীৰ ক’তো কেতিয়াও কবিতা লিখা বন্ধ হৈ যোৱা নাই; নেযায়৷ কিয়নো কবিতা কেৱল কলাই নহয়— ই জীৱনৰ কথা কোৱা শিল্প৷
লোক-কলাৰ তুলনাত, সাম্প্ৰতিক কালৰ কবিতা শিল্প গুণেৰে সমৃদ্ধ হৈও
তাৰ পাঠক সীমিত কিয়? অথচ, “জোৰ্ছে মাৰো হেইছো আৰু জোৰে-হেইছো”— এই ধৰণে অনাখৰী মানুহৰ মুখেৰে নিগৰি অহা
পৃথিৱীৰ প্ৰথম কবিতা আজিও ‘লোকগীত’ হৈ লোক মন আৰু লোক-জীৱনক জীপাল কৰি সাংস্কৃতিক
জীৱন মহিমামণ্ডিত কৰি আহিছে৷ লোক-সাহিত্যৰ এই বিশ্বজনীন আৱেদনলৈ লক্ষ্য ৰাখি জনজীৱন আৰু
লোক-সংস্কৃতিৰ অভিজ্ঞতাৰে আমাৰ ভাষাটোৰ কালিকা শক্তি বা প্ৰাণৱন্ত চৰিত্ৰক আহৰণ
কৰি কবিৰ আন্তৰিকতা আৰু বুদ্ধিৰ সততাৰে কবিয়ে কবিতাত প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰিলে
সেই কবিতাই প্ৰাণস্পৰ্শী হৈ বৃহত্তৰ পাঠকক আকৰ্ষিত নকৰাকৈ নেথাকে৷ আমি আমাৰ ভাষাক
লোকগীতৰ স্তৰলৈ নমাই নিনি, লোকগীতৰ ভাষাকহে আজিৰ বাস্তৱতালৈ ৰূপান্তৰিত
কৰা উচিত৷ নিভাঁজ-নিটোল সহজাত ছন্দবোধেৰে চমকপ্ৰদ ভাষাটোৰ জীৱনী-শক্তিটোক আৱিষ্কাৰ
কৰি কবিতাৰ ভাবলৈ নতুন তেজ বা সমৃদ্ধি আনিবৰ চেষ্টা কৰিলেহে কবিতায়ো এটা নিজ জীৱন
লাভ কৰিব, য’ত কবিৰ প্ৰাণৰ স্পন্দনে পাঠকৰ মন প্ৰাণৱন্ত
কৰি ৰাখিব পাৰে দীৰ্ঘ দিন৷ প্ৰাণহীন কবিতা নিৰ্জীৱ আৰু আয়ুসহীন৷
আমাৰ দৈনন্দিন জীৱনৰ সকলোৰে পৰিচিত কথাবোৰকে
ৰহস্যময় কৰি এটা নতুন ধৰণে ক’ব পৰাটোতেই থাকে এজন কবিৰ সাৰ্থকতা৷ কেৱল কল্পনাই তেওঁক
শক্তিশালী আৰু মহৎ কৰি তুলিব নোৱাৰে৷ কবিতা ৰসহ্যময় যদিও, ই শব্দৰ খেল বা কথাৰ পাক নহয়৷ কবিতাক ৰহস্যময়
আৰু ব্যঞ্জনাসমৃদ্ধ কৰিবলৈ অলৌকিকতা বা Fantasy-ৰ আশ্ৰয় লওঁতে সদায় তাৰ বিশ্বাসযোগ্যতালৈ মন দিয়া উচিত৷ আমি আমাৰ
শব্দৰে, ভাষাৰে কবিতাত যিখিনি কওঁ ঠিক সেইখিনিয়েই কবিতা
নহয়৷ যিখিনি নোকোৱাকৈ থাকি যায়, আচলতে সেইখিনিয়েহে কবিতা৷
সেই ব্যঞ্জনাইহে পাঠকক আকৃষ্ট কৰে৷ চিন্তাৰ অভিনৱত্ব আৰু ভাষাৰ চমক লগা
সাৱলীলতাইহে পাঠকক মুগ্ধ কৰে৷ পাঠকক প্ৰভাৱাম্বিত কৰিব পৰাটোৱেই হ’ল এজন লেখকৰ সাৰ্থকতা৷
কবিতাৰ ভাষা হ’ল— ভাব আৰু ধ্বনি ব্যঞ্জনাৰ ভাৰ বৈ নিয়া এখন নাও, যিখনে কবি আৰু পাঠক এই দুটি ঘাটৰ মাজত ঢৌ খেলি
খেলি অহা-যোৱা কৰি থাকে৷ কবিতা এটি পঢ়ি পাঠকৰ প্ৰাণে কান্দি উঠিব পাৰে, জীৱনটোক মহীয়ান কৰি তুলিবলৈ নতুন উদ্যম বা
প্ৰেৰণা পাব পাৰে৷ নতুন নতুন শব্দৰ সন্ধান আৰু নতুন চিন্তাৰ উদ্ভাৱন–চমৎকাৰ সৃষ্টিৰ অন্য এক আকৰ্ষণ৷
ভাষাৰ গভীৰ চৰ্চা অবিহনে ভাষাৰ পুনৰ অবিহনে
কাব্য-সৃষ্টি জঠৰ হ’বলৈ বাধ্য৷ যিবোৰ কবিতাত আঙ্গিক বা বক্তব্য কোনোটোতে অভিনৱত্ব নেথাকে, গতানুগতিক সিবোৰ কবিতা আত্মবিবৃতিহে মাথোন৷ সি পাঠকৰ
মনত স্পন্দন নোতোলে৷ গভীৰতাহীন তৰল চৰ্চাই পাঠকক বিৰক্তহে কৰিব পাৰে৷
শ্লোগান কবিতা নহয়৷ কিন্তু, কবিতাক শ্লোগান বা স্মৰণীয় বাক্যলৈ ৰূপান্তৰিত কৰিব
পাৰিলেও কবিতাই সাধাৰণ পাঠকৰ মন নুচুৱাকৈ নেথাকে৷ এটা কথা ঠিক, ভাৰত যিমানেই নতুনত্ব নাথাকক কিয়— প্ৰকাশভঙ্গীৰ দুৰ্বলতা, ধ্বনিৰ দৰিদ্ৰতা, ছন্দৰ পঙ্গুতা— আন কথাত, আঙ্গিকৰ সুষমাৰ অভাৱত কবিতা
ব্যৰ্থ ৰচনাহে হ’বগৈ পাৰে৷ আঙ্গিক পাঠকক আপ্লুত কৰি বা ফুচুলাই, বক্তব্যৰে পাঠকৰ মনটো চুৰ কৰি লৈ যাব পাৰিব
লাগে৷ সাৰ্থক কবিতা, সমাদৃত নোহোৱাকৈ নেথাকে৷
যি সাহিত্য তৎকালীন সময়ৰ বাবে গতিশীল, সমাজৰ লগতে, মানুহৰ মঙ্গল কামনাৰ
স্বাৰ্থত নতুন চিন্তাৰ বাৰ্তাবাহক সেয়াই প্ৰগতিশীল
সাহিত্য৷
কবিতাত বৃহত্তৰ সত্যৰ ইঙ্গিত অথবা বিশ্বমানৱৰ
লগত সহমৰ্মিতা বুজাব পৰাকৈ বিশাল মনোৰম পটভূমিৰ সৃষ্টি হ’লেহে বা সাৰ্বজনীন আৱেদন থাকিলেহে কবিতা হৃদয়-সংবেদী হৈ পাঠকৰ প্ৰাণত জী থাকিব দীৰ্ঘদিন৷
এটা জাতিক মহত্ত্বৰ আখ্যাৰে ভূষিত হ’বলৈ হ’লে লাগিব সেই জাতিৰ মহত্ত্বৰ ফচল— কবিতা৷