ড° পুলক সভাপণ্ডিত
মানৱতাৰ প্ৰসংগ অহাৰ লগে লগে যি গৰাকী
মহানায়িকাৰ নাম মনলৈ আহে তেৱেঁই হ’ল মাদাৰ টেৰেছা৷ ১৯১০ চনৰ ২৬ আগষ্টত অধুনালুপ্ত যুগোশ্লাভিয়াৰ স্ক’পজেত (বৰ্তমান নৰ্থ মেচিড’নিয়াৰ ৰাজধানী চহৰ) এইগৰাকী মহীয়সী নাৰীয়ে জন্মগ্রহণ কৰে, যাৰ
প্ৰকৃত নাম আছিল এগ্নেছ গোঞ্জা বোজাজিউ৷ মানুহৰ হাঁহিতেই আছিল তেওঁৰ প্ৰাপ্তি,
মানুহৰ কল্যাণেই আছিল তেওঁৰ ব্রত। তেওঁক ‘বিশ্ব
শান্তিৰ বাহক’ বুলি অভিহিত কৰা হয়। শতাব্দীৰ শ্রেষ্ঠ এইগৰাকী
মহীয়সী নাৰীয়ে অসুস্থ, দৰিদ্র, অসহায়
আৰু অৱহেলিত মানুহৰ কাৰণে আমৃত্যু পৰ্যন্ত কাম কৰি গৈছিল। মাদাৰ টেৰেছা নামটো
শুনাৰ লগে লগে আমাৰ চকুৰ সন্মুখত ভাঁহি উঠে নীলা পাৰীযুক্ত বগা ৰঙৰ এক বিশেষ পোছাক
পৰিহিতা এক বৃদ্ধাৰ ছবি। গোটেই জীৱন মানৱ সেৱাৰ দৰে পবিত্ৰ কৰ্মত নিজক উচৰ্গিত
কৰিলেও এই কাহিনীৰ আৰঁৰ গল্পটো খুব এটা সহজ নাছিল। তেওঁৰ জীৱনত আছিল উপন্যাসৰ
কাহিনীৰ নিচিনা বহু উত্থান-পতন৷ তাৰ মাজতো দেশত্যাগী হৈ তেওঁ শান্তিৰ সন্ধানত
ব্ৰতী হৈছিল৷
সৰুকালৰ পৰাই তেওঁ মানুহৰ বাবে কিবা এটা
কৰাৰ সপোন দেখিছিল। মাত্র ১২ বছৰ বয়সত তেওঁ ধৰ্মীয়ভাৱে সন্ন্যাসিনীৰ জীৱন যাপন
কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। উদ্দ্যেশ্য আছিল মানৱসেৱা। তেওঁ কোনো ধৰ্মৰ মাজত ভেদাভেদ ৰখা নাছিল। আৰু সেইবাবেই আজিও
সমগ্ৰ পৃথিৱীৰ যিকোনো ধৰ্মাৱলম্বী লোকেই তেওঁৰ নাম শ্রদ্ধাৰে সোঁৱৰণ কৰে। সৰুকালৰ
পৰাই তেওঁৰ অন্তৰত তেওঁৰ আশে-পাশে থকা দুৰ্দশাগ্রস্ত মানুহৰ বাবে কিবা এটা কৰাৰ তীব্র
বাসনা জাগি উঠিছিল। কিন্তু ভবাটো যিমান সহজ আছিল কাৰ্যতঃ তাক বাস্তৱায়িত কৰাটো আছিল
তাতকৈ বহু কঠিন। ১৯৪৮ চনত দুৰ্দশাগ্ৰস্ত আৰু দৰিদ্ৰ লোকৰ মাজত তেওঁ মিছনাৰি কাম
আৰম্ভ কৰে। ঠিক সেই সময়ত তেওঁ প্রথাগত সকলো অভ্যাস ত্যাগ কৰে। তেওঁ পোছাক হিচাপে বাচি
লয় নীলা পাৰীযুক্ত এখন সাধাৰণ বগা সূতাৰ বস্ত্র। মাদাৰ টেৰেছাৰ নামটো শুনিলেই আমি
যিযোৰা পোছাক পৰিহিতা অৱস্থাত তেওঁৰ কথা চিন্তা কৰোঁ, এইযোৰা
সেই পোছকেই। পৰৱর্তী সময়ত তেওঁ দুখীয়া আৰু সৰ্বহাৰাসকলৰ বাবে কাম কৰি গৈ
থাকে। সেই সময়তেই তেওঁৰ কৰ্মৰাজি ভাৰতীয় বিভিন্ন উচ্চমহলৰ আৰু প্রশাসনিক
কৰ্মকৰ্তাসকলৰ দৃষ্টিগোচৰ হয়। ভাৰতৰ সেই সময়ৰ স্বয়ং প্রধানমন্ত্রীয়েই মাদাৰ
টেৰেছাৰ কৰ্মৰাজিক স্বীকৃতি প্রদান কৰে। দৰিদ্র আৰু ভোকাতুৰসকলৰ বাবে খাদ্যৰ যোগাৰ
কৰিবলৈ অথবা গৃহহীন মানুহৰ বাসস্থানৰ ব্যৱস্থা কৰিবলৈ তেওঁ মানুহৰ দুৱাৰে দুৱাৰে
অক্লান্তভাৱে ঘুৰি ফুৰিছিল। আৰ্থিকভাৱে সমৰ্থবান লোকসকলৰ পৰা তেওঁ নিজে অৰ্থ
সংগ্রহ কৰিছিল। অৱশ্যে ইয়াৰ মাজতে তেওঁ বিভিন্ন বাধাৰ সন্মুখীন
হৈছিল। কেতিয়াবা নিৰাশাই, কেতিয়াবা একাকিত্বই অথবা মানুহৰ
তেওঁৰ ওপৰত জাগি উঠা সন্দেহে তেওঁক মাজে-সময়ে নিৰুৎসাহিত কৰি তুলিছিল৷ আনকি সকলো
বাদ দি তেওঁ আগৰ জীৱনলৈ ঘূৰি যোৱাকেই শ্ৰেয়ঃ বুলিও ভাবিছিল৷ জীৱনৰ এইবিলাক কথা তেওঁ
ডায়েৰিত বিভিন্ন সময়ত লিখি ৰাখিছিল। তথাপি মানুহৰ বাবে জীয়াই থকাৰ হেপাঁহে তেওঁক
এক অনন্য সৎসাহস প্ৰদান কৰিছিল।
১৯৫০ চনত মাদাৰ টেৰেছাই গঢ়ি তোলে ‘মিছনেৰীজ অফ্ চেৰিটি’। ১৯৫২ চনত মাদাৰ টেৰেছাই কলকাতাত মুমূৰ্ষু লোকসকলৰ বাবে প্রথম আশ্রয় আৰু
সেৱাকেন্দ্র আৰম্ভ কৰে৷ ভাৰতীয় প্রশাসনিক কৰ্মকৰ্তাসকলৰ সহায়ত এটা পৰিত্যক্ত
প্রাচীন মন্দিৰক মুমূৰ্ষুসকলৰ বাবে আশ্ৰয় শিবিৰত পৰিণত কৰে। ইয়াৰ নাম দিয়ে ‘কালিঘাট হোম ফৰ দা ডায়িং’৷ অৱশ্যে পৰৱৰ্তী সময়ত এই কেন্দ্রৰ নাম পৰিৱৰ্তন কৰি
ৰখা হয় ‘নিৰ্মল হৃদয়’। ইয়াৰ পাছত তেওঁ
কুষ্ঠৰোগীসকলৰ বাবে এটি সেৱাকেন্দ্র খোলে যাৰ নাম দিয়া হয় ‘শান্তিনগৰ’। এইবিলাকেই আছিল মাদাৰ টেৰেছাৰ দাতব্য সংস্থা ‘মিছনেৰীজ অফ্ চেৰিটি’ৰ অভ্যন্তৰীণ উদ্যোগ। মাদাৰ টেৰেছাই মাত্ৰ শিশুসকলৰ সেৱাৰ কাৰণে ১৯৫৫ চনত
‘নির্মল শিশু ভৱন’ নামে এটি পৃথক গৃহ স্থাপন
কৰে। বাসস্থানহীন আৰু পুষ্টিহীনতাত ভোগা শিশুসকলৰ বাবে নিৰ্মাণ কৰা এই গৃহটোক
শিশুসকলৰ বাবে বিশেষ স্বৰ্গ বোলা হৈছিল৷ লাহে লাহে সমগ্ৰ পৃথিৱীত এই দাতব্য
সংস্থাৰ জনপ্রিয়তা বাঢ়িবলৈ ধৰে। দেশ-বিদেশৰ বহু দাতা সংস্থাৰ দৃষ্টিগোচৰ হ’বলৈ আৰম্ভ কৰে ‘মিছনাৰিজ অফ্ চেৰিটি’ৰ কর্মৰাজি। তেওঁ দেশে-বিদেশে চেৰিটিৰ বিভিন্ন শাখা খোলে। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত তেওঁ সেই দেশৰ মানুহৰ কাষত থিয় হৈছিল। সেই বৰ্ষৰ ডিচেম্বৰ মাহত
মাদাৰ টেৰেছাই খুলনা আৰু ঢাকাৰ কেইবাটাও কেম্প পৰিদৰ্শনৰ সময়ত পাকিস্তানী সেনাই
কৰা নিৰ্মম অত্যাচাৰ নিজ চকুৰে প্ৰত্যক্ষ কৰে। তাকে দেখি তেওঁ ঢাকাত ‘মিছনেৰীজ অফ্ চেৰিটি’ৰ এটা শাখা আৰম্ভ কৰে। তেতিয়া বেছিভাগ যুদ্ধশিশু (১৯৭১ চনত বাংলাদেশৰ
মুক্তিযুদ্ধৰ সময়ত যুদ্ধাৱস্থাৰ সুযোগত পাকিস্তানী সেনাবাহিনী আৰু সিহঁতৰ সহযোগী
দুর্বৃত্তসকলৰ দ্বাৰা ধর্ষিতা হোৱাৰ পিছত বাঙালী মহিলাসকলে যিবিলাক শিশুৰ জন্ম
দিয়ে)-ক ঘৃণাৰ দৃষ্টিৰে চোৱা হৈছিল, বহুতক
নিক্ষেপ কৰা হৈছিল ডাষ্টবিনত৷ মাদাৰ টেৰেছাই সেই সময়ত পৰম মমতাৰে যুদ্ধশিশুসকলক
সেৱা আগবঢ়াই যায়৷ তেওঁ সিহঁতক কলকাতা, ফ্রাঞ্চ আৰু ছুইডেনলৈ পঠিয়াই
সিহঁতৰ উপযুক্ত তদাৰকীৰ ব্যৱস্থা লয়। মাদাৰ টেৰেছাই ১৯৭৯ চনত ১৭ অক্টোবৰত তেওঁৰ
সেৱাকার্যৰ বাবে ‘শান্তিৰ ন’বেল বঁটা’ আৰু ১৯৮০ চনত ভাৰতৰ
সর্বোচ্চ আসামৰিক সম্মান ‘ভাৰতৰত্ন’ লাভ
কৰে৷ ইয়াৰ উপৰি মাদাৰ টেৰেছাই যথাক্রমে ১৯৮৫ চনত ’প্ৰেছিডেঞ্চিয়েল
অফ্ ফ্রিডম’ আৰু ১৯৭৮ চনত ‘বালজান’
পুৰষ্কাৰেৰে বিভূষিত হয়। তেওঁ বিশ্বৰ ১২৩ খন ৰাষ্ট্রৰ এইডছ, কুষ্ঠ আৰু যক্ষ্মাৰ চিকিৎসা কেন্দ্র, ভোজনশালা,
শিশু আৰু পৰিয়াল পৰামর্শ কেন্দ্র, অনাথ আশ্রম
আৰু বিদ্যালয়সহ ’মিছনেৰীজ অফ চেৰিটি’ৰ ৬১০টা কেন্দ্র নিৰ্মাণত উল্লেখনীয় অৱদান
আগবঢ়ায়। সেই সময়ত বিভিন্ন ব্যক্তি, সংস্থা আৰু একাধিক
ৰাষ্ট্রৰ চৰকাৰে তেওঁৰ কৰ্মৰাজিৰ ভূয়সী প্রশংসা কৰে। আশীৰ দশকত মাদাৰ টেৰেছাই ‘মিছনেৰীজ অফ চেৰিটি’ৰ বিভিন্ন শাখা পূব ইউৰোপ পৰ্যন্ত প্ৰসাৰ কৰিবলৈ
সক্ষম হয়।
সমাজত প্ৰচলিত কৰ্মৰ ভিন্নতা সম্পৰ্কে
মাদাৰ টেৰেছাৰ এটি শ্ৰেষ্ঠ মন্তব্য হ’ল ‘আমাৰ ভিতৰৰ
সকলোৱেই যে সকলো ডাঙৰ কাম কৰিব পাৰিব তেনে নহয়, কিন্তু সৰু
কামবিলাক আমি সকলোৱেই গভীৰ মৰম আৰু ভালপোৱাৰে কৰিব পাৰো৷’ মাদাৰ
টেৰেছাৰ যেতিয়া মৃত্যু হ’ল তেতিয়া তেওঁৰ দ্বাৰা প্রতিষ্ঠিত ‘মিছনেৰীজ অফ্ চেৰিটি’ত ছিষ্টাৰৰ সংখ্যা আছিল চাৰি হাজাৰ৷ মাদাৰ
টেৰেছা আজি নাই। কিন্তু পৃথিৱীৰ ১২৩খন দেশৰ হেজাৰ হেজাৰ ছেৰিটিত মাদাৰ টেৰেছা আজিও
জীৱিত হৈ আছে অনৱদ্যভাবে। তেওঁ আমাক দেখুৱাই থৈ গ’ল, হেজাৰ প্রতিকূলতাক নেওচি মহৎ কৰ্মৰ বাবে কেনেকৈ নিজক বিসর্জন দিব পাৰি।
কিন্তু ভাল কাম কৰিলে, সমাজ সেৱা কৰিলে সমালোচনাও নিশ্চয়
থাকিবই। উল্লেখনীয় যে ‘ব্রিটিছ মেডিকেল জাৰ্নেল’ আৰু ‘দা লেঞ্চেট’ নামৰ এখন জনপ্রিয়
পত্রিকাই মাদাৰ টেৰেছাৰ সেৱা প্রতিষ্ঠানবিলাকৰ চিকিৎসা সেৱাৰ মানক লৈ প্রশ্ন
তুলিছিল। সমালোচনা কৰা হৈছিল কেন্দ্রবোৰৰ জীৱনযাত্রাৰ মানক লৈয়ো৷ কিন্তু
’পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাৰ’; মাদাৰ
টেৰেছাৰ বিৰুদ্ধে উত্থাপিত হোৱা সকলো সমালোচনা, অভিযোগ
তথ্য-প্রমাণৰ অভাৱত কৰ্পূৰৰ দৰে উৰি গৈছিল৷ ১৯৯৭ চনৰ ১৩ মার্চত ‘মিছনেৰীজ অফ্ চেৰিটি’ৰ মুৰব্বী পদৰ পৰা মাদাৰ টেৰেছাই অব্যাহতি
লয়। সেই বৰ্ষৰে ৫ ছেপ্তেম্বৰত কলকাতাত এইগৰাকী মহীয়সী নাৰীয়ে মৃত্যুবৰণ কৰে।
মাদাৰ টেৰেছাৰ একমাত্র উদ্দেশ্য আছিল মানৱসেৱা।
মানৱতাৰ দূত মাদাৰ টেৰেছাই হাঁহিৰে ভুবন জয় কৰিছিল। তেওঁৰ নিচিনা নাৰী বর্তমান
পৃথিৱীৰ প্রত্যেকজন মানুহৰ আদৰ্শ হোৱা উচিত। তেওঁৰ আদৰ্শ গ্ৰহণ কৰি আমি আগুৱাই যাব
লাগিব। কিয়নো বৰ্তমানৰ পৃথিৱীত আটাইতকৈ প্ৰয়োজনীয় আৰু দুষ্প্ৰাপ্য বস্তুটোৱেই হ’ল মানৱতা৷ ‘ছেইণ্ট’ উপাধি লাভ কৰা পৃথিৱীৰ মাত্ৰ কেইগৰাকীমান
ব্যক্তিৰ ভিতৰত মাদাৰ টেৰেছা অন্যতম। সৎকৰ্ম আৰু মানৱতাৰ দূত ৰূপে তেওঁ গোটেই
পৃথিৱীত যুগ যুগ ধৰি জীয়াই থাকিব। তেওঁ প্ৰমাণ কৰি গৈছে প্ৰেম আৰু ভালপোৱাৰে গোটেই
পৃথিৱী জয় কৰিব পাৰি৷ আহক তেওঁক সন্মান জনাই প্ৰেম আৰু ভালপোৱাৰে জগত জিনা,
তেওঁৰ সেই মহৎ প্ৰচেষ্টাৰ অংশীদাৰ হওঁ৷
ঠিকনা :
সহকাৰী অধ্যাপক, গণিত বিভাগ
বিশ্বনাথ মহাবিদ্যালয়
ভ্ৰাম্যভাষ : ৬০০০৩৬০৯৫২