ড° নীৰাজনা মহন্ত বেজবৰা
(ক) প্রচলিত শিক্ষা ব্যৱস্থা
আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত জাতীয় ভাষা-সাহিত্যৰ শিক্ষাই এক বুজন অংশ অধিকাৰ কৰি আছে। অসমীয়া ভাষা-সাহিত্যৰ শিক্ষাও তেনেকুৱা এটা বিষয়। জাতি একোটাক আশ্রয় কৰি জাতীয় ভাষা আৰু জাতীয় ভাষাক আশ্রয় কৰিয়ে জাতীয় সাহিত্যৰ স্রজন, পালন, পোষণ হয়। সেয়েহে পোনপটীয়াকৈ অসমীয়াৰ পাঠ্যক্রমৰ কথা অসমীয়া ভাষা-সাহিত্য সম্পর্কীয় শিক্ষণ বুলিয়ে ধৰি ল’লেও আচলতে চাবলৈ গ’লে এই পাঠ্যক্রম অন্য প্রায়বিলাক পাঠ্যক্রমতকৈ জাতিৰ প্রতি অধিক দায়ৱদ্ধ তথা কার্যকৰী হোৱাৰ আৱশ্যকতাৰ কথাটো ভাবিলে বোধকৰো ভুল ভবা নহ’ব।
অসমীয়া বুলিলে আমি সাধাৰণতে তলৰ চাৰিটা দিশৰ কথা বুজোঁ –
(১) অসমৰ স্থানীয় অধিবাসী, (২) অসম ৰাজ্যৰ ৰাজ্যভাষা, (৩) অসমৰ লগত জড়িত বিভিন্ন বিষয় আৰু (৪) অসমীয়া ভাষা আৰু সাহিত্য অধ্যয়নৰ এটি বিষয়।
উল্লিখিত চাৰিটা দিশৰ কথা চালে ‘অসমীয়া’ বিষয়ত উচ্চশিক্ষা গ্রহণৰ কথাটোৱে অসমীয়া জাতিটোৰ সামগ্রিক ইতিহাসৰ তথ্য আৰু জাতীয় বিকাশৰ বাবে দৃষ্টি আৰু দর্শন তথা সেইমতে গ্রহণ কৰিবলগীয়া কার্যপন্থা সম্পর্কীয় দিশো যৎকিঞ্চিৎভাৱে হ’লেও সামৰি লোৱাটো বাঞ্ছনীয়। কিন্তু বাস্তৱ ক্ষেত্রত আমাৰ প্রচলিত ‘অসমীয়া’ শিক্ষাত কি কি পঢ়ুৱাব খোজা হৈছে, তাৰ বাবে উপযুক্ত পদ্ধতি কি হ’ব, তাৰ পৰা কেনে ফলাফল লাভ কৰিব পৰা যাব আদি ধৰণৰ দিশসমূহ পাঠ্যক্রম প্রস্তুত কৰাসকলৰ ফালৰ পৰা প্ৰায়েই স্পষ্ট কৰি লোৱা নহয়। শিক্ষার্থী, অভিভাবক বা সাধাৰণ সমাজেও এনে বিষয়ত ভবা-চিন্তা কৰাৰ বিশেষ আৱশ্যকতা অনুভব কৰা যেন নালাগে।
সংস্থাপন আৰু জ্ঞানৰ উন্নয়ন– এই দুটা প্রধান উদ্দেশ্য পূৰণ কৰিব নোৱৰা শিক্ষাই সার্থকতাৰ দাবী কৰিব নোৱাৰে আৰু অসমীয়া ভাষা-সাহিত্যৰ শিক্ষাও নিশ্চয় তাৰ ব্যতিক্রম নহয়। আকৌ, সংস্থাপনেই হওক বা জ্ঞানৰ কর্ষণ– দুয়োটাৰে কাৰণে শিক্ষাই অনিবার্যভাৱেই সমসাময়িক বিশ্বগতিৰ লগত খোজ মিলাই হাতত হাত ধৰি আগ বাঢ়ি যাব লাগিব। জাতীয় ভাষা-সাহিত্যৰ শিক্ষাৰ ক্ষেত্রত ইয়াৰ লগতে জাতিৰ প্রাণস্পন্দনৰ অনুভৱ-উপলব্ধিৰ প্রসঙ্গও আছে। বিদ্যালয়-মহাবিদ্যালয়ৰ সাধাৰণ শিক্ষাৰ পৰা ধৰি স্নাতকোত্তৰ তথা উচ্চস্তৰীয় গৱেষণা ডিগ্রীৰ পর্যায়লৈকে অসমৰ শিক্ষা জগতৰ এক বুজন অংশ অধিকাৰ কৰি থকা সত্ত্বেও অসমীয়া ভাষা-সাহিত্যই এইবিলাক কাম কৰিব পাৰিছে যেন নালাগে। কার্যক্ষেত্রত চাবলৈ গ’লে অসমীয়া ভাষা-সাহিত্যৰ পাঠ্যক্রম গ্রহণ কৰোঁতাসকল এই সম্পর্কীয় কিছুমান তথ্য সম্পর্কে অৱগত হ’ব পাৰে আৰু তেনে তথ্য তথা লাভ কৰা পাঠ্যক্রম সম্পর্কীয় ডিগ্রীৰ সহায়ত সেই একে পাঠ্যক্রম অথবা তাৰে ঊনৈছ-বিছ ধৰণৰ অন্য এক পাঠ্যক্রমৰ পাঠদান কৰাৰ যোগ্যতা তেওঁলোকে অর্জন কৰা বুলি ধৰি লোৱা হয়। উল্লেখযোগ্য যে এই ধৰণেৰে পাঠ্যক্রমে সৃষ্টি কৰি উলিওৱা শিক্ষকৰ তথাকথিত যোগ্যতাসম্পন্ন লোক প্রকৃত চাহিদাতকৈ বহুগুণে বেছি। ‘অসমীয়া’ৰ লগত জড়িতভাৱে জ্ঞানৰ উন্নয়ন, কর্ম সংস্থাপন, জাতীয় জীৱনৰ পুনৰ্নির্মাণ আদিৰ দিশত বহল পথাৰ এখন উন্মুক্ত হৈ থকা সত্ত্বেও তাত কাম কৰিবৰ বাবে প্রচলিত পাঠ্যক্রমে ডিগ্রীধাৰীসকলক বিশেষ বা উপযুক্ত ধৰণেৰে বাট দেখুৱাব পৰা নাই। ‘অসমীয়া’ শিক্ষাৰ বিশেষ ‘ভিজন’ আৰু ‘মিছন’ নোহোৱাটোৱেই ইয়াৰ গুৰি কথা বুলি আমাৰ ধাৰণা হয়।
(খ) পাঠ্যক্ৰমৰ দৃষ্টি আৰু দর্শন বা 'ভিজন'
(১) যুগৰ লগত খাপ খোৱাকৈ উপযুক্ত শিক্ষিত মানুহ গঢ়ি তোলাই পাঠ্যক্ৰম মাত্ৰৰে মূল উদ্দেশ্য। ভাষা-সাহিত্যৰ পাঠ্যক্রমেও এই কথাটো পাহৰিলে নচলিব। কোনো এটা পাঠ বা এজন লেখক ঐতিহাসিকভাৱে কিমান গুৰুত্বপূর্ণ সেইটো কথাতকৈও পাঠ্যক্রমত অন্তর্ভুক্ত কৰিবলৈ যাওঁতে বিষয়টোৱে বর্তমান আৰু ভবিষ্যতৰ বাবে কিমান গুৰুত্ব বহন কৰিছে, আজিৰ ছাত্রই তাৰ লগত একাত্মতা অনুভৱ কৰিবনে নকৰে আদিৰ নিচিনা কথাবোৰেহে অধিক গুৰুত্ব পোৱা উচিত। ঘোৰ ডেকা বয়সত 'অথিৰ ধন জন, জীৱন যৌৱন' বাণীৰে আমি আজিৰ সময়ত উপযুক্ত জাতীয় চৰিত্র এটা গঢ় লৈ উঠাত সাৰ-পানী যোগাব নোৱাৰোঁ। সেই একেদৰেই কোনেও নিজৰ বাস্তৱিকতা আনৰ পৰা ধাৰ বা আমদানি কৰিব নোৱাৰে। সেয়েহে সমসাময়িক কিম্বা সার্বকালিক দৃষ্টিৰেও মূল্যায়নৰ তুলাচনীত যিমান উত্তম বুলি বিৱেচিত পাঠ একোটাই নহওক লাগিলে, সি আমাৰ ছাত্র-ছাত্রীক উপযুক্ত উপলব্ধি আৰু দৃষ্টি দিব পৰা হয়নে নহয় সেইটোহে প্রধানভাৱে বিবেচনা কৰিবলগীয়া কথা। আচলতে নিজৰ সময় আৰু নিজৰ জীৱনক শিকাৰ-বুজাৰ অৱকাশ নথকা ধৰণৰ হ'লে কোনো বিষয়েই মন-মগজুত উপযুক্ত উদ্দীপনাৰ সৃষ্টি কৰিব নোৱাৰে। সেয়েহে সাহিত্যৰ, বিশেষভাৱে সাম্প্রতিক অসমীয়া সাহিত্যৰ উপলব্ধি (appreciation) তথা নতুন ধৰণৰ সৃষ্টি (creation)-ৰ প্রতি প্রেৰণা- এই দুটা কথাক পাঠ্যক্রমত গুৰুত্বসহকাৰে লোৱা উচিত আৰু তাৰ বাবে সাহিত্যৰ বিষয়, ভাষা, শৈলী আদি সমস্ত দিশৰে পৰা সমসাময়িক সাহিত্য আৰু সাহিত্য অধ্যয়নৰ গতি-প্রকৃতিৰ লগত চিনাকি কৰি দিয়া কথাটোত অধিক গুৰুত্ব দিয়াটো আৱশ্যকীয় বুলি অনুভব হয়। পাঠ্যক্রমত ইয়াৰ বাবে ঠাই উলিয়াই ল’বলৈ পৰম্পৰাগতভাৱে গুৰুত্ব লাভ কৰি অহা কিছুমান বিষয় হয়তো আঁতৰাই ল’বলগীয়াও হ’বগৈ পাৰে।
(২) অসমীয়া সাহিত্যৰ গতি আৰু ব্যাপ্তি সম্পর্কীয় মূল মূল দিশসমূহৰ এক সামগ্রিক ৰূপৰেখাৰ কেৱল উপৰুৱা আভাসেই নহয়, বৰঞ্চ হৃদয়ঙ্গম কৰোৱাৰ যত্ন আৰু অৱকাশ এই বিষয়ৰ উচ্চশিক্ষাত থাকিব লাগে। ইয়াৰ মাজলৈ ভাৰতীয় আৰু পাশ্চাত্য ভাষা-সাহিত্য আৰু তেনেকৈয়ে সাহিত্য আলোচনা সম্পর্কীয় গতিবিধিৰ প্রসঙ্গও নিশ্চয় আহিব। কিন্তু ই প্রসঙ্গৰ ৰূপতহে, অসমীয়া ভাষা-সাহিত্য তথা সাহিত্য আলোচনাৰ গতি আৰু ব্যাপ্তিৰ নিয়ন্ত্রকৰ ৰূপত আহিবলৈ পাব নালাগে। অন্য কথাত, সংস্কৃত তথা পাশ্চাত্য সাহিত্য আৰু সাহিত্য-চিন্তাৰ মুঠিৰ পৰা উলিয়াই এক স্বতন্ত্ৰ অসমীয়া সাহিত্য তথা সাহিত্য আলোচনাৰ প্রতি দৃষ্টিভঙ্গী গঢ়ি তোলাটো পাঠ্যক্রমৰ লক্ষ্য হ'ব লাগে। সাহিত্য অধ্যয়নৰ প্রাচ্য বা পাশ্চাত্য দৃষ্টিভঙ্গীৰ অন্তর্গত ন-পুৰণি নীতি-পদ্ধতিবোৰ প্রথমতে আওৰাবলৈ শিকাই পাছত সিবিলাকৰ 'ফ্রেম' বা 'ফৰমেট'ৰ ভিতৰত সুমুৱাই যোৱাটোৱেই অসমীয়া সাহিত্যৰ আলোচনা-অধ্যয়ন বুলি ধৰা বা ধৰোৱাৰ ধাৰণা পৰিহাৰ কৰিব লাগে।
(৩) ভাষা প্রয়োগৰ দুটা দিশ– লেখন আৰু কথন। অসমীয়া ভাষা-সাহিত্যৰ উচ্চশিক্ষা গ্রহণেৰে উচ্চ ডিগ্রী লাভ কৰাৰ পিছতো বহুজনৰ ক্ষেত্রত এই দুটা দিশত পুতৌ লগা অৱস্থা প্রায়ে দৃষ্টিগোচৰ হয়। সেয়েহে পাঠ্যক্রমৰ অন্তর্গতভাৱেই অসমীয়া ভাষাত লেখন আৰু কথনৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশ তথা কৌশল আয়ত্ত কৰিবলৈ প্রশিক্ষণৰ সুবিধা ৰাখিব লাগে।
(৪) বিশ্লেষণধর্মিতা, সৃজনীমূলক প্রতিভাৰ বিকাশ আৰু প্রকাশকে ধৰি নিজৰ নিজৰ বিষয়ৰ লগত জড়িত বিভিন্ন কৌশলৰ অধিকাৰী কৰি তোলাটো শিক্ষাৰ অন্যতম উদ্দেশ্য। আনে সানি দিয়া কল-পিঠাগুড়ি গিলি সময়ত উকলিয়াই মেধাৱী তথা কৃতী ছাত্রত পৰিণত হ’ব পৰা প্রচলিত ব্যৱস্থাত শিক্ষাৰ এইবিলাক উদ্দেশ্য স্বাভাৱিকতেই গুৰুত্বহীন হৈ পৰিছে। অসমীয়া ভাষা-সাহিত্যৰ উচ্চশিক্ষাৰ ক্ষেত্রত চাবলৈ গ’লে বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যাপকেও পৰীক্ষাৰ সম্ভাব্য প্রশ্নৰ উত্তৰ স্বৰূপে বহুৱাব পৰাকৈ এনে কল-পিঠাগুৰিৰ লাড়ুসদৃশ কিতাপ, গৱেষণা পত্র লিখি শৈক্ষিক-সাহিত্যিক দায়িত্ব পালন কৰা সততে দৃষ্টিগোচৰ হয়। প্রচলিত এনে অৱস্থা-ব্যৱস্থাৰ বিপৰীতে উচ্চশিক্ষাত ছাত্র-ছাত্রীৰ মৌলিকতাৰ অৱস্থান আৰু আৱশ্যকতা নিশ্চিত কৰিব পৰা ধৰণৰ ব্যৱস্থা হ’ব লাগে।
(৫) যি কোনো পদত নিযুক্তি বা অন্য ধৰণেৰে আত্মসংস্থাপনৰ বাবে প্রস্তুত কৰি তোলাটো শিক্ষাৰ অন্য এক কার্যকাৰিতা। জাতীয় ভাষা-সাহিত্যৰ পাঠ্যক্রমে এই দিশতো যথোপযুক্ত দৃষ্টি ৰাখিব লাগে।
(গ) মিছন বা কার্যপন্থা
উল্লিখিত ধৰণৰ উদ্দেশ্য আগত ৰাখি আগ বাঢ়িবলৈ বিচৰা মানে ‘অসমীয়া’ পাঠ্যক্রমে তাৰ বাবে বিশেষ ধৰণৰ কিছুমান কার্যপন্থাও হাতত ল’ব লাগিব। এইসমূহ থূলমূলকৈ তলত দিয়া ধৰণেৰে ভবাৰ অৱকাশ আছে।
(১) পাঠ্যক্রম প্রস্তুত কৰাৰ সময়ত প্রথমতে ভাবি ল'বলগীয়া কথাটো হ'ল তাৰ সহায়ত ছাত্ৰ-ছাত্ৰীক কোনবিলাক ক্ষেত্ৰৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ বিচৰা হৈছে আৰু তাৰ বাবে পাঠ্যক্রমত কেনেকুৱা বিষয়ৰ সন্নিৱেশ ঘটোৱা প্রয়োজন? এনেকৈ ভাবিলে অসমীয়া পাঠ্যক্রমে দিব পৰা কিছুমান আৱশ্যকীয় আৰু বাঞ্ছিত ক্ষেত্র ওলাই আহিব। গৱেষণা; শিক্ষণ কলা; সাংবাদিকতা; সম্পাদনা আৰু প্রকাশন; ৰেডিঅ’, টেলিভিছন, চিনেমা আদি বিভিন্ন মাধ্যম; বিজ্ঞাপন; মনোৰঞ্জনৰ উদ্যোগ-অনুষ্ঠানত লেখনকে ধৰি বিভিন্ন কাম তথা বিভিন্ন কলা পৰিচালনা; অনুবাদ; কম্পিউটাৰ আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ আদি এনে কিছুমান ক্ষেত্র। এইবিলাক ক্ষেত্রৰ বাবে ছাত্র-ছাত্রীক গঢ়ি তুলিবলৈ পাঠ্যক্রমত কিছুমান বিশেষ অংশৰ সন্নিৱেশ ঘটোৱাটো আৱশ্যকীয় হ'ব।
(২) নিৰ্ধাৰিত পাঠ্যপুথিৰ আধাৰত পাৰ হৈ যোৱা সময়ৰ 'পষ্টমর্টেম'ৰ ঠাইত সাহিত্যৰ সাম্প্রতিক প্রৱণতা উপলব্ধি কৰাৰ লগতে সমসাময়িক সাহিত্যৰ আধাৰত নিজৰ সময়ৰ সৌন্দর্যবোধ, বৌদ্ধিক-ৰাজনৈতিক-সাস্কৃতিক-অর্থনৈতিক-সামাজিক সচেতনতাৰ সন্ধানত অধিক মনোযোগ প্রদানৰ সুযোগ দিবৰ কাৰণে শেহতীয়া সাহিত্যৰ অন্তর্ভুক্তি অধিক কৰিব লাগিব।
(৩) কোনো বিধৰ সাহিত্যৰে প্রতি 'ভাল' বা 'বেয়া' আৰু সেই কাৰণে পাঠ্যক্রমৰ বাবে উপযুক্ত বা অনুপযুক্ত আদি ধৰণেৰে থকা বদ্ধমূল ধাৰণা এৰি শিশু সাহিত্য, ৰহস্য-ৰোমাঞ্চ, নাৰী-লেখন, বিজ্ঞান সাহিত্য, ব্যক্তিত্বৰ বিকাশ সম্পর্কীয় সাহিত্য ইত্যাদি বিভিন্ন ধৰণৰ বা সকলো প্রকাৰৰ সাহিত্যকে পাঠ্যক্রমত স্থান দিব লাগিব।
(৪) ছাত্র-ছাত্রীৰ মনত সাধাৰণভাৱে লেখক আৰু বিশেষভাৱে সৃষ্টিশীল লেখকৰ ৰূপত পেছা আৰু নিছা গ্রহণৰ আগ্রহ সৃষ্টি কৰিব পৰাকৈ পাঠ্য বিষয় আৰু প্রশিক্ষণৰ সুযোগ ৰাখিব লাগিব। এজন লেখক প্রথমতে এজন ভাল পাঠক হোৱাটো প্রয়োজনীয়। ইফালে প্রচুৰ বিষয়জ্ঞান নোহোৱাকৈ লেখক হ'বলৈ গ'লে কোনো ব্যক্তি কাহানিও সার্থক লেখক এজন হৈ উঠিবগৈ নোৱাৰে। প্রচুৰ পঠন কার্যক এক অনিবার্য কর্মৰ ৰূপত গ্রহণ কৰিবলগীয়া হোৱাকৈ ইয়াক পাঠ্যক্রমৰ ভিতৰুৱা কৰি ল'বলৈ যৎপৰোনাস্তি চেষ্টা চলাব লাগে। লেখন কৌশলৰ লগতে তাৰ পিছৰ পর্যায় প্রকাশন সম্পর্কীয় বিভিন্ন দিশৰ পৰিচয় জ্ঞাপন, দিগ্দর্শনৰ প্রসঙ্গও অসমীয়া পাঠ্যক্রমত থাকিব লাগে।
(৫) ছাত্র-ছাত্রীৰ মৌলিক চিন্তা, নিজা দৃষ্টিভঙ্গী তথা নিজস্ব লেখন শৈলীৰ বিকাশত গুৰুত্ব দি তাৰ বাবে স্বাধীন প্রকৃতিৰ প্রকল্পৰ সম্পাদন, পাঠ্যক্ৰমত নথকা অচিনাকি পাঠৰ বিশ্লেষণ আদিৰ নিচিনা কামৰ সুযোগ ৰাখিব লাগে।
(৬) অসমীয়া ভাষা-সাহিত্যৰ পাঠ্যক্রমে অসমৰ সীমাৰ ভিতৰত আৰু বাহিৰতো পাৰস্পৰিক সৌহাদ্যবোধৰ বর্দ্ধনৰ দিশত বিশেষ ভূমিকা লোৱাৰ অৱকাশ আছে। এই ক্ষেত্রত কার্যকৰী পন্থা হিচাপে অসমীয়াভিন্ন মাতৃভাষাৰ জাতি-জনজাতিৰ লেখকৰ ৰচনা তথা তেনে সমাজ-সংস্কৃতিৰ বর্ণনাযুক্ত ৰচনা, অন্য ধৰণেৰে সংমিশ্ৰণৰ ইতিহাস থকা সাহিত্য পাঠ্যক্রমত অন্তর্ভুক্ত কৰিব লাগে।
(৭) অসমীয়া ভাষা আৰু সমাজলৈ নতুনকৈ আগমন ঘটা বিষয়বিলাকৰ উপযোগী হোৱাকৈ শক্তিশালী গদ্যশৈলী আয়ত্ত কৰাটো অসমীয়াত উচ্চশিক্ষাধাৰী লোকৰ বাবে এক প্রকাৰৰ অনিবার্য দায়িত্ব আৰু কর্তব্য। এই ক্ষেত্রত বিভিন্ন বিষয়ত বর্তমান উপলব্ধ পাৰিভাষিক শব্দাৱলীৰ জ্ঞান প্ৰদান, নতুন শব্দ নির্মাণৰ কৌশলৰ লগতে বিভিন্ন প্রকাৰৰ গদ্যশৈলীৰ লগত পৰিচয় লাভৰ বাবে পাঠ্যক্রমত যথেষ্ট পৰিমাণে কাহিনীবিযুক্ত গদ্যৰ সন্নিৱেশ ঘটাব লাগে।
(৮) ভাষাৰ শুদ্ধ আৰু শক্তিশালী প্রয়োগৰ অভ্যাস-অনুশীলন তথা তাৰ বাবে প্রয়োজনীয় কথাসমূহ অসমীয়াৰ উচ্চশিক্ষাৰ পাঠ্যক্রমত থাকিব লাগিব। এই ক্ষেত্রত উচ্চশিক্ষাধাৰীসকল অসমীয়া ভাষাৰ বিভিন্ন প্রয়োগসমূহৰ লগত পৰিচিত হ’ব লাগিব। অসমীয়া ভাষাৰ ‘খাচ’ অভিব্যক্তি (বর্তমান কম ব্যৱহাৰ হ’লেও)-সমূহৰ পৰিচয় আৰু অভ্যাসো থাকিব লাগিব আৰু বৈদ্যুতিন মাধ্যমত অসমীয়া ভাষাৰ প্রয়োগলৈকে বুলি সমকালীন অসমীয়া ভাষাৰ গতি-প্রকৃতিৰ লগত ভালকৈ পৰিচিত হ’ব লাগিব।
(৯) অধ্যয়নৰ পৰম্পৰাগত তত্ত্বৰ আধাৰত পাঠ একোটাৰ বিশ্লেষণৰ সলনি পাঠৰ পুংখানুপুংখ পঠন (close reading)-ৰ অন্তর্গত দিশবিলাকৰ লগত পৰিচয়, অর্থাৎ– পাঠটোৰ পৰিপ্রেক্ষা (perspective), দৃষ্টিকোণ (point of view), গাঁথনি (structure), ভাষা আৰু বর্ণনাভঙ্গী, চৰিত্ৰ চিত্ৰণ, প্লট তথা বিষয়ৰ পৰিচয় জ্ঞাপনৰ সম্পর্কত জ্ঞান আৰু অভ্যাসৰ প্রসঙ্গক পাঠ্যক্রমে গুৰুত্বসহকাৰে ল'ব লাগিব। তাৰ বাবে সাহিত্য অধ্যয়নৰ শেহতীয়া দৃষ্টিভঙ্গী (approach) যেনে– মনোবিশ্লেষণ; সমাজবাদী, নাৰীবাদী, উত্তৰ ঔপনিৱেশিক দৃষ্টিভঙ্গী; সংগ্ৰহণ (reception) তত্ত্ব; নির্গঠনবাদ; লৈঙ্গিক অধ্যয়ন আদি ধৰণৰ প্রসঙ্গসমূহ জনাৰ আৰু বুজাৰ সুবিধা ছাত্র-ছাত্রীয়ে পাব লাগিব।
(১০) অসমীয়া ভাষাৰ, বিশেষকৈ সমসাময়িক অসমীয়া ভাষাৰ আকৃতি-প্রকৃতিত বাহিৰৰ (external) ভাষা-সংস্কৃতিৰ প্রভাৱ, আন্তৰিক (internal) পৰিৱর্তনৰ কাৰণ আৰু তাৰ গঢ়-গতি (mode)-ৰ পৰীক্ষা-নিৰীক্ষা, এইবিলাকৰ পৰিপ্রেক্ষিতত অভিধান আৰু ব্যাকৰণ প্রণয়ন, নির্বাচিত গ্ৰন্থ বা ৰচনা (পাঠ্যক্রমতে নির্দিষ্ট কৰি ৰখা নহয়)-ৰ আধাৰত ভাষাৰ শৈলীগত আলোচনা আদি ধৰণৰ চিন্তা আৰু কামেও ‘অসমীয়া’ৰ উচ্চশিক্ষাৰ পাঠ্যক্রমত স্থান পাব লাগে।
(ঘ) ৰাষ্ট্রীয় শিক্ষানীতি-২০২০
‘ৰাষ্ট্রীয় শিক্ষানীতি ২০২০’ত ‘উচ্চশিক্ষা’ শীর্ষকেৰে ৰখা দ্বিতীয় ভাগ আৰু ‘অন্যান্য গুৰুত্বপূর্ণ ক্ষেত্র’ শীর্ষকেৰে ৰখা তৃতীয় ভাগৰ অন্তর্গতভাৱে ২২ সংখ্যক দফাত ‘ভাষা, কলা আৰু সংস্কৃতিৰ বিকাশমূলক পৰিকল্পনা’ বুলি ৰখা শিতানত অসমীয়া উচ্চশিক্ষাৰ ক্ষেত্রত ভাবিবলগীয়া বহুতো দিশ সোমাই আছে। উচ্চশিক্ষা শিতানৰ ৯.১.৩ দফাত ‘কর্মসংস্থাপনৰ বাবে ব্যাপক সুযোগৰ সৃষ্টি কৰা’ কথাটো উল্লেখ কৰা হৈছে। ‘অসমীয়া’ বিষয়ৰ উচ্চশিক্ষাই শিক্ষিতসকলক ভাষিক, সাহিত্যিক, সাংস্কৃতিক ক্ষেত্রৰ লগতে আন বহুতো ক্ষেত্রত সংস্থাপনৰ দিশ নির্দেশ কৰাৰ পূর্ণ সম্ভাবনা আছে। কিন্তু ইয়াৰ বাবে ইয়াৰ পাঠ্যক্রম ভাষা সম্পর্কীয় কিছুমান তাত্ত্বিক প্রসঙ্গ আৰু তথ্য কিম্বা নির্বাচিত সাহিত্য পাঠৰ মাজতে আবদ্ধ থাকিলে নচলিব।
দ্বিতীয় ভাগৰ ১১ সংখ্যক দফাত ৰাষ্ট্রীয় শিক্ষানীতিয়ে ‘এক সংহত আৰু বহুমুখী শিক্ষাৰ দিশত’ আগবঢ়াৰ কথা কৈছে। এনে শিক্ষাৰ সহায়ত ‘বৌদ্ধিক, নান্দনিক, সামাজিক, দৈহিক, আৱেগিক আৰু নৈতিক আদিৰ দিশত মানুহৰ সামর্থ্য বিকাশৰ লক্ষ্য আগত লৈ আগবঢ়া’ (১১.৩)-ৰ কথা কোৱা হৈছে। ‘শিক্ষার্থীয়ে শিক্ষাৰ লগতে ব্যৱহাৰিক দিশটোৰ লগতো জড়িত হৈ থকা’ (১১.৮)-ৰ কথা আৰু এনে হ’লে ‘ভবিষ্যতে তেওঁলোকৰ কর্মসংস্থাপনৰ সম্ভাবনা বৃদ্ধি’ৰ প্রসঙ্গও অনা হৈছে। উচ্চশিক্ষাত ‘সৃজনীশীলতাক উৎসাহিত কৰা’ (১২.২)-ৰ কথা ভবা হৈছে। ‘প্রতিজন ছাত্র-ছাত্রীকে একোটাকৈ বৃত্তিৰ জ্ঞান’ (১৬.৪) দিয়াৰ কথা যেনেকৈ সন্নিৱিষ্ট হৈছে, তেনেকৈয়ে সন্নিৱিষ্ট হৈছে ‘এক গৱেষণা সংস্কৃতিৰ সৃষ্টি কৰা’ৰ প্রসঙ্গও।
‘ভাষা, কলা আৰু সংস্কৃতিৰ বিকাশমূলক পৰিকল্পনা’ৰ লগত জড়িত হিচাপেও অসমীয়া পাঠ্যক্রমৰ সম্পর্কত বহুতো সম্ভাবনাপূর্ণ পৰিকল্পনাৰ সুযোগ আছে। ভাৰতীয় ভাষাসমূহত ৪ বছৰীয়া বি. এড. পাঠ্যক্রমলৈকে বুলি সামৰি তুলনামূলক সাহিত্য, সৃষ্টিশীল লেখন আদিৰ অধ্যয়ন-অনুশীলনৰ বাবে কিছুমান শক্তিশালী বিভাগৰ প্রতিষ্ঠা, আগৰে পৰা থকাবিলাকৰ উন্নয়ন আৰু তাত নতুন কিছুমান কার্যক্রম আৰম্ভ কৰাৰ কথা ২২ সংখ্যক দফাত বিস্তৃতভাৱে উল্লেখ কৰা হৈছে। ভাষা-সাহিত্যৰ লগত জড়িত এইখিনি দিশৰ উপৰি প্রস্তাৱিত শিক্ষানীতিৰ কেইবা ঠাইতো অনুবাদ কর্মত বহুত বেছি গুৰুত্ব দিয়া হৈছে। এক ভাষিক অনুশীলন হোৱাৰ হেতুকে অনুবাদৰ তাত্ত্বিক চিন্তা আৰু অনুশীলন দুয়োটা দিশেই ভাষা-সাহিত্যৰ বিভাগসমূহৰ পোনপটীয়া দায়িত্ব আৰু কর্তব্যৰ ভিতৰুৱা হৈ পৰে। বিভিন্ন ভাষাৰ পৰা জ্ঞান-বিজ্ঞানৰ বিষয়সমূহ অনুবাদৰ যোগেদি নিজৰ ভাষাৰ তথ্যভাণ্ডাৰ সমৃদ্ধ কৰাৰ দিশটো অসমৰ অনুবাদৰ জগতখনে সাধাৰণতে কম গুৰুত্বৰে লোৱা যেন লাগে। আচলতে সাহিত্যৰ ক্ষেত্রখনতকৈও সাহিত্যভিন্ন অন্য জ্ঞান আৰু বিশেষকৈ ব্যৱহাৰিক ক্ষেত্রখনত অনুবাদৰ উপযুক্ত প্রয়োগে এটা জাতিক সামগ্রিকভাৱে এক যুগসাপেক্ষ সমৃদ্ধ জাতি কৰি গঢ়ি তুলিব পাৰে। অনুবাদ (Translation)-ৰ লগতে আমি অসমত সাধাৰণতে গুৰুত্ব নিদিয়া মৌখিক অনুবাদ (Interpretation)-ৰ দিশটোকো ৰাষ্ট্রীয় শিক্ষা নীতিয়ে গুৰুত্বসহকাৰে লৈছে। অসমীয়া ভাষাৰ উচ্চশিক্ষাত এই কথাটো সামৰি ল’লে ভাষাৰ শিক্ষার্থীয়ে পাছলৈ প্রশাসন, বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্র আৰু লগতে অসমৰ এখন অতিকে সম্ভাৱনাময় ক্ষেত্র পর্যটনৰ লগত জড়িত বিভিন্ন দিশত ভবিষ্যৎ গঢ়াৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে অনুবাদক আৰু দোভাষী বা মৌখিক অনুবাদক হ’বৰ কাৰণে অসমীয়াৰ বাহিৰে অন্য অন্ততঃ এটা ভাষাৰ জ্ঞান অনিবার্য। গতিকে আন যি কোনো অন্ততঃ এটা ভাষাৰ হ’লেও মোটামুটি শিক্ষা দানৰ কথাটো অসমীয়া উচ্চশিক্ষাৰ পাঠ্যক্রমত অন্তর্ভুক্ত কৰাটো প্রয়োজন। তদুপৰি, ৰাষ্ট্রীয় শিক্ষানীতিত তুলনামূলক সাহিত্যৰ অধ্যয়নৰ যি কথা কেইবা ঠাইতো উল্লেখ কৰা হৈছে, তাৰ বাবেও অনুবাদ তথা অন্য ভাষাৰ জ্ঞান দুয়োটাৰে প্রয়োজন।
উপযুক্ত আৰু প্রভাৱশালী ৰূপত লেখন তথা কথনৰ দক্ষতাৰ কথাটো বর্তমান সময়ত ব্যক্তিত্বৰ বিকাশ তথা জীৱনত অন্য সকলো ধৰণৰ সফলতাৰ বাবে অতিকে গুৰুত্বপূর্ণ বুলি ধৰিবলৈ লোৱা হৈছে। ৰাষ্ট্রীয় শিক্ষানীতিয়ে বিভিন্ন ধৰণৰ কার্যক্ষেত্রত উপযোগী হোৱাকৈ লেখনৰ দক্ষতাৰ লগতে ব্যৱহাৰিক বার্তালাপৰ শিকন অথবা ভাষাৰ ব্যৱহাৰিক প্রয়োগ সম্পর্কীয় জ্ঞানৰ বৰ্ধনৰ দিশতো বিশেষ আৱশ্যকতা অনুভৱ কৰিছে।
উল্লেখযোগ্য যে এতিয়াও কার্যশীল হ’বলৈ অপেক্ষাৰত আমাৰ নতুন শিক্ষানীতিত প্রস্তাৱিত ভালেকেইটি দিশ কম পৰিসৰত হ’লেও ‘অসমীয়া’ ভাষা-সাহিত্যৰ পাঠ্যক্রমে বহু বছৰৰ আগৰে পৰাই গ্রহণ কৰি আহিছে। উদাহৰণ স্বৰূপে অধ্যাপক নগেন শইকীয়াৰ উদ্যমত ডিব্রুগড় বিশ্ববিদ্যালয়ে ১৯৯২ চনতে অসমীয়া উচ্চশিক্ষাৰ পাঠ্যক্রমত তুলনামূলক সাহিত্য আৰু অনুবাদৰ পাঠ্যাংশ সংযোজিত কৰিছিল। সেইদৰে অসমীয়া ভাষাৰ ব্যৱহাৰিক প্রয়োগ সম্পর্কীয় দিশেও ২০০০ চনৰে পৰাই এই বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত স্থান লাভ কৰি আহিছে। চলিত শতিকাৰ আৰম্ভণিতে সৃষ্টিশীল লেখন তথা নাৰী লেখনো পাঠ্যক্রমৰ অন্তর্ভুক্ত হৈছে। অসমীয়া ভাষাত এনে বিষয়সমূহৰ শিকন-অনুশীলন অসমীয়া বিষয়ৰ ছাত্র-ছাত্রীসকলৰ অতিৰিক্ত আন যি কোনো বিষয়ৰ ছাত্র-ছাত্রী বা আন সাধাৰণজনৰ বাবেও সহজতে উপলব্ধ হোৱাৰ ব্যৱস্থা হ’ব লাগে আৰু এই দায়িত্বও নিশ্চিতভাৱেই উচ্চশিক্ষানুষ্ঠানবোৰৰ ‘অসমীয়া’ বিভাগসমূহেই ল’ব লাগিব।
(ঙ) সামৰণি
এই লেখাৰ আৰম্ভণিতে ভাষা-সাহিত্য শিক্ষাৰ সামাজিক দায়ৱদ্ধতাৰ কথা কোৱা হৈছিল। এই দায়িত্ব আৰু কর্তব্য পালন কৰিবৰ কাৰণে উচ্চশিক্ষাৰ ‘অসমীয়া’ পাঠ্যক্রমৰ সম্মুখত বহুতো সুযোগ আছে আৰু ‘ৰাষ্ট্রীয় শিক্ষানীতি ২০২০’-তো এনে ধৰণৰ ভালেমান লক্ষ্য তথা আঁচনি গ্রহণ কৰা হৈছে। নিজৰ ঠাই আৰু জাতিৰ বাবে গুৰু দায়িত্ব কান্ধ পাতি ল’বৰ কাৰণে অৱশ্যে প্রচলিত পাঠ্যক্রমসমূহে অনেক ক্ষেত্রতে পূর্বপ্রতিষ্ঠিত খোলাৰ পৰা ওলাই আহি ভিন্ন ধৰণৰ কিছুমান ধ্যান-ধাৰণা গ্রহণ কৰিব লাগিব আৰু এই ক্ষেত্রত পৰম্পৰাগত ধ্যান-ধাৰণাই সৃষ্টি কৰিব পৰা প্রত্যাহ্বানৰ মুখামুখি হ’বলৈকো সাজু হ’ব লাগিব।
***