অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত
(যোৱা সংখ্যাৰ পিছৰ পৰা)
প্ৰথম অধ্যায়
৩৬)
শ্ৰুতিমধুৰ আৰু গম্ভীৰ শব্দযুক্ত একেখনি ৰথত
গমন কৰিলে দুয়ো আশ্ৰমলৈ বুলি
দেখি এনে লাগে যেন বাৰিষাৰ মেঘমালাত
ঐৰাৱত আৰু বিজুলী ।
স্নিগ্ধগম্ভীৰনির্ঘোষমেকং স্যন্দনমাশ্রিতৌ |
প্রাবৃষেণ্যং পয়োবাহং বিদ্যুদৈৰাবতাবিব || ১-৩৬||
৩৭)
আশংকাত আশ্ৰমৰ শান্তিভংগ হোৱাৰ
নিছিল নিজ পৰিচাৰক নিচেই তাকৰ ।
পিছে তেজস্বী গুণত লাগিছিল এনে যেন
আগবাঢ়িছে সৈন্যদলেৰে পূৰ্ণ পৰিৱেষ্টিত ৰাজন ।
মা ভূদাশ্রমপীডেতি পৰিমেয়পুৰস্সৰৌ |
অনুভাববিশেষাত্তু সেনাপৰিবৃতাবিব || ১-৩৭||
৩৮)
যাত্ৰাপথত মৃদু মৃদু সমীৰণে
সুৱাস বৈ আনিছিল শালবনৰ
বতাহত ভাহি আহিছিল ফুলৰ ৰেণু
সুখস্পৰ্শৰে সেৱা কৰিছিল ৰাজদম্পতিৰ ।
সেব্যমানৌ সুখস্পর্শৈঃ শালনির্যাসগন্ধিভিঃ |
পুষ্পৰেণূৎকিৰৈর্বাতৈৰাধূতবনৰাজিভিঃ || ১-৩৮||
৩৯)
ৰথৰ চকাৰ মেঘধ্বনি যেন গম্ভীৰ শব্দ শুনি
ময়ূৰৰ জাকে কৰিছিল
মনোহৰ কোমল আৰু তীব্ৰ ধ্বনি
ময়ূৰৰ গীত যেন ষড়জ স্বৰ সংবাদিনী ।
মনোভিৰামাঃ শৃণ্বন্তৌ ৰথনেমিস্বনোন্মুখৈঃ |
ষড্জসংবাদিনীঃ কেকা দ্বিধা ভিন্নাঃ শিখণ্ডিভিঃ || ১-৩৯||
৪০)
পথৰ কাষত থমকি ৰৈ হৰিণে চায় ৰথলৈ
হৰিণৰ চাৱনিৰে কিযে সাদৃশ্য় দুয়োৰে চকুৰ
মুগ্ধ হৈ চায় ৰাজনে দেখি মৃগনয়না ৰাণীলৈ
ৰাণীয়েও চাই ৰয় ৰজাৰ মৃগনয়নলৈ ।
পৰস্পৰাক্ষিসাদৃশ্যমদূৰোজ্ঝিতবর্ত্মসু |
মৃগদ্বন্দ্বেষু পশ্যন্তৌ স্যন্দনাবদ্ধদৃষ্টিষু || ১-৪০||
৪১)
অনেক ঠাইত দুয়ো মূৰ তুলি চায় আকাশলৈ
শুনি বগলীৰ কলৰৱ
শাৰী পাতি আকাশত সাজিছে যেন
স্তম্ভহীন তোৰণমালা ৰজা-ৰাণীক আদৰিবলৈ ।
শ্রেণীবন্ধাদ্বিতন্বদ্ভিৰস্তম্ভাং তোৰণস্রজম্ |
সাৰসৈঃ কলনির্হ্রাদৈঃ ক্বচিদুন্নমিতাননৌ || ১-৪১||
৪২)
মনোবাঞ্চাসিদ্ধিসূচক এজাক বতাহ বলিছে
উৰুৱাই নিছে অশ্বখুৰাই উৰুউৱা ধূলি
ধুসৰিত হোৱা নাই মহিষীৰ কেশৰাজি
আৰু মহাৰাজৰ সুশোভিত পাগুৰি ।
পবনস্যানুকূলৎবাৎপ্রার্থনাসিদ্ধিশংসিনঃ |
ৰজোভিস্তুৰগোৎকীর্ণৈৰস্পৃষ্টালকবেষ্টনৌ || ১-৪২||
৪৩)
সৰোবৰৰ সুশীতল তৰংগ স্পৰ্শ কৰি অহা
মলয়াছাটি পদুমৰ সুৱাস সনা
দুয়োকে যেন মনত পেলাই দিছে
পৰস্পৰৰ সুৱাসিত নিশ্বাসৰ কথা ।
সৰসীষ্বৰবিন্দানাং বীচিবিক্ষোভশীতলম্ |
আমোদমুপজিঘ্রন্তৌ স্বনিঃশ্বাসানুকাৰিণম্ || ১-৪৩||
৪৪)
অতিক্ৰম কৰিছিল কাঠৰ বলিদণ্ডৰে চিহ্নিত
নিজে দান কৰা গাঁওবোৰ।
সবাতেই অৰ্ঘদানৰ পিছত গ্ৰহণ কৰিলে
যাজকৰ আশীৰ্বাদ অব্যৰ্থ ।
গ্রামেষ্বাত্মবিসৃষ্টেষু যূপচিহ্নেষু যজ্বনাম্ |
অমোঘাঃ প্রতিগৃহ্ণন্তাবর্ঘ্যানুপদমাশিষঃ || ১-৪৪||
৪৫)
সতেজ লৱণু উপহাৰ লৈ
পথত সমবেত গোপবৃন্দ বৰ্ষীয়ান ।
আনন্দিত ৰজা-ৰাণীয়ে সোধে সিহঁতক
বনৰীয়া গছ-বিৰিখৰ নাম ।
হৈয়ঙ্গবীনমাদায় ঘোষবৃদ্ধানুপস্থিতান্ |
নামধেয়ানি পৃচ্ছন্তৌ বন্যানাং মার্গশাখিনাম্ || ১-৪৫|
৪৬)
ৰাজ-দম্পতীৰ সুবেশ কিযে নিৰ্মল পবিত্ৰ
যেন বসন্তৰ প্ৰাৰম্ভত কুঁৱলীবিহীন আকাশত
চন্দ্ৰসহ চিত্ৰা নক্ষত্ৰ ।
কাপ্যভিখ্যা তয়োৰাসীদ্ব্রজতোঃ শুদ্ধবেষয়োঃ |
হিমনির্মুক্তয়োর্যোগে চিত্রাচন্দ্রমসোৰিব || ১-৪৬||
৪৭)
বুধৰ দৰে উজ্জ্বল সুদৰ্শন ভূপতি দিলীপে
আশ্চৰ্যকৰ সুন্দৰ ইটো সিটো
সুদক্ষিণাক দেখুৱাই গৈ থাকোঁতে
কেতিয়া অতিক্ৰম কৰিলে পথ নাপালে গমকে ।
তত্তদ্ভূমিপতিঃ পত্ন্যৈ দর্শয়ন্প্রিয়দর্শনঃ |
অপি লঙ্ঘিতমধ্বানং বুবুধে ন বুধোপমঃ || ১-৪৭||
৪৮)
মহিষীৰ সতে অতুলনীয় যশস্বী ৰাজন
সন্ধিয়া পালেগৈ সংযমী মহৰ্ষি বশিষ্ঠৰ আশ্ৰম ।
দীঘল বাট বাটকুৰি বাই ভাগৰুৱা সকলো বাহন ।
স দুষ্প্রাপয়শাঃ প্রাপদাশ্রমং শ্রান্তবাহনঃ |
সায়ং সংযমিনস্তস্য মহর্ষের্মহিষীসখঃ || ১-৪৮||