(মাতৃভাষা দিৱস উপলক্ষে)
পঙ্কজ প্ৰতিম বৰদলৈ
ৱাগৰি,
কোলহাটি, গোল্লা, গিছাৰি,
বাৰকু, হল্ডি, মাৱচি,
মৰাণ, টাংচা, আইটন৷
পাঠকে যদি চিন্তা কৰে হয়তো গম পাব যে উক্ত শব্দবোৰ কোনো বস্তু বা জনজাতিৰ নাম
নহয়৷ এইবোৰ হৈছে যোৱা আধা শতিকা বা ততোধিক সময়ত লুপ্ত হোৱা বা লুপ্তপ্রায় হ’বলৈ গৈ থকা ভাৰতবৰ্ষৰে কিছু ভাষাৰ নাম৷ ২০১০ চনত আন্দামানৰ ব’ ভাষা আৰু শেহতীয়াকৈ ২০১৫ চনত ছিকিমৰ মাঝী ভাষা লুপ্ত হৈছে৷
পৃথিৱীৰ জীৱ সম্প্ৰদায়ৰ মাজত শ্ৰেষ্ঠ বুলি এক
স্বয়ম্ভূ ধাৰণা থকা মানৱ জাতিৰ আন সকলো দোষ-গুণৰ উপৰি যি এক বিশেষ গুণৰ বাবে
এক নিৰ্দিষ্ট স্থান আছে, সি হৈছে এক নিৰ্দিষ্ট ভাষাৰ মাধ্যমত পৰস্পৰৰ মাজত যোগাযোগ স্থাপন কৰিব পৰাৰ সক্ষমতা৷ এই
সক্ষমতাই মানৱ জাতিক পৃথিৱীৰ আন সকলো জীৱকুলতকৈ পৃথক, একক আৰু
শক্তিশালী হিচাপে চিনাকি দিয়ে৷
ভাষাৰ উৎপত্তি সম্পৰ্কে বিভ্ৰান্তিৰ অন্ত নাই৷ ই
গৱেষক তথা অন্যান্য পণ্ডিতসকলৰ বাবে এক জটিল বিষয়৷ যদিও সাধাৰণভাৱে মানৱ বিৱৰ্তনৰ
বহুমুখী প্ৰক্ৰিয়াৰ অংগ হিচাপেই ভাষাৰ উৎপত্তি আৰু বিকাশ হৈছে বুলি ভবাৰ থল আছে৷
কিন্তু এক সৱল আৰু যুক্তিসংগত প্ৰমাণৰ অৱৰ্তমানত এই ধাৰণাৰ গ্ৰহণযোগ্যতা কিছু
ধূঁৱিল-কুঁৱলি৷ এই ভাষাকেন্দ্ৰিক উৎপত্তিৰ বিষয়টো ইমান জটিল আৰু বিতৰ্কিত যে ১৮৬৬ চনত
পেৰিছৰ লিংগুইষ্টিক ছ’চাইটিয়ে
এই বিষয়ত চৰ্চা আৰু তৰ্ক-বিতৰ্কত লিপ্ত হোৱাত সেই সময়ৰ লগতে ভৱিষ্যতৰ বাবে
প্ৰতিবন্ধকতা লগাইছিল৷ ইয়াৰ ফলস্বৰূপে বিংশ শতিকাৰ শেষ সময়লৈকে এনে চিন্তা-চৰ্চা
বহু পৰিমাণে সীমিত হৈছিল৷ পাছৰ পৰ্যায়ত ভাষাৰ উৎপত্তিক লৈ বহু ধৰণৰ ধাৰণা, অৱধাৰণা আৰু তত্ত্বৰ প্ৰকাশ হৈছে৷ ইয়াৰ কোনোটোৱেই আচলতে সামগ্ৰিক, তথ্যসিদ্ধ আৰু প্ৰত্যক্ষ প্ৰমাণৰ আধাৰত স্থিৰ কৰা হোৱা নাই৷ তথাপি এটা
কথা ক’ব পাৰি যে, আধুনিক মানুহৰ
পৰিৱৰ্তিত ব্যৱহাৰ আৰু আচাৰ প্ৰণালীৰ উন্নতি আৰু পৰিৱৰ্তনৰ লগত ভাষাৰ বিকাশৰ এক
নিবিড় সম্পৰ্ক আছে৷
ভাষাৰ উৎপত্তিকেন্দ্ৰিক এই বহু তত্ত্বৰ ভিতৰত এটা
গুৰুত্বপূৰ্ণ ধাৰণা হৈছে মাতৃভাষাকেন্দ্ৰিক৷ ভাষাৰ উৎপত্তি সম্পৰ্কে হৈ থকা এই
তৰ্ক-বিতৰ্কৰ বিষয়ে আলোচনা কৰি অষ্ট্ৰিয়াৰ বিখ্যাত ভিয়েনা বিশ্ববিদ্যালয়ৰ Cognitive Biology (জ্ঞানীয়
জীৱবিজ্ঞান) বিভাগৰ বিখ্যাত গৱেষক প্ৰফেছৰ ৱিলিয়াম টুকেম’চ ফিৎচ (William Tecumsch Fitch)-এ তেখেতৰ ২০০৪ চনত
প্ৰকাশিত Kin selection and 'Mother tongues' a neglected component in
language evolution নামৰ গৱেষণা পত্ৰখনত 'মাতৃভাষা'-ৰ জৰিয়তে ভাষাৰ উৎপত্তি ধাৰণা এটাৰ
সম্ভাৱনীয়তাক প্ৰকাশ কৰে৷ ফিৎচে ডাৰউইনৰ 'Kin selection' নামৰ
ধাৰণাটোৰ আধাৰতে মত প্ৰকাশ কৰে যে, ভাষাবোৰ প্ৰকৃততে 'মাতৃভাষা'৷ মাতৃ আৰু সন্তানৰ মাজত সংযোগৰ মাধ্যম
হিচাপে ভাষাবোৰ আৰম্ভ হৈ পৰ্যায়ক্ৰমে পৰিয়ালৰ প্ৰাপ্তবয়স্ক মান্যসকলৰ মাজত এক
যোগাযোগৰ আহিলা হিচাপে ব্যৱহাৰ হ’বলৈ ধৰে৷ পৰ্যায়ক্ৰমে
বিশ্বাসযোগ্য “শব্দ”ৰো বৃদ্ধি হয় আৰু
ভাষাৰ ধাৰণাটোৱেও ব্যুৎপত্তি লাভ কৰে৷ কিন্তু ফিৎচৰ এই তত্ত্বও সমালোচনাৰ সম্মুখীন
হৈছে। ফিৎচৰ এই “মাতৃভাষা”ৰ পৰা ভাষাৰ
উৎপত্তি ধাৰণাটোৱে এটা কথা বুজাত সহায় কৰিছে যে, মাতৃভাষা
কিমান এক গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ প্ৰয়োগিক আৰু তাত্ত্বিক প্ৰয়োজনীয়তা কিমান
সুদূৰপ্ৰসাৰী৷
মানৱজাতিৰ প্ৰাথমিক যত্ন লওঁতা হিচাপে মাতৃসকলৰ নাম
আহে৷ মানৱ জীৱনৰ একেবাৰে চালুকীয়া সময়খিনিত যি যত্ন আৰু মৰমে এটি শিশুক মানৱ জীৱনৰ
পৰিপূৰ্ণতা দিয়ে, সেয়া হৈছে মাতৃৰ মৰম৷ তেনে এক প্ৰেক্ষাপটত অতি নিকটতম সংযোগৰ
মাধ্যম হিচাপে মাকৰ মুখৰ ভাষা বা মাতৃভাষাৰ ধাৰণাটো প্ৰকাশ হৈছে৷ গতিকে মানৱ
উৎপত্তি, অস্তিত্ব আৰু
মানৱ জাতিৰ বৰ্তমানৰ লগত ভাষাৰ আৰু বিশেষকৈ মাতৃভাষাৰ প্ৰাকৃতিকভাৱে নিশ্চিত সম্পৰ্কক নুই কৰা অসম্ভৱ৷
ভাষা এটা কিয় লাগে, যেনেকৈ এটা বহুমাত্ৰিক প্ৰশ্ন, তাতোকৈ
গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে মাতৃভাষাৰ প্ৰয়োজনীয়তা কি আৰু কিয়? ই বৰ্তমান সময়ত এক
সংৰক্ষণযোগ্য আৰু চৰ্চিত বিষয়৷ ভাষা এটা গতিশীল প্ৰক্ৰিয়া; ভাষা
এটাৰ বিকাশ, পৰিবৰ্ধন হয়৷ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক
পৰিৱেশৰ মতে ভাষাৰ ৰূপান্তৰ, পৰিৱৰ্তন, একত্ৰীকৰণ তথা বহু সময়ত ভাষা এটাৰ কৰুণ মৃত্যুও ঘটে৷ এই সমগ্ৰ প্ৰক্ৰিয়াত
ভাষা এটাৰ গুৰুত্ব অনুধাৱন হয়।
সমগ্ৰ বিশ্ব পৰিয়ালৰ কথা বাদ দিও, কেৱল ভাৰতবৰ্ষতে ১৯,৫০০-তকৈও
অধিক ভাষা আৰু দোৱান মাতৃভাষা হিচাপে প্ৰচলিত হৈ আছে৷ আনহাতে প্ৰায় ১২১ টা ভাষা
কোৱা লোকৰ সংখ্যা ১০,০০০-তকৈও অধিক৷ শেহতীয়া লোকপিয়ল মতে কেৱল ভাৰতবৰ্ষতে ১৯৬ টা ভাষা
ইতিমধ্যে বিপদাপন্ন বুলি নিশ্চিত হৈছে৷ আমাৰ ঘৰুৱা উদাহৰণলৈ যদি চোৱা যায়, বড়ো ভাষা আৰু খাচী ভাষাই ইতিমধ্যে য়ুনেস্ক’ৰ “অসুৰক্ষিত” (vulnerable) ভাষাৰ তালিকাত স্থান পাইছে৷
১০ লাখতকৈও কম লোকে এই দুটা ভাষা ব্যৱহাৰ কৰে৷ অসমৰ ডিমাছাসকলৰ ভাষা আৰু অৰুণাচলৰ বহু জনজাতিৰ ভাষা ক্ৰমাৎ বিলুপ্ত হোৱাৰ দিশে আগ বাঢ়িছে৷ আনহাতে বৰ
অসম স্থাপন কৰা চাওলুং চুকাফাৰ টাই-আহোম ভাষা ইতিমধ্যে অসমৰ পৰা বিলুপ্ত৷ গতিকে
ভাষা সম্পৰ্কীয় এই তথ্যসমূহ একেবাৰেই আশাব্যঞ্জক নহয়৷
বিশিষ্ট ভাষাবিদ গণেশ নাৰায়ণ ডিৱেই চলোৱা এক
সমীক্ষাত প্ৰকাশ পাইছিল যে, ভাৰতবৰ্ষৰ প্ৰায় ৬০০ ভাষা ইতিমধ্যে মৃত্যুমুখী আৰু যোৱা ৬০ বছৰত প্ৰায় ২৫০
টা ভাষাৰ আমাৰ দেশত মৃত্যু ঘটিছে৷ তোখেতে কৈছিল যে এটা ভাষাৰ মৃত্যু মানে
পৃথিৱীখনক চোৱাৰ এক বিশেষ দৃষ্টিভংগীৰ মৃত্যু ঘটা৷ এটা মাতৃভাষাৰ মৃত্যুত আচলতে
কেৱল এমুঠি লোকৰ মুখৰ ভাষাই নোহোৱা হৈ নাযায়, তাৰ লগতে লুপ্ত
হয় এক সাংস্কৃতিক পৰম্পৰাৰ, এক জীৱনৰ... তথা জীৱিকাৰ উপায়৷ ভাৰতৰ দৰে
এখন বহু জাতি-জনজাতি আৰু সংস্কৃতিবিশিষ্ট দেশত ভাষাৰ এক অপৰিসীম গুৰুত্ব আছে৷
গতিকে ভাষা এটাৰ মৃত্যুৰ ঘটনাটো জাতি একোটাৰ বা সমাজ একোখনৰ অস্তিত্ব আৰু পৰিচয়ৰ লগতো সংপৃক্ত৷
ভাষা এটাৰ মৃত্যু কিয় ঘটে? এই প্ৰশ্নৰ উত্তৰ হিচাপে বহু কাৰক
থাকে যদিও যিটো অতি প্ৰয়োজনীয় আৰু মূল কাৰক সেইটো হৈছে ভৱিষ্যত প্ৰজন্মসমূহৰ
অনাগ্ৰহ, দ্বৈত ভাষাৰ ব্যৱহাৰ আৰু পৰ্যায়ক্ৰমে নিজৰ
পৰম্পৰাগত ভাষাত থকা বিচক্ষণতা হ্ৰাস৷ ইয়াৰো মূল
কাৰণ হৈছে, অতি জনপ্ৰিয় বা প্ৰভাৱশালী এটা ভাষাৰ জ্ঞানৰ
জৰিয়তে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰভাৱ বিস্তাৰ কৰা
তথা চলি অহা অসমতা দূৰ কৰা৷ গতিকে ভাষা এটাৰ মৃত্যু এটা বহু তৰপীয়া প্ৰক্ৰিয়া যদিও
সেই ভাষা কোৱা লোকসকলৰ আৰু ভৱিষ্যত প্ৰজন্মৰ এই ক্ষেত্ৰত কৰণীয় বহু দিশ আছে৷
বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে, মাতৃভাষা প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম কৰিলে বহু সময়ত ভাষা এটাৰ স্থায়িত্ব কিছু নিশ্চিত কৰিব পৰা যাব৷ কিন্তু প্ৰায় সকলো ভাষাৰ ক্ষেত্ৰতে উক্ত কথাষাৰৰ প্ৰভাৱ নপৰিব পাৰে৷ য়ুনেস্ক’ৰ সঞ্চালক প্ৰধান Audrey Azoulay (উঁড্ৰে অজুলে’)-ই এক বাৰ্তাত কৈছিল যে, “জৰুৰী নহয় যে মাতৃভাষা ৰাষ্ট্ৰীয় ভাষা হ’ব বা চৰকাৰী ভাষা হ’ব অথবা শিক্ষাৰ মাধ্যমৰ ভাষা হ’ব৷ কিন্তু প্ৰত্যেকটো মাতৃভাষাই ৰাজহুৱা জীৱনত জনাজাত, চিহ্নিত আৰু প্ৰয়োজনীয় গুৰুত্ব পোৱাটো জৰুৰী৷” ১৯৯৯ চনৰ য়ুনেস্ক’ৰ এক সিদ্ধান্ত অনুসৰি মাতৃভাষা, এটা প্ৰাদেশিক বা ৰাষ্ট্ৰীয় ভাষা আৰু এটা আন্তৰাষ্ট্ৰীয় ভাষাক শিক্ষাদানৰ প্ৰক্ৰিয়াত জড়িত কৰি এক বহুমুখী ভাষাৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে৷
য়ুনেস্ক’ই ইতিমধ্যে কৈছে, Command of a mother tongue facilitates
general learning and learning of other language. গতিকে মাতৃভাষা
এটাৰ শিক্ষণ প্ৰক্ৰিয়াৰ লগত সংপৃক্ত কৰাটো প্ৰয়োজনীয়৷ কিন্তু সকলো মাতৃভাষাৰ
বাবে এই প্ৰক্ৰিয়াটো যিহেতুকে সম্ভৱ নহ’ব পাৰে, তেনে ক্ষেত্ৰত বেচৰকাৰী বা চৰকাৰী ভাষা বুলি গণ্য কৰিলেই যে এটা ভাষাৰ
জীৱন বৃদ্ধি পাব তেনে নহয়৷ ভাষা এটা বাচি থকাৰ সৰ্বপ্ৰথম চৰ্তটোৱেই হৈছে ভাষাটোৰ
চৰ্চা হৈ থাকিব লাগিব৷ এক উপযুক্ত সংখ্যাৰ লোকৰ মাজত যদি চৰ্চা নাথাকে তেন্তে ভাষা এটাৰ অৱক্ষয়
আৰম্ভ হয়৷
এখন সমাজ বা জাতিৰ বাবে ভাষা এটাৰ গুৰুত্ব কি, সেয়া দোহৰাই থকাৰ প্ৰয়োজন নাই৷
ভাষাই যে কেৱল পৰিচয়গত এক সত্তাহে সৃষ্টি কৰে তেনে নহয়৷ বৰ্তমান পেক্ষাপটত যদি
বিশ্লেষণ কৰা হয়, তেন্তে দেখা যাব যে অন্যান্য বহুতো বিষয়তকৈ ভাষাৰ জৰিয়তে সৃষ্টি হোৱা আত্মনিয়ন্ত্ৰণ, জাতীয়তা বা
সামাজিক ব্যৱস্থাৰ প্ৰসংগসমূহ কেৱল ধৰ্মৰ দ্বাৰা সৃষ্ট হোৱা সামাজিক ধাৰণাসমূহৰ
লগতহে তুলনাৰ যোগ্য৷ প্ৰকৃততে বৰ্তমান বিশ্বত যদি চোৱা যায়, ভাষা আৰু ধৰ্মই আন
বহু দিশক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়ন্ত্ৰণ কৰে৷ বহুতেই ভাবিব পাৰে যে
ৰাজনীতিৰ দৰে সৰ্বব্যাপ্ত ব্যৱস্থাসমূহে প্ৰকৃততে ভাষা আৰু ধৰ্মকেন্দ্ৰিক বিষয়বোৰ
নিয়ন্ত্ৰণ কৰে৷ প্ৰকৃততে যদি গভীৰভাৱে চোৱা যায়, ইয়াৰ বিপৰীত প্ৰতিচ্ছবিহে আমি
দেখিবলৈ পাম৷ বহু ক্ষেত্ৰত ভাষা আৰু ধৰ্মৰ ক্ষেত্ৰত কোন বেছি শক্তিশালী ধৰণৰ
প্ৰশ্নও উত্থাপন হৈ আহিছে আৰু ইয়াৰ উত্তৰো বহু পৰিমাণে বিক্ষিপ্ত আৰু বহু সময়ত
ব্যাপক৷ ৰাজনৈতিক দৃষ্টিকোণেৰে চালে ভাষা আৰু ধৰ্মৰ এক সুকীয়া পৰিভাষা আছে৷
পৰিস্থিতি আৰু প্ৰয়োজন অনুসাৰে ইয়াক প্ৰয়োগ কৰা হয়৷ এক উদাহৰণ লৈছোঁ— ভাৰতবৰ্ষ এখন
বহুভাষিক আৰু বহুধৰ্মীয় ৰাষ্ট্ৰ৷ স্বাধীনতাৰ পূৰ্বতো ঔপনিৱেশিক শাসনৰ অধীনলৈ অহাৰ
আগতে এই স্বকীয়তা আছিল যদিও ৰাষ্ট্ৰ নামৰ আধুনিক সংজ্ঞাৰ দ্বাৰা এই ভূখণ্ড
সংজ্ঞাবদ্ধ হোৱা নাছিল৷ ঔপনিৱেশিক শাসনে একমুখী শাসন ব্যৱস্থা স্থাপন কৰিলে যদিও
বহুধা বিভক্ত ভাৰতীয় অনৈক্য কিন্তু বৰ্তি থাকিল৷ শেষত ভাৰত দেশখন বিভাজন কৰা হ’ল, ধৰ্মৰ ভিত্তিত৷ ভাৰত আৰু পাকিস্তান নামে দুখন দেশ
হ’ল৷ আনহাতে নতুন ভাৰত দেশৰ ৰাজ্যসমূহৰ পুনৰগঠন কৰা হ’ল ভাষাৰ ভিত্তিত৷ আকৌ ধৰ্মৰ আধাৰত গঠন কৰা পাকিস্তান দেশখনক কিন্তু ধৰ্মই একগোট কৰি ৰাখিব নোৱাৰিলে৷ ভাষাৰ ভিত্তিত পূব পাকিস্তান পশ্চিম পাকিস্তানৰ
পৰা আঁতৰি আহি বাংলাদেশৰ জন্ম হ’ল৷ গতিকে ধৰ্ম আৰু ভাষাৰ এই
উদাহৰণে দুয়োটা বিষয়ৰে পৃথক গুৰুত্ব আৰু দৃষ্টিভংগীৰ কথা প্ৰকাশ কৰে৷ এতিয়া এই
আলোচনা কৰা বিষয়টোক বহলকৈ আমাৰ ৰাজ্যখনৰ প্ৰেক্ষাপটত যদি চাওঁ, তেন্তে ইতিহাস আৰু বৰ্তমান পৰিস্থিতিতো এনে বহু উদাহৰণ পাম যিবোৰে দেখুৱাব
যে অসম নামৰ ৰাজ্যখনৰ সামগ্ৰিক ধৰ্মীয়-ভাষিক আৰু ৰাজনৈতিক
পৰিস্থিতিয়েই ভাষাটোৰ প্ৰতিকূলে আছে৷
আমাৰ ৰাজ্যত সততেই সংবাদপত্ৰৰ শিৰোনামত থকা এটা
বিষয় হৈছে অসমীয়া ভাষা৷ নিজৰ ভূমিপুত্ৰৰ নিকৃষ্ট ৰাজনীতি,
অৱহেলা আৰু গুৰুত্বহীনতাৰ বাবেই ই বিশ্বৰ এটা অন্যতম নিগৃহীত আৰু
দুদৰ্শাগ্ৰস্ত ভাষা হৈ পৰিছে৷ ১৮৭৪ চনত বৃটিছ শাসকৰ দ্বাৰা অসম নামৰ ৰাজ্যখন স্থাপন আৰু
স্বাধীনতা সংগ্ৰামকালীন সময়ৰ বহু দশকজোৰা প্ৰতিকূল পৰিস্থিতি আৰু ৰাষ্ট্ৰ বিভাজনৰ সময়ত শ্ৰীহট্টৰ বিসৰ্জন তথা কুৰি শতিকাৰ ষষ্ঠ দশক শেষভাগৰ
ভাষা আন্দোলন তথা বৰ্তমান পৰিস্থিতিলৈকে অসমীয়া ভাষাই বহুতো “নিগ্ৰহ”ৰ সম্মুখীন হ’বলগা
হৈছে৷ ইতিমধ্যে আলোচনা কৰি অহা ভাষা আৰু ধৰ্মৰ দ্বাৰা ৰাষ্ট্ৰ গঠন বা বিভাজনৰ যি
প্ৰক্ৰিয়া, তাৰ উদাহৰণ আমাৰ নিজৰ ৰাজ্যৰ ইতিহাসতো পোৱা যায়৷
আৰু অতি আচৰিতভাৱে এই ঘটনাত ধৰ্ম আৰু ভাষা দুয়োটা দিশ জড়িত আছে৷ দেশ বিভাজনৰ সময়ত
শ্ৰীহট্ট জিলাত অনুষ্ঠিত গণভোটক লৈ বিশিষ্ট ইতিহাসবিদ ড°
অমলেন্দু গুহই মন্তব্য কৰিছিল এনেদৰে “Virtually a vote on
the twin issues of the reorganization of India on a communal, and of the
province of Assam on a linguistic basis.” গতিকে অসমীয়া ভাষাৰ এই
অৱস্থা ঔপনিৱেশিক কালৰেপৰা যে এক জটিল অৱস্থা সেয়া দেখা গৈছে৷ অসমীয়া ভাষাৰ
ক্ষেত্ৰত এক ধৰণৰ অস্তিত্বৰ সংকট বা অনিশ্চয়তা যে বিৰাজমান সেয়া প্ৰাকস্বাধীন
কালতেই অনুমেয় আছিল৷ বৃটিছ শাসিত প্ৰদেশ হোৱা সময়ৰ পৰাই অসম আৰু অসমীয়া ভাষাই
সংখ্যাগৰিষ্ঠ আৰু ইতিমধ্যে প্ৰগতিশীল আৰু জনবহুল ৰাজ্য বংগদেশৰ বাংলা ভাষাৰ
পোনপটীয়া প্ৰভাৱ আৰু “আক্ৰমণ”ৰ পৰা
মুক্ত হোৱা নাছিল৷ কেইজনমান অগ্ৰণী অসমীয়াৰ আশাশুধীয়া প্ৰচেষ্টা আৰু পৰৱৰ্তী
পৰ্যায়ৰ এচামৰ বলিষ্ঠ কৰ্মৰ জৰিয়তে অসমীয়া ভাষাই ইয়াৰ ঐতিহ্য বহু পৰিমাণে উদ্ধাৰ
কৰে৷ প্ৰাক-স্বাধীনতা কালত অসমীয়াৰ এই ভাষিক শংকাৰ কাৰণ শ্ৰীহট্ট জিলা আৰু সুৰমা
উপত্যকা আছিল, এই দিশত ধৰ্মৰ দিশটোৱেও প্ৰাধান্য পাইছিল যদিও
ভাষাৰ দিশটোৰ গুৰুত্ব আছিল অপৰিসীম৷ ১৯৪৬ চনত অনুষ্ঠিত হোৱা ৰাজ্যিক নিৰ্বাচনত
কংগ্ৰেছ দলৰ ইস্তাহাৰৰ এটা মূল প্ৰতিশ্ৰুতি আছিল শ্ৰীহট্ট জিলাৰ অসমৰ পৰা বিচ্ছেদকৰণ৷
লাইন ব্যৱস্থাৰ সমান্তৰালভাৱে কুৰি শতিকাৰ তৃতীয় দশকৰ সময়ত ন-পমুৱা অধ্যুষিত অঞ্চলত অসমীয়া
বিদ্যালয় স্থাপনৰ সুফল অসমে আজিও লাভ কৰি আছে৷ যাৰ ফলস্বৰূপে পূৰ্ববংগৰ
ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা অধিবাসীসকলৰ সংখ্যা গৰিষ্ঠই অসমীয়া ভাষী৷
যোৱা শতিকাৰ তৃতীয় দশকৰ পৰা পঞ্চম দশকৰ সময়ছোৱাত অসমীয়াভাষী লোকৰ
সংখ্যা প্ৰায় ২৬ শতাংশ বৃদ্ধি পাইছিল৷ কিন্তু যোৱা তিনিটা দশকৰ ছবিখন সম্পূৰ্ণ
বিপৰীত৷ ২০১১ চনৰ লোকপিয়ল মতে ৰাজ্যখনৰ আধাতকৈও কম লোকেহে (৪৮.৩৮%) অসমীয়া ভাষা কয়৷
২০০১ চনত এই পৰিসংখ্যা ৪৮.৮০% আৰু ১৯৯১ চনত ৫৭.৮১% আছিল৷ একে সময়তে ১৯৯১ চনত
বাংলাভাষী লোকৰ সংখ্যা ২১.৬৭% ৰ পৰা ২০১১ চনত ২৮.৯১ শতাংশ হৈছেগৈ৷ ভৌগলিক আৰু
জনসংখ্যাগত নিকৃষ্ট ৰাজনীতিৰ বাবেই ১৯৬০ চনৰ ভাষা আন্দোলন বিফল হৈছিল আৰু তাৰ
কু-ফল বহু পৰিমাণে আজিও অসমে ভোগ কৰি আছে৷
অসম আন্দোলনৰ ৰক্তক্ষয়ী চুক্তিৰ পৰা অসমীয়াৰ
স্বাৰ্থ সুৰক্ষিত কৰিব পৰা বিষয়সমূহৰ এক বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সৰল অসমীয়াই ভাবিছিল৷ ভাষাৰ
গুৰুত্বৰে অসমীয়াক জাতি হিচাপে চিহ্নিত কৰিব নোৱৰা বাবে অসম চুক্তিৰ ষষ্ঠ দফা আজিও
অসম আৰু অসমীয়াৰ বাবে এক চূড়ান্ত প্ৰহসন হৈ ৰৈ গৈছে৷ নিজৰ জাতীয় পৰিচয়ক নিজৰ মাতৃভাষাৰে
সংজ্ঞাবদ্ধ কৰিব নোৱৰাতকৈ ডাঙৰ বিড়ম্বনা হয়তো একোৱেই নাই৷ ই অসমীয়াৰ দুৰ্ভাগ্য৷
লুইতৰ বুকুৱেদি বহু পানী বৈ গৈছে৷ অসমৰ জনগাঁথনি, সমাজ, ধৰ্ম,
ৰাজনীতি তথা সামাজিক প্ৰমূল্যবোধৰ ব্যাপক ৰূপান্তৰ হৈছে৷ মাত্ৰ ডেৰ
কোটিমান লোকে ব্যৱহাৰ কৰা এটা ভাষা হিচাপে অসমীয়া ভাষাৰ ভৱিষ্যত উজ্জ্বল মুঠেও নহয়৷
আমেৰিকা মিশ্যনেৰীসকলৰ পৰা ধৰি লক্ষ্মীনাথ বেজবৰুৱা আৰু তেওঁৰ উত্তৰসূৰী এচামে
জাতীয় চেতনা সম্বলিত কৰিৎকৰ্মা অসমীয়াৰ যত্নত বহু কষ্টেৰে অসমীয়া ভাষাই প্ৰাণ লাভ
কৰিছিল৷ সেইসকল অসমীয়াৰ উত্তৰ পুৰুষে বৰ্তমান অসমীয়া ভাষাৰ দায়িত্ব গ্ৰহণ কৰিছে৷
কিন্তু এইচাম অসমীয়া প্ৰজন্মই ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেনে কোনো গঠনমূলক
কাম কৰা দেখা পোৱা নাই৷ ভাষাৰ সামাজিক-ৰাজনৈতিক গুৰুত্বৰ বিষয়ে ইতিমধ্যে আলোচনা
কৰি আহিছোঁ৷ কিন্তু এইখন অসমৰ বিড়ম্বনা এয়ে যে তৎকালীন ভাষাকেন্দ্ৰিক বিষয়ৰ
উদাহৰণস্বৰূপে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় প্ৰতিবাদ আৰু ইয়াৰ পৰিণতিয়ে আমাক
দেখুৱাই দিছে যে, আমাৰ ভাষিক অস্তিত্বক লৈ আমি মুঠেই সচেতন
নহওঁ৷ ভাষা প্ৰকাশৰ মাধ্যমসমূহত (সাহিত্য, বাতৰি কাকত আদি)
নিৰন্তৰ লবীকেন্দ্ৰিক চিন্তা-চৰ্চা, মধ্যবিত্তৰ ইংৰাজী শিকাৰ
প্ৰতি ফোপোলা আভিজাত্য, চৰকাৰৰ হঠকাৰী সিদ্ধান্ত এই সকলোৱে অসমীয়া ভাষাটোৰ ৰাজহাড় বেঁকা কৰি পেলাইছে৷
গোপীনাথ বৰদলৈয়ে লৰ্ড ৱাভেলক বিগত শতিকাৰ চতুৰ্থ-পঞ্চম দশকতে অসম, শ্ৰীহট্টক পূৰ্ব বংগৰ বাবে এৰি
দিবৰ বাবে সাজু বুলি কোৱাৰ দৰে আজিৰ আগশাৰীৰ বুদ্ধিজীৱীয়ে বৰাক-উপত্যকাৰ
বিচ্ছেদেৰে সমস্যাৰ সমাধান কৰাৰ বাতুলামি কৰিছে৷ একে সময়তে অসমীয়া ভাষাৰ ছাইন
বৰ্ডত ক’লা ৰং সানি অসমীয়া ভাষাটোৰ অৱমাননাও কৰা হৈছে। ভাষিক
স্বকীয়তা সৃষ্টিৰ ন্যস্ত স্বাৰ্থৰ বাবে, বাংলাভাষী মুছলমানৰ
কথিত দোৱানেৰে কবিতা ৰচনা কৰি অসমীয়া ভাষাৰ শৰাধ কৰা হৈছে৷ ভাষাৰ আগ্ৰাসনৰ উপমা লৈ
অসমীয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেতিবাচকভাৱে উপস্থাপন কৰা হৈছে৷ মুঠতে, অসমীয়া ভাষাৰ নিৰন্তৰ
নিগ্ৰহ চলি আছে।
প্ৰকৃততে অসমীয়া ভাষা এক সন্ধিক্ষণত উপনীত হৈছেহি৷ এই শতিকাৰ বাকী থকা প্ৰায় আঠটা দশকে সাক্ষ্য বহন কৰিব অসমীয়া ভাষাৰ ভৱিষ্যতৰ৷ হয়তো আহিব লগা সময়ত এদল প্ৰকৃত জাতীয় চেতনাসম্পন্ন নৱ-প্ৰজন্মৰ হাতত পুনৰ প্ৰাণ পাই উঠিব আমাৰ “চিৰ চেনেহী ভাষা জননী”য়ে আৰু হয়তো দুই শতিকাৰ অধিক নিপীড়ণৰ সম্মুখীন হোৱা অসমীয়া ভাষাই এক ৰূপান্তৰিত ভৱিষ্যতৰ সন্মুখীন হ’ব৷ বৰ্তমান অসমীয়াৰ চিন্তা আৰু কৰ্মই নিৰ্ণয় কৰিব অসমীয়া ভাষাৰ ভৱিষ্যত৷ উত্তৰ সময়ৰ হাতত!