কিছুদিনৰ
পূৰ্বে বৰাক উপত্যকাত অসমীয়া ভাষাত লিখা অসম চৰকাৰৰ এখন বিজ্ঞাপনৰ ফলকত কোনোবা
বাংলাভাষী সংগঠনৰ লোকে অসমীয়া আখৰত ৰং সানি ‘বাংলা লিখুন’ বুলি লিখাক লৈ সামাজিক
মাধ্যম তথা প্ৰচাৰ মাধ্যমত যথেষ্ট হৈ চৈ সৃষ্টি হৈছিল৷ আৰু সতেত যিটো হয় সেইটোৱেই হ’ল। অৱলীলাক্ৰমে সকলোৱে কথাটো সোনকালেই
পাহৰিও গ’ল৷ সোনকালে উত্তেজিত হোৱা আৰু সোনকালে পাহৰাটো অসমীয়া মানুহৰ জাতীয়
চৰিত্ৰই৷
প্ৰকৃততে বহুতে স্বীকাৰ নকৰিলেও এইটো সত্য যে অসমীয়া বোলা ভাষাটোৱেই
বিভিন্ন নৃগোষ্ঠীয় তথা ভাষা-পৰম্পৰাৰ লোকক ‘অসমীয়া’ বুলি বান্ধি ৰাখিছে৷ কিন্তু
অসমীয়া মানুহৰ মনস্তত্ত্বত ক্ৰমে ক্ৰমে বিভিন্ন কাৰণত ‘অসমীয়া ভাষিক জাতীয়তাবাদ’
লোপ পাবলৈ ধৰিছে৷
পিছে ভাষিক জাতীয়তাবাদ বাংলাভাষীসকলৰ আছে৷ এই কথাৰ প্ৰমাণ উপৰি উক্ত
ঘটনাটোৰ ক্ষেত্ৰতে বহু বাংলাভাষী লোকে দেখুৱালে৷ তেওঁলোকৰ মতে ‘বাংলা লিখুন’ বুলি
লিখাসকল বাংলাভাষী হ’বই নোৱাৰে৷ কাৰণ ‘বাংলা লিখুন’ শুদ্ধ হোৱা নাই; হ’ব লাগিছিল
‘বাংলায় লিখুন’হে৷ তেওঁলোকৰ মতে সেই কাণ্ডটো ঘটোৱাসকল বাংলাভাষী নহয়, বৰং আন
কোনোবা দুস্কৃতিকাৰীহে যি অসমীয়া আৰু বাংলা সম্প্ৰীতিৰ মাজত সন্দেহৰ বীজ সিঁচিবলৈ
বিচাৰিছে৷
সি যি নহওক, অসমীয়া জাতীয়তাবাদৰ স্বৰূপ লক্ষ্য কৰিলে পিছে খুব দুখলগা
চিত্ৰ এখনহে দেখা যায়৷ শেহতীয়াকৈ বিভিন্ন ঠাইত অসমীয়া ভাষা ব্যৱহাৰৰ দুখলগা চিত্ৰ
এখন মন কৰিছোঁ৷ গেলামাল বা তামোল-পাণ বিক্ৰী কৰা দোকানৰ নাম-ফলকেই হওক বা চৰকাৰী
কাৰ্যালয়ৰ নামফলকেই হওক৷ উদাহৰণ দুটামান দিওঁ–
১] ল’ৰাজনৰ নাম দ্বিজেন৷ তেওঁৰ এখন গেলামালৰ দোকান আছে৷ দোকানখনৰ
নামফলকত প্ৰথমে ইংৰাজীত লিখা আছে Dwijen Store, তাৰ পাছত অসমীয়াত লিখিছে এনেকৈ–
‘দুইজেন ষ্ট’ৰ’৷ আনহাতে ‘পাণ ভাণ্ডাৰ’ক পান ভাণ্ডাৰ লিখা বহু ঠাইতে দেখা যায়৷
২] মাক-দেউতাকে ছোৱালীৰ নাম ৰাখিছে Tanvi, মানে তন্বী৷ কিন্তু অসমীয়াত
লিখিবলৈ শিকাইছে এনেকৈ– ‘তন্ভী’৷
সেয়া বাৰু ব্যক্তিগতভাৱে লিখিতভাৱে ভাষা-ব্যৱহাৰত কৰা ভুল৷ কিন্তু আমাৰ
আইৰ মুখৰ অসমীয়া ভাষাটো শুদ্ধকৈ ক’বলৈও ক্ৰমে ক্ৰমে আমি যত্ন নকৰা হৈছোঁ কিয়? ই
অতি আচৰিত ঘটনা৷ কিয় আজিকালি আমাৰ ‘পানী’ নালাগে, ‘চৰ্দি’ লাগে? কিয় আমি আজিকালি
‘খৰখেদা’ বা ‘লৰালৰি’ কৰাৰ ঠাইত ‘জল্ডি’ কৰিবলৈ লৈছোঁ? মাহ-প্ৰসাদত আমি কিয়
‘বুটমাহ’ নিদি ‘চানা’ দিবলৈ লৈছোঁ? কিয় আমাৰ মুখত চিৰ পৰিচিত ‘বন্ধাকবি’টো
‘বান্ধা’ হ’বলৈ আৰম্ভ কৰিছে? ই বাৰু উদ্বেগৰ বিষয় নহয়নে? হিন্দী ‘হেঁ’ আৰু ইংৰাজী
is-অৰ দৰে আমি কথায় কথায় ‘হয়’ শব্দটোক ব্যৱহাৰ কৰিবলৈ লোৱাটোও চৰম উদ্বেগৰ বিষয় হৈ
পৰিছে৷
প্ৰচাৰ মাধ্যমত, বিশেষকৈ বাতৰি কাকতত ‘সহস্ৰাধিক’ শব্দটোৰ ঠাইত প্ৰায়ে
‘হাজাৰোধিক’ পঢ়িবলৈ পোৱাৰ দুৰ্ভাগ্য অৰ্জন কৰিছোঁ আমি৷ এটা সময়ত বাতৰি কাকত পঢ়ি
অসমীয়া ল’ৰা-ছোৱালীয়ে নিজৰ মাতৃভাষাটো শিকিছিল বুলি জ্যেষ্ঠসকলে কয়৷ অৰ্থাৎ, বাতৰি
কাকতে খবৰ যোগান ধৰাৰ উপৰি ভাষাশিক্ষকৰ ভূমিকাও পালন কৰিব পাৰে৷ কিন্তু সাম্প্ৰতিক
সময়ত সম্পূৰ্ণ বিপৰীত অনুশীলনহে চলিছে৷ ছপা আখৰক শুদ্ধ বুলি ভবা মানুহৰ যি সাধাৰণ
বোধ, সেই বোধেই দেখোন এতিয়া উঠি অহা ল’ৰা-ছোৱালীহঁতক নিজৰ ভাষাটো বিকৃত ৰূপত
শিকাবলৈ আৰম্ভ কৰিছে৷ ইমান উদ্বেগজনক পৰিস্থিতিতো কিন্তু আমি সাত সাবটি বহি আছোঁ৷
বৈদ্যুতিন প্ৰচাৰ মাধ্যম বিশেষকৈ ব্যক্তিগত খণ্ডৰ টেলিভিশ্যন
চ্চেনেলবোৰ ঘোষক-ঘোষিকাসকলে কৰা অসমীয়া শব্দবিশেষৰ উচ্চাৰণ অতিকে শ্ৰুতিকটু৷
বিশেষকৈ মৃত্যু শব্দটো যেতিয়া ‘মিত্ৰু’ বুলি উচ্চাৰণ কৰা হয় তেতিয়া উপলব্ধি হয় যেন
অসমীয়া বোলা জাতিসত্তাৰেই মৃত্যু ঘটিছে৷ একেদৰেই ‘সামঞ্জস্য’ শব্দটোক সাধাৰণতে
বহুতে ‘সামজন্চ্য’ বুলি কয়েই, টেলিভিশ্যনৰ চ্চেনেলৰ ঘোষক-ঘেষিকায়ো তেনেকৈয়ে কয়৷
প্ৰশ্ন হয়, শুদ্ধ ভাষা ব্যৱহাৰৰ প্ৰশিক্ষণ তেওঁলোকক দিয়া নহয় নেকি? আমি দেখোন
ইংৰাজী শব্দ একোটাৰ শুদ্ধ উচ্ছাৰণক লৈ বাতৰি কাকত-আলোচনীত বহুতো দীঘলীয়া বিতৰ্কত
লিপ্ত হওঁ৷ আনৰ ভাষা এটাৰ শব্দ উচ্চাৰণৰ শুদ্ধতাক লৈ ব্যস্ত হোৱা অসমীয়াৰ নিজৰ
ভাষাৰ শব্দৰ শুদ্ধ উচ্চাৰণ কোনে কৰিবহি? একেদৰে অভাৱনীয় ধৰণে বৃদ্ধি পোৱা
গায়ক-গায়িকাসকলৰ মুখতো অসমীয়া শব্দৰ বিকৃত উচ্চাৰণ শুনি
শুনি আমাৰ কাণ ঘোলা হবৰ উপক্ৰম কৰিছে। সাম্প্ৰতিক সময়ৰ বহু গায়ক-গায়িকাই অসমীয়া
'ফ' ধ্বনিটোৰ উচ্চাৰণ নাজানে। অসমীয়া 'ফুল' আৰু ইংৰাজী fool-অৰ মাজত থকা উচ্চাৰণৰ
পাথৰ্ক্যটো এইসকলে বুজিয়েই নাপায়।
একেবাৰে শেষত উল্লেখ কৰা উচিত হ’ব ইণ্টাৰনেট ব্যৱস্থাৰ বিভিন্ন সামাজিক
মাধ্যমত ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ অৱস্থাটো৷ ইণ্টাৰনেট-আধাৰিত সামাজিক মাধ্যমত বহু
মানুহেই নিজৰ মাতৃভাষাটোক ইংৰাজী হৰফেৰে অৰ্থাৎ ৰোমান লিপিৰে লিখা দেখা যায়৷ এনেকৈ
লিখোঁতে অসমীয়া শব্দবোৰ হয়গৈ এনেকুৱা– Akhamia -অখমিয়া [অসমীয়া] Tamul -তামুল
(তামোল), Hikhya -হিখ্যা (শিক্ষা), Tuponi -টুপনি (টোপনি), Dhoinobad -ধইনবাদ
(ধন্যবাদ), Hubhessa -হুভেচ্চা (শুভেচ্চা), Khubhessa -খুভেচ্চা (শুভেচ্চা),
Hikhok -হিখক (শিক্ষক), Hoite -হৈতে (সৈতে), Mur -মুৰ (মোৰ), Tumar - তুমাৰ
(তোমাৰ) আদি৷ এনেকৈ ‘অসমীয়া’ লিখাসকলৰ ভাষাটোৰ প্ৰতি দায়িত্ববোধ কিমান সে সহজেই
অনুমেয়৷
এতিয়া প্ৰশ্ন হৈছে, ‘অসমীয়া জাতীয়তাবাদ’ৰ শ্ল’গানেৰে ৰাজপথত শোভাযাত্ৰা
কৰিলেই ভাষাটো ৰক্ষা পৰিবনে? যদি ভাষাটোক শুদ্ধৰূপত ব্যৱহাৰ কৰাৰ প্ৰতি আমি সজাগ
নহওঁ তেনেহ’লে নিশ্চিতভাৱে ভাৱিষ্যতে এনে দিন আমি দেখিবলগীয়া হ’ব যেতিয়া অসমৰ
বাহিৰৰ মানুহ আমিব আমাক অসমীয়া পঢ়ুৱাবলৈ৷ শেহতীয়াকৈ তেনেকুৱা গোন্ধ এটা
আকাশে-বতাহে উৰিবলৈ আৰম্ভ কৰিছেই৷
এই একবিংশ শতিকাৰ তৃতীয় দশকত (ঊণবিংশ শতিকাৰ বেপ্তিষ্ট্ মিশ্যনাৰীসকলৰ
দৰে) কোনোবা ঈশ্বৰ পুৰুষ আহি লুপ্তপ্ৰায় অসমীয়া ভাষাক পুনৰুদ্ধাৰ কৰিবহি বুলি আশা
পালি থকাটো মূঢ়তাৰ বাহিৰে আন একো নহয়৷
ড॰
অপৰ্ণা দত্ত মহন্ত : এগৰাকী বিদূষীৰ বিয়োগত
ইংৰাজী সাহিত্যৰ প্ৰথম গৰাকী অসমীয়া মহিলা ডক্টৰেট, তীক্ষ্ণধী সমালোচক, নাৰীবাদী লেখিকা ড॰ অপৰ্ণা দত্ত মহন্তৰ বিয়োগ অসমীয়া বিদ্বৎ সমাজৰ বাবে অতি দুখৰ খবৰ ৷ শ্বিলঙৰ ছেইণ্ট মেৰিজ কনভেণ্টৰ পৰা হাইস্কুলীয়া শিক্ষা, ছেইণ্ট মেৰিজ কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয় আৰু লণ্ডনৰ লীড্ছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱা এইগৰাকী বিদূষী মহিলাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে ৷ তেখেতে ব্ৰিটিছ কাউঞ্চিলৰ এটা বৃত্তি পাই লণ্ডনলৈ গৈ লীড্ছ বিশ্ববিদ্যালয়ত জৰ্জ এলিয়ট আৰু নাৰীবাদ সম্পৰ্কে অধ্যয়ন কৰি ডিছাৰ্টেশ্বন্ প্ৰস্তুত কৰে ৷ লীড্ছ বিশ্ববিদ্যালয় আৰু পৰৱৰ্তী সময়ত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ নাৰীবাদী চিন্তাৱিদ আৰু লেখকসকলৰ প্ৰভাৱত নাৰীবাদী চিন্তাৰ প্ৰতি আকৰ্ষিত হোৱা ড॰ অপৰ্ণা মহন্তই অসমত নাৰীবাদৰ তাত্ত্বিক চৰ্চা আৰু সাংগঠনিক বিস্তাৰত জড়িত হৈ পৰে৷ আইদেউৰ জোনাকী বাট নামৰ মহিলা আলোচনী আৰু ‘প্ৰগতিশীল নাৰী সংস্থা’ৰ দৰে নাৰী-সংগঠনৰ প্ৰতিষ্ঠাতৃ ড॰ মহন্তই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰতিষ্ঠা কালৰ পৰা অধ্যাপক হিচাপে বৌদ্ধিক যাত্ৰা অব্যাহত ৰাখিছিল আৰু বিশ্ববিদ্যালয়খনৰ ‘ৱিমেন ষ্টাডি চেণ্টাৰ’ৰো প্ৰতিষ্ঠাপক সঞ্চালকৰ দায়িত্ব বহন কৰিছিল ৷ অসমীয়া সাহিত্য সমালোচনাত ৰোমাণ্টিক আৰু পুৰুষতান্ত্ৰিক দৃষ্টিভংগীৰ বিপৰীতে বাস্তৱবাদী আৰু নাৰীবাদী দৃষ্টিভংগীৰ আগমন ঘটোৱাত ড॰ মহন্তৰ ভূমিকা অপৰিসীম ৷ অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠিত বহুল আলোচিত উপন্যাস আৰু চৰিত্ৰবোৰক নতুন দৃষ্টিৰে চোৱা এইগৰাকী লেখিকাৰ এক যুগমীয়া কীৰ্তি হৈছে- তগৰৰ দুখ/দোষ আৰু অন্যান্য প্ৰবন্ধ গ্ৰন্থখন ৷ ইয়াৰ উপৰি তেখেতে অভিনৱ নাৰীৰ সন্ধানত, নাৰীবাদ আদি গ্ৰন্থৰ যোগেদি নাৰীবাদী আন্দোলনটোৰ তাত্ত্বিক ভেটি নিৰ্মাণ কৰিছিল ৷ বহুকেইখন সম্পাদনা গ্ৰন্থ, অসমীয়া আৰু ইংৰাজী ভাষাত লিখিত বহুতো প্ৰবন্ধৰে তেখেতে স্বকীয় বিচাৰ ধাৰাৰ স্বাক্ষৰ ৰাখি গৈছে ৷ অতিশয় সৰল ব্যক্তিত্বৰ, উচ্চ তথা স্বাধীনচিতীয়া চিন্তাৰ ড॰ মহন্তৰ প্ৰতি অসমীয়া জাতি চিৰদিন ঋণী হৈ ৰ’ব। তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷