নমস্কাৰ৷ মোৰ
নাম অনুভৱ মহন্ত৷ বয়স ৩৪ বছৰ৷ ২১ বছৰ বয়সত মই এটা ভয়ানক ৰেল দুঘৰ্টনাত শাৰীৰিকভাৱে
আহত হৈছিলোঁ৷ সেই দুঘৰ্টনাত মোৰ ৰাজহাড় আঘাতপ্ৰাপ্ত হোৱাৰ লগতে সোঁহাতখনৰ
কিলাকুটিটো প্ৰায় গুৰি হৈ গৈছিল৷ চাৰিদিন গুৱাহাটীৰ জি. এন. আৰ. চি. হস্পিটেলত
থকাৰ পাছত মোক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ ছাৰ গংগাৰাম হিস্পটেললৈ লৈ যোৱা হ’ল৷
কেইবাটাও গুৰুতৰ অস্ত্ৰোপচাৰ আৰু চিকিৎসকসকলৰ যৎপৰোনাস্তি চেষ্টাৰ ফলত জীৱনটো
ঘূৰাই পালোঁ যদিও মোৰ সোঁহাতখন সম্পূৰ্ণভাৱে অকামিলা হৈ পৰে৷ প্ৰায় দুমাহৰ মুৰত
পেৰালাইছিছ্ হৈ থকা অৱস্থাতে হুইল চেয়াৰত বহি ঘৰলৈ উভতি আহোঁ৷ ঘৰলৈ অহাৰ পাছৰে
পৰা প্ৰায় দুবছৰ দিন ধৰি উৎপল বৰা আৰু ড॰ প্ৰণৱকল্প হাজৰিকাৰ ওচৰত ফিজিঅ’থেৰাপি
লৈ আছিলোঁ যদিও তাৰ মাজতে চিকিৎসকৰ পৰামৰ্শ মতে ছাৰ গংগাৰাম হস্পিটেললৈ গৈ হাতৰ
অস্ত্ৰোপচাৰ কৰোৱাৰ পাছত লাহে লাহে সুস্থ হ’বলৈ আৰম্ভ কৰোঁ৷
মোৰ লগতে আমাৰ
পৰিয়ালৰ তেনে এটা দুৰ্যোগৰ সময়ত দিল্লীৰ চিকিৎসক, নাৰ্ছ, ৱাৰ্ডবয়, চাফাই কৰ্মী, পৰিয়ালৰ
আত্মীয়-স্বজন, বন্ধু-বান্ধৱ শুভাকাংক্ষীসকলে যি সহমৰ্মিতা
দেখুৱাইছিল সেয়া মোৰ বাবে আছিল জীৱনটোক নতুনকৈ উদ্যাপন কৰিবলৈ লাভ কৰা
সঞ্জীৱনীস্বৰূপ৷ তেখেতসকলৰ চেষ্টা, আশীৰ্ৱাদ আৰু প্ৰাৰ্থনাত
মৃত্যুমুখী হোৱাৰপৰা মই জীৱনমুখী হৈ পৰিলোঁ৷ তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা স্বৰূপে মই
লিখা ‘মই অনুভৱ’ নামৰ কিতাপখন ২০১৪ চনত
অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰি উলিয়ায়৷ মোৰ নিচিনা কোনো দিনেই লিখা-মেলা
নকৰা ল’ৰা এজনৰ কিতাপ এখনক প্ৰকাশযোগ্য বুলি বিৱেচনা কৰা
বাবে অসম পাব্লিচিং কোম্পানীৰ স্বত্বাধিকাৰী শ্ৰীযুত সঞ্জয় সান্যাল দাদাৰ ওচৰত মই
চিৰকৃতজ্ঞ হৈ ৰ’ম৷ উল্লেখযোগ্য যে কিতাপখন প্ৰকাশ হোৱাৰ পাছত
বিশিষ্ট কথা সাহিত্যিক শ্ৰীযুত হোমেন বৰগোহাঞিদেৱে ‘নিউজ
লাইভ’ৰ ‘কথা-বাৰ্তা’ শিতানত মোৰ লগত বাৰ্তালাপ কৰিছিল৷ সেইটো আছিল মোৰ জীৱনৰ এটি অনিৰ্বচনীয়
আনন্দ আৰু গৌৰৱৰ মুহূৰ্ত৷
চিকিৎসাৰ
সময়খিনিত হস্পাতালত এৰা-ধৰাকৈ প্ৰায় পাঁচমাহ সময় থাকিবলগীয়া হৈছিল৷ নেদেখাসকলে
হয়তো বিশ্বাসেই নকৰিব যে মোৰ জীৱনৰ অতি যন্ত্ৰণাকাতৰ সেই সময়খিনিক তাৰ চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মীসকল লগ হৈ এক প্ৰকাৰ ‘মস্তি’ৰ সময়লৈ ৰূপান্তৰিত কৰিছিল৷ আচলতে মই গম
নোপোৱাকৈয়ে তেখেতসকলে মোক অনবৰতেই স্ফূৰ্তিত ৰাখিবলৈ চেষ্টা কৰিছিল৷ দুটামান
উদাহৰণ দিলে আপোনালোকৰ বুজাত সহায় হ’ব৷ চিকিৎসালয়ৰ পৰা দিয়া
আহাৰ খাই খাই আমনি লগা বুলি তেখেতসকলৰ আগত প্ৰকাশ কৰাত তেখেতসকলে পাল পাতি পাতি
মোলৈ তেখেতসকলৰ ঘৰত ৰন্ধা বিভিন্ন ধৰণৰ খোৱা বস্তু লৈ আহিবলৈ ধৰিলে, পৰিয়ালৰ মানুহক লৈ আনি মোৰ লগত চিনাকি কৰাই দিবলৈ ধৰিলে৷ কোনোবা কোনোবাই
আনকি নিজৰ গাৰ্লফ্ৰেণ্ডকো মোৰ লগত চিনাকি কৰাই দিবলৈ লৈ আহে৷ এটা উল্লেখনীয় কথা যে
মই প্ৰথমবাৰ গৈ যিটো ৰূমত আছিলোঁগৈ পৰৱৰ্তী সময়খিনিতো মোক সেইটো ৰুমকে দিবলৈ
হস্পিটেল কৰ্তৃপক্ষক অনুৰোধ কৰিছিলোঁ আৰু তেখেতসকলেও মোৰ অনুৰোধ ৰক্ষা কৰি সেই
ৰূমটোকে [১০৮-A] মোক দিছিল৷ ৰূমটোৰ কেইবাটাও বিশেষত্ব থকাৰ
উপৰি তাৰ সৈতে মোৰো বহুত স্মৃতি জড়িত হৈ আছে৷ সেই বাবে তাত থাকি মোৰ বিশেষ ভাল লাগিছিল৷
চিকিৎসাধীন হৈ থকা সময়খিনি যে কোনোবাই ইমান আনন্দ আৰু মধুৰ কৰি কটাব পাৰে
আপোনালোকে হয়তো কল্পনাও কৰিব নোৱাৰিব আৰু ময়ো সেই সময়খিনিৰ উপলব্ধি ভাষাৰে প্ৰকাশ
কৰি আপোনালোকক বুজাই ক’ব নোৱাৰিম৷
লাহে লাহে
যেতিয়া মই সুস্থ হৈ আহিলোঁ, নিজে নিজে সেই স্মৃতিবোৰ ৰোমন্থন কৰি
উপলব্ধি কৰিলোঁ যে ঔষধ আৰু এণ্টিবায়টিকতকৈও সেই সময়খিনিত ধনাত্মক চিন্তাৰে
হাঁহি-ধেমালি কৰি থকা বাবেহে মই সুস্থ হৈ উঠাটো সহজ হ’ল৷
চিকিৎসালয়ৰ বিছনা আৰু হুইল চেয়াৰত মোৰ জীৱন-সংগ্ৰাম আৰু মই পোৱা প্ৰেৰণাৰ
কাহিনীবোৰ বহুতৰে আগত কৈছোঁ৷ সকলো বৰ আচৰিত হয়৷
এদিন কথাৰ মাজতে
ৰুণাবৌৰ (মোৰ জেঠাইৰ ল’ৰা কটন কলেজৰ অধ্যাপক ৰাহুল মহন্তৰ পৰিবাৰ) আগত দুবছৰমান আগতে মোৰ এই অভিজ্ঞতাৰ কথা কৈ থাকোঁতে বৌৱে মোক ক’লে যে বিদেশত ৰোগীসকলক বিশেষকৈ শিশু সকলক স্ফূৰ্তিত ৰাখিবলৈ কিছুমান
চিকিৎসালয়ত clown ৰাখে৷ তেনে ব্যৱস্থাটোক Medical clowning
বোলা হয়৷ কথাটো শুনি বৰ আচৰিত হ’লোঁ আৰু বুজি
পালোঁ যে মই গম নোপোৱাকৈয়ে ছাৰ গংগাৰাম হস্পাতালেও তেনেকুৱা মানসিকতা এটা লৈয়েই
মোক চিকিৎসা কৰি পুনৰ জনম দিলে৷ সেইদিনা ঘৰলৈ আহিয়েই ইণ্টাৰনেটত Medical
clowning-ৰ বিষয়ে সবিস্তাৰ পঢ়ি বিষয়টোৰ কেইবাটাও ভাল লগা আৰু
আশ্চৰ্যজনক কথা গম পালোঁ৷
ইণ্টাৰনেটৰ যোগেদি এই বিষয়ত সফলতাৰে কাম কৰি থকা বিদেশৰ দুটামান স্বেচ্ছাসেৱী অনুষ্ঠান (যেনে Red Noses International এটা উল্লেখযোগ্য স্বেচ্ছাসেৱী অনুষ্ঠান)-ৰ লগত যোগাযোগ কৰিছিলোঁ যদিও আমাৰ দেশত তেওঁলোকৰ কোনো শাখা নাই বুলি জানিব পাৰিলোঁ৷ মোৰ দৃঢ় বিশ্বাস যে এনে এটা ব্যৱস্থাই ৰোগীক আৰোগ্য হোৱাত যথেষ্ট সহায় কৰিব৷
মনৰ ভিতৰতে সেই
সপোনটো পোহপাল দি জীপাল কৰি ৰাখি থৈছিলোঁ৷ ২০১৯ চনৰ শেষৰ ফালে পুনৰ সেই বিষয়টোৰ
বিষয়ে খুঁচৰি থাকোঁতে দেখা পালোঁ তামিলনাডুৰ Saveetha Medical College and Hospital-অত এটা Accrodited and certified fellowship in the art and
Science In Medical Clowning (FASMC) বুলি পাঠ্যক্ৰম আৰম্ভ কৰিছে৷
লগে লগেই তালৈ ফোন কৰি মই সেই পাঠ্যক্ৰমত নাম ভৰ্তি কৰিবলৈ আগ্ৰহী বুলি জনালোঁ৷
দুভাৰ্গবশতঃ এজনো ছাত্ৰই নাম ভৰ্তি নকৰাত যোৱা বছৰটো এনেয়ে গ’ল৷ এই বছৰো (২০২০) প্ৰথম দুমাহ মানলৈকে কোনেও সেই পাঠ্যক্ৰমত নাম ভৰ্তি
কৰা নাছিল বুলি তেওঁলোকৰ পৰা জানিব পাৰিলোঁ৷ বহুত যোগাযোগ কৰাৰ পাছত তেওঁলোকৰ ভাতৃ
সংগঠন এটাৰ লগত মোক লগ লগাই দিলে৷ সেই Medi clowning নামৰ
সংস্থাটো তামিলনাডুৰ Aurrovit-অত অৱস্থিত৷ তাৰ প্ৰতিষ্ঠাপক
সঞ্চালক Fiff Fernandz -অৰ লগত মোৰ যোগাযোগ হ’ল৷ তেওঁ বৰ্তমান বিদেশৰ কোনোবা এখন ঠাইৰ কৰ্মশালাত ব্যস্ত আছে৷ গতিকে
ভাৰতলৈ ঘূৰি আহিহে হেনো মোৰ লগত যোগাযোগ কৰিব৷ তেওঁ মোক মাথোঁ কেনেকৈ আৰু কিয় মই
এই বিষয়ে আগ্ৰহী হ’লো তাক লিখি তেওঁলৈ মেইল কৰিবলৈ ক’লে৷ গোটেইখিনি কথা যুকিয়াই লিখোঁতে মোৰ প্ৰায় এসপ্তাহমান সময় লাগিল৷
কিন্তু মোক আচৰিত কৰি মোৰ মেইল পোৱাৰ লগে লগে Fiff Fernandes-এ মোলৈ ফোন কৰিলে৷ মই তেওঁক জনাইছিলোঁ যে মই তামিলনাডুত প্ৰশিক্ষণ লৈ আহি
গুৱাহাটীত এটা তেনে ধৰণৰ Medi clowning-অৰ Academy খুলি স্থানীয় ল’ৰা-ছোৱালীৰ প্ৰশিক্ষণ আৰু তাৰ পাছত
সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিম৷ যিহেতুকে ভাৰতত তেনে কোনো প্ৰফেশ্যনেল একাডেমী আজিৰ
তাৰিখলৈকে নাই গতিকে ভাল ফল দেখুৱাব পাৰিলে আমাৰ একাডেমীৰ ল’ৰা-ছোৱালীসকলে
ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ কাম কৰিবগৈ পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস৷ এই কথাত তেওঁ
ইমানেই ভাল পালে যে তেওঁ মোক ক’লে যে– ‘তুমি ইয়ালৈ আহিব নালাগে৷ আমাৰ পাঁচজনীয়া টীম এটা [য’ত
দুজন কানাডাৰ, এজন জাৰ্মানীৰ আৰু বাকী দুজন ভাৰতৰ] গুৱাহাটীলৈকে
প্ৰশিক্ষণ আৰু কৰ্মশালা কৰিবলৈ আহিব৷ ২০২০ চনৰ ১৫ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে সেই
প্ৰশিক্ষণ আৰু কৰ্মশালাৰ দিন ঠিক কৰা হ’ল৷ (Fiff
Farnandes ৰ পৰা মই পোৱা চিঠিখন সংলগ্ন কৰি দিছোঁ৷) গুৱাহাটীত হ’বলগীয়া কৰ্মশালাখনত ভাগ ল’বলগীয়া প্ৰাৰ্থীসকলৰ কথা
আলোচনা বিলোচনা কৰি থাকোঁতেই দেউতাই শ্ৰীযুত পৱিত্ৰ ৰাভা দাদাৰ গ্ৰুপটোৰ কথা ক’লে৷ পৱিত্ৰদা আৰু দেউতা দুয়ো গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ অসম আহিৰ ৩ নং
ছাত্ৰাৱাস (AT 4)-ৰ প্ৰাক্তন আৱাসী আছিল৷ সেই ছাত্ৰাৱাসৰ
পৰম্পৰা অনুসৰি দেউতাই পৱিত্ৰদাক নিজৰ ভাইৰ দৰে মৰম কৰিছিল আৰু পৱিত্ৰদায়ো দেউতাক
নিজৰ জ্যেষ্ঠ ভাতৃৰ দৰেই জ্ঞান কৰিছিল৷ অতি স্পৰ্শকাতৰতা আৰু মানৱীয় অনুভূতিৰে
পৱিত্ৰদাই কৰি অহা কামবোৰৰ বাবে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে তেখেতৰ এটা পৰিচয় আছে৷
ইমান বিখ্যাত মানুহ হৈও তেখেত একেবাৰে সহজ-সৰল এজন মাটিৰ মানুহ৷ সেয়েহে তেখেতক মই খুউব
শ্ৰদ্ধা কৰোঁ৷
২০০৩ বৰ্ষৰ পৰা
তেখেতে দাপোণ (The Mirror) নামৰ এটা সাংস্কৃতিক গোষ্ঠী প্ৰতিষ্ঠা কৰি
পৰিচালনা কৰি আহিছে৷ দৰং জিলাৰ টংলাৰ ওচৰৰ এখন সৰু গাঁৱত প্ৰায় ২৫ জনমান
প্ৰতিভাশালী কাওক (বাওনাক?) (Medical clowning) বোলা (Vertically
Challeged) ব্যক্তিৰ যোগেদি ভাৰতৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি
ৰাইজৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পৱিত্ৰদাৰ ‘দাপোণ’-এ৷ তেখেতসকল সকলো এতিয়া
আত্মসন্মানেৰে সৈতে সমাজৰ গৌৰৱ হৈ পৰিছে৷ দেউতাকৰ মুখত এই কথাখিনি শুনাৰ পাছদিনাই
পৱিত্ৰদালৈ ফোন কৰি মোৰ সপোনটোৰ কথাখিনি জনালোঁ৷ তেখেতেও আগ্ৰহ প্ৰকাশ কৰিছে৷
এতিয়া মাথোঁ সপোনটোক সাকাৰ ৰূপ দিয়াৰহে কথা৷
লেখকৰ ভ্ৰাম্যভাষ: ৯৯৫৪৩২২৯৬০