অন্যযুগ/
মৃত্যুপক্ষ
জয়ন্ত মাধৱ বৰা
খবৰটো প্ৰথমতে প্ৰচাৰ হ’ল গধূলিৰ টিভিৰ বাতৰিত। আটাইকেউটা
চেনেলে প্ৰথমতে ব্ৰেকিং নিউজ দিলে। বাতৰি এটা দেখুৱাই থাকোঁতে তলত যে চিনেমাৰ ৰীলৰ
দৰে আখৰবোৰ গৈ থাকে, তেনেকুৱাকৈ। তাৰ পাছতে
বাতৰিটো বিস্তাৰিত ৰূপত প্ৰচাৰ কৰিবলৈ ধৰিলে। বাতৰিটো ছোৱালীজনীয়ে কৈ থাকোঁতে আন ক’ৰবাত
সংঘটিত হোৱা ভয় লগা, গা জিকাৰ খাই উঠা দৃশ্য
কিছুমানো দেখুৱাই থাকিল। প্ৰথমতে কোনেও ততকে ধৰিব পৰা নাছিল— এইবোৰ কি দেখুৱাই আছে? এইবোৰ কি কৈ আছে? কিন্তু বাৰে বাৰে যেতিয়া
বাতৰিটো দেখুৱাই থাকিবলৈ ল’লে, লগতে বিশেষজ্ঞ কেইজনমানৰো
মতামত দেখুৱাবলৈ ধৰিলে, তেতিয়াহে সকলোৰে বুকুবোৰ
দুৰু দুৰু কঁপিবলৈ আৰম্ভ কৰিলে। মানে এই যে কথাবোৰ কৈ আছে, সঁচা নেকি? এনেকুৱা এটা ঘটনা ঘটিব নেকি? বাতৰিটো কৈ থাকোঁতে যিবোৰ দৃশ্য দেখুৱাই থকা হৈছে, তেনেকুৱা হুবহু দৃশ্য আমাৰ ইয়াতো দেখিবলৈ পোৱা যাব নেকি?
এটা কথা নহয়, যদি ঘটনাটো সঁচাকৈ ঘটাৰ সম্ভাৱনা
আছে, বাতৰি কৈ থকা ছোৱালীজনীৰো ভয় লাগিব লাগিছিল। তাইৰ মুখততো ভয়ৰ ভাব প্ৰকাশ পোৱা
নাই! ছোৱালীজনীয়ে বাতৰিটো কৈ থাকোঁতেই সন্মুখত থকা কেমেৰামেনজন, পোহৰ প্ৰক্ষেপণ কৰা ল’ৰাকেইটা, যি শব্দতৰংগ প্ৰৱাহিত হোৱাৰ
বাবেই বাতৰিটোৰ কথাবোৰ সকলোৱে শুনিবলৈ পাইছে, সেই শব্দ গ্ৰহণ কৰা
ল’ৰাকেইটা, আনকি কণ্ট্ৰল ৰুমত থকা ল’ৰাকেইটাও দৌৰ
মাৰি পলাই পট্টং দিব লাগিছিল। কাৰণ, এনেকুৱা এটা কথা শুনাৰ পাছত
পাঁচ মহলাত থকা ষ্টুডিঅ’ত সিহঁত নিৰুদ্বেগ হৈ থাকিব নোৱাৰে। দেহা থাকিলেহে বেহা।
এইটো সঁচাকৈয়ে এটা আমোদজনক আৰু আচৰিত কথা যে সকলো মানুহেই জানে তেওঁৰ এদিন মৃত্যু
হ’ব, তথাপি কোনো মানুহে মৃত্যু নিবিচাৰে। মৃত্যুলৈ সকলোৱে ভয় কৰে। অথচ এই মুহূৰ্তত
আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ’ল— মৃত্যুক সম্পূৰ্ণ আওকাণ আৰু উপেক্ষা কৰি ছোৱালীজনীয়ে বাতৰিটো কৈ আছে আৰু
বাকীবোৰেও বেপৰোৱাভাৱে, ক’বলৈ গ’লে প্ৰত্যাহ3ান জনোৱাৰ দৰেই নিজৰ নিজৰ কামবোৰ কৰি আছে। বোধহয় এই কাৰণতেই প্ৰতিটো কথা
যুক্তি-তৰ্ক সহকাৰে বিচাৰ কৰাবোৰে এইটো এটা উৰাবাতৰি বুলি উৰুৱাই দিছে আৰু অলপ
ধতুৱাবোৰে ধৰফৰাবলৈ আৰম্ভ কৰিছে— কি হ’ব এতিয়া? কি হ’ব এতিয়া? অস্থিৰতা,উৎকণ্ঠা আৰু আশংকাত দুজনমানে চিনাকিজনলৈ ফ’ন কৰিলে— “শুনিছেনে কথাটো?”
— “কি কথা?”
— “নিউজ নাচায় নেকি হে আপুনি?”
এনেকুৱাকৈ ক’লে যেন নিউজটো নাচাই তেওঁ এটা সাংঘাতিক অপৰাধ
কৰিছে! যেন কৈয়েই দিব— “নিউজ নাচায়, কি অলৰ্গদ্ধহে?”
কিছুমানে ভয়তে থানালৈকে ফ’ন কৰিলে— “কিবা ব্যৱস্থা কৰিছেনে?”
— “ব্যৱস্থা? কি ব্যৱস্থা?”
— “কিয় নিউজত দি আছে, শুনা নাই?”
— “নিউজততো বহুত কিবাকিবি
দিয়ে। আমি চৰকাৰৰ পৰা একো নিৰ্দেশ পোৱা নাই।”
— “অ’ মানুহ মৰি শেষ হ’ব, আপোনালোকে চৰকাৰৰ নিৰ্দেশলৈ ৰৈ থাকক।”
উস! দেখিছানে, দায়বদ্ধতা বুলি কাৰো একো
নাই। কোনোবাই অগ্নিনিৰ্বাপক বাহিনীৰ অফিচলৈ ফ’ন কৰিলে। ৰিং হৈ থাকে, ফ’নটো কোনেও নুঠায়। আৰে, হৈছে কি? অ’ সেই কাৰণে জুই লাগি সকলো শেষ হোৱাৰ পাছত টিলিঙা বজাই গাড়ীখন পায়হি?
তাৰ পাছত দেখিবা গাড়ীত পানী নাই। সুদা গাড়ীখনকে টিলিঙা বজাই লৈ
আহিল।
কিছুমানে ক’লে, টিভিৰ নিউজটো পাই সাধাৰণ
ৰাইজক বিপদৰ পৰা ৰক্ষা কৰিবলৈ থকা বিভাগবোৰৰ কৰ্মচাৰীবোৰ আগতেই পলাল। হু! এইবোৰে
মানুহক কি সহায় কৰিব? চাকৰিৰ খাতিৰত চাকৰিটো কৰি
আছে। চাকৰিৰ পৰা নিলম্বন কৰি দিব লাগে বাপ্পেকে।
অলপ ধতুৱাবোৰৰ এই হুল¦ূšলবোৰ দেখি ভয় নোখোৱাবোৰৰো
ভয় লাগিল। ঘৰৰ মূল মানুহজনে প্ৰথমতে সিমান ভয় খোৱা নাছিল। “কি মানুহটোৰ লগত মোৰ সং
হ’ল, নিজেতো মৰিবই, আমাকো মৰিবলৈ এৰি দিছে”
বুলি পৰিবাৰে যেতিয়া কন্দা-কটা আৰম্ভ কৰিলে, মানুহজনেও ভোৰভোৰাই
ভোৰভোৰাই পৰিয়ালটোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ ল’লে। মুঠতে নিউজটো প্ৰচাৰ হোৱাৰ
পাছত গুৱাহাটীৰ প্ৰায়বোৰ মানুহ ৰাতিটো নুশুলেই। এপাৰ্টমেণ্টত থকা বেছিভাগ মানুহেই
তলৰ গাড়ী পাৰ্কিং কৰা ঠাইত বহি থাকিল। দুই-তিনিমহলীয়া অট্টালিকাত থকাবোৰো তললৈ
নামি আহিল। ডেকা ল’ৰাবোৰ ৰাস্তাত ঘূৰি ফুৰিলে। অলপ সময় নেদেখাকৈ থাকিলেই
মাক-দেউতাকবোৰে চিঞৰ-বাখৰ কৰে— “দূৰলৈ কিয় গৈছা? ওচৰতে থাকা। যিকোনো মুহূৰ্ততে কিবা ঘটি যাব পাৰে।” মাক-দেউতাকৰ ভীতিগ্ৰস্ততাৰ
বিপৰীতে পোন্ধৰ-বিছ বছৰীয়া ল’ৰাবোৰে কিন্তু অপ্ৰত্যাশিতভাৱে অহা এই অৱস্থাটোত এটা
উত্তেজনাহে অনুভৱ কৰিলে। ৰাস্তাত ৰৈ থাকোঁতে সিহঁতৰ মাজৰে কোনোবাই উকিয়াই দিয়ে।
উকিয়াই দিলেই ডাঙৰখিনিৰ মাজত হাহাকাৰ লাগে। বিপদৰ সম্ভাৱনাত দুজনমান ৰাস্তালৈ দৌৰ মাৰে
আৰু যেতিয়া গম পায় কোনো কাৰণ নোহোৱাকৈ তেওঁলোকৰ ল’ৰাবোৰে চিঞৰিছে, উকিয়াইছে, বিৰক্ত হয় তেওঁলোক— এই ল’ৰাবোৰৰ গাত
এতিয়াও কথা লগাই নাই। তাৰ মাজতে দুজনমানে বাহাদুৰী মাৰি “মৰিলে মৰিম, তথাপি এনেদৰে মহৰ কামোৰ খাই টোপনি খতি কৰি বহি থাকিব নোৱাৰি” বুলি নিজৰ ফ্লেটত
শুবলৈ গুচি গ’ল। যিকেইজন গ’ল, তেওঁলোকৰ বিষয়ে তলত থকাবোৰে
বিৰূপ মন্তব্য দিলে— “এইবোৰ মানুহৰ কাৰণেই বাকীবোৰো মৰে। কেৱল নিজৰ চিন্তা।”
গুৱাহাটীৰ প্ৰায়বোৰ ঠাইতে গোটেই নিশাটো এনে ধৰণৰ দৃশ্যকে দেখা গ’ল। ভয়, শংকা, সন্দেহ, সবাৰোপৰি মৃত্যুভীতিত প্ৰায়বোৰ মানুহেই, বিশেষকৈ মধ্যবিত্ত আৰু
উচ্চ-মধ্যবিত্ত শ্ৰেণীটো চেপা খাই থাকিল। ৰিক্সাৱালা, ঠেলাৱালা, দিনহাজিৰা কৰি খোৱা মানুহবোৰে, ভিক্ষাৰীবোৰে, চালিৰ নিচিনা ভাড়াঘৰবোৰত
থকা মানুহবোৰে এইবোৰ কথাৰ ভূ-কে নাপালে। নাক বজাই শুই থাকিল।
“বাতৰি কাকততহে আচল কথাবোৰ
পোৱা যাব বুইছে।” ৰাতিপুৱা হ’কাৰে বাতৰি কাকতখন দিয়ালৈ কোনো ৰৈ নাথাকিল। হ’কাৰবোৰে
য’ৰ পৰা কাকতবোৰ ভাগ কৰি কৰি লয়, তাৰ পৰাই আনিবলৈ ওলাই গ’ল।
কাৰোবাৰ ঘৰৰ মূল মানুহজন গ’ল, কাৰোবাৰ ডাঙৰ ল’ৰাটো গ’ল।
নিশাটোৰ টোপনি খতিৰ পাছত ঘৰৰ বাকী মানুহবোৰ নিজৰ ফ্লেটত গৈ লাং খাই পৰিলগৈ— উস্
অন্ততঃ এটা দিনৰ বাবে বাচিলোঁ। কিন্তু বাতৰি কাকতবোৰ হাতত লোৱাৰ পাছত সকলোৰে
মুখবোৰ আকৌ চাব নোৱৰা হ’ল। প্ৰত্যেকেই নিজৰ নিজৰ কাকতখনত বাতৰিটো একে উশাহতে
পঢ়িলে। নিজৰখনত পঢ়ি শেষ হোৱাৰ পাছত বেলেগ কাকতেনো কেনেকৈ লিখিছে, সেইবোৰো পঢ়িবলৈ হেতা-ওপৰা লগালে। প্ৰতিখন কাকততে প্ৰথম পৃষ্ঠাতে ডাঙৰ ডাঙৰ
আখৰেৰে হে’ডলাইন আহিছে— যিকোনো মুহূৰ্ততে গুৱাহাটীত ৯ ৰিখটাৰ প্ৰাবল্যৰ এটা প্ৰবল
ভূমিকম্প আহিব। বিশ্বৰ কেইবাজনো বিখ্যাত ভূতত্ত্ববিদে এই ভৱিষ্যৎবাণী কৰিছে।
নেপালত ৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্প আহোঁতেই নেপালখন ধ্বংসস্তুপত পৰিণত হৈছিল।
গুৱাহাটীত ৯ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্প আহিলে কি হ’ব? সেই কথাও লিখিছে কাকতবোৰত। ওখ ওখ ঘৰবোৰ তাচপাতৰ ঘৰৰ দৰে খহি পৰিব। ৰাস্তাবোৰত
ডাঙৰ ডাঙৰ ফাট মেলিব। গুৱাহাটীৰ চাৰিওফালে থকা পাহাৰবোৰততো গছ-গছনি নায়েই। সেইবোৰ
খহি আহি তলখন পুতি পেলাব। ব্ৰহ্মপুত্ৰখন গুৱাহাটীৰ মাজেৰে বৈ যাব। এই গোটেইবোৰৰ
অৰ্থ হ’ল, মুহূৰ্তৰ ভিতৰতে সমগ্ৰ গুৱাহাটী চহৰখন এখন
মৰিশালিলৈ ৰূপান্তৰিত হ’ব আৰু তাৰ মাজেৰে ব্ৰহ্মপুত্ৰ বৈ থাকিব।
কাকতবোৰত এই ধ্বংসযজ্ঞৰ সপক্ষে-বিপক্ষে বহুত মতামতো দিছে।
কিছুমানে কৈছে এইটো এটা ভিত্তিহীন কথা। যিমান ডাঙৰ বিজ্ঞানী নহওক, যিমান ডাঙৰ ভূতত্ত্ববিদ নহওক, ভূমিকম্পৰ আগজাননী দিব
নোৱাৰে। আজিলৈকে দিব পৰা নাই। কিছুমানে কৈছে খাটাং নহ’লেও সম্ভাৱনা কিন্তু খুবেই
প্ৰবল। কৃত্ৰিম বানপানীয়ে গুৱাহাটীৰ মাটিবোৰ কোমল কৰি পেলাইছে। যিকোনো মুহূৰ্ততে
গোটেই মাটিবোৰ হোৰোসকৈ তললৈ সোমাই যোৱাৰ সম্ভাৱনা খুবেই প্ৰবল। পাহাৰবোৰ খহিয়েই
থাকে। পাহাৰ খহি মানুহ মৰিয়েই আছে। এইবাৰ অলপ জোকাৰণিতে গোটেইবোৰ খহি গুৱাহাটীখন
পুতি পেলাব। মানে কেইদিনমানৰ ভিতৰতে গুৱাহাটী নিঃশেষ হোৱাটো খাটাং।
আহ! ইমান এখন পুৰণি ঠাই, প্ৰাগজ্যোতিষপুৰ, দিছপুৰ, অসমৰ ৰাজধানী, কতই ইয়াক লৈ গান লিখিলে, গালে, কবিতা লিখিলে, গল্প লিখিলে, উপন্যাস লিখিলে, চকুৰ পচাৰতে সেইখন এতিয়া
শেষ হৈ যাব! উস্ উস্ উস্! বাতৰি কাকতখন হাতত লৈ বৰ হতাশ আৰু উদাস ভাবত সকলো নিজৰ
নিজৰ ঘৰলৈ উভতি আহিল। ঘৰলৈ আহি থাকোঁতে সকলোৱে মনে মনে ভাবিলে— অসমৰ ইমান ঠাই
থাকোঁতে এই ভূমিকম্পটোৱে কেৱল গুৱাহাটীখনকহে পাব লাগেনে? কিমান আশাৰে ঘৰটো সাজিলোঁ, ফ্লেটটো কিনিলোঁ, সকলো শেষ। সকলো পণ্ড হ’ল।
ভূমিকম্পৰ কথা যিমানেই ওলাল, সিমানেই সকলো ভয়ত বিতত হ’ল। কিবা এটা শব্দ হ’লেই গোটেইখন হুৱা-দুৱা লাগে।
অকণমান জোকাৰণিৰ অনুভৱ হ’লেই গোটেইবোৰ হুৰহুৰাই তললৈ নামি আহে। আটাইতকৈ বেয়া
অৱস্থা হ’ল গুৱাহাটী মেডিকেল কলেজ হস্পিটেল আৰু নাৰ্ছিং হ’মবোৰত। কথাটো শুনাৰ লগে
লগে বেমাৰীবোৰে ৰাউচি জুৰি কান্দিবলৈ ধৰিলে— কপালত এইটোহে লিখা আছিল? নিজৰ ঘৰ এৰি এতিয়া ইয়াত মৰিব লাগিব?” কিছুমানে
চিঞৰ-বাখৰ লগালে, তেওঁলোকক এই মুহূৰ্ততে
গুৱাহাটীৰ বাহিৰলৈ লৈ যাব লাগে। অলপ সময়ৰ পাছতে বেমাৰীবোৰৰ মাজতে ‘বেমাৰী সন্থা’
এটা গঠনেই হৈ গ’ল। চলা-ফুৰা কৰিব পৰা বেমাৰী দুজন সভাপতি-সম্পাদক হৈ ল’লে আৰু
তেওঁলোকে চৰকাৰলৈ বুলি এখন স্মাৰকপত্ৰ লিখি সকলো বেমাৰীৰ চহী অথবা টিপ্চহী ল’লে।
স্মাৰকপত্ৰখনত দাবী জনালে, চৰকাৰে সোনকালে তেওঁলোকক
গুৱাহাটীৰ বাহিৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে।
এপাৰ্টমেণ্ট আৰু প্ৰকাণ্ড অট্টালিকাত থকা প্ৰায়বোৰেই ঠিক কৰিলে
ভূমিকম্প নহালৈকে তেওঁলোক গুৱাহাটীৰ বাহিৰতে থাকিব। কিছুমানে ভাবিলে— এইটো ছেগতে
ঘৰলৈ যাব আৰু সকলো সম্পৰ্কীয় মানুহৰ ঘৰলৈ গৈ খবৰ-বাতৰি ল’ব। কিছুমানে ভাবিলে
সুবিধাতো পাইছোঁ যেতিয়া দিল্লীৰ ফ্লেটটোত কিছু দিন থাকি অহা ভাল। যিবোৰ ভাড়াঘৰত
আছিল,
তেওঁলোকে পেটে পেটে খুব ভাল পালে— “এই মালিকটোৰ
ঘৰকেইটাক লৈ খুব বাহাদুৰী। সদাই কিবা নহয় কিবা এটা কথা শুনাবই। এতিয়া ভূমিকম্পত
গোটেইবোৰ যেতিয়া মাটিৰ লগত সমান হৈ যাব, তেতিয়া গম পাবি।” ওলোটাই
ঘৰৰ মালিকবোৰে তেওঁলোকৰ ভাড়াতীয়াসকলক বৰ মৰমত মাতিবলৈ ল’লে— “এইবোৰ উৰাবাতৰি
বুইছা। এইবোৰ শুনি ঘৰ খালী নকৰিবা। পাছত দেখিবা, ভূমিকম্পও নাহিল আৰু ভাড়াঘৰটোও গ’ল। পাছত আকৌ ভাড়াঘৰ বিচাৰি হাবাথুৰি খাব
লাগিব।” ভাড়াতীয়াবোৰৰ খং উঠে— “হু! টকাকেইটাৰ লোভত বুঢ়াই আমাক মৰিবৰ বাবে ইয়াতে
সোমাই থাকিবলৈ কৈছে। ভূমিকম্প আহিলে তেওঁ যে সিপুৰী পাবগৈ খবৰেই নাই।”
দুমহলীয়া, তিনিমহলীয়া ঘৰ থকাবোৰৰ
কিছুমানে ঘৰটো বিক্ৰী কৰি দিয়াৰ কথা ভাবিলে— “এইটোতো হাতৰ পৰা যাবই। কোনোবাই কিনে
যদি বেচিয়েই দিওঁ নেকি?”
— “মৃত্যুৰ ভয়ত সকলোৰে অৱস্থা
নাইকিয়া। এই সময়ত কোনে ঘৰ-মাটি কিনিবলৈ আহিবহে?”
— “আহিব, আহিব। সম্পত্তিৰ খঁক থকা কিছুমান আছে। সেইবোৰ মানুহে মৰাৰ আগলৈকে সম্পত্তিবোৰ
খামুচি ধৰি থাকিব বিচাৰে।”
সঁচাকৈ ওলালো তেনেকুৱা মানুহ। সস্তাতে দুই-এটা ঘৰ মাটিৰে সৈতে
কিনিলে। বিক্ৰী কৰাজনৰ মুখত বিজয়ৰ হাঁহি এটা ফুটি উঠিল— “উস্ কিবা এটা অন্ততঃ
পালোঁ। মূৰ্খ এটাক টুপী পিন্ধাব পাৰিলোঁ।” কিনাজনে বেপৰোৱা হাঁহি এটা মাৰি ক’লে—
“জুৱা খেলিছোঁ আৰু। ভূমিকম্প আহিলে শেষ, নাহিলে বাজিমাৎ।”
যিবিলাকৰ ঘৰত বেংকত থ’ব নোৱৰা অবৈধভাৱে ঘটা টকাৰ পাহাৰ একোটা
আছিল,
সেইবিলাকৰ চিন্তাত তত্ নাইকিয়া হ’ল। ইমান সোনকালে
এতিয়া টকাসোপাৰ কি কৰা যায়?
— “এটা কাম কৰিব পাৰোঁ। দুখীয়া
মানুহক দান দি মৰাৰ আগতে নাম কিনিব পৰা যায়।”
— “তোমাৰ মাথা। মৰিম বুলি কোনে
ক’লে?
ভূমিকম্প গুৱাহাটীতহে আহিব। এইকেইটা দিন গুৱাহাটীৰ
বাহিৰত গৈ থাকিলেই বাচি যাম।”
— তেতিয়াহ’লে বাহিৰলৈকে যাওঁ।
লগত টকাসোপাও লৈ যাওঁ। গাড়ীতে বেগত ভৰাই থৈ দিম। ভূমিকম্প যোৱাৰ পাছত ঘূৰি আহি আকৌ
গড্ৰেজত ভৰাই থ’লেই হ’ল।
আঃ এই কথাটোকে ইমান সময়ে মনলৈ অহা নাই? হয়তো, লগত লৈ যাম, লগত লৈ আহিম। তাৰপিছতে খৰখেদা আৰম্ভ হ’ল টকাবোৰ বেগত ভৰোৱাক লৈ। খুব গোপনে, খুব সাৱধানে বহুতৰ ঘৰত এই উত্তেজনাময় দৌৰা-দৌৰি চলিবলৈ ধৰিলে। বহুতে ইমান ডাঙৰ
বেগ যোগাৰ কৰিব নোৱাৰি বস্তাতে টকাবোৰ ভৰালে। কিছুমানে কাপোৰৰ জাপৰ মাজত ভৰালে।
ইমান সোপা বেগ হ’ল, গাড়ীত ভৰাবলৈ ঠায়েই নাইকিয়া
হ’ল। তাৰপিছত এই বেগবোৰক লৈ গিৰিয়েক ঘৈনীয়েকবোৰৰ মাজত ওখনা-ওখনি লাগিল। মানুহজনীয়ে
ঘৰৰ একো বস্তুকে এৰিব নোখোজে। গোটেইবোৰ টোপোলা বান্ধিছে। মানুহটোৰ তাতে খং—“টকাবোৰ
নিবলৈ চেষ্টা কৰা। টকা থাকিলে সেইবোৰ বস্তু আকৌ কিনি ল’ব পাৰিবা। অদৰ্কাৰি বস্তুৰে
গাড়ীখন কিয় ভৰ্তি কৰিছা?”
বেগ আৰু বস্তাৰে গাড়ীবোৰ ঠাহ খাই গ’ল। তাৰ ভিতৰত মানুহ সোমাবলৈ
সুৰুঙাই নাই। দেউতাকবোৰে ঠেলি ঠেলি ল’ৰা-ছোৱালীবোৰক গাড়ীত সুমুৱালে। দুখ পাই,উশাহ ল’ব নোৱাৰি ল’ৰা-ছোৱালীবোৰে চিঞৰিলে—“দেউতাই আমাতকৈ টকাবোৰকহে বেছি ভাল
পায়। আমাকো বস্তু বুলিয়েই ভাবিছে।” ল’ৰা-ছোৱালীবোৰে টকাৰ কথা আনে শুনাকৈ কোৱা বাবে
দেউতাকবোৰৰ খং উঠি গ’ল—“কি চিঞৰি চিঞৰি কথা ক’ব আহা? মনে মনে ক’ব নোৱাৰা? হু! মই গোটাই অনা টকাৰে
মস্তি কৰিবলৈ লাগে, অকনমানো কষ্ট কৰিব নোৱাৰে।”
দেউতাকৰ ধমক্ খাই ল’ৰা-ছোৱালীবোৰ মনে মনে থাকিল যদিও মাকবোৰৰ সহ্য নহ’ল। মৰম কৰি
কৰি বেগবোৰৰ মাজত ল’ৰা-ছোৱালীবোৰক গাড়ীত সুমুৱালে আৰু বেগবোৰৰ মাজত নিজেও বেগ এটাৰ
দৰেই বহি ল’লে। তাৰপিছত প্ৰকাণ্ড অট্টালিকাবোৰৰ, ফ্লেটবোৰৰ দুৱাৰত একোটা একোটা প্ৰকাণ্ড তলা ওলোমাই গাড়ীবোৰ ওলাই গ’ল। তলা
লগোৱা দেখি ল’ৰা-ছোৱালীবোৰে দেউতাকক সুধিলে—“গোটেই মানুহবোৰ দেখোন মৰিবই। তলা কিয়
লগাব লাগে?” দেউতাকবোৰৰ খং উঠি যায়-এই মূৰ্খবোৰে একো
নাজানে। খঙতে কয়—“নাজানা নেকি, চোৰে মৰাৰ আগমুহূৰ্ত্তলৈকে
চুৰি কৰে বুলি।”
কালিৰে পৰা টি ভিত লাইভ টেলিকাষ্ট দেখুৱায়েই আছে। ব্যক্তিগত
চেনেলবোৰে সুবিধা এটা পালেই হ’ল, কঁুহিয়াৰ চেপাদি সেইটোকে
চেপি চেপি দেখুৱাই থাকে। ভূমিকম্প আহিব বুলি বাতৰিটো ওলোৱাৰ পিছৰ পৰা বিভিন্ন
মানুহৰ প্ৰতিক্ৰিয়াবোৰকে দেখুৱাই আছে। গুৱাহাটীৰ পৰা পলাবলৈ যো-জা চলোৱাবোৰে ভাবে—এইসোপাই
টি ভিটোতে লাগি আছে যে? মৰিবলৈ ভয় নাইনেকি? নপলায়নেকি? ভাবেহে, কাকো নকয়। নিজৰে অৱস্থা নাই, বেলেগৰ কথা কি চিন্তা
কৰিবাহে?
আবেলিলৈ কেউটা টি ভি চেনেলত অলপ সময় ব্ৰেকিং নিউজ
দিয়াৰ পিছতে লাইভ টেলিকাষ্ট দিবলৈ ধৰিলে—গুৱাহাটীৰ পৰা ওলাই যোৱা প্ৰতিখন গাড়ীত
তালাচী চলোৱা হৈছে। যোৰাবাটত, শৰাইঘাট দলং পাৰ হৈ আৰু
ইফালে এয়াৰপৰ্ট পোৱাৰ আগে আগে। ফলত যান-যঁটৰ সৃষ্টি হৈছে। বেছি ভাগ গাড়ীৰ পৰা জাপে
জাপে টকা ওলাইছে। কিছুমান গাড়ীৰ পৰা বস্তাই বস্তাই টকা ওলাইছে। টকা দেখি তালাচী
চলোৱা আৰক্ষী মূচ্ৰ্চা গৈছে। লাইভ টেলিকাষ্ট কৰি থকা সাংবাদিকসকলৰ মুখৰ মাত হেৰাই
গৈছে। ই-মা-ন টকা! টকাবোৰ গন্টি কৰিবলৈ মেচিন আনিব লগা হৈছে। যোৰাবাটলৈ অনা
মেচিনটো বেয়া হোৱাত আকৌ নতুন মেচিন আনিব লগা হৈছে। যান-যঁটৰ বাবে মেচিনটো আহি
পাওঁতে পলম হৈছে। মানুহবোৰে টকাবোৰ চাবলৈ হেতা-ওপৰা লগাইছে। মানুহবোৰক নিয়ন্ত্ৰন
কৰিবলৈ আৰ্মি মোতায়েম কৰিব লগা হৈছে। টকাবোৰ দেখি মানুহবোৰৰ চকু কপালত উঠিছে।
ইমানবোৰ টকা মানুহৰ ঘৰে ঘৰে সোমাই আছিল? তালাচী চলোৱা স্থানবোৰত
হাঁহাকাৰৰ সৃষ্টি হৈছে। যিবোৰ গাড়ীত টকা পাইছে, তেওঁলোকে চৰকাৰক গালি পাৰিছে—“আৰে মানুহ মৰিবলৈ ওলাইছে, এই সময়ত তালাচী চলাইনেকি? এই সময়ত চৰকাৰে জনসাধাৰণৰ
জীৱন আৰু সম্পত্তি ৰক্ষাহে কৰিব লাগে। এইখন চৰকাৰ ৰাইজৰ শত্ৰু। বিপদৰ সময়ত মানুহক
বেছি বিপদৰ মাজলৈ ঠেলি দিছে।” গালি পাৰি পাৰি তেওঁলোকে তালাচী চলাই থকা
পুলিচকেইজনক মেনেজ কৰিবৰ চেষ্টা চলাইছে—“হেৰি কৰক, কিবা এটা ৰাখক আৰু আমাক যাবলৈ দিয়ক। ভূমিকম্প আহিলে আপোনালোকৰো বিপদ দিয়কচোন।
অলপমান লৈ আপোনালোকো পলাওক।” এজন পুলিচ অফিচাৰে লোভত পৰি দৰদাম আৰম্ভ কৰিছিলেই।
লগৰজনে গালি পৰিলে—“হেই, ইমানদিনে খাই খাই হেপাহ
নপলাল?
মৰাৰ আগত এটা ভাল কাম কৰি যাচোন। টি ভি কেইটাইতো আমাৰ
বদনামেই গাই থাকে, আজি অন্ততঃ ভাল পুলিচ বুলি
ক’বলৈ সুবিধাটো দে।” লগৰজনৰ ধমক্ খাই পুলিচজন মনে মনে থাকিল যদিও লোভটো থাকি গ’ল।
ছেঃ দুটামান বস্তা সৰকাব পৰা হ’লে। ইপিনে যিবোৰৰ গাড়ীত টকা পোৱা নাই, আপত্তিজনক একো পোৱা নাই, যান-যঁটৰ বাবে তেওঁলোকো
আৱদ্ধ হৈ থাকিব লগা হৈছে। সেইবোৰে এতিয়া হাল্লা কৰিবলৈ আৰম্ভ কৰিলে—“আমাক যাবলৈ
দিয়ক। যিবোৰৰ গাড়ীত টকা পাইছে সেইবোৰ দুৰ্নীতিপৰায়নক গুৱাহাটীতে সুমুৱাই থওঁক। মৰক
ইয়াতে।” টি ভিত গুৱাহাটীৰ বাহিৰৰ বুদ্ধিজীৱিসকলে মতামত আগবঢ়ালে—“চৰকাৰে এইটো খুব
ভাল পদক্ষেপ লৈছে। এইটো সুবিধাতে অবৈধভাবে মজুত কৰি ৰখা টকাবোৰ ওলাই আহিছে। গোটেই
টকাবোৰ চৰকাৰৰ ৰাজকোষত থ’ব লাগে। আৰ্থিক সংকটত ভোগা নতুন চৰকাৰখনে অন্ততঃ এটা সকাহ
পাব।” কিছুমানে ক’লে—“চৰকাৰে এই টকাখিনিক লৈ এটা ভাল পৰিকল্পনা কৰিব লাগে।
কাজিৰঙাৰ গঁড়ৰ খৰ্গ হেৰোৱাদি এই টকাবোৰো এম এল এ, মন্ত্ৰী, বিষয়াৰ জেপত সোমাই হেৰাই যাবলৈ দিব
নালাগে।”
ইপিনে গুৱাহাটীতো আৰক্ষীৰ দৌৰা-দৌৰি চলিছে। কিছুমান মানুহে
এতিয়াও গুৱাহাটী এৰিব খোজা নাই। পাহাৰ দখল কৰি যিবোৰে পাহাৰৰ ওপৰত ঘৰ সাজি আছিল
লাম-লাকটু লৈ সেই মানুহবোৰ পাহাৰৰ তললৈ নামি আহিল ঠিকেই, কিন্তু তলত ৰৈ মানুহবোৰে কান্দিবলৈ আৰম্ভ কৰিলে—“কিমান কষ্ট কৰি পাহাৰৰ ওপৰত
মাটিটুকুৰা দখল কৰি লৈছিলোঁ। এই ভূমিকম্পটোৱে সকলো শেষ কৰি দিলে। এতিয়া আমি ক’লৈ
যাম?”
কিছুমান আকৌ পাহাৰৰ ওপৰৰ পৰা নামি নাহেই—“তললৈ গ’লেও
মৰিম,
ওপৰত থাকিলেও মৰিম। তাতকৈ ওপৰতে থাকো।” সেই মানুহবোৰক
নমাই আনিবলৈ পুলিচ পাহাৰৰ ওপৰলৈ উঠিবলৈ সাহস কৰা নাই। তলৰ পৰাই মাইক লৈ পুলিচে
চিঞৰি আছে—“আপোনালোকক নামি আহিবলৈ অৰ্ডাৰ দিয়া হৈছে।” ধুৰ! এতিয়া কোনে কাৰ অৰ্ডাৰ
মানে—ওপৰত থকা মানুহবোৰৰ তেনে এটা ভাৱ।
তলত থকা মানুহবোৰেও ঘৰ এৰি যাবলৈ নাৰাজ— কিমান কষ্ট কৰি বেংকৰ
ধাৰ লৈ বেলেগ সকলো বাদ দি কেৱল ঘৰটোকে সাজিলো, ঘৰটো সজাৰ বাবে নিজৰ ককাই-ভাইৰ লগত কাজিয়া কৰিলো পৈতৃিক সম্পত্তি লৈ, এতিয়া আকৌ সিহঁতৰ কাষলৈকে কেনেকৈ যাম?
— হেৰি, লাজটো বাদ দিয়কচোন, ইয়াত থাকিলেযে ঘৰটোৱেই হেঁচা মাৰি ধৰি মাৰিব, সেইটো গম পাইছেনে নাই?
—ইচ্ ইচ্ ইচ্, এইটো মোৰ ঘৰ নহৈ তেনেহ’লে
কবৰহে হ’ল? অফিচত টকা নিদিলে ফাইলটো লুকুৱাই থৈছিলো।
অ’ তেনেকৈ গোটাই গোটায়েই ঘৰটো সাজিলোঁ। অ’ সেইসোপাই মোক শাও দিলে যেন পাওঁ।
কিছুমানে মাটিৰ দালাল এটাক বিচাৰি আছে। একচনীয়া পট্টা ম্যাদী
কৰি দিম বুলি বহুতৰে পৰা টকা ল’লে। এতিয়া ভূমিকম্পই যেতিয়া গুৱাহাটীখনেই তচ্নচ্
কৰি পেলাব, গুৱাহাটীখনেই যেতিয়া মাটিৰ তললৈ সোমাই যাব, একচনীয়া ম্যাদী এইবোৰৰ দৰ্কাৰেই নাই। টকাখিনি ঘূৰাই দিয়া। কিছুমান ডেকা ল’ৰাই
ৰাজনৈতিক দলৰ লগত সম্পৰ্ক থকা পালিনেতা এজনৰ ঘৰ ঘেৰাও কৰিছে। চাকৰি দিম বুলি
মানুহজনে ল’ৰাবোৰৰ পৰা বহুত টকা খালে। এতিয়াও চাকৰি দিব পৰা নাই। মানুহজনৰ পৰিয়াল
দিল্লীত থাকে। তাতো ফ্লেট আছে। মানুহজনো এতিয়া দিল্লীলৈ উৰা মৰাৰ পৰিকল্পনা কৰি
থাকোতেই ল’ৰাবোৰে ঘৰটো ঘেৰাও কৰিলে—“এতিয়াতো আৰু চাকৰিৰ কথাই নাই। টকা ঘূৰাই
দিয়ক।” ল’ৰাবোৰে হুলস্থূল কৰিছে। মানুহজন ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হৈ গৈছে—“শুনা
শুনা,
তোমালোকে শুনা। এই সময়ত টকা-পইচাৰ কথা পাতেনেকি? এতিয়া প্ৰাণটো বচোৱাৰ কথা চিন্তা কৰা। ময়ো বচাও, তোমালোকেও বচোৱা। পৰিস্থিতি আকৌ যেতিয়া স্বাভাৱিক হ’ব, তেতিয়া আমি আকৌ আলোচনাত বহিম। যাক চাকৰি লাগে চাকৰি ল’বা, যাক টকা লাগে, টকা ঘূৰাই ল’বা।”
— এ বাদ দিয়কহে চাকৰি। গুৱাহাটীখনেই নাথাকে, ইয়াত আকৌ কিহৰ চাকৰি।
— হেৰা ডেকাল’ৰা, গাত বল আছে বুলিয়েই গাৰ
বলেৰে কথাবোৰ নক’বাচোন। গুৱাহাটীখন ভূমিকম্পই শেষ কৰিব, আমাৰ চৰকাৰে আকৌ নতুনকৈ সাজি দিব। ৰাজধানী এখন নথকাকে ৰাজ্যখন চলিব পাৰেনেকি? তেতিয়াতো চাকৰি বেছিকৈহে ওলাব।
ডেকা ল’ৰাবোৰ শান্ত হ’ল। হয়, মানুহজনে ঠিক কথাই কৈছে। এতিয়া প্ৰাণটো বচোৱাটোহে আচল কথা। টকাখিনি পাছে-পৰেও
নিব পৰা যাব। সিদ্ধান্তটো লওঁতেই ল’ৰাবোৰৰ মাজত দুটা ভাগ হ’ল। এভাগ মানুহজনৰ কথাত
মান্তি হ’ল, এভাগ নহয়। ল’ৰাবোৰে নিজৰ মাজতে
তৰ্কা-তৰ্কি কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই ছেগতে এয়াৰপৰ্টলৈ বুলি মানুহজন
এপাৰ্টমেণ্টটোৰ পৰা ওলাই গুছি গ’ল। মানুহজন যোৱাৰ পিছতহে ল’ৰাবোৰৰ হুচ্ আহিল।
ভোৰভোৰাই ভোৰভোৰাই সিহঁতো গুৱাহাটীৰ পৰা আতৰি যোৱাৰ যো-জা চলালে। খং উঠা ডেকা
ল’ৰাবোৰে এই পালিনেতাজনৰ বিপক্ষে দিছপুৰলৈ গৈ মন্ত্ৰীক অভিযোগ দিয়াৰ কথা উলিয়ালে।
ডেকা ল’ৰাৰ তেজহে, যিটো ভাবে সেইটোকে কৰে।
দহজনমান ডেকা ল’ৰা মন্ত্ৰীক বিচাৰি দিছপুৰ পালেগৈ। তাত গৈহে সিহঁতে গম পালে, দিছপুৰত কোনো নাই। ভূমিকম্পই গুৱাহাটী তচ্নচ্ কৰিব বুলি বাতৰি ওলোৱাৰ পিছতেই
সকলো গৈ দিল্লী পালেগৈ। তাত নিজৰ নিজৰ পৰিয়ালৰ লগত ফোনৰ চুইছ্ অফ্ কৰি বহি আছে।
দিল্লীৰ পৰা টি ভিত ওলাই পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি
আছে বুলি কয়।
ভয়, শংকা, উৎকণ্ঠা, উত্তেজনাৰ মাজত এটা দিন, এটা ৰাতি পাৰ হ’ল। পাৰ হৈ যোৱা এই সময়চোৱাত কোনেও চকুৰ টিপ্ এটা নামাৰিলে। চকু দুটা জাপ্ খালেই ভয়তে খপ্জপাই সাৰ পাই উঠে। ঘৰৰ ভিতৰত কোনো
নাই। সকলো আগফালে। কিছুমান ৰাস্তাত। মানুহবোৰে ঘৰৰ আগফালেই ভাত ৰান্ধিবলৈ লৈছে।
খাবৰ সময়ত ৰাস্তাত যাকে দেখিছে তেওঁকে জোৰ কৰি মাতি আনিছে—“আহক আহক। লগে ভাগে এসাঁজ
খাওঁ। আকৌ বা খাবলৈ পাওঁ নে নেপাওঁ।” তাৰমাজতে ইজনে সিজনক সজল নয়নেৰে সাৱটি ধৰিছে—“কেতিয়াবা
যদি টান কথা শুনাইছিলো, বেয়াকৈ কৈছিলো, নধৰিব আৰু।” ডাঙৰবোৰৰ এই Îট্ৰজিক অৱস্থাৰ মাজতে গাৰ্লফ্ৰেণ্ডবোৰে বয়ফ্ৰেণ্ডবোৰলৈ ফোনত দুঃখত মোছেজ দিছে—“বাই।”
কিছুমানে মেছেজত লিখিছে—“মাই লাভ, এইটো চান্সতে আহা একেলগে
মৰো।” মেছেজটো পাই ল’ৰাটোৱে মুখখন বেঁকা কৰি দিছে—“ধুৰ! তোৰ লগত মৰিবলৈ কোন যাববে? মইতো আজিয়েই গুৱাহাটীৰ বাহিৰত গুছি যাম।”
বজাৰত বস্তুবোৰৰ দাম অভাৱনীয়ভাৱে কমি গ’ল। এক কেজি বিচাৰিলে দুই
কেজি দি দিয়ে। কিছুমানে পইচা নলয়েই, বস্তুবোৰ দি দিছে—“নিয়ক
নিয়ক,
ভালকৈ এসাঁজ খাওঁকগৈ। মাথো আশীৰ্বাদ কৰিব মোৰ
পৰিয়ালটো যাতে এই বিপদৰ পৰা ৰক্ষা পৰে।” ফাচী বজাৰতো একেই অৱস্থা। ডাঙৰ ডাঙৰ
শ্বপিং মলবোৰ বন্ধ আছে যদিও ফাচী বজাৰৰ দোকানবোৰৰ শ্বাটাৰবোৰ আধা খোলা। তেওঁলোকে
পৰিয়ালটোক আগতেই ৰাজস্থান, দিল্লী পঠালেই। দোকানখন ৰখি
মানুহকেইটা আছে। কোনোবাই কিবা বিচাৰি আহিলে দাম-দৰ কৰা নাই—“কিত্না হ্যেয়?”
— পইচা নায়েই নহয়।
— যিত্না হ্যেয় উত্নাহি দিজিয়ে।
খৰিদ্দাৰজনে উৎসাহত যেন দোকানৰ সন্মুখকে সাতটা জাপহে মাৰি দিব।
দুহেজাৰ টকা দামী পেন্টটো পঞ্চাছ টকাতে দি দিলে! গুৱাহাটীৰ প্ৰায়বোৰ ভিক্ষাৰী আহি
ফাচী বজাৰ পালেহি। দোকানীবোৰে কম্বল, চোলা, পেন্ট, ভিক্ষাৰীবোৰক দান দিলে। সেইবোৰ দৃশ্য
দেখুৱাবলৈ টি ভিৰ সাংবাদিকক মাতি আনিলে। সাংবাদিককেইজনক হাতে-ভৰিয়ে ধৰাদি ধৰিলে
নিউজটো যাতে টি ভিত ভালকৈ উলিয়াই দিয়ে। বস্তুবোৰ দিওঁতেই ভগা ভগা অসমীয়াতে দোকানী
এজনে ক’লে—“আমাৰ ভি দায়িত্ব আছে স্বচ্ছ অভিযানত। মাত্ৰ ৰাস্তাৰ গেন্দেগী আঁতৰ কৰি
চাফা কৰিলেই নহ’ব, ভিক্ষাৰীভি স্বচ্ছ কৰিব
লাগিব। এইটো অভিযান আজি আমালোকেই আৰম্ভ কৰিছে।” তাতেই কোনোবাই কথাটো উলিয়ালে—গুডামত
ঢেৰ চাউল, দাইল, আলু,
পিয়াঁজ আছে। ভূমিকম্প আহিলেতো গোটেইবোৰ মাটিৰ তলত
সোমাব। এনেয়ে বৰবাদ হোৱাতকৈ ফাচীবজাৰ ব্যৱসায়ী সন্থাই গুৱাহাটীৰ গোটেই ভিক্ষাৰীক
ভাত খুৱাই দিলে কেনে হয়? নাম ভি হ’ব, টেক্স ভি বাচিব, চৰকাৰ ভি খুচ্ হ’ব। এইফালে
ভাবিলে,
সিফালে কাম আৰম্ভ হ’লেই। গুৱাহাটীৰ গোটেইবোৰ
ভিক্ষাৰীক লতাশিল খেল পথাৰলৈ আহিবলৈ মাইকত ঘোষাণা কৰি দিয়া হ’ল। এশটামান ৰান্ধনীয়ে
ভাত, দাইল, ভাজি ৰন্ধাত লাগি গ’ল। পিছে খাবলৈ দিয়াৰ
সময়তহে লাগিল পয়মাল। ইমান মানুহ, ফিল্ডত নোযোৰা হ’ল। মাইকত
আকৌ ঘোষণা কৰা হ’ল—মাত্ৰ ভিক্ষাৰীকহে ভাতৰ যোগান ধৰা হ’ব। অৱস্থাসম্পন্ন মানুহক
খাবলৈ দিয়া নহয়। ঘোষনাটো শুনাৰ লগে লগে কিছুমানে ভোৰভোৰাবলৈ ধৰিলে—“দিলে সকলোকে
দিব লাগে। এসোপাক দিব, এসোপাক নিদিব,এইবোৰ কি নাটক কৰিবলৈ আহিছে? কোন মুহূৰ্ত্তত মৰিব লগা হয়
ঠিক নাই,
ইহঁতে এতিয়াও মানুহৰ ক্লাছিফিকেশ্বন কৰিব আহে? কোনে খাবহে ইহঁতৰ ভাত? নাখাওঁ।” উছাট মাৰি যোৱাদি মানুহকেইজন
আঁতৰি গুছি গ’ল।
উদ্যোক্তাকেইজনৰ মাজতো মত-বিৰোধ হ’ল—“কোন ভিক্ষাৰী, কোন ভিক্ষাৰী নহয়,কেনেকৈ চিনা যাব? সিহঁতৰ হাতত কিবা আইডেন্টি-কাৰ্ড থাকে নেকি?”
— আৰে সেইটোনো কি মুস্কিল কথা আছে? যিবিলাক ফটা কাপোৰ পিন্ধি থাকে সেইবোৰেই ভিক্ষাৰী। সেইবোৰকে খাব দিব লাগে।
এই চৰ্তটো বোধহয় ঘুনুক-ঘানাককৈ কিছুমানে গম পাই গ’ল। বুধিয়ক
কিছুমানে তাৰমাজতে লৰালৰিকৈ ফটা চোলা পেন্ট বিচাৰি পিন্ধি আচল ভিক্ষাৰীবোৰৰ লগত
বহি ভালকৈ এপেট খাই ল’লে। খাই থাকোতে ভিক্ষাৰী আৰু ভিক্ষাৰীৰ ভেশ ধৰি খাই থকা
বুধিয়ক মানুহকেইটাই ভাবি থাকে—সদাই যদি এনেদৰে ভূমিকম্প আহিব বুলি বাতৰিত ওলাই
থাকিলহেঁতেন।
এদিন এৰাতি এনেদৰে খোৱাৰ যোগান ধৰাৰ পিছত উদ্যোক্তাসকলৰ ভাগৰ
লাগিল। ইপিনে আহিব আহিব বুলি বাট চাই থকা ভূমিকম্পটোও অহা নাই। ইমানবোৰ মানুহক
দিনে ৰাতিয়ে খোৱাৰ যোগান ধৰাৰ পিছতো ফাচী বজাৰৰ গুডামবোৰত বস্তুৰ দ’ম নকমিল।
বস্তাই বস্তাই আলু, পিয়াঁজ, চাউল, দাইল। কিছুমান ব্যৱসায়ীয়ে সেইবোৰ
গুৱাহাটীৰ পৰা নি বৰপেটা ৰোড, যোৰহাট, তিনিচুকীয়াত থোৱাৰ কথা ভাবিলে। ভূমিকম্প যোৱাৰ পিছত আকৌ লৈ আনিব। বস্তুৰ দাম
বঢ়াই দিলেই অনা-নিয়াৰ খৰচ ওলাই যাব। সেইমতে ট্ৰাক আনিছিলেও। কিন্তু যোগান বিভাগে
ধৰিলে। টি ভিৰ সাংবাদিক লগে লগে আহি পাই গ’ল। ব্যক্তিগত চেনেলকেইটাত আকৌ হুলস্থূল—মূল্যবৃদ্ধি
কৰিবলৈ ফাচী বজাৰত অবৈধ গুডাম। ৰাস্তাই ৰাস্তাই টি ভিৰ সাংবাদিক—“এনেকৈয়ে বস্তু
লুকুৱাই থৈছিল, আপোনালোকে কি ক’ব?”
এই গোটেইবোৰক মেনেজ কৰোতে ব্যৱসায়ীসকলৰ বহুত কষ্ট হ’ল। শেষত
যেনিবা গধূলি টি ভিত বাতৰিটো এনেধৰণে ওলাল—আচলতে তেওঁলোকে নীতি বহিৰ্ভূতভাৱে
বস্তুবোৰ মজুত কৰি ৰখা নাছিল। ভিক্ষাৰীক খুৱাবলৈ তেওঁলোকে বস্তুবোৰ এঠাইত মজুত কৰি
ট্ৰাকত উঠাইছিল। বুজাই বুজিলে আৰু কথাৰ মেৰপাক। বামপন্থী নেতাকেইজনমানে কাকতত
বিবৃতি দিলে—সৰ্বহাৰাৰ শত্ৰু নিপাত যাওঁক।
এদিন-দুদিনকৈ তিনিদিনলৈও যেতিয়া ভূমিকম্প নাহিল, মানুহবোৰ অতিষ্ঠ হ’ল। আহিলে সোনকালে আহিব লাগে আৰু। আহিব আহিব বুলি এনেদৰে
বোন্দাপৰ দি থাকিব নোৱাৰি নহয়। ইপিনে ভাত খাবলৈ পোৱাৰ আশাত লতাশিল ফিল্ডৰ পৰা
ভিক্ষাৰীবোৰ আঁতৰি নোযোৱা হ’ল। সিহঁতে দুদিনতে গোটেই ফিল্ডখন কদৰ্যময় কৰি পেলালে।
দুৰ্গন্ধত সেইফালে কোনো যাব নোৱাৰা হ’ল। ভিক্ষাৰীবোৰক তাৰ পৰা আঁতৰাই পঠাবলৈ
উপাই-নেপাই পুলিচে লাঠীচাৰ্জ কৰিব লগা হ’ল। এইটো লৈয়ে সেইদিনা টি ভিত বিৰাট
হুলস্থূল। আটাইকেউটা চেনেলৰ টক্ শ্ব’ গৰম—মানৱীয়তাক চূড়ান্ত অপমান। ভিক্ষাৰীৰ ওপৰত
লাঠীচাৰ্জ! বামপন্থী আদৰ্শৰ সংগঠনকেইটামানে আন্দোলনৰ হুংকাৰ দিলে। এইটো সুবিধাতে
ভূমিকম্পৰ ভয়তে যিবোৰ মানুহৰ ঘৰত লুকুৱাই থোৱা টকাসোপা গ’ল, যিবোৰ মানুহে সস্তাতে ঘৰ-মাটি বিক্ৰি কৰি গুৱাহাটীৰ পৰা আঁতৰি গৈছিল সেইবোৰ
মানুহেও হুলস্থূল কৰিবলৈ ধৰিলে—কোনে উলিয়াইছিল? এই উৰা-বাতৰিটো কোনে উলিয়াইছিল? কিছুমানে ক’লে—উৰা-বাতৰি
বুলি ভাবিলে নহ’ব নহয়। ভূমিকম্প অহাৰ পূৰামাত্ৰাই সম্ভাৱনা আছে।
উমি উমি জ্বলি থকা তুঁজুইকুৰাৰ দৰে “ভূমিকম্প সঁচাকৈয়ে আহিব নে
এইটো এটা উৰা-বাতৰি” এইটো লৈ উত্তেজনা অব্যাহত থাকিল। তাৰমাজতে বাতৰি কাকতত
নিৱন্ধকে ধৰি চিঠি-পত্ৰও প্ৰকাশ পালে। পঞ্চম দিনা¸ ভূমিকম্প আহিব বুলি ভয়তে যিবোৰ মানুহে সস্তাতে ঘৰ-মাটি বিক্ৰি কৰি গুৱাহাটীৰ
পৰা আঁতৰি গৈছিল আৰু পলাই যাওঁতে ¸ যিবোৰ মানুহৰ ঘৰত লুকুৱাই
থোৱা টকাসোপা পুলিচে গাড়ীৰ পৰা উলিয়াই লৈ গৈছিল, সেইবোৰ মানুহ ঘূৰি আহি একগোট হ’ল। চৰকাৰৰ বিৰোধী দলে তেওঁলোকক উচতাই দিলে, ফাচী বজাৰৰ ব্যৱসায়ীয়ে টকা দি সহায় কৰিম বুলি ক’লে, সাহস পাই তেওঁলোকে এটা সন্থা গঠন কৰিলে। “ভূমিকম্পৰ উৰা-বাতৰিৰ দ্বাৰা
আক্ৰান্ত সন্থা।” ক্ষতিপূৰণ বিচাৰি এই সন্থাটোৱে পঞ্চম দিনা চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা
আৰু পথ অবৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিলে। তেওঁলোকৰ দাবী, ভূমিকম্প আহিব বুলি উৰা-বাতৰি ওলোৱাৰ ফলত তেওঁলোকৰ যিমান ক্ষতি হ’ল, চৰকাৰে তাৰ ক্ষতিপূৰণ দিব লাগে। ইপিনে আহো নাহোকৈ দিল্লীৰ পৰা দুই এজন মন্ত্ৰী
বিধায়ক আহি গুৱাহাটী পালেহি। বিৰোধী দলৰ নেতাবোৰো পলাইছিল। তেওঁলোকো ঘূৰি আহিল আৰু
আহিয়েই আক্ৰান্ত মানুহখিনিক উচতাই চৰকাৰৰ বিপক্ষে আন্দোলন এটা কৰাৰ যো-জা চলালে।
আন্দোলন কৰিবলৈ কিছুমান ৰাজী নহ’ল—এইবোৰ চৰকাৰী আঁচনিৰ টকা
আত্মাসাৎ কৰি, দুৰ্নীতি কৰি গোটোৱা টকাহে। আন্দোলন কৰিলে
যদি কথাবোৰ ওলাই যায়? আৰু আন্দোলন কৰিলে সাধাৰণ
মানুহবোৰহে মৰে, নেতাবোৰনো ক’ত মৰে? কিন্তু বেংকৰ ঋণ লৈ ঘৰ সজাবোৰ, যিবোৰ মৰাৰ ভয়ত সস্তাতে
ঘৰটো বিক্ৰি কৰি পলাই গৈছিল সেইবোৰ নাচোৰবান্দা। চৰকাৰে তেওঁলোকৰ বেংকৰ ঋণবোৰ মাফ্
কৰি দিব লাগে। কাৰ্যসূচী অনুসৰি “ভূমিকম্পৰ উৰা-বাতৰিৰ দ্বাৰা আক্ৰান্ত সন্থা”ৰ
মানুহবোৰে জি এছ ৰোডটো অবৰোধ কৰিলে। গুৱাহাটীত সাংঘাতিক ট্ৰেফিক জাম হ’ল। ঘন্টাৰ
পিছত ঘন্টা গাড়ীবোৰ একেঠাইতে ৰৈ থাকিল। দুখনমানএম্বুলেন্স ট্ৰেফিক জামত সোমাই লৰ-চৰ
কৰিব নোৱাৰা হ’ল। এখনত সংকটপূৰ্ণ অৱস্থাত থকা ৰোগী এজন ৰাস্তাতে ঢুকাল। লগে লগে
পৰিস্থিতি উতপ্ত হৈ পৰিল। কোনে ক’ৰ পৰা লাঠী উলিয়ালে কোনেও ততকে ধৰিব নোৱাৰিলে।
এফালৰ পৰা গাড়ীবোৰ ভাঙি গ’ল। পৰিস্থিতি ইমান বেয়া হৈ গ’ল যে এটা সময়ত পুলিচে
কন্দুৱা গেছ প্ৰয়োগ কৰি লাঠী চাৰ্জ কৰিব লগা হ’ল। মানুহবোৰ যেনি-তেনি পলাল। জি এছ
ৰোডত কেৱল সিচঁৰতি হৈ পৰি থাকিল এসোপা জোতা আৰু চেণ্ডেল।
তাৰ পাছত?
তাৰ পাছত সি সাৰ পাই গ’ল। ওপৰমুৱাকৈ শুই থাকিয়েই চকু দুটাৰে
পিৰিক-পাৰাককৈ ইফালে সিফালে চালে আৰু নিজকে এটা কোঠালীৰ ভাড়াঘৰটোৰ বিচনাখনত
আৱিষ্কাৰ কৰিলে। বাতৰি কাকতৰ প্ৰু¸ফ ৰীডাৰৰ চাকৰিটো যোৱাৰ
পিছৰে পৰা তাৰ মানসিক ভাৰসাম্য নাই বুলিয়েই ক’ব পাৰি। সিহঁতৰ দৰে মানুহবোৰৰ বৰ
ডাঙৰ সপোন নাই। নিজে চলি থাকিব পাৰিলেই হ’ল, ঘৰখন চলাই থাকিব পাৰিলেই
হ’ল। সিহঁতৰ দৰে মানুহবোৰ চলি থাকিবলৈকে এনেধৰণৰ সপোনবোৰ সঁচা হোৱা হ’লে!
.............................. .............................. ...........................
ঠিকনা: বাঘৰবৰী, চানেকি পথ, বাই লেন ৩, ঘৰ নং ৫৪, পাঞ্জাবাৰী, গুৱাহাটী ৩৭। ভ্ৰাম্যভাষ: ৯৮৬৪০৬৬৮৯২