অন্যযুগ/


মাইকীমুৱা

অপু ভৰদ্বাজ

মই তামোল চোৰ নাছিলোঁ৷ কিছু গভাইত চোৰক মই কাইদা-কিটিপ শিকাইছিলোঁ৷ তামোল চুৰিৰ বিদ্যা নহয়, শিকাইছিলোঁ কেৰ্কেটুৱাৰ দৰে গছ বগোৱাৰ সহজ উপায়৷ একেচাটে গছৰ মূধ পাই তাৰ পৰা আনজোপালৈ হনুমন্ত জাঁপ মাৰি ফিৰাই আগৰ জোপালৈ আহি সুৰুক্‌কৈ ভূমি স্পৰ্শ৷ তামোল গছ বগাইছিলোঁ এটা বিশেষ চখত– উচ্চতা আৰোহণ৷ ওপৰলৈ উঠাৰ মজাটো কি, পানীৰ কাছই কি বুজিব ! যা হওক, চখটো থকা বাবেই বাওনা পাহাৰটোৰ চূড়াত মই ঘৰ বান্ধিম৷ ৰ’দ আৰু ফিৰফিৰিয়া বতাহে চোঁৱৰ বুলাই থকা মোৰ এখন খোলা চাদ আছে৷ ইয়াত আছে জলকীয়া, বাখৰ বেঙেনা, সেন্দূৰীয়া কড়িয়া... এসোপা, আঁহ-পাহ মেলি বগুৱা বাবলৈ খোলা বগেনভেলিয়া, এডৰা মছন্দৰী ইত্যাদি৷ চব দেখি ইয়াৰ পৰা৷ পাহাৰটোৰ খলপে খলপে গঢ় লোৱা সৰু সৰু ঘৰবোৰৰ অংশবিশেষ, শিলেৰে গঁথা দেৱালবোৰ, কাৰোবাৰ কুঁৱাৰ পাৰৰ ব্যস্ততা, কাৰোবাৰ চাদত ৰ’দোৱা আচাৰৰ বটলৰ লানি, কাৰোবাৰ ড্ৰইংৰুমত চলি থকা টিভি [খিৰিকীৰে দেখা], কাৰোৰ বেলকনিৰ লুডুখেল, কোনোবাই ৰেলিঙত আঁউজি মৰা ছে‍ল্‌ফি, মাখিয়ে টোপনি ভঙা, কাৰোবাৰ ঘৰৰ বুঢ়া কুকুৰৰ খং, ওপৰৰ পৰা নামি যোৱা অঁকোৱা- পকোৱা ঠেক ৰাস্তাটো ইত্যাদি৷

মোৰ এই মস্ত চাদখনতে ৰ’দ লৈ লৈ জোতা পলিচ কৰি থাকোঁতেই মই প্ৰথম সেই ল’ৰাটোক দেখিছিলোঁ– বাউসীত মোনা এটা ওলমাই ৰাস্তাৰে নামি গৈ থকা৷ তাৰ পাছতো এদিন, দুদিন, কেবাদিনো দেখিলো– লিচিক্‌-পিচিক্‌  তাৰ খোজ৷ দুদিনমান দোকানে-পোহাৰেও দেখিছোঁ৷ অংগী-ভংগী, আচৰণত পৌৰুষ সমুলি নাই৷ কিছুদিন পাছত গম পালোঁ তলৰ কালভাৰ্টটোত নিগুটি বহি থকা অভব্য ল’ৰাকেইটাৰ বাবে ই হৈ পৰিছে এক তামাছা৷ কথাটো বহুতেই জানে৷ বহুতেই তাক বিভিন্ন স্থানৰ পৰা আঁৰ চকুৰে লক্ষ্য কৰে৷ খোজৰ লয়লাস, চাপি-কুচি বহাৰ ভংগী, সততে ফিটকৈ মেলি ধৰা আঙুলিৰে কাণত হেঁচি ধৰা ম’বাইল ফোনত অনুচ্চ হাঁহি আৰু মৃদুভাষৰ লগতে নাৰীসুলভ হস্ত সঞ্চালন– এই আটাইবোৰেই এতিয়া আলোচ্য আৰু লক্ষণীয়৷ ল’ৰাটোৱে পিছে কাকো নামাতে, একো নকয়৷ উফৰি অহা বিদ্ৰূপৰ ছুৰীবোৰ সি গিলি থয়৷ আৰ তাৰ মুখত কিছুমান কথাই পকনীয়া তুলি একোটাকৈ পক ধৰিছে যে বিষয়টো হৈ পৰিছে টেঙা-মিঠা এগিলাচ চৰ্বত৷ স্বাভাৱিকতেই হ’ব– এক পুৰুষ অথচ কাম-কাজত তিৰোতাৰ গত৷ থোৰতে সকলো কথা বুজাবলৈ শব্দটো আছেই– মাইকীমুৱা৷ এদিন শুনিলোঁ কোনোবাই ক’ৰবাত তাক নেইলপলিচ কিনা দেখিছে৷ কোনোবাই বোলে সি পেণ্টৰ জেপত মানীবেগ নলয়, বেগতহে লৈ ফুৰে লেডীজ পাৰ্চ৷ কোনোবাই তাৰ কেঞা আঙুলিৰ লম্বা নখটোও লক্ষ্য কৰিছে৷ আনকি বদমাছ ল’ৰাৰ জাকটোৰ মাজৰে কোনোবাই সুবিধাজনক ঠাইৰ পৰা তাৰ ফটোও তোলে আৰু জুম কৰি কৰি তাৰ চুলি, কাণ, বুকু, গ্ৰীপ তন্ন তন্নকৈ পৰীক্ষা কৰে৷ কি ইমান গৰজ সিহঁতৰ– কেতিয়াবা আকৌ উভতি খঙো উঠে মোৰ সি মাইকীমুৱা, গে নতুবা পুৰুষত্বহীনেই হওক– তাতে কি? দাতিকাষৰীয়া মানুহবোৰৰ ফিচিঙা-ফিচিঙি কাৰবাৰটো মোৰেই কেতিয়াবা অসহ্য হৈ উঠে, তাৰ বাৰু নহয়নে? মই তেনেকুৱা এজনৰ কথা শুনিছোঁ৷ লাউচত থকা মোৰ বন্ধু এজনে কৈছিল কাহিনীটো৷ এটা মৰ্মান্তিক আত্মহননৰ গল্প৷ পুৰুষক বিশুদ্ধ পুৰুষ হিচাপে আৰু নাৰীক লাস্যময়ী হিচাপে গ্ৰহণ কৰাটোহে স্বাভাৱিক৷ অন্যথা অলপ হেৰফেৰ হ’লেই হাজাৰ কৌতূহলী চকুৱে খেদি ফুৰে সেই ভিন্নৰূপক৷ তিতা ফুচফুচনিবোৰে ঘুলি লয়৷ খোঁচা-বিন্ধা আৰু অশ্লীল তিতকাৰীবোৰে ক্ৰমশ: কাঢ়ি নি থাকে তেনে অস্বাভাৱিক মানুহ একোজনৰ জীয়াই থকা অধিকাৰ৷ সিহঁতে খচংকৈ বজাৰৰ ভিৰৰ মাজত সোমাই পৰিব নোৱাৰে, এনেয়ে কোনোবাই বাহুৰে ধাক্কা মাৰে৷ শুব নোৱাৰে– ৰাস্তাত মদ্যপ উদণ্ডৰ কিৰিলি৷ সিহঁতক কোনেও সংগ নিদিয়ে– নিসংগ সিহঁত৷ সিহঁতৰ সহপাঠীয়ে লাজত ফৰিং চিটিকা দিয়ে, সংকোচত লুকায়৷ সিহঁতক কোনেও একো নোসোধে, একো নুশুনেও৷ কালক্ৰমত আছুতীয়া কোঠা একোটাত সোমাই থাকি সিহঁতে সকাহ পোৱা যেন পায়৷

এইবোৰ কথা শুনিছোঁ বা ক'ৰবাত পঢ়িবলৈ পাইছোঁ বাবে এই ল’ৰাটোক লৈ মোৰ কিছুমান দুঃচিন্তা হয়৷ ল’ৰাটো এই ঠাইত নতুন৷ দুই বায়েকৰ সৈতে থাকে তলৰ এটা ঘৰত৷ নিজৰেই ঘৰ৷ এজন মানুহ আছিল আগেয়ে, ঢুকাল৷ তাৰ পিছত কেবাবছৰো খালী পৰি আছিল৷ শুনা মতে, কেইটামান ঘাগু লম্পটে ঘৰটোত আড্ডা জমায়৷ সীমা ঠেলি মাটিও কাঢ়িছে৷ এই এবাৰৰ বা-বাতৰি পায়ে ছোৱালী দুজনী আৰু ল’ৰাটো ইয়াত নিগাজীকৈ থাকিবলৈ আহিছে৷ স্বৰ্গগামী বুঢ়াৰ এই তিনি সন্তান৷ জমজমাত এলেকা এটাৰ ম্যাদী সম্পত্তি, যাঃ বুলিতো এৰিব নোৱাৰি৷ এইখিনি মই যোগাৰ কৰা তথ্য– একদম পাক্কা৷ পিছে অতিৰিক্তভাৱে যিখিনি মই জানিলোঁ বা খাজে খাজে জানি থাকোঁ. সেয়া মোৰ ধৰ্মপত্নীৰ কৃপাত৷ মইহে চাদখনৰ মোহ এৰিব নোৱৰোঁ, তেওঁ পিছে তহলি ফুৰে৷ ল’ৰাটোৰ বায়েক দুজনীৰ, ডাঙৰজনীৰ সৈতে বেছ হলিগলি হৈছে৷ ৱাটছএপ নম্বৰো আনিছে৷ সেই ছোৱালীজনীয়ে পত্নীক কোৱা আৰু পত্নীয়ে মোক কোৱা কথাখিনি আচলতে বেবেৰিবাং৷ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ