পৰিস্মিতা বৰদলৈ
জেঠৰ ৰ’দে খাওঁ খাওঁ
মূৰ্তি ধৰি যেন সত্যৱতীক এফালৰ পৰা গিলিহে থ’ব। গোটেই মানুহজনী পকা থেকেৰাটোৰ দৰে হৈ পৰিছে। কপালত লৈ থকা সেন্দূৰৰ ফোঁটটো
ঘামে ধুৱাই নাকৰ সোঁমাজেৰে বোৱাই দিছে এটি খীণকায় ৰঙা সুঁতি। পিঠিটো ঘামে জিপ্জিপীয়া
কৰি তোলাত পিন্ধি থকা ব্লাউজটো লিপিট খাই ধৰি স্বচ্ছ হৈ পৰিছে, তাই চাদৰখনেৰেই
সেয়ে এপাকত ঢাকি লৈছে পিঠিটো। হওঁতে মানুহ-দুনুহ নাই ঠাইডোখৰত। তাতে যিহে চোকা ৰ’দ, ক’তনো এই ভৰদুপৰীয়াখন
মানুহে টহল দি ফুৰিবহি। তাইৰ দৰেতো আৰু কাৰো গৰজ পৰা নাই এইহেন ৰ’দটো মূৰত লৈ বাট
কুৰি বাই আহিবলৈ।
জৰীগছ এজোপা পাই
তাৰ তলতে সত্যৱতী কিছু পৰ ৰ’ল। বেগৰ পৰা পানীৰ বটলটো উলিয়াই দেখে এটোপা পানীও নাই
তাত। ওচৰে-পাঁজৰে মানুহৰ ঘৰো দেখা নাই আৰু দেখিলেই যেনিবা, চিনি-জানি নোপোৱা
মানুহ এঘৰত ঘপহকৈনো কোন সতেৰে পানী এজগ খোজেগৈ। ‘‘ছেঃ দোকান এখনকে
হোৱা হ’লেও পানীৰ বটল এটা কিনিকে ল’ব পৰা গ’লহেঁতেন।’’— মনতে তাই ভাবিবলৈ
ধৰিলে।
একোবত ঘাম মচিবলৈ
বুলি বেগৰ পৰা ৰুমালখন উলিয়াবলৈ লওঁতেই ৰঙা ৰছীকেইডালৰ সৈতে
মিডিয়াম ছাইজৰ পানীৰ বটলটোত চকু পৰিল
তাইৰ। পলকতেই তাইৰ অণ্ঠ-কণ্ঠ শুকাই যোৱা মুখখনলৈ যেন এচেৰেঙা
পোহৰ নামি আহিল। পিছে পাছ মুহূৰ্ততে আকৌ নিজকে ধিক্কাৰ দিলে, ‘‘ধেৎ, কি কথাবোৰ ভাবিছোঁ
মই! তেনে কথা ভবাও পাপ। সেই বটল পানীতনো বাৰু চকু পৰিব লাগেনে! নাই নাই এইবোৰ বেয়া
কথা। পাপ কথা।’’ এইবুলি সোঁৱে-বাঁৱে মূৰ জোকাৰি তাই নিজকে নিজে প্ৰবোধ
দিলে।
কত দিন কতজনৰ
পৰামৰ্শমতে সত্যৱতীয়ে কত কি যে কৰা নাই!
পুতেকে ভু নোপোৱাকৈ তুলিৰ তলত তাবিজটো ৰখাৰে পৰা বোৱাৰীয়েকৰ কঁকালৰো
কিমানডাল ৰছী সলনি হ’ল, তাৰ লেখ-জোখ নাই। যিয়েই যিহকে কয়, তাকেই শুনে সত্যৱতীয়ে। বোৱাৰীয়েকেও তেওঁৰ কথা
আখৰে আখৰে মানে। টাউনৰ কলেজত পঢ়ি পাছ কৰা ছোৱালী যদিও ভেম বোলা বস্তুটো হ’লে তাইৰ নাই। আনৰ
ঘৰৰ বোৱাৰীবোৰৰ কথাই শুনিবা নে কামেই চাবা, ‘দুচেনীমান’ পঢ়িলে বুলিয়েই
ডাঙৰক ফেপেৰি পাতি ধৰে। শহুৰেকক মুখে মুখে কথা কয়, শাহুৱেকক গণিতাই
নকৰে। পিছে বোৱাৰীয়েকৰ মাটিৰ
দৰে স্বভাৱটোৱে সত্যৱতীৰ মনটো মম গলোৱাদি গলাই পেলায়। দেহি ঐ, মুখৰ মাত এটা
ডাঙৰকৈ নোলায় তাইৰ ইমানখিনি পঢ়ি-শুনিও!
সত্যৱতীৰ দুখ দুগুণে
চৰে, যেতিয়া সেই হেন মাটিৰ লাড়ু হেন মানুহজনীয়ে অকলে কেতিয়াবা চ’ৰাঘৰত সজাই থোৱা
কপাহৰ পুতলাটো সাবটি আমন-জিমনকৈ বহি থাকে সকলোৰে অজ্ঞাতে। যেতিয়া ন-কৈ জগা ছাগলী
পোৱালিটোকে গবা মাৰি মূৰে-কপালে চুমা খাই গোটেইজনী বাউলী হৈ পৰে, সত্যৱতীয়ে দেখিও
নেদেখাৰ ভাও জোৰে। তেওঁ বুজে, ভালকৈয়ে বুজে সেই সন্তাপৰ কথা। তেওঁতকৈ ভালকৈ আৰু কোনে
বুজিব পাৰিব সেই সন্তাপ! তেওঁৰ বুকুখন পুৰি নিয়ে যেতিয়া বকুলীৰ নাতিয়েকৰ শুদ্ধিলৈ
বোৱাৰীয়েকক একাষৰীয়া কৰি কেৱল সত্যৱতীকহে যাবলৈ কয়। যেতিয়া সত্যৱতীৰে আপোন ভতিজা-বোৱাৰীৰে
ভাতপিঠা খুওৱা পৰ্বত গাঁৱৰ বোৱাৰীবোৰে মিলি-জুলি কাম-বনবোৰ
কৰোঁতে কেৱল সত্যৱতীৰ বোৱাৰীয়েকক নিলগাই ৰখা হয়। তাই বুকুৰ শোকটো বুকুতেই মাৰ
নিওৱাৰ বৃথা চেষ্টা কৰে। কিন্তু কিমান দিনলৈ!
সত্যৱতীয়ে পুনৰ বাট
ল’লে। আৰু অলপ দূৰ গ’লেই ঘাইপথটোত উঠিবগৈ আৰু। তেতিয়া আৰু চিন্তা নাই।
দোকানো পাব, পানী এবটলো ল’ব পাৰিব আৰু পাৰিলে বিস্কুট বা
পাওৰুটী এটাও। বিস্কুট, পাওৰুটীৰ
কথা মনলৈ অহাৰ লগে লগেই তাইৰ পেটটোৱে যেন কল্মলাই উঠিল।
উপজি পুৱাতে বাট বুলিছিল তাই একেবাৰে খালী পেটেৰে। তাইক
বৰুৱানীয়েই কৈছিল একেবাৰে খালী পেটেৰে যাবলৈ, তেহে হেনো মনৰ
বাঞ্ছা পূৰণ হয়। সেয়ে তাই বাহী গাটো তিয়ায়েই পো-বোৱাৰীকো মাত নলগোৱাকৈ মানুহজনক
জলপান এবাটি দিয়েই ওলাই আহিছিল। অৱশ্যে আগনিশা সকলোৰে কাণ চোৱায়েই থৈছিল এফালে
যাবলগীয়া আছে বুলি। পাছে ক’ত যাব, কি কথা কোনেও
সোধাও নাছিল আৰু তায়ো কোৱা নাছিল। আচলতে নোসোধা কথাটোতে তাই সকাহ পাইছিল।
সেই যে বৰুৱানীৰ
আগত তাই নিজৰ দুখবোৰ ওকলিয়াই দিছিল সিদিনা, বৰুৱানীয়েই ফুচফুচাই বুধিটো দিছিল তাইক। তাই পাকেপতি সুধিছিল বোলে
সঁচাই কামত দিবনে? তেতিয়া বৰুৱানীয়ে বোলে বতাহৰ দিশৰ হেৰ-ফেৰ হ’লেও এই বতাহী বৰুৱাৰ কথাৰ হেৰ-ফেৰ নহয়। একদম প্ৰামাণিক। বৰুৱানীয়ে ডাঠি কোৱা বুলিহে সত্যৱতীয়ে গৰমকো গৰম নুবুলি খাওঁ
খাওঁ ৰ’দ, পেটৰ ভোককো আওকাণ কৰি ঢপলিয়াই আহিল আজি। অৱশ্যে বৰুৱানীয়ে
বতাই দিয়ামতে আহি ঘৰটো উলিয়াওঁতে বৰ বিশেষ কষ্ট নহ’ল সত্যৱতীৰ। কিন্তু
দীঘলীয়া বাটটোৰ ভলেছোৱা খোজ কাঢ়িয়েই যাবলগীয়া
হোৱাগুণেহে তাইৰ শৰীৰটো একেবাৰে জুৰুলা হৈ পৰিছে। বাৰু যিয়েই নহওক, কামফেৰা যে আকৌ হ’ল, সেয়ে বহুত। তাইৰ
প্ৰথমে বাঁহনিয়ে ঘেৰি ৰখা কেঁচা বাটটোৰে গৈ গৈ আমনিয়েই লাগিছিলগৈ। নাপায়হে নাপায়
ঘৰ। বাটটোত আক সুধি তাক সুধি কোনোমতে যেনিবা ঘৰটো বিচাৰি উলিয়াইছিলগৈ। ঘৰনো আৰু
কি! উৱলি যোৱা গাধৈৰ বেৰ চাৰিখনে আৱৰি ৰখা উৰুখা ছালৰ এটি পঁজা। নঙলাডাল খুলিয়েই
দেখা পাইছিল জৰা-জীৰ্ণ কোঠাটোৰ বাহিৰৰ বেঞ্চ এখনত
মানুহবোৰে হেঁচা-ঠেলাকৈ বহি আছে। কোনো কোনোৱে থিয়া-থি কৰিও আছে। সত্যৱতীয়ে মনতে ভাবিলে, ‘‘বৰুৱানীয়ে মিছা কোৱা নাই। মানুহজনৰ কামবোৰ প্ৰামাণিক হ’বই লাগিব, নহ’লেনো
অত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা হয়নে এনেকৈ।’’ তাই পঁজাটোৰ পৰা
অলপ আঁতৰত থকা দমকলটোৰ পাৰতে ভৰি দুটা তিয়াই ল’লে। গাৰ পৰা মূৰলৈকে পানী এছাটি
মাৰি পঠিয়ালে। তেনেতে চকু পৰিল, উৱলি যোৱা ঘৰটোৰ কাষতে এটা বিয়াগোম উঁইহাফলু। তাৰ
ওপৰতে ন-পুৰণি অনেক গামোচা পৰা আছে। হয়তো তেওঁৰ দৰেই বিধান বিচাৰি অহা মানুহেই
উপহাৰ দিয়া গামোচা সেইবোৰ। সত্যৱতীৰ সেই সময়তে নাহিবলগীয়া কথা এটা মনলৈ আহিল। এই
বেজজনে বাৰু ইমানবোৰ বিধান দি আনক নিজৰ বাবে সুবিধাজনক ঘৰ এটাও বান্ধি ল’ব পৰা নাইনে, পাছে মনলৈ অহা
প্ৰশ্নটোক মুহূৰ্ততে নস্যাৎ কৰি উঠিল পিছবাৰীৰ পিনে সদম্ভে থিয় দি থকা আৰ. চি. চি.
ঘৰটোৱে। যিটো প্ৰথমে সত্যৱতীৰ চকুতেই পৰা নাছিল। ইফালে-সিফালে আলেখলেখ চাই থাকোঁতেই দহ-বাৰ বছৰীয়া ল’ৰা এটাই সত্যৱতীক
ভিতৰলৈ মাতি নিলেহি। সত্যৱতীয়ে প্ৰথমে দাড়িয়ে-গোঁফে ভোবোকাৰ, কপালত ৰঙা তিলক
লোৱা মানুহজনলৈ চাই অলপ ভয়ো নোখোৱাকৈও থকা নাছিল। পাছে ইমান দূৰ আহি এতিয়া আৰু ভয়
কৰিলেতো নচলিব। সেয়ে আথে-বেথে মোনাত ভৰাই নিয়া আগলি কলপাতকণতে গুৱা-পাণ এযোৰা, ধূপ, চাকি, তেল, শলিতা, গৰুৰ গাখীৰ আৰু
বাৰীৰে কলআখিৰ সৈতে ৰূপ পাঁচশ আগ বঢ়াই দি মূৰ দোঁৱাইছিল। বস্তুখিনি গ্ৰহণ কৰাৰ
পাছত জুই-ফিৰিঙতি ওলাওঁ ওলাওঁ যেন হৈ থকা মানুহজনৰ চকুহাল হ’বলা কিছু নৰম
হৈছিল। মুখেৰে কিবাকিবি বিৰ্বিৰাইছিল তেওঁ আৰু সেই ৰঙা
ৰছীখিনি আৰু পানীবটল জাৰি দিছিল। লগতে কৈছিল ‘‘এই কেইপদেৰেই কামটো
হৈ যাব লাগে। যদি এইদৰেও কাম নিসিজে মই নিজে গৈ তোমাৰ ঘৰখন বান্ধি আহিবগৈ লাগিব।’’ সত্যৱতীয়ে হাতযোৰ
কৰি সভক্তিৰে বস্তুকেইপদ লৈছিল। মনতে ভাবিছিল এনেকৈয়ে কামটো সিজিলেগৈয়ে হয় আৰু!
মনলৈ কিবা বেলেগ ধৰণৰ চিন্তা কিছুমানো আহিছিল। চকুৰ আগলৈ বিহলঙনিৰে কোবাই কোবাই
জুৰুলা কৰা মানুহ এজনী আৰু ঘৰৰ চাৰিওকাষে জোৰেৰে সৰিয়হ ছটিয়াই ছটিয়াই মুখেৰে বিৰ্বিৰাই থকা সেই গেৰুৱা কাপোৰ পিন্ধা মানুহ এজনৰ প্ৰাচীন
ছবি এখনে অগা-ডেৱা কৰিছিলহি। মুহূৰ্ততে ছবিখন মচি পেলাবলৈ চেষ্টা কৰি সত্যৱতীয়ে
উভতি বাট লৈছিল ঘৰলৈ বুলি। কষ্ট কৰি হ’লেও মানুহজনক যে লগ ধৰিব পাৰিলে
আজি, সেয়ে বহুত। নহ’লে সত্যৱতীৰ ঘৰ গুচি বাঁহতল হ’বলৈ আৰু কেতপৰ।
পিছে বস্তুকেইবিধ সযতনে নি ঘৰ পোৱাবগৈ পাৰিলেই হয় আৰু, তাৰ বাদে এতিয়া বেলেগ চিন্তা তাইৰ মনত নাই।
সন্ধ্যাই
বটুৱা-কেৰাহীবোৰ মাজি আছে যদিও মনটো তাইৰ শাহুৱেকৰ তাতহে আছেগৈ। ক’লৈ বা গ’ল মানুহজনী ওপজি পুৱাতে। কাকো একো কৈও নগ’ল। শহুৰেকক সুধিলতো
ভেকাহি মাৰিহে উঠিল বোলে, ‘‘কোনোবাদিনা মাৰাক মোক কৈ ওলোৱা-সোমোৱা কৰা দেখিছনে?’’ তাই আৰু দুনাই একো
নুসুধি ঠাইতে তাপ মাৰিলে। মানুহজনকতো একো ক’বই নোৱাৰি। আজি অলপ দিনৰ পৰা
তাইৰ প্ৰতিটো কথাৰে তেওঁ বেঁকাকৈহে উত্তৰ দিয়ে। তদুপৰি কথাইপতি গেঙেৰি দিবলৈও
নেৰে। সেয়ে তাই আজিকালি প্ৰায় মনে মনেই থাকে। পিছে শাহুৱেক
তেনে নহয়, শাহুৱেকে তাইক বোৱাৰী নহয়...
আপোন জীৰ দৰেহে ভাবে। সেয়ে কেতিয়াবা সকাম-নিকামলৈ গ’লেও পকা মিঠৈটোৱেই হওক বা চাহৰ লগত দিয়া গমৰ লাড়ুটোৱেই
হওক, তাইলৈ টোপোলা বান্ধি আনে। পিছে তাই আৰু মানুহজন সিদিনা
ডাক্তৰৰ তাৰ পৰা অহাৰ পাছৰে পৰা মানুহজনীয়ে যেন কিবা
চিন্তাতহে বুৰ গৈ থকা হ’ল।
সিদিনা তাইক
গিৰিয়েকে টানকৈ কোৱা শুনি মানুহজনীয়ে আহি তভক্ মাৰি ৰৈছিল দুৱাৰমুখতে। কিবা এষাৰ
যেন ক’বলৈ লৈও পেটতে ৰাখি ওলাই গৈছিল ক’ৰবালৈ। পাছদিনা আবেলি পৰত
বৰুৱানী আহোঁতে বহু পৰ দুয়োজনীয়ে কিবাকিবি ফুচ্ফুচাই পাতি আছিল। তাই
চাহ দিবলৈ আহোঁতে ঘপককৈ কথা বন্ধ কৰি দিয়া কথাটোও তাই মন নকৰাকৈ নাছিল। পিছে এই
মুহূৰ্তত মানুহজনী ক’লৈ যাব পাৰে সেই চিন্তাইহে তাইক খুলি খুলি খাবলৈ
ধৰিছে।
হাতত লাগি শুকাই
যোৱা ফুটছাইখিনিৰ লগত বালি মিহলাই তাই পুনৰ বাচনবোৰ মাজি-পখালি
ল’লে। আজি তাই ভাতৰ পাতত নবহিলেই। শাহুৱেক আহিলে একেলগে খাব বুলি ভাবি থৈছে।
শহুৰেকক দি উঠি তাইৰ আৰু শাহুৱেকৰ ভাগ দুটা সজাই থৈছে। মানুহজনে আকৌ কামৰ পৰা আহি
জা-জলপানহে কিবা খাব। ৰাতিৰসাঁজহে তেওঁ খাবলৈ পায় ঘৰত। ধোৱা বাচনবোৰ পানীচাঙৰ ওপৰত
এটা এটাকৈ তুলি তাই শাহুৱেকৰ কথাকে ভাবি থাকিল আৰু পদূলিমুখলৈকে চাই থাকিল বাৰে
বাৰে। মনতে ভাবি থাকিল এই কিছু দিনৰ পৰা সিহঁত মানুহহালৰ মাজত হোৱা খুট-খাটবোৰত অতীষ্ঠ হৈয়েই আকৌ মানুহজনী ওলাই গ’ল নেকি!
পাছে তাই ভাবিলে যে তাইৰ শাহুৱেক সমস্যাৰ পৰা পলাই যোৱা মানুহ নহয়। নিশ্চয় কিবা
সমিধান বিচাৰিহে ক’ৰবালৈ গৈছে। পিছে ক’লৈ!
সত্যৱতীয়ে টেম্প’খন
অহা দেখি প্ৰায় জঁপিয়াই উঠাদি উঠিল। টেম্প’খন দেখাৰ লগে লগে
তেওঁ আনকি দোকানত সোমোৱাৰ কথা, পানীবটল, বিস্কুটৰ কথাও
পাহৰি গ’ল। অৱশ্যে বোৱাৰীয়েকে চাগৈ ভাত-পানী ৰান্ধি
আজৰি এতিয়ালৈ আৰু বেচেৰীয়ে চাগৈ খোৱাও নাই তেওঁ নাই বাবেই।
বোৱাৰীয়েকৰ কথা
মনলৈ অহাৰ লগে লগেই তেওঁ যেন মৰমত পমিহে গ’ল। নিজৰ একমাত্ৰ পুতেকলৈ নিজেই
চাই-মেলি আনিছিল সাইলাখ লক্ষ্মী হেন ছোৱালীটি। আহিয়েই তাই ঘৰৰ
ৰূপেই বদলি কৰি দিছিল। নিজে তোলা ফুলৰ কুশ্বন ক’ভাৰ, গাৰুৰ গিলিপ, ফুলদানী আদিৰে ঘৰটো আটোমটোকাৰিকৈ ৰাখিছিল তাই। পুতেকৰ অলপীয়া উপাৰ্জনেৰেও নিৰহ-নিপানীকৈ চলাইছিল তাইৰ
ঘৰখন। পিছে বছৰবোৰ বাগৰি যোৱাৰ লগে লগে কোলাত এটি আলসুৱা জিউ আৰু টেঁৱা টেঁৱা
কান্দোনৰ অপেক্ষা যেন তীব্ৰতৰ হৈ উঠিল। সাতোটা বছৰৰ মূৰকত যেতিয়া ঘৰখনত এটি
সম্ভাৱনাই কোঁহ মেলিছিল তেতিয়া যেন মুখৰ হৈ উঠিছিল ঘৰখন। কিন্তু অদৃষ্টৰ লিখনক
খণ্ডন কৰাৰ সাধ্য কাৰ! যিষাৰ মাতৰ বাবে অপেক্ষা কৰি আছিল ঘৰখন সেই মাতষাৰ পৃথিৱীৰ
মুখৰ কৰাৰ আগতেই নিমাত হৈ পৰিছিল। বুকুৰ অমৃতত মুখ গুঁজিবলৈ
নৌ পাওঁতেই নিঃসাৰ হৈ পৰিছিল কণমানি ওঁঠযোৰ। সেই দুৰ্ঘটনাটোৰ পাছৰ পৰাই ঘৰখনত অথন্তৰ নুগুচা হ’ল। পুতেকৰ খংটো যেন চুলিৰ আগতে
থকা হ’ল। হকে-বিহকে সৰু-সুৰা কথাতে টিক্চি-বিক্চি হোৱা হ’ল। আনহাতে বোৱাৰীয়েক! তায়ো যেন এক প্ৰস্তৰ মূৰ্তিলৈহে
পৰিণত হ’ল। তাই নাকান্দেও, নাহাঁহেও। পিছে অৱচেতন অৱস্থাত যেন শুনিবলৈ পায় এক
কেঁচুৱাৰ কান্দোন। সেই অৱস্থাত তাই তাই হৈ নাথাকে। পৃথিৱীক
পাহৰি তাই ৰাউচি জুৰি কান্দিবলৈ ধৰে। সেই কান্দোনত বাটৰুৱায়ো থৰ লাগে, চুবুৰীয়ায়ো এসোঁতা
কান্দে। পাছে তেওঁ মাকজনীয়েনো কোন সতেৰে চাই থাকে এইবোৰ।
এই সকলো দেখি-শুনিয়েই
সত্যৱতীয়ে পুতেকক দ্বিতীয়বাৰৰ বাবে সন্তানৰ বিষয়ে ভাবিবলৈ কাণ চোৱাইছিল । পিছে তেওঁৰ
পুতেক নাছোৰবান্দা। পুতেকৰ মতে তাৰ মানুহজনীয়েই অভাগা, সেয়ে অত বছৰৰ মূৰতো
সুখ এফেৰি আহিও উভতি গ’ল। তেওঁ বুজে ল’ৰাৰ কেৰোণটো ক’ত! কেতিয়াবা পুৰুষে
নিজৰ পুৰুষত্ব জাহিৰ কৰিবলৈ চিঞৰি কথা কয়। নিজৰটোকে শুদ্ধ বুজাবলৈ আস্ফালন তোলে, পাছে কেতিয়াবা সেই
আস্ফালনে নিজৰ প্ৰতিবন্ধকত, দুৰ্বলতা তথা নীচাত্মিকা ভাবকহে
প্ৰতিধ্বনিত কৰে। তেওঁ লাজ-মান কাটি কৰি বোৱাৰীয়েককে সুধিছিল কথাটো কি। প্ৰথমে তাই
মুখ মেলা নাছিল যদিও পাছলৈ টানি ধৰাত মুখ খুলিছিল আৰু মাকৰ আগত ওলাই পৰিছিল পুতেকৰ
সীমাবদ্ধতাৰ কথাটো। পুতেকৰ বীৰ্যধাৰণৰ ক্ষমতা ক্ৰমাৎ লোপ পাবলৈ ধৰা হেতুকে পুনৰ
এটি সন্তান সম্ভৱপৰ নহয়। নাতি-পুতিৰ সপোন দেখা মানুহজনীৰ ভিতৰৰ সৌধটো যেন চূচুৰ্মৈ হৈ পৰিছিল পলকতেই। পাছে তেওঁ চম্ভালি লৈছিল নিজকে আৰু বৰুৱানীৰ কাষ
চাপিছিলগৈ। তেওঁ জানিছিল আজিকালিৰ দিনত সন্তান নথকা কথাটো একো ডাঙৰ কথা নহয়। ইচ্ছা
কৰিলে তুলি ল’ব পাৰে এটি সন্তান। কিন্তু এই যে ঘৰখন দিনকদিনে
মৰিশালি হ’বলৈ ধৰিছে। পুতেকৰ ওভতগোৰে নচা স্বভাৱ, বোৱাৰীয়েকৰ কাৰুণ্যভৰা মুখখনিয়ে
তেওঁক শান্তি দিয়া নাই। ভেকুলীৰ পিঠিত নোম গজেইবা! কি ঠিক!
বৰুৱানীয়েই কৈছিল
বেজজনৰ কথা। তেওঁৰ বেজালিৰ মাহাত্ম্যৰ কথা। মায়ঙৰ পৰা অহা মানুহজনৰ ইতিবৃত্তৰ কথা।
বহুতো সন্তান-সন্ততি নথকা মানুহৰ মুখত হাঁহি বিৰিঙোৱাৰ কথা। ‘‘বিশ্বাসে মিলয় হৰি’’ কথাষাৰৰ প্ৰতি ৰখা বিশ্বাসে সেয়েহে সত্যৱতীক উপজি পুৱাতে সেই বেজৰ তালৈ বাট বুলিবলৈ বাধ্য কৰোৱাইছিল।
টেম্প’ত
আহোঁতেও বেগৰ ভিতৰৰ বস্তুকেইপদ ঠিকে-ঠাকে আহিছেনে বুঢ়ীয়ে মন দি আহিছে। জোঁকাৰণিত
গাটো লৰিলেও যাতে পানীৰ বটলটোৰ এটোপাল পানীও নপৰে, তাৰ প্ৰতি সন্ত্ৰস্ত হৈ আহিছে।
ঘৰ সোমায়েই
সন্ধ্যাৰ মানুহটোৱে নাম ধৰি মাতিলে তাইক। শাহুৱেকলৈ বুলি বাট চাই চাই চিল্মিল্কৈ টোপনি অহা মানুহজনীয়ে উধাতু খাই লৱৰি আহে। সি যেন
তাইক কি ক’ব নক’বকৈ এফালৰ পৰা বিৱৰি কৈ যায়
দিনটো অফিচত শুনি অহা আৰু অলপ সময়ৰ আগেয়ে এক প্ৰকাৰে লৈ পেলোৱা সিদ্ধান্তটোৰ বিষয়ে।
সি কৈ উঠে, ‘‘কেঁচুৱাটিৰ
মাক-বাপেক কোনো নাই। বুঢ়ীমাকজনীৰো অৱস্থা শোচনীয়, যি যোৱা তিনি মাহে
কেঁচুৱাটিৰ আপডাল কৰি আছিল। এতিয়া তেওঁৰ যোৱা-থোৱা অৱস্থাত
কাৰোবাক দায়িত্ব দি যাব খুজিছে, পাছে তেওঁৰ এটাই ইচ্ছা যে
মাক-বাপেকৰ উপৰি আইতাক এজনী থকা ঘৰ এখন যাতে কেঁচুৱাকণে পায়। মই খবৰটো পোৱা
মাত্ৰেই গুচি গ’লোঁ তেখেতৰ ওচৰলৈ। তেখেত মান্তি হৈছে, এতিয়া তোমালোকে বা
কি কোৱা? বৌতি ক’ত? পোৱাহিয়েই নাইনে?’’
সন্ধ্যাৰ সন্মুখত
যেন এয়া কোনোবা ঈশ্বৰপুত্ৰ যি অত দিনে ছদ্মবেশ ধৰিহে
তাইৰ লগত আজলমঠালিখন কৰিছিল। আনন্দৰ আতিশয্যত তাইৰ মুখৰ পৰা এটা শব্দও ফুটি নুঠিল।
আনহাতে পুতেকৰ ঠিক
পাছে পাছেই ঘৰ সোমোৱা মানুহজনীৰ মনৰ অজস্ৰ এন্ধাৰৰ মাজৰ পৰা এই যেন জোনাকী পৰুৱা
এটি উৰা মাৰি আহিল। মুহূৰ্ততেই তেওঁৰ অনুভৱ হ’ল তেওঁৰ জীৱনটোৱেই যেন
বোৱাৰীয়েকলৈ উভতি আহিছে। মাথোঁ তেওঁৰ দৰে বিহলঙনিৰ কোব নোখোৱাকৈ, সৰিয়হে ঘেৰি নিয়া
বৃত্তটোত বন্দী নোহোৱাকৈয়ে বোৱাৰীয়েকে এইবাৰ যশোদাৰ পুনৰ জনম ল’ব। আজিহে যেন তেওঁৰ
ভালকৈ অনুভৱ হ’ল গৰ্ভস্থ নহ’লেও যেন তেওঁৰ গুণবোৰ পুতেকলৈ
শিপাইছে। নিজৰ অজানিতেই বেগৰ
ভিতৰৰ পানীৰ বটলটোৰ পৰা
পানীখিনি কোট্ কোট্কৈ পি পেলালে।
ভ্ৰাম্যভাষ:
৯১০১৩০৪৫৯০