অন্যযুগ/


কুমুদ ঘোষৰ কবিতা: অসমীয়া ভাষাৰ ঐশ্বৰ্য আৰু সম্ভাৱনাৰ সম্পৰীক্ষা

ৰুদ্ৰ সিংহ মটক

Poetry should be simple, sensuous and passionate.
— জন মিল্টন

        কোনে জানো কৈছিল— জগতৰ জীৱন সাহিত্য, সাহিত্যৰ জীৱন কাব্য, কাব্যৰ জীৱন প্ৰেম। সাহিত্যৰ আদিমতম ৰূপ যে কাব্য বা  মহাকাব্য , তাত আমাৰ কোনো সন্দেহ নাই। কবিতা মূলতঃ ৰসঘন, ৰামধেনুৰ দৰে বৰ্ণিল এক বহুমাত্রিক শিল্পৰূপ। সাহিত্যৰ আনবোৰ সংৰূপ (genre)-ৰ তুলনাত সবাতোকৈ ক্ষুদ্র পৰিসৰৰ সৃজনশীল কলাবিধেই হয়তো কবিতা। কবি কুমুদ ঘোষে উপলব্ধি কৰাৰ দৰে বহু সময়ত ‘‘কবিতা বুলি ভবা কথাবোৰ কবিতা নহয়/শব্দৰে লিখা নিদ্রাহীন ৰাতিৰ ইস্তাহাৰ’’ (কবিতা)। হয়, কবি হৃদয়ৰ গভীৰ কোণত উকমুকাই উঠা শক্তিশালী অনুভৱৰ মৰ্মৰিত শব্দগাথাই কবিতা। আন কথাত নিজৰ অন্তৰ্জগত বা বহিৰ্জগতত ঘটা যি কোনো ঘটনা-পৰিঘটনাই সংবেদনশীল কবিৰ হৃদয়তন্ত্ৰীত নতুন চেতনাৰ ছন্দতৰংগ সৃষ্টি কৰে। থাউকতে পাঠ কৰি নতুন ৰসানুভূতিৰ স্বাদ ল’ব পৰা, অহেতুক আনন্দ বা কোনো ঘনায়মান বিষাদত ডুব যাব পৰা কবিতাৰ দৰে শিল্প অতি বিৰল। কবিতাৰ চেতনা সমকালীন হৈও কালাতীত। সাৰ্বজনীন হৈও ই ব্যাপক, বিশ্বজনীন। সেয়ে হয়তো সাৰস্বত কলা হিচাপে মানৱ মানসত কবিতাই যুগে যুগে ওখ আসন লাভ কৰি আহিছে।

       আপাত দৃষ্টিত প্রাঞ্জল যেন লাগিলেও বহু সময়ত কবিতা ভাবিব নোৱৰাকৈ জটিল হোৱাও পৰিলক্ষিত হয়। ব্যক্তি মনৰ সৃষ্টি হ’লেও কেৱল নিৰ্জন মননৰ আত্মকথন বা স্বগতোক্তি নহয় কবিতা। কুমুদ ঘোষৰ পিতায়ে মোক আকাশ চুবলৈ কৈছিল কাব্যগ্ৰন্থখনি পঢ়িলে আমাৰ এই ধাৰণা যেন অধিক ঘনীভূত হয়। বিৰ জীৱন-ঘনিষ্ঠ আবেগ-অনুভূতি, হৃদয় মথিত অনুভৱ-অভিজ্ঞতাৰ মৰ্মৰিত পোহৰ-অনুবাদ হ’ল কবিতা। অনুভূতিক উজ্জ্বলতা আৰু নতুন আয়তন, আৱে‍গক গভীৰতা আৰু বিস্তৃতি দান কৰাতে সীমাবদ্ধ নহয় আজিৰ কবিৰ দায়িত্ব। দৰাচলতে ই এক গধুৰ  বৌদ্ধিক দায়িত্ব। কবিতাৰ ভাব আৰু ভাষা, এই দুয়োটা দিশেই কবি এজনৰ বাবে সমানেই তাৎপৰ্যপূৰ্ণ। কবিতাৰ অকৃত্রিম শব্দচয়ন আৰু প্ৰসাধনহীন, নিৰ্মেদ ভাষা সন্দৰ্ভত কবি কুমুদ ঘোষে তেওঁৰ ‘ভালপাওঁ’ কবিতাটোত  এনেদৰে কৈছে—

  ভাল পাওঁ প্ৰসাধনহীন পৃথিৱী, ভাল পাওঁ মেদমুক্ত ভাষ্য
  ভাল পাওঁ প্রিয় শব্দৰ কছৰৎ, অকৃত্রিম স্বীকাৰোক্তি

  ভালপোৱাৰ এই সপোন ভালপোৱাৰ পাণ্ডুলিপি।

   প্ৰাত্যহিক তুচ্ছতাৰ ঊৰ্ধ্বলৈ গৈ পাঠকৰ জীৱন-মনন, বোধ-স্মৃতি, চেতনা-অভিজ্ঞতা দোলায়িত কৰিব পৰাকৈ সজীৱ আৰু সমৃদ্ধ হ’ব লাগিব কবিতাৰ ভাষা। ভাষাৰ কালিকা হ’ল কলা বা সাহিত্যৰ আত্মাৰ গৰিমা। বহু সময়ত পোনপটীয়া কথনভংগীৰ বিপৰীতে  ব্যংগ, বিৰোধাভাস, শ্লেষ বা বক্ৰোক্তিয়ে কুমুদৰ কবিতাৰ শব্দালংকাৰক উজ্জ্বল আৰু অৰ্থমণ্ডিত কৰিছে।

আপোনাৰ বাবে বিশ্বযুদ্ধ বিশ্বশান্তি
আপোনাৰ বাবে প্ৰতাৰক বৰ্তমান
আৰু কুলিশ-কঠোৰ ভৱিষ্যতৰ
দিন আছে পৰি
সহজ হৈয়ো সহজ নহয় আপুনি
সকলো হৈয়ো সকলো নহয় আপুনি

বড়ি আপুনি জৰী আপুনি
ঘড়ী আপুনি নিছলা আপুনি
কি হয় কি নহয় আপুনি
এক বিৰাট প্রশ্ন আপুনি

চাৰিওফালে হাজাৰ হাজাৰ আপুনি

   অনুভূতি আৰু অনুভৱৰ গভীৰতাৰ কোনো এক স্তৰত  ভাষা তাৰ তেজৰ সমস্ত তৰংগ আৰু প্ৰাণময়তাৰে বাংময় আৰু সংবেদনশীল হৈ উঠে। এইখিনিতে প্ৰণিধানযোগ্য যে ছন্দৰ অন্তৰ্লীন শক্তি স্পৰ্শ বা সঞ্চালিত কৰিব পৰাকৈ নিজৰ গহনৰ অবচেতন সত্তাক জগাই তোলাৰ প্ৰয়াস আৰু অবিৰত সাধনাৰ বাবে প্ৰতিজন কবি ভিতৰি ভিতৰি প্ৰস্তুত হ’ব লাগিব। সূক্ষ্ম জীৱন এষণা আৰু বৌদ্ধিক প্রজ্ঞা-অনুসন্ধিৎসাৰো সক্ৰিয় ভূমিকা থাকে কবিতাৰ পৰিশীলিত অনুশীলন আৰু ভাবমণ্ডল বিনিৰ্মাণত। কবিৰ ‘কিতাপ’ কবিতাটো পাঠ কৰোঁতে আমি হয়তো ক’ব নোৱৰাকৈয়ে এক বিৰল সত্যৰ মুখামুখি হওঁ। কিতাপৰ তৰা-ফুটুকীয়া আখৰবোৰৰ আমোলমোল গোন্ধটোৰ সৈতে থকা কৈশোৰৰ সম্পর্ক, যৌৱনৰ ভালপোৱাৰ বাসনা, স্মৃতিকাতৰতা বা বিষাদ-বিধুৰ নষ্টাল্‌জিয়াই এই কবিতাটোক এটা সুকীয়া স্বাদ দান কৰিছে। যান্ত্রিকতাই আমাৰ আৱে‍গ-অনুভূতি সকলো ধৰণৰ মানৱীয় সংবেদনাকে শিলীভূত কৰা আধুনিক পৃথিৱীত পুথিভঁৰাল আৰু কিতাপে আগৰ সৌগন্ধ, গুৰুত্ব আৰু গৰিমা হেৰুওৱা দেখি সংবেদী কবি ভিতৰি ভিতৰি ব্যথিত হৈছে। প্ৰজ্ঞা-কল্পনাৰ জোনাক হেৰুওৱা  জড়দগৱ মানুহৰ বাবে কিতাপ আজি এক ‘ধূসৰ স্মৃতি’।
          
বহুদিন কোনেও স্পৰ্শ কৰা নাই শৰীৰ
থুইত তিতা নাই গা

লিহিৰি আঙুলিৰ পৰশত
মাতাল হোৱা নাই যৌৱন,
শৰীৰৰ গোন্ধ শৰীৰতে হৈছে লীন।

সাবটি থৈছোঁ প্ৰেমৰ চেপেটা গোলাপ
বুকুত আজিও লাগি আছে ভালপোৱাৰ দাগ।

ৰাসত দিয়া ময়ুৰৰ পাখি, প্রেমৰ প্রথম চিঠি
প্রিয় নায়ক-নায়িকাৰ ছবি, আঁহতৰ পাত
পুৰণি ভাঁজতে আছে স্মৃতি গণি।

আলমাৰিত উশাহ-নিশাহ বন্ধ
বিছনাত নহয় এতিয়া কাৰো সঙ্গী,
পুথিভঁৰালত নাই সেই পুৰণি পাঠক
মানুহৰ পৃথিৱীত
কিতাপ এক ধূসৰ স্মৃতি।

       শব্দশিল্পৰ নান্দনিক বৈভৱ কবিৰ নিজা শৈলী কিম্বা বাগ্‌ধাৰাৰ পৰা পৃথক বা বিচ্ছি‍ন্ন নহয়। ইও সঁচা যে অলংকাৰপূৰ্ণ ভাববিন্যাস মাত্রেই কবিতা নহয়। হৃদয়ৰ ৰস বা জেউতিৰে কবিৰ আংগিক আৰু ভাববস্তু প্ৰাণৱন্ত হৈ উঠিব লাগিব।এই সজীৱতাৰ অন্তৰালত থাকে কবিৰ কল্পদৃষ্টি আৰু সৃজনশীলতা, ভাব আৰু ভাষাৰ নৱৰূপ। কবিৰ কল্পনাশক্তি হৃদয়ৰ জেউতিৰে উদ্ভাসিত হ’লে সকলোৰে পৰিচিত ছবি-চিত্ৰকল্পবোৰো জীৱন্ত হৈ উঠে। কবিৰ ভিতৰৰ সমালোচকজনে নিজক মাজে মাজে প্ৰশ্ন কৰিব পাৰিব লাগিব— ‘‘কবিতাৰ শৰীৰ এটা নিৰ্মাণ কৰিলেই সি কবিতা হ’বনে? গদ্য আৰু কবিতাক কিহে পৃথক কৰিছে,—শৰীৰে নে শৰীৰ-অতীত আত্মাই?’’ (ড˚ মৃদুল শৰ্মা)। ভাষাৰ সুৰুচি, চিত্ৰস্তনিত (picturesque) ধ্বনিবৈভৱ আৰু অনিৰ্বচনীয় ভাবব্যঞ্জনাই হয়তো কবিতাৰ আত্মা। জীৱনৰ চিৰায়ত  দ্বন্দ, দুঃখবোধ আৰু সত্যৰ স'তে পাঠক সমাজক মুখামুখি কৰাব পৰাতে হয়তো শব্দকুশলী, আত্মদৰ্শী কবিৰ সাৰ্থকতা। এই দিশত কবি কুমুদ ঘোষ  বহু সফল হৈছে। অৱশ্যে আমি অৱগত যে অধিবাস্তৱো কেতিয়াবা কবিতাত নতুন বাস্তৱৰ ৰূপকল্প হ’ব পাৰে। কবিৰ অন্তৰ্দৃষ্টি গভীৰ, কাব্যবীক্ষা শক্তিশালী হ'লে দিনেশ গোস্বামীদেৱে কোৱাৰ দৰে— “অস্বাভাবিক, অলীক অতিপ্রাকৃত, আধিভৌতিক ঘটনাৰাজিৰ মাজেৰেও সমাজৰ অন্তৰ্নিহিত সত্য ফুটাই  তুলিব  পাৰি।” (কবিতাৰ কল্পদৃষ্টি/ গৰীয়সী, ডিচেম্বৰ, ২০১৫)।

প্রথম বাৰিষাত মোক গেলিবলৈ দিয়া
  
তোমাৰ সুঠাম বাহুৰে মোক
চহাই-মৈয়াই সুগন্ধি কৰি তোলা

টোমৰ পৰা মুকলি কৰি আনা
সোণালী  তৰা
(পথাৰ)
                              
        মানৱ মানস আৰু সমাজ সংস্কৃতিক বাদ দি কলা বা কবিতা স্বয়ংসম্পূর্ণ হ’ব নোৱাৰে। মানৱ মনৰ সপোনৰ স’তে সপোনে অহোৰাত্ৰ সন্ধান কৰা দিঠকৰ মায়াময় ৰূপসেতুৱে‍ই হয়তো কবিতা। কল্পনাৰ ৰ’দ-কুঁৱলী, ছাঁ-জোনাকেৰে কবিয়ে উপলব্ধ সত্যক বাস্তৱতাৰ চোলা পিন্ধায়। হয়তো ‘আৰ্ট ফৰ আৰ্টছ্ শ্বে‍ইক’ অভিধাৰ বিপৰীতে ৰূপান্তৰমুখী কলাকৰ্ম বা কবিতাৰ কামো এয়ে। জীৱনমুখী জিজ্ঞাসাৰ লগে লগে শামুকৰ খোলা ভাঙি সমাজ বাস্তৱ আৰু কালচেতনাৰ অন্তহীন অন্বেষণ। সকলো শিল্পকলাৰ দৰে কবিতাও জীৱন, সংস্কৃতি আৰু ঐতিহ্য চিন্তাৰ সদৰ্থক সমালোচনা। উল্লেখনীয় যে পূর্বজ কবিৰ কবিতাত প্ৰাধান্য লাভ কৰা যি অন্তৰমুখী আত্মকথন, সেয়া সাম্প্রতিক কবিতাত সামাজিক অভিজ্ঞতাৰ জুমুঠি‍টোৰ ছাঁ-জোনাকলৈ উৎকৰ্ষিত হৈছে। লোককথাৰ কাষ চপা অসমীয়া আধুনিক কবিতাৰ বাগ্‌ধাৰাত এই পৰিবৰ্তন অৱধাৰিত নহয়; ই হয়তো দ্ৰুত পৰিৱৰ্তনশীল চলমান সময় আৰু  আধুনিক পৰিপ্ৰেক্ষাৰে অপৰিহাৰ্য প্ৰতিফলন।

বুকুত অহংকাৰৰ পাহাৰ গঢ়ি পিতায়ে আইক
কৈছিল—
শিয়ালৰ জাক জাক সিংহৰ এটা,
আইক আজিও সোধাৰ নহ’ল সাহস
পিতায়ে কিয় বাৰু তেনেকৈ কৈছিল

আন দহটা শিশুৰ দৰে পিতায়ে মোৰো নাম এটা থ’লে
পিতায়ে বাৰু কোন বোকাৰ পৰা তুলি আনি
মোৰ নাম থ'লে ‘কুমুদ’।
(পিতায়ে মোক আকাশ চুবলৈ কৈছিল)

       জাক জাক শিয়ালৰ মাজত সিংহ হোৱাৰ, অমানুহৰ মাজত সঁচা মানুহ হোৱাৰ যি সামাজিক মনন, অন্তৰতম প্রগাঢ় হেঁপাহ, সিয়ে কবিতাটোক মহিমামণ্ডিত কৰিছে। আকাশ চুবলৈ কবি হৃদয়ৰ যি হেঁপাহ, সেয়া স্বাধীনমনা কবিৰ স্বাভিমানৰ পৰিচায়ক। মাৰ্কিন কবি গিন্স্‌বাৰ্গে শিল্পমাধ্যম হিচাপে কবিতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে এনেদৰে মন্তব্য কৰিছে— “কবিতা হৈছে মানুহৰ মৌলিকতা প্ৰকাশ কৰাৰ এটা বিশ্বাসযোগ্য মাধ্যম।” জীৱনৰ উৎস যিদৰে জীৱন, সেইদৰে কবিতাৰ উৎসও জীৱন আৰু পৃথিৱীৰ বিশাল দিগন্ত। কবি সীতাকান্ত মহাপাত্রদেৱৰ মতে কেৱল নিজৰ জীৱনৰে নহয়, আনৰ জীৱনৰ গতিবিধিকো কবিৰ মনে মন্থন কৰে। মানুহৰ সুপ্ত প্ৰবৃত্তি আৰু মানৱীয় শক্তিৰ অন্তহীন সম্ভাৱনাৰ সম্পর্কে মানুহৰ ধাৰণা গভীৰৰ পৰা গভীৰতৰ কৰাত কবিতাৰ দৰে সূক্ষ্ম কলাকৰ্মৰ ভূমিকা অপৰিসীম। আনহাতে ফুল আৰু ফুলৰ সুগন্ধ, মাটিৰ মানুহ আৰু সৰগীয় মমতাৰ দৰে পাৰ্থিৱ-অপাৰ্থিৱৰ শিল্পীত ৰসায়নে (juxtaposition) কবিৰ কাব্যচেতনাক শব্দৰ জাগতিক জগতখনৰো ঊৰ্ধ্বৰ আধ্যাত্মিক উপলব্ধিৰ তুৰীয় স্তৰলৈ উত্তৰণ ঘটায়।

  ইয়াত ফুল আছে গোন্ধ নাই
  তাত শিশু আছে কলৰৱ নাই,
  ইয়াত পথাৰ আছে শস্য নাই
  তাত গছ আছে চৰাই নাই

  ক’ত কি আছে
  ক’ত কি নাই
  সিবিলাকৰ একোৰে  হিচাপ নাই

  দেশ আছে মাটি নাই
  মানুহ আছে মমতা নাই।
(এই বাটে নাহিবা)
    *                                        *
  নাম সলালেও আমাৰ ক্ষুধা একে থাকে
  নাম সলালেও আমাৰ লজ্জা একেই থাকে
  নাম সলালেও আমাৰ বাবে জাৰ-জহ একেই নামে
(ধন্যবাদ মহাশয়, ধন্যবাদ)

        মানৱ মনত দোলা দিয়া চিৰন্তন আৱে‍গ-অনুভূতিয়েই কবিতাৰ উপজীৱ্য। ‘এই বাটে নাহিবা’ কবিতাত বাট হেৰুওৱা ‘দেওলগা সময়’-ৰ ছবি প্ৰতিফলিত হৈছে। ‘গছ’ কবিতাটি কবিৰ নিসৰ্গ আৰু গভীৰ প্রকৃতি প্রীতিৰ চানেকি। “গছ মানেই ছাঁ--গছ মানেই জীয়াই থকাৰ বাসনা।’’ আমি অৱগত যে কুমুদ নিজেও এজন প্ৰকৃতি আৰু পৰিৱে‍শ সংৰক্ষণকৰ্মী। আদিগন্ত সেউজীয়াৰ শোভিত স্থাপত্য  বুকুৰ গভীৰত ধাৰণ কৰা বাবেই কবিৰ কাপেৰে নিঃসৃত হৈছে উচ্চ মানৰ কবিতা ‘গছ’।

গছৰ তলত ডাঙৰ হোৱা ল’ৰা মই
গছক চেৰাই যোৱাৰ সপোন অনবৰত।

       আনহাতে প্ৰগতিশীল সমাজবীক্ষাৰে চহকী কবি কুমুদ খুবেই সচেতন যে পুঁজিবাদে দেশত ক্ৰমে ঘনীভূত কৰিছে সামাজিক অস্থিৰতা আৰু অৰ্থনৈতিক বৈষম্য। আজি কেৱল ধনীক শ্ৰেণীয়েহে  সমাজ জীৱনৰ সকলো সুবিধা, সম্পদ কুক্ষিগত কৰিছে। গৰীৱ শ্ৰেণী দিনে দিনে অধিক গৰীৱ হৈ গৈ আছে। দলিত-পীড়িত-বঞ্চিত-বহেলিত তেওঁলোকে হা-হুমুনিয়াহ কাঢ়ি অন্ধকাৰত দিন কটাবলগীয়া হৈছে। সেই বাস্তৱ সত্যৰ ক্ৰুৰ উদ্ভাসন কুমুদৰ কবিতা।

আপুনি কেইবামহলীয়া ঘৰত থাকে
তাৰ পৰা সকলো ওচৰ,
আপুনি ঢুকি পোৱাত ঈশ্বৰ, আমাৰ পৰা বহু দূৰ।
                               (নামিলে ভাগিব ভুল আপোনাৰ)

      সংকলনত সন্নিৱি‍ষ্ট ‘মাজুলী’ কবিৰ  কল্পনা আৰু ভিজ্ঞতাৰ এটি  অনুপম সৃষ্টিকৰ্ম। বৰগীত, সত্ৰীয়া নৃত্য, খোল বাদন,, ভাওনা, সৱাহৰ দৰে বৰ্ণিল সত্ৰীয়া সংস্কৃতিৰ চৰ্চা-অনুশীলনৰ ৰত্নপীঠ মাজুলী হ’ল বিশ্বৰ বৃহত্তম নদীদ্বীপ— “ভূগোল খহি ইতিহাস হোৱা অবিচল মানুহৰ দেশ”। ভয়াৱহ বানপানী আৰু খহনীয়াত বছৰে বছৰে বিধ্বস্ত হোৱা হতভগীয়া মাজুলীবাসীৰ দুখ-দুৰ্দশাৰ কথা নজনা মানুহ হয়তো অসম মুলুকতে নাই।

   সৃষ্টিৰ প্ৰাৰ্থনাত কাতৰ
   গৰ্ভৱতী নাৰী যেন দ্বীপ,
   বাৰমাহে বহন কৰে যি কূটকূট বিষ।

   ভূগোল খহি ইতিহাস হোৱা
   বালিয়ে গিলি
   নদীয়ে খেদি পঠোৱা
   অবিচল মানুহৰ দেশ
   মাজুলী

   ঢৌৰ নাম যন্ত্রণা
   আশাৰ নাম তাত কল্পনা

   ইয়াৰ পৰা নুশুনি সিপাৰৰ মাত
   ইয়াৰ পৰা নেদেখি সিপাৰৰ ঘা।

    পঢ়ুৱৈৰ বাবে কবিতা এটা সততে বোধগম্য হোৱাৰ লগতে ৰসাপ্লুত হোৱা উচিত। পঢ়ি বুজি নোপোৱা কবিতা এটাক পঢ়ুৱৈ এজনে গুৰুত্ব নিদিয়াটোৱেই স্বাভাৱি‍ক। সচেতন কবি কুমুদ ঘোষে সহজবোধ্য কৰিবলৈ গৈ কবিতাৰ ভাষাক লোকগীতৰ পৰ্যায়লৈ অৱনমিত কৰা নাই। শিল্প-সচেতন কবিয়ে জানে, তেনে কৰিলে কবিতায়ো স্বাভাৱি‍ক ৰং-ৰূপ কলাত্মক সৌৰভ হেৰুৱাই পেলাব। কুমুদ ঘোষৰ সৃষ্টিশীল জীৱনৰ প্রথম কাব্যগ্রন্থ পিতায়ে মোক আকাশ চুবলৈ কৈছিল। ‘সংস্কৃতি প্রকাশন’-ৰ নিৱে‍দন এই পুথিৰ প্ৰচ্ছদশিল্পী দেৱকৃষ্ণ বৰুৱা। ইয়াত কবিৰ ভিন্ন বিষয় আৰু ভিন্ন স্বাদৰ পঁয়ত্রিছটা কবিতা সন্নিৱি‍ষ্ট হৈছে। সন্নিৱি‍ষ্ট প্ৰতিটো কবিতাৰ আকৰ্ষণীয় স্কেচ্ শিল্পী চালেহা আহমেদৰ। আমি লক্ষ্য কৰিছোঁ যে প্রথম কাব্যগ্রন্থ হ’লেও আন তৰুণসকলৰ তুলনাত কবি কুমুদৰ কবিতাবোৰৰ ভাৱ, ভাষা আৰু উপস্থাপনশৈলী অধিক আকৰ্ষণীয় আৰু উচ্চ মানৰ। এইখিনিতে উল্লেখযোগ্য যে বাংলা ভাষাৰ পৰা অসমীয়ালৈ ভাঙনি কৰা কবিতাবোৰো কুমুদৰ মননশীলতা আৰু চহকী স্বজ্ঞাৰ উজ্জ্বল চানেকি। অসমীয়া আৰু বাংলা ভাষাৰ বাছকবনীয়া কবিতাবোৰৰ পঠন-অধ্যয়নে তেওঁৰ মৌলিক কবিতাবোৰৰ ফৰ্ম আৰু ভাব-ভাষাতো সদৰ্থক প্ৰভাৱ পেলোৱাটো খুবেই স্বাভাৱিক। মূলতঃ সৰল হ’লেও কবিৰ প্ৰায়বোৰ কবিতাই ইন্দ্ৰিয়জ শিহৰণ আৰু সুকুমাৰ সৌন্দর্যৰে বাংময় আৰু স্পন্দনশীল,— “simple, sensuous and passionate.” আমি জানো, কুমুদ ঘোষৰ মাতৃভাষা অসমীয়া; বঙালী নহয়। কিন্তু বাংলা ভাষাতো তেওঁৰ অসামান্য দখল। উচ্চ মানৰ বাংলা প্রগতিশীল কবিতাৰ অনুবাদৰ লগতে আধুনিক অসমীয়া কবিতাৰ অবিৰত চৰ্চা-সম্পৰীক্ষাৰ মাজেদি কুমুদে অসমীয়া ভাষাটোৰ ঐশ্বৰ্য আৰু সম্ভাৱনাৰ সন্ধানতো অহোপুৰুষাৰ্থ কৰিছে। বিনয়ী, স্বল্পভাষী কবি কুমুদ যোৰহাট জিলাৰ নকছাৰি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক। স্বাভিমানী কবিগৰাকীয়ে অধ্যাপনাৰ লগতে ভাষাচৰ্চা আৰু কাব্য সাধনাক আপোন জীৱনচৰ্যা হিচাপে গ্ৰহণ কৰিছে। আধুনিক অসমীয়া সাহিত্যৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কবিতাৰ বুকুৰ মানৱীয় প্রমূল্যৰাজি আৰু সমাজ সংস্কৃতিৰ ৰূপান্তৰত বিশ্বাসী, প্রচুৰ অধ্যয়নশীল আৰু অধ্যৱসায়ী কবি কুমুদ ঘোষে কঢ়িয়াই আনিছে নতুন আশাৰ ৰেঙনি‍৷ ⃟

ভ্ৰাম্যভাষ: ৭০০২৩০৩৮৮২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ