অন্যযুগ/


পাঠাগাৰ

সদাশয় পঢ়ুৱৈসকললৈ নিৱেদন
আপোনাৰ পঠন অভিজ্ঞতাও এইটো শিতানত প্ৰকাশ কৰিব পাৰে। আপুনি পঢ়া গ্ৰন্থখনৰ বিষয়ে সংক্ষিপ্তৰূপত লিখি আমালৈ পঠাওক। লগতে গ্ৰন্থখনৰ প্ৰকাশকৰ নাম, প্ৰকাশৰ স্থান, প্ৰকাশৰ চন-তাৰিখৰ সৈতে প্ৰচ্ছদৰ স্পষ্ট ফট’ এখনো পঠাওক।

গ’ডো আৰু গন্তব্যৰ গল্প

গীতালি বৰা  
পাঞ্চজন্য৷ গুৱাহাটী, ২০২১

সাম্প্ৰতিক সময়ৰ সক্ৰিয় অসমীয়া গল্পকাৰসকলৰ ভিতৰত গীতালি বৰা অন্যতম৷ ঘাইকৈ চৰিত্ৰৰ মনস্তত্ত্বৰ বিমূৰ্ত জগতখনক মূৰ্তৰূপত পাঠকৰ গ্ৰহণযোগ্য কৰি দাঙি ধৰিবলৈ যত্ন কৰাতে গীতালি বৰাৰ একক বিশেষত্ব ফুটি উঠে৷ অৱশ্যে তেওঁ বাস্তৱবিমুখী আৰু ৰোমান্তিক কল্পনাবিলাসী নহয়৷ চৌপাশৰ সমকালীন বাস্তৱৰ আধাৰতে তেওঁ নিৰ্মাণ কৰি উলিয়ায় তেওঁৰ গল্পৰ অধিবাস্তৱ জগতখন৷ তদুপৰি বৰ্ণনাভঙ্গীৰ বেলিকা এক গীতিধৰ্মী তৰঙ্গায়িত ভাষিক প্ৰকৰণত তেওঁ স্বচ্ছন্দ৷ শেহতীয়াকৈ প্ৰকাশিত গীতালি বৰাৰ গল্প সংকলন গ’ডো আৰু গন্তব্যৰ গল্প-ত মুঠতে বাৰটা গল্প সংকলিত হৈছে৷ দুটা ভাগত গল্পখিনি বিভাজিত৷ প্ৰথম ভাগৰ গল্প ছটা, প্ৰতিটোৱেই স্বতন্ত্ৰ৷ দ্বিতীয় ভাগৰ গল্পও ছটাই যদিও চতুৰ্থ গল্পটোৰ পৰা ষষ্ঠ গল্পটোলৈকে প্ৰকাৰান্তৰে এটা দীঘল গল্প বিবৃত হৈছে ক্ৰমে ধোঁৱাজোন, মৰাজোন আৰু পানীজোন নামেৰে৷ গ্ৰন্থখনৰ নামবাচক গল্পটো শেহতীয়াকৈ বিশ্ববিয়পা ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিপন্ন অথচ অহঙ্কাৰী মানৱতাক ওজন কৰি চোৱাৰ এটা সফল প্ৰয়াস বুলিব পাৰি৷ সংকলিত গল্পকেইটা সুখপাঠ্যই নহয়, মৰ্মস্পৰ্শীও৷


শব্দশিল্প
দিলীপ কৌশিক
পাঞ্চজন্য৷ গুৱাহাটী, ২০২১

বৰ্তমান অসমীয়া কবিতাৰ চৰ্চা কৰি থকা মানুহৰ সংখ্যাটো বৰ সৰু নহয়৷ এই বিপুলায়তন সংখ্যাটোৰ মাজতে নিজা কাব্যভাষা, জগত-প্ৰপঞ্চক ধাৰণ কৰাৰ কৌশল আদি বিশেষত্বৰ অধিকাৰী হ’বলৈ সক্ষম হোৱা কবিৰ সংখ্যাটো কিন্তু সৰু৷ কেৱল কাকত-আলোচনীত প্ৰকাশ পোৱা-নোপোৱাৰ মাপকাঠিৰে জুখিলেই প্ৰকৃত কবিসকলক লগ পোৱা নাযাবও পাৰে৷ বহু কবিতা পাঠকৰ বাবে নতুন হ’লেও দিলীপ কৌশিক এজন নিপুণ কবি, যাৰ দ্বিতীয়খন কাব্যগ্ৰন্থ প্ৰকাশ পাইছে শব্দশিল্প নামেৰে৷ নিজৰ অভিজ্ঞতা আহৰণৰ সীমাৱদ্ধ জগতখনৰ মাজতে কিবা এক অসীম-অনন্তৰ সন্ধান কৰি ফুৰিছে দিলীপ কৌশিকে৷ তেওঁৰ ভাষা সুষম, পৰিশীলিত আৰু চিত্ৰাভাসেৰে পৰিপূৰ্ণ৷ বহু সময়ত কবিতাক তেওঁ ৰূপকৰ মালা একোডালকৈ গাঁথি উলিয়াইছে৷ ফলস্বৰূপে জাগতিক সত্য আৰু কাব্যিক সত্যৰ আপেক্ষিকতাৰ মাজতে দোদুল্যমান যেন হৈ ব্যঞ্জিত হৈছে নান্দনিকতা৷ নৈসৰ্গিক প্ৰকৃতি জগতৰ প্ৰতি আকুলতাভৰা শ্ৰদ্ধা, লোকজীৱনৰ মাজৰ পৰা বুটলি অনা বোকা-পানীময় অভিজ্ঞতা আদিৰ পোহৰতে দিলীক কৌশিকে কিবা এক চিৰন্তনৰ সন্ধান কৰিছে— সি সত্যও হ’ব পাৰে, সৌন্দৰ্যও হ’ব পাৰে৷ গ্ৰন্থখনৰ কবিতাখিনিৰ অন্যতম গুৰুত্ব দেখা পাইছোঁ কথনৰ সংযমত৷ পাঠকসকলে নিশ্চয় দিলীপ কৌশিকৰ কবিতামুঠি পঢ়ি কাব্যানন্দ লাভ কৰিব৷


ভোকৰ ঈশ্বৰ
অৰ্জুন দাস
পূৰ্বায়ন৷ গুৱাহাটী, ২০২১

অৰ্জুন দাসে বিগত এটা দশকৰো অধিক কাল নিৰৱচ্ছি‍ন্নভাৱে কবিতা লিখাৰ অনুশীলন চলাই আহিছে৷ এই যাত্ৰাত নিজৰ সিদ্ধি কিম্বা প্ৰাপ্তি সম্পৰ্কে এক অস্বস্তিৰ মাজত তেওঁ নিজকে আৱিষ্কাৰ কৰে— ‘‘কবিতা লিখা মাত্ৰেই এক লাঞ্ছিত আৰু অপমানিত জীৱন যাপন কৰিবলগীয়া হয়৷’’ এই স্বীকাৰোক্তি কবিৰ৷ এই স্বীকাৰোক্তিয়েই কাব্যলক্ষ্মীৰ সাধনা সম্পৰ্কে তেওঁৰ যে এটা নিজা দৃষ্টিভঙ্গী আছে সেইটো প্ৰতীয়মান কৰে৷  তেওঁৰ প্ৰথমখন কবিতাপুথি প্ৰকাশ পাইছে ভোকৰ ঈশ্বৰ নামেৰে৷ কবি হিচাপে অৰ্জুন দাসৰ অৱস্থান প্ৰকৃততে কিতাপখনৰ এই শিৰোনামটোৱেই নিৰ্ণয় কৰিছে— পাৰ্থিৱ বাস্তৱতকৈ সত্য একো নাই, তেনে পানীৰ মিথৈ সাজিবলৈ যোৱাটো বৃথা যত্নহে৷ জাগতিক বাস্তৱতাৰো কেন্দ্ৰস্থ কাৰক কিম্বা সংঘটন হৈছে ভোক৷ ভেকেই অনাদি কালৰে পৰাই জগতত মানুহৰ অস্তিত্বৰ বিভিন্ন বিচিত্ৰ ঘটনাৱলীৰ চালিকাশক্তি৷ ভোকেই মানুহৰ শেষ আশ্ৰয়৷ বস্তুগত শ্ৰেণীদ্বন্দ্ব অৰ্জুন দাসৰ কবিতাৰ মূল ভাবনা৷ বস্তুবাদী শ্ৰেণীদ্বন্দ্ব যিসকল অসমীয়া কবিৰ আদৰ্শ, সাধাৰণতে তেওঁলোকৰ প্ৰায়সকলৰে কবিতাৰ মাজত এক শ্লোগানধৰ্মিতা লক্ষ্য কৰা যায়; তেওঁলোকৰ কবিতাত ব্যঞ্জনাৰ মাত্ৰাও খুব কম৷ পিছে অৰ্জুন দাসে এক নান্দনিক পথেৰে শ্ৰেণীদ্বন্দ্বৰ মূল দৃষ্টিকোণৰ পৰাই জগত আৰু বিশেষকৈ সমকালীন সমাজখনক লক্ষ্য কৰিছে৷ ই নিশ্চিতভাৱে প্ৰশংসনীয়৷ কবিতাত বক্তব্য থাকিব লাগে, কিন্তু সি প্ৰবন্ধধৰ্মী কিম্বা সিদ্ধান্তমূলক নহৈ মুকলি সামৰণিৰ ইঙ্গিতময় হোৱাটো ভাল৷ অৰ্জুন দাসে এই চৰ্ত পূৰণ কৰিবলৈ সক্ষম হৈছে৷



বেলিফুলৰ চকুপানী আৰু অন্যান্য কবিতা
জ্যোতিমালা গোহাঁই ফুকন
পূৰ্বাঞ্চল৷ গুৱাহাটী, ২০১২ 

   ১৯৯৮ চনতে প্ৰকাশিত জ্যোতিমালা গোহাঁই ফুকনৰ বেলিফুলৰ চকুপানী এখন লেখত ল’বলগীয়া অসমীয়া কবিতাৰ ব্যক্তি‍গত সংকলন আছিল বুলি শুনি আহিছিলোঁ৷ কিন্তু পুথিৰ বজাৰত কিতাপখন নাছিল৷ পুনৰ, ২০১২ চনত পৰিৱৰ্দ্ধিত দ্বিতীয় প্ৰকাশ হ’লেও পুথিখন হাতলৈ অহা নাছিল৷ অৱশেষত হাতত পৰিলহি বহু  প্ৰত্যাশিত পুথিখন৷ অসমৰ পৰা বিদেশী বিতাড়ণৰ বাবে হোৱা ছবছৰীয়া আন্দোলনৰ উন্মাদনাত জন্মলাভ কৰা জাতীয়তাবাদৰ আৱেগ আৰু সেই আৱেগৰ অন্তঃসাৰশূন্যতাৰ ফলত ওপজা হতাশাবোধ এই পুথিৰ কবিতাসমূহৰ ঘাই সোঁত৷  কবিৰ মানসত অসমৰ লোকজীৱন আৰু সামগ্ৰিকভাৱে আৰ্থসামাজিক জীৱনৰ সমস্যা আৰু সম্ভাৱনা খুন্দ খাই আছে৷ জীৱনৰ সত্য সম্পৰ্কে এক সমাহিত উপলব্ধিৰ বিন্দুত কবি উপনীত হৈছে৷ গতিকে জাতীয়তাবোধৰ আৱেগ সত্ত্বেও কবিৰ কবিতা সংযত আৰু সংহত৷ সুষম বক্তব্য কবিতাসমূহৰ বিশেষত্ব৷


চলচ্চিত্ৰ ইত্যাদি
চয়নিকা বৰা
পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ 

অসমীয়া ভাষাত চলচ্চি‍ত্ৰ সম্পৰ্কীয় মননশীল বিশ্লেষণ দাঙি ধৰিব পৰা সমালোচকৰ সংখ্যাটো তেনেই সৰু৷ চলচ্চি‍ত্ৰ একোখনৰ কাহিনীটো দাঙি ধৰা, অভিনেতা-অভিনেত্ৰীসকলে কেনে অভিনয় কৰিছে সেই সম্পৰ্কে মত প্ৰকাশ কৰা, সঙ্গীত কেনে হৈছে আদি সাধাৰণভাৱে জনোৱাতে আমাৰ সৰহ সংখ্যক সমালোচক সীমিত৷ চলচ্চি‍ত্ৰৰো যে নিজা এক ভাষা আছে যি ভাষা চিত্ৰময়, যি ভাষা ব্যঞ্জিত হৈ উঠে পোহৰ আৰু ৰঙৰ ব্যৱহাৰৰ লগতে দৰ্শকৰূপী কেমেৰাৰ গতিৰ যোগেদি এইবোৰ দিশ খুব সূক্ষ্মভাৱে পৰ্যৱেক্ষণ আৰু অধ্যয়নৰ যোগেদিহে আহৰণ কৰিব পাৰি৷ সেয়ে মননশীল, গভীৰ দৃষ্টিভঙ্গীসম্পন্ন চলচ্চি‍ত্ৰ সমালোচক হ’বলৈ বুলি আগ বঢ়াটোৱেই এটা প্ৰত্যাহ্বানৰ যাত্ৰা৷ এনে যাত্ৰা আৰম্ভ কৰিছে চয়নিকা বৰাই৷ উদীয়মান এই লেখিকাগৰাকীৰ ওঠাৰখন চলচ্চি‍ত্ৰ সম্পৰ্কীয় বিশ্লেষণ আৰু চলচ্চি‍ত্ৰ সম্পৰ্কীয় আন আঠোটা প্ৰবন্ধৰ সংকলন ‘চলচ্চি‍ত্ৰ ইত্যাদি’৷ কিতাপখনত হাওবাও পৱন কুমাৰৰ লে’ডি অৱ দ লে’ক, ভবেন্দ্ৰনাথ শইকীয়াৰ আৱৰ্তন, আদূৰ গোপালকৃষ্ণনৰ নাল্লু পেন্নুঙ্গল, শ্যাম বেনেগালৰ প্ৰথমখন চিনেমা অঙ্কুৰ-কে ধৰি এঘাৰখন চিন্তা উদ্ৰেককাৰী চলচ্চি‍ত্ৰৰ বিশদ বিশ্লেষণ আগ বঢ়োৱা হৈছে৷ তদুপৰি ভাৰতবৰ্ষত, বিশেষকৈ অসমত শিল্প আন্দোলন হিচাপে চলচ্চি‍ত্ৰৰ যাত্ৰা, একবিংশ শতিকাৰ অসমীয়া চলচ্চি‍ত্ৰৰ সংক্ষিপ্ত ইতিবৃত্ত আদি বিষয়ৰ আঠোটা তথ্যসমৃদ্ধ আলোকসন্ধানী প্ৰবন্ধ কিতাপখনত আগ বঢ়োৱা হৈছে৷ লেখিকাৰ চলচ্চি‍ত্ৰ দৰ্শন আৰু বিশ্লেষণৰ দৃষ্টিভঙ্গী প্ৰশংসনীয়৷ তদুপৰি তেওঁৰ বিশ্লেষণৰ ভাষা সৰস অথচ সংযত৷


ছবিৰ ভ্ৰম, ভ্ৰমৰ ছবি
জিন্তু গীতাৰ্থ
পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ 

উদীয়মান অসমীয়া গল্পকাৰসকলৰ ভিতৰত খুব কম সময়ৰ ভিতৰতে  পাঠকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে জিন্তু গীতাৰ্থই৷ ব্যকিতয়ে জীৱনত সন্মুখীন হ’বলগীয়া হোৱা আপাত তুচ্চ কিন্তু গভীৰভাৱে তাৎপৰ্যপূৰ্ণ সংঘটন কিছুমানক কলাত্মকভাৱে উপস্থাপন কৰিবলৈ জিন্তুৱে যত্ন কৰি আহিছে৷ তেওঁৰ গল্প কোৱাৰ শৈলী একক, কিছু প্ৰচ্ছন্ন প্ৰশ্নৰ অনুসন্ধানত তেওঁ আগ বাঢ়ি গৈ থাকে, ঘটনাবোৰ সেই সত্য অন্বেষণৰ পথত অনুঘটকৰ দৰেহে ক্ৰিয়াশীল হয়৷ বহু সময়ত তেওঁৰ দৃষ্টিকোণনিৰ্ভৰ সত্য বহুতৰ কাৰণে আচহুৱা বা অস্বস্তিৰ বিষয়ো হৈ উঠিব পাৰে, কিন্তু সেই সত্যক অস্বীকাৰ কৰিব নোৱাৰি৷ বিমূৰ্তক শব্দ-ব্যঞ্জনাৰ যোগেদি মূৰ্তৰূপ দিবলৈ যাওঁতে জিন্তুৱে অৱলম্বন কৰা শৈলীটোত ভাষা প্ৰায়ে স্থিতিস্থাপক৷  জিন্তু গীতাৰ্থৰ বাৰটা গল্পৰ সংকলন প্ৰকাশ পাইছে ছবিৰ ভ্ৰম, ভ্ৰমৰ ছবি নামেৰে৷ মাগুৰ, সাজবেলা-কালবেলা, ৰেম’ৰা, খিৰিকী মুখৰ মালিতা, বোধবৰণ  আদি কেইবাটাও ভাল গল্প পুথিখনত সংকলিত হৈছে৷ জিন্তু গীতাৰ্থৰ এই প্ৰথমখন পুথিৰ পাঠকে গল্প পঠনৰ সুখাভিজ্ঞতা লাভ কৰিব বুলি আমি নিশ্চিত৷


হা-নি চিফুং
কিশোৰ বড়ো
পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ 

মানুহৰ সমাজ এখনতে কবি বোলা মানুহবিধ জন্ম হয়, ডাঙৰ-দীঘলো হয়৷ সেয়ে প্ৰতিজন কবিৰে কাব্যদৃষ্টি গঢ় লৈ উঠে সমাজ-দৃষ্টিৰ অৱলম্বনতে৷ কেতিয়াবা সি সমাজ-সমৰ্থিত, কেতিয়াবা সমাজ-বিৰোধী, কেতিয়াবা সমাজ-সমীক্ষকৰ দৃষ্টি৷ আনহে নালাগে একান্ত ব্যক্তিগত ভাবনাক লৈ কবিতা লিখাসকলেও সেই ভাবনা সমাজখনৰ পৰাই আহৰণ কৰে৷ কবি কিশোৰ বড়োৱে ঘাইকৈ সমাজ-সমীক্ষকৰ দৃষ্টিভঙ্গীটোৰেই জীৱনৰ অভিজ্ঞতাবোৰ আহৰণ কৰিছে৷ কবিৰ দৃষ্টিভঙ্গীক সমৃদ্ধ কৰিছে কৃষিনিৰ্ভৰ অসমৰ লোকসমাজখনৰ প্ৰতি থকা শ্ৰদ্ধাবোধ আৰু আগ্ৰহে৷ তদুপৰি ঐতিহ্য, পুৰাকথা আদিকো তেওঁ আধুনিক দৃষ্টিৰে লক্ষ্য কৰি সেইবোৰৰ উপাদানেৰে নতুন ধৰণৰ কাব্যনিৰ্মাণৰ যত্ন কৰিছে৷ এনে যত্ন ফুটি উঠিছে তেওঁৰ প্ৰথমখন কবিতাপুথি হা-নি চিফুং-ৰ কবিতাখিনিৰ মাজত৷ সমকালীন মানৱ জীৱনৰ প্ৰায় প্ৰতিখন ক্ষেত্ৰতে দেখা দিয়া  নৈৰাজ্য, পাৱাৰ-প্লে’-ৰ প্ৰৱণতা, ঘৃণনীয় ব্যক্তিস্বাৰ্থ চৰিতাৰ্থকৰণ আৰু তাৰ সামাজিক বৈধতা অৰ্জন, মানুহৰ অমানুষিকতাৰ ফলত মানুহৰে জীৱন ভৰি উঠা বিষময়তা আদিয়েই কিশোৰ বড়োৰ কবিতাসমূহৰ সাধাৰণ ভাবনা৷ অতি শক্তিশালী, মৰ্মস্পৰ্শী আৰু সমাহিত কণ্ঠৰে কবি কিশোৰে আগ বঢ়াই নিছে কবিতামুঠি৷ ঠায়ে ঠায়ে কিছু সম্পাদনাৰ প্ৰয়োজন অনুভৱ হ’লেও সি ন্যূনতৰ৷ কবিতা ভালপোৱা পাঠকে হা-নি চিফুং পঢ়ি ভাল কবিতা পঢ়াৰ আনন্দ লাভ কৰিব৷



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ