মূল : উত্তম দত্ত
অনুবাদ
: ময়ূৰী শৰ্মা বৰুৱা
(লেখক পৰিচিতি : উত্তৰ বঙ্গ বিশ্ববিদ্যালয়ৰ কোচবিহাৰ কেম্পাছত বাংলা ভাষা-সাহিত্যৰ অধ্যাপকৰূপে কৰ্মৰত উত্তম দত্তদেৱ একাধাৰে এগৰাকী প্ৰতিষ্ঠিত কবি, চুটি গল্প লেখক তথা প্ৰবন্ধকাৰ। ইতিমধ্যে প্ৰকাশিত একাধিক কবিতা সংকলন, গৱেষণা গ্ৰন্থৰ মাধ্যমেৰে তেখেত সমকালীন বাংলা সাহিত্যৰ এটি সুপৰিচিত নাম। দেশ-বিদেশৰ ক্লাছিকেল সাহিত্য, ৰবীন্দ্ৰনাথৰ গান তথা প্ৰবন্ধ, ইতিহাস, পুৰাণ, লোক সংগীত, কবি-লেখকৰ আত্মজীৱনী তথা সাক্ষাৎকাৰ, ভ্ৰমণ আৰু নিৰ্জনতাৰ দৰে বিষয়ত আগ্ৰহী দত্তদেৱে বাংলা কথা সাহিত্যত দেশ বিভাজন আৰু উদ্বাস্তু সমস্যা বিষয়ত গৱেষণা কৰিছে৷)
যৌন মিলনৰ সময়ত
নাৰীৰ অৱস্থান ক’ত হ’ব? পুৰুষৰ তলত নে ওপৰত? অপ্ৰত্যাশিতভাৱে এই বিতৰ্কৰ ওৰ
পৰিছিল পৃথিৱীৰ সৰ্বপ্ৰথম বিৱাহ-বিচ্ছেদত। প্ৰথম মানৱী লিলিথে তেওঁৰ পুৰুষ সঙ্গী
আদমক পৰিত্যাগ কৰি এই মাটি-বালিৰ ধৰালৈ গুচি আহি লোহিত সাগৰৰ পাৰত দৈত্যসকলৰ লগত
স্বাধীন যৌনাচাৰত লিপ্ত হৈ স্বশাসিত জীৱন যাপনেৰে নিজৰ মুক্তি বিচাৰি পাইছিল।
বুক অব জেনেছিছত কোৱামতে, ঈশ্বৰে পোনতে আদমক সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত আদমৰ নিঃসংগতা আৰু যৌনতৃষ্ণা চৰিতাৰ্থ কৰাৰ বাবেহে তেওঁ একে মাটিৰ উপাদানেৰে লিলিথক সৃষ্টি কৰে। কিন্তু লিলিথ আৰু আদমৰ মাজত আছিল নৈমিত্তিক কাজিয়াৰ সম্পৰ্ক৷ লিলিথে কোনোদিনেই আদমৰ পুৰুষতন্ত্ৰৰ স্বৈৰাচাৰ মানি লোৱা নাছিল। সেইবুলি তেওঁ দাম্পত্যৰ সম্পৰ্ককো অগ্ৰাহ্য কৰা নাছিল। তেওঁ বৰং আদমৰ সমকক্ষতা দাবী কৰিছিল। নাৰীৰ এই আধিপত্য স্পৃহা আৰু সমতাৰ অধিকাৰক আদি মানৱ আদমে মানি ল’বলৈ অস্বীকাৰ কৰিলে। তেওঁ লিলিথক বিছনাত শুৱাই নিজে ওপৰত থাকি সম্ভোগ কৰিবলৈ বিচাৰে। কেৱল সেয়াই নহয়- লিলিথৰ ইচ্ছাৰ বিৰুদ্ধেও সঙ্গম কৰিবলৈ উদ্যত হয়। আনপিনে আদমৰ ওপৰত অৱস্থান কৰি যৌনক্ৰিয়া কৰিবলৈ আগ্ৰহী আছিল লিলিথ। এইখিনিতে আদমৰ পৌৰুষ আহত হয়। তেওঁ পুৰুষ, কিয় থাকিব তেওঁ এজনী মাইকী মানুহৰ তলত? তেওঁৰ ইচ্ছানুসাৰেহে সঙ্গম প্ৰক্ৰিয়া পৰিচালিত হ’ব। লিলিথক তেওঁ জনাই দিয়ে : You are fit only to be in the bottom position.
তদুপৰি মই তোমাতকৈ শ্ৰেয়ঃ, গতিকে মই তোমাৰ ওপৰত থাকিম৷
কিন্তু আদমৰ সেই
যুক্তিক লিলিথে কোনোমতেই মানি ল’ব নোৱাৰে। তেওঁ ক’লে, আমি এজনো আনজনতকৈ শ্ৰেয়ঃ নহওঁ। বৰঞ্চ মৰ্যাদাৰ দিশত আমি উভয়েই সমানহে।
তেতিয়া প্ৰচণ্ড তৰ্ক-বিতৰ্কৰ অন্তত লিলিথ স্বৰ্গৰ পৰা পৃথিৱীলৈ গুচি আহিল।
দেখা গৈছে যে
লিলিথ আছিল পুৰুষতন্ত্ৰৰ আধিপত্যৰ বিৰুদ্ধে মাত মতা প্ৰথমগৰাকী প্ৰতিবাদী নাৰী।
তদুপৰি নাৰীৰ ইচ্ছা বিৰুদ্ধ যৌনমিলনক যদি ধৰ্ষণ বোলা হয়, তেন্তে পৃথিৱীৰ প্ৰথম ধৰ্ষক মানৱ হ’ল আদম।
যুগ যুগান্তৰ
ধৰি ঘৰ এৰি পলায়ন কৰা বা স্বেচ্ছাচাৰিণী নাৰীক পুৰুষৰ পৃথিৱীয়ে ভাল চকুৰে চোৱা
নাই। দানৱ সঙ্গমত অভ্যস্ত লিলিথেও সেইহেতুকে চিৰকাল নানান কদৰ্য অপবাদ সহিবলগীয়া
হৈছে। যুগে যুগে তেওঁক চিহ্নিত কৰা হৈছে বিদ্ৰোহিনী এক নেতিবাচক চৰিত্ৰ হিচাপে।
ইহুদী সমাজ আৰু ধৰ্মত লিলিথ হ’ল আন্ধাৰৰ নাৰী, অশুভ আত্মা, হত্যাকাৰী তিৰোতা, শিশুখাদক এক মায়াবিনী ডাইনী।
চাৰি হাজাৰ বছৰ ধৰি
সুমেৰীয় মিথত, ইহুদীসকলৰ সমাজত আৰু গ্ৰন্থত, ইজিপ্ত সভ্যতাত লিলিথ
নামক চৰিত্ৰটি জীয়াই আছে। কোনো পুৰুষ যদি ঘৰত অকলে শুই থাকে, তেন্তে তেওঁ লিলিথৰ ফান্দত সোমাব পাৰে। এইদৰে
বেবিলনীয় ধৰ্মপুথিত লিখা আছে৷ পুৰুষৰ সৈতে সঙ্গমৰ মাধ্যমেৰে
লিলিথে চয়তানবোৰক জন্ম দিয়ে বোলা ধাৰণাটো তেওঁলোকৰ মাজত বদ্ধমূল আছিল।
আদম অথবা ঈশ্বৰৰদ্বাৰা
নিয়ন্ত্ৰিত হ’বলৈ নিবিচৰা লিলিথক ‘উন্নাসিক
নাৰী’ বোলা হৈছে। আন এক মিথত দেখা গৈছে : লিলিথ সাপ হৈ স্বৰ্গৰ
বাগিচালৈ যায় আৰু ইভৰ সৈতে বন্ধুত্ব স্থাপন কৰে। পৰৱৰ্তী সময়ত তেওঁলোক উভয়ে ভাবৰ
আদান-প্ৰদান কৰে। দুয়ো মিলি বন্ধুৰ দৰে একেলগে জ্ঞানৰ অন্বেষণ কৰে। এনেকৈয়ে এসময়ত ইভে স্বৰ্গীয় বৃক্ষৰ নিষিদ্ধ আপেলটো খায়।
এই কাহিনীৰ ওপৰত
ভিত্তি কৰি বহু কবিয়ে দুগৰাকী নাৰীৰ সমকামিতাক লৈ বহু কবিতাও ৰচনা কৰিছে।
হিব্ৰু ভাষাত
লিলিথ শব্দৰ অৰ্থ ৰাতি বা ৰাতিৰ নাৰী বা অপদেৱতা। ছুমেৰীয় ভাষাত লিলিথৰ অৰ্থ হৈছে বতাহ
বা উশাহ নাইবা বায়ুৰ উপাদান। হিব্ৰু ভাষাত ইয়াৰ অৰ্থ আত্মা অথবা আত্মা-সম্বলিত
প্ৰাণী।
এজন ইৰাকী
ব্যক্তিয়ে বাগদাদৰ ওচৰত চাৰি হাজাৰ বছৰীয়া পুৰণি এটা মন্দিৰৰ ধ্বংসাৱশেষৰ ভিতৰত
লিলিথৰ এটি দুৰ্লভ মূৰ্তি বিচাৰি পাইছে৷
মন্দিৰৰ ভূ-গৰ্ভস্থ দেৱালত লগাই থোৱা ফলক এখনত খোদাই কৰি থোৱা আছিল লিলিথৰ মূৰ্তিটো৷ আৰু সেই মূৰ্তিৰ ঠিক তলতে প্ৰাচীন কুনিফৰ্ম লিপিত লিখা আছিল- ৰাতিৰ ৰাণী লিলিথেই বেবিলনৰ সমস্ত বেশ্যালয় নিয়ন্ত্ৰণ কৰে।
সেই ফলকখনত
যুৱতী লিলিথে এডাল সাপক সাবটি ধৰি থকা দেখা গৈছে। সাপডালৰ মূৰটো লিলিথৰ কান্ধত
ওলমি ৰৈছে। লগতে দেখা গৈছে তেওঁৰ দুইপিনে থিয় হৈ থকা দুটা ফেঁচা যাৰ ভৰিকেইখন
আছিল কোনো যুৱতীৰ ভৰিৰ দৰে।
লিলিথ গুচি
যোৱাৰ পাছত তেওঁক ওভতাই আনিবলৈ ঈশ্বৰে কেইজনমান দূত পঠিয়াইছিল।
কিন্তু লিলিথ আৰু উভতি নাহিল। বৰং ঈশ্বৰৰ ভয়াৱহ অভিশাপ মানি
ল’লে। তেতিয়া আদমে ঈশ্বৰৰ ওচৰত এনে
এগৰাকী নাৰীৰ প্ৰাৰ্থনা কৰিলে যিয়ে হ’ব তেওঁৰ অনুগত,
বিনয়ী ৷ যাৰ হ’ব
পতি-অন্ত প্ৰাণ।
ঈশ্বৰে এইবাৰ কোনো ধৰণৰ বিপদ চপাই ল’ব নুখুজিলে। তেওঁ নাৰীক
পুৰুষৰ অনুগত কৰি ৰখাৰ অভিপ্ৰায়েৰে ঘুমন্ত আদমৰ বাওঁপিনৰ কামিহাড়ৰ পৰা ইভক
সৃষ্টি কৰিলে। আৰু ইভ হৈ উঠিল আদমৰ প্ৰিয়তমা নাৰী।
নিষিদ্ধ বৃক্ষৰ
ফল খোৱাৰ অপৰাধত আদম আৰু ইভ যেতিয়া স্বৰ্গৰ পৰা দুখ-কষ্টৰে ভৰা পৃথিৱীলৈ
নিৰ্বাসিত হ’ল তেতিয়া ইভে আদমক ক’ব পাৰিছিল :
এই নিৰ্বাসনৰ বাবে মোৰ মনত কোনো দুখ নাই।
কাৰণ তুমি য’তেই থাকিবা মোৰ বাবে সেয়াই স্বৰ্গ৷ পুৰুষে চিৰদিনে এনে নাৰীকেই মনে মনে কামনা কৰি আহিছে। আজিও এই পৃথিৱীত নাৰী
মূলতঃ দুই প্ৰকাৰৰ :
১) লিলিথপন্থী
২) ইভপন্থী
সাহিত্য আৰু অন্যান্য সুকুমাৰ শিল্পত আমি এই দুয়োটা ৰূপকে প্ৰত্যক্ষ কৰোঁ। ৰবীন্দ্ৰনাথৰ চিত্ৰাঙ্গদাই অৰ্জুনৰ ওচৰত দাসিত্ব অথবা দেৱিত্ব বিচৰা নাছিল। বিচাৰিছিল সম-মৰ্যাদাৰ অধিকাৰ -
"মই চিত্ৰাঙ্গদা।
দেৱী নহওঁ, নহওঁ কোনো সাধাৰণ নাৰী।
পূজা কৰি মূৰত
তুলি থ’বা, সেয়াও নহওঁ মই;
পিছে অৱহেলা কৰি
পুহি ৰাখিবা, সেয়াও মই নহওঁ। বিপদৰ বাটত ৰাখাঁ যদি মোক
কাষত, দুৰূহ চিন্তাৰ যদি দিয়াঁ ভাগ, কঠিন ব্ৰতত তোমাৰ
সহায় হ’বলৈ যদিহে দিয়াঁ
অনুমতি, যদি সুখে-দুখে কৰাঁ মোক সহচৰী,
তেহে পাবা তুমি মোৰ পৰিচয়।’
‘স্ত্ৰীৰ
পত্ৰ’-ৰ মৃণালে ইবচেনৰ নোৰাৰ দৰে স্বামীৰ সংসাৰ এৰি ওলাই আহি
অসীম সাগৰ-তীৰত ৰৈ লিখিছিল : ‘মই আৰু তোমালোকৰ সেই সাতাইছ
নম্বৰ মাখন বড়ালৰ গলিলৈ ঘূৰি নাযাওঁ। ...সংসাৰৰ মাজত মাইকী মানুহৰ পৰিচয় যে কি সেয়া
মই পাই গৈছোঁ। আৰু দৰকাৰ নাই।
তোমালোকৰ গলিটোক
মই আৰু ভয় নকৰোঁ। মোৰ সমুখত আজি নীলা সাগৰ, মূৰৰ ওপৰত আহাৰৰ
মেঘপুঞ্জ।
মোক তোমালোকৰ
অভ্যাসৰ আন্ধাৰেৰে ঢাকি ৰাখিছিলা। ... আজি বাহিৰলৈ ওলাই আহি দেখিছোঁ, মোৰ গৌৰৱ থ’বলৈকে ঠাই নাই। মোৰ এই অনাদৃত ৰূপ যাৰ
চকুত ভাল দেখিছে সেই সুন্দৰ সমস্ত আকাশেৰে আজি মোক চাই আছে। এইবাৰ মাজু বোৱাৰী
মৰিল।’
ইহুদীসকলৰ
লোকবিশ্বাসত লিলিথ এগৰাকী চয়তান চৰিত্ৰৰ অধিকাৰী হ’লেও ইহুদী নাৰীবাদীসকলৰ
দৃষ্টিত কিন্তু লিলিথ এক বিপ্লৱী চৰিত্ৰ। তেওঁলোকৰ মানত লিলিথ হৈছে এনে এগৰাকী
নাৰী যি আছিল পুৰুষৰ সমান, পুৰুষৰ সমকক্ষ। পৃথিৱীৰ কোনো ধৰ্মগ্ৰন্থই
নাৰীক পুৰুষৰ সমান উপাদানেৰে সৃষ্টি কৰা নাই অথবা পুৰুষৰ সমান অধিকাৰ দিয়া নাই
যিদৰে সৃষ্টিৰ আদিতে একমাত্ৰ লিলিথক দিয়া হৈছিল। অথচ সেই ভুলৰ বাবে ঈশ্বৰ নিজেই যথেষ্ট অনুতপ্ত হৈছিল। এই ঈশ্বৰ আচলতে
পুৰুষে তৈয়াৰ কৰা ঈশ্বৰ, পুৰুষৰ
যাৱতীয় সুবিধা ভোগ আৰু ইচ্ছা পূৰণৰ ঈশ্বৰ।
তথাপি যুগে যুগে
লিলিথে কবি শিল্পী সাহিত্যিকসকলৰ বিবেকক জাগ্ৰত কৰি ৰাখিছে। কবি ডান্তে গেব্ৰিয়েল
ৰ’ছেত্তিয়ে লিলিথ নামৰ এটি ছনেটত লিলিথৰ মায়াময় চুলিকোছাৰ বিষয়ে এইদৰে
লিখিছে :
“Was the first
gold"
আৰু
‘Of
Adam’s first wife, Lilith, it is told
(The
witch he loved before the gift of Eve,)
That,
ere the snake’s, her sweet tongue could deceive,
And
her enchanted hair was the first gold.
And
still she sits, young while the earth is old,
And, subtly of
herself contemplative.
Draws
men to watch the bright web she can weave,
Till heart and
body and life are in its hold".
আইৰিশ্ব ঔপন্যাসিক জেমছ জয়েছে লিলিথক চিত্ৰায়িত কৰিছে ‘Patron of abortions’ হিচাপে। আধুনিক নাৰীবাদীসকলে লিলিথক আদমৰ পৰা মুক্তিকামী এক নাৰীৰ ৰূপত কল্পনা কৰে। তদুপৰি ইহুদীসকলৰ এখন আলোচনীক লিলিথৰ নামেৰে নামকৰণ কৰা হৈছে। দুঃস্ব মহিলাসকলৰ সাহায্য প্ৰদানৰ নিমিত্তে নিৰ্মিত এটি কনছাৰ্ট তথা স্তন কেঞ্চাৰ ইনষ্টিটিউট Lilith Fair নামেৰে পৰিচিত। ৰেনেছাঁ যুগতে মাইকেল এঞ্জেল’ই লিলিথৰ এখন ছবি আঁকিছিল। তাত লিলিথক অৰ্ধ নাৰী অৰ্ধ সৰ্প ৰূপত জ্ঞান বৃক্ষক মেৰিয়াই থকা অৱস্থাত দেখা গৈছে। আমেৰিকান লেখিকা Judith Plaskow-ৰ সুপৰিচিত গ্ৰন্থ The Coming of Lilith।
১৮০৮
খ্ৰীষ্টাব্দত গ্যেটেই তেওঁৰ ফাউষ্ট-ত লিখিছে :
Faust:
Who’s
that there?
Mephistopheles:
Take
a good look.
Lilith.
Faust:
Lilith?
Who is that?
Mephistopheles:
Adam’s
wife, his first. Beware of her.
Her
beauty’s one boast is her dangerous hair.
When
Lilith winds it tight around young men
She doesn’t
soon let go of them again.
লিলিথক কেন্দ্ৰ
কৰি ৰবাৰ্ট ব্ৰাউনিঙৰ এটা কবিতা আছে য’ত মৃত্যুৰ হুমকি পাই বায়ু
বা ইভে কৈছে যে তেওঁ আচলতে আদমক ভাল পোৱা নাছিল। কিন্তু লিলিথৰ বক্তব্য আছিল ঠিক
তাৰ বিপৰীত। লিলিথে আদমকেই ভাল পাবলৈ বিচাৰিছিল, অথচ আদমে
বিচাৰিছিল লিলিথৰ আনুগত্য আৰু বশ্যতা। কিয়নো আদমৰ বাবে ভালপোৱাতকৈ অধিক
গুৰুত্বপূৰ্ণ আছিল যৌন আকাংক্ষা। কোনো কোনো ইহুদী মিথত দেখা গৈছে, নাৰী সঙ্গমৰ আগৰ কালছোৱাত আদম নিজৰ নাৰীবিহীন নিঃসঙ্গ জীৱনত পশু সঙ্গম
কৰাত অভ্যস্ত আছিল। এই প্ৰবৃত্তি ইজৰাইলী গৰখীয়া ল’ৰাবোৰৰ মাজত
সেই সময়ত যথেষ্ট প্ৰচলিত আছিল৷ সম্ভৱতঃ এই মিথত তাৰে প্ৰভাৱ
পৰিছে।
আজি কিছুবছৰ
আগতে ৰিমঝিম আহমেদ নামৰ বাংলাদেশৰ এগৰাকী কবিয়ে ‘লিলিথেৰ ডানা’
(লিলিথৰ ডেউকা) শীৰ্ষক এখনি কাব্যগ্ৰন্থও প্ৰকাশ কৰিছে।
ইবচেনৰ ন’ৰা, প্ৰথম প্ৰতিশ্ৰুতি উপন্যাসৰ সত্যৱতী, যোগাযোগৰ কুমুদিনী এওঁলোক আচলতে লিলিথৰেই সৰু-ডাঙৰ ভগ্নাংশ৷
হেনৰিক ইবচেনৰ বিখ্যাত নাটক ‘আ ড’লচ্ হাউচ’-ৰ কেন্দ্ৰীয় চৰিত্ৰ ন’ৰা সম্পৰ্কে মন্তব্য দিবলৈ গৈ প্ৰৱন্ধকাৰ মুম ৰহমানে কৈছে, ‘পৃথিৱীৰ নাট্য ইতিহাসত এই প্ৰথম এগৰাকী নাৰীয়ে (ন’ৰাই) তেওঁৰ নিজহাতে সজোৱা সংসাৰ ত্যাগ কৰি প্ৰতিকূলতাৰ মুখামুখি থিয় দিয়ে স্বেচ্ছাই, সচেতনভাৱে। তেওঁৰ পিছপিনে নিজহাতে বন্ধ কৰা আপোন ঘৰৰ দুৱাৰ আৰু সমুখত অচিনাকী অবাধ পৃথিৱী। তথাপি তেওঁৰ আত্মোপলব্ধি, নাৰী ব্যক্তিত্বৰ উন্মেষ, পুৰুষশাসিত সমাজৰ বিৰুদ্ধে তেওঁৰ সংঘৰ্ষই তেওঁক পৃথক বা ব্যতিক্ৰমী মানুহ হিচাবে বিশ্বসাহিত্যৰ ইতিহাসত প্ৰতিষ্ঠা কৰে। ন’ৰা হৈ উঠে নাৰীমুক্তিৰ বিশ্বপ্ৰতীক।’
নৰৱেৰ নাট্যকাৰ হেনৰিক ইবচেন ৰচিত তিনি অঙ্কৰ নাটক ‘আ ড’লচ্ হাউছ’। নাটকখন কিতাপ আকাৰে প্ৰথম প্ৰকাশ হয় ১৮৭৯ চনৰ ডিচেম্বৰ মাহত। সেই মাহৰে ২১ তাৰিখে ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনৰ ৰয়েল থিয়েটাৰত বৰদিন উপলক্ষ্যে নাটকখন প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰা হয়।
এই ন’ৰাই হ’ল লিলিথৰ আধুনিক উত্তৰাধিকাৰী। ১৮৫৮ চনত ইবচেনে ছুজানা থোৰেছনক বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ পুত্ৰ জন্ম হোৱাৰ পাছতে ইবচেনে অনুভৱ কৰে যে সংসাৰত নাৰী-পুৰুষ একেলগে থকাতকৈ সম-অধিকাৰ লৈ থকাটো বেছি গুৰুত্বপূৰ্ণ৷ ‘আ ড’লচ্ হাউছ’ নাটকত তেওঁৰ এই উপলব্ধিৰ প্ৰসংগ উত্থাপিত হৈছে।
অথচ সমালোচকসকলে
সকলো সময়তে তেওঁৰ বিৰুদ্ধে সমাজৰ প্ৰচলিত বিৱাহ ব্যৱস্থাক অসন্মান কৰাৰ আভযোগ আনিছে। তথাপি ইবচেনে নিজৰ প্ৰায় সকলো লেখাতে নৰৱেৰ সমাজৰ গোড়ামিৰ
বিৰুদ্ধে লিখিছে৷
পিছে সমালোচকসকলে কেৱল তেওঁৰ ৰচনাৰাজিক লৈয়ে নহয়, বৰং ব্যক্তিগত জীৱনক লৈও কটুক্তি কৰা আৰম্ভ কৰিলে। ১৮৬৪ চনত তেওঁ নৰৱে চৰকাৰৰ জলপানি লৈ অছল’ এৰি ইটালীলৈ গুচি যায়। জীৱনৰ বাকী ২৭টা বছৰ তেওঁ প্ৰৱাসতে কটায়। এই সময়ছোৱা তেওঁ ইটালী আৰু জাৰ্মানীতে অতিবাহিত কৰে।
মানৱ সভ্যতা আজি বহুদূৰ আগুৱাই আহিল। সমগ্ৰ দেশতে শিক্ষিতৰ হাৰ ক্ৰমবৰ্ধমান। তথাপি সংখ্যাগৰিষ্ঠ পুৰুষৰ মাজত লিলিথপন্থী নাৰীসকলৰ প্ৰতি এক অনীহা, ভীতি, ঘৃণা তথা অসন্তুষ্টি বিদ্যমান। প্ৰায় সকলোৰে লক্ষ্য এয়ে যে তেওঁৰ জীৱন পোহৰাই আহক এগৰাকী ইভ্। ইবচেনৰ দৰে পুৰুষৰ সংখ্যা আজিও আঙুলিৰ মূৰত গণিব পাৰি। অথচ লিলিথে কাহানিও নিজকে আদমতকৈ ডাঙৰ বুলি দাবী কৰা নাই। কেৱল সমাজত আৰু সংসাৰত নিজকে পুৰুষৰ সমান বুলি ঘোষণা কৰিছিল। মিথ’ল’জীৰ ঈশ্বৰ অথবা পৃথিৱীৰ প্ৰথমজন পুৰুষে সেই দাবী মানি ল’ব পৰা নাছিল। দেখা গৈছে, ঈশ্বৰ নিজেও কিছু পৰিমাণে নাৰীবিদ্বেষী। কাৰণ নিজৰ সৃষ্টি লিলিথক নিয়ন্ত্ৰণ কৰিব নোৱাৰি প্ৰথমবাৰৰ বাবে তেওঁৰ ঈশ্বৰত্ব গুৰুতৰভাৱে আহত হৈছিল।
মনোবিজ্ঞানত
কোৱা হৈছে, আদিকালৰে পৰা পুৰুষৰ অৱচেতন মনত এটা বদ্ধমূল ধাৰণা
লুকাই আছে যে তেওঁৰ উত্থিত লিঙ্গটোৱে হ’ল শাসন-দণ্ড। তাৰ বলতে তেওঁ নাৰীক শাসন কৰিবলৈ বিচাৰে। নাৰীৰ শৰীৰত সেই
শাসন-দণ্ড নাই। সেই গতিকে শাসিত হোৱাত বাদে তেওঁৰ সাৰণ নাই, সেয়াই
নাৰীৰ নিয়তি। যৌন সঙ্গমৰ সময়ত কোন ওপৰত থাকিব আৰু কোন তলত থাকিব সেই প্ৰসংগ আচলতে
কেৱল এক ৰূপক। আদমে বিচাৰিছিল, তেওঁলোকৰ দাম্পত্য তেওঁৰ
ইচ্ছামতে চলিব লাগিব। তেওঁ নিজকে উত্তম আৰু লিলিথক অধম তথা অনুগত যৌন সঙ্গী বুলি
বিশ্বাস কৰিছিল। এই অসন্মানৰ বিৰুদ্ধেই লিলিথৰ প্ৰথম বিদ্ৰোহ। সেই যুঁজ আছিল তেওঁৰ
অকলশৰীয়া যুঁজ। লিলিথ ঈশ্বৰ আৰু পুৰুষৰ স্বৈৰাচাৰৰ বিৰুদ্ধে
প্ৰথম বিদ্ৰোহিনী, সৰ্বগ্ৰাসী পুৰুষতন্ত্ৰৰ প্ৰথম প্ৰতিদ্বন্দ্বী।
***
অনুবাদকৰ ফোন : ৯৫০৮২৩৭১৩৩