মূল : ফেডেৰিকো গাৰ্থিয়া লৰকা
অনুবাদ : নীলমণি ফুকন
পানীয়ে তাৰ গতি হেৰুওৱাটো মই বিচাৰো৷
বতাহে তাৰ উপত্যকাবোৰ হেৰুওৱাটো বিচাৰো৷
ৰাতিয়ে তাৰ চকু হেৰুওৱাটো বিচাৰো
অৰু মোৰ হৃদয়ে তাৰ স্বৰ্ণ-পুষ্প;
প্ৰকাণ্ড পাতবোৰৰ লগত ষাঁড়টোৱে কথা কোৱাটো বিচাৰো
অৰু বিচাৰো আন্ধাৰত কেঁচুৱাবোৰ মৰাটো;
মই লাওখোলাটোৰ দাঁতবোৰ চিক্মিকাই থকাটো বিচাৰো
অৰু হালধীয়া পাট কাপোৰ বুৰাই দিয়াটো৷
দুপৰীয়াৰ সতে আহত ৰাতিয়ে মালযুঁজ কৰা
মই দেখা পাওঁ৷
মই প্ৰতিহত কৰোঁ সেউজীয়া বিষৰ এটা সূৰ্যাস্ত আৰু
সেইবোৰ ভগ্ন বলয়
সময় য’ত যন্ত্ৰণা-কাতৰ৷
(কবিৰত্ন নীলমণি ফুকনৰ পৰিয়ালবৰ্গৰ অনুমতিসাপেক্ষে পুনৰ্মুদ্ৰিত। উৎস :গাৰ্থিয়া লৰকাৰ কবিতা, ১৯৯৩, লয়াৰ্ছ । আখৰ-জোঁটনি মূলৰ দৰে ৰখা হৈছে।)