অংকুৰণ আৰ্ফ
প্রকৃতিৰ চিৰন্তন নিয়ম মানি পুনৰ আহিছে বহাগ৷ জীৱনৰ আটাইবোৰ বাচকবনীয়া অভীস্পা এই যেন বহাগ নামৰ শব্দটোতে সোমাই থাকে৷ যেনেদৰে ৰামধেনু বুলি ক’লেই এসোপা ভিন্নৰঙৰ বৰ্ণময় সমাহাৰ মনলৈ আহে, ঠিক তেনেদৰে এই বহাগ শব্দটোৰ মাজতেই বৰ আলফুলে বিলীন হৈ থাকে লুইতপৰীয়া মানুহৰ জীৱন আৰু জাতিৰ জ্যোর্তিময় আত্মা৷ সেয়ে বহাগ আহিলেই লুইতপৰীয়া মানুহৰ দেহ-মন থৌকিবাথৌ হৈ পৰে৷ প্ৰকৃতিৰ বাতাবৰণতো সৃষ্টি হয় এক অভিনৱ আয়োজন৷ বহাগেই আমাক কৈ যায় জীৱন আৰু জাতিক জাতিষ্কাৰ কৰা জ্যোতিষ্মান কথা৷ তেনেহ’লে আহকচোন আমি পাতোঁ বহাগেনো আমাক কি কৈ যায় অথবা জীৱন আৰু জাতিক জোনাকময় কৰা কিনো শিক্ষা এই প্ৰাণৰ বহাগেই আমাক প্ৰদান কৰে৷
বহাগ- এনে এক উৰ্বৰ চেতনাৰ নাম য’ত কেৱল প্রতিফলিত প্রকৃতি আৰু মানুহৰ মাটিময় হিয়াৰ মাজত এক অপূর্ব অমৃত প্রেম৷ যি অমৃত প্রেম পান কৰিয়ে ধন্য আৰু ধুনীয়া হ’ব খোজে মানুহৰ এই অতৃপ্ত হৃদয়৷ দৰাচলতে এই মানব হৃদয়ে জীয়াই থাকিবৰ বাবে কাৰো পৰা বিশেষ একো নিবিচাৰে, বিচাৰে মাথো এধানি মৌময় মাতৰ সঁচা আন্তৰিকতা ভৰা প্ৰাণৰ ভালপোৱা৷ এই অকৃত্রিম ভালপোৱা পালেই সুখী হয় মানুহৰ হৃদয়৷ তাতকৈনো কি লাগে মানুহক এটি জীৱন ধুনীয়া কৰিবলৈ৷ মানুহৰ প্ৰতি মানুহৰ এই স্বাভাৱিক ভালপোৱাৰ নামেই বহাগ৷ নতুনকৈ ফুলি উঠা কপৌ ফুলপাহে নৃত্যৰতা পখিলাজনীক অথবা ন-পানীখিনিয়ে নৈত উজাই অহা নতুন মাছজনীক কাণে কাণে এই স্বাভাৱিক ভালপোৱাৰ কথাকেই কয়, এয়াই বহাগৰ পৰা আমাৰ শিকিবলগীয়া৷ বৰষুণে ধুই ধুনীয়া কৰা প্ৰকৃতিৰ বুকুত এনেহেন বাখৰুৱা বহাগৰ বতৰত আহকচোন বহাগেই শিকাই দিয়া নিস্বার্থ অমৃত ভালপোৱা এজনে আনজনৰ প্ৰতি প্ৰদৰ্শন কৰি ধুনীয়া কৰোঁ আমাৰ জীৱন আৰু জাতি৷
বহাগ- নতুন সৃষ্টিৰ
এক অনুপম সময়৷ চাওকচোন, কেইদিনমানৰ আগতে গোটেই পৃথিবীখনেই এক শুকান শুকান লগা উদাস
আৰু নিৰস এক পৰিৱেশত জীয়াই আছিল৷ শুকান সৰাপাত, উদং গছ, ধূলি আৰু ছাঁইৰ মাজত জীৱনবোৰো
এক উদাসীনতাৰ মাজত ডুব গৈ আছিল৷ কিন্তু আকাশ আন্দোলি অকস্মাত অহা এজাক বৰষুণে প্ৰকৃতিৰ
এই সকলো উদাসীনতা আঁতৰাই চাৰিওফালে ছটিয়াই দিলে সেউজ সজীৱতাৰ এক উৎসৱমুখৰ পৰিৱেশ৷ য’ত
কেউপিনে গজি উঠিল উদং গছৰ গা ঢাকি সেউজীয়া সেউজীয়া কুঁহিপাত৷ ডালে-পাতে ফুলি উঠিল নতুন
নতুন সুৱাস আৰু সৌন্দৰ্যৰ কান্তিসনা কুসুম মালা... শুকাই থকা পথাৰ আৰু নৈ-নিজৰাবোৰৰ
বুকু উপচি পৰিল নতুন নতুন পানীৰে... ন-পানী পাই নতুন মাছৰ জাকবোৰেও নতুন উদ্যমত উজাই
গ’ল৷ দেখিলেই এক দৃষ্টিনন্দন পৰিৱেশ৷ দেহা-মন নতুন এক উচাহত উঠলি উঠা৷ পথাৰৰ শুকান
মাটি ন-বৰষুণৰ পৰশত পুনৰ সজীৱ হৈ উৰ্বৰা হৈ পৰিল নতুন সেউজ সৃষ্টিৰ বাবে... এয়াই বহাগ৷
নতুন সৃষ্টিৰ সময় এই বহাগ৷ আমাক ব’হাগে ইয়াকে শিকাই যে শুকান আৰু নিৰস হৈ থকা প্রকৃতিক
এজাক বৰষুণে সকলো ধুই পুনৰ জীৱনমুখী সজীৱতা আনি দিয়াৰ দৰে আমিও জীৱনৰ সকলো নেতিবাচক
চিন্তা আৰু নিঃসংগতা-নিৰাশা-হতাশা ইত্যাদিবোৰ আঁতৰাই কর্মমুখী নতুন উদ্যমৰ এজাক সতেজ
বৰষুণ হৃদয়ত ধাৰণ কৰি জীৱন বাটত অগ্ৰসৰ হ’লে এদিন নিশ্চয় আমাৰ জীৱনতো ফুলি উঠিব বসন্তৰ
ফুলৰ দৰে নতুন নতুন সফলতাৰ ফুল৷ বহাগে সদায় আমাক নতুন সৃষ্টিৰ বাবে জীৱনটো উৎসৰ্গা
কৰিবলৈ শিকায়৷ সৃষ্টিৰ বাবেহে এই জীৱন, ধ্বংসৰ বাবে নহয়৷ যিটো জীৱনত সৃষ্টিৰ অনুৰাগ
নাই তাত কোনো জীৱন জীয়াৰ মাদকতাও নাই৷ সেয়ে আহকচোন আমি বহাগৰ দৰে সৃষ্টিশীল এক চেতনা
লৈ সমৃদ্ধ আৰু সুন্দৰ কৰোঁ এই জীৱন আৰু লুইতপৰীয়া জাতিক৷
বহাগ- এক প্রচণ্ড আশাবাদৰ নাম৷ আশাই ধুনীয়া কৰে জীবন৷ আশা এগচি চাকি, যিয়ে নেকি সকলো হতাশাৰ পিছতো জীয়াই থাকিবলৈ মানুহক অন্তৰৰ পৰা প্ৰেৰণা দিয়ে৷ বহাগে আমাক সেয়ে আশাবাদী হ’বলৈ শিকাই৷ চাওকচোন, ফাগুনৰ কঠোৰ পৰশত কেনেকৈ গছবোৰৰ সকলো পাত-ফুল সৰুৱাই নিৰস আৰু উলংগ কৰি পেলায়৷ তেতিয়া এনেহেন লাগে যেন গছবোৰ পুনৰ সেউজীয়া হৈ নুঠিব, পুনৰ নুফুলিব গছৰ ডালত নানাৰঙী ফুল, কিন্তু সেয়া সত্য নহয়৷ শুকান ফাগুনৰ উলংগ গছবোৰৰ মাজে মাজে ফুলি উঠা জুই ফুল যেন পলাশ-শিমলু ফুলবোৰে মানুহক আশাবাদী হ’বলৈ শিকায় এইবুলি যে – এদিন এই ধূলিময় পৃথিৱীৰ বুকুলৈ ৰঙীন বসন্তৰ আগমন ঘটিব৷ নিশ্চয় এয়াই সত্য৷ বহাগে নানাৰঙী ফুল আৰু কুঁহিপাতৰ সম্ভাৰ লৈ প্ৰকৃতিৰ বুকু উপচাই পেলায়৷ আশা আছে বাবেই বহাগ আহিল আৰু পৰিপূৰ্ণ হ’ল শুকান পৃথিৱী৷ আমিও ঠিক এইদৰে আশাবাদী হ’ব লাগে, ঠিক বহাগৰ দৰে৷ এই আশাই একমাত্র আমাৰ জীৱন জ্যোতিষ্মান কৰা উপায়... আমি সেয়ে হাজাৰ হতাশাৰ বিফলতাৰ ধুমুহাৰ পাছতো আশাৰ হেঙুলীয়া চাকিগচি আমাৰ অন্তৰৰ আছুতীয়া কোণত জ্বলাই ৰাখিব লাগে৷ যাতে পৃথিৱীৰ সকলো প্ৰেৰণা শেষ হৈ যোৱাৰ পাছতো তোমাক বা আমাক এই অন্তৰৰ আশাই জীৱনমুখী কৰি তুলিব পাৰে৷ ঠিক এইদৰে যিদৰে শুকান ফাগুনৰ ডালত এদিন নহয় এদিন ৰঙীন বসন্ত জিলিকি উঠিবই...
বহাগ- নৱ উদ্যম, নৱ সংকল্প আৰু জীৱনমুখী সাধনাৰ নাম৷ সঁচাকৈ বহাগ বুলি ক’লেই বুকুত বাজি উঠে সাতটা নতুন উদ্যমৰ ঢোল৷ বহাগ মানেই এক নতুন সময়৷ নতুন সৃষ্টিৰ বাবে প্রয়োজন এক নতুন উদ্যম-উৎসাহ আৰু নতুন সংকল্পৰ... এই সকলো একেলগে সোমাই আছে বহাগৰ বুকুতে৷ ব’হাগৰ এয়া বৈশিষ্ট্যই হয়... বহাগৰ বুকুতে জেতুকাৰ ৰঙাৰ দৰে ৰক্তিম আশা আছে৷ ব’হাগৰ বুকুতে ন-পানী পাই বেগৱতী সোঁতেৰে সাগৰলৈ বৈ যোৱা নদীখনৰ দৰে নতুন জীৱনমুখী উদ্যম আৰু বৈ যোৱাৰ সংকল্প আছে, বহাগৰ বুকুতেই এক কর্মমুখী আৰু আনন্দমুখৰ আশাৰ পৰিৱেশ আছে৷ যিবোৰ গুণ এটা সমৃদ্ধিশালী আৰু ঐশ্বর্যশালী জীৱনৰ বাবে অতিকে প্রয়োজন৷
বহাগৰ চোতালতে অসমী আইয়ে নতুন ৰূপত ন-সাজত নিজকে সজাই তুলে৷ বহাগৰ চোতালতে অসমীয়া মানুহে জীৱনটো কৰ্মমুখী সুন্দৰৰ সংস্কৃতিৰে সজাই তুলিবলৈ জেষ্ঠ্যজনৰ পৰা আশীর্বাদ লয়৷ বহাগৰ চোতালতে এজনে আনজনক প্রদান কৰে স্নেহৰ বিহুৱান৷ য’ত সোমাই থাকে আপোনজনৰ হিয়াৰ সঁচা মৰম, নতুনৰ সপোন, নতুনৰ পণ আৰু নতুনৰ জোনাকী জীবন৷ এয়াই ব’হাগে আমাক শিকাই যোৱা পাঠ৷ নিভাঁজ প্রাকৃতিক প্রেম, জীৱনমুখী আশা, কর্মমুখী চেতনা, নতুনৰ সৃষ্টিৰ বাবে প্রয়োজনীয় নতুন উদ্যম, উৎসাহ আৰু নতুন সংকল্প এইবোৰেইতো আমাৰ অক্ষয় অমৃত সম্পদ৷ এটা জীৱন আৰু এটা জাতিক আত্মাৰ মাটিৰ পৰা শক্তিশালী- সৌষ্ঠবশালী-প্রগতিমুখী- সংস্কাৰমুখী-প্ৰজ্ঞামুখী কৰি গঢ়ি তুলিবলৈ এই মানৱীয় অমৃত গুণৰাশিয়ে হ’ব পাথেয়৷ যিটো পাঠ আমাক বহাগৰ এই বাচকবনীয়া পৰিৱেশে শিকায়৷
আহকচোন, আমি বহাগৰ এই শিক্ষা অন্তৰত
ধাৰণ কৰি নিজৰ জীৱনটোৰ লগতে এই আপোন লুইতপৰীয়া জাতিটোক ভৱিষ্যতৰ সমৃদ্ধিশালী বাটেৰে
আগুৱাই নিবলৈ এই বহাগৰ চোতালতে লওঁ পণ৷ তেতিয়াহে ধন্য আৰু ধুনীয়া হ’ব আমাৰ জীৱন৷ লুইতপৰীয়া
জাতিৰ নহ’ব অকাল মৰণ৷