দ্বিতীয় পত্ৰ
ভিয়োৰিজিঅ’ পিছাৰ কাষত (ইটালি)
৫ এপ্ৰিল, ১৯০৩
আজি তোমাক মই ক’ব
খোজা দ্বিতীয় কথাটো হ’ল—
মোৰ আটাইবোৰ
কিতাপৰ ভিতৰত মাত্ৰ কেইখনমানহে মোৰ বাবে অপৰিহাৰ্য। আৰু ইয়াৰে দুখন মই য’তেই
নাথাকোঁ লাগে, মোৰ বস্তুবিলাকৰ লগত সদায় থাকে।
আজিও সেই দুখন মোৰ লগত আছে: বাইবেলখন আৰু
ডানিছ লেখক জাঁ পিটাৰ জেকবছেনৰ (Jens Peter Jecobsen) গ্ৰন্থ।
তেওঁৰ ৰচনাৰ বিষয়ে তুমি জানানে? তুমি তেওঁৰ
গ্ৰন্থবোৰ সহজেই পাবা। কেইবাখনো গ্ৰন্থ ৰিক্লাম’ছ য়ুনিভাৰ্ছেল লাইব্ৰেৰিয়ে খুব সুন্দৰকৈ অনুবাদ কৰি উলিয়াইছে। জে.পি. জেকবছেনৰ Six Stories নামৰ
সৰু কিতাপখন আৰু Niels Lyhne নামৰ
উপন্যাসখন। প্ৰথম কিতাপখনৰ ‘ম’গেনছ’
(mogens) নামৰ গল্পটোৰেই আৰম্ভ কৰা। এখন পৃথিৱী তোমাৰ সন্মুখত
উপস্থিত হ’ব; আনন্দ, প্ৰাচুৰ্য, পৃথিৱীৰ
বোধাতীত বিশালতা। এই কিতাপবিলাকৰ সৈতে অলপ সময় কটোৱা; শিকিবৰ
উপযুক্ত বুলি ভবাবোৰ শিকি লোৱা। তাতকৈ ডাঙৰ কথা সিবিলাকক ভাল পোৱা। এই ভালপোৱাই
তোমাক হাজাৰ হাজাৰ গুণে প্ৰতিদান দিব; তোমাৰ জীৱনে
যিফালেই মোৰ নলওক লাগে— মই নিশ্চিত— তোমাৰ বিকাশৰ বহুৰঙী স্তৰৰ মাজেৰে বৈ যোৱা আনন্দ আৰু হতাশাৰ গুৰুত্বপূৰ্ণ
সূতাকেইডালৰ মাজৰ এডাল সূতা হ’বগৈ এই অভিজ্ঞতা।
তৃতীয় পত্ৰ
ভিয়োৰিজিঅ’, পিছাৰ কাষত (ইটালি)
২৩ এপ্ৰিল, ১৯০৩
ইষ্টাৰৰ দিনা তুমি দিয়া চিঠিখনে মোক বৰ আনন্দ দিলে, কল্যাণীয় মহাশয়। চিঠিখনত তোমাৰ বিষয়ে বহুত ভাল কথা কোৱাৰ লগতে জেকব্ছেনৰ মহান কৰ্মৰ আৰু সমাদৃত শিল্পৰ বিষয়ে তুমি যিদৰে কৈছা, সেইটোৱে এই কথাৰ প্ৰত্যয় দিয়ে যে তোমাৰ জীৱনৰ পথ দেখুৱাওঁতে আৰু ইয়াৰ বহু প্ৰশ্নৰ উত্তৰৰ বাবে প্ৰাচুৰ্যপূৰ্ণ উৎসৰ দিহা দিওঁতে মই ভুল কৰা নাই।
এতিয়া Niels Lyhme-এ তোমাৰ সন্মুখত গৌৰৱ আৰু গভীৰতাৰ পাঠ দাঙি ধৰিব। যিমান সঘনে এই কিতাপ পঢ়া
হয়, ইয়াৰ মাজতে সকলো পোৱা হয়— জীৱনৰ
সূক্ষ্মতম সুগন্ধিৰ পৰা আটাইতকৈ ডাঙৰ ফলটোৰ সোৱাদলৈকে। ইয়াত এনেকুৱা একো নাই, যাক
বুজি পোৱা, আয়ত্ত কৰা, অভিজ্ঞতা পোৱা
আৰু পাছত উত্তাল স্মৃতি পেৰাৰ পৰা চিনি উলিয়াব নোৱাৰি। ইয়াত কোনো অভিজ্ঞতাই তুচ্ছ
নহয়। তেনেই সাধাৰণ ঘটনা এটাও বিধিৰ বিধান হিচাপে মুকুলিত, ভাগ্য
নিজেও অতিশয় আশ্চৰ্যময় যেন এটা আচৰিত বিশাল জালচক্ৰ। য’ত প্ৰতিডাল সূতা অসীমভাৱে কোমল এখন হাতে গুঁঠিছে আৰু এডালক আনডালৰ কাষত
ৰখা হৈছে আৰু তেনে হাজাৰডাল সূতাই তাক ধৰি আছে আৰু বহন কৰিছে। প্ৰথমবাৰ কিতাপখন
পঢ়োঁতে তুমি অপৰিসীম আনন্দ পাবা আৰু এটা নতুন স্পানৰ দৰে ইয়াৰ সীমাহীন আশ্চৰ্যৰ মাজেৰে যাত্ৰা কৰিবা। মই তোমাক ক’ব পাৰোঁ ইয়াৰ
পাছতো যদি কোনোবাই এই কিতাপবোৰ বাৰে বাৰে পঢ়ে, সেই একে
আশ্বৰ্যৰেই পঢ়ে; ইয়াৰ সেই যাদুকৰী শক্তি আৰু কথনৰ পৰা একো হেৰাই নাযায়, যিটোৱে
প্ৰথমবাৰ পঢ়োঁতে তেওঁক আচ্ছন্ন কৰিছিল।
যিকোনো
ব্যক্তিয়ে ইয়াৰ অধিক জুতি ল’ব বিচাৰে আৰু সদায় অধিক কৃতজ্ঞ হয়!
জীৱনটো অধিক সুখেৰে আৰু ব্যাপ্তিৰে জীয়াই থকাৰ প্ৰতি নিজৰ বিশ্বাসটো অধিক উত্তম
আৰু সহজ কৰাত মনোনিৱেশ কৰে! নিজৰ মনোযোগত অধিক উত্তম আৰু সাৱলীল হয়, জীৱনৰ
প্ৰতি বিশ্বাস গাঢ় হয় আৰু জীৱনটো সুখেৰে আৰু ব্যাপ্তিৰে জীয়াই থাকে।
ইয়াৰ পাছত তুমি
পঢ়িব লাগিব Marie Grabbe: নিয়তি আৰু
আকাংক্ষাৰ আচৰিত গ্ৰন্থ; জেকব্ছেনৰ চিঠিবোৰ
আৰু তেওঁৰ ডায়েৰিৰ পৃষ্ঠাবোৰ, খণ্ড
ৰচনাবোৰ (fragments) আৰু শেষত তেঁওৰ কবিতাবিলাক (যদি
সেইবোৰ ভালকৈ অনুবাদ কৰা হৈছে) যি ইয়াৰ শাশ্বত শব্দৰ মাজত জীয়াই থাকে। (এই
ক্ষেত্ৰত মই তোমাক উপদেশ দিওঁ, যেতিয়াই সুবিধা
পোৱা জেকব্ছেনৰ ধুনীয়া সমগ্ৰ ৰচনাৱলী কিনিবা, য’ত
এই আটাইবোৰ আছে। তিনিটা খণ্ডত প্ৰকাশ হৈছে। অনুবাদ ভাল। Leipzig-ৰ Eugen Diederichs-এ প্ৰকাশ
কৰিছে। দামটো বোধ কৰোঁ খণ্ডটোৱে প্ৰতি ৫ বা ৬ মাৰ্কছকৈ হ’ব
নেকি!)
তোমাৰ মতে ‘তাত
অলপ গোলাপ থাকিব লাগিছিল...’ ( সেই অতুলনীয়
দক্ষতা আৰু গাঁথনিত)। তুমি নিশ্চয়কৈ, নিশ্চয়কৈ
তৰ্কাতীতভাৱে শুদ্ধ; ঠিক ‘অৱতৰণিকা’ লিখা
লেখকজনৰ বিপৰীতে। এইখিনিতে মই তোমাক পোনপটীয়াকৈ এটা অনুৰোধ কৰিব বিচাৰোঁ— শিল্পকলাৰ
সমালোচনাৰ কিতাপ যিমান পাৰা সিমান কমকৈ পঢ়িবা— এইবোৰ হয় অনুগতৰ
দৃষ্টিভংগী, জঠৰ, জীৱনহীন
প্ৰশস্তিৰে (induration) প্ৰাণহীন; অথবা
সেইবোৰ চতুৰ যুক্তিতৰ্ক, য’ত আজি এটা মতামত
জয়ী হৈছে, কাইলৈ অন্য এটা। শিল্পকৰ্মসমূহ
অসীম নিঃসংগতাৰ (words of art are of an infinite loneliness) সমালোচনাৰ
জৰিয়তে তাত উপনীত হ’ব নোৱাৰি। কেৱল প্ৰেমে তাক ধৰিব পাৰে (ঠাৱৰ
কৰিব পাৰে) আৰু ন্যায় কৰিব পাৰে। তোমাৰ নিজৰ কথা চিন্তা কৰা, এনেবোৰ
যুক্তি, আলোচনা
বা পাতনিৰ প্ৰতি প্ৰতিবাৰে তোমাৰ অনুভৱখিনি— যদি তোমাৰ ভুল
হৈছে তেন্তে তোমাৰ অন্তঃজগতৰ বিকাশ (growth) ধীৰে ধীৰে
সময়ৰ লগে লগে অন্য অন্তৰ্দৃষ্টিলৈ গতি কৰিব। তোমাৰ নিজা মতামতবোৰক কোনো অশান্তি
নোহোৱাকৈ বিকশিত হ’বলৈ এৰি দিয়া; ই তোমাৰ
অন্তৰাত্মাৰ পৰা আহিব লাগিব, কোনো ধৰণৰ হেঁচা
প্ৰয়োগ বা লৰালৰি নচলিব। প্ৰত্যেকৰে ফলসূচনাৰ বিৰতি আছে; আৰু তাৰ
পাছত সকলো উদ্ভৱ হয়। প্ৰতিটো (gestation) ইম্প্ৰেশ্যন আৰু
অনুভূতিৰ বীজ স্বয়ংসম্পূৰ্ণ হ’বলৈ দিয়া— তোমাৰ
নিজা বুদ্ধিমত্তাৰ ঊৰ্ধ্বৰ আন্ধাৰ, অপ্ৰকাশ্য
অৱচেতনত। গভীৰ বিনয় আৰু ধৈৰ্যৰে তুমি অপেক্ষা কৰা এক নতুন ‘স্পষ্টতা’-ৰ জন্ম লৈ— এইটোৱেই শিল্পী-জীৱন জীয়াই থকা— বোধেৰে, সৃষ্টিৰে।
সময়ৰ হিচাপ অদৰকাৰী, বছৰৰ কোনো কথা নাই, দহ বছৰো একো নহ’ব। শিল্পী হোৱাৰ অৰ্থ লেখ লোৱা আৰু গণনা কৰা নহয়; বৰং সেই বৃক্ষৰ দৰে পৰিপক্ক হোৱা যি নিজৰ পুলিটোক কোনো জোৰ-জবৰদস্তি নকৰে, বৰং বসন্তৰ ধুমুহাত প্ৰত্যয়েৰে থিয় হৈ থাকে, গ্ৰীষ্মকাল নাহিবও পাৰে বুলি ভয় নকৰে। কিন্তু আহে; সেইজনৰ বাবে আহে যি নিৰুদ্দিগ্নভাৱে শান্ত আৰু প্ৰশস্তভাৱে থাকে, যেন অনন্ত কালে ধৰা দিয়েহি। মই দৈনিক শিকিছোঁ, বৰ কষ্টৰে শিকি মই কৃতজ্ঞ। ধৈৰ্যই সকলো! আচল কথা।
ৰিচাৰ্ড দেহমেল:
তেওঁৰ গ্ৰন্থই মোক আকৰ্ষণ কৰে (অৱশ্যেই মানুহজনেও। মই তেওঁক সাধাৰণভাৱে চিনি
পাওঁ)। মোক এনেকৈ আকৰ্ষণ কৰে যে, যেতিয়া তেওঁৰ
এটা পৃষ্ঠা পাওঁ, আনটো পৃষ্ঠাৰ কাৰণে ভয় খাওঁ। কাৰণ
সেই পৃষ্ঠাটোৱে আটাইখিনি কথা খেলিমেলি লগাব পাৰে আৰু এতিয়ালৈকে যি আকৰ্ষণীয় আছিল
তাক মূল্যহীন কৰি তুলিব পাৰে। তুমি তেওঁক এই বুলি চৰিত্ৰায়ণ কৰিব
পাৰা। ‘হৃদয়ত জীয়াই থকা আৰু লিখা’ —দৰাচলতে শৈল্পিক অভিজ্ঞতা অতি ঘনিষ্ঠভাৱে
(incredibly) যৌন
অভিজ্ঞতাৰ সৈতে একে— ইয়াৰ যন্ত্ৰণা আৰু চৰম সুখ। এই দুয়োটা
প্ৰকাশেই পৃথক যদিও মূলতঃ এক, একেই আকুলতা আৰু
আনন্দ। আৰু যদি উত্তাপ সত্ত্বেও ক’ব পাৰি— যৌনতা— মহত্ত্বৰ মুক্ত
আৰু নিকা অৰ্থত ধৰ্মীয় দিশৰ কোনো দোষৰ পৰা মুক্ত, তেওঁৰ
শিল্পও তেনে মহৎ-গহীন (grand) আৰু অসীম
গুৰুত্বপূৰ্ণ। আদিম প্ৰবৃত্তিটোৰ দৰেই তেওঁৰ কাব্যিক শক্তি মহৎ আৰু শক্তিশালী হ’ব, ইয়াৰ
স্বকীয় অদম্য ছন্দ আছে। এইটো তেওঁৰ পৰা উদ্ভৱ হয় যেন পৰ্বতমালাৰ পৰা উঠি অহা ছন্দ।
কিন্তু এই শক্তি
সকলো সময়তে সৎ আৰু সমস্যামুক্ত নহ’বও পাৰে। (কিন্তু এইটোৱেই
সৃষ্টিশীল ব্যক্তি এজনৰ বাবে আটাইতকৈ কঠিন পৰীক্ষা। নিজৰ উত্তম গুণবিলাকৰ সম্পৰ্কে
তেওঁ অসচেতন আৰু নিঃসন্দেহী হৈ থাকিব লাগিব, যদিহে
এইবিলাকৰ মৌলিকত্ব আৰু পূৰ্বস্পৰ্শহীনতা হেৰুৱাব নিবিচাৰে।) যেতিয়া এই ভাব তেওঁৰ
সত্তাৰ মাজেদি প্ৰবাহিত হয়, তেতিয়াই যৌনতা আহে, কাৰণ
ইয়াৰ বাবে প্ৰয়োজনীয় পৱিত্ৰ মানুহ তেওঁতকৈ আৰু কোনো নাই। কিন্তু প্ৰকৃততে (অনুপুংখভাৱে)
পৈণত আৰু পৰিষ্কাৰ যৌনতা পাবলৈ নাই, আনকি যথেষ্ট
মানৱীয় বুলিবও নোৱাৰি, বৰং কেৱল পৌৰুষ-যৌনতা হ’ল
উত্তেজনা, নিচা, অস্থিৰতা, অন্ধবিশ্বাস, অহংকাৰেৰে
পৰিপূৰ্ণ। ই মানুহক বিকৃত কৰে আৰু প্ৰেমক বোজালৈ পৰিণত কৰে। কাৰণ তেওঁ কেৱল এজন
মানুহক ভাল পায়। মানৱসত্তা হিচাপে। এই কাৰণেই তেওঁৰ যৌন অনুভূতি সংকীৰ্ণ, বন্যপ্ৰায়, ঘৃণাৰে
পূৰ্ণ, সময়সাপেক্ষে
বিনাশশীল। ই তেওঁৰ শিল্পক নিম্ন কৰে, ইয়াক অস্পষ্ট, দ্ব্যৰ্থক
আৰু সন্দেহজনক কৰি তোলে। ই সম্পূৰ্ণৰূপে পৰিষ্কাৰ নহয়, ই সময়
আৰু আৱেগৰ দ্বাৰা প্ৰভাৱিত। ইয়াৰ একো বৰ্তি নাথাকে। (কিন্তু প্ৰায়বোৰ শিল্পই
এনেকুৱা) তৎসত্ত্বেও তাত থকা যি মহৎ গুণ আছে তাকে লৈ আনন্দ কৰিব পাৰি। মাথোন ইয়াৰ
মাজত নিজকে হেৰুৱাব নালাগিব, তেওঁ হ’ব
লাগিব—Dehmelian জগতৰ সৈতে সংযুক্ত, যিখন
জগত অপ্ৰকাশ্যভাৱে! ভাষাহীনভাৱে আতংকগ্ৰস্ত, যৌনাচাৰ আৰু
সন্দেহেৰে পৰিপূৰ্ণ। প্ৰকৃত নিয়তি, যি অধিক
দুখ-কষ্ট দিয়ে, তাৰ পৰা বহু নিলগৰ এইবোৰ হ’ল সাময়িক যন্ত্ৰণা।
অথচ এইবোৰেই মহত্ত্বৰ বাবে অধিক সুযোগ আৰু চিৰন্তনৰ কাৰণে অধিক সাহস দিয়ে।
অৱশেষত মোৰ
কিতাপৰ কথা। মই তোমালৈ আটাইবোৰ পঠিয়াই দিয়াই উত্তম হ’ব।
ইয়ে তোমাক অধিক আনন্দ দিব। কিন্তু মই বৰ দুখীয়া। প্ৰকাশ হোৱাৰ পাছত মোৰ কিতাপবোৰ
মোৰ হৈ নাথাকে। মই সেইবোৰ কিনিবও নোৱাৰোঁ— যদিও মই সেইবোৰক
তেনে ব্যক্তিসকলক দিবলৈ বিচাৰোঁ, যাৰ ওচৰত ইহঁতে
মৰম পাব।
সেই কাৰণে, মই তোমালৈ শেহতীয়া কিতাপৰ এখন তালিকা (প্ৰকাশৰো) লিখিছোঁ। (শেহতীয়াখনৰ সৈতে মোৰ বাৰ বা তেৰখনমান হ’লগৈ নেকি)। কল্যাণীয়, বাকীখিনি তোমালৈ এৰিছোঁ— সময়-সুবিধা বুজি অৰ্ডাৰ কৰিবলৈ।
মোৰ কিতাপখিনি
তোমাৰ সংগ্ৰহত থাকিব বুলি ভাবি ভাল লাগিছে।
বিদায়
তোমাৰ
ৰেইনাৰ মাৰিয়া ৰিল্কে