‘এক আচৰিত সৌভাগ্য’ পঢ়ি
জুন মাহৰ ‘অন্যযুগ’-ত
সঞ্জীৱ সভাপণ্ডিতৰ ‘এক
আচৰিত সৌভাগ্য’ এটা অৰ্থপূৰ্ণ কবিতা, এটা প্ৰেৰণাময় গান, এক ভাবোদ্দীপক বক্তব্য৷
লেখাটো পঢ়ি অভিভূত হৈ লেখকক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ৷ তেখেতৰ লেখাটো পঢ়াৰ পাছত
কথাখিনিয়ে মনটো খুন্দিয়াই থাকোঁতে ঘৰৰ বাহিৰলৈ ওলাই আহিবলগা হ’ল— ক’ভিড-১৯-ৰ বিপৰ্যস্ত সময়ত
সহায়ৰ হাত আগবঢ়াই এজনে মোলৈ বজাৰৰ সামগ্ৰী কিছুমান লৈ আহিছে৷ মানুহজনক দেখি হঠাতে
মনলৈ আহিল এইমাত্ৰ সভাপণ্ডিতে উল্লেখ কৰা সৌভাগ্যৰ অধিকাৰী এইজনেই নহয়নে? প্ৰায় ডেৰ দশক জুৰি মানুহজনক
ওচৰৰ পৰা পাই আহিছোঁ, দেহ-মনেৰে সুস্থ এগৰাকী তজবজীয়া ডেকা৷ মুখত
মিচিকীয়া হাঁহি আৰু কথাত আন্তৰিকতা নোহোৱাকৈ তেওঁক কাহানিও দেখা নাই৷ নতুন
চুবুৰিটোত দৈনিক খবৰ কাগজৰ যোগান ধৰিবলৈ গৈ এই পোন্ধৰ বছৰে কিহৰ যোগান নধৰাকৈ থকা
নাই তেওঁ! তেওঁৰ সেৱাৰ হিতাধিকাৰী কেৱল ময়ে নহয়, ওচৰৰ-পাঁজৰৰ সকলো তেওঁৰ
সেৱা-ঋণগ্ৰস্ত৷ কিতাপ, বহী, কাগজ, পেঞ্চিল, ডট্পে’নৰ পৰা আৰম্ভ কৰি কৰিব পৰা
সকলো অনলাইন সেৱা তেওঁ অকণো আমনি নোপোৱাকৈ কৰি যায়৷ কেতিয়াবা দুই-এদিন ভাগৰুৱা যেন
লাগে। সুধিলে কয়, লগৰজন বা লগৰজনৰ সম্বন্ধীয় কোনোবা হস্পিটেলত
আছে, বেমাৰীৰ লগত থাকিবলগা হৈছে বা খোৱা-বোৱাৰ যোগাৰ দিবলগা হৈছে৷ লগৰ বুলিয়ে নহয়, চিনাকি যিকোনো লোককে সহায়
কৰিবলৈ যেন তেওঁ সদা প্ৰস্তুত! জীয়েক দুজনীকো সময় দিয়ে, বছৰত এবাৰ দীঘলীয়াকৈ অসমৰ
বাহিৰলৈ সপৰিয়ালে ফুৰিবলৈ যাবলৈ বছৰৰ আৰম্ভণিতে আঁচনি যুগুত কৰে৷ আংশিক লক্ডাউনৰ
সময়ত দুপৰীয়াই ঘৰলৈ আহিবলগা হ’ল৷ দিনটো কি আমনি লগাই ঘৰত
এনেয়ে শুই-বহি থাকিব? ওহোঁ নহয়, ঘৰটোত নতুনকৈ ৰং দিয়াৰ কাম আৰম্ভ কৰি দিলে৷
বাহিৰৰ গেট পৰ্যন্ত ৰং দি শেষ হোৱাৰ পাছত কাঠমিস্ত্ৰীৰ হাতুৰী-বটালি, কৰতৰ বাকচ উলিয়াই ল’লে৷
এইবাৰ ঘৰৰ জোতাৰ ৰেক্, পাকঘৰৰ মচলা থোৱা ৰেক্ আদি নতুন ডিজাইন দি
নিৰ্মাণ কৰা কামত লাগি গ’ল৷ গধূলি গধূলি অসমীয়া কিতাপ পঢ়াৰ নিচাতো আছেই— যোৱা মাহত হোমেন বৰগোহাঞি আৰু
লক্ষ্মীনন্দন বৰাৰ কিতাপৰ নিৰ্বাচিত কিছুমানৰ পুনৰ পঠনেৰে সদ্যপ্ৰয়াত সাহিত্যিক
দুগৰাকীলৈ শ্ৰদ্ধা জনাইছে৷ বৰগোহাঞি তেখেতৰ অন্যতম প্ৰিয় লেখক৷ ডিব্ৰুগড়ৰ
সম্ভ্ৰান্ত প্ৰকাশক বনলতাৰ লগত দীৰ্ঘদিনীয়া সম্পৰ্কৰ কাৰণে অনেক লেখক সাহিত্যিকৰ
লগত তেওঁৰ চিনাকি আছে৷ কাম কৰি যে অন্তৰৰ পৰা ভাল পায়, যিমান সৰু ডাঙৰ কামেই নহওক
কাম শেষ হ’লে যি আনন্দপ্ৰাপ্তি হয় সেয়া তেওঁ অকপটে উপভোগ কৰে৷
সভাপণ্ডিতৰ লেখাটোৱে মোক জনালে, এই মানুহজনে ‘কামত
গান বিচাৰিব’ জানে, কামৰ লগত গানৰ সম্পৰ্ক মানৱজাতিৰ আৰম্ভণিৰ পৰাই
যে! এই মানুহজনৰ ‘দুয়োখন
হাত, দুয়োটা চকু, দুয়োখন কাণ আৰু বুকুখন কামেৰে ভৰপূৰ’ হৈ থাকে, সেয়েহে এওঁ ইমান সৌভাগ্যৱান! May his tribe increase!
এনে এখন চকু গজোৱা ৰচনা লেখাৰ কাৰণে সভাপণ্ডিতলৈ কৃতজ্ঞতা জনালোঁ৷ ৰচনাখনে কলেজত পঢ়া Miller of the Dee নামৰ কবিতাটোলৈ মনত পেলালে৷
ড° পৰমানন্দ মহন্ত
ডিব্ৰুগড়, ২৫ জুন,
২০২১