দিগন্ত কুমাৰ বড়া
কাউৰীয়ে ৰমলিয়ায় কা কা কৰি।
ফেঁচাবোৰে কুৰুলিয়ায় গছৰ ডালত বহি।।
মৌ-মাখিৰ গুণ্ গুণ্, পাৰই দিয়ে ৰুণ।
সাপৰ ফোঁচফোঁচনি আঁতৰৰ পৰাই শুন।
শিয়ালে হোৱা দিছে বাঁহনিৰ আঁৰত।
কুকুৰটোৱে ভুকি আছে পদূলি
মুখত।।
ম’হটোৱে টেঁটাইছে পথাৰৰ মাজত৷
ছাগলীয়ে বেবাইছে পেটৰ ভোকত।।
গৰুৰ হেম্বেলনি, কুৰুৱা চৰাইৰ ৰাও।
ঘোঁৰাটোৱে হেঁহায়, কয় কেঁচা বুট
খাওঁ।।
বাঘৰ গোঁজৰণিত হাবিখন কঁপে৷
ভেকুলীয়ে টোৰটোৰাই বৰষুণ মাতে।।
হাতীৰ চিঞৰ শুনি জিৰাফ নিমাত৷
দেচোন কোনে পাৰ মেকুৰীৰ মাত।।
ঠিকনা :
ৰাজধৰ বড়া উঁচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ (মহানগৰ)
Address: Agrim Vista Apartment
Flat - 1E, Block - 2, 1st Floor
Dharapur, Guwahati
P.O. - Dharapur, District - Kamrup (M)
Pin - 781014
Mobile: 9613696146
E-mail: diganta96146@gmail.com
Facebook Link: https://www.facebook.com/digantakumar.bora