অন্যযুগ/


‘বিদেশী বস্ত্ৰ বৰ্জন’ আৰু গোসাঁইদাৰ তাঁতৰ শাল

 অমৃত গোস্বামী

 

ভাৰতে স্বাধীনতা পোৱাৰ কিছুবছৰৰ পাছৰ কথা– অসহযোগ- বিদেশী বস্ত্ৰ পৰিত্যাগৰ ঢৌ তেতিয়াও মাৰ যোৱাই নাছিল৷ বিদেশী বস্ত্ৰ ত্যাগ কৰি স্বদেশী সাজ-পাৰ পৰিধান কৰাৰ উদ্দেশ্য আগত ৰাখি আমাৰ মানুহবোৰে তেতিয়া দূৰ-দূৰণিৰ পৰা কপাহ গছৰ পুলি সংগ্ৰহ কৰি ঘৰে-ঘৰে কপাহৰ খেতি আৰম্ভ কৰিছিল৷ এনেদৰে ঘৰতে উৎপন্ন হোৱা কপাহৰ সূতাৰে, ঘৰতে বৈ উলিওৱা কাপোৰ পিন্ধা সংক্ৰান্তীয় কাম-কাজবোৰ তেতিয়া গাঁৱে-ভূঞে পূৰ্ণোদ্যমে চলি আছিল৷ প্ৰায় প্ৰতিখন গৃহস্থীতে কমেও এখনকৈ হলেও তাঁতশাল আছিল৷ তাঁতৰ শাল সেই সময়ৰ ঘৰবোৰৰ এখন চিনাকি ছবি– বতাহত মাকো-দোৰপতি-ৰাঁচ-গৰকা-মহুৰাৰ চিনাকি খুটুৰ-খাটাৰ শব্দ৷ 

আমাৰ ৺ককা আৰু ৺দদাইদেউককাহঁতৰ কাঠ-বাঁহৰ ঘৰ অৱস্থিত কেইবাপুৰা মাটিৰ উমৈহতীয়া প্ৰকাণ্ড বাৰীখনত৷ বাৰীখনৰ‌ এফালে আমাৰখন‌ ঘৰ আৰু সিটোফালে ৺দদাইদেউককাহঁতৰ ঘৰখন৷ ৺দদাইদেউককা ঢুকুৱাৰ পাছত, ককাৰ তিনিওজন‌ পুতেক চাকৰি সংক্ৰান্তত বেলেগ বেলেগ ঠাইত থাকিবলৈ লোৱাত ৺দদাইদেউককাহঁতৰ ঘৰখন এৰাপৰলীয়া হৈ আছিল৷‌ আমাৰটো ডালৰ দেউতাৰ দুয়োজন ভায়েকো একেই, কামে-কাজে দূৰত থাকে৷ কেৱল চাহ-বাগিচাৰ চাকৰিয়াল হৈও, বাগিচাৰ কোৱাৰ্টাৰত নাথাকি ঘৰৰ পৰা অহা-যোৱা কৰা আমাৰ দেউতাহে ঘৰখনত থকা একমাত্ৰ পুৰুষ ব্যক্তি– তাকো ৰতিটোৰ বাবহে৷ দিনৰ ভাগত কম বয়সীয়া ল’ৰা-ছোৱালী কেইটাৰে সৈতে  নিৰ্জন– আম, কঁঠাল, জামু, ঠেকেৰা, শিলিখা, বহঁত আদি ফলমূলৰ গছেৰে গেজেপা মাৰি ধৰি থকা বাৰীখনত মা একেবাৰে অকলশৰীয়া৷ ইপিনে দিনতে চোৰৰ উপদ্ৰৱ৷ সাপ-সুপ, বা অন্যান্য জীৱজন্তুৰ আশঙ্কাৰ কথাটোও আছেই ৷ 

৺দেউতাই চাকৰি কৰি থকা ব্ৰহ্মপুত্ৰ টি কোম্পানিৰ অধীনৰ নেঘেৰিটিং চাহ বাগিচাৰ কাষৰ ভবেশ‌ গোস্বামী বোলা মানুহ এজনৰ লগত দেউতাৰ এবাৰ চিনাকি হৈছিল৷ মানুহজন বিশেষ কাম-বন নোহোৱা, এনেয়ে ঘৰতে থকাৰ লেখীয়া মানুহ৷ দেউতাই তেখেতকে আমাৰ ঘৰ দুখনৰ ৰখীয়া হিচাপে, আমাৰ ঘৰতে থাকিবলৈ অনুৰোধ কৰিলে৷ তেখেতো যেনিবা মান্তি হ’ল৷‌ দিনৰ ভাগত তেখেতৰ‌ খোৱা-বোৱাকে আদি কৰি সমস্তখিনি আমাৰ‌খন ঘৰতে, কেৱল ৰাতি হ’লে ৺দদাইদেউককাহঁতৰ উদং ঘৰটোত তেখেত শুবলৈ যায়৷ 

শিল্পী-সুলভ গুণৰ অধিকাৰী ভবেশ গোস্বামী বোলা মানুহজন তাঁত-সুতৰ কামত বেছ পাৰ্গত আছিল৷ দিনচেৰেক এনেয়ে শুই-বহি থাকি তেখেতে আমনি পালে৷ যিহেতু তাঁত-সুতৰ কাম ভালদৰে জনা তেখেত এজন ভাল শিপিনী আছিল, দেউতাই মূলতঃ ব্যস্ত হৈ থকাৰ নিমিত্তেই তেখেতক তাঁতৰ শাল এখনকে পতাৰ উপদেশ দিয়াৰ লগতে তাঁতৰ শালৰ প্ৰয়োজনীয় সঁজুলিবিলাকো যোগাৰ কৰি দিলে৷ ৺দেউতাৰ সহায়ত ভবেশ গোস্বামীয়ে ৺দদাইদেউককাহঁতৰ ঘৰটোতে তাতশাল এখন পাতি তাঁত বোৱা কাম আৰম্ভ কৰিলে৷‌ ভবেশ গোস্বামীৰ তাঁতশালৰ কাম অতি নিখুঁত আছিল৷ তেখেতে বোৱা তাঁতৰ কাপোৰৰ নমুনা দেখি ওচৰ-চুবুৰীয়া লোকে বিস্ময় মানিছিল৷ লাহে লাহে চুবুৰীয়াসকলে, তেখেতসকলৰ বাবেও কাপোৰ বৈ দিবলৈ‌ গোস্বামীক অনুৰোধ কৰিবলৈ ধৰিলে৷‌ পাছলৈ তেখেত ‘গোসাঁইদা” নামেৰে অঞ্চলটোত জনাজাত হৈ পৰাৰ লগে লগে তেখেতৰ কাপোৰৰ চাহিদাও বৃদ্ধি পাবলৈ ধৰিলে৷ কালক্ৰমত ভবেশ গোস্বামীৰ তাঁতশিল্পই সম্পূৰ্ণ ব্যৱসায়িক ৰূপ লোৱাৰ লগতে, তেখেত অৰ্থনৈতিকভাৱে এজন‌  স্বাৱলম্বী ব্যক্তি হিচাপে সমাজত পৰিচিত হৈ পৰিছিল৷ 

৺দেউতাৰ দিহা-বুদ্ধি,সহায়-সাৰথিৰে আৰম্ভ কৰা ভবেশ গোস্বামী ওৰফে ‘গোসাঁইদা’ৰ এই সামান্য তাঁতশালখন ‘ভাৰতবৰ্ষৰ কপাহ লুটি নি ইংলেণ্ডৰ মানচেষ্টাৰৰ বিদেশী মালিকানাৰ বস্ত্ৰ উদ্যোগৰ কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা’ স্বাধীনতা আন্দেলনৰ কালৰ গান্ধীজীৰ বিদেশী বস্ত্ৰ বৰ্জনৰ ফল বুলিও আমি  গণ্য কৰিব পাৰোঁ৷ 

যি কি নহওক, মই জন্ম হোৱাৰ আগেয়েই আমাৰ ঘৰৰ সৈতে সম্পৰ্কিত হৈ পৰা গোসাঁইদাৰ বিষয়ে মোক সবিশেষ ফোনযোগেই জনালে মোৰ ডিব্ৰুগড়স্থিত সৰু বাইদেৱে৷ বাইদেৱে নিজেই কিশোৰী অৱস্থাত গোসাঁইদাৰ তাঁতশালত বহি খন্তেকলৈ হ’লেও শাল চলাবলৈ কেনেকৈ অতি আগ্ৰহ অনুভৱ কৰিছিল, সেই বিষয়ে মোক জনালে৷ তাঁতশালখন যে সেইকালত অসমীয়া বনগীতৰ কথাতো সুন্দৰকৈ চৰ্চিত হৈছিল, তাৰো নিদৰ্শন কেইশাৰীমান বনগীত গাই বাইদেৱে মোক শুনালে৷ তাৰে মোৰ মনত ৰোৱা দুশাৰীমান মই উদ্ধৃত কৰিছোঁ–

“আই অ’ শিপিনী

কেঁচা ৰ’দৰ ৰেঙণি/

এচেৰেঙা গালে মুখে পৰে /

কাৰ কথা ভাবিছাঁ /

কি ফুল বাচিছাঁ/

মন মোৰ উৰে উৰে৷/ 

মাকো মৰমৰ সাঁকো/

যাওঁ থাকো যাঁও থাকো/

ববোৰে ৰূপ ধৰে/

শিপিনীৰ বুকু লৰে/ 

কেণা লাগি ছিগি ছিগি পৰে৷”.. ইত্যাদি !

 

 

লেখকৰ ঠিকনা :

অমৃত গোস্বামী,

চাৰ্ভে,

গুৱাহাটী ৭৮১০২৮

ভ্ৰাম্যভাষ - ৯৪৩৫০ ১৪৪৫৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ