অন্যযুগ/


পহিলা বহাগৰ পণ

অংকুৰণ আৰ্ফ


ককাদেউতাৰ দিনৰে পৰা বাজি থকা কঁঠাল কাঠৰ ঢোলটো আকৌ বাজি উঠিল৷ সুৰটো অলপ পিছে বেলেগ৷ ঢোল অৱশ্যে ঢোলেই৷ কাঠৰে - গৰু ছালৰে ঢোল৷ সুৰ আৰু সময়টোহে বেলেগ৷ বেলেগ হোৱাটো আচৰিত হ’বলগীয়া কথা নহয়৷ যুগটো যে বেলেগ৷ এতিয়া তাহানিৰ নৈপৰীয়া পথাৰত ঢোল নাবাজে৷ এতিয়া ঢোল বাজে মহানগৰীৰ ৰঙীণ মঞ্চত৷ দূৰদৰ্শন অথবা য়ুটিউব চেনেলত৷ কিন্ত ঢোল বাজিবই৷ ঢোল বজোৱাতো আমাৰ সাতপুৰুষৰ পৰম্পৰা৷ কাৰণ বাপতি সাহোন বহাগ বিহুটি আকৌ আহিছে৷ বহা’গ আহিলে ঢোল বজাতো স্বাভাৱিক কথা৷ এই  ঢোলৰ মাতেই আমাক সোঁৱৰাই দিয়ে আমি যে অসমীয়া৷ এই ঢোলৰ মাতেই আমাক সোঁৱৰাই দিয়ে পৰিও নপৰা মৰিও নমৰা আমি বান-ভগদত্ত-চুকাফাৰ জাত৷ এই ঢোলৰ মাতেই আমাক সোঁৱৰাই দিয়ে ঐশ্বৰ্যময় সংস্কৃতি ঐতিহ্যময় গৰিমাৰ কথা৷ এই ঢোলৰ মাতেই আমাক নতুনকৈ পৰিচয় কৰাই দিয়ে লুইতপৰীয়া একতাৰ এনাজৰীৰে বন্ধা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমূহ মানৱৰ সমন্বয় আৰু সম্প্ৰীতিৰ কথা৷ আচলতে এই ঢোলৰ মাততেই নিৰ্হিত আছে অসম আৰু অসমীয়া জাতিৰ ঐশ্বৰ্যময় সত্ত্বা৷ ঢোল আমি সেয়ে বজাবই লাগিব৷ আৰু বাজিবই৷ যুগে যুগে৷ এই লুইতপাৰৰ মহিমামণ্ডিত মাটিত মৰম আৰু স্নেহৰ সুৰেৰে৷ সমন্বয় আৰু সম্প্ৰীতিৰ ডোলেৰে৷ এই ঢোলৰ মাতেই চিৰদিন লুইতৰ পানীৰ সোঁতে সোঁতে মিলি সময়ে সময়ে সতৰ্ক আৰু সাৱধান কৰি থাকিব লুইতপৰীয়া জাতিৰ শতৰুৰূপী আন্ধাৰক৷ !!

সাতামপুৰুষীয়া এই ঢোলৰ চাপৰ  আজি লুইতপাৰত প্ৰকৃতিৰ অনুৰাগত বাজিছে যদিও এতিয়া পিছে ঢোলৰ মাতত তাহানি দিনৰ শকতি দেখা পোৱা নাযায়৷ শুনা নাযায় সমগ্ৰ দেশ কঁপাই যোৱা  গিৰিজনি৷ এতিয়া যেন লুইতপাৰৰ ঢোলটোৰ মাতটো কোনোবাই ডিঙিতে চেঁপি ধৰিছে৷ ঢোলৰ একতাৰ আৰু সমন্বয়ৰ ডোল ডালত উঁয়ে ধৰিছে৷ ঢোলৰ খোলাটোৰ কৰবাত কৰবাত উঁয়ে ধৰিছে৷ এয়া শুভ লক্ষণ নহয়৷ এনেদৰে থাকিলে এদিন কিন্ত সম্পূৰ্ণ জাতীয় ঢোলটোৰ অস্তিত্ব শেষ হৈ যাব৷ সেয়ে সময় থাকোতেই আমি সাৱধান হোৱা ভাল৷ আমি সদায় কামনা কৰোঁ লুইতপাৰৰ এই অমৃতময় ভূমিত পূৰ্বতে বাজি থকাৰ দৰেই আকাশ-বতাহ ৰজনজনাই- বুঢ়া লুইত পানীত হেন্দোলনি তুলি বাজি থাকক ব’হাগৰ ঢোল৷ যি ঢোলৰ চাপৰত আমাৰ অনাগত প্ৰজন্মৰ পিছৰ প্ৰজন্মই কেৱল অনুভৱ কৰিব পাৰিব কপৌফুলৰ আমোলমোল সুৱাস আৰু অনুপম সৌন্দৰ্য কেনেকুৱা অথবা বিহুৱানৰ শুকুলাৰ মাজত ভমকাফুলীয়া ৰঙা ফুলৰ আলসুৱা আদৰ কেনেকুৱা অথবা মুগা ৰিহা পিন্ধা নাচনীৰ জেতুকাবুলীয়া হাতৰ নাচোন কেনেকুৱা৷ যদি আমি আমাৰ প্ৰজন্মক এই মাটিৰ সাতামপুৰুষীয়া সভ্যতা-সংস্কৃতিৰ সোণবৰণীয়া বৈভৱৰ সৈতে পৰিচয় কৰাই দিব নোৱাৰো, তেন্তে আমি ৰাজনীতিৰ মঞ্চতে হওক বা ৰংঘৰৰ মঞ্চতে হওক ঢোল বজাই থকাৰ অৰ্থ নৰব !!! সেয়ে আহক আমি পহিলা ব’হাগৰ এনেহেন মনোৰম মাহেন্দ্ৰক্ষণত পণ লও যে ৰংঘৰৰ বাকৰিত চিৰিদিন ঢোল বাজি থাকক৷ যি ঢোলৰ চাপৰত লুইতৰ সোঁতে সোঁতে সময়ৰ সন্তানে হৃদংয়গম কৰি থাকক অসম আৰু অসমীয়া জাতি ৰ সোণবৰণীয়া শিপাৰ সন্ধান৷ আৰু যি ঢোলৰ মাতত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ শতৰুৰ বুকু বাৰে বাৰে কঁপি উঠে এই ভাবি যে-- এয়া লুইতপৰীয়া বীৰ-বৈভৱশালী অপৰাজেয় অসমীয়া জাতিৰ ৰণহুংকাৰ৷

***

ভ্ৰাম্যভাষ - ৮৬৩৮০৭৪২৭৮

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ