(কল্পবিজ্ঞানভিত্তিক গল্প)
ৰঞ্জু শৰ্মা
সময় : 2030
চন
স্থান :
গুৱাহাটী, এসময়ত মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অথচ এতিয়া মৰাসুঁতিৰ দৰে এলাগী হৈ পৰি থকা
ফাঁচী বজাৰৰ এখন অত্যাধুনিক শ্ব’ৰূমৰ পদূলি।
বতৰ: প্রাক্ বহাগৰ এটি
উৰুঙা দুপৰীয়া।
শ্ব’ৰূমটোৰ ঠিক
সন্মূখতে বগা, দীঘল গাড়ী এখন আহি ৰ’লহি। ড্ৰাইভিঙ ছিটৰ দুৱাৰ
খুলি নামি অহা ভদ্রমহিলাগৰাকীয়ে গাড়ীৰ দুৱাৰখনতে ভেজা দি চাৰিওফালে এবাৰ চকু ফুৰালে। তেওঁৰ হয়তো আজি কেইবছৰমান
আগৰ কথাবোৰ মনত পৰিছে, হয়তো অসামঞ্জস্যতাৰ বেদনা এটি কুৰুকি কুৰুকি
বুকুৰ মাজলৈ উজাই আহিছে, মুখত ফুটি উঠা ভাৱৰ পৰা ঠিক তেনেকুৱা এটা অনুমানেই কৰা যায়। পদূলিত অসমীয়াৰ হিয়াৰ আমঠু বহাগ বিহু। প্রকৃতি চঞ্চল হোৱা সময়, প্রকৃতিৰ
লগতে মানুহেও নতুন সাজ সলোৱাৰ সময়। কেবল সাজেই
নে?...মানুহৰ আৰু ক’ত প্রয়োজন… ! আৰু সকলো
ধৰণৰ প্রয়োজনৰ সমাধান যেন এই ফাঁচীবজাৰখন। আজিৰ পৰা
দহবছৰ আগেয়ে এনেকুৱা সময়বোৰত এই ঠাই ন-গাভৰুৰ দৰে চঞ্চল
হৈ থাকিছিল। ক্রেতা -বিক্রেতা, সৰু-ডাঙৰ গাড়ী
মটৰৰ ভিৰৰে গেজেপা লাগি থকা ঠাইখনত এতিয়া মাথো নিত্যান্তই প্রয়োজনীয় বস্তুৰ চাহিদা
পুৰণ কৰিবলৈ অহা মানুহৰ নির্লিপ্ত আহ-যাহ মাথো। পুৰণি সময়বোৰৰ দৰে পার্কিঙৰ বাবেও অগা-পিছা, ঠেলা-ঠেলিৰ দীঘলীয়া
অংকখন কৰিবলগীয়া হোৱা নাই।
বাটবোৰ নিমজ, এটুকুৰা কাগজো পৰি
নথকাকৈ পৰিষ্কাৰ, যেন বহুদিন
ধৰি এই ঠাইৰে কাৰো আহ-যাহ হোৱাই
নাই। বাটবোৰৰ আধাখিনি দখল কৰি বহি থকা হৰেক
ৰকম সামগ্রীৰ বিপনীবোৰ এতিয়া তাত নাই, ফুটপাথৰ ওপৰত কাপোৰ
তৰি মেলি লোৱা ৰঙ-বিৰঙী অস্থায়ী কাপোৰৰ দোকানবোৰো তাৰ পৰা উচ্ছেদ কৰা হৈছে। মুঠতে কোলাহলেৰে
গুমগুমাই থকা এসময়ৰ ফাঁচী বজাৰ এতিয়া বাহী বিয়াঘৰৰ চোতাল এখনৰ দৰেই নিৰৱ, নিস্তব্ধ, উৎসৱহীন, উত্তেজনাহীন।
আচলতে একমাত্র এই ঠাইখনেই নহয় সমগ্র দেশতে এতিয়া সাৱধানতাৰ বাবে ল’ব পৰা সকলো
ধৰণৰ ব্যৱস্থা আৰু নিয়মাৱলী কটকটীয়াকৈ মানি চলিব লগাটোৱেই আইন।
সোঁৱৰণীৰ খোলাটো ভাঙি ওলাই অহাৰ পিছত ভদ্ৰমহিলা মার্কেট কমপ্লেক্সটোৰ দ্বিতীয় মহলাত থকা শ্ব’ৰূমটোৰ খটখটী
কেইটি বগাই ওপৰলৈ উঠি গল। ইলেকট্র’নিক দুৱাৰখন খোল খোৱাৰ লগে লগে
ভিতৰৰ পৰা ছুট-টাই আৰু
তাৰ লগত মেটচিং মাস্ক পৰিহিত ছেলছ্মেন এজনে
আথে বেথে তেঁওক ভিতৰলৈ আদৰি নিলে।
: আহক মেম আহক, ঐ ছোতু মেমক ফৰ্ম এখন আনি দে…জলদি।
তাৰ পিছত চকুৱে মুখে অলপ দোষী দোষী ভাৱ ফুটাই তুলি ভদ্রমহিলালৈ চাই ক’লে………….
: ছো ছোৰী মেম, প্লিজ দুই মিনিট ৱেইট কৰক। ফৰ্মখন ফিল আপ কৰা হলেই চেম্বাৰ 2 লৈ সোমাই
যাব পাৰিব। কি কৰিব
আৰু উপায় নাই। পোষ্ট কৰ’না প্ৰট’কল। গ্রাহকৰ অলপ অসুবিধা হ’লেও আমি
নিয়মবোৰ পালন কৰিবলৈ বাধ্য। অন্যথা আমাৰ ব্যৱসায় সংকটত পৰি যোৱাৰ ভয়। চৰকাৰে নির্ধাৰণ কৰা নিয়ম উলংঘা কৰা বাবেই ইতিমধ্যে বহুকেইখন দোকানৰ পাৰ্মিট কেনচেল কৰি দিয়া হ’ল!
: কোনো কথা নাই। আচলতে ইয়াত বেয়া পাবলগীয়াও একো নাই। আমি সাধাৰণ জনসাধাৰণে সকলোবোৰ
কথাই জানো। চৰকাৰেও যিবোৰ কঠোৰতা
অৱলম্বন কৰিছে ৰাইজৰ হিতৰ বাবেই কৰিছে।
ছোটুৱে ফৰ্মখন আনি হাতত দিয়াৰ পিছত ভদ্ৰমহিলাই একাদিক্রমে তাত
থকা নির্দেশাৱলীবোৰৰ কাষৰ খালী ঘৰবোৰ পূৰাই গ’ল,
1. Whole body sanitization before getting out fromz
home......yes
2. Full body car sanitization........yes
3. Payment through card only......yes
4. Any recent history of travelling to contaminant
zone…No
5. Done Vaccinate against all COVID strain till
now.....yes
...........
থেংক ইউ ছ’ ম্যাচ মেম। এতিয়া আপুনি আমাৰ চেম্বাৰ 2 লৈ যাব পাৰে। হেপ্পী শ্বপিং এণ্ড হেভ এ নাইচ ডে।
ভদ্ৰমহিলা পোনেই চেম্বাৰ 2 ৰ সেই নিৰ্দিষ্ট
কাউণ্টাৰটোলৈ আগবাঢ়ি গ’ল। পুৰণি কাষ্টমাৰ, চেম্বাৰ ২ ত থকা
ছেলছ্মেনজনে তেওঁক চিনিব
পাৰি মিচিকিয়া হাঁহি এটা মাৰি আগবাঢ়ি আহিল।..
: মেম আহক আহক, আপোনাৰ বস্তু
একেবাৰে ৰেডী কৰি ৰাখিছোঁ। মন কৰিলে
ট্ৰাই ৰাণ এটা দি এতিয়াই লৈ যাব পাৰে।
: ৱাহ, ধন্যবাদ দেই। ট্রায়েল এটা দি লব পৰা যায় অৱশ্যে। পিছে যোৱা
কেইবা বছৰ ধৰি একেটা পেকেজকে নি নি আমনিও লাগিছে অলপ। এইবাৰ পেকেজটো
অলপ আপডেট কৰাই নিও বুলিহে ভাবিছিলোঁ ।
ছেলছ্মেনজন যেন
সেইশাৰী কথালৈকে ৰৈ আছিল। ভদ্রমহিলাৰ
কথা শুনি মানুহজন উৎসাহিত হৈ উঠিল।
: ছিওৰ মেম, মোক পাঁচ
মিনিট সময় দিয়ক। আচলতে স্পেচিয়েল
পেকেজ এটা আজিয়েই নতুনকৈ লন্স কৰা হৈছে। সেই পেকেজটো
আপোনাক এবাৰ দেখুৱাম বুলি ভাৱিয়েই আছিলোঁ।
এইবুলি ছেলছ্মেনজনে ইণ্টাৰকমত
ফোন লগালে,,,
“ ছোটু, নতুনকৈ লন্স হোৱা
আপডএটেত ভাৰ্ছনৰ
পেকেজটো লৈ আন । জলদি।”
কিছুসময় পিছত ছোটু আহিল, হাতত এটা
সেউজীয়া পেকেট। পেকেটটোৰ
ওপৰত মুগাসাজ পৰিহিতা এগৰাকী ধুনীয়া নাচনী, এজন ঢুলীয়া
আৰু এজোপা কপৌ ফুলৰ ফটো। ফটোকেইখনৰ
ঠিক কাষতে লিখা আছে,
“Rongali Bihu special Pakage 2030 (২০৩০ৰ ৰঙালী বিহুৰ
বিশেষ আকর্ষণ)”
ছোটুৰ পৰা পেকেজটো লৈ ছেলছ্মেনজনে নিজৰ
বক্তব্য আৰম্ভ কৰিলে।
: মেম, আগৰ পেকেজত
ভাৰ্চুৱেল ৰিয়েলিটিৰ চিডি কিছুমান আছিল যাৰ দ্বাৰা আপোনালোকৰ লিভিং ৰূমবোৰ মুকলি পথাৰৰ
আহঁততলী, ৰাজহুৱা পথাৰ নাইবা
কোনোবা গাঁৱলীয়া ঘৰ এখনৰ বহল চোতাললৈ কনভাৰ্ট কৰি প্ৰথমতে বিহু বিহু এনভাইৰণমেণ্ট এটা
সৃষ্টি কৰি ল’ব পৰা গৈছিল। তাৰ পিছত ক্ৰমান্বয়ে বিহুগীত, নাচনী, ঢুলীয়া, কুলিৰ মাত
আৰু বেকগ্ৰাউণ্ডত তাঁতশালৰ মৃদু শব্দ এড কৰি কৰি গৈ থকা হৈছিল যাতে আপোনালোকে আকাশত ওলমি থকা ফ্লেটৰ বন্ধ কোঠাত সোমাই, নিজৰ কমফৰ্ট জ’নত নিৰাপদে থাকি, সম্পূৰ্ণৰূপে
সামাজিক ব্যৱধান বজাই ৰাখিও বহাগ বিহুৰ পূৰ্ণ আনন্দ লৈ থাকিব পাৰে। অ, কেতিয়াবা
গুজৰাটৰ ফালৰ নতুন বিহু ব্ৰেণ্ড কিছুমানে inaugural offer
হিচাপে
লাৰু পিঠাৰ পেকেট একোটাও দিছিল।
ছেলছ্মেনজনৰ যন্ত্রবৎ গুণানুকীর্তন চলি থকাৰ মাজতে ভদ্রমহিলাই
মাত লগালে।
: সেইবোৰতো বহুত পুৰণি পেকেজৰ কথা কৈ আছা ভাইটি, নতুন এডভান্স
পেকেজত কি এক্সট্ৰা আছে তাকে কোৱা।
বিক্ৰী কৌশলত নিপুণ তৰুণ ছেলছ্মেন জনে
মিচিকিয়া হাঁহি এটা মাৰি এইবাৰ মূল কথালৈ আহিল।
: সেই কথাটোলৈকেতো গৈ আছোঁ মেম। আগৰ বিহু পেকেজবোৰ আছিল অসমৰ বাহিৰৰ কোম্পানীৰ। কোনোবাটো গুজৰাটৰ, কোনোবাটো
বিহাৰৰ, কোনোবাটো কলকাতাৰ, এই নতুন
এডভান্স পেকেজটো হৈছে আমাৰ থলুৱা প্ৰডাক্ট। এচাম নতুন অসমীয়া ডেকাই বহুত গৱেষণা কৰি আমাৰ
বাপতি সাহোন বিহুক এটা নতুন লেভেললৈ লৈ যোৱাৰ চেষ্টা কৰিছে। আপুনি এবাৰ মাত্র
ট্রাই কৰি চাওক মেম গ্যেৰান্টী দিছোঁ আহিবলগীয়া
বহুত বছৰলৈ ইয়াক পাহৰিব নোৱাৰিব। পেকেজটো
পেক কৰি দিওঁনে?
মহিলাগৰাকীৰ নীৰৱতাকে সন্মতি বুলি ভাৱি লৈ ছেলছ্মেনজনে আকৌ
ছোটুক মাতিলে
:ঐ ছোটু,, এই নতুন
বহাগ পেকেজটো মেমৰ বাবে পেক কৰি লৈ আন। জলদি।
: বাৰু লোকেল বুলি কৈছা যেতিয়া এইটোৱেই নিম
বুলি ঠিৰাং কৰিলোঁ। আমাৰ অসমীয়া ল’ৰাই নিজৰ বিহুটিৰ
বাবে কিবা এটা কৰিছে, বাহিৰৰ বিজতৰীয়া আমদানি বন্ধ কৰাৰ চেষ্টা কৰা হৈছে, সেইটোতকৈ ভাল লগা কথা আৰু কি হব পাৰে
বাৰু? কিন্তু লোকেলৰ বাহিৰেও আৰু কি বিশেষত্ব আছেনো ইয়াত নকলাই দেখোন।
: ইয়াত ইম’শ্বন আছে মেম, অসমীয়াৰ আবেগ আছে, বিহুৰ আবেগ
আছে, বতৰৰ গোন্ধ আছে। ইয়াত আপুনি
নাহৰৰ গোন্ধ পাব, তাতত কটা খম খমীয়া গামোচাৰ নতুন নতুন গোন্ধ
আহি আপোনাৰ নাকত লাগিবহি। বতাহতে যেন
ভাঁহি আহিব গৰুবিহুৰ দিনা গধূলি গোহালিত দিয়া মাখিয়তীৰ ধোঁৱাৰ সুগন্ধ, আই বোপাই
আৰু মান্যজনৰ আশীৰ্বাদৰ কলি। পাৰ হৈ যোৱা
বৰদৈচিলাৰ হু হু শব্দও জানো বহাগী আবেগেই নহয় মেম? এই পেকেজত
সেই আটাইবোৰ সাধন পাব, যাৰ দ্বাৰা আপোনালোকে বহাগ বিহুক কেৱল ভাৰ্চুৱেল
ৰিয়েলিটিতে নহয় সঁচা অৰ্থত অন্তৰৰ পৰা চুই চাব পাৰিব, জী আহিব
পাৰিব 2019 চনতে এৰি অহা আমাৰ পুৰণি বহাগক। এই আটাইবোৰ ইম’শ্বন এটি এটি
টেবলেটত সুমুৱাই দিয়া হৈছে । সেই টেবলেট
খোৱাৰ লগে লগে তাত থকা কেমিকেলে মানুহৰ মগজুৰ মেমৰী চেল কিছুমান এক্টিভ কৰি তুলিব আৰু
সেই কেমিকেল পিটুটেৰী গ্লেণ্ডলৈ গৈ এবিধ বিশেষ
হৰম’ন উলিয়াই আনিব, যিয়ে মানুহক সময়ে
ইতিমধ্যে পাহৰি যাবলৈ বাধ্য কৰা আবেগ অনুভুতিবোৰ পুনৰ জীয়াই
তোলাত সহায় কৰিব। এই যে এসময়ত বহাগ অহাৰ লগে লগেই আমাৰ মনবোৰ উলাহ উলাহ, বিহু বিহু লগা আৰম্ভ হৈছিল ঠিক তেনেকুৱাই অনুভৱ কৰোৱাব পাৰিব এই পেকেজটোৱে মেম।
* * *
ইতিমধ্যে ছোটুৱে বিহু পেকেজটো পেক কৰি আনি ভদ্ৰমহিলাৰ হাতত
তুলি দিলে। কার্ডেৰে
পেইমেণ্টৰ প্রক্রিয়াটো শেষ কৰাৰ পিছত পেকেজটো লৈ কেতিয়ানো আহি গাড়ীত উঠিলহি, কেতিয়া গাড়ী ফাঁচীবজাৰৰ গলিৰ পৰা ওলাই পাণবজাৰৰ উদঙ বহল
পথেৰে সোঁ-সোঁৱাই আগবাঢ়িব ধৰিলে তেওঁৰ খেয়ালেই নাই। মন যেন মাথো কিবা এক অজান ভাল লগা ভাৱত ডুব
গৈ আছে। ছেলছ্মেনজনৰ কথাবোৰে
বাৰে বাৰে তেওঁৰ মনত আহি খুন্দিয়াইছেহি। এৰা হয়তো, বহু বছৰ
ধৰি সামাজিক ব্যৱধান মানি ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ ফলত এতিয়া ঋতুৰ স’তে হোৱা
প্ৰকৃতিক পৰিৱৰ্তনবোৰে মানুহৰ আবেগ, অনুভূতিক
স্পৰ্শ কৰিব নোৱাৰা হৈ পৰিছে। মানুহৰ হৃদয়ে
হৃদয়ে যেন একোখন ডাঠ চামনি যাক ভেদি বাহিৰৰ কোনো আবেগেই এতিয়া অন্তর্ভাগত প্রবেশ কৰিব নোৱাৰে। ভোক, ভয় আৰু শংকাত
জীয়াই থকাটোৱেই যেন এতিয়া মানুহৰ অভ্যাস। সর্বত্র
যেন এক সংশয় মাথো। এইবোৰৰ মাজত
বুকুজুৰি প্ৰকৃতিক আকোঁৱালি লবলৈ সঁচাকৈয়ে
মানুহে আজি পাহৰি পেলাইছে।
বহাগ বিহুৰ এডভান্স পেকেজটোৰ কথা ভাৱি এক অজান পুলকত মানুহগৰাকীৰ
মনটো ভৰি পৰিল। ড্ৰাইভিং
ছিটৰ কাষৰ ছিটটোত ৰখা ৰঙীন পেকেটটোত
মৰমেৰে এবাৰ হাতফুৰাই চালে। এনে লাগিল
এইয়া তেওঁ যেন আজিৰ পৰা দহ বছৰৰ আগৰ অসমলৈ উভতি আহিছে, চৌপাশৰ বতাহত
ঢোল পেঁপা গগণাৰ মনপৰশা মাত, কুলিৰ কুহু কুহু কৰুণ বিননি, নাচনীৰ নাচৰ
ছেৱত উতলা ঢুলীয়াৰ মন, মাস্কহীন মানুহৰ
নির্ভয় আৰু প্রশান্ত মুখবোৰত হাঁহি মাথো হাঁহি, বহাগী প্রেমৰ আবেশ।
আৰু আমাৰ নিচেই কাষত
এইয়া
আমাৰ সকলোৰে হেঁপাহৰ, মৰমৰ, হিয়াৰ আমঠু…বহাগ।
(সমাপ্ত)
Ranju Sarma
Neotown, Bengaluru
9599962004